18.12.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সৰ্বশক্তিমান পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িলে শক্তি প্ৰাপ্ত হ'ব, স্মৃতিৰেহে
আত্মা ৰূপী বেটাৰী চাৰ্জ হয়, আত্মা পৱিত্ৰ সতোপ্ৰধান হৈ যায়"
প্ৰশ্ন:
সংগমযুগত
তোমালোক সন্তানসকলে কি পুৰুষাৰ্থ কৰা যাৰ প্ৰালব্ধত দেৱতা পদ প্ৰাপ্ত হয়?
উত্তৰ:
সংগমত আমি শীতল হোৱাৰ পুৰুষাৰ্থ কৰোঁ। শীতল অৰ্থাৎ পৱিত্ৰ হ'লে আমি দেৱতা হৈ যাওঁ।
যেতিয়ালৈকে শীতল নহয় তেতিয়ালৈকে দেৱতাও হ'ব নোৱাৰে। সংগমত শীতল দেৱী হৈ সকলোৰে ওপৰত
জ্ঞানৰ ঠাণ্ডা টোপাল ছটিয়াই সকলোকে শীতল কৰিব লাগে। সকলোৰে উত্তাপ নিৰ্বাপিত কৰিব
লাগে। নিজেও শীতল হ'ব লাগে আৰু সকলোকে শীতল কৰি তুলিব লাগে।
ওঁম্শান্তি।
সন্তানসকলে
পোন-প্ৰথমে এটাই কথা বুজিব লাগে যে আমি সকলো ভাই ভাই আৰু শিৱবাবা সকলোৰে পিতা।
তেওঁক সৰ্বশক্তিমান বুলি কোৱা হয়। তোমালোকৰ সৰ্বশক্তি আছিল। তোমালোকে গোটেই বিশ্বত
ৰাজ্য কৰিছিলা। ভাৰতত এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, তোমালোকেই পৱিত্ৰ দেৱী-দেৱতা
আছিলা। তোমালোকৰ কুল বা ৰাজবংশত সকলো নিৰ্বিকাৰী আছিল। নিৰ্বিকাৰী কোন আছিল?
আত্মাসকল। এতিয়া পুনৰ তোমালোক নিৰ্বিকাৰী হৈ আছা। সৰ্বশক্তিমান পিতাৰ স্মৃতিৰে শক্তি
লৈ আছা। পিতাই বুজাইছে আত্মাইহে 84ৰ ভূমিকা পালন কৰে। আত্মাতেই সতোপ্ৰধানতাৰ শক্তি
আছিল, সেয়া পুনৰ দিনে-প্ৰতিদিনে কম হৈ গৈ থাকে। সতোপ্ৰধানৰ পৰা তমোপ্ৰধানতো হ'বই
লাগে। যেনেকৈ বেটাৰীৰ শক্তি কম হৈ গ’লে তেতিয়া মটৰগাড়ী ৰৈ যায়। বেটাৰী শক্তিহীন হৈ
যায়। আত্মাৰ বেটাৰী সম্পূৰ্ণ শক্তিহীন নহয়, কিছু শক্তি থাকে। যেনেকৈ কোনোবা মৰিলে
তেতিয়া দীপক জ্বলায়, তাত ঘৃত ঢালিয়ে থাকে যাতে কেনেবাকৈ জ্যোতি নুমাই নাযায়। এতিয়া
তোমালোক সন্তানসকলে বুজি পোৱা যে তোমালোক আত্মাত সম্পূৰ্ণ শক্তি আছিল, এতিয়া নাই।
এতিয়া পুনৰ তোমালোকে সৰ্বশক্তিমান পিতাৰ সৈতে নিজৰ বুদ্ধিৰ যোগসূত্ৰ গঢ়া, শক্তি
আহৰণ কৰা কিয়নো শক্তি কম হৈ গ'ল। শক্তি একদম কম হৈ গ’লে তেতিয়া শৰীৰেই নাথাকিব।
আত্মাই পিতাক স্মৰণ কৰি কৰি একদম পৱিত্ৰ হৈ যায়। সত্যযুগত তোমালোকৰ বেটাৰী ফুল
