19.07.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক দ্বৈত মুকুটধাৰী ৰজা হ'ব লাগে গতিকে খুব সেৱা কৰা, প্ৰজা তৈয়াৰ কৰা, সংগমত
তোমালোকে সেৱাই কৰিব লাগে, ইয়াতেই কল্যাণ আছে”
প্ৰশ্ন:
পুৰণি সৃষ্টিৰ
বিনাশৰ পূৰ্বে প্ৰত্যেকে কোনটো অলংকৰণ কৰিব লাগে?
উত্তৰ:
তোমালোক সন্তানসকলে যোগবলেৰে নিজৰ অলংকৰণ কৰা, এই যোগবলেৰেই গোটেই বিশ্ব পাৱন হ'ব।
তোমালোক এতিয়া বানপ্ৰস্থত যাব লাগে, সেয়েহে এই শৰীৰৰ অলংকৰণ কৰাৰ প্ৰয়োজন নাই। এই
শৰীৰতো একেবাৰে মূল্যহীন, ইয়াৰ পৰা মমত্ব আঁতৰাই দিয়া। বিনাশৰ পূৰ্বে পিতাৰ সমান
দয়াশীল হৈ নিজৰ আৰু আনৰ অলংকৰণ কৰা। অন্ধৰ লাখুটি হোৱা।
ওঁম্শান্তি।
এতিয়া
সন্তানসকলে এয়াতো ভালদৰে বুজি গৈছে যে পিতা পাৱন হোৱাৰ ৰাস্তা দেখুৱাবলৈ আহে। তেওঁক
এই এটা কথাৰ বাবেই আহ্বান জনোৱা হয় যে আপুনি আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক কিয়নো
পাৱন সৃষ্টি অতীত হৈ গ'ল, এতিয়া হৈছে পতিত সৃষ্টি। পাৱন সৃষ্টি কেতিয়া অতীত হৈ গ'ল,
কিমান সময় হ'ল, এইটো কোনেও নাজানে। তোমালোক সন্তানসকলে জানা যে পিতা পুনৰ এই শৰীৰত
আহিছে। তোমালোকেই আহ্বান জনাইছা যে বাবা আহি আমাক পতিতসকলক ৰাস্তা দেখুওৱা, আমি
পাৱন কেনেকৈ হ'ম? এইটোতো জানা যে আমি পাৱন সৃষ্টিত আছিলোঁ, এতিয়া পতিত সৃষ্টিত আছোঁ।
এতিয়া এইখন সৃষ্টি পৰিৱৰ্তন হৈ আছে। নতুন সৃষ্টিৰ আয়ুস কিমান, পুৰণি সৃষ্টিৰ আয়ুস
কিমান - এয়া কোনেও নাজানে। পকা ঘৰ নিৰ্মাণ কৰিলে ক’ব - ইয়াৰ আয়ুস ইমান বছৰ হ'ব।
কেঁচা ঘৰ নিৰ্মাণ কৰিলে ক'ব - ইয়াৰ আয়ুস ইমান বছৰ হ'ব। বুজিব পাৰে যে এয়া কিমান
বছৰলৈকে চলিব। মনুষ্যই এইটো গমেই নাপায় যে এই গোটেই সৃষ্টিৰ আয়ুস কিমান? সেয়েহে
নিশ্চয় পিতা আহি ক'বলগীয়া হয়। পিতাই কয় - সন্তানসকল, এতিয়া এই পুৰণি পতিত সৃষ্টি
পূৰা হ'ব। নতুন পাৱন সৃষ্টি স্থাপনা হৈ আছে। নতুন সৃষ্টিত অতি কমসংখ্যক মনুষ্য আছিল।
নতুন সৃষ্টি হৈছে সত্যযুগ যাক সুখধাম বুলি কোৱা হয়। এইখন হৈছে দুখধাম, ইয়াৰ অন্ত
নিশ্চয় হ’ব। পুনৰ সুখধামৰ ইতিহাস পুনৰাবৃত্তি হ'ব। সকলোকে এইটো বুজাব লাগে। পিতাই
