19.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে এই পুৰণি সৃষ্টি, পুৰণা শৰীৰৰ পৰা জীৱন্তে মৰি ঘৰলৈ যাব লাগে, সেইকাৰণে দেহ-অভিমান এৰি দেহী-অভিমানী হোৱা”

প্ৰশ্ন:
ভাল ভাল পুৰুষাৰ্থী সন্তানসকলৰ লক্ষণ কেনেকুৱা হ’ব?

উত্তৰ:
যিসকল ভাল পুৰুষাৰ্থী তেওঁলোকে ৰাতিপুৱা (অমৃতবেলা) উঠি দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰিব। তেওঁলোকে এজন পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰিব। তেওঁলোকৰ লক্ষ্য থাকিব যাতে অন্য কোনো দেহধাৰী স্মৃতিলৈ নাহে, নিৰন্তৰ পিতা আৰু 84ৰ চক্ৰৰ স্মৃতি থাকিব। এয়াও অতি সৌভাগ্যৰ কথা বুলি কোৱা হ’ব।

ওঁম্শান্তি।
এতিয়া তোমালোক সন্তানসকল জীৱন্তে মৰিছা। কেনেকৈ মৰিছা? দেহ-অভিমান এৰি দিলা বাকী থাকিল আত্মা। শৰীৰতো শেষ হৈ যায়। আত্মা নমৰে। পিতাই কয় জীৱন্তে নিজক আত্মা বুলি বুজা আৰু পৰমপিতা পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়িলে আত্মা পৱিত্ৰ হৈ যাব। যেতিয়ালৈকে আত্মা সম্পূৰ্ণ পৱিত্ৰ নহয় তেতিয়ালৈকে পৱিত্ৰ শৰীৰ পাব নোৱাৰে। আত্মা পৱিত্ৰ হৈ গ’লে এই পুৰণা শৰীৰ নিজেই এৰি দিব, যেনেকৈ সাপৰ মোট নিজেই এৰি যায়, তালৈ মমত্ব নাথাকে, সাপে জানে যে নতুন শৰীৰ পাইছোঁ, পুৰণা এৰি গৈছে। প্ৰত্যেকৰে নিজৰ নিজৰ বুদ্ধি আছে নহয়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি জীৱন্তে এই পুৰণি সৃষ্টিৰ পৰা, পুৰণা শৰীৰৰ পৰা মৰি গৈছোঁ আকৌ তোমালোক আত্মাসকলে শৰীৰ এৰি ক’লৈ যাবা? নিজৰ ঘৰলৈ। সৰ্ব প্ৰথমে এইটো নিশ্চয় হ’ব লাগে যে আমি আত্মা, শৰীৰ নহয়। আত্মাই কয় - বাবা, মই আপোনাৰ হৈ গ’লোঁ, জীৱন্তে মৰি গ’লোঁ। এতিয়া আত্মাই আজ্ঞা পাইছে যে মোক পিতাক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। স্মৃতিৰ এইটো অভ্যাস দৃঢ় হ’ব লাগে। আত্মাই কয় - বাবা আপুনি আহিছে যেতিয়া আমি আপোনাৰেই হ’ম। আত্মা পুৰুষ, স্ত্ৰী নহয়। সদায় এনেকৈ কয় যে আমি ভাই ভাই, এনেকৈ জানো কয় যে আমি সকলো ভনী, সকলো (পুত্ৰ) সন্তান। সকলো সন্তানেই উত্তৰাধিকাৰ পায়। যদি নিজকে কন্যা বুলি কোৱা তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাবা? আত্মাসকল সকলো ভাই ভাই। পিতাই সকলোকে কয় - আত্মিক সন্তানসকল, মোক স্মৰণ কৰা। আত্মা কিমান সূক্ষ্ম। এইটো অতি গূঢ় বুজিবলগীয়া কথা। সন্তানসকলৰ স্মৃতি একৰস হৈ নাথাকে। সন্ন্যাসী লোকে দৃষ্টান্ত দিয়ে - মই ম’হ, মই ম’হ…. এনেকৈ কৈ থাকিলে ম’হেই হৈ যায়। এতিয়া বাস্তৱত সঁচাকৈ কোনোবা ম’হ হৈ যায় জানো। পিতাইতো কয় নিজক আত্মা বুলি বুজা। এই আত্মা আৰু পৰমাত্মাৰ জ্ঞানতো কাৰো নাই সেইকাৰণে এইবোৰ কথা কৈ থাকে। এতিয়া তোমালোক দেহী-অভিমানী হ’ব লাগে, মই আত্মা, এই পুৰণা শৰীৰ এৰি গৈ নতুন ল’ব লাগে। মনুষ্যই মুখেৰে কয়ো যে আত্মা তৰা, ভ্ৰূকুটিৰ মাজত থাকে। আকৌ কৈ দিয়ে বুঢ়া আঙুলিটোৰ নিচিনা। এতিয়া ক’ত তৰা, ক’ত বুঢ়া আঙুলি। আকৌ গৈ মাটিৰ শালগ্ৰাম সাজে, ইমান ডাঙৰ আত্মাতো হ’ব নোৱাৰে। মনুষ্য দেহ-অভিমানী হোৱা বাবে সাজেও ডাঙৰকৈ। এইটো অতি সূক্ষ্ম গূঢ় কথা। ভক্তিও মনুষ্যই একান্তত, কোঠাত বহি কৰে। তোমালোকেতো গৃহস্থালিত থাকি, পেছাগত কাম-কাজ আদি কৰিও বুদ্ধিত এইটো দৃঢ় কৰিব লাগে যে মই আত্মা। পিতাই কয় - মই তোমালোকৰ পিতাও ইমানেই সূক্ষ্ম বিন্দু। এনেকুৱা নহয় যে মই ডাঙৰ। মোৰ সকলো জ্ঞান আছে। আত্মা আৰু পৰমাত্মা দুয়ো একে নিচিনাই, মাত্ৰ তেওঁক সৰ্বোচ্চ বুলি কোৱা হয়। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পিতাই কয় - মইতো অমৰ হওঁ। মই অমৰ নহ’লে তোমালোকক কেনেকৈ পাৱন কৰি তুলিম। তোমালোকক মৰমৰ সন্তান বুলি কেনেকৈ ক’ম। আত্মায়েই সকলো কৰে। পিতা আহি দেহী-অভিমানী কৰি তোলে, ইয়াতেই পৰিশ্ৰম হয়। পিতাই কয় - মোক স্মৰণ কৰা, আৰু কাকো স্মৰণ নকৰিবা। যোগীতো জগতত বহুত আছে। কন্যাৰ বাগদান হ’লে তেতিয়া আকৌ পতিৰ সৈতে যোগসূত্ৰ উঠে নহয়। আগতে নাথাকে। পতিক দেখাৰ পাছৰ পৰা তেওঁৰ স্মৃতিত থাকে। এতিয়া পিতাই কয় - মামেকম্ (এক মাত্ৰ মোকেই) স্মৰণ কৰা। এইটো বহুত ভালকৈ অভ্যাস কৰিব লাগে। যি সকল ভাল ভাল পুৰুষাৰ্থী সন্তান আছে তেওঁলোক পুৱাতে উঠি দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰিব। ভক্তিও পুৱাই নকৰে জানো। নিজৰ নিজৰ ইষ্টদেৱক স্মৰণ কৰে। হনুমানকো পূজা কৰে কিন্তু একো নাজানে। পিতা আহি বুজাইছে - তোমালোকৰ বুদ্ধি বান্দৰৰ নিচিনা হৈ গ’ল। এতিয়া আকৌ তোমালোক দেৱতা হৈ আছা। এতিয়া এইখন হ’ল পতিত তমোপ্ৰধান সৃষ্টি। এতিয়া তোমালোক আহিছা বেহদৰ পিতাৰ ওচৰলৈ। মইতো পুনৰ জন্মত নাহোঁ। এই শৰীৰ এইজন দাদাৰহে। মোৰ কোনো শৰীৰৰ নাম নাই। মোৰ নামেই হ’ল কল্যাণকাৰী শিৱ। তোমালোক সন্তানসকলে জানা কল্যাণকাৰী শিৱবাবা আহি নৰকক স্বৰ্গ কৰি তোলে। কিমানৰ কল্যাণ কৰে। নৰকৰ একেবাৰে বিনাশ কৰি দিয়ে। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা এতিয়া স্থাপনা হৈ আছে। এয়া হ’ল প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী। চলা-ফুৰা কৰোতে এজনে আনজনক সাৱধান কৰিব লাগে – ‘মনমনাভৱ’। পিতাই কৈছে - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। পতিত পাৱনতো পিতাহে নহয় জানো। তেওঁলোকে ভুলতে ভগৱানুবাচৰ সলনি শ্ৰীকৃষ্ণ ভগৱানুবাচ লিখি দিছে। ভগৱানতো নিৰাকাৰ, তেওঁক পৰমপিতা পৰমাত্মা বুলি কয়। তেওঁৰ নাম হ’ল শিৱ। শিৱৰ পূজাও বহুত হয়। শিৱ কাশী, শিৱ কাশী বুলি কৈয়ে থাকে। ভক্তিমাৰ্গত অনেক প্ৰকাৰৰ নাম ৰাখি দিছে। উপাৰ্জনৰ কাৰণে অনেক মন্দিৰ নিৰ্মাণ কৰিছে। আচল নাম হ’ল শিৱ। আকৌ সোমনাথ বুলি কয়, সোমনাথ, সোমৰস পান কৰায়, জ্ঞানধন দিয়ে। আকৌ যেতিয়া পূজাৰী হয় তেতিয়া তেওঁৰ মন্দিৰ নিৰ্মাণত কিমান খৰচ কৰে কাৰণ সোমৰস দিছিল নহয়, সোমনাথৰ সৈতে সোমনাথনীও থাকিব। যথা ৰজা-ৰাণী তথা প্ৰজা সকলো সোমনাথ সোমনাথনী। তোমালোকে সোণৰ সৃষ্টিলৈ যোৱা। তাত সোণৰ ইটা থাকে। নহ’লে বেৰ আদি কিহেৰে সাজিব! বহুত সোণ থাকে সেইকাৰণে তাক সোণৰ সৃষ্টি বুলি কোৱা হয়। এয়া হ’ল লোহা, পাথৰৰ সৃষ্টি, স্বৰ্গৰ নাম শুনিলেই মুখত পানী আহি যায়। বিষ্ণুৰ দুটি ৰূপ লক্ষ্মী-নাৰায়ণ বেলেগ বেলেগ হ’ব নহয়। তোমালোক বিষ্ণুপুৰীৰ মালিক হোৱা। এতিয়া তোমালোক ৰাৱণ পুৰীত আছা। সেয়েহে এতিয়া পিতাই কয় কেৱল নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। পিতাও পৰমধামত থাকে, তোমালোক আত্মাসকলো পৰমধামত থাকা। পিতাই কৈছে তোমালোকক কোনো কষ্ট নিদিওঁ। বহুত সহজ। বাকী এই ৰাৱণ শত্ৰু তোমালোকৰ সন্মুখত ঠিয় হৈ আছে। ইয়েই বিঘিনি দিয়ে। জ্ঞানত বিঘিনি নাহে, বিঘিনি আহে যোগত। বাৰে বাৰে মায়াই স্মৃতি পাহৰাই দিয়ে। দেহ-অভিমানত আনি দিয়ে। পিতাক স্মৰণ কৰিবলৈ নিদিয়ে, এই যুদ্ধ চলি থাকে। পিতাই কয় তোমালোক কৰ্মযোগীতো হোৱাই। ঠিক আছে দিনত স্মৰণ কৰিব নোৱাৰা যদি ৰাতি স্মৰণ কৰা। ৰাতিৰ অভ্যাস দিনতো কামত আহিব।