চাৰ্জ হৈ থাকে। পুনৰ লাহে লাহে কলা অৰ্থাৎ বেটাৰী কম হৈ যায়। কলিযুগৰ অন্তিলৈকে
আত্মাৰ শক্তি একেবাৰে অলপহে থাকেগৈ। যেন শক্তিৰ দেউলীয়া হৈ যায়। পিতাক স্মৰণ কৰিলে
আত্মা পুনৰ ভৰপূৰ হৈ যায়। গতিকে এতিয়া পিতাই বুজায় এজনকেই স্মৰণ কৰিব লাগে।
উচ্চতকৈও উচ্চ হৈছে ভগৱান। বাকী সকলো হৈছে ৰচনা। ৰচনাই ৰচনাৰ পৰা হদৰ উত্তৰাধিকাৰ
প্ৰাপ্ত কৰে। ৰচয়িতাতো এজনেই বেহদৰ পিতা। বাকী সকলো হৈছে হদৰ (সীমিত)। বেহদৰ পিতাক
স্মৰণ কৰিলে বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। গতিকে সন্তানসকলে অন্তৰেৰে বুজিব লাগে যে
বাবাই আমাৰ কাৰণে স্বৰ্গ নতুন সৃষ্টি স্থাপনা কৰি আছে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি
স্বৰ্গ স্থাপনা হৈ আছে, য'ত তোমালোক সন্তানসকলেহে আহি ৰাজ্য কৰা। মইতো সৰ্বদা
পৱিত্ৰ। মই কেতিয়াও গৰ্ভৰ পৰা জন্ম নলওঁ, নতুবা দেৱী-দেৱতাসকলৰ দৰে জন্ম লওঁ। কেৱল
তোমালোক সন্তানসকলকহে স্বৰ্গৰ বাদশ্বাহী দিবৰ কাৰণে যেতিয়া এওঁৰ (ব্ৰহ্মা বাবা) 60
বছৰীয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া এওঁৰ শৰীৰত মই প্ৰৱেশ কৰোঁ। এৱেঁই পুনৰ এক নম্বৰ
তমোপ্ৰধানৰ পৰা এক নম্বৰ সতোপ্ৰধান হয়। উচ্চতকৈও উচ্চ হৈছে ভগৱান। তাৰপাছত হৈছে
ব্ৰহ্মা, বিষ্ণু, শংকৰ - সূক্ষ্মলোকবাসী। এওঁলোক ব্ৰহ্মা, বিষ্ণু, শংকৰ ক'ৰ পৰা
আহিল? এয়া কেৱল সাক্ষাৎকাৰ হয়। সূক্ষ্মলোক মাজৰ নহয় জানো য'ত স্থূল শৰীৰ নাথাকে।
সূক্ষ্ম শৰীৰ কেৱল দিব্য দৃষ্টিৰে দেখা পোৱা যায়। ব্ৰহ্মাতো হৈছে শুভ্ৰ বস্ত্ৰধাৰী।
তেওঁ বিষ্ণু হৈছে হীৰা-মুকুতাৰে সু-সজ্জিত। আকৌ শংকৰৰ ডিঙিত নাগ আদি দেখুৱায়।
এনেকুৱা শংকৰ আদি কোনো থাকিব নোৱাৰে। দেখুৱায় অমৰনাথত শংকৰে পাৰ্বতীক অমৰ কথা শুনালে।
এতিয়া আকৌ সূক্ষ্মলোকততো মনুষ্য সৃষ্টি নাই। তেন্তে কথা তাত কেনেকৈ শুনাব? বাকী
সূক্ষ্মলোকৰ কেৱল সাক্ষাৎকাৰ হয়। যি একদম পৱিত্ৰ হৈ যায় তেওঁৰ সাক্ষাৎকাৰ হয়।
তেৱেঁই পাছত সত্যযুগত গৈ স্বৰ্গৰ মালিক হয়। গতিকে বুদ্ধিত উদয় হ’ব লাগে যে এওঁলোকে
আকৌ এই ৰাজ্য-ভাগ্য কেনেকৈ পালে? যুদ্ধ আদিতো একো নহয়। দেৱতাসকলে হিংসা কেনেকৈ কৰিব?
