19.02.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া বিশেষভাৱে ভাৰতত আৰু সাধাৰণভাৱে গোটেই সৃষ্টিত বৃহস্পতিৰ দশা চলিব, বাবাই তোমালোক সন্তানসকলৰ দ্বাৰা ভাৰতক সুখধাম কৰি গঢ়ি আছে”

প্ৰশ্ন:
16 কলা সম্পূৰ্ণ হ'বৰ কাৰণে তোমালোক সন্তানসকলে কোনটো পুৰুষাৰ্থ কৰা?

উত্তৰ:
(1) যোগবল জমা কৰাৰ। যোগবলৰ দ্বাৰা তোমালোক 16 কলা সম্পূৰ্ণ হৈ আছা। ইয়াৰ বাবে পিতাই কয় - দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। কাম বিকাৰ যিয়ে অৱনমিত কৰায় তাক দান দিয়া তেতিয়া তোমালোক 16 কলা সম্পূৰ্ণ হৈ যাবা। (2) দেহ-অভিমান এৰি দেহী-অভিমানী হোৱা, শৰীৰৰ বোধ এৰি দিয়া।

গীত:
তুম মাত-পিতা…… (তুমিয়ে মাতা-পিতা……)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে নিজৰ আত্মিক পিতাৰ মহিমা শুনিলা। তেওঁলোকে গায়ন কৰি থাকে ইয়াত তোমালোকে বাস্তৱত সেইগৰাকী বাবাৰ উত্তৰাধিকাৰ লৈ আছা। তোমালোকে জানা - বাবাই আমাৰ দ্বাৰাহে ভাৰতক সুখধাম কৰি গঢ়ি আছে। যাৰ দ্বাৰা গঢ়ি আছে নিশ্চয় তেওঁলোকেই সুখধামৰ মালিক হ'ব। সন্তানসকলতো বহুত আনন্দিত হৈ থাকিব লাগে। বাবাৰ মহিমা অপৰমঅপাৰ। তেওঁৰ পৰা আমি উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছোঁ। এতিয়া তোমালোক সন্তানসকলৰ, আচলতে গোটেই সৃষ্টিত এতিয়া বৃহস্পতিৰ অবিনাশী দশা। এতিয়া তোমালোক ব্ৰাহ্মণসকলেহে জানা বিশেষভাৱে ভাৰতত আৰু সাধাৰণভাৱে গোটেই জগতত এতিয়া বৃহস্পতিৰ দশা চলিব কিয়নো তোমালোক এতিয়া 16 কলা সম্পূৰ্ণ হোৱা। এই সময়ততো কোনো কলা নাই। সন্তানসকল বহুত আনন্দিত হ'ব লাগে। এনেকুৱা নহয় যে ইয়াত আনন্দ আছে, বাহিৰলৈ গ'লে নাইকিয়া হৈ যায়। যাৰ মহিমা গায়ন কৰে তেওঁ এতিয়া তোমালোকৰ সন্মুখত উপস্থিত আছে। পিতাই বুজায় - 5 হাজাৰ বছৰ পূৰ্বেও তোমালোকক ৰাজ্য-ভাগ্য দি গৈছিলোঁ। এতিয়া তোমালোকে দেখিবা – লাহে লাহে সকলোৱে আহ্বান জনাই থাকিব। তোমালোকৰো শ্লোগান ওলাই থাকিব। যেনেকৈ ইন্দিৰা গান্ধীয়ে কৈছিল যে এক ধৰ্ম, এক ভাষা, এখনেই ৰাজ্য হওঁক, সেয়াও আত্মাই কয় নহয়। আত্মাই জানে যথাযথ ভাৰতত