নিৰ্দেশ দিয়ে যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা আৰু আনকো এইটো ৰাস্তা দেখুওৱা।
লৌকিক পিতাকতো সকলোৱে জানে, কিন্তু পাৰলৌকিক পিতাক কোনেও নাজানে। সৰ্বব্যাপি বুলি
কৈ দিয়ে। কাছ-মাছ আদি অৱতাৰ বা 84 লাখ যোনিত লৈ গ'ল। জগতত কোনেও পিতাক নাজানে।
পিতাক জানিলেহে বুজিব। যদি পাথৰ শিলগুটিত আছে তেন্তে উত্তৰাধিকাৰৰ কথাই নাথাকে।
দেৱতাসকলৰো পূজা কৰে কিন্তু কাৰো বৃত্তিক নাজানে, এইবোৰ কথাত একেবাৰে অজ্ঞ। সেয়েহে
পোন-প্ৰথমে মূল কথা বুজাব লাগে। কেৱল চিত্ৰৰ দ্বাৰা কোনেও বুজিব নোৱাৰে। বেচেৰা
মনুষ্যই পিতাকো নাজানে, ৰচনাকো নাজানে যে কেনেকৈ আদিৰ পৰা এই ৰচনা ৰচিলে। দেৱতাসকলৰ
ৰাজ্য কেতিয়া আছিল, যাক পূজা কৰে, একোৱে নাজানে। এনেকৈ ভাবে যে লাখ লাখ বছৰ
সূৰ্যবংশী ৰাজধানী চলিল, তাৰপাছত চন্দ্ৰবংশী লাখ লাখ বছৰ চলিল, ইয়াকে অজ্ঞানতা বুলি
কোৱা হয়। এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাইছে, তোমালোকে আকৌ পুনৰাবৃত্তি কৰা।
পিতায়ো পুনৰাবৃত্তি কৰে নহয়। এনেকৈ বুজোৱা, বাৰ্তা দিয়া, নহ'লে ৰাজধানী কেনেকৈ
স্থাপনা হ'ব। ইয়াত বহি গ’লে নহ’ব। অৱশ্যে ঘৰত থকাসকলৰো দৰকাৰ। তেওঁলোকতো ড্ৰামা
অনুসৰি বহি আছে। যজ্ঞৰ তত্ত্বাৱধান লওঁতাও লাগে। পিতাৰ ওচৰলৈ সাক্ষাৎ কৰিবলৈ কিমান
সন্তান আহে কিয়নো শিৱবাবাৰ পৰাই উত্তৰাধিকাৰ ল’ব লাগে। লৌকিক পিতাৰ ওচৰলৈ সন্তান
আহিলে বুজিব যে মই পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। কন্যা সন্তানতো গৈ আধা অংশীদাৰ
হয়। সত্যযুগত কেতিয়াও সম্পত্তি আদিক লৈ কাজিয়া নহয়েই। ইয়াত কাম বিকাৰৰ ওপৰত কাজিয়া
হয়। তাততো এই পাঁচ ভূত নাথাকে সেয়েহে দুখৰ নাম-চিহ্নই নাই। সকলো নষ্টোমোহা হয়।
এইটোতো বুজি পায় যে স্বৰ্গ আছিল, যি অতীত হৈ গ'ল। চিত্ৰও আছে কিন্তু এইটো খেয়াল
তোমালোক সন্তানসকলৰ এতিয়াহে আহে। তোমালোকে জানা যে এই চক্ৰ প্ৰত্যেক 5 হাজাৰ বছৰৰ
পাছত পুনৰাবৃত্তি হয়। শাস্ত্ৰত ক’তো এইটো লিখা নাই যে সূৰ্যবংশী আৰু চন্দ্ৰবংশী
ৰাজ্য 2500 বছৰ চলিল। বাতৰিকাকতত পঢ়িছিলোঁ যে বৰোদাৰ ৰাজভৱনত ৰামায়ণ শুনি আছে।
