18.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আহিছে তোমালোকক ফুল কৰি তুলিবলৈ, তোমালোক ফুল স্বৰূপ সন্তানসকলে কেতিয়াও কাকো
দুখ দিব নোৱাৰা, সদায় সুখ দি থাকা”
প্ৰশ্ন:
কোনটো এটা
কথাত তোমালোক সন্তানসকল বহুত সাৱধান হ’ব লাগে?
উত্তৰ:
মন-বচন-কৰ্মত নিজৰ বাণীৰ ওপৰত বহুত সাৱধান হ’ব লাগে। বুদ্ধিৰে বিকাৰী জগতৰ সকলো
লোকলাজ কুলৰ মৰ্যাদা পাহৰিব লাগে। নিজকে পৰীক্ষা কৰিব লাগে যে মই কিমান দিব্যগুণ
ধাৰণ কৰিছোঁ? লক্ষ্মী-নাৰায়ণৰ নিচিনা সভ্য হৈছোঁনে? কিমানলৈকে ফুল হৈছোঁ?
ওঁম্শান্তি।
শিৱবাবাই জানে
যে এওঁলোক মোৰ সন্তান আত্মা। তোমালোক সন্তানসকলেও আত্মা বুলি বুজি শৰীৰক পাহৰি
শিৱবাবাক স্মৰণ কৰিব লাগে। শিৱবাবাই কয় - মই তোমালোক সন্তানসকলক পঢ়াওঁ। শিৱবাবাও
নিৰাকাৰ, তোমালোক আত্মাসকলো নিৰাকাৰ। ইয়াত আহি ভূমিকা পালন কৰিছা। পিতাও আহি ভূমিকা
পালন কৰিছে। এইটোও তোমালোকে জানা ড্ৰামাৰ পৰিকল্পনা অনুসৰি পিতা আহি আমাক ফুল কৰি
তোলে। তেন্তে সকলো অৱগুণ এৰি গুণৱান হ’ব লাগে। গুণৱানসকলে কেতিয়াও কাকো দুখ নিদিয়ে।
আওকান নকৰে। কোনোবা দুখী হলেও তেওঁৰ দুখ দূৰ কৰে। পিতাও আহে গতিকে গোটেই সৃষ্টিৰ
দুখ নিশ্চয় দূৰ হ’ব। পিতাইতো শ্ৰীমত দিয়ে যিমান পাৰা পুৰুষাৰ্থ কৰি সকলোৰে দুখ দূৰ
কৰি থাকা। পুৰুষাৰ্থৰ দ্বাৰাহে ভাল পদ পাবা। পুৰুষাৰ্থ নকৰিলে পদ কম হৈ যাব। সেয়া
আকৌ কল্প-কল্পান্তৰৰ কাৰণে লোকচান হৈ যায়। পিতাই সন্তানসকলক সকলো কথা বুজায়।
সন্তানসকলে নিজৰ লোকচান কৰিব সেইটো পিতাই নিবিচাৰে। জগতৰ লোকে লাভ আৰু লোকচানৰ কথা
নাজানে সেইকাৰণে সন্তানসকলে নিজৰ ওপৰত দয়া কৰিব লাগে। শ্ৰীমতত চলি থাকিব লাগে। যদিও
বুদ্ধি ইফালে-সিফালে যায় তথাপি চেষ্টা কৰা মই এনেকুৱা বেহদৰ পিতাক কিয়নো স্মৰণ নকৰো,
যাৰ স্মৃতিৰেহে উচ্চ পদ পোৱা যায়। বেছি নহ’লেও স্বৰ্গলৈতো যায়। কিন্তু স্বৰ্গত উচ্চ
পদ পাব লাগে। সন্তানসকলৰ মাক-দেউতাকে কয় নহয় যে আমাৰ সন্তানে স্কুলত পঢ়ি উচ্চ পদ
পাব। ইয়াততো কোনেও গম নাপায়। তোমালোকৰ সম্বন্ধীয়সকলে এইটো নাজানে যে তোমালোকে কি
