19.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সকলোতকৈ মূল সেৱা হৈছে পিতাৰ স্মৃতিত থকা আৰু অন্যক পিতাৰ স্মৃতি সোঁৱৰাই দিয়া, তোমালোকে যিকোনো লোককে পিতাৰ পৰিচয় দি তেওঁলোকৰ কল্যাণ কৰিব পাৰা”

প্ৰশ্ন:
কোনটো এটা সৰু অভ্যাসেও বহুত ডাঙৰ অৱজ্ঞা কৰাই দিয়ে? তাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

উত্তৰ:
যদি কাৰোবাৰ কিবা লুকুৱাৰ বা চুৰি কৰাৰ অভ্যাস আছে তেতিয়াও বহুত ডাঙৰ অৱজ্ঞা হৈ যায়। কোৱা হয় – খেৰ কুটা চুৰি কৰাজনো চোৰ লাখ টকা চুৰি কৰজনো চোৰ। লোভৰ বশীভূত হৈ ভোক লাগিলে নোসোধাকৈয়ে খাই দিয়া, চোৰ কৰা – এইটো বহুত বেয়া অভ্যাস। এইটো অভ্যাসৰ পৰা ৰক্ষা পাবলৈ পিতা ব্ৰহ্মাৰ সমান নিমিত্ত হোৱা। এনেকুৱা যিবোৰ অভ্যাস আছে সেয়া পিতাক সঁচাকৈ কৈ দিয়া।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজাইছে। সন্তানসকলে জানে আমি বেহদৰ পিতাৰ সন্মূখত বহি আছোঁ। আমি হ’লোঁ ঈশ্বৰীয় পৰিয়ালৰ। ঈশ্বৰ হ’ল নিৰাকাৰ। এইটোও জানা, তোমালোক আত্ম-অভিমানী হৈ বহিছা। এতিয়া ইয়াত কোনো বিজ্ঞানৰ চমৎকাৰ বা হঠযোগ আদি কৰাৰ কথা নাই। এয়া হৈছে বুদ্ধিৰ কাম। এই শৰীৰৰ একো কাম নাই। হঠযোগত শৰীৰৰ কাম থাকে। ইয়াত সন্তান বুলি বুজি আমি পিতাৰ সন্মূখত বহি আছোঁ। এইটো জানা যে পিতাই আমাক পঢ়াই আছে। পিতাই প্ৰথমে কয়- নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, তেতিয়া মৰমৰ সন্তানসকল, তোমালোকৰ সকলো পাপ খণ্ডন হ'ব। আৰু চক্ৰ ঘূৰোৱা, আনৰ সেৱা কৰি নিজৰ সমানকৈ গঢ়ি তোলা। পিতাই বহি এজন এজনক প্ৰত্যক্ষ কৰে যে এওঁ কি সেৱা কৰি আছে। স্থূল সেৱা কৰেনে, সূক্ষ্ম সেৱা কৰে নে মূল সেৱা কৰে। এজন এজনক প্ৰত্যক্ষ কৰে। এওঁ সকলোকে পিতাৰ পৰিচয় দিয়েনে? এইটো হৈছে মূল কথা। প্ৰতিগৰাকী সন্তানক পিতাৰ পৰিচয় দিয়েনে? আনকো বুজাইনে যে পিতাই কৈছে - মোক স্মৰণ কৰিলে তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হ'ব। কিমান দূৰ এইটো সেৱাত থাকে? নিজৰ সৈতে তুলনা কৰেনে, সকলোতকৈ বেছি সেৱা কোনে কৰে? কিয়নো মই এওঁতকৈ বেছি সেৱা নকৰো! এওঁতকৈ বেছি স্মৃতিৰ যাত্ৰাত দৌৰিব পাৰোঁ নে নোৱাৰোঁ? প্ৰত্যেককে পিতাই লক্ষ্য কৰে। পিতাই প্ৰতিজনৰে খবৰ সোধে - কি কি সেৱা কৰে? কাৰোবাক পিতাৰ পৰিচয় দি তেওঁৰ কল্যাণ কৰেনে? সময় নষ্টতো নকৰে? এইটোৱেই হৈছে মূল কথা, এই সময়ত সকলো মাউৰা। বেহদৰ পিতাক