18.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – উৰা
বাতৰিত বিশ্বাস নকৰিবা, যদি কোনোবাই ওলট-পালট কথা শুনায় তেন্তে এখন কাণেৰে শুনি
আনখনেৰে উলিয়াই দিবা”
প্ৰশ্ন:
যিসকল সন্তান
জ্ঞানৰ আনন্দত থাকে তেওঁলোকৰ লক্ষণ কি হ’ব?
উত্তৰ:
তেওঁলোকে পুৰণি কৰ্মভোগৰ হিচাপ-নিকাচ সেই আনন্দৰ মাজতে সমাহিত কৰি গৈ থাকিব। জ্ঞানৰ
আনন্দত দুখ কষ্ট, শোকৰ জগতখনেই পাহৰি যায়। বুদ্ধিত থাকে যে এতিয়াতো আমি আনন্দৰ জগতলৈ
গৈ আছোঁ। ৰাৱণে অভিশপ্ত কৰি দুখী কৰিলে, এতিয়া পিতা আহিছে সেই দুখৰ, শোকৰ জগতৰ পৰা
উলিয়াই আনন্দৰ জগতলৈ লৈ যাবলৈ।
গীত:
তুম্হে পাকে
হম্নে…… (তোমাক পাই আমি…..)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটি শুনিলে। নিশ্চয় সন্তানসকল পুলকিত হৈ যাব লাগে কিয়নো গায়ন কৰা হয়
যে আনন্দৰ নিচিনা খোৰাক (পথ্য) নাই। এতিয়া তোমালোক সকলো আত্মিক সন্তানে বেহদৰ পিতাক
পাইছা। বেহদৰ পিতাতো এজনেই আৰু সন্তানসকলে জানে যেতিয়া আৰু সন্তান হ'ব তেতিয়া
তেওঁলোকো পুলকিত হৈ যাব। তোমালোকে জানা যে আমাৰ ৰাজ্য আছিল আকৌ হেৰুৱালোঁ, এতিয়া
পুনৰ ৰাজ্য লওঁ। ভাৰতবাসীৰ কাৰণে এইটো আনন্দৰ কথা নহয় জানো। কিন্তু যেতিয়া ভালদৰে
শুনিব আৰু বুজিব তেতিয়াহে। যথাযথ এইটো আনন্দৰ কথা হয় নহয়, কল্পই কল্পই পিতা আহে।
পিতাৰ জন্মও ইয়াত গায়ন কৰা হয়। উৎসৱো যিবোৰ আছে সকলোবোৰ এই সময়ৰ। পিতা আহি তোমালোকক
বহুত সহজ ৰাস্তা দেখুৱাইছে। মনুষ্যৰতো অনেক প্ৰকাৰৰ শোক আছে, ইয়াত এই জ্ঞানৰ আনন্দত
সেই শোক দুখ আদি সকলো লীন হৈ যায়। যেনেকৈ কোনো বেমাৰ ঠিক হোৱাৰ সময় হয় তেতিয়া সকলো
আনন্দিত হয়। বেমাৰ আদি দুখৰ কথাবোৰ যেন পাহৰি যায়। মাতা-পিতাৰ ঘৰ, শহুৰৰ ঘৰ,
মিত্ৰ-সম্বন্ধীয় আদি সকলো আনন্দিত হৈ যায়। তোমালোক সন্তানসকলে জানা যে আমি সকলো
বিশ্বৰ মালিক আছিলোঁ আকৌ ৰাৱণে অভিশাপ দিলে। এইখন হ’ল শোকৰ, দুখৰ জগত। আকৌ কালিলৈ
হ'ব আনন্দৰ জগত। আনন্দৰ জগতখন স্মৃতিত ৰাখি শোক দুখ আদি সকলোবোৰ পাহৰি যাব লাগে।
এইখন হৈছে তমোপ্ৰধান সৃষ্টি। ভিন্ন ভিন্ন প্ৰকাৰৰ কৰ্মভোগ আছে। অবলাসকলৰ (দুৰ্বল
নাৰীসকলৰ) ওপৰতো কিমান অত্যাচাৰ হয়। অনেক প্ৰকাৰৰ বিঘিনি আহে। এয়া বিঘিনিৰ,
কৰ্মভোগৰ দিন কিছু সময় বাকী আছে। পিতাই ধৈৰ্য ধৰিবলৈ কয়, বাকী কেইটিমান দিন আছে।
