19.01.25    Avyakt Bapdada     Assame Murli     30.11.2003     Om Shanti     Madhuban


“*“চাৰিওটা বিষয়তে অনুভৱৰ কৰ্তৃত্বশীল হৈ সমস্যাসমূহক সমাধান স্বৰূপত পৰিৱৰ্তন কৰা”*”


আজি ব্ৰাহ্মণ সংসাৰৰ ৰচয়িতাই নিজৰ চাৰিওফালৰ ব্ৰাহ্মণ সন্তানসকলক চাই আছেহঁক। এই ব্ৰাহ্মণ সংসাৰ সৰু সংসাৰ, কিন্তু অতি শ্ৰেষ্ঠ, অতি স্নেহী সংসাৰ। এই ব্ৰাহ্মণ সংসাৰ গোটেই বিশ্বৰ বিশেষ আত্মাসকলৰ সংসাৰ। প্ৰতিগৰাকী ব্ৰাহ্মণ কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজতো কোনোবা আত্মা কিয়নো নিজৰ পিতাক চিনি, পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী হৈছা। যেনেকৈ পিতা উচ্চতকৈও উচ্চ তেনেকৈ পিতাক চিনি পিতাৰ হোৱা আত্মাসকলো বিশেষ আত্মা। প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মাৰ জন্মতেই ভাগ্য বিধাতা পিতাই মস্তকত শ্ৰেষ্ঠ ভাগ্যৰ ৰেখা টানি দিছে, এনেকুৱা শ্ৰেষ্ঠ ভাগ্যৱান আত্মা হোৱা। নিজক এনেকুৱা ভাগ্যৱান বুলি ভাবানে? ইমান বেছি আত্মিক নিচা অনুভৱ হয়নে? প্ৰতিগৰাকী ব্ৰাহ্মণৰ অন্তৰত দিলাৰামে, অন্তৰৰ মৰম, অন্তৰৰ স্নেহ দি আছে। এই পৰমাত্ম স্নেহ গোটেই কল্পত এজনৰ দ্বাৰা আৰু একে সময়তে প্ৰাপ্ত হয়। এই আত্মিক নিচা সদায় প্ৰতিটো কৰ্মত থাকেনে? কিয়নো তোমালোকে বিশ্বক প্ৰত্যাহ্বান জনোৱা যে আমি কৰ্মযোগী জীৱন ধাৰণ কৰোঁতা বিশেষ আত্মা। কেৱল যোগ লগাওঁতা যোগী নহয়, যোগী জীৱন যাপন কৰোঁতা। জীৱন সদাকালৰ বাবে। স্বভাৱসিদ্ধ আৰু নিৰন্তৰ। 8 (আঠ) ঘণ্টা, 6 ঘণ্টাৰ যোগী জীৱন ধাৰণ কৰোঁতা নহয়। যোগ অৰ্থাৎ স্মৃতিত থকাতো হৈছে ব্ৰাহ্মণ জীৱনৰ লক্ষ্য। জীৱনৰ লক্ষ্য স্বতঃ স্মৃতিত থাকে আৰু যেনেকুৱা লক্ষ্য তেনেকুৱা লক্ষণ স্বতঃ আহে।

