18.10.26 Avyakt Bapdada
Assame
Murli
02.02.2012 Om Shanti Madhuban
“*“এতিয়া স্মৃতি
স্বৰূপ অনুভৱৰ কৰ্তৃত্বশীল হোৱা, জ্বালামুখী যোগৰ দ্বাৰা সকলোকে লাইট-মাইটৰ কিৰণৰ
সহযোগ দিয়া”*”
আজি বাপদাদাই নিজৰ
সন্মুখত থকা তথা চাৰিওফালৰ নিজৰ সৰু সংসাৰখনক দেখি হৰ্ষিত হৈ আছে, কাৰণ এই সংসাৰখন
সৰু যদিও অতি মৰমৰ, কাৰণ এই সংসাৰৰ এটি এটি আত্মা শ্ৰেষ্ঠ। কোটিৰ মাজৰ কিছুসংখ্যক
আত্মা। পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী আত্মা। বাপদাদাই প্ৰত্যেক সন্তানকে দেখি
প্ৰফুল্লিত হয় যে এই এটি এটি সন্তান ৰজা সন্তান। বাপদাদাই প্ৰত্যেক সন্তানকে
স্বৰাজ্য অধিকাৰী আৰু বিশ্ব ৰাজ্য অধিকাৰী কৰি তুলিছে। এই সময়ত সকলো স্বৰাজ্য
অধিকাৰী অৰ্থাৎ মন-বুদ্ধি, সংস্কাৰ, কৰ্মেন্দ্ৰিয়ৰ ৰজা। কৰ্মেন্দ্ৰিয়ৰ বশ নহয়।
মনৰো মালিক। তেন্তে এনেকৈয়ে তোমালোক প্ৰত্যেক সন্তানেই নিজক মনৰ মালিক, সংস্কাৰৰো
মালিক বুলি ভাবানে? এনেকুৱাতো নহয় যে কেতিয়াবা তোমালোক মনৰ মালিক হোৱা আৰু
কেতিয়াবা মন তোমালোকৰ মালিক হয়! কিয়নো এনেকৈ কোৱাই যে মোৰ মন, মই মন বুলি নোকোৱা।
গতিকে মোৰ বুলি যি কোৱা তাৰ তোমালোক মালিক। পৰীক্ষা কৰা কেতিয়াবা মনতো মালিক হৈ
নাযায়? কাৰণ এই সময়ত বাপদাদাই প্ৰত্যেককে স্বৰাজ্য অধিকাৰীৰ আসনত বহুৱাইছে। বৰ্তমান
স্বৰাজ্যধাৰী হোৱা আৰু ভৱিষ্যতৰ ৰাজ্যতো তোমালোকৰ আছেই। ডবল ৰাজ্য অধিকাৰী হোৱা।
বাপদাদাই দেখিবলৈ পায় যে প্ৰত্যেক সন্তান স্বৰাজ্য অধিকাৰীৰ লগতে স্বমানধাৰীও হয়।
গতিকে মই স্বমানধাৰী আত্মা, এইটো স্মৃতিত বহা আৰু চোৱা কিমান স্বমানৰ তালিকা
তোমালোকৰ সন্মুখত আহে। অনেক স্বমানৰ মালা সন্মুখত আহি যায় নহয়!