এখনেই ৰাজধানী আছিল, যি এতিয়া সন্মুখত ঠিয় হৈ আছে। বুজি পায় যে যিকোনো সময়তে সকলো শেষ হৈ যাব পাৰে, এয়া কোনো নতুন কথা নহয়। ভাৰত পুনৰ 16 কলা সম্পূৰ্ণ নিশ্চয় হ'ব লাগে। তোমালোকে জানা আমি এই যোগবলৰ দ্বাৰা 16 কলা সম্পূৰ্ণ হৈ আছোঁ। এনেকৈ কয় নহয় - দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। পিতায়ো কয় বিকাৰ, অৱগুণ দান দিয়া। এইখন হৈছে ৰাৱণৰাজ্য। পিতা আহি ইয়াৰ পৰা মুক্ত কৰে। ইয়াৰ ভিতৰতো কাম বিকাৰ হৈছে অতি বেয়া অৱগুণ। তোমালোক দেহ-অভিমানী হৈ গৈছা। এতিয়া দেহী-অভিমানী হ'ব লাগে। শৰীৰৰ বোধো এৰিব লাগে। এই কথাবোৰ তোমালোক সন্তানসকলেহে বুজি পোৱা। জগতে নাজানে। ভাৰতত যি 16 কলা সম্পূৰ্ণ আছিল, সম্পূৰ্ণ দেৱতাসকলৰ ৰাজত্ব আছিল, এতিয়া গ্ৰহণ লাগি আছে। এই লক্ষ্মী-নাৰায়ণৰ ৰাজধানী আছিল নহয়। ভাৰত স্বৰ্গ আছিল। এতিয়া বিকাৰৰ গ্ৰহণ লাগি আছে সেয়েহে পিতাই কয় দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। এই কাম বিকাৰেই অধোগতি কৰাওঁতা হয় সেয়েহে পিতাই কয় - ইয়াক দান দিয়া তেতিয়া তোমালোক 16 কলা সম্পন্ন হৈ যাবা। যদি নিদিয়া তেন্তে নহ'বা। আত্মাসকলৰ নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত হৈছে নহয়। এইটোও তোমালোকৰ বুদ্ধিত আছে। তোমালোক আত্মাত কিমান ভূমিকা নিহিত হৈ আছে। তোমালোকে বিশ্বৰ ৰাজ্য-ভাগ্য লোৱা। এয়া হৈছে বেহদৰ ড্ৰামা। অনেক ভাৱৰীয়া আছে। ইয়াৰ ভিতৰত এক নম্বৰ ভাৱৰীয়া হৈছে এই লক্ষ্মী-নাৰায়ণ। এওঁলোকৰ ভূমিকা এক নম্বৰৰ। বিষ্ণুৱেই ব্ৰহ্মা-সৰস্বতী আকৌ ব্ৰহ্মা-সৰস্বতীয়েই বিষ্ণু হয়। এওঁলোকে 84 জন্ম কেনেকৈ লয়। গোটেই চক্ৰ বুদ্ধিত আহি যায়। শাস্ত্ৰ পঢ়িলে কোনোবাই জানো বুজি পায়। তেওঁলোকেতো কল্পৰ আয়ুসেই লাখ লাখ বছৰ বুলি কৈ দিয়ে। তেনেহ’লেতো স্বস্তিকাও হ’ব নোৱাৰে। বেপাৰীসকলে হিচাপ বহীত স্বস্তিকা আঁকে। গণেশৰ পূজা কৰে। এয়া হৈছে বেহদৰ হিচাপৰ বহী। স্বস্তিকাত 4টা ভাগ থাকে। যেনেকৈ জগন্নাথ পুৰীত চাউলৰ হাণ্ডী ৰাখে, সেয়া ৰন্ধা হ’লে তেতিয়া 4 ভাগ হৈ যায়। তাত চাউলৰে ভোগ আগবঢ়ায় কিয়নো তাত চাউল বহুত খায়। শ্ৰীনাথ দ্বাৰত চাউল নাথাকে। তাততো সকলো খাটি ঘিউৰে ভোগ তৈয়াৰ কৰা হয়। যেতিয়া ভোজন ৰান্ধে তেতিয়াও স্বচ্ছতাৰে মুখ বন্ধ কৰি ৰান্ধে। প্ৰসাদ বহুত সন্মান সহকাৰে লৈ যায়, ভোগ আগবঢ়োৱাৰ পাছত সেই সকলোবোৰ পাণ্ডাসকলে পায়। দোকানত লৈ গৈ ৰাখে। তাত বহুত ভিৰ লাগি থাকে। বাবাই (ব্ৰহ্মা বাবাই) দেখিছে। এতিয়া তোমালোক সন্তানসকলক কোনে পঢ়াই আছে? অতিকৈ মৰমৰ পিতা আহি তোমালোকৰ সেৱক হৈছে। তোমালোকৰ সেৱা কৰি আছে, ইমান নিচা থাকেনে? আমাক আত্মাসকলক পিতাই পঢ়ায়। আত্মাইহে সকলোবোৰ কৰে নহয়। মনুষ্যই আকৌ কৈ দিয়ে আত্মা নিৰ্লেপ। তোমালোকে জানা যে আত্মাততো 84 জন্মৰ অবিনাশী ভূমিকা ভৰপূৰ হৈ আছে, আত্মাক আকৌ নিৰ্লেপ বুলি ক’লে কিমান দিন-ৰাতিৰ পাৰ্থক্য হৈ যায়। এয়া যেতিয়া কোনোবাই ভালকৈ এক-ডেৰ মাহ বহি বুজিব তেতিয়া এই মূল কথাবোৰ বুদ্ধিত ধাৰণ হ’ব। দিনে-প্ৰতিদিনে মূল কথাতো বহুত ওলাই থাকে। এয়া যেন কস্তুৰী। সন্তানসকলৰ যেতিয়া পূৰা নিশ্চয়তা জন্মে তেতিয়া আকৌ বুজে যে যথাযথ পৰমপিতা পৰমাত্মাহে আহি দুৰ্গতিৰ পৰা সৎগতি কৰে।

পিতাই কয় - তোমালোকৰ এতিয়া বৃহস্পতিৰ দশা। মই তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিলোঁ এতিয়া আকৌ ৰাৱণে ৰাহুৰ দশা কৰি দিলে। এতিয়া পুনৰ পিতা আহিছে স্বৰ্গৰ মালিক কৰি তুলিবলৈ। গতিকে নিজৰ লোকচান কৰাব নালাগে। বেপাৰীসকলে নিজৰ হিচাপ সদায় ঠিকে ৰাখে। লোকচান কৰোঁতাসকলক মূৰ্খ বুলি কোৱা হয়। এতিয়া এয়াতো সকলোতকৈ শ্ৰেষ্ঠ বেপাৰ। কোনোবা বিৰল বেপাৰীজনেহে এই বেপাৰ কৰিব। এয়াই অবিনাশী বেপাৰ আৰু সকলো বেপাৰতো মাটিত মিলি যাব। এতিয়া তোমালোকৰ সঁচা বেপাৰ হৈ আছে। পিতা হৈছে জ্ঞানৰ সাগৰ, সদাগৰ, ৰত্নাগৰ। প্ৰদৰ্শনীত চোৱা কিমান লোক আহে। সেৱাকেন্দ্ৰলৈ কাচিৎহে আহিব। ভাৰততো বহুত বিশাল হয় নহয়। সকলো ঠাইলৈ তোমালোক যাব লাগে। পানীৰ গংগা গোটেই ভাৰতত আছে নহয়। এইটোও তোমালোকে বুজাব লাগে। পতিত-পাৱন কোনো পানীৰ গংগা নহয়। তোমালোক জ্ঞান গংগাসকল যাব লাগে। চাৰিওফালে মেলা প্ৰদৰ্শনী হৈ থাকিব। দিনে-প্ৰতিদিনে