বাপদাদাই প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মাৰ মস্তকত জিলিকি থকা ভাগ্যৰ তৰাক চায়। বাপদাদাই সদায় প্ৰতিগৰাকী সন্তানক শ্ৰেষ্ঠ স্বমানধাৰী, স্বৰাজ্যধাৰী ৰূপত চায়। তেন্তে তোমালোক সকলোৱে নিজক স্বমানধাৰী আত্মা, স্বৰাজ্যধাৰী আত্মা – এনেকুৱা অনুভৱ কৰানে? চেকেণ্ডত যদি স্মৃতিলৈ আনা যে মই স্বমানধাৰী আত্মা, তেতিয়া চেকেণ্ডত স্বমানৰ কিমান তালিকা আহি যায়! এতিয়াও নিজৰ স্বমানৰ তালিকা স্মৃতিলৈ আহিছেনে? দীঘলীয়া তালিকা হয় নহয়! স্বমানে অভিমান শেষ কৰি দিয়ে কিয়নো স্বমান হৈছে শ্ৰেষ্ঠ অভিমান। গতিকে শ্ৰেষ্ঠ অভিমানে অশুদ্ধ ভিন্ন ভিন্ন দেহ-অভিমান সমাপ্ত কৰি দিয়ে। যেনেকৈ চেকেণ্ডত ‘লাইট’ৰ বুটাম টিপিলে অন্ধকাৰ আঁতৰি যায়, অন্ধকাৰ আঁতৰাব নালাগে বা অন্ধকাৰ আঁতৰাবলৈ পৰিশ্ৰম কৰিবলগীয়া নহয় কিন্তু বুটাম টিপিলে অন্ধকাৰ স্বতঃ দূৰ হৈ যায়। এনেকৈ স্বমানৰ স্মৃতিৰ বুটাম টিপা তেতিয়া ভিন্ন ভিন্ন দেহ- অভিমান সমাপ্ত কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া নহয়। পৰিশ্ৰম তেতিয়া কৰিবলগীয়া হয় যেতিয়ালৈকে স্বমানৰ স্মৃতি স্বৰূপ নোহোৱা। বাপদাদাই সন্তানসকলৰ খেল চায় – অন্তৰত স্বমানৰ বৰ্ণনা কৰে – “মই বাপদাদাৰ অন্তৰ আসনধাৰী হওঁ”, বৰ্ণনাও কৰি থাকে, ভাবিও থাকে কিন্তু অনুভৱৰ আসনত স্থিত নহয়। যি ভাবে তাৰ অনুভৱ হোৱাটো জৰুৰী কিয়নো সকলোতকৈ শ্ৰেষ্ঠ কৰ্তৃত্ব হৈছে অনুভৱৰ কৰ্তৃত্ব। সেয়েহে বাপদাদাই লক্ষ্য কৰে – বহুত ভালকৈ শুনে, ভাবেও বহুত ভাল কিন্তু শুনা আৰু ভবা বেলেগ বস্তু, অনুভৱী স্বৰূপ হোৱা – এয়াই ব্ৰাহ্মণ জীৱনৰ শ্ৰেষ্ঠ কৰ্তৃত্ব। এয়াই ভক্তি আৰু জ্ঞানৰ পাৰ্থক্য। ভক্তিততো শুনাৰ আনন্দত বহুত মচগুল হৈ থাকে। ভাবেও কিন্তু অনুভৱ কৰিব নোৱাৰে। জ্ঞানৰ অৰ্থই হৈছে, জ্ঞানী আত্মা অৰ্থাৎ প্ৰতিটো স্বমানৰ অনুভৱী হোৱা। অনুভৱী স্বৰূপ হ’লে আত্মিক নিচা বাঢ়ে। অনুভৱ কেতিয়াও জীৱনত পাহৰিব নোৱাৰে, শুনা, ভবা কথা পাহৰিব পাৰে কিন্তু অনুভৱৰ কৰ্তৃত্ব কেতিয়াও কম নহয়।