পাঠ পঢ়া। সেই পঢ়াৰ ক্ষেত্ৰততো মিত্ৰ-সম্বন্ধীয় সকলোৱে জানে, ইয়াত কোনোবাই জানে,
কোনোবাই নাজানে। কাৰোবাৰ দেউতাকে যদি জানে ভাই-ভনীয়ে নাজানে। কাৰোবাৰ মাকে জানে যদি
দেউতাকে নাজানে কিয়নো এই পঢ়া হৈছে বিচিত্ৰ আৰু পঢ়াওঁতাজনো বিচিত্ৰ। ক্ৰমানুসৰি বুজি
পায়, পিতাই বুজায়- ভক্তি তোমালোকে বহুত কৰিছা। সেয়াও ক্ৰমানুসৰি, যিয়ে বহুত ভক্তি
কৰিছে তেৱেঁই আকৌ এই জ্ঞানো লয়। এতিয়া ভক্তিৰ ৰীতি-প্ৰথা পূৰা হয়। আগতে মীৰাৰ
ক্ষেত্ৰত কোৱা হৈছিল যে তেওঁ লোকলাজ কুলৰ মৰ্যাদা এৰিলে। ইয়াততো তোমালোকে গোটেই
বিকাৰী কুলৰ মৰ্যাদা এৰিব লাগে। বুদ্ধিৰে সকলোৰে সন্ন্যাস কৰিব লাগে। এই বিকাৰী
সৃষ্টিৰ একোৱেই ভাল নালাগে। বিকৰ্ম কৰোঁতাজনক একেবাৰে ভাল নালাগে। তেওঁ নিজৰেই
ভাগ্য নষ্ট কৰে। এনেকুৱা কোনোবা পিতা থাকিব জানো যিয়ে সন্তানে কাৰোবাক অশান্ত কৰাটো
পচন্দ কৰিব বা নপঢ়াতো পচন্দ কৰিব। তোমালোকে জানা তাত এনেকুৱা কোনো সন্তান নাথাকে।
নামেই হ’ল দেৱী-দেৱতা। কিমান পৱিত্ৰ নাম। নিজক পৰীক্ষা কৰিব লাগে - মোৰ দৈৱীগুণ
আছেনে? সহনশীলো হ’বলগীয়া হয়। বুদ্ধিযোগৰ কথা। এই যুদ্ধতো বহুত মিঠা। পিতাক স্মৰণ
কৰাৰ ক্ষেত্ৰত কোনো যুদ্ধৰ কথা নাই। অৱশ্যে হয় ইয়াত মায়াই বিঘিনি আনে, তাৰ পৰাও
সাৱধান হ’ব লাগে। মায়াৰ ওপৰত বিজয়ীতো তোমালোকেই হ’ব লাগে। তোমালোকে জানা যে কল্পই
কল্পই আমি যি কৰি আহিছোঁ, হুবহু সেয়াই পুৰুষাৰ্থ চলে যিটো কল্পই কল্পই চলি আহিছে।
তোমালোকে জানা আমি এতিয়া পদ্মাপদম ভগ্যশালী হৈছোঁ আকৌ সত্যযুগত অপাৰ আনন্দিত হৈ থাকোঁ।
কল্পই কল্পই পিতাই
এনেকৈয়ে বুজায়। এয়া কোনো নতুন কথা নহয়, এয়া বহুত পুৰণি কথা। পিতাইতো বিচাৰে
সন্তানসকল সম্পূৰ্ণ ফুল হওঁক। লৌকিক পিতাৰো অন্তৰে বিচাৰিব নহয় - মোৰ সন্তান ফুল
হওঁক। পাৰলৌকিক পিতাতো আহেই কাঁইটক ফুল কৰি তুলিবলৈ। তেন্তে এনেকুৱা হ’ব লাগে নহয়।
মন-বচন-কৰ্ম বাণীৰ ক্ষেত্ৰতো বহুত সাৱধান হ’ব লাগে। প্ৰতিটো কৰ্মেন্দ্ৰিয়ৰ ওপৰত
বহুত সাৱধান হ’ব লাগে। মায়া বহুত প্ৰবঞ্চনা কৰোঁতা হয়। মায়াৰ পৰা বহুত সাৱধান হৈ
থাকিব লাগে, লক্ষ্য বহুত উচ্চ। আধাকল্পৰ পৰা আসুৰিক দৃষ্টি হৈছে। তাক এটা জন্মতে
সভ্য কৰি তুলিব লাগে যেনেকুৱা এই লক্ষ্মী-নাৰায়ণৰ। সৰ্বগুণ সম্পন্ন হয় নহয়। তাত
আসুৰিক দৃষ্টি নাথাকে। ৰাৱণেই নাই। এয়া কোনো নতুন কথা নহয়। তোমালোকে অনেক বাৰ এই পদ
পাইছা। জগতৰ লোকেতো একেবাৰেই নাজানে যে এওঁলোকে কি পঢ়ে। পিতা তোমালোকৰ সকলো আশা
পূৰ্ণ কৰিবলৈ আহে। অশুভ আশা হৈছে ৰাৱণৰ। তোমালোকৰ হ’ল শুভ আশা। কোনোধৰণৰ আসুৰিক আশা
থাকিব নালাগে। সন্তানসকলে সুখৰ ঢৌত ঢৌ খেলি থাকিব লাগে। তোমালোকৰ অপাৰ সুখৰ বৰ্ণনা
কৰিব নোৱাৰে, দুখৰ বৰ্ণনা কৰা হয়, সুখৰ বৰ্ণনা কৰা হয় জানো। তোমালোক সকলো
সন্তানসকলৰ এটাই আশা যে আমি পাৱন হওঁ। কেনেকৈ পাৱন হ’ম? সেইটো তোমালোকে জানা যে
পাৱন কৰি তোলোঁতাজন একমাত্ৰ পিতাহে, তেওঁৰ স্মৃতিৰেই পৱন হ’ম। নতুন সৃষ্টিত প্ৰথম
নম্বৰৰ পাৱন এই দেৱী-দেৱতাসকলেই আছিল। পাৱন হোৱাত চোৱা কিমান শক্তি আছে। তোমালোক
পাৱন হৈ পাৱন সৃষ্টিৰ ৰাজ্য পোৱা সেইকাৰণে কোৱা হয় এই দেৱী-দেৱতা ধৰ্মত বহুত শক্তি
আছে। এই শক্তি ক’ৰ পৰা পোৱা যায়? সৰ্বশক্তিমান পিতাৰ পৰা। ঘৰত তোমালোকে মুখ্য
দুই-চাৰিখন চিত্ৰ ৰাখি বহুত সেৱা কৰিব পাৰা। সেই সময়ো আহিব, এনেকৈ সান্ধ্য-আইন জাৰি
কৰিব যে তোমালোক ক’লৈকো ওলাব নোৱাৰিবা।
তোমালোক ব্ৰাহ্মণ হৈছা
সঁচা ‘গীতা’ শুনাওঁতা। জ্ঞানতো অতি সহজ, যাৰ ঘৰৰ সকলো আহে, শান্তিৰ বাতাৱৰণ বিৰাজ
কৰে, তেওঁলোকৰ কাৰণেতো বহুত সহজ। দুই-চাৰিখন মুখ্য চিত্ৰ ঘৰত ৰাখা। এই ত্ৰিমূৰ্ত্তি,
সৃষ্টিচক্ৰ, কল্পবৃক্ষ আৰু ছিৰিৰ চিত্ৰই যথেষ্ট। তাৰ লগতে ‘গীতা’ৰ ভগৱান যে
শ্ৰীকৃষ্ণ নহয়, সেইখন চিত্ৰও ভাল। কিমান সহজ, ইয়াত কোনো পইচা খৰচো নহয়। চিত্ৰতো
লগোৱা আছে। চিত্ৰ দেখিলেই জ্ঞান স্মৃতিত আহি থাকিব। কোঠালী হ’লেই হ’ল, লাগিলে
তোমালোক তাতে শোৱা। যদি শ্ৰীমতত চলি থাকা তেনেহ’লে তোমালোকে বহুতৰে কল্যাণ কৰিব পাৰা।
কল্যাণ হয়তো কৰিও আছা তথাপিতো পিতাই সোঁৱৰাই দিয়ে - এনেকৈ এনেকৈ কৰিব পাৰা।