নিৰন্তৰ স্মৃতিত থাকিব লাগে - যিজন পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে, মই তেওঁক স্মৰণ কৰোঁনে! পিতাৰ স্মৃতি আৰু 84 জন্মৰ চক্ৰৰ স্মৃতি থাকিলে তেতিয়া অতি সৌভাগ্যৰ কথা। আনকো শুনাব লাগে- ভাইসকল আৰু ভনীসকল, এতিয়া কলিযুগ শেষ হৈ সত্যযুগ আহি আছে। পিতা আহিছে, সত্যযুগৰ কাৰণে ৰাজযোগ শিকাই আছে। কলিযুগৰ পাছত সত্যযুগ আহিব। এজন পিতাৰ বাহিৰে আৰু কাকো স্মৰণ কৰিব নালাগে। যি সকল বানপ্ৰস্থী তেওঁলোক গৈ সন্ন্যাসীসকলৰ সংগ লয়। বানপ্ৰস্থ, তাত বাণীৰ কাম নাই। আত্মা শান্ত হৈ থাকে। লীন হৈ যাব নোৱাৰে। ড্ৰামাৰ পৰা কোনো ভাৱৰীয়া ওলাই যাব নোৱাৰে। এইটোও পিতাই বুজাইছে- এজন পিতাৰ বাহিৰে আৰু কাকো স্মৰণ কৰিব নালাগে। দেখিলেও স্মৰণ নকৰিবা। এই পুৰণি সৃষ্টিতো বিনাশ হৈ যাব, কৱৰস্থান নহয় জানো। মৃতকক কেতিয়াবা স্মৰণ কৰে জানো! পিতাই কৈছে এই সকলোবোৰ মৰি পৰি আছে। মই আহিছোঁ, পতিতক পাৱন কৰি লৈ যাওঁ। ইয়াত এই সকলোবোৰ শেষ হৈ যাব। আজিকালি বোমা আদি যি বিলাক তৈয়াৰ কৰে, বহুত শক্তিশালীকৈ তৈয়াৰ কৰি থাকে। কয় ইয়াত বহি যাৰ ওপৰত নিক্ষেপ কৰিম তাতেই পৰিবগৈ। এয়া নিৰ্ধাৰিত হৈ আছে, পুনৰাই বিনাশ হ’বই। ভগৱান আহিছে - নতুন সৃষ্টিৰ কাৰণে ৰাজযোগ শিকাই আছে। এয়া মহাভাৰতৰ যুদ্ধ, শাস্ত্ৰত যাৰ গায়ন কৰা হৈছে। যথাযথ স্থাপনা আৰু বিনাশ কৰিবলৈ ভগৱান আহিছে। চিত্ৰও স্পষ্ট। তোমালোকে সাক্ষাৎকাৰ কৰি আছা - আমি এয়া হ’মগৈ। ইয়াৰ এই পঢ়া শেষ হৈ যাব। তাততো বেৰিষ্টাৰ ডাক্তৰ আদিৰ দৰকাৰ নাই। তোমালোকেতো ইয়াৰ পৰা উত্তৰাধিকাৰ লৈ যোৱা। সকলো ক’লাও ইয়াৰ পৰাই লৈ যাবা। ঘৰ সজাত পাকৈত হ’লে তেতিয়া তাত সাজিবগৈ। বজাৰ আদি নাথাকিব জানো। কাম চলিব নহয়। ইয়াতেই শিকা কলা-কৌশল লৈ যাব। বিজ্ঞানৰ পৰাও ভাল ক’লা শিকে। এই সকলোবোৰ তাত কামত আহিব। প্ৰজা হ’বগৈ। তোমালোক সন্তানসকলতো প্ৰজা হ’ব নালাগে। তোমালোক আহিছাই বাবা-মাম্মাৰ সিংহাসনৰ অধিকাৰী হ’বলৈ। পিতাই যি শ্ৰীমত দিছে, সেইমতে চলিব লাগে। সৰ্বোত্তম শ্ৰীমততো এটাই দিয়ে যে মোক স্মৰণ কৰা। কাৰোবাৰ ভাগ্য অনায়াসে উদয় হৈ যায়। কিবা কাৰণ নিমিত্ত হৈ যায়। কুমাৰীসকলকো বাবাই কয় বিয়া হ’লেতো সৰ্বনাশ হৈ যাব। এইটো গাঁতত নপৰিবা। তোমালোকে জানো