যিকোনো বিপদ আহিলে মনুষ্যই ভগৱানক ৰাজি কৰিবলৈ ভক্তি কৰিব ধৰে। এনেকৈতো ভগৱান ৰাজি
নহয়। এয়াতো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ভক্তিৰে ভগৱান কেতিয়াও ৰাজি নহয়। তোমালোক
সন্তানসকলে জানা যে আধাকল্প ভক্তি চলে, নিজেই দুখ ভোগ কৰি থাকে। ভক্তি কৰি কৰি সকলো
টকা-পইচা শেষ কৰি দিয়ে। এই কথাবোৰতো কোনোবা বিৰলজনেহে বুজিব, যিসকল সন্তান সেৱাত
ব্ৰতী হৈ আছে তেওঁলোকে বাৰ্তাও দি থাকে। বুজোৱা হয় যে এয়া হৈছে ঈশ্বৰীয় পৰিয়াল।
ঈশ্বৰতো হৈছে দাতা, তেওঁ লওঁতা নহয়। তেওঁকতো কোনেও একো নিদিয়ে, বৰঞ্চ সকলো নষ্টহে
কৰি থাকে।
পিতাই তোমালোক সন্তানসকলক সোধে তোমালোকক কিমান প্ৰচুৰ ধন দিছিলোঁ। তোমালোকক স্বৰ্গৰ
মালিক কৰিলোঁ আকৌ সেই সকলোবোৰ ক’লৈ গ’ল? ইমান কঙাল কেনেকৈ হ’লা? এতিয়া মই আকৌ আহিছোঁ,
তোমালোক কিমান পদ্মাপদম ভাগ্যৱান হৈ আছা। মনুষ্যইতো কোনেও এই কথাবোৰ নাজানে।
তোমালোকে জানা যে এতিয়া ইয়াত এই পুৰণি সৃষ্টিত থাকিব নালাগে। এইখনতো নাশ হৈ যাব।
মনুষ্যৰ যি অনেক ধন আছে সেয়া কাৰো হাতলৈ নাহে। যেতিয়া বিনাশ হ’ব তেতিয়া সকলো নাশ হৈ
যাব। কিমান মাইললৈকে বৃহৎ বৃহৎ অট্টালিকা আদি নিৰ্মাণ কৰি থোৱা আছে। বহুত সম্পত্তি
আছে, সকলোবোৰ নাশ হৈ যাব কিয়নো তোমালোকে জানা যে যেতিয়া আমাৰ ৰাজ্য আছিল তেতিয়া আন
কোনো নাছিল। তাত প্ৰচুৰ ধন আছিল। তোমালোকে আগলৈ গৈ দেখি থাকিবা কি কি হ’ব। তেওঁলোকৰ
কিমান সোণ, কিমান ৰূপ, নোট আদি আছিল, সেই সকলোৰে জমা-খৰচৰ হিচাপ উলিয়ায়, ঘোষণা কৰে
ইমান জমা আছে আৰু ইমান খৰচ। বাৰুদৰ বাবে কিমান খৰচ হয়। এতিয়া বাৰুদৰ বাবে কিমান খৰচ
কৰে। তাৰ পৰা আমদানিতো একো নহয়। এয়া কোনো ৰাখি থোৱা বস্তুতো নহয়। ৰাখি থোৱা বস্তু
হৈছে সোণ আৰু ৰূপ। সৃষ্টি যেতিয়া সোণালী যুগী হয় তেতিয়া সোণৰ মুদ্ৰা থাকে। ৰূপালী
যুগত ৰূপৰ। তাততো প্ৰচুৰ ধন থাকে, আকৌ কম হৈ হৈ এতিয়া চোৱা কি ওলাইছে। কাগজৰ নোট।
বিদেশতো কাগজৰ নোট ওলাইছে। কাগজতো কামৰ বস্তু নহয়। বাকী কি থাকিব? এই বৃহৎ বৃহৎ
অট্টালিকা আদি সকলোবোৰ নাশ হৈ যাব সেই কাৰণে পিতাই কয় - মৰমৰ সন্