চিত্ৰ তৈয়াৰ হৈ থাকিব। এনেকুৱা শোভনীয় চিত্ৰ হওক যাতে দেখিলেই আনন্দিত হৈ যায়। এয়াতো ঠিকে বুজায়, এতিয়া লক্ষ্মী-নাৰায়ণৰ ৰাজধানী স্থাপন হৈ আছে। ছিৰিৰ চিত্ৰও অতি উত্তম। এতিয়া ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। এই ব্ৰাহ্মণেই আকৌ দেৱতা হয়। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি আছা গতিকে ভিতৰি নিজৰ অন্তৰক সুধি থাকা মোৰ কোনো সৰু-বৰ কাঁইটটো নাই? কামৰ কাঁইটতো নাই? ক্ৰোধৰ সৰু কাঁইট সেয়াও বহুত বেয়া। দেৱতাসকল ক্ৰোধিত নহয়। দেখুৱায় - শংকৰৰ চকু মেলিলে বিনাশ হৈ যায়। এয়াও এক কলংক লগাইছে। বিনাশতো হ'বই। সূক্ষ্মলোকত শংকৰৰ কোনো সাপ আদি জানো থাকিব পাৰে। সূক্ষ্মলোক আৰু মূললোকত বাগিচা সাপ আদি একোৱেই নাথাকে। এই সকলোবোৰ ইয়াত থাকে। স্বৰ্গও ইয়াত হয়। এই সময়ত মনুষ্য কাঁইট সদৃশ, সেয়েহে ইয়াক কাঁইটৰ জংঘল বুলি কোৱা হয়। সত্যযুগ হৈছে ফুলৰ বাগিচা। তোমালোকে দেখিবলৈ পোৱা বাবাই কেনেকৈ বাগিচা তৈয়াৰ কৰে। অতি সুন্দৰ কৰি তোলে। সকলোকে সুন্দৰ (পাৱন) কৰি তোলে। নিজেতো চিৰ সুন্দৰ। সকলো প্ৰেয়সী অথবা সন্তানসকলক সুন্দৰ কৰি তোলে। ৰাৱণে একেবাৰে ক'লা কৰি দিছে। এতিয়া তোমালোক সন্তানসকল আনন্দিত হ'ব লাগে যে আমাৰ ওপৰত বৃহস্পতিৰ দশা বহিছে। আধা সময় সুখ, আধা সময় দুখ হয় তেন্তে তাৰ পৰা লাভেই বা কি? নহয়, চাৰি ভাগৰ তিনি ভাগ সুখ, এভাগ দুখ। এই ড্ৰামা ৰচি থোৱা আছে। বহুত লোকে সোধে ড্ৰামাখন এনেকৈ কিয় ৰচনা কৰা হৈছে? হেৰ’ এয়াতো অনাদি হয় নহয়। কিয় ৰচনা কৰা হ’ল, এই প্ৰশ্ন উদয় হ’ব নোৱাৰে। এয়া অনাদি অবিনাশী ড্ৰামা ৰচি থোৱা আছে। যি ৰচি থোৱা আছে সেয়াই চলি আছে। কোনেও মোক্ষ পাব নোৱাৰে। এয়াতো অনাদি সৃষ্টি চলি আহি থাকে, চলিয়েই থাকিব। প্ৰলয় নহয়।