গতিকে বাপদাদাই সন্তানসকলক স্মৃতি সোঁৱৰাই দিয়ে – প্ৰতিষাৰ শুনা কথা যি ভগৱান পিতাৰ পৰা শুনিলা, তাৰ অনুভৱী মূৰ্ত হোৱা। অনুভৱ কৰা কথা হাজাৰ লোকেও যদি মচি পেলাব বিচাৰে তেন্তে মচি পেলাব নোৱাৰে। মায়ায়ো অনুভৱ মচি পেলাব নোৱাৰে। যেনেকৈ শৰীৰ ধাৰণ কৰোঁতেই অনুভৱ কৰা যে মই অমুক, তেতিয়া কিমান দৃঢ় হৈ থাকে! কেতিয়াবা নিজৰ দেহৰ বোধ পাহৰা জানো? কোনোবাই যদি তোমালোকক কয় যে তুমি অমুক নোহোৱা, তেতিয়া মানি ল’ব পাৰিবা জানো? তেনেকৈ প্ৰতিটো স্বমানৰ তালিকা অনুভৱ কৰিলে কেতিয়াও স্বমান পাহৰিব নোৱাৰা। কিন্তু বাপদাদাই দেখিছে যে প্ৰতিটো স্বমানৰ অনুভৱ বা প্ৰতিটো সাৰ কথাৰ অনুভৱী হোৱাত ক্ৰমানুসৰি হোৱা। যিহেতু অনুভৱ কৰি ল’লা যে মই হওঁৱেই আত্মা, আত্মাৰ বাহিৰে আৰু হওঁনো কি? দেহটোক মোৰ বুলি কোৱা কিন্তু মই হওঁৱেই আত্মা, যিহেতু হোৱাই আত্মা তেন্তে দেহ বোধ ক’ৰ পৰা আহিল? কিয় আহিল? কাৰণ 63 জন্মৰ অভ্যাস, মই দেহ হওঁ, ওলোটা অভ্যাস দৃঢ় হৈ গ’ল। অৰ্থাৎ যথাৰ্থ অভ্যাসৰ অনুভৱ পাহৰি যোৱা। বাপদাদাই সন্তানসকলক যেতিয়া পৰিশ্ৰম কৰা দেখে তেতিয়া সন্তানসকলৰ প্ৰতি স্নেহ জাগে। পৰমাত্মাৰ সন্তান আৰু পৰিশ্ৰম! কাৰণ অনুভৱী মূৰ্ত হোৱাত দুৰ্বল। যিহেতু যিয়েই নহওঁক কিয় দেহ-বোধৰ অনুভৱ, যি কোনো কৰ্ম কৰোঁতে দেহবোধ নাপাহৰে, তেন্তে ব্ৰাহ্মণ জীৱন অৰ্থাৎ কৰ্মযোগী জীৱন, যোগী জীৱনৰ অনুভৱ কেনেকৈ পাহৰিব পাৰা!

গতিকে পৰীক্ষা কৰা – প্ৰতিটো বিষয়ক অনুভৱত আনিছানে? জ্ঞান শুনা শুনোৱাতো সহজ কিন্তু জ্ঞান স্বৰূপ হ’ব লাগে। জ্ঞান স্বৰূপত আনিলে তেতিয়া স্বতঃ প্ৰতিটো কৰ্ম জ্ঞানপূৰ্ণ অৰ্থাৎ জ্ঞানৰ ‘লাইট-মাইট’ সম্পন্ন হ’ব। জ্ঞানক কোৱাই হয় ‘লাইট’ আৰু ‘মাইট’। তেনেকৈয়ে যোগী স্বৰূপ, যোগযুক্ত, যুক্তিযুক্ত স্বৰূপ। ধাৰণা স্বৰূপ অৰ্থাৎ প্ৰতিটো কৰ্ম, প্ৰতিটো কৰ্মেন্দ্ৰিয়, প্ৰতিটো গুণৰ ধাৰণা স্বৰূপ হ’ব। সেৱাৰ অনুভৱী মূৰ্ত, সেৱাধাৰীৰ অৰ্থই হৈছে নিৰন্তৰ স্বতঃ সেৱাধাৰী, লাগিলে মনৰ, লাগিলে বাণীৰ, লাগিলে কৰ্মৰ, লাগিলে সম্বন্ধ-সম্পৰ্কৰ প্ৰতিটো কৰ্মত সেৱা স্বভাৱসিদ্ধ ভাৱে থাকে, ইয়াক কোৱা হয় চাৰিটা বিষয়ত অনুভৱ স্বৰূপ। গতিকে সকলোৱে পৰীক্ষা কৰা – কিমানখিনি অনুভৱী হৈছা? প্ৰতিটো গুণৰ অনুভৱী, প্ৰতিটো শক্তিৰ অনুভৱী। এনেয়েও কথিত আছে যে অনুভৱ সময়ত বহুত কামত আহে। সেয়েহে অনুভৱী মূৰ্তৰ অনুভৱ যেনেকুৱাই সমস্যা নহওঁক, অনুভৱী মূৰ্তজনে অনুভৱৰ কৰ্তৃত্বৰে সমস্যাক চেকেণ্ডত সমাধান স্বৰূপত পৰিৱৰ্তন কৰি লয়। সমস্যা, সমস্যা হৈ নাথাকে, সমাধান স্বৰূপ হৈ যাব। বুজিলা।