কল্প পূৰ্বেও হৈছিল। কৰ্মভোগৰ হিচাপ-নিকাচ নিষ্পত্তি হ'ব লাগে। আনন্দত এই সকলোবোৰ
লীন কৰি গৈ থাকা। বচ্ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰি থাকা। ওলট-পালট কোনো ধৰণৰ
কাম নকৰিবা। নহ'লে আৰুহে দণ্ড হৈ যায়, পদ ভ্ৰষ্ট হৈ যায়। সন্তানসকলৰ কাম হৈছে এজন
পিতাক স্মৰণ কৰা। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব।
হিচাপ-নিকাচ নিষ্পত্তি হৈ যাব। বাকী অলপ সময় আছে, হিচাপ-নিকাচ নিষ্পত্তি কৰি গৈ থাকা
কিয়নো তোমালোক হৈছা অন্ধৰ লাখুটি। তোমালোকেও স্মৰণ কৰা, অন্যকো ৰাস্তা দেখুওৱা।
বিঘিনিতো বহুত আহিব। যিমান সম্ভৱ, সকলোকে এইটো বুজাই থাকা যে পিতাক স্মৰণ কৰা। সেই
শব্দবোৰো প্ৰসিদ্ধ। ‘মনমনাভৱ’ অৰ্থাৎ হে আত্মাসকল মামেকম্ (কেৱল মোক) স্মৰণ কৰা
তেতিয়া তোমালোকৰ অতীতৰ বিকৰ্ম ভস্ম হ'ব। এই ক্ষেত্ৰত বিবুদ্ধিত পৰিবলগীয়াতো কথাই
নাই। কেৱল পিতাক স্মৰণ কৰা তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। তোমালোকে জানা
যে আমি 84ৰ চক্ৰ পৰিক্ৰমা লগালোঁ। চক্ৰ পৰিক্ৰমা লগাই আহিছোঁ, লগাই থাকিম। এয়া হৈছে
পুৰণি সৃষ্টি, পুৰণি চোলা...... ইয়াক পাহৰি যাব লাগে। এয়া হৈছে আত্মাসকলৰ বেহদৰ
সন্ন্যাস। তেওঁলোকৰ হৈছে হদৰ সন্ন্যাস, ঘৰ-সংসাৰ এৰি গুচি যায়। তেওঁলোকৰো ড্ৰামাত
ভূমিকা আছে। পুনৰ এনেকুৱাই হ'ব। প্ৰতি চেকেণ্ডত যি অতীত হৈ গ'ল সেয়া ড্ৰামা, আকৌ
সেই ড্ৰামাই পুনৰাবৃত্তি হ'ব। শাস্ত্ৰ সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ কিতাপ। ভক্তিৰ পাছত
হৈছে জ্ঞান। এই ছিৰিৰ চিত্ৰৰ ওপৰত যিকোনো লোককে বুজোৱা বহুত সহজ। মুখ্য যিবোৰ চিত্ৰ
আছে সেইবোৰ নিজৰ ঘৰতো ৰাখিব পাৰা। ত্ৰিমূৰ্তিৰ চিত্ৰও বহুত স্পষ্ট ৰূপত আছে। ওপৰত
শিৱও আছে। ব্ৰহ্মা, বিষ্ণু, শংকৰো আছে, সূক্ষ্মধাম নিবাসী আকৌ উচ্চতকৈও উচ্চ হৈছে
ভগৱান। সন্তানসকলেও বুজি পায় - য'ত পিতা থাকে সেইখন হৈছে আমাৰ অৰ্থাৎ আত্মাসকলৰ থকা
স্থান, যাক নিৰ্বাণধাম বুলি কোৱা অথবা শান্তিধাম বুলি কোৱা - কথা একেটাই।
‘শান্তিধাম’ নামটি ঠিক অথবা নিৰ্বাণধাম অৰ্থাৎ বাণীৰ সিপাৰৰ ধাম, সেইখন শান্তিধামেই
হৈ গ’ল। সেইখন শান্তিধাম তাৰপাছত হৈছে সুখ আৰু শান্তি সম্পত্তি ধাম। তাৰপাছত দুখ আৰু
অশান্তিধাম। সুখধামততো প্ৰচুৰ সম্পদ থাকে, অপৰিসীম। আজি কি আছে, কালিলৈ কি হ’ব। আজি