ঠাকুৰজীৰ মূৰ্ত্তি ৰাখে নহয়। ইয়াততো আকৌ হৈছে বুজোৱাৰ কথা। জন্ম-জন্মান্তৰ তোমালোকে
ভক্তিমাৰ্গত মন্দিৰে মন্দিৰে দিগভ্ৰান্ত হৈ ঘূৰি ফুৰিছা কিন্তু এইটো গম নোপোৱা যে
এওঁ কোন? মন্দিৰত দেৱীসকলৰ পূজা কৰে, তেওঁলোককে আকৌ গৈ পানীত ডুবাই দিয়ে। কিমান
অজ্ঞান। পূজা কৰিলে, পূজা কৰি আকৌ সাগৰত গৈ পেলাই দিয়ে, গণেশক, মাক, সৰস্বতীকো
ডুবাই দিয়ে। পিতাই বহি সন্তানসকলক কল্পই কল্পই এই কথাবোৰ বুজাই থাকে। উপলব্ধি কৰায়
- তোমালোকে এয়া কি কৰি আছা! সন্তানসকলৰতো ঘৃণা উপজিব লাগে যিহেতু পিতাই ইমান বুজাই
থাকে - মৰমৰ সন্তানসকল, তোমালোকে এয়া কি কৰা! ইয়াক কোৱাই হয় বিষয় বৈতৰণী নদী।
এনেকুৱা নহয় যে তাত কোনো ক্ষীৰৰ সাগৰ থাকিব কিন্তু সকলো বস্তু তাত উভৈনদী হৈ থাকে।
কোনো বস্তুৰ কাৰণে পইচা নালাগে। পইচাতো তাত নাথাকেই। সোণৰ মূদ্ৰাহে দেখিবলৈ পোৱা
যায়। যিহেতু ঘৰত সোণ লগোৱা হয়, সোণৰ ইটা লগোৱা হয় গতিকে এইটো সিদ্ধ হয় যে তাত
সোণ-ৰূপৰ মূল্যই নাই। ইয়াত চোৱা কিমান মূল্য। তোমালোকে জানা প্ৰতিটো কথাই আচৰিত।
মনুষ্যতো মনুষ্যই হয়, এই দেৱী-দেৱতাসকলো মনুষ্য কিন্তু এওঁলোকৰ নাম দেৱতা। এওঁলোকৰ
আগত মনুষ্যই নিজৰ মলিনতাৰ বৰ্ণনা কৰে - মই পাপী নীচ, মোৰ কোনো গুণ নাই। তোমালোক
সন্তানসকলৰ বুদ্ধিত লক্ষ্য–উদেশ্য আছে, আমি এনেকুৱা মনুষ্যৰ পৰা দেৱতা হওঁ।
দেৱতাসকলৰ দৈৱীগুণ আছে। এইটো বুজি পায়, মন্দিৰলৈ যায় কিন্তু এইটো নুবুজে যে এওঁলোকো
মনুষ্যই। আমিও মনুষ্য কিন্তু এওঁলোক দৈৱীগুণধাৰী, আমি আসুৰি গুণধাৰী। এতিয়া
তোমালোকৰ বুদ্ধিত উদয় হয় যে আমি কিমান নালায়ক আছিলোঁ। তেওঁলোকৰ আগত গৈ গাইছিলোঁ -
আপুনি সৰ্বগুণ সম্পন্ন……. এতিয়া পিতাই বুজায় - এওঁলোকতো অতীতত হৈ গৈছে। এওঁলোকৰ
দৈৱীগুণ আছিল, অপাৰ সুখ আছিল। তেওঁলোকেই আকৌ অপাৰ দুখী হৈছে। এই সময়ত সকলোৰে ভিতৰত
5 বিকাৰে প্ৰৱেশ কৰিছে। এতিয়া তোমালোকে বিচাৰ কৰা, কেনেকৈ আমি ওপৰৰ পৰা অৱনমিত হৈ
হৈ একেবাৰে তলত পৰিলোহি। ভাৰতবাসী কিমান চহকী আছিল। এতিয়া চোৱা ধাৰ লৈ থাকে। এই সকলো
কথা পিতাইহে বহি বুজায় আন কোনেও শুনাব নোৱাৰে। ঋষি-মুণিসকলেও ‘নেতি নেতি’ বুলি