এতিয়া তোমালোকে পিতাক স্মৰণ কৰি ৰাজ্য লোৱা, কোনোবাই মানক বা নামানক। ‘গীতা’তো আছে
দেহ সহিত দেহৰ সকলো ধৰ্ম পাহৰি মামেকম্ (কেৱল মোকেই) স্মৰণ কৰা। পিতাৰতো দেহেই নাই,
যাৰ প্ৰতি মমত্ব থাকিব। পিতাই কয় - অলপ সময়ৰ কাৰণে এই শৰীৰ ঋণত লওঁ। নহ'লে মই জ্ঞান
কেনেকৈ দিম? মই এই বৃক্ষৰ চৈতন্য বীজৰূপ হওঁ। এই বৃক্ষৰ জ্ঞান মোৰহে আছে। এই
সৃষ্টিৰ আয়ুস কিমান? কেনেকৈ উৎপত্তি, পালন, বিনাশ হয়? মনুষ্যই একো গম নাপায়।
তেওঁলোকে হদৰ পঢ়া পঢ়ে। পিতাইতো বেহদৰ পঢ়া পঢ়াই সন্তানসকলক বিশ্বৰ মালিক কৰি তোলে।
ভগৱান বুলি কেতিয়াও
দেহধাৰী মনুষ্যক কোৱা নহয়। এওঁলোকৰো (ব্ৰহ্মা, বিষ্ণু, শংকৰৰো) নিজৰ সূক্ষ্ম দেহ আছে
সেয়েহে এওঁলোককো ভগৱান বুলি কোৱা নহয়। এই শৰীৰতো দাদাৰ আত্মাৰ আসন। অকাল আসন নহয়
জানো। এতিয়া এয়া অকালমূৰ্ত পিতাৰ আসন। ডাঙৰ ডাঙৰ যিসকল আছে, তাত অকাল আসনত গৈ বহে।
এতিয়া পিতাই বুজায় - এই সকলোবোৰ আত্মাসকলৰ অকাল আসন। আত্মাতেই ভাল বা বেয়া সংস্কাৰ
থাকে, সেইবাবে কয় এয়া কৰ্মৰ ফল। সকলো আত্মাৰ পিতা এজনেই। বাবাই কোনো শাস্ত্ৰ আদি পঢ়ি
নুবুজায়। এই কথাবোৰো শাস্ত্ৰ আদিত নাই, সেইবাবে লোকে ভেঙুচালী কৰে, কয় এওঁলোকে
শাস্ত্ৰক নামানে। সাধু-সন্ত আদিয়ে গংগাত গৈ স্নান কৰে কিন্তু পাৱন হৈ গ’ল জানো?
উভতিতো কোনো যাব নোৱাৰে। সকলো অন্তিমত যাব। যেনেকৈ মকৰা বা মাখি জাক বান্ধি যায়।
মাখিৰ ভিতৰতো ৰাণী থাকে, ৰাণীৰ পিছে পিছে সকলো যায়, পিতাও যেতিয়া যাব তেওঁৰ পিছে
পিছে আত্মাসকলো যাব। মূলধামতো যেন সকলো আত্মাই জাক বান্ধি থাকে। ইয়াত আকৌ হৈছে
মনুষ্যৰ জাক। গতিকে এই জাকো এদিন দৌৰিব লাগিব। পিতা আহি সকলো আত্মাকে লৈ যায়। শিৱৰ
বৰযাত্ৰী বুলি গায়ন আছে। পুত্ৰ বুলি কোৱা বা কন্যা বুলি কোৱা। পিতা আহি সন্তানসকলক
স্মৃতিৰ যাত্ৰা শিকায়। পৱিত্ৰ নোহোৱাকৈ আত্মা ঘৰলৈ উভতি যাব নোৱাৰে। যেতিয়া পৱিত্ৰ
হৈ যাব তেতিয়া প্ৰথমে শান্তিধামলৈ যাব আকৌ তাৰ পৰা লাহে লাহে আহি থাকে, বৃদ্ধি হৈ
গৈ থাকে। ৰাজধানী স্থাপনা হ'ব লাগে নহয়। সকলো একেলগে নাহে। বৃক্ষ লাহে লাহে বৃদ্ধি
হয়। পোন-প্ৰথমে হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্ম যিটো পিতাই প্ৰতিষ্ঠা কৰে। ব্ৰাহ্মণো
পোন-প্ৰথমে তেওঁলোকেই হয় যিসকল দেৱতা হ'ব। প্ৰজাপিতা ব্ৰহ্মাতো আছে নহয়। প্ৰজাৰ
ভিতৰতো ভাই-ভনী হৈ যায়। ব্ৰহ্মাকুমাৰ-কুমাৰীতো ইয়াত বহুত হয়। নিশ্চয় নিশ্চয়বুদ্ধিৰ
হয় সেইবাবেতো ইমান নম্বৰ লয়। তোমালোকৰ মাজতো যিসকল পৰিপক্ক তেওঁলোক তাত সোনকালে আহে,
অপৰিপক্কসকল শেষৰফালে আহিব। মূলধামত সকলো আত্মা থাকে আকৌ তললৈ আহিলে তেতিয়া বৃদ্ধি
