18.09.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা ধৰণীৰ চৈতন্য তৰা, তোমালোকে গোটেই বিশ্বক কিৰণ দিব লাগে”
প্ৰশ্ন:
শিৱবাবাই
তোমালোক সন্তানসকলৰ কায়া (শৰীৰ) কেনেকৈ কাঞ্চন (সোণৰ) কৰি তোলে?
উত্তৰ:
ব্ৰহ্মা ‘মা’ৰ দ্বাৰা তোমালোকক জ্ঞান ৰূপী দুগ্ধ পান কৰাই তোমালোকৰ কায়া কাঞ্চন কৰি
দিয়ে, সেইবাবে তেওঁৰ মহিমাত গায়, তুমিয়ে মাতা-পিতা… এতিয়া তোমালোকে ব্ৰহ্মা ‘মা’ৰ
দ্বাৰা জ্ঞান ৰূপী দুগ্ধ পান কৰি আছা, যাৰ দ্বাৰা তোমালোকৰ সকলো পাপ খণ্ডন হৈ যাব।
কাঞ্চন হৈ যাবা।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি বুজায় যেনেকৈ আকাশত তৰা আছে তেনেকৈ তোমালোক সন্তানসকলৰ কাৰণেও গোৱা হয় – এয়া
ধৰণীৰ তৰা। সেই তৰাবোৰকো নক্ষত্ৰ দেৱতা বুলি কোৱা হয়। এতিয়া সেয়া কোনো দেৱতাতো নহয়।
সেয়েহে তোমালোক সেই তৰাবোৰতকৈ মহান বলৱান হোৱা কিয়নো তোমালোক তৰাবোৰে গোটেই বিশ্বকে
জাতিষ্কাৰ কৰি তোলা। তোমালোকহে দেৱতা হ’বাগৈ। তোমালোকৰে উত্থান আৰু পতন হয়। সেই
তৰাবোৰে এই মঞ্চখন পোহৰাই তোলে, তৰাবোৰক কোনো দেৱতা বুলি কোৱা নহ’ব। তোমালোক দেৱতা
হৈ আছা। তোমালোকে গোটেই বিশ্বকে জাতিষ্কাৰ কৰি তুলিবা। এতিয়া গোটেই বিশ্বত ঘোৰ
অন্ধকাৰ। পতিত হৈ গৈছে। এতিয়া পিতা তোমালোক অতি মৰমৰ সন্তানসকলক দেৱতা কৰি তুলিবলৈ
আহিছে। মনুষ্যইতো সকলোকে দেৱতা বুলি ভাবি লয়। সূৰ্যকো দেৱতা বুলি কৈ দিয়ে। ক’ৰবাত
ক’ৰবাত সূৰ্যৰ পতাকাও উৰুৱাই ৰাখে। নিজকে সূৰ্যবংশী বুলিও কয়। প্ৰকৃততে তোমালোক
সূৰ্যবংশী নোহোৱা জানো। সেয়েহে পিতাই বহি তোমালোক সন্তানসকলক বুজায়। ভাৰততে ঘোৰ
অন্ধকাৰ হৈছে। এতিয়া ভাৰততে পোহৰৰ প্ৰয়োজন। পিতাই তোমালোক সন্তানসকলক জ্ঞান ৰূপী
কাজল লগাই আছে। তোমালোক অজ্ঞান নিদ্ৰাত শুই আছিলা, পিতা আহি পুনৰাই জগায়। তেওঁ কয় –
ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্প কল্পৰ পুৰুষোত্তম সংগমযুগত মই পুনৰাই আহোঁ। এই
পুৰুষোত্তম সংগমযুগৰ কোনো শাস্ত্ৰতে উল্লেখ নাই। এইটো যুগৰ বিষয়ে এতিয়া তোমালোক
সন্তানসকলেহে জানা, যেতিয়া তোমালোক তৰাবোৰ পুনৰ দেৱতা হোৱা। তোমালোককে ক’ব -
নক্ষত্ৰ দেৱতায়ে নমঃ। এতিয়া তোমালোক পূজাৰীৰ পৰা পূজ্য হোৱা। তাত তোমালোক পূজ্য হৈ