পিতাই নতুন সৃষ্টি ৰচনা কৰে কিন্তু তাত অৱকাশ কিমান আছে। যেতিয়া মনুষ্য পতিত দুখী হয় তেতিয়া আহ্বান জনায়। পিতা আহি সকলোৰে কায়া কল্পতৰু (শৰীৰ পৱিত্ৰ) কৰি তোলে যাৰ ফলত আধাকল্পৰ কাৰণে তোমালোকৰ কেতিয়াও অকাল মৃত্যু নহ'ব। তোমালোকে কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। গতিকে সন্তানসকলে বহুত পুৰুষাৰ্থ কৰিব লাগে। যিমানে উচ্চ পদ পাবা সিমানে ভাল। পুৰুষাৰ্থতো প্ৰত্যেকেই অধিক উপাৰ্জনৰ কাৰণে কৰিবই লাগে। খৰিকটীয়াজনেও ক’ব মই অধিক উপাৰ্জনৰ কৰোঁ। কোনোৱে ঠগিও উপাৰ্জন কৰে। ধনক লৈয়ে সমস্যা। তাততো তোমালোকৰ পইচা কোনেও লুটিব নোৱাৰে। চোৱা জগতত কি কি হৈ আছে। তাত এনেকুৱা কোনো দুখৰ কথা নাথাকে। এতিয়া তোমালোকে পিতাৰ পৰা কিমান উত্তৰাধিকাৰ লোৱা। নিজক পৰীক্ষা কৰিব লাগে - মই স্বৰ্গলৈ যোৱাৰ যোগ্য হওঁনে? (নাৰদৰ দৃষ্টান্ত) মনুষ্যই অনেক তীৰ্থ আদি কৰি থাকে, একোৱেই প্ৰাপ্তি নহয়। গীতো আছে নহয় – চাৰিওফালে পৰিক্ৰমা লগালো তথাপিও সদায় দূৰৈতে থাকিলোঁ। এতিয়া পিতাই তোমালোকক কিমান ভাল যাত্ৰা শিকায়, ইয়াত কোনো কষ্ট নাই। কেৱল পিতাই কয় - মামেকম্ স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। বহুত ভাল যুক্তি শুনাওঁ। সন্তানসকলে শুনে। এয়া মোৰ লোণত লোৱা শৰীৰ। এইজন পিতা কিমান আনন্দিত হয়। মই বাবাক শৰীৰ ঋণত দিছোঁ। বাবাই মোক বিশ্বৰ মালিক কৰি তোলে। নামো হৈছে ভাগীৰথ। এতিয়া তোমালোক সন্তানসকলে ৰামপুৰীলৈ যাবলৈ পুৰুষাৰ্থ কৰি আছা। গতিকে সম্পূৰ্ণ ৰূপে পুৰুষাৰ্থ কৰাত লাগি যাব লাগে। কাঁইট কিয় হ'ব লাগে।

তোমালোক হৈছা ব্ৰাহ্মণ-ব্ৰাহ্মণী। সকলোৰে আধাৰ মুৰুলীৰ ওপৰত। যদি তোমালোকে মুৰুলী নোপোৱা তেন্তে তোমালোকে শ্ৰীমত ক'ৰ পৰা ল'বা। এনেকুৱা নহয় কেৱল এগৰাকী ব্ৰাহ্মণীয়েহে মুৰুলী শুনাব লাগে। সকলোৱে মুৰুলী পঢ়ি শুনাব পাৰে। ক'ব লাগে - আজি তুমি শুনোৱা। এতিয়াতো প্ৰদৰ্শনীৰ চিত্ৰও বুজাব কাৰণে ভালদৰে তৈয়াৰ কৰা হৈছে। এই মুখ্য চিত্ৰসমূহ নিজৰ দোকানত ৰাখা, বহুতৰে কল্যাণ হ'ব। কোৱা, আহিলে আমি আপোনালোকক বুজাম। এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। কাৰোবাৰ কল্যাণ কৰিবৰ কাৰণে অলপ সময় গ’ল তাত কি লোকচান। সেই চুক্তিৰ লগত এইটো চুক্তি কৰাব পাৰা। এয়া বাবাৰ অবিনাশী জ্ঞান ৰত্নৰ দোকান। এক নম্বৰৰ হৈছে ছিৰিৰ চিত্ৰ আৰু গীতাৰ ভগৱান শিৱৰ চিত্ৰ। ভাৰতত শিৱ ভগৱান