বাপদাদাই সন্তানসকলৰ স্বমানৰ মালা প্ৰত্যেক সন্তানকে পিন্ধাইছে। স্বমানৰ কথা
শুনিলেই তোমালোকৰ সন্মুখতো নিজৰ স্বমান স্মৃতিত আহি গ’ল! স্মৃতিলৈ আনা, অনাদি
স্বৰূপত তোমালোকৰ স্বমান কিমান শ্ৰেষ্ঠ! গুচি গ’লানে অনাদি স্বৰূপলৈ? প্ৰত্যেকৰে
স্বমান হ’ল— একতো পিতাৰ লগত চিকমিকাই থকা আত্মা, পিতাৰ সংগৰ কাৰণে বিশেষভাৱে চিক্মিকাই
থকা দেখা গৈছে। দেখি আছানে? যেনেকৈ আকাশতো ইয়াত কোনো কোনো তৰা বিশেষভাৱে চিক্মিকায়,
তেনেকৈ পিতাৰ সংগ থকাৰ কাৰণে চিক্মিকাই থকা আত্মা হোৱা। স্মৃতিলৈ আহিলনে নিজৰ অনাদি
স্বৰূপ? এক ছেকেণ্ডত নিজৰ অনাদি স্বৰূপত স্থিৰ হ’ব পাৰানে? এতিয়া এক ছেকেণ্ডত সেই
অনাদি স্বৰূপত এক ছেকেণ্ডৰ বাবে স্থিৰ হৈ যোৱা। কিমান নিচা চৰে! আগুৱাই যোৱা, এই
সৃষ্টি চক্ৰৰ আদিত আহি গ’লা! এইটো ড্ৰিল কৰা, সত্যযুগৰ আদিত নিজৰ স্বৰূপ চোৱা,
কিমান শ্ৰেষ্ঠ সুখ স্বৰূপ। কিমান সৰ্ব প্ৰাপ্তি স্বৰূপ। দুখৰ নাম-চিহ্ন নাই। প্ৰকৃতি
কিমান সুন্দৰ সতোগুণী। নিজৰ দেৱতা স্বৰূপৰ অনুভৱ কৰা। দেখি আছানে নিজৰ স্বৰূপ?
কোনোবা ৰজাই হওক, মহাত্মাই হওক, নেতাই হওক— এনে সৰ্ব প্ৰাপ্তি স্বৰূপ কাৰোবাৰ
দেখিছানে! তেন্তে এক ছেকেণ্ডৰ বাবে নিজৰ দেৱতা স্বৰূপত স্থিৰ হৈ যোৱা। নিজৰ স্বমানত
আনন্দ লাগে নহয়! আমিয়েই সেই দেৱতা... বাপদাদাই এইটো ড্ৰিল কৰাই আছে। আকৌ তললৈ আহা,
কোনটো যুগ আহিল? দ্বাপৰতো তোমালোকৰ স্বমান পূজ্যৰ। পূজ্য স্বৰূপ। নিজৰ পূজ্য স্বৰূপ
দেখি আছানে? সকলোৱে কিমান ভাৱনাৰে বিধিপূৰ্বক পূজা কৰে। এনে বিধিপূৰ্বক পূজা অন্য
কাৰো নহয়। ধৰ্মপিতাসকলো আহিল, গুৰুও হ’ল, নেতা হ’ল, অভিনেতা হ’ল— কিন্তু এনেকৈ
বিধিপূৰ্বক পূজা কাৰো নহয়। গতিকে নিজৰ স্বমান দেখিলা, অনুভৱ কৰিলানে? এতিয়া সংগমত
আহা, সকলোৱে পৰিক্ৰমা লগাই আছানে? পিছফালে থকাসকলে পৰিক্ৰমা লগাই আছানে? হাত দাঙা।
নিজৰ স্বমান চোৱা, কিয়নো স্বৰাজ্য অধিকাৰী হোৱা নহয়! গতিকে সংগমত স্বয়ং ভগৱান,
তোমালোকৰ জীৱনত স্বয়ং মালিক তোমালোক সন্তানসকলৰ মাজত পৱিত্ৰতাৰ বৈশিষ্ট্য ধাৰণ