যোৱা, এইটোও বুজিব লাগে নহয়। ইয়াক আত্মিক পঢ়া বুলি কোৱা হয়, ইয়াত কেতিয়াও কোনো
কাজিয়াৰ কথাই নাই। শিক্ষকে সাধাৰণ ৰীতিৰে পঢ়ায় আৰু সন্তানসকলেও সাধাৰণ ৰীতিৰে পঢ়ে।
এই ক্ষেত্ৰত কেতিয়াও কোনো কাজিয়াৰ কথাই নাই। এওঁ (ব্ৰহ্মাই) জানো এনেকৈ কয় যে মই
ভগৱান। তোমালোক সন্তানসকলেও জানা পঢ়াওঁতাজন হৈছে নিৰাকাৰ শিৱবাবা। তেওঁৰ নিজৰ শৰীৰ
নাই। তেওঁ কয় – মই এই ৰথখন ঋণত লওঁ। ভাগীৰথ বুলিও কিয় কয়? কিয়নো অতি ভাগ্যশালী ৰথ।
এৱেঁই পুনৰ বিশ্বৰ মালিক হয় তেন্তে ভাগীৰথ নহ’ল জানো। গতিকে সকলোৰে অৰ্থ বুজিব লাগে
নহয়। এয়া হ’ল সকলোতকৈ উচ্চ পঢ়া। জগতততো সকলো মিছাই। এনেকৈ প্ৰবাদো আছে নহয় – সত্যৰ
নাও টুলুংভুটুং কৰিব কিন্তু নুডুবে… আজিকালিতো অনেক প্ৰকাৰৰ ভগৱান ওলাইছে। নিজকতো
বাদেই দিয়া শিল-পাথৰকো ভগৱান বুলি কৈ দিয়ে। ভগৱানক কিমান আওবাটে লৈ গৈছে। পিতাই বহি
বুজায়, যেনেকৈ লৌকিক পিতায়ো সন্তানসকলক বুজায়, কিন্তু তেওঁ এনেকুৱা নহয় যি পিতাও
হ’ব, শিক্ষকো হ’ব আৰু তেৱেঁই গুৰুও হ’ব। প্ৰথমতে পিতাৰ ওচৰত জন্ম লয়, পাছত অলপ ডাঙৰ
হ’লে তেতিয়া পঢ়ুৱাবলৈ শিক্ষকৰ প্ৰয়োজন। আকৌ 60 বছৰৰ পাছত গুৰুৰ প্ৰয়োজন। এয়াতো এজনে
পিতা, শিক্ষক, সৎগুৰু। তেওঁ কয় – মই তোমালোক আত্মাসকলৰ পিতা। আত্মায়ে পঢ়ে। আত্মাক
আত্মা বুলি কোৱা হয়। বাকী শৰীৰৰ অনেক নাম আছে। খেয়াল কৰা – এইখন বেহদৰ নাটক। যি ৰচি
থোৱা আছে সেয়াই চলি আছে… কোনো নতুন কথা নহয়। এইখন হৈছে অনাদি পূৰ্ব নিৰ্ধাৰিত ড্ৰামা
যিখন পুনৰাবৃত্তি হৈ থাকে। আত্মাসকল হৈছে ভূমিকা পালন কৰোঁতা। আত্মা ক’ত থাকে? ক’বা
– আমি নিজৰ ঘৰ পৰমধামৰ নিবাসী আকৌ আমি বেহদৰ ভূমিকা পালন কৰিবৰ কাৰণে ইয়ালৈ আহোঁ।
পিতাতো সদায় তাতেই থাকে। তেওঁ পুনৰ্জন্মত নাহে। এতিয়া তোমালোকক ৰচয়িতা পিতাই, নিজৰ
আৰু ৰচনাৰ সাৰ শুনায়। তোমালোকক কয় – স্বদৰ্শন চক্ৰধাৰী সন্তানসকল। ইয়াৰ অৰ্থও আন
কোনেও বুজিব নোৱাৰে কিয়নো তেওঁলোকেতো ভাবে যে স্বদৰ্শন চক্ৰধাৰী হৈছে বিষ্ণু,
এওঁলোকে আকৌ মনুষ্যক কিয় কয়? এয়া তোমালোকে জানা। যেতিয়া শূদ্ৰ আছিলা তেতিয়াও
মনুষ্যই আছিলা, এতিয়া ব্ৰাহ্মণ হৈছা এতিয়াও মনুষ্যই হোৱা পুনৰ দেৱতা হ’বাগৈ তেতিয়াও