কলিযুগৰ অন্ত, কালিলৈ হ'ব সত্যযুগৰ আদি। ৰাতি-দিনৰ পাৰ্থক্য আছে নহয়। এনেকৈ কয়ো যে
ব্ৰহ্মা আৰু ব্ৰহ্মা মুখবংশাৱলী ব্ৰাহ্মণসকলৰ দিন আকৌ ৰাতি। দিনত থাকে দেৱতাসকল।
ৰাতি থাকে শূদ্ৰসকল। মাজত তোমালোক হৈছা ব্ৰাহ্মণ। এই সংগমযুগৰ বিষয়ে কোনেও গম নাপায়।
মনুষ্যতো একেবাৰেই ঘোৰ অন্ধকাৰত আছে। তেন্তে ঘোৰ আলোকলৈ লৈ অনাতো তোমালোক
সন্তানসকলৰ দায়িত্ব। এতিয়া সন্মুখত সেয়াই মহাভাৰতৰ যুদ্ধ। গায়ন কৰাও হৈছে - বিনাশ
কালত অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধিৰ বিনাশ হয়। বিনাশ কালত প্ৰীতি বুদ্ধিৰ বিজয়।
তোমালোক সন্তানসকলে জানা বাবাই আমাক পুনৰ সেয়াই বাদশ্বাহী দিয়ে। আমাৰ সেই বাদশ্বাহী
কোনেও কাঢ়ি নিব নোৱাৰে। ৰাৱণৰ প্ৰৱেশতো হ'ব দ্বাপৰৰ পৰা। ৰাৱণে আমাৰ বাদশ্বাহী কাঢ়ি
নিছে, যাক শত্ৰু বুলিয়েই ভাবা কিয়নো শত্ৰুৰহে প্ৰতিকৃতি সাজি জ্বলায়। ৰাৱণ বহুত
পুৰণা শত্ৰু। এনেকৈ কয়ো - ৰাৱণ ৰাজ্য, কিন্তু কাৰো বুদ্ধিত উদয় নহয়। তেন্তে ঘোৰ
অন্ধকাৰ বুলিয়েই কোৱা হ'ব নহয়। বেহদৰ পিতা হৈছে জ্ঞানপূৰ্ণ। তেওঁক জ্ঞান দাতা,
দিব্য চক্ষু বিধাতা বুলি কয়। এতিয়া তোমালোক আত্মাসকলে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা।
আগতেতো একোৱেই নাজানিছিলা। এতিয়া সকলোবোৰ জানি গৈছা। পিতা জ্ঞানৰ সাগৰ হয় তেন্তে
নিশ্চয় জ্ঞান শুনাব নহয়। জ্ঞান নুশুনালে সিদ্ধ কেনেকৈ হ'ব! তোমালোকে দেখিবলৈ পোৱা
পিতাই জ্ঞান শুনায়, যি জ্ঞানৰ দ্বাৰা আকৌ আধাকল্প সৎগতি হয়। ভক্তিহে আধাকল্প চলিব
লাগে। জ্ঞানৰ দ্বাৰা সৎগতি সংগমতহে হয়। সন্তানসকলৰ কোনো কথাই কেতিয়াও লুকাই থাকিব
নোৱাৰে। পিতাই কয় - কিবা বেয়া কাম হৈ গ’লে তেন্তে কৈ দিয়া। বাবাই জানে বহুতৰ দ্বাৰা
বেয়া কাম হৈ থাকে। ৰাৱণ ৰাজ্য হয় নহয়। মায়াই থাপৰ মাৰে, কিন্তু বহুতে লুকুৱায়।
বাবাই কয় - কিবা ভুল হ’লে তেতিয়া তৎক্ষণাৎ কৈ দিলে আগলৈ যুক্তি পাবা। নহ'লে বৃদ্ধি
হৈ গৈ থাকিব। কাম মহাশত্ৰু হয়। বাবালৈ লিখে - বাবা মায়াৰ বহুত বিৰোধ হয়। সকলো
সময়তেতো কোনো যোগযুক্ত হৈ নাথাকে যে মায়াৰ পৰা বাচি থাকিব। দেহ-অভিমান বহুত আহে।
বহুত আছে যিয়ে মায়াৰ থাপৰ খায়। বাবাৰ ওচৰলৈ বাতৰিতো সকলোফালৰ পৰাই আহে নহয়।