কোনেও নাজানে। পিতাৰ পৰা উত্তৰাধিকাৰতো নিশ্চয় পায়। তোমালোক সন্তানসকলৰ বুদ্ধিত মুক্তি-জীৱনমুক্তি ধাম দুয়োটা আছে। সন্তানসকলে এইটোও বুজিব লাগে যে এতিয়া আমি পঢ়ি আছোঁ। আকৌ স্বৰ্গত আহি জীৱনমুক্তিৰ ৰাজ্য-ভাগ্য ল'ম। বাকী ইমানবোৰ আত্মা যিবোৰ বেলেগ ধৰ্মৰ হয় সেয়াতো কোনোৱেই নাথাকিব। কেৱল আমিয়ে এই ভাৰতত থাকিম। পিতাই বহি সন্তানসকলক শিকায় - বুদ্ধিত কি কি থাকিব লাগে। ইয়াত তোমালোক সংগমযুগত বহি আছা গতিকে খোৱা-বোৱাও শুদ্ধ পৱিত্ৰ নিশ্চয় হ'ব লাগে। জানা যে আমি ভৱিষ্যতে সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ, সম্পূৰ্ণ নিৰ্বিকাৰী হ'মগৈ। এই মহিমা হৈছে শৰীৰধাৰী আত্মাৰ, কেৱল আত্মাৰ মহিমাতো নহয়। প্ৰত্যেক আত্মাৰ ভূমিকা নিজা নিজা, যিটো ইয়াত আহি পালন কৰে। তোমালোকৰ বুদ্ধিত লক্ষ্য-উদ্দেশ্য আছে, আমি এওঁলোকৰ নিচিনা হ'ব লাগে। পিতাৰ আজ্ঞা হৈছে - সন্তানসকল পৱিত্ৰ হোৱা। সুধিব কেনেকৈ পৱিত্ৰ হৈ থাকিম? কিয়নো মায়াৰ ধুমুহা বহুত আহে। বুদ্ধি ক’ত ক’ত গুচি যায়। ইয়াক কেনেকৈ এৰিম? সন্তানসকলৰ বুদ্ধিতো চলে নহয়। আৰু কাৰো বুদ্ধি নচলে। পিতা, শিক্ষক, গুৰুও তোমালোকে পাইছা। এইটোও তোমালোকে জানা – ভগৱান হৈছে উচ্চতকৈও উচ্চ। তেওঁ পিতা, শিক্ষক, জ্ঞানৰ সাগৰো হয়। পিতা আহিছে আমি আত্মাসকলক লগত লৈ যাবলৈ। সত্যযুগত বহুত কম দেৱী-দেৱতা থাকে। এই কথাবোৰ তোমালোকৰ বাহিৰে আৰু কাৰো বুদ্ধিত নাথাকে। তোমালোকৰ বুদ্ধিত আছে বিনাশৰ পাছত আমি বহুত কম সংখ্যকহে থাকিম। বাকী ইমান ধৰ্ম, খণ্ড আদি নাথাকিব। আমিয়ে বিশ্বৰ মালিক হ'মগৈ। আমাৰ এখনেই ৰাজ্য হ’ব। বহুত সুখৰ ৰাজ্য হ’ব। বাকী তাত অনেক পদবীধাৰী থাকিব। মোৰ কি পদ হ'ব? মই কিমান আত্মাৰ সেৱা কৰোঁ? পিতায়ো সোধে। এনেকুৱা নহয়, যে পিতা অন্তৰ্যামী। সন্তানসকলে প্ৰত্যেকে নিজেই বুজিব পাৰে - মই কি কৰি আছোঁ? নিশ্চয় বুজি পায় যে প্ৰথম নম্বৰত সেৱা এই দাদাই কৰি আছে - শ্ৰীমত অনুসৰি। বাৰে বাৰে পিতাই বুজায় – মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজা, দেহ-অভিমান এৰা। আত্মা বুলি কিমান সময় ভাবা? এইটো দৃঢ় কৰিব লাগে - মই আত্মা হওঁ। পিতাক স্মৰণ কৰিব লাগে। ইয়াৰ দ্বাৰাই বৈতৰণী পাৰ হয়। স্মৰণ কৰোঁতে কৰোঁতে পুৰণা সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ গুচি যাবাগৈ। এতিয়া বাকী অলপ সময় আছে। আকৌ আমি নিজৰ সুখধামলৈ যাম। মুখ্য হৈছে আত্মিক সেৱা – সকলোকে পিতাৰ পৰিচয় দিয়া, এইটো হৈছে সকলোতকৈ সহজ কথা। স্থূল সেৱা কৰোঁতে, ভোজন ৰান্ধোঁতে, ভোজন খাওঁতেও পৰিশ্ৰম হয়। ইয়াততো পৰিশ্ৰমৰ কোনো কথা নাই। মাত্ৰ নিজক আত্মা বুলি বুজিব লাগে। আত্মা অবিনাশী, শৰীৰ বিনাশী। আত্মাইহে সকলো ভূমিকা পালন কৰে। এই শিক্ষা পিতাই এবাৰেই আহি দিয়ে যেতিয়া বিনাশৰ সময় হয়। নতুন সৃষ্টি হয়েই দেৱী-দেৱতাৰ। তালৈ নিশ্চয় যাব লাগে। বাকী গোটেই জগত শান্তিধামলৈ যাব লাগিব, এই পুৰণা সৃষ্টি নাথাকিব। তোমলোক নতুন সৃষ্টিত থাকিলে পুৰণা সৃষ্টি স্মৃতিলৈ আহিবনে? একোৱে নাহিব। তোমালোক স্বৰ্গতে থাকিবা, ৰাজত্ব কৰিবা। এইটো কথা বুদ্ধিত থাকিলে আনন্দিত হয়। স্বৰ্গক অনেক নাম দিয়া হয়। নৰককো অনেক নাম দিছে - পাপ আত্মাৰ সৃষ্টি, নৰক, দুখধাম। এতিয়া তোমালোক সন্তানসকলে জানা বেহদৰ পিতা এজনেই। আমি তেওঁৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তান, সেয়েহে এনেকুৱা পিতাৰ প্ৰতি বহুত প্ৰেম থকা উচিত। পিতাৰো সন্তানসকলৰ প্ৰতি বহুত প্ৰেম আছে, যিয়ে বহুত সেৱা কৰে, কাঁইটক ফুল কৰি তোলে। মনুষ্যৰ পৰা দেৱতা হ'ব লাগে নহয়। পিতা নিজে নহয়, আমাক গঢ়ি তুলিবলৈ আহিছে, সেয়েহে ভিতৰি বহুত আনন্দিত হ'ব লাগে। স্বৰ্গত মই কি পদ পাম? মই কি সেৱা কৰোঁ? ঘৰত চাকৰ-বাকৰ আছে, তেওঁলোককো পৰিচয় দিব লাগে। যিয়ে নিজে সংযোগত আহে তেওঁক শিক্ষা দিব লাগে। সকলোৰে সেৱা কৰিব লাগে নহয় – অবলাসকলৰ, গৰিবসকলৰ, নীচ জাতিৰসকলৰ। গৰিবতো বহুত আছে, তেওঁলোক শুধৰণি হৈ যাব, কোনো পাপ আদি নকৰিব। নহ'লে পাপ কৰ্ম কৰি থাকিব। দেখিছাই মিছা কথা কোৱা, চুৰি কৰা আদি কিমান হয়। চাকৰ বিলাকেও চুৰ কৰে। নহ'লে ঘৰত ল'ৰা-ছোৱালী আছে, তলা কিয় লগাব লাগে! আজিকালিৰ ল'ৰাও চোৰ হৈ যায়। কিবা নহয় কিবা লুকুৱাই লৈ যায়। কাৰোবাৰ ভোক লাগিলে লোভতে খাই দিয়ে। লুভীয়া মানুহে নিশ্চয় কিবা চুৰ কৰি খাব। এয়াতো শিববাবাৰ ভঁৰাল, ইয়াত সাধাৰণ বস্তু এটাও চুৰ কৰিব নালাগে। ব্ৰহ্মাতো নিমিত্ত হয়। বেহদৰ পিতা ভগৱান তোমালোকৰ ওচৰলৈ আহিছে। ভগৱানৰ ঘৰত কেতিয়াবা কোনোবাই চুৰ কৰে জানো? সপোনতো নকৰে। তোমালোকে জানা উচ্চতকৈও উচ্চ হৈছে শিৱ ভগৱান, তেওঁৰ আমি সন্তান। গতিকে আমি দৈৱী কৰ্ম কৰিব লাগে।