আহিছিল, যাৰ জয়ন্তী পালন কৰা হয়। এতিয়া পুনৰ সেই পিতা আহিছে। এই যজ্ঞও ৰচনা কৰা হৈছে। তোমালোক সন্তানসকলক ৰাজযোগৰ জ্ঞান শুনাই আছে। পিতাহে আহি ৰজাৰো ৰজা কৰি তোলে। পিতাই কয় - মই তোমালোকক সূৰ্যবংশী ৰজা-ৰাণী কৰি তোলোঁ, যিসকলক আকৌ বিকাৰী ৰজাসকলেও নমন কৰে। গতিকে স্বৰ্গৰ মহাৰজা-মহাৰাণী হ'বলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে। বাবাই কোনো ঘৰ আদি সজাত বাধা নিদিয়ে। লাগিলে সাজা। পইচাওতো মাটিত মিলি যাব, তাতকৈ কিয়নো বাৰু ঘৰ সাজি আৰামত নাথাকা। পইচা কামত লগাব লাগে। ঘৰো সাজা, খাবৰ কাৰণেও ৰাখা। দান-পুণ্যও কৰে। যেনেকৈ কাশ্মীৰৰ ৰজাই নিজৰ যি ব্যক্তিগত সম্পত্তি আছিল, সেই সকলোবোৰ আৰ্য সমাজৰসকলক দান কৰি দিলে। নিজৰ ধৰ্ম, জাতিৰ কাৰণে কৰে নহয়। ইয়াততো তেনেকুৱা কোনো কথা নাই। সকলো সন্তান। জাতি আদিৰ কথা নাই। সেয়া হৈছে দেহৰ জাতি। মইতো তোমালোক আত্মাসকলক বিশ্বৰ বাদশ্বাহী দিওঁ, পৱিত্ৰ কৰি তোলোঁ। ড্ৰামা অনুসৰি ভাৰতবাসীয়েহে ৰাজ্য-ভাগ্য ল'ব। এতিয়া তোমালোক সন্তানসকলে জানা - আমাৰ বৃহস্পতিৰ দশা চলি আছে। শ্ৰীমতে কয় - মামেকম্ স্মৰণ কৰা আৰু কোনো কথা নাই। ভক্তিমাৰ্গত বেপাৰীসকলে দান-পুণ্যৰ কাৰণে কিবা নহয় কিবা আছুতীয়াকৈ ৰাখে। তাৰ ফলো পৰৱৰ্তী জন্মত অল্পকালৰ কাৰণে প্ৰাপ্ত হয়। এতিয়াতো মই প্ৰত্যক্ষ ৰূপত আহিছোঁ, গতিকে তোমালোকে এই কাৰ্যত লগোৱা। মোকতো একো নালাগে। শিৱবাবাই জানো নিজৰ কাৰণে ঘৰ আদি নিৰ্মাণ কৰিব লাগে। এই সকলোবোৰ তোমালোক ব্ৰাহ্মণসকলৰ কাৰণে। গৰিব চহকী সকলো একেলগে থাকে। কোনো কোনো বিতুষ্ট হয় - ভগৱানৰো সমদৃষ্টি নাই। কাৰোবাক মহলত, কাৰোবাক জুপুৰিত ৰাখে। শিৱবাবাক পাহৰি যায়। যদি শিৱবাবাৰ স্মৃতিত থাকে তেন্তে কেতিয়াও এনেকুৱা কথা নক'ব। সকলোকে সুধিবলগীয়াতো হয় নহয়। দেখা যায় এওঁ ঘৰত ইমান আৰামত থাকে তেন্তে সেইদৰে প্ৰৱন্ধ কৰি দিবলগীয়া হয় সেয়েহে কয় - সকলোৰে শুশ্ৰূষা কৰা। কিবা বস্তু নাথাকিলে তেন্তে প্ৰাপ্ত হ’ব পাৰে। পিতাৰতো সন্তানসকলৰ প্ৰতি মৰম থাকে। ইমান মৰম অন্য কাৰো থাকিব নোৱাৰে। সন্তানসকলক কিমান