এতিয়া সময়ৰ সমীপতাই, পিতাৰ সমান হোৱাৰ সমীপতাই সমাধান স্বৰূপৰ অনুভৱ কৰাব। বহুত সময় ধৰি সমস্যা অহা, সমাধান কৰা এইটো পৰিশ্ৰম কৰিলা, এতিয়া বাপদাদাই প্ৰতিগৰাকী সন্তানক স্বমানধাৰী, স্বৰাজ্য অধিকাৰী, সমাধান স্বৰূপত চাবলৈ বিচাৰে। অনুভৱী মূৰ্ত হ’লে চেকেণ্ডত পৰিৱৰ্তন কৰিব পাৰে। বাৰু।

সকলো ফালৰ পৰা আহি উপস্থিত হৈ গৈছে। ডবল বিদেশীসকলে প্ৰতিটো দলত নিজৰ সুবিধা ভালকৈ লৈ আছে। বাৰু – এইটো দলত পাণ্ডৱো কম নহয়। পাণ্ডৱ সকলোৱে হাত দাঙা। মাতাসকল, কুমাৰীসকল, শিক্ষকসকল হাত দাঙা। প্ৰথম দলত মাতাসকল বেছি আছিল কিন্তু এইটো দলত পাণ্ডৱসকলেও দৌৰ ভাল লগাইছে। পাণ্ডৱসকলৰ নিচা আৰু নিশ্চয় এতিয়ালৈকে গায়নতো গোৱা হৈছে। কি বুলি গায়ন কৰা হৈছে? জানানে? 5 পাণ্ডৱ কিন্তু নিচা আৰু নিশ্চয়ৰ আধাৰত বিজয়ী হ’ল, এইটো গায়ন এতিয়ালৈকে আছে। তেন্তে এনেকুৱা পাণ্ডৱ হোৱানে? বাৰু – নিচা আছেনে? গতিকে পাণ্ডৱ যেতিয়াই শুনা তোমালোক পাণ্ডৱ, তেন্তে পাণ্ডৱে পাণ্ডৱপতিকতো পাহৰি নোযোৱা নহয়! কেতিয়াবা কেতিয়াবা পাহৰা নেকি? পাণ্ডৱ আৰু পাণ্ডৱপতি, পাণ্ডৱসকলে কেতিয়াও পাণ্ডৱপতিক পাহৰিব নোৱাৰে। পাণ্ডৱসকলৰ এইটো নিচা থাকিব লাগে, মই কল্প কল্পৰ পাণ্ডৱ, পাণ্ডৱপতিৰ স্নেহী। স্মাৰকত পাণ্ডৱৰো নাম কম নহয়। পাণ্ডৱসকলৰ উপাধিয়েই হৈছে বিজয়ী পাণ্ডৱ। তেন্তে এনেকুৱা পাণ্ডৱ হোৱানে? বচ্‌ মই বিজয়ী পাণ্ডৱ, কেৱল পাণ্ডৱ নহয়, বিজয়ী পাণ্ডৱ। বিজয়ৰ তিলক অবিনাশী মস্তকত লাগিয়েই আছে।