কৰায়। যি পৱিত্ৰতা তোমালোকৰ সমস্ত অবিনাশী সুখৰ খনি। আৰু গঢ়ি তোলোঁতাজন কোন? স্বয়ং
ভগৱান। সেয়াতো এতিয়াও প্ৰত্যক্ষ প্ৰমাণ তোমালোকৰ পৱিত্ৰতাৰ সম্পত্তি পিতাৰ পৰা
প্ৰাপ্ত হৈ গৈছে। এতিয়া পৰীক্ষা কৰা— পৱিত্ৰতা সৰ্ব প্ৰাপ্তিৰ আধাৰ, পৱিত্ৰতাৰে
তোমালোক সকলো মাষ্টৰ সৰ্বশক্তিমান হৈ গ’লা। গতিকে পৰীক্ষা কৰা, সৰ্ব শক্তি প্ৰাপ্ত
হৈছেনে? কোনো কোনো সন্তানে কয় পিতাইতো সৰ্ব শক্তি দিলে কিন্তু কোনো কোনো সময়ত যিটো
শক্তিৰ আৱশ্যক হয় সেয়া অলপ সময়ৰ পাছত আহে। কথা পাৰ হৈ যায়, তাৰ পাছত আহে। ইয়াৰ
কাৰণ কি? বৰদানত পিতাই দিলে তথাপিও সময়মত নাহে, তাৰ কাৰণ কি? নিজৰ মাষ্টৰ
সৰ্বশক্তিমানৰ স্মৃতিৰ আসনত নাথাকা, যেতিয়া কাৰোবাৰ আদেশ মানে তেন্তে আসনত থকাজনৰ
আদেশহে মানে। গতিকে যেতিয়াই তোমালোকে কোনো শক্তিৰ আদেশ দিয়া, প্ৰথমে এইটো চোৱা যে
স্মৃতিৰ আসনত আছানে? স্বমানৰ আসনত আছানে? স্মৃতিৰ আসনত স্থিৰ হৈ যোৱা তেতিয়া সৰ্ব
শক্তি তোমালোকৰ ওচৰলৈ সময়ত আহিবলৈ বাধ্য কাৰণ সৰ্বশক্তিমান পিতাই তোমালোকক মাষ্টৰ
সৰ্বশক্তিমান কৰি তুলিছে। তেন্তে ইমান শক্তিশালী স্বমানধাৰী হৈ চলি আছা নহয়? নিজৰ
স্বমান দেখিলানে? সংগমৰ পাছত ক’লৈ যাবা? ওভতনি যাত্ৰা কৰিবা নহয়! সেয়েহে বাপদাদাই
এইটোৱে বিচাৰে যে প্ৰত্যেকেই গোটেই দিনটোত এইটো ব্যয়াম কৰি থাকা। সময় উলিওৱা, বাৰে
বাৰে এই স্বমানৰ মালা পিন্ধিলে, অনুভৱ কৰিলে বাপদাদাই যি স্বৰাজ্য অধিকাৰী কৰি
তুলিছে, সেয়া হ’বই নোৱাৰে যে স্বমান তোমালোকৰ আদেশত নচলিব। কেৱল আসনত স্থিৰ হৈ থাকা।
বাপদাদাই দেখিলে সকলোৱে মনোযোগ দিয়ে কিন্তু নিয়মীয়াকৈ নিজৰ দিনচৰ্যা স্থিৰ কৰা। মাজে
মাজে এই নিজৰ স্বমানৰ স্মৃতি স্বৰূপত স্থিৰ হৈ থাকা। যেনেকৈ ট্ৰেফিক কণ্ট্ৰোল কৰা,
তেনেকৈ এই স্বমানৰ স্মৃতি আদিকালৰ পৰা ওভতনি যাত্ৰালৈকে, মাজে মাজে সময় নিৰ্ধাৰিত
কৰা। এইটো চলোঁতে-ফুৰোঁতেও কৰিব পাৰা কাৰণ মনক আসনত বহুৱাব লাগে। বাপদাদাই দেখিলে,
আগতেও কৈছে যোগ সকলোৱে লগোৱা কিন্তু এতিয়া কিহৰ আৱশ্যক? সময়ৰ অৱস্থা চাই আগতেও
শুনাইছোঁ, এতিয়া জ্বালামুখী যোগৰ আৱশ্যক, যাৰ দ্বাৰা ডবল কাম হ’ব। এটাতো নিজৰ পুৰণা
সংস্কাৰৰ সংস্কাৰ (দাহ) হ’ব, এতিয়া সংস্কাৰক মাৰা কিন্তু জ্বলাই নিদিয়া। মৰাৰ পাছতো
কেতিয়াবা কেতিয়াবা সেয়া জাগি উঠে। যেনেকৈ ৰাৱণক কেৱল মৰা নাই, জ্বলাই দিলে। তেনেকৈ
তোমালোকেও নিজৰ পুৰণা সংস্কাৰ যিয়ে মাজে মাজে তীব্র পুৰুষাৰ্থৰ গতি কমাই দিয়ে, তাৰ
বাবে জ্বালামুখী যোগৰ আৱশ্যক। এটা নিজৰ বাবে আৰু দ্বিতীয়তে লাইট ৰূপ হোৱাৰ কাৰণে,
মাইট ৰূপ হোৱাৰ কাৰণে জ্বালামুখী যোগৰ দ্বাৰা আনকো নিজৰ কিৰণৰ দ্বাৰা সহযোগ দিব পাৰা।
গতিকে এতিয়া সকলোৱে যোগক জ্বালামুখী যোগলৈ পৰিৱৰ্তন কৰিলানে? সময় অনুসৰি এতিয়া
আত্মাসকলক তোমালোকৰ সহযোগৰ আৱশ্যক। বাকী বাপদাদাইতো অমৃতবেলা প্ৰত্যেক সন্তানকে
স্নেহ দিয়ে।
বাপদাদাই দেখিবলৈ পায় যে লক্ষ্য বহুত ভাল ৰাখে, সাহসো কৰে কিন্তু গোটেই দিনটো সেই
একেই মনোযোগত থাকিব, যেনেকৈ অমৃতবেলা থাকে, সেয়া কমি যায়। কাৰণ কি? এয়া যি কৰ্মত
লাগি যোৱা, কৰ্মযোগী হৈ কৰ্ম কৰা, এই ক্ষেত্ৰত পাৰ্থক্য আহি যায়। তোমালোক কেৱল যোগ
লগাওঁতা নোহোৱা, যোগী জীৱনধাৰী। গতিকে জীৱন সদায় থাকে, কেতিয়াবা কেতিয়াবা নহয়।
তেন্তে বাপদাদাই এতিয়া কি বিচাৰে? প্ৰেমততো সৰহসংখ্যকেই উত্তীৰ্ণ, প্ৰেমৰ বিষয়টিত
পিতাই দেখিলে সৰহসংখ্যকেই পিতাৰ লগত 'মোৰ বাবা', 'মোৰ বাবা' বুলি প্ৰেমৰ অনুভৱ কৰে।
প্ৰেমততো সৰহসংখ্যকেই উত্তীৰ্ণ, এতিয়া কিহত উত্তীৰ্ণ হ’ব লাগে? পিতাৰ সমান হোৱাত।
সকলোৱে কি বিচাৰে? পিতাৰ সমান হ’ব লাগে নে পিতা পিতা হৈ থাকিব তোমালোক সন্তান,
তেন্তে পিতাৰ সমানতো হ’বই লাগিব। প্ৰেম মানে কি? যাৰ প্ৰতি প্ৰেম থাকে তেওঁ যি কয়
সেয়া কৰিবই লাগে। গতিকে সকলো পিতাৰ মৰমৰ, পিতাৰ মৰম তোমালোকৰ প্ৰতি আছেনে? ইয়াত হাত
দাঙা। মৰম আছে, বাৰু, মৰম আছেনে? তেন্তে এতিয়া বাপদাদাই এইটোৱে বিচাৰে যে যেনেকৈ
মৰম আছে, তেনেকৈ এইটো লক্ষ্য ৰাখা যে আমি পিতাৰ সমান হ’বই লাগিব, ইয়াত হাত দাঙা।
তেন্তে নিশ্চয়তা আছে, হাততো বহুত ভালকৈ দাঙা। বাপদাদাই চাই আছে।
বাপদাদাই বিচাৰে এটি এটি সন্তান চেহেৰা চাল-চলনৰ দ্বাৰা এনেকুৱা আনন্দময়,