কৈছিল অৰ্থাৎ আমি নাজানো। এতিয়া তোমালোকে বুজি পোৱা তেওঁলোকেতো সঁচা কথাই কৈছিল।
পিতাকো নাজানে, ৰচনাৰ আদি-মধ্য-অন্তৰ কথাও নাজানে। তোমালোক সন্তানসকলৰ বাহিৰে
এতিয়াও কোনেও নাজানে, ডাঙৰ ডাঙৰ সন্ন্যাসী মহাত্মা কোনেও নাজানে। বাস্তৱত মহান
আত্মাতো এই লক্ষ্মী-নাৰায়ণ নহয় জানো। সৰ্বদা পৱিত্ৰ। এওঁলোকেই নাজানিছিল তেন্তে আন
কোনোবাই কেনেকৈ জানিব, কিমান সহজ কথা পিতাই বুজায় কিন্তু বহুত সন্তানে পাহৰি যায়।
কোনোবাই ভালকৈ গুণ ধাৰণ কৰিলে তেতিয়া ভাল লাগে। সন্তানসকলৰ ভিতৰত যিমানে ভাল গুণ
দেখা পায় তেতিয়া অন্তৰ আনন্দিত হয়। কোনোৱেতো নাম বদনাম কৰি দিয়ে। ইয়াততো আকৌ পিতা
শিক্ষক, সৎগুৰু হয় - তিনিওৰে নিন্দা কৰায়। সৎ পিতা, সৎ শিক্ষক আৰু সৎ গুৰুৰ নিন্দা
কৰোঁতাজনৰ আকৌ তিনিগুণ শাস্তি হৈ যায়। কিন্তু বহুত সন্তানৰ অলপো বোধশক্তি নাই।
পিতাই বুজায় যে এনেকুৱাও নিশ্চয় হ’ব। মায়াও কোনো কম নহয়। আধাকল্প পাপ আত্মা কৰি দিয়ে।
পিতাই আকৌ আধাকল্পৰ কাৰণে পুণ্য আত্মা কৰি তোলে। সেয়াও ক্ৰমানুসৰি হয়। গঢ়ি তোলোঁতাও
দুজন - ৰাম আৰু ৰাৱণ। ৰামক পৰমাত্মা বুলি কয়। ‘ৰাম ৰাম’ বুলি কৈ পাছত শিৱক নমস্কাৰ
জনায়। তেৱেঁই পৰমাত্মা। পৰমাত্মাৰ নাম গণনা কৰে। তোমালোকৰতো গণনা কৰাৰ দৰকাৰ নাই।
এই লক্ষ্মী-নাৰায়ণ পৱিত্ৰ আছিল নহয়। এওঁলোকৰ ৰাজ্য আছিল, যি অতীত হৈ গ’ল। তাক
স্বৰ্গ নতুন সৃষ্টি বুলি কোৱা হয়। আকৌ যেনেকৈ ঘৰ পুৰণি হ’লে ভাঙি পেলাবলগীয়া হৈ যায়।
এই সৃষ্টিখনো তেনেকুৱাই। এতিয়া কলিযুগৰ অন্তিম সময়। বুজিবলৈ কিমান সহজ কথা। ধাৰণ
কৰিব লাগে আৰু কৰাব লাগে। পিতাইতো সকলোকে বুজাবলৈ নাযাব। তোমালোক সন্তানসকল ঈশ্বৰীয়
সেৱাত আছা। পিতাই যি সেৱা শিকায়, সেই সেৱাই কৰিব লাগে। তোমালোকৰ কেৱল ঈশ্বৰীয় সেৱা।
তোমালোকৰ নাম উচ্চ কৰিবলৈ পিতাই কলহ তোমালোক মাতাসকলক দিছে। এনেকুৱা নহয় যে পুৰুষে
নাপায়। সকলোৱে পায়। এতিয়া তোমালোক সন্তানসকলে জানা আমি কিমান সুখী স্বৰ্গবাসী আছিলোঁ।