বাতৰিকাকত আদিতো ওলট-পালট কিমান প্ৰকাশ কৰি দিয়ে। আজিকালিৰ মনুষ্যই কথাতো কিমান
ৰচিব পাৰে, তমোপ্ৰধান হয় নহয়। ব্যাসৰ যেতিয়া ৰজো বুদ্ধি আছিল তেতিয়া কি কি কথা লিখি
দিলে। পিতাই সন্তানসকলক বুজায় উৰাবাতৰিত বিশ্বাস কৰি কেতিয়াও বিতুষ্ট নহ'বা। অমুকে
এনেকৈ ক'লে, এইটো ক'লে..... মগজেই ঘূৰি যায়। বুজি নাপায় যে এইখন তমোপ্ৰধান সৃষ্টি।
মায়াই বগৰাবলৈ চেষ্টা কৰিব। কোনোবাই মিছা কথা শুনালে তেতিয়া এখন কাণেৰে শুনি আনখনেৰে
উলিয়াই দিয়া। অন্যকো এইটোৱেই বাৰ্তা দি থাকা। পিতাই কয় - মই বতৰা লৈ আহোঁ। এতিয়া হে
আত্মাসকল, শ্ৰীমতত চলা। মোৰ বাৰ্তা শুনা। কেৱল মামেকম্ স্মৰণ কৰা। যিসকলে স্মৰণ
কৰিব তেওঁলোকে নিজৰে কল্যাণ কৰিব। স্মৰণ আত্মাই কৰিব লাগে, পাহৰিছেও আত্মায়ে। এতিয়া
পিতাৰ শ্ৰীমত পোৱা যায়, এই ক্ষেত্ৰত আশীৰ্বাদ বা দয়া আদি একোৱেই বিচাৰিব নালাগে।
কেৱল পিতাক স্মৰণ কৰিব লাগে অন্য কোনো কথা সোধা-পোচা কৰাৰো দৰকাৰ নাই। সৃষ্টিৰ চক্ৰ
কেনেকৈ ঘূৰে - এয়াতো শুনিলা। ইয়াত বিৰ্তকৰ কোনো কথা নাই। ঘোৰ অন্ধকাৰতহে পিতা আহে
সেয়েহে শিৱৰাত্ৰি পালন কৰে। শ্ৰীকৃষ্ণৰো জন্ম ৰাত্ৰি পালন কৰে। মন্দিৰবোৰত ৰাতি
ক্ষীৰ-পুৰী আদি তৈয়াৰ কৰে। এতিয়া শিৱৰ কাৰণে কি ৰান্ধিব? তেওঁতো হৈছে নিৰাকাৰ।
কোনেও গমেই নাপায়, বাবা কোনটো সময়ত আহে আৰু কেনেকৈ গুচি যায়। সকলো সময়তেতো (ব্ৰহ্মাৰ
শৰীৰত) আৰোহন নকৰে। আহিব আৰু গুচি যাব। এতিয়া তোমালোকে জানা আমি শিৱবাবাৰ নাতি।
উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা যায়। ব্ৰহ্মায়ো উত্তৰাধিকাৰ তেওঁৰ পৰা পায়। এওঁতো
মনুষ্য হয় নহয়। সৎগতিত প্ৰথম নম্বৰত হৈছে এই শ্ৰীকৃষ্ণ। এওঁ সকলোৰে মৰমৰ কিয়নো
সতোপ্ৰধান শিশু অৱস্থা হয় নহয়। অলপমান ডাঙৰ হ’লে তেতিয়া তেওঁক সতো বুলি কোৱা হয়।
তাৰপাছত ৰজো তমো। শ্ৰীকৃষ্ণ ৰাধাই আকৌ লক্ষ্মী-নাৰায়ণ হয়, যাক পিতাই জ্ঞান দিছিল
তেওঁলোককেই দিব। ভাৰততেই দেৱী-দেৱতাসকল হৈ গৈছে গতিকে মন্দিৰো ভাৰতত বহুত আছে।
খ্ৰীষ্টানসকলৰ গীৰ্জাত সকলোফালে যীশুখ্ৰীষ্টকে দেখা পাবা। দেৱতাসকলৰ কিমান অনেক
মন্দিৰ আছে। পিতা আহিছে আমাক মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ অথবা ভাৰতক স্বৰ্গ কৰি
তুলিবলৈ। আমি পিতাক স্মৰণ কৰি পাৱন হৈ আছোঁ। পিতাৰ লগত আমিও ভাৰতক স্বৰ্গ হিচাপে গঢ়ি