মাতাসকলৰ কি নিচা থাকে? বহুত নিচা থাকে! মাতাসকলে নিচাত কয় যে বাবা আহিছেই আমাৰ বাবে। এনেকুৱা নহয় জানো! কিয়নো আধাকল্প মাতাসকলে মৰ্যাদা পোৱা নাই, এতিয়া সংগমত ৰাজনীতিতো মাতাসকলে অধিকাৰ পাইছে। প্ৰতিটো বিভাগত তোমালোক শক্তিসকলক পিতাই আগত ৰাখিছে নহয়, গতিকে সংসাৰতো প্ৰতিটো বৰ্গত এতিয়া মাতাসকলে অধিকাৰ পায়। কোনো এনেকুৱা বৰ্গ নাই য’ত মাতাসকল নাই। এয়া সংগমযুগৰ মৰ্যাদা। সেয়েহে মাতাসকলৰ ‘মোৰ বাবা’ স্মৃতিত থাকে। থাকেনে - মোৰ বাবা? নিচা আছেনে? মাতাসকলে হাত লৰাই আছে। ভাল কথা। ভগৱানক নিজৰ কৰি ল’লা তেন্তে যাদুকৰনীতো মাতাসকল হ’ল নহয়! বাপদাদাই লক্ষ্য কৰে – মাতাসকল আৰু পাণ্ডৱৰ বাপদাদাৰ সৰ্ব সম্বন্ধৰ সৈতে স্নেহতো আছে কিন্তু কাৰ কোনটো বিশেষ সম্বন্ধ স্নেহী, সেয়াও চায়। বহুত সন্তানৰ খোদাক মিত্ৰ কৰি ল’বলৈ বৰ ভাল লাগে, সেইবাবে খোদা দোস্তৰ কাহিনীও আছে। বাপদাদাই এইটো কয়, যি সময়ত যিটো সম্বন্ধৰ আৱশ্যক হয় তেতিয়া ভগৱানক সেইটো সম্বন্ধৰে নিজৰ কৰি ল’ব পাৰা। সৰ্ব সম্বন্ধ গঢ়িব পাৰা। সন্তানসকলে কয় বাবা মোৰ, আৰু বাবাই কি কয়, মই তোমাৰ।

মধুবনৰ শোভা ভাল লাগে নহয়! লাগিলে যিমান দূৰৈত বহি শুনাও, চোৱাও কিন্তু মধুবনৰ শোভা নিজা। মধুবনত বাপদাদাকতো লগ পোৱাই কিন্তু আৰু কিমান প্ৰাপ্তি হয়? যদি তালিকা উলিওৱা তেন্তে কিমান প্ৰাপ্তি হয়? সকলোতকৈ ডাঙৰ প্ৰাপ্তি সহজ যোগ, স্বতঃ যোগ থাকে। পৰিশ্ৰম কৰিবলগীয়া নহয়। যদি কোনোবাই মধুবনৰ বায়ুমণ্ডলক মহত্ব দিয়ে, তেন্তে মধুবনৰ বায়ুমণ্ডল, মধুবনৰ দিনচৰ্যা সহজযোগী স্বতঃ যোগী কৰি তোলোঁতা হয়। কিয়? মধুবনত বুদ্ধিত কেৱল এটাই কাম, সেৱাধাৰী দল আহে সেয়া বেলেগ কথা কিন্তু যিসকল সজীৱ হ’বৰ কাৰণে আহে তেন্তে মধুবনত কি কাম আছে? কিবা দ্বায়িত্ব আছে জানো? খোৱা-বোৱা, আনন্দ-উল্লাস কৰা, পঢ়া। গতিকে মধুবন, মধুবনেই। বিদেশতো শুনি আছে। কিন্তু সেই শুনা আৰু মধুবনলৈ অহা, এই ক্ষেত্ৰত দিন-ৰাতিৰ পাৰ্থক্য আছে। বাপদাদাই সাধনৰ দ্বাৰা শুনা, চোৱাসকলকো স্নেহ সহিত স্মৰণতো দিয়ে, কোনো সন্তানেতো ৰাতি সাৰে থাকিও শুনে। একেবাৰে নুশুনাতকৈ সেয়া নিশ্চয় ভাল কিন্তু ভালতকৈও ভাল হৈছে মৰমৰ মধুবন। মধুবনলৈ আহি ভাল লাগে, নে তাতেই বহি মুৰুলী শুনিবা! কোনটো ভাল লাগে? তাতো মুৰুলী শুনিবা নহয়। ইয়াতো পিছত বহাসকলে টি.ভি.ত চায়। গতিকে যিসকলে ভাবে মধুবনলৈ অহাটোৱেই ভাল, সেইসকলে হাত দাঙা। (সকলোৱে দাঙিলে) বাৰু। তথাপিও চোৱা ভক্তিতো গায়ন কি আছে? মধুবনত মুৰুলী বাজে। এনেকৈ নাই যে লণ্ডনত মুৰুলী বাজে। য’তেই নাথাকা, মধুবনৰ মহিমাৰ মহত্ব জনা অৰ্থাৎ নিজক মহান কৰি তোলা।