তোমালোকে চুৰি কৰাসকলকো কাৰাগাৰলৈ গৈ জ্ঞান দিয়া। ইয়াত কি চুৰ কৰিব? কেতিয়াবা আম এটাকে ল'লে, কিবা বস্তু লৈ খালে – এইটোও চুৰি কৰাই নহয় জানো। কোনো বস্তু নোসোধাকৈ ল'ব নালাগে। হাতো লগাব নালাগে। শিৱবাবা আমাৰ পিতা হয়, তেওঁ শুনে, দেখে। সোধে সন্তানসকলৰ কোনো অৱগুণতো নাই? যদি কিবা অৱগুণ আছে তেন্তে কৈ দিয়া। দান কৰি দিয়া। দান কৰি উঠি আকৌ অৱজ্ঞা কৰিলে বহুত শাস্তি খাবা। চুৰি কৰাৰ অভ্যাস বহুত বেয়া। ধৰি লোৱা, কোনোবাই চাইকেল চুৰি কৰিলে, ধৰা পৰি যায়। কোনো দোকানলৈ গ’ল, বিস্কুটৰ পেকেট লুকুৱাই ল’লে, বা কোনো সৰু সৰু বস্তু লুকুৱাই লয়। দোকানীসকল বৰ সাৱধানে থাকে। গতিকে এইখনো বহুত ডাঙৰ চৰকাৰ, পাণ্ডৱ চৰকাৰে নিজৰ ৰাজ্য স্থাপনা কৰি আছে। পিতাই কয় - মইতো ৰাজ্য নকৰোঁ। তোমালোক পাণ্ডৱেই ৰাজ্য কৰা। তেওঁলোকে আকৌ পাণ্ডৱপতি বুলি শ্ৰীকৃষ্ণক কৈ দিছে। পাণ্ডৱৰ পিতা কোন? তোমালোকে জানা- সন্মুখত বহি আছে। প্ৰত্যেকে বুজিব পাৰে - মই পিতাৰ কি সেৱা কৰোঁ। পিতাই আমাক বিশ্বৰ বাদশ্বাহী দি নিজে বানপ্ৰস্থত গুচি যায়। কিমান নিস্কাম সেৱা কৰে। সকলো সুখী আৰু শান্ত হৈ যায়। তেওলোকে মাথোন কয় - বিশ্বত শান্তি হওঁক। শান্তিৰ পুৰস্কাৰ দি থাকে। ইয়াত তোমালোক সন্তানসকলে জানা যে আমিতো বহুত ডাঙৰ পুৰস্কাৰ লাভ কৰো। যিয়ে ভাল সেৱা কৰে তেওঁ ডাঙৰ পুৰস্কাৰ পায়। সকলোতকৈ ডাঙৰ সেৱা হ’ল পিতাৰ পৰিচয় দিয়াতো। এয়াটো যি কোনো লোকে কৰিব পাৰে। সন্তানসকল এয়া (দেৱতা) হ'ব লাগে গতিকে সেৱাও কৰিব নালাগে জানো। এওঁক চোৱা, এৱোঁ লৌকিক পৰিয়ালৰ নাছিল জানো। এওঁৰ দ্বাৰা পিতাই কৰালে। এওঁৰ শৰীৰত প্ৰৱেশ কৰি এওঁকো কয়, গতিকে তোমালোককো কয় যে এয়া কৰা। মোক কেনেকৈ ক'ব? মোৰ শৰীৰত প্ৰৱেশ কৰি কৰায়। কৰণ-কৰাৱনহাৰ নহয় জানো। বহি বহি ক’লে, এয়া এৰা, এইখনতো ছিঃ ছিঃ সৃষ্টি, বৈকুণ্ঠলৈ ব’লা। এতিয়া বৈকুণ্ঠৰ মালিক হ'ব লাগে। বচ্ বৈৰাগ্য জন্মি গ’ল। সকলোৱে ভাবিছিল - এওঁৰ কি হ’ল। ইমান ভাল লাভজনক বেপাৰীয়ে এইবোৰ কি কৰি আছে! সেয়া জানো জানিছিল যে এওঁ গৈ কি কৰিবগৈ। এৰি দিয়াতো জানো কিবা ডাঙৰ কথা। বচ্ সকলো ত্যাগ কৰি দিলে। আৰু সকলোকে ত্যাগ কৰোৱালে। কন্যাকো ত্যাগ কৰোৱালে। এতিয়া এই আত্মিক সেৱা কৰিব লাগে। সকলোকে পৱিত্ৰ কৰি তুলিব লাগে। সকলোৱে কৈছিল - আমি জ্ঞান অমৃত পান কৰিবলৈ যাওঁ। মাতাসকলৰ নাম লৈছিল। ওঁম্‌ ৰাধাৰ ওচৰত জ্ঞান অমৃত পান কৰিবলৈ গৈছিল। কোনে এইটো যুক্তি (উপায়) ৰচিলে? শিৱবাবাই এওঁৰ শৰীৰত প্ৰৱেশ কৰি কিমান ভাল যুক্তি