আছোঁ। যেন আমি পিতাৰ লগত আহিছোঁ। ভক্তিমাৰ্গত দেৱতাসকলৰ মন্দিৰ, মূৰ্তি আদি কিমান
খৰচ কৰি নিৰ্মাণ কৰে। উৎপত্তি কৰি, পালন কৰি, আকৌ বিনাশ কৰি দিয়ে। 9 দিনৰ ভিতৰতে
ডুবাই দিয়ে। দেৱতাসকলৰ মূৰ্তিৰ প্ৰতি বহুত প্ৰেম থাকে। কলিকতাত (এতিয়া কোলকাতাত)
নৱৰাত্ৰি বহুত পালন কৰে। এই সকলোবোৰ কথাৰ কাৰণে এতিয়া আচম্বিত হোৱা যায়। আগতেতো
আমিও ভাৱৰীয়া আছিলোঁ। কোটি টকা খৰচ কৰে। কিমান অন্ধশ্ৰদ্ধা আছে। ৰামায়ণৰ প্ৰতি
কিমান প্ৰেম থাকে। কথা শুনি চকুৰে অশ্ৰুধাৰা বোৱাই দিয়ে। এই সকলোবোৰ হৈছে
ভক্তিমাৰ্গ, ইয়াৰ দ্বাৰা লাভ একো নহয়। বাবাই এতিয়া আমাক কিমান বুদ্ধিমান কৰি তোলে।
গতিকে এই সকলোবোৰ কথা শুনি ইয়াৰ কথা ইয়াতে পাহৰি নাযাবা, সকলোবোৰ কথা স্মৃতিলৈ আনা।
পূৰা সজীৱ হৈ যোৱা। নিজক আত্মা বুলি বুজি দেহ সহিত যিবোৰ দেখিবলৈ পোৱা সেই সকলোবোৰ
পাহৰি যোৱা। এই সকলোবোৰ হৈছে কৱৰস্থান। দিল্লীৰ বিৰলা মন্দিৰত লিখা আছে - ভাৰত
পৰিস্তান আছিল, যিখন ধৰ্মৰজাই স্থাপন কৰিছিল। এতিয়া তোমালোক সন্তানসকলে জানা এইখন
সৃষ্টি এতিয়া কৱৰস্থান হৈ যাব।
পিতাই কয় - সকলো কাম
চিতাত বহি একেবাৰে জ্বলি মৰিছে। ‘ক্ৰোধ’ক চিতা বুলি কোৱা নহয়। ‘কাম’ক চিতা বুলি কোৱা
হয়। ইয়াতো পাতল নিচা, মজলীয়া নিচাও হয়। সন্তানসকলকহে পিতাই বহি বুজায়। ঘৰত যদি
কোনোবা কুসন্তান থাকে তেতিয়া ক'ব নহয় যে এয়া কি পিতাৰ সন্মান হানি কৰা। পিতাৰ
সন্মান হানি হয় নহয়। বেহদৰ পিতায়ো কয় - তোমালোকে ক'লা মুখ কৰা গতিকে ব্ৰাহ্মণ
কুলভূষণ যিসকল দেৱতা হয়, তেওঁলোকৰ নাম বদনাম কৰা। তোমালোক সন্তানসকলে জানা - আমি
পৱিত্ৰতাৰ শক্তিৰে ভাৰতক পুনৰাই শ্ৰেষ্ঠাচাৰী দেৱতা কৰি তোলোঁ। তোমালোকৰ কাৰণেতো
যেন সাধাৰণ কথা। দেখিবলৈ পোৱা মহাভাৰতৰ যুদ্ধও সাজু হৈ আছে, ইয়াৰ দ্বাৰাই স্বৰ্গৰ
দ্বাৰ মুকলি হয়। শাস্ত্ৰবোৰত মহাভাৰতৰ যুদ্ধতো দেখুৱায়। তাৰপাছত কি হ'ল - এইটো
দেখুওৱা নাই। কৈ দিয়ে যে প্ৰলয় হৈ গ'ল। এতিয়া শ্ৰীকৃষ্ণৰ এফালেতো মাতৃ গৰ্ভৰ পৰা
জন্ম হোৱা দেখুৱাইছে আৰু আনফালে আকৌ কৈ দিয়ে আঁহত গছৰ পাতত আঙুলি চুপিচুপি আহিল,
একোৱেই বুজি নাপায়। তাততো গৰ্ভ মহলত বৰ আৰামত থাকে। বাকী সাগৰত জানো গছৰ পাতত থাকিব