বুজায় পুৰুষাৰ্থ কৰা। অন্যৰ কাৰণেও যুক্তি ৰচনা কৰা। ইয়াৰ বাবে লাগে তিনি পদ ভূমি, য'ত কন্যাসকলে বুজাই থাকিব। কোনোবা গণ্যমান্য ব্যক্তিৰ প্ৰেক্ষাগৃহ হওঁক, আমি কেৱল চিত্ৰ ৰাখি দিওঁ। এক-দুই ঘণ্টা পুৱা-গধূলি পাঠদান কৰি গুচি যাম। খৰচ সকলো আমাৰ, নাম আপোনাৰ হ'ব। বহুত আহি কড়িৰ পৰা হীৰাতুল্য হ'ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভিতৰত যি কাঁইট আছে সেয়া পৰীক্ষা কৰি আঁতৰাব লাগে। ৰামপুৰীলৈ যোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।

(2) অবিনাশী জ্ঞান ৰত্নৰ চুক্তি কৰি যিকোনো লোকৰে কল্যাণ কৰিবৰ কাৰণে সময় দিব লাগে। সুন্দৰ হ'ব লাগে আৰু কৰি তুলিব লাগে।

বৰদান:
তমোগুণী বায়ুমণ্ডলত নিজৰ স্থিতি একৰস, অচল-অটল কৰি ৰাখোঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা

দিনে-প্ৰতিদিনে পৰিস্থিতি অতি তমোপ্রধান হৈ যাব আৰু বায়ুমণ্ডল আৰু অধিক বেয়া হ'ব। এনেকুৱা বায়ুমণ্ডলত পদুম ফুলৰ দৰে উৰ্দ্ধত থকা, নিজৰ স্থিতি সতোপ্ৰধান কৰি তোলা – ইয়াৰ বাবে যথেষ্ট সাহস আৰু শক্তিৰ প্ৰয়োজন। যেতিয়া এইটো বৰদান স্মৃতিত থাকে যে মই মাষ্টৰ সৰ্বশক্তিমান হওঁ, তেতিয়া প্ৰকৃতিৰ দ্বাৰাই হওক, লৌকিক সম্বন্ধৰ দ্বাৰাই হওক বা দৈৱী পৰিয়ালৰ দ্বাৰাই হওক — যিকোনো পৰীক্ষা আহিলেও তেতিয়া সদায় একৰস, অচল-অটল হৈ থাকিবা।

স্লোগান:
বৰদাতা পিতাক নিজৰ প্ৰকৃত সাৰথি কৰি লোৱা, তেতিয়া বৰদানেৰে জোলোঙা ভৰপূৰ হৈ থাকিব।


অব্যক্ত ইংগিত: একতা আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা

এই পৰমাত্ম-জ্ঞানৰ দ্বাৰাই বিশ্বত এক ধৰ্ম, এক ৰাজ্য আৰু এক মত প্ৰতিষ্ঠা হয়। তোমালোকৰ এই ব্ৰাহ্মণ সংগঠনৰ একমতৰ যি বিশেষত্ব সেয়া দেৱতা ৰূপত বাস্তৱত চলে। এই বিশেষত্বই চমৎকাৰ কৰিব, ইয়াৰ দ্বাৰাই নাম প্ৰসিদ্ধ হ’ব আৰু প্ৰত্যক্ষতা হ’ব। গতিকে এইটো বিশেষত্বত এক নম্বৰ হোৱা। ইয়াৰ বাবে নিজৰ যি মূল সংস্কাৰ আছে সেয়া নাইকিয়া কৰি বাপদাদাৰ সংস্কাৰ নকল কৰি সমান আৰু সম্পূৰ্ণ হোৱা, তেতিয়া প্ৰত্যেকৰ মাজত পিতা দৃশ্যমান হ’ব আৰু প্ৰত্যক্ষতা হ’ব।