পিতাৰ কথা নামানিবা! স্বৰ্গৰ মহাৰাণী নহ’বা জানো! নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে যে মই সেইখন জগতলৈ কেতিয়াও নাযাওঁ। সেইখন জগতক স্মৃতিলৈও নানোঁ। শ্মশানক জানো কেতিয়াবা স্মৃতিলৈ আনে! ইয়াততো তোমালোকে কোৱা – যিমান সোনকালে শৰীৰ এৰিম সিমান সোনকালে আমি আমাৰ স্বৰ্গলৈ যাব পাৰিম। এতিয়া 84 জন্ম পূৰা হ’ল, এতিয়া আমি নিজৰ ঘৰলৈ যাওঁ। আনকো শুনাব লাগে। এইটোও বুজি পোৱা যে বাবাৰ বাহিৰে সত্যযুগৰ বাদশ্বাহী কোনেও দিব নোৱাৰে।

এই ৰথৰো কৰ্মভোগ আছে নহয়। বাপদাদাৰো পৰস্পৰ কেতিয়াবা বাৰ্তালাপ চ’লে - এই বাবাই (ব্ৰহ্মা বাবাই) কয় - বাবা আশীৰ্বাদ দি দিয়ক। কাহৰ কাৰণে কিবা ঔষধ দিয়ক নহ’লে ছু-মন্ত্ৰ কৰি উৰুৱাই দিয়ক। তেতিয়া কয় - নহয়, এয়াতো ভুগিবই লাগিব। তোমাৰ এইখন ৰথ লওঁ, তাৰ বিনিময়ততো দিওঁয়েই, বাকী এয়াতো তোমাৰ হিচাপ-নিকাচ। অন্তিমলৈকে কিবা নহয় কিবা হৈয়েই থাকিব। তোমাক আশীৰ্বাদ দিলে সকলোকে দিব লাগিব। আজি এই কন্যাটি ইয়াত বহি আছে, কালিলৈ ৰেল দুৰ্ঘটনা হৈ গ’লে মৃত্যু হৈ যায়, বাবাই ড্ৰামা বুলি ক’ব। এনেকৈতো ক’ব নোৱাৰে যে বাবাই আগতে কিয় নক’লে। এনেকুৱা নিয়ম নাই। মইতো পতিতৰ পৰা পাৱন কৰি তুলিবলৈ আহোঁ। এয়া ক’বলৈ আহিছোঁ ব্জানো। এই হিচাপ-নিকাচতো তোমালোকে নিজেই নিষ্পত্তি কৰিব লাগিব। ইয়াত আশীৰ্বাদৰ কথা নাই। ইয়াৰ কাৰণে সন্ন্যাসীসকলৰ ওচৰলৈ যোৱা। বাবাইতো এটাই কথা কয়। মোক এইকাৰণেই আহ্বান জনাইছা যে আহি আমাক নৰকৰ পৰা স্বৰ্গলৈ লৈ যাওঁক। “পতিত-পাৱন সীতাৰাম” বুলি এটা গীতো আছে। কিন্তু ওলোটা অৰ্থ উলিয়াই দিলে। আকৌ বহি ৰামৰ মহিমা কৰে - ৰঘুপতি ৰাঘৱ ৰজা ৰাম…। পিতাই কয় এই ভক্তিমাৰ্গত তোমালোকে কিমান পইচা হেৰুৱালা কৰিলা। এটা গীতো আছে নহয় – কি হাঁহি উঠা কথা দেখিলোঁ… দেৱীসকলৰ মূৰ্তি সাজি পূজা কৰি আকৌ সমুদ্ৰত ডুবাই দিয়ে। এতিয়া বুজি পাইছোঁ - কিমান পইচা অপচয় কৰোঁ, আকৌ এনেকুৱা হ’ব। সত্যযুগততো এনেকুৱা কাম নহয়েই। চেকেণ্ডৰ পাছত চেকেণ্ড নিৰ্ধাৰিত হৈ আছে। কল্পৰ পাছত আকৌ এয়াই কথা পুনৰাবৃত্তি হ’ব। ড্ৰামাখনক বৰ ভালকৈ বুজিব লাগে। বাৰু, কোনোবাই যদি বেছিকৈ স্মৰণ কৰিব নোৱাৰে তেন্তে পিতাই কয় ‘অল্ফ’ আৰু ‘বে’, পিতা আৰু বাদশ্বাহীক স্মৰণ কৰা। ভিতৰত