হৈ গৈ থাকে। শৰীৰ অবিহনে আত্মাই কেনেকৈ ভূমিকা পালন কৰিব? এয়া হৈছে ভূমিকা পালন
কৰোঁতাসকলৰ সৃষ্টি যি চাৰিওটি যুগত ঘূৰি থাকে। সত্যযুগত আমিয়েই দেৱতা আছিলোঁ পুনৰ
ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হওঁ। এতিয়া এয়া হৈছে পুৰুষোত্তম সংগমযুগ। এইটো যুগ এতিয়াহে
হয় যেতিয়া পিতা আহে। এই বেহদৰ জ্ঞান এতিয়া বেহদৰ পিতাইহে দিয়ে। শিৱবাবাৰ নিজৰ শৰীৰৰ
কোনো নাম নাই। এই শৰীৰতো এওঁৰ দাদাৰ হয়। বাবাই অলপ সময়ৰ কাৰণে এইটো ঋণত লৈছে। পিতাই
কয় - মই তোমালোকৰ লগত কথা পাতিবৰ কাৰণে মুখতো লাগে নহয়। মুখ নহ’লে পিতাই সন্তানসকলৰ
লগত কথাও পাতিব নোৱাৰে। আকৌ বেহদৰ জ্ঞানো এই মুখৰ দ্বাৰা শুনাওঁ, সেয়েহে এওঁক গোমুখ
বুলিও কয়। পাহাৰৰ পৰা পানীতো য'ৰ-ত'ৰ পৰাই ওলাব পাৰে। ইয়াত আকৌ গোমুখ সাজি দিলে,
তাৰ পৰা পানী আহে। তেওঁলোকে আকৌ ইয়াকে গংগাজল বুলি ভাবি পান কৰে। সেই পানীক কিমান
মহত্ব দিয়ে। এইখন সৃষ্টিত সকলোবোৰেই মিছা। সত্যতো এজন পিতাইহে শুনায়। আকৌ সেই
মিছলীয়া মনুষ্যই এই পিতাৰ জ্ঞানক মিছা বুলি ভাবি লয়। ভাৰতত যেতিয়া সত্যযুগ আছিল
তেতিয়া ইয়াক সত্যখণ্ড বুলি কোৱা হৈছিল। পুনৰ ভাৰতেই পুৰণি হৈ যায় গতিকে প্ৰতিটো কথা,
প্ৰতিটো বস্তুৱেই মিছা। কিমান পাৰ্থক্য হৈ যায়। পিতাই কয় - তোমালোকে মোৰ কিমান
গ্লানি কৰা। সৰ্বব্যাপি বুলি কৈ অপমান কৰিছা। শিৱবাবাক মাতেই যে এই পুৰণি সৃষ্টিৰ
পৰা লৈ যাওঁক। পিতাই কয় - মোৰ সকলো সন্তান কাম চিতাত বহি কঙাল হৈ গ'ল। পিতাই
সন্তানসকলক কয় - তোমালোকতো স্বৰ্গৰ মালিক আছিলা নহয়। স্মৃতি জাগেনে? সন্তানসকলকহে
বুজায়, জগতৰ সকলোকেতো নুবুজাব। সন্তানেহে পিতাক বুজি পায়। জগতৰ লোকে এই কথাবোৰৰ
বিষয়ে কি জানিব!
সকলোতকৈ ডাঙৰ কাঁইট
হৈছে কাম বিকাৰৰ। নামেই হৈছে পতিত সৃষ্টি। সত্যযুগ হৈছে 100 শতাংশ পৱিত্ৰ সৃষ্টি।
মনুষ্যইহে পৱিত্ৰ দেৱতাসকলৰ আগত গৈ নমন কৰে। যদিও বহুত ভক্ত আছে যিসকল নিৰামিষাহাৰী,
কিন্তু এনেকুৱা নহয় যে বিকাৰগ্ৰস্ত নহয়। এনেকৈতো বহুত বাল ব্ৰহ্মচাৰীও থাকে। সৰু
কালৰ পৰাই কেতিয়াও ছিঃ ছিঃ খাদ্য আদি নাখায়। সন্ন্যাসীসকলেও কয় - নিৰ্বিকাৰী হোৱা।
ঘৰ-সংসাৰৰ সন্ন্যাস কৰে আকৌ পৰৱৰ্তী জন্মতো কোনো গৃহস্থীৰ ওচৰত জন্ম লৈ পুনৰ
ঘৰ-সংসাৰ এৰি জংঘললৈ গুচি যায়। কিন্তু পতিতৰ পৰা পাৱন হ'ব পাৰে জানো? নোৱাৰে।
পতিত-পাৱন পিতাৰ শ্ৰীমত অবিহনে কোনো পতিতৰ পৰা পাৱন হ'ব নোৱাৰে। ভক্তি হৈছে অৱনমিত
হোৱা কলাৰ মাৰ্গ। গতিকে পুনৰ পাৱন কেনেকৈ হ'ব? যদি পাৱন হয় তেন্তে ঘৰলৈ যাব,
স্বৰ্গলৈ আহি যাব। সত্যযুগৰ দেৱী-দেৱতাসকলে কেতিয়াবা ঘৰ-সংসাৰ ত্যাগ কৰে জানো?