সৌভাগ্যশালী দৃষ্টিগোচৰ হওক কিয়নো সময় অনুসৰি এতিয়া তোমালোকৰ চেহেৰাই বহুত সেৱা
কৰিব। আৱশ্যক হ’ব। ইয়াৰ বাবে বাপদাদাই বিচাৰে যে এতিয়াৰ পৰাই লক্ষ্য ৰাখা— যেনেকৈ
এতিয়া এই 75 বছৰৰ কাৰণে সকলোৰে সেৱা কৰাৰ উদ্দীপনা আছে, তেনেকৈ চেহেৰাৰে সেৱা কৰাৰ
উদ্দীপনা থাকক, কাৰণ দিনে প্ৰতিদিনে সময় স্পৰ্শকাতৰ হ’বই। গতিকে এনে সময়ত তোমালোকৰ
চেহেৰাই যাতে আত্মাসকলক প্ৰফুল্লিত কৰি তোলে।
বাপদাদাই আজি অমৃতবেলা পৰিক্ৰমা লগালে, তেন্তে কি দেখিলোঁ? সকলোৱে নিজৰ ৰুচিৰে বহা
কিন্তু আটাইতকৈ ডাঙৰ কৰ্তৃত্ব হ’ল অনুভৱৰ। গতিকে দেখিলো যে বহা, কিন্তু অনুভৱৰ
কৰ্তৃত্বশীল হৈ বহা, স্মৃতিত বহা কিন্তু স্মৃতি স্বৰূপ অনুভৱ হওক। অনুভৱৰ কৰ্তৃত্বৰ
আনন্দ সেয়া অলপ সময়ৰ বাবে হয়। ভাবে মই বাপদাদাৰ অন্তৰাসনৰ অধিকাৰী, কিন্তু স্বৰূপৰ
স্মৃতি স্বৰূপ অনুভৱী মূৰ্ত, অনুভৱত লীন হৈ যোৱা— সেয়া এতিয়া আৰু আগুৱাই নিব লাগিব,
কাৰণ অনুভৱৰ কৰ্তৃত্ব আটাইতকৈ শ্ৰেষ্ঠ। স্মৃতি স্বৰূপ হৈ থকা ইয়াক কোৱা হয় অনুভৱ।
গতিকে অনুভৱত লীন হৈ যোৱা, যি স্বৰূপৰ স্মৃতি ৰাখা, সেই স্বৰূপৰ অনুভূতিত থকা— ইয়াৰ
আৰু আৱশ্যকতা আছে, কাৰণ অনুভৱ কেতিয়াও পাহৰি নাযায়। কাৰোবাক তোমালোকে কাৰোবাৰ
অনুভৱৰ দ্বাৰা শুনোৱাৰ চেষ্টা কৰিলে অনুভৱৰ প্ৰভাৱ পৰে। গতিকে নিজে যি স্বৰূপ
স্মৃতিত ৰাখা, সেই স্বৰূপৰ অনুভূতিত লীন হৈ যোৱা, অনুভৱে নিজৰ পুৰুষাৰ্থতো বহুত
সহায় কৰে। গতিকে বাপদাদাই দেখিলে অনুভৱৰ কৰ্তৃত্বত ক্ৰমানুসাৰে আছে। গতিকে এতিয়া এই
অনুভৱৰ কৰ্তৃত্বৰ অভ্যাসৰ ওপৰত আৰু মনোযোগ দিয়া। অনুভৱ স্বৰূপৰ স্থিতি সদায় সমাহিত
থাকিলে তেওঁৰ ৰূপ, চাল-চলনে সেৱা কৰে।
গতিকে আজি বাপদাদাই সন্তানসকলৰ ৰেকৰ্ড চাই আছিল। এটাতো জ্বালামুখী যোগৰ ওপৰত আৰু
মনোযোগ দিয়া, যাৰ দ্বাৰা স্বভাৱ-সংস্কাৰ পৰিৱৰ্তনত সহযোগ পাবা। সংস্কাৰ যাক
তোমালোকে স্বভাৱ বুলি কোৱা, সেয়া এতিয়াও নিজৰ কাম মাজে মাজে কৰি দিয়া। বাকী বাপদাদা
আনন্দিত হৈছে, কোনটো কথাত? জানা, কোনটো কথাত বাপদাদা আনন্দিত হৈছে? জানানে?