এইটোৱে চিন্তন কৰি থাকা যে মই আত্মা কেনেকৈ 84ৰ চক্ৰ পৰিক্ৰমা লগাই আহিছোঁ। চিত্ৰ বিলাকৰ ওপৰত বুজোৱা, বহুত সহজ। এয়া হ’ল আত্মিক সন্তানসকলৰ সৈতে বাৰ্তালাপ। পিতাই সন্তানসকলৰ সৈতেহে বাৰ্তালাপ কৰে। আন কাৰো লগত কৰিব নোৱাৰে। পিতাই কয়- নিজক আত্মা বুলি বুজা। আত্মাইহে সকলো কৰে। পিতাই সোঁৱৰাই দিয়ে, তোমালোকে 84জন্ম লৈছা। মনুষ্যই হৈছা। যেনেকৈ পিতাই অধ্যাদেশ জাৰি কৰে যে বিকাৰগ্ৰস্ত হ’ব নালাগে, তেনেকৈ এইটোও অধ্যাদেশ জাৰি কৰে যে কোনেও কান্দিব নালাগে। সত্যযুগ-ত্ৰেতাত কোনেও নাকান্দে, শিশুৱেও নাকান্দে। কন্দাৰ হুকুম নাই। সেইখন হয়েই হৰ্ষিত হৈ থকাৰ জগত। তাৰ সকলো অভ্যাস ইয়াতেই কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা আশীৰ্বাদ বিচৰাৰ পৰিৱৰ্তে স্মৃতিৰ যাত্ৰাৰে নিজৰ হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে। পাৱন হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে। এই ড্ৰামাখনক যথাৰ্থ ৰীতিৰে বুজিব লাগে।

(2) এই পুৰণি সৃষ্টিখনক দেখিও স্মৃতিলৈ আনিব নালাগে। কৰ্মযোগী হ’ব লাগে। সদায় হৰ্ষিত হৈ থকাৰ অভ্যাস কৰিব লাগে। কেতিয়াও কান্দিব নালাগে।

বৰদান:
প্ৰবৃত্তিত থাকি ‘মোৰ’ বোধ ত্যাগ কৰোঁতা প্ৰকৃতাৰ্থত নিমিত্ত, মায়াজিৎ হোৱা

যেনেকৈ আৱৰ্জনাত পোক জন্ম হয় তেনেকৈ যেতিয়া ‘মোৰ’ বোধ জাগে তেতিয়া মায়াৰ জন্ম হয়। মায়াজিৎ হোৱাৰ সহজ উপায় হৈছে - নিজক সদায় নিমিত্ত বুলি বুজা। ব্ৰহ্মাকুমাৰ মানে নিমিত্ত, নিমিত্তজনৰ কাৰো প্ৰতি আসক্তি থাকিব নোৱাৰে কিয়নো তেওঁলোকৰ ‘মোৰ’ বোধ নাথাকে। গৃহস্থী বুলি বুজিলে মায়া আহিব আৰু নিমিত্ত বুলি বুজিলে মায়া আঁতৰি যাব সেয়েহে অনাসক্ত হৈ পুনৰ প্ৰবৃত্তিৰ কাৰ্যত আহা তেতিয়া মায়া প্ৰতিৰোধী হৈ থাকিবা।

স্লোগান:
য’ত অভিমান থাকে ত’ত অপমানৰ অনুভৱ নিশ্চয় হয়।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

তোমালোকৰ আন্তৰিক স্বচ্ছতা, সত্যতা উঠোঁতে, বহোঁতে, কওঁতে, সেৱা কৰোঁতে অন্য লোকৰ অনুভৱ হওঁক তেতিয়াহে পৰমাত্ম প্ৰত্যক্ষতাৰ নিমিত্ত হ’ব পাৰিবা, ইয়াৰ বাবে পৱিত্ৰতাৰ শিখা সদায় যাতে জ্বলি থাকে। অলপো যাতে অস্থিৰ নহয়, যিমানে পৱিত্ৰতাৰ শিখা অবিচলিত হৈ থাকিব সিমান সহজে সকলোৱে পিতাক চিনিব পাৰিব।