তেওঁলোকৰ হৈছে হদৰ সন্ন্যাস, তোমালোকৰ হৈছে বেহদৰ সন্ন্যাস। গোটেই সৃষ্টি,
মিত্ৰ-সম্বন্ধীয় আদি সকলোৰে সন্ন্যাস। তোমালোকৰ কাৰণে এতিয়া স্বৰ্গ স্থাপনা হৈ আছে।
তোমালোকৰ বুদ্ধি স্বৰ্গৰ ফালে। মনুষ্যতো নৰকতে ওলমি আছে। তোমালোক সন্তানসকল আকৌ
পিতাৰ স্মৃতিত ওলমি আছা।
তোমালোকক শীতল দেৱী
কৰি তুলিবলৈ জ্ঞান চিতাত বহুওৱা হয়। ‘শীতল’ শব্দটিৰ বিপৰীত হৈছে ‘তপত’। তোমালোকৰ
নামেই হৈছে শীতলাদেৱী। এগৰাকীয়েতো নহ'ব নহয়। নিশ্চয় বহুত হ'ব, যিসকলে ভাৰতক শীতল কৰি
তুলিছে। এই সময়ত সকলো কাম-চিতাত জ্বলি আছে। ইয়াত তোমালোকৰ নাম হৈছে শীতলা দেৱী।
তোমালোক শীতল কৰি তোলোঁতা, ঠাণ্ডা টোপাল ছটিয়াওঁতা দেৱী। ভক্তসকল পানীৰ টোপাল
ছটিয়াবলৈ যায় নহয়। এয়া হৈছে জ্ঞানৰ টোপাল, যি আত্মাৰ ওপৰত ছটিওঁৱা হয়। আত্মা পৱিত্ৰ
হৈ গ’লে শীতল হৈ যায়। এই সময়ত গোটেই সৃষ্টি কাম চিতাত উঠি ক'লা হৈ গৈছে। এতিয়া
তোমালোক সন্তানসকলে (জ্ঞান) কলহ প্ৰাপ্ত কৰা। কলহৰ দ্বাৰা তোমালোক নিজেও শীতল হোৱা
আৰু অন্যকো শীতল কৰি তোলা। এৱোঁ (ব্ৰহ্মা) শীতল হৈ গৈছে। দুয়ো একেলগে আছে। ঘৰ-সংসাৰ
ত্যাগ কৰাৰতো কথাই নাই, কিন্তু আদিতে গোশাল বনাবলগীয়া হৈছিল গতিকে নিশ্চয় কিছুমানে
ঘৰ-সংসাৰ ত্যাগ কৰিছিল। কিহৰ কাৰণে? জ্ঞান চিতাত বহি শীতল হ'বৰ কাৰণে। যেতিয়া
তোমালোক ইয়াত শীতল হ'বা তেতিয়াহে তোমালোক দেৱতা হ'ব পাৰিবা। এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিযোগ পুৰণি ঘৰৰ ফালে যাব নালাগে। পিতাৰ লগত যাতে বুদ্ধি ওলমি থাকে
কিয়নো তোমালোক সকলো পিতাৰ ওচৰত ঘৰলৈ যাব লাগে। পিতাই কয় - মৰমৰ সন্তানসকল, মই পাণ্ডা
হৈ আহিছোঁ তোমালোকক লৈ যাবলৈ। এয়া হৈছে শিৱ শক্তি পাণ্ডৱ সেনা। তোমালোক হৈছা শিৱৰ
পৰা শক্তি লওঁতা, তেওঁ হৈছে সৰ্বশক্তিমান। মনুষ্যইতো ভাবে – পৰমাত্মাই মৃতককো জীৱিত
কৰি তুলিব পাৰে। কিন্তু পিতাই কয় - প্ৰিয় সন্তানসকল, এই ড্ৰামাত প্ৰত্যেকেই অনাদি
ভূমিকা প্ৰাপ্ত কৰিছে। ময়ো ৰচয়িতা, নিৰ্দেশক, প্ৰধান ভাৱৰীয়া। ড্ৰামাৰ ভূমিকাক মই