মনুষ্যই হৈ থাকিবা, কিন্তু চৰিত্ৰ সলনি হয়। ৰাৱণ আহিলে তোমালোকৰ চৰিত্ৰ কিমান বেয়া
হৈ যায়। সত্যযুগত এই বিকাৰ নাথাকেই।
পিতাই এতিয়া তোমালোক
সন্তানসকলক অমৰকথা শুনাই আছে। ভক্তিমাৰ্গত তোমালোকে কিমান কথা (কাহিনী) শুনিছিলা।
এনেকৈ কোৱা হয় – অমৰনাথে পাৰ্বতীক কথা শুনালে। আচলতে তেওঁকতো শংকৰেহে শুনাব নহয়।
শিৱই কেনেকৈ শুনাব। কিমান অনেক মনুষ্য শুনিবলৈ যায়। এই ভক্তিমাৰ্গৰ কথাবোৰ পিতাই বহি
বুজায়। পিতাই এনেকৈ নকয় যে ভক্তি বেয়া। নহয়, এয়াতো হৈছে অনাদি ড্ৰামা, সেয়া বুজোৱা
হয়। এতিয়া পিতাই কয় – এটাতো হৈছে নিজক আত্মা বুলি বুজা। মূল কথাই হৈছে এইটো।
ভগৱানুবাচ – ‘মনমনাভৱ’। ইয়াৰ অৰ্থ কি? এয়া পিতাই বহি মুখেৰে শুনায় গতিকে এওঁ (ব্ৰহ্মা)
হৈছে গোমুখ। এয়াও বুজাইছে – তুমিয়ে মাতা-পিতা… তেওঁকেই কয়। এই ‘মা’ৰ দ্বাৰা তোমালোক
সকলোকে তুলি লৈছে। শিৱবাবাই কয় – এই মুখৰ দ্বাৰা তোমালোক সন্তানসকলক জ্ঞান ৰূপী
দুগ্ধ পান কৰাওঁ তেতিয়া তোমালোকৰ যি পাপ আছে সেয়া সকলো ভস্ম হৈ তোমালোক আত্মা
কাঞ্চন হৈ যোৱা। সেয়েহে কায়াও কাঞ্চন পোৱা। আত্মাসকল একেবাৰে পৱিত্ৰ কাঞ্চন হৈ যায়
আকৌ লাহে লাহে ছিৰি তললৈ নামে (অৱনমিত হয়)। এতিয়া তোমালোকে বুজি গৈছা আত্মাও কাঞ্চন
আছিল, শৰীৰো কাঞ্চন আছিল আকৌ ড্ৰামা অনুসৰি আমি 84ৰ চক্ৰত আহিছোঁ। এতিয়া কাঞ্চন নহয়।
এতিয়াতো 9 কেৰেট বুলি কোৱা হ’ব, বাকী শতাংশৰ হিচাপত কিছু বাকী আছেগৈ। একেবাৰে প্ৰায়
লোপ হোৱা বুলি কোৱা নহ’ব। কিছু নহয় কিছু শান্তি থাকে। পিতাই এই চিহ্নৰ বিষয়েও
শুনাইছে। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ হৈছে প্ৰথম নম্বৰৰ। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই
চক্ৰ আহি গৈছে। পিতাৰ পৰিচয়ো আহি গৈছে। যদিও এতিয়া তোমালোক আত্মাসকল পূৰা কাঞ্চন
হোৱা নাই কিন্তু পিতাৰ পৰিচয়তো বুদ্ধিত আছে নহয়। কাঞ্চন হোৱাৰ যুক্তি শুনায়। আত্মাত
যি খাদ (বিকাৰৰ লেপ) পৰিছে সেয়া আঁতৰিব কেনেকৈ? তাৰ বাবে হ’ল স্মৃতিৰ যাত্ৰা। ইয়াকে
কোৱা হয় যুদ্ধক্ষেত্ৰ। তোমালোক প্ৰত্যেকেই যুদ্ধক্ষেত্ৰৰ স্বতন্ত্ৰ সৈনিক। এতিয়া
প্ৰত্যেকে যিমান বিচৰা পুৰুষাৰ্থ কৰা। পুৰুষাৰ্থ কৰাতো বিদ্যাৰ্থীৰ কাম। য’লৈকে
নোযোৱা, ইজনে সিজনক সাৱধান কৰি থাকা – ‘মনমনাভৱ’। শিৱবাবা স্মৃতিত আছেনে? ইজনে
সিজনক এইটোৱে সংকেত দিব লাগে। পিতাৰ পঢ়া সাংকেতিক সেইবাবেতো পিতাই কয় – এক ছেকেণ্ডত
কায়া কাঞ্চন হৈ যায়। বিশ্বৰ মালিক কৰি তোলোঁ। পিতাৰ সন্তান হ’লা যেতিয়া বিশ্বৰ
মালিক হৈ গ’লা। তাৰপাছত বিশ্বত বাদশ্বাহী। তাত উচ্চ পদ পাব লাগে – এয়া হৈছে
পুৰুষাৰ্থ কৰাৰ কথা। বাকী ছেকেণ্ডত জীৱনমুক্তি। সঠিক কথা নহয় জানো। পুৰুষাৰ্থ কৰাতো
প্ৰত্যেকৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকে পিতাক স্মৰণ কৰি থাকা তেতিয়া আত্মা একেবাৰে
পৱিত্ৰ হৈ যাব। সতোপ্ৰধান হৈ সতোপ্ৰধান সৃষ্টিৰ মালিক হৈ যাব। কিমান বাৰ তোমালোক
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈছা! এই চক্ৰ পুনৰাবৃত্তি হৈ থাকে। ইয়াৰ কেতিয়াও অন্ত
নহয়। পিতাই বহি কিমান ভালকৈ বুজায়। কয় – মই কল্পই কল্পই আহোঁ। তোমালোক সন্তানসকলে
মোক ছিঃ ছিঃ জগতলৈ নিমন্ত্ৰণ জনোৱা। কি বুলি নিমন্ত্ৰণ জনোৱা? কোৱা – আমি পতিত হৈ
গৈছোঁ, আপুনি আহি পাৱন কৰি তোলক। বাঃ! তোমালোকৰ নিমন্ত্ৰণ! তোমালোকে কোৱা আমাক
শান্তিধাম-সুখধামলৈ লৈ ব’লক গতিকে তোমালোকৰ একান্ত বাধ্য সেৱক হওঁ। এয়াও ড্ৰামাৰ
খেল। তোমালোকে বুজি পোৱা – আমি কল্পই কল্পই সেয়াই পঢ়োঁ, ভূমিকা পালন কৰোঁ। আত্মাইহে
ভূমিকা পালন কৰে। ইয়াত বহিও পিতাই আত্মাসকলক চায়। তৰাবোৰক চায়। কিমান সূক্ষ্ম আত্মা।
যেনেকৈ তৰাবোৰ তিৰবিৰাই থাকে। কিছুমান তৰা বৰ উজ্জ্বল, কিছুমানে ধিমিক-ধামাক কৰি
থাকে। কিছুমান চন্দ্ৰমাৰ সমীপত থাকে। তোমালোকেও যোগবলেৰে ভালকৈ পৱিত্ৰ হ’লে তেতিয়া
চিকমিকাই উঠা। বাবায়ো কয় – সন্তানসকলৰ মাজত যিসকল বহুত ভাল নক্ষত্ৰ, তেওঁলোকক ফুল
দিয়া। সন্তানসকলেও ইজনে সিজনক জানে নহয়। যথাযথ কিছুমান বহুত তীক্ষ্ণ, কিছুমান বহুত
ঢিলা। সেই তৰাবোৰক দেৱতা বুলি ক’ব নোৱাৰি। তোমালোকো হৈছা মনুষ্য কিন্তু তোমালোক
আত্মাসকলক পিতাই পৱিত্ৰ কৰি বিশ্বৰ মালিক কৰি তোলে। পিতাই উত্তৰাধিকাৰত কিমান শক্তি
দিয়ে। সৰ্বশক্তিমান পিতা হয় নহয়। পিতাই কয় – মই তোমালোক সন্তানসকলক ইমান শক্তি দিওঁ।
গায়নো কৰে নহয়– শিৱবাবা, আপুনিতো বহি আমাক পঢ়াই মনুষ্যৰ পৰা দেৱতা কৰি তোলে। বাঃ!
এনেকৈতো কোনেও গঢ়ি তুলিব নোৱাৰে। পঢ়া উপাৰ্জনৰ উৎস নহয় জানো। গোটেই আকাশ, ধৰণী আদি
সকলো আমাৰ হৈ যায়। কোনেও কাঢ়ি ল’ব নোৱাৰে। তাকে কোৱা হয় অটল ৰাজ্য। কোনেও খণ্ডিত
কৰিব নোৱাৰে। কোনেও জ্বলাব নোৱাৰে। তেন্তে এনেকুৱা পিতাৰ শ্ৰীমতত চলা উচিত নহয় জানো।
প্ৰত্যেকে নিজৰ পুৰুষাৰ্থ কৰিব লাগে।
সন্তানসকলে
সংগ্ৰাহালয় আদি নিৰ্মাণ কৰে – এই চিত্ৰ আদিৰ দ্বাৰা সমপৰ্যায়ৰসকলক বুজাব লাগে।
পিতাই নিৰ্দেশনা দি থাকে – যি চিত্ৰৰ প্ৰয়োজন সেয়া তৈয়াৰ কৰি লোৱা। সকলোৰে
বুদ্ধিয়েতো কাম কৰে। মনুষ্যৰ কল্যাণৰ অৰ্থেই এয়া তৈয়াৰ কৰা হয়। তোমালোকে জানা
সেৱাকেন্দ্ৰলৈ কেতিয়াবা কোনোবা আহে, এতিয়া এনেকুৱা কি যুক্তি ৰচনা কৰিবা যাতে
লোকসকল আপোনাআপুনি মিঠাই ল’বলৈ আহে। কাৰোবাৰ মিঠাই ভাল হ’লে তেতিয়া প্ৰচাৰ হৈ যায়।
সকলোৱে ইজনে সিজনক ক’ব – অমুক দোকানখনলৈ যোৱা। এয়াতো অতি ভালতকৈও ভাল এক নম্বৰ
মিঠাই। এনেকুৱা মিঠাই কোনেও দিব নোৱাৰে। এজনে দেখি গ’লে তেতিয়া আনকো শুনায়। খেয়ালতো
আহে গোটেই ভাৰত কেনেকৈ সোণালী যুগত আহি যাব, তাৰ বাবে কিমান বুজোৱা হয় কিন্তু পাথৰ
বুদ্ধিৰ, পৰিশ্ৰমতো হ’বই নহয়। চিকাৰ কৰিবলৈও শিকিবলগীয়া হয় নহয়। প্ৰথমতে সৰু চিকাৰ
কৰিবলৈ শিকোৱা হয়। ডাঙৰ চিকাৰ কৰিবলৈ শক্তিৰ প্ৰয়োজন হয় নহয়। কিমান ডাঙৰ ডাঙৰ
বিদ্বান-পণ্ডিত আছে। বেদ-শাস্ত্ৰ আদি পঢ়িছে। নিজক কিমান ডাঙৰ হৰ্তা-কৰ্তা বুলি ভাবে।
বাৰানসীত তেওঁলোকে কিমান ডাঙৰ ডাঙৰ উপাধি লাভ কৰে। সেইবাবে বাবাই বুজাইছিল – প্ৰথমতে
বাৰানসীত সেৱাৰে ঘেৰি পেলোৱা। ডাঙৰ ব্যক্তিৰ আৱাজ ওলালেহে কোনোবাই শুনিব। সৰুৰ কথাতো
কোনেও নুশুনেই। সিংহক বুজাব লাগে যিয়ে নিজকে শাস্ত্ৰৰ হৰ্তা-কৰ্তা বুলি ভাবে। কিমান
ডাঙৰ ডাঙৰ উপাধি দিয়ে। শিৱবাবাৰো ইমান উপাধি নাই। ভক্তিমাৰ্গৰ ৰাজ্য হয় নহয় তাৰপাছত
হয় জ্ঞান মাৰ্গৰ ৰাজ্য। জ্ঞানমাৰ্গত ভক্তি নাথাকে। ভক্তিত আকৌ জ্ঞান একেবাৰে নাথাকে।
সেয়েহে এয়া পিতাই বুজায়, পিতাই এনেকৈয়ে চায় আৰু বুজে যে এয়া তৰাবোৰ বহি আছে। দেহৰ
বোধ এৰি দিব লাগে। যেনেকৈ ওপৰত তৰাবোৰ তিৰবিৰাই থাকে তেনেকৈ ইয়াতো তিৰবিৰাই আছে।
কিছুমান বহুত উজ্জ্বল পোহৰ দিওঁতা হৈ গৈছে। এয়া হ’ল ধৰণীৰ তৰা যাক দেৱতা বুলি কোৱা
হয়। এয়া কিমান বিশাল বেহদৰ ৰংগমঞ্চ। পিতাই বুজায় – সেয়া হ’ল হদৰ ৰাতি আৰু দিন। এয়া
আকৌ হৈছে বেহদৰ আধাকল্পৰ ৰাতি, আধাকল্পৰ দিন। দিনত সুখেই সুখ। ক’তো হাবাথুৰি খোৱাৰ
প্ৰয়োজন নাই। জ্ঞানত হৈছে সুখ, ভক্তিত হৈছে দুখ। সত্যযুগত দুখৰ নামেই নাই। তাত কাল
(অকাল মৃত্যু) নাথাকে। তোমালোকে কালৰ ওপৰত বিজয়ী হোৱা। মৃত্যুৰ নাম নাথাকে। সেয়া
হ’ল অমৰলোক। তোমালোকে জানা যে পিতাই আমাক অমৰলোকৰ বাবে অমৰকথা শুনাই আছে। এতিয়া
তোমালোক অতি মৰমৰ সন্তানসকলৰ ওপৰৰ পৰা ধৰি গোটেই চক্ৰ বুদ্ধিত আছে। তোমালোকে জানা
যে আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ হৈছে – ব্ৰহ্মলোক। তাৰ পৰা ইয়ালৈ ক্ৰমানুসৰি ভূমিকা
পালন কৰিবলৈ আহোঁ। অনেক আত্মা আছে। এজন এজনক জানো বহি শুনাম। সংক্ষেপে শুনাওঁ।
কিমান ঠাল-ঠেঙুলি আছে। ঠাল-ঠেঙুলি ওলাই ওলাই বৃক্ষজোপাৰ বৃদ্ধি হয়। বহুত আছে যিয়ে
নিজৰ ধৰ্মৰ বিষয়েও নাজানে। পিতা আহি বুজায় - তোমালোক প্ৰকৃততে দেৱী-দেৱতা ধৰ্মৰ হোৱা
কিন্তু এতিয়া ধৰ্মভ্ৰষ্ট, কৰ্মভ্ৰষ্ট হৈ গৈছা।
এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিত আছে যে আমি প্ৰকৃততে শান্তিধামৰ নিবাসী আকৌ ভূমিকা পালন কৰিবলৈ
আহোঁ। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, এওঁলোকৰ ৰাজবংশ আছিল। এতিয়া পুনৰ সংগমযুগত
বিৰাজমান হৈ আছে। পিতাই শুনাইছে - তোমালোক সূৰ্যবংশী আছিলা পুনৰ চন্দ্ৰবংশী হ’লা।
বাকী মাজত হৈছে আনুষংগিক দৃশ্য। এই খেলখন হৈছে বেহদৰ। এয়া কিমান সৰু বৃক্ষ।
ব্ৰাহ্মণৰ কুল। আকৌ কিমান ডাঙৰ হৈ যাব, সকলোকে দেখা পোৱাও নাযাব, লগ কৰিবও নোৱাৰিব।
য’তে-ত’তে ঘেৰাও কৰি অৰ্থাৎ সেৱাৰ বিস্তাৰ কৰি গৈ থাকে। পিতাই কয় – দিল্লীক,
বাৰানসীক ঘেৰাও কৰা। আকৌ কয় – তোমালোক গোটেই সৃষ্টিকে ঘেৰাও কৰোঁতা হোৱা। তোমালোকে
যোগবলৰ দ্বাৰা গোটেই সৃষ্টিত এক ৰাজ্য স্থাপনা কৰা, কিমান আনন্দিত হোৱা। কোনোবা
ক’ৰবালৈ, কোনোবা আন ক’ৰবালৈ গৈ থাকে। এতিয়া তোমালোকৰ কথা কোনেও নুশুনে। যেতিয়া ডাঙৰ
ডাঙৰ ব্যক্তি আহিব, বাতৰিকাকতত ওলাব তেতিয়া বুজিব। এতিয়া সৰু সৰু চিকাৰ হৈ থাকে।
ডাঙৰ ডাঙৰ চহকী লোকসকলেতো ভাবে – আমাৰ কাৰণে স্বৰ্গ ইয়াতেই। গৰিবসকলেহে আহি
উত্তৰাধিকাৰ লয়। তেওঁলোকে কয় – বাবা, মোৰতো আপুনিয়েই দ্বিতীয় কোনো নাই কিন্তু যেতিয়া
গোটেই জগতৰ পৰা মোহ মমত্ব আঁতৰিব তেতিয়াহে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মাক কাঞ্চন কৰি তুলিবলৈ ইজনে সিজনক সাৱধান কৰি দিব লাগে। ‘মনমনাভৱ’ হৈ থকাৰ
সংকেত দিব লাগে। যোগবলেৰে পৱিত্ৰ হৈ উজ্জ্বল তৰা হ’ব লাগে।
(2) এই বেহদৰ পূৰ্ব
নিৰ্ধাৰিত নাটকখন ভালকৈ বুজি স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে। জ্ঞান ৰূপী কাজল লগাই
মনুষ্যক অজ্ঞানতাৰ ঘোৰ অন্ধকাৰৰ পৰা উলিয়াই আনিব লাগে।
বৰদান:
বালক তথা
মালিকবোধৰ স্মৃতিৰে সৰ্ব সম্পদ নিজৰ কৰি লওঁতা স্বৰাজ্য অধিকাৰী হোৱা
এই সময়ত তোমালোক
সন্তানসকল কেৱল বালক নোহোৱা কিন্তু বালক তথা মালিক হোৱা, এফালে স্বৰাজ্য অধিকাৰী
মালিক আৰু আনফালে পিতাৰ উত্তৰাধিকাৰৰ মালিক। যেতিয়া স্বৰাজ্য অধিকাৰী হ’বা তেতিয়াহে
নিজৰ সকলো কৰ্মেন্দ্ৰিয়ই আদেশ অনুসৰি চলিব। কিন্তু সময়ে সময়ে মালিকবোধৰ স্মৃতি
পাহৰাই বশ কৰোঁতা হৈছে এই মন সেই কাৰণে পিতাৰ মন্ত্ৰ হৈছে ‘মনমনাভৱ’। ‘মনমনাভৱ’ হৈ
থাকিলে কোনো ব্যৰ্থ কথাৰ প্ৰভাৱ নপৰিব আৰু সৰ্ব সম্পদ নিজৰ অনুভৱ হ’ব।
স্লোগান:
পৰমাত্ম প্ৰেমৰ দোলনাত উৰন্ত কলাৰ আনন্দ-উল্লাস কৰা – এয়াই সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
তোমালোকে কোনো সেৱা
এতিয়াই কৰিলা আৰু এতিয়াই তাৰ ফল লৈ ল’লা তেন্তে জমা একো নহ’ল, উপাৰ্জন কৰিলা আৰু
খালা। তেনে ক্ষেত্ৰত ইচ্ছা শক্তি নাথাকে। তেওঁ ভিতৰৰ পৰা দুৰ্বল হৈ থাকে, শক্তিশালী
নহয়, খালী খালী হৈ থাকি যায়। যেতিয়া এইটো সমাপ্ত হৈ যাব তেতিয়া নিৰাকাৰী, নিৰহংকাৰী
আৰু নিৰ্বিকাৰী স্থিতি স্বতঃ হৈ যাব।