আজিকালিৰ মুৰুলীসমূহ শুনোতে বাপদাদাই দেখিলে নিজৰ দিনচৰ্যাত মনোযোগ বেছিকৈ গৈছে।
মনোযোগ বাঢ়িছে গতিকে সংস্কাৰৰ দুশ্চিন্তা কমি যাব। বাপদাদাই আগতেও কৈছে যেতিয়াই
দুশ্চিন্তা (Tension) আহে, এ (A) লগাই দিবা, যোগ কৰি দিবা এ (A)— এটেনচন
(Attention)। যাবতো সকলোৱে লাগিবই। এইটো দৃঢ় প্ৰতিশ্ৰুতিতো আছেই। একেলগে যাম, একেলগে
ৰাজ্য কৰিম। তেন্তে সকলো আনন্দিতনে নে কেতিয়াবা কেতিয়াবা আনন্দিত? যিসকলে ভাবা আমি
সদায় আনন্দিত, কেতিয়াবা কেতিয়াবা নহয়, সদায় আনন্দিত— চাবা ভাবি-চিন্তি হাত দাঙা।
বাৰু। হাতো ভাবি-চিন্তি দাঙি আছে। আনন্দ নিজা বস্তু। নিজা বস্তু কিয় যাব লাগে?
তেন্তে এতিয়া কি কৰিবা? আগুৱাই যাবতো লাগিবই। তেন্তে এতিয়া আগলৈ কি কৰিবা?
প্ৰতিটো সেৱাকেন্দ্ৰ নিৰ্বিঘ্ন, ব্যৰ্থ সংকল্প ৰহিত— হ’ব পাৰেনে? হ’ব পাৰেনে নে
ইয়াৰ বাবে সময় লাগে? এতিয়ালৈকে বাপদাদাৰ ওচৰত কোনো সেৱাকেন্দ্ৰই এইটো ৰিপ’ৰ্ট দিয়া
নাই যে আমাৰ সেৱাকেন্দ্ৰ সদায় নিৰ্বিঘ্ন, সংগীসকলো নিৰ্বিঘ্ন। কেৱল নিজে নহয়,
সংগীসকলো নিৰ্বিঘ্ন হওক। সেই সময়ো আহিব। হৈ যাব, কিয়নো হ’বতো সন্তানসকলেই লাগিব,
অন্য কোনোবা উদাহৰণ হিচাপে আহিব যিসকল পাছত তীব্র পুৰুষাৰ্থী হৈ আগলৈ যাব; কিন্তু
গৰিষ্ঠসংখ্যক তোমালোকেই আগলৈ যাব লাগে। বাপদাদাই দেখিলে মুৰুলীৰ প্ৰতি প্ৰেম
গৰিষ্ঠসংখ্যৰেই আছে, কিন্তু যেনেকৈ জগত অম্বাই প্ৰত্যক্ষ জীৱনত দেখুৱালে যে পিতাই
যি ক’লে সেয়া কৰিবই লাগে, লক্ষ্য ৰাখিলে আৰু পুৰুষাৰ্থৰ ফালে মনোযোগো দিলে।
তোমালোকৰ দিদী-দাদীসকল যিসকল আগতীয়া দললৈও গৈছে, তেওঁলোকেও মনোযোগ দিলে, এতিয়া
তোমালোকলৈ অপেক্ষা কৰি আছে। তেওঁলোকে সোধে যে সমাপ্তিৰ দ্বাৰ কেতিয়া খুলিব?
এজন-দুজনেতো নোখোলে নহয়! গতিকে এতিয়া পুৰুষাৰ্থ কৰি দ্বাৰ খোলাৰ সময় সমীপত আনা।
সম্পন্ন হোৱা অৰ্থাৎ সমীপত আনা।
চাৰিওফালৰ সকলো সন্তানক বাপদাদাই অন্তৰৰ স্নেহ দি আছে। লগতে বাপদাদাই দুমাহৰ যি কাম
দিছে, তাৰো স্মৃতি সোঁৱৰাই দিছে, কিয়? বেছিভাগ ক্ষেত্ৰত এই ব্যৰ্থ সংকল্পই
পুৰুষাৰ্থ তীব্র কৰাৰ পৰিৱৰ্তে সাধাৰণ কৰি দিয়ে, সেয়েহে চাৰিওফালৰ সন্তানসকলক
বাপদাদাই স্নেহ সহিত স্মৰণ কৰাৰ লগতে এইটো স্মৃতিও সোঁৱৰাই আছে যে এতিয়া সংগমৰ সময়
কিমান শ্ৰেষ্ঠ সুন্দৰ, এই সংগমৰ সময়তেই সৰ্ব সম্পদ পিতাৰ দ্বাৰা প্ৰাপ্ত হয়, সঙ্গমৰ
এটি এটি ছেকেণ্ড মহান, সেয়েহে সংগমৰ সময়ৰ মূল্য সদায় নিজৰ বুদ্ধিত ৰাখিবা। সংগমৰ
এটা ছেকেণ্ডে কিমান প্ৰাপ্তি কৰায়। তোমালোকক যদি কোনোবাই সোধে যে আপোনালোকে কি পালে!