ৰচিলে। যিয়েই আহিব, জ্ঞান অমৃত পান কৰিব। এইটোও গায়ন আছে - অমৃত এৰি বিহ কিয় খাওঁ। বিহ এৰি জ্ঞান অমৃত পান কৰি পৱিত্ৰ দেৱতা হ'ব লাগে। আৰম্ভণিতে এনেকুৱা কথা আছিল। কোনোবা আহিলে তেওঁক কোৱা হৈছিল - পৱিত্ৰ হোৱা। অমৃত পান কৰিবলৈ হ’লে বিহ এৰিব লাগিব। পৱিত্ৰ বৈকুণ্ঠৰ মালিক হ'বলৈ হ'লে এজনকেই স্মৰণ কৰিব লাগে। তেতিয়া নিশ্চয় কাজিয়া হ'ব নহয়। আৰম্ভণিৰ কাজিয়া এতিয়ালৈকে চলিয়েই আছে। অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়। যিমানে তোমালোক বহুত মজবুত হৈ গৈ থাকিবা তেতিয়া বুজিব যে পৱিত্ৰতাতো ভাল কথা। তাৰ কাৰণেই আহ্বান জনায় – বাবা, আহি আমাক পৱিত্ৰ কৰি তোলক। আগতে তোমালোকৰো চৰিত্ৰ কেনেকুৱা আছিল? এতিয়া কি হৈ আছা? আগতেতো দেৱতাসকলৰ আগত গৈ কৈছিলা - মই পাপী। এতিয়া তেনেকৈ নোকোৱা কাৰণ তোমালোকে জানা আমি এতিয়া এনেকুৱা হৈ আছোঁ।

সন্তানসকলে নিজকে সুধিব লাগে – মই কিমান দূৰ সেৱা কৰোঁ? যেনেকৈ ৰন্ধনশালৰ গৰাকী (ভোলা দাদী) আছে, তোমালোকৰ কাৰণে কিমান সেৱা কৰে। কিমান তেওঁৰ পুণ্য জমা হয়! বহুতৰে সেৱা কৰে কাৰণে তেওঁ সকলোৰে আশীৰ্বাদ লাভ কৰে। বহুত মহিমা গায়। ৰন্ধনশালত সেৱা কৰাসকলেতো চমৎকাৰ কৰে, কিমান যে ব্যৱস্থা কৰে। এয়াতো হ'ল স্থূল সেৱা, সূক্ষ্মও কৰিব লাগে। সন্তানসকলে কয় – বাবা, এই 5 ভূত বৰ চোকা, যিয়ে স্মৃতিত থাকিবলৈ নিদিয়ে। বাবাই কয় – সন্তানসকল, শিৱবাবাক স্মৰণ কৰি ভোজন ৰান্ধা। এক শিৱবাবাৰ বাহিৰে আৰু অন্য কোনো নাই। তেৱেঁই সহায় কৰে। গায়নো আছে নহয় – তোমাৰ চৰণত পৰোঁ ……। সত্যযুগত জানো এনেকৈ ক’ব। এতিয়া তোমালোক চৰণত আহিছা। কাৰোবাৰ ভূত প্ৰৱেশ কৰিলে বহুত দুখ-অশান্তি দিয়ে। সেয়া অশুদ্ধ আত্মা আহে। তোমালোকৰ যে কিমান ভূত লাগি আছে। কাম, ক্ৰোধ, লোভ, মোহ…। এই ভূতবিলাকে তোমালোকক বহুত দুখ-অশান্তি দিয়ে। সেই অশুদ্ধ আত্মাইতো কোনোবা এজন-দুজনকহে আমনি কৰে। তোমালোকে জানা - এই 5 ভূত 2500 বছৰৰ পৰা প্ৰৱেশ কৰিয়েই আহিছে। তোমালোক কিমান বিৰক্ত হৈ গৈছা। এই 5 ভূতে কঙাল কৰি দিলে। “দেহ অভিমান”ৰ ভূত হ’ল এক নম্বৰৰ। কাম বিকাৰো ডাঙৰ ভূত। সেই ভূতবোৰে তোমালোকক কিমান কষ্ট দিলে, এয়াও পিতাই শুনাইছে। কল্পই কল্পই তোমালোকৰ মাজত এই ভূত প্ৰৱেশ কৰে, যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা, সকলোৰে মাজত ভূত প্ৰৱেশ কৰিছে। গতিকে ইয়াক ভূতৰ জগত বুলি কোৱা হ’ব। ৰাৱণৰাজ্য মানে আসুৰি ৰাজ্য। সত্যযুগ-ত্ৰেতাত ভূত নাথাকে। এটা ভূতেও কিমান আমনি কৰে। ইয়াৰ বিষয়ে কোনেও নাজানে। 