বাৰু – সকলো যিসকল আহিছে তেওঁলোকে যোগী জীৱন, জ্ঞানী জীৱন, ধাৰণা স্বৰূপৰ অনুভৱ কৰি আছে। এতিয়া প্ৰথম বাৰত এইটো ‘চিজন’ৰ বাবে বিশেষ মনোযোগ আকৰ্ষণ কৰাইছিল যে এই গোটেই ‘চিজন’ সন্তুষ্টমণি হৈ থাকিবা আৰু সন্তুষ্ট কৰিবা। কেৱল হ’বা নহয়, কৰিবও লাগে। লগতে এতিয়া সময় অনুসৰি যি কোনো সময়ত যিকোনো ঘটনা ঘটিব পাৰে, প্ৰশ্ন নুসুধিবা কেতিয়া হ’ব, এবছৰত হ’ব, 6 মাহত হ’ব। অকস্মাতে যি কোনো সময়ত কিবা এটা হ’ব পাৰে সেইবাবে নিজৰ স্মৃতিৰ বুটাম বহুত শক্তিশালী কৰা। চেকেণ্ডত বুটাম টিপা আৰু অনুভৱ স্বৰূপ হৈ যোৱা। বুটাম ঢিলা হ’লে তেতিয়া বাৰে বাৰে টিপা টিপি কৰি থাকিবলগীয়া হয় আৰু সময় লাগে, ঠিক হ’বলৈ। কিন্তু চেকেণ্ডত স্বমানৰ বুটাম টিপা, স্বৰাজ্য অধিকাৰীৰ, অন্তৰ্মুখী হৈ অনুভৱ কৰি যোৱা। অনুভৱৰ সাগৰত লীন হৈ যোৱা। অনুভৱৰ কৰ্তৃত্বক কোনো কৰ্তৃত্বই জিনিব নোৱাৰে। বুজিলা, কি কৰিব লাগে? বাপদাদাই ইঙ্গিততো দি দিয়ে কিন্তু অপেক্ষা নকৰিবা, কেতিয়া কেতিয়া নহয়, এতিয়া। সদাপ্ৰস্তুত। চেকেণ্ডত স্মৃতিৰ বুটাম টিপিব পাৰা? টিপিব পাৰানে? যেনেকুৱাই পৰিস্থিতি নহওঁক, যেনেকুৱাই সমস্যা নহওঁক, স্মৃতিৰ বুটাম টিপা। এইটো অভ্যাস কৰা কিয়নো চূড়ান্ত পৰীক্ষা চেকেণ্ডৰেই হ’ব, মিনিটো নহয়। ভাবি থকাসকল উত্তীৰ্ণ হ’ব নোৱাৰে, অনুভৱ কৰোঁতাসকল উত্তীৰ্ণ হৈ যাব। গতিকে এতিয়া চেকেণ্ডত সকলোৱে “মই পৰমধাম নিবাসী শ্ৰেষ্ঠ আত্মা”, এইটো স্মৃতিৰ বুটাম টিপা অন্য কোনো স্মৃতি থাকিব নালাগে। বুদ্ধিত কোনো চঞ্চলতা থাকিব নালাগে, স্থিৰ। (ড্ৰিল) ভাল বাৰু।

চাৰিওফালৰ শ্ৰেষ্ঠ স্বমানধাৰী, অনুভৱী আত্মাসকলক, সদায় প্ৰতিটো বিষয়ক অনুভৱত আনোঁতা, সদায় যোগী জীৱন যাপন কৰোঁতা নিৰন্তৰ যোগী আত্মাসকলক, সদায় নিজৰ বিশেষ ভাগ্যক প্ৰতিটো কৰ্মত জাগ্ৰত স্বৰূপত ৰাখোঁতা কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজতো কোনোবা বিশেষ আত্মাসকলক বপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