তেতিয়া কি উত্তৰ দিবা? আমাৰ ব্ৰাহ্মণৰ অন্তৰত অপ্ৰাপ্ত কোনো বস্তু নাই। যি পাবলগীয়া
আছিল সেয়া পাই গ’লোঁ। এতিয়া সেয়া কাৰ্যত লগাই তীব্র পুৰুষাৰ্থী হৈ সময় সমীপত আনা।
বাৰু। বাপদাদাই দেখিবলৈ পায় সকলোৰে উদ্দীপনা জাগে আৰু এই উদ্দীপনা সদায় আগুৱাই নি
থাকা। বাৰু।
বৰদান:
নিজৰ স্বৰূপৰ
দ্বাৰা ভক্তসকলক লাইটৰ মুকুটৰ সাক্ষাৎকাৰ কৰাওঁতা ইষ্ট দেৱ হোৱা
যেতিয়াৰ পৰা তোমালোক
বাবাৰ সন্তান হ’লা, পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰিলা, প্ৰতিদানত লাইটৰ মুকুট প্ৰাপ্ত হৈ
গ’ল। এই লাইটৰ মুকুটৰ আগত ৰত্ন খচিত মুকুট একোৱেই নহয়। যিমানে সংকল্প, বাণী আৰু
কৰ্মত পৱিত্ৰতা ধাৰণ কৰি যাবা, সিমানে এই লাইটৰ মুকুট স্পষ্ট হৈ যাব আৰু ইষ্ট দেৱৰ
ৰূপত ভক্তসকলৰ আগত প্ৰত্যক্ষ হৈ যাবা।
স্লোগান:
সদায় বাপদাদাৰ
ছত্ৰচ্ছায়াৰ ভিতৰত থাকা তেতিয়া বিঘ্ন বিনাশক হৈ যাবা।
অব্যক্ত সংকেত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
যেনেকৈ বাপদাদা সদায়
সন্তানসকলৰ লগত খোজে প্ৰতি সহযোগী আৰু অন্তলৈকে হৈ থাকিব। পিতাৰ কাৰো প্ৰতি ঘৃণা
নজন্মে। সদায় অপকাৰীৰো শুভ চিন্তক, তেনেকৈ পিতাক অনুসৰণ কৰা। প্ৰত্যেক আত্মাৰ প্ৰতি
সদায় শুভ ভাৱ আৰু ভাৱনা ৰাখা। এওঁ এনেকুৱা কিয় কৰিলে— এইটো ভবাৰ পৰিৱৰ্তে এই
আত্মাটিৰ কল্যাণ কেনেকৈ হ’ব— এইটো ভাবা, তেতিয়াহে শুভচিন্তক তথা বিশ্ব কল্যাণকাৰী
আত্মা বুলি কোৱা হ’ব।
বিশেষ সূচনা - মাহৰ
তৃতীয় দেওবাৰৰ যোগ অভ্যাস
আজি মাহৰ তৃতীয়
দেওবাৰ, সকলো ভাই-ভনী সংগঠিত ৰূপত একত্ৰিত হৈ সন্ধিয়া 6.30 ৰ পৰা 7.30 বজালৈকে নিজৰ
শান্ত স্বৰূপ স্থিতিত স্থিৰ হৈ, শান্তিৰ সাগৰৰ গভীৰতাত গৈ সেই পৰম সুখ বা শীতলতাৰ
গভীৰ অনুভূতি কৰক তথা সৰ্ব আত্মাক শান্তি দান দিয়াৰ সেৱা কৰক।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]