5 বিকাৰ ৰূপী ৰাৱণৰ ভূত আছে, যাৰ পৰা পিতা আহি মুক্ত কৰে। তোমালোকৰ মাজতো কোনো কোনো বিচাৰ বুদ্ধি সম্পন্ন আছে, যাৰ বুদ্ধিত ধাৰণ হয়। এইটো জন্মত এনেকুৱা কোনো কাম কৰিব নালাগে। যদি চুৰি কৰা, দেহ-অভিমান আহে তেন্তে ফলাফল কি হ'ব? পদ ভ্ৰষ্ট হৈ যাব। কিবা নহয় কিবা এটা তুলি লয়। কোৱা হয় – খেৰ কুটা চুৰি কৰাজনো চোৰ, লাখ টকা চুৰি কৰাজনো চোৰ। যজ্ঞততো এনেকুৱা কাম কেতিয়াও কৰিব নালাগে। অভ্যাস হৈ গ’লে পাছত কেতিয়াও আঁতৰি নাযায়। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্থূল সেৱাৰ লগতে সূক্ষ্ম আৰু মূল সেৱাও কৰিব লাগে। সকলোকে পিতাৰ পৰিচয় দিয়া, আত্মাসকলৰ কল্যাণ কৰা, স্মৃতিৰ যাত্ৰাত থকা – এয়া হৈছে সঁচা সেৱা। এই সেৱাতে ব্যস্ত হৈ থাকিব লাগে, নিজৰ সময় নষ্ট কৰিব নালাগে।

(2) সুবুদ্ধি সম্পন্ন হৈ 5 বিকাৰ ৰূপী ভূতৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। চুৰ কৰা বা মিছা কোৱাৰ অভ্যাস এৰি দিব লাগে। দানত দিয়া বস্তু উভতাই ল’ব নালাগে।

বৰদান:
শৰীৰৰ ব্যাধিসমূহৰ পৰা চিন্তা মুক্ত হৈ, জ্ঞান চিন্তন বা স্বচিন্তন কৰোঁতা শুভ চিন্তক হোৱা

এক হৈছে শৰীৰৰ ব্যাধি এক হৈছে শৰীৰৰ ব্যাধিত বিচলিত হৈ যোৱা। ব্যাধি অহা এয়াটো হৈছে নিয়তি কিন্তু শ্ৰেষ্ঠ স্থিতি বিচলিত হৈ যোৱা - এয়া বন্ধনযুক্তৰ চিন। যিসকল শৰীৰৰ ব্যাধিৰ চিন্তাৰ পৰা মুক্ত হৈ স্বচিন্তন, জ্ঞান চিন্তন কৰে তেওঁলোকেই শুভ চিন্তক। প্ৰকৃতিৰ চিন্তন বেছিকৈ কৰিলে চিন্তাৰ ৰূপ হৈ যায়। এই বন্ধনৰ পৰা মুক্ত হোৱা - ইয়াকে কৰ্মাতীত স্থিতি বুলি কোৱা হয়।

স্লোগান:
স্নেহৰ শক্তিয়ে সমস্যাৰূপী পাহাৰক পানীৰ দৰে পাতল কৰি দিয়ে।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ শৰীৰ আৰু আত্মা সংযুক্ত হৈ কৰ্ম কৰে, তেনেকৈ কৰ্ম আৰু যোগ দুয়োটা যাতে সংযুক্ত হৈ থাকে। কৰ্ম কৰিও যাতে স্মৃতি নাপাহৰা আৰু স্মৃতিত থাকি কৰ্মক পাহৰি নোযোৱা। তোমালোকৰ উপাধি হৈছে কৰ্মযোগী। কৰ্ম কৰি স্মৃতিত থাকোঁতাসকল সদায় উপৰাম আৰু স্নেহী হ’ব, বোজামুক্ত হ’ব, কোনো কৰ্মৰ বোজাৰ অনুভৱ নকৰিব। কৰ্মযোগীকেই অন্য শব্দত পদুম ফুল বুলি কোৱা হয়। তেওঁলোকক কেতিয়াও কোনো প্ৰকাৰৰ মলিনতা অৰ্থাৎ মায়াৰ প্ৰকম্পনে স্পৰ্শ কৰিব নোৱাৰে।


 
`