দাদীজীৰ সৈতে:- সকলোকে উৎসাহ-উদ্দীপনাত অনাৰ ভাল কাৰ্য কৰি আছা। (এতিয়াতো কোটি কোটিক বাৰ্তা দিয়াৰ পৰিকল্পনা চলি আছে) কোটি কি গোটেই বিশ্বৰ আত্মাসকলে বাৰ্তা পাব লাগে। অহো প্ৰভু বুলিতো ক’ব নহয়! অহো প্ৰভু বুলি ক’বলৈও সাজু কৰিব লাগে নহয়! (দাদীসকলৰ সৈতে) ইয়াৰো সহযোগ দি আছে। ভাল কথা, মধুবনৰ তত্বাৱধান লৈ আছা। ভাল সহযোগী দল পাইছা নহয়! প্ৰতিগৰাকীৰে বিশেষত্ব আছে। তথাপিও আদি ৰত্নৰ প্ৰভাৱ পৰে। লাগিলে যিমানেই আয়ুস হৈ নাযাওঁক, নতুনসকলো আগবাঢ়ি গৈ আছে কিন্তু তথাপিও আদি ৰত্নৰ প্ৰতিপালন নিজা, সেইবাবে দল ভাল।

বৰদান:
বিঘিনি প্ৰতিৰোধী চিকমিকিয়া ফৰিস্তা পোছাক পৰিধান কৰোঁতা সদায় বিঘ্ন-বিনাশক হোৱা

নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি সদায় বিঘ্ন-বিনাশক হ’বৰ কাৰণে প্ৰশ্নবোধক চিহ্ন বিদাই দিয়া আৰু পূৰ্ণ যতিৰ দ্বাৰা সৰ্ব শক্তিৰ পুঁজি ভৰপূৰ কৰা। সদায় বিঘিনি প্ৰতিৰোধী চিকমিকিয়া ফৰিস্তা পোছাক পৰিধান কৰি থাকা, মলিয়ন পোছাক নিপিন্ধিবা। লগতে সৰ্ব গুণৰ অলংকাৰেৰে সজ্জিত হৈ থাকিবা। সদায় অষ্ট শক্তি অস্ত্ৰধাৰী সম্পন্ন মূৰ্তি হৈ থাকিবা আৰু পদুম ফুলৰ আসনত নিজৰ শ্ৰেষ্ঠ জীৱনৰ খোজ দিবা।

স্লোগান:
অভ্যাসৰ ওপৰত পূৰা মনোযোগ দিয়া তেতিয়া প্ৰথম বিভাগত নম্বৰ আহি যাব।

শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ বাণীৰ সেৱা স্বভাৱসিদ্ধ হৈ গ’ল, তেনেকৈ মনৰ সেৱাও স্বভাৱসিদ্ধ হওঁক। বাণীৰ লগতে মনৰ সেৱাও কৰি থাকা তেতিয়া তোমালোকে কমকৈ ক’বলগীয়া হ’ব। বাণীত যি শক্তি খৰচ কৰা সেয়া মনৰ সেৱাৰ সহযোগৰ কাৰণে বাণীৰ শক্তি জমা হ’ব আৰু মনৰ শক্তিশালী সেৱাই সফলতা বেছিকৈ অনুভৱ কৰাব।

সুচনা:- আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, তৃতীয় ৰবিবাৰ, সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ সকলো ভাতৃ-ভগ্নীয়ে সংগঠিত ৰূপত এটাই শুদ্ধ সংকল্পৰে প্ৰকৃতি সহিত বিশ্বৰ সকলো আত্মাক শান্তি আৰু শক্তিৰ কিৰণ দিয়াৰ বিশেষ সেৱা কৰে যেন। অনুভৱ কৰা যে বাপদাদাৰ মস্তকৰ পৰা শক্তিশালী কিৰণ নিৰ্গত হৈ মোৰ ভ্ৰূকুটীত সমাহিত হৈ আছে আৰু মোৰ পৰা গোটেই গোলকলৈ প্ৰবাহিত হৈ আছে।