একোৱেই সলনি কৰিব নোৱাৰোঁ। মনুষ্যই ভাবে – গছ পাতো পৰমাত্মাৰ আদেশত লৰে কিন্তু
পৰমাত্মাইতো নিজে কয় - ময়ো ড্ৰামাৰ অধীন, ইয়াৰ বন্ধনত মই বান্ধ খাই আছোঁ। এনেকুৱা
নহয় যে মোৰ আদেশত গছ পাত লৰচৰ কৰিব। সৰ্বব্যাপিৰ জ্ঞানে ভাৰতবাসীক একেবাৰে কঙাল কৰি
দিলে। পিতাৰ জ্ঞানেৰে ভাৰত পুনৰ শিৰৰ মুকুট হৈ যায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সূৰ্যবংশত
পোন-প্ৰথমে আহিবলৈ নিশ্চয়বুদ্ধিৰ হৈ সম্পূৰ্ণ নম্বৰ ল'ব লাগে। পৰিপক্ক ব্ৰাহ্মণ হ'ব
লাগে। বেহদৰ জ্ঞান স্মৃতিত ৰাখিব লাগে।
(2) জ্ঞান চিতাত বহি
শীতল অৰ্থাৎ পৱিত্ৰ হ'ব লাগে। জ্ঞান আৰু যোগেৰে কামৰ জুই নিৰ্বাপিত কৰিব লাগে।
বুদ্ধিযোগ সদায় এজন পিতাৰ ফালে ওলমি থাকিব লাগে।
বৰদান:
ব্ৰাহ্মণ
জীৱনত শ্ৰেষ্ঠ স্থিতি ৰূপী পদক প্ৰাপ্ত কৰোঁতা বেগমপুৰৰ বাদশ্বাহ হোৱা
তোমালোক সকলোৱে নিজৰ
স্বস্থিতি উত্তমতকৈ উত্তম কৰি তুলিবলৈ ব্ৰাহ্মণ হৈছা। ব্ৰাহ্মণ জীৱনত শ্ৰেষ্ঠ
স্থিতিয়েই তোমালোকৰ সম্পত্তি। এয়াই ব্ৰাহ্মণ জীৱনৰ পদক। যিয়ে এই পদক প্ৰাপ্ত কৰি লয়
তেওঁ সদায় অবিচলিত একৰস স্থিতিত থাকে, সদায় নিশ্চিন্ত, বেগমপুৰৰ বাদশ্বাহ হৈ যায়।
তেওঁলোক সকলো ইচ্ছাৰ পৰা মুক্ত, “ইচ্ছা মাত্ৰম্ অবিদ্যা” স্বৰূপ হৈ যায়।
স্লোগান:
অটুট নিশ্চয় আৰু নিচাৰে কোৱা “মোৰ বাবা” তেন্তে মায়া সমীপত আহিব নোৱাৰে।
সদায় সন্তুষ্ট হৈ থাকি
সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
কোনোবাই তোমালোকৰ
সন্তুষ্টতা তল-ওপৰ কৰিবলৈ যিমানেই চেষ্টা নকৰক কিন্তু তোমালোক তল-ওপৰ নহ’বা, সদায়
সন্তুষ্ট হৈ থাকিবা। মুখমণ্ডল যাতে সদায় হৰ্ষিত হৈ থাকে। তল-ওপৰ কৰা যেনেকুৱাই
পৰিস্থিতি নাহক এনেকুৱা অনুভৱ হওঁক যেন পুতলাৰ প্ৰদৰ্শনী চাই আছা। মায়াৰ বা
প্ৰকৃতিৰ এয়াও এক প্ৰদৰ্শনী। সেয়া সাক্ষী স্থিতিত সদায় সন্তুষ্টতাৰ স্বৰূপত, নিজৰ
সম্ভ্ৰমত থাকি প্ৰত্যক্ষ কৰা – সন্তুষ্টমণি হওঁ, সন্তোষী আত্মা হওঁ… এয়া হৈছে সংগমৰ
শ্ৰেষ্ঠ সম্ভ্ৰম।