পাৰে। এইটোতো অসম্ভৱ। তেন্তে এই সকলোবোৰ ড্ৰামা ৰচনা কৰি থোৱা আছে, যাক তোমালোকে
জানা। কল্পই কল্পই এনেকুৱা হয়েই। এতিয়া সন্তানসকলে নিজৰ কল্যাণ কৰিব লাগে আৰু অন্যৰো
কল্যাণ কৰিব লাগে। মূল কথা হৈছে এইটো। পিতা হৈছে স্বৰ্গৰ ৰচয়িতা। তেওঁক কোৱাই হয়
স্বৰ্গ স্থাপন কৰোঁতা পিতা। তেন্তে আকৌ আমি সন্তানসকল স্বৰ্গৰ মালিক হ'ব লাগে নহয়।
শিৱ জয়ন্তীও ভাৰততহে পালন কৰে তেন্তে নিশ্চয় ভাৰতক কিবা দিছিল। এতিয়া তোমালোকক
স্বৰ্গৰ বাদশ্বাহী দি আছে নহয়। পিতা হয়েই সৎগতি দাতা। জ্ঞানৰ সাগৰ, জ্ঞান পিতাইহে
আহি দিয়ে। এতিয়া পিতাই তোমালোকক জ্ঞান দি আছে। 5 হাজাৰ বছৰ পাছত পুনৰ ইয়ালৈকে আহিব।
সন্তানসকলৰ নিশ্চয়তা আছে যে যিসকল এই ব্ৰাহ্মণ কুলৰ হ'ব তেওঁলোক আহি থাকিব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমতত
নিজৰ আৰু অন্যৰ কল্যাণ কৰিব লাগে। কোনোবাই কিবা মিছা কথা শুনালে সেয়া শুনিও তাৰ
প্ৰতি ধ্যান দিব নালাগে। তাকে লৈ বিতুষ্ট হ'ব নালাগে।
(2) কেতিয়াও যাতে
দেৱতা হওঁতা ব্ৰাহ্মণ কুল ভূষণসকলৰ নাম বদনাম নহয় – ইয়াৰ প্ৰতি ধ্যান দিব লাগে।
কোনোধৰণৰ ওলোটা কৰ্ম কেতিয়াও কৰিব নালাগে। পুৰণি হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে।
বৰদান:
নিচা আৰু
লক্ষ্যৰ স্মৃতিৰে সকলো কৰ্মেন্দ্ৰিয় আদেশ অনুসৰি চলাওঁতা মুকুট তথা সিংহাসনৰ অধিকাৰী
হোৱা
সঙ্গমযুগত বাপদাদাৰ
দ্বাৰা সকলো সন্তানৰ মুকুট আৰু সিংহাসন প্ৰাপ্ত হয়। পৱিত্ৰতাৰো মুকুট আছে তেনেকৈ
দায়িত্বৰো মুকুট আছে, অকাল সিংহাসনো আছে তেনেকৈ অন্তৰ-সিংহাসনতো অধিষ্ঠিত হোৱা।
যেতিয়া এনেকৈ ডবল মুকুট আৰু সিংহাসনত অধিষ্ঠিত হোৱা, তেতিয়া নিচা আৰু লক্ষ্য স্বতঃ
স্মৃতিত থাকে। তেতিয়া কৰ্মেন্দ্ৰিয়সমূহে “হয় হুজুৰ” কৰে। যিসকলে মুকুট আৰু সিংহাসন
এৰি দিয়ে, তেওঁলোকৰ আদেশ কোনো কাৰ্যকৰ্তাই নামানে।
স্লোগান:
দুৰ্বল সংকল্পই প্ৰসন্নচিত্তৰ পৰিৱৰ্তে প্ৰশ্নচিত্ত কৰি দিয়ে।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
ঈশ্বৰীয় সেৱাৰ
আটাইতকৈ ডাঙৰ পুণ্য হ’ল — পৱিত্ৰতাৰ দান দিয়া। পৱিত্ৰ হোৱা আৰু কৰি তোলাটোৱেই
পুণ্য আত্মা হোৱা, কিয়নো আত্মাক আত্মঘাত মহা পাপৰ পৰা মুক্ত কৰা। অপৱিত্ৰতা আত্মঘাত।
পৱিত্ৰতা জীৱন-দান।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]