তাত কোনো দুখ নাছিল। এতিয়া হ’ল সংগমযুগ আকৌ আমি সেই নতুন সৃষ্টিৰ মালিক হৈ আছোঁ।
এতিয়া হ’ল কলিযুগ পুৰণি পতিত সৃষ্টি। মনুষ্যৰ বুদ্ধি একেবাৰে মহৰ দৰে (যিয়ে যি কয়
তাকে সত্য বুলি মানে)। এতিয়াতো এই সকলো কথা পাহৰিবলগীয়া হয়। দেহৰ সৈতে দেহৰ সকলো
সম্বন্ধ পাহৰি নিজক আত্মা বুলি বুজিব লাগে। শৰীৰত আত্মা নাথাকিলে শৰীৰে একো কৰিব
নোৱাৰে। সেই শৰীৰৰ প্ৰতি কিমান মোহ ৰাখে, শৰীৰ জ্বলি গ’ল, আত্মা গৈ বেলেগ শৰীৰ ধাৰণ
কৰিলে তথাপি 12 মাহলৈকে হায়! হায়! কৰি কন্দিয়েই থাকে। এতিয়া তোমালোক আত্মাই শৰীৰ
এৰিলে নিশ্চয় উচ্চ ঘৰত ক্ৰমানুসাৰে জন্ম ল’বাগৈ। অলপ জ্ঞান লোৱা জনে সাধাৰণ কুলত
জন্ম ল’ব, জ্ঞানত উচ্চ জনে উচ্চ কুলত জন্ম ল’ব। তাত সুখো বহুত হ’ব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি শুনায় সেয়া আওকাণ কৰিব নালাগে। গুণৱান হৈ সকলোকে সুখ দিব লাগে।
পুৰুষাৰ্থ কৰি সকলোৰে দুখ দূৰ কৰিব লাগে।
(2) বিকাৰৰ বশৱৰ্তী
হৈ কোনো বিকৰ্ম কৰিব নালাগে। সহনশীল হ’ব লাগে। কোনো ধৰণৰ আসুৰিক (অশুদ্ধ-বিকাৰী) আশা
ৰাখিব নালাগে।
বৰদান:
শান্তিৰ
শক্তিৰে অসম্ভৱক সম্ভৱ কৰোঁতা সহজযোগী হোৱা
শান্তিৰ শক্তি
সৰ্বশ্ৰেষ্ঠ শক্তি। শান্তিৰ শক্তিৰেহে অন্য সকলো শক্তিৰ আবিৰ্ভাৱ হয়। বিজ্ঞানৰ
শক্তিৰো যি প্ৰভাৱ আছে সেই বিজ্ঞানো শান্তিৰ পৰাই ওলাইছে। সেয়েহে শান্তিৰ শক্তিৰে
যি বিচৰা সেয়া কৰিব পাৰা। অসম্ভৱকো সম্ভৱ কৰিব পাৰা। যিটোক জগতৰ লোকে অসম্ভৱ বুলি
কয় সেয়া তোমালোকৰ বাবে সম্ভৱ আৰু সম্ভৱ হোৱাৰ কাৰণে সহজ হয়। শান্তিৰ শক্তি ধাৰণ কৰি
সহজযোগী হোৱা।
স্লোগান:
বাণী দ্বাৰা সকলোকে সুখ আৰু শান্তি দিয়া তেতিয়া গায়ন যোগ্য হৈ যাবা।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পৰিকল্পনা আৰু তাৰ
বাস্তৱ ৰূপায়ণক সমান কৰিবৰ বাবে স্মৃতিত সৰলতা, বাণীতো সৰলতা আৰু কৰ্মতো সৰলতা অৰ্থাৎ
শ্ৰেষ্ঠতা থাকক। ক’তো কোনো পুৰণা সংস্কাৰৰ দাগ যাতে নাথাকে। যেতিয়া এনেকুৱা সৰল হৈ
যাবা তেতিয়া পৰিকল্পনা আৰু তাৰ বাস্তৱ ৰূপায়ণ একে হৈ যাব। তেতিয়া সফলতা এৰোপ্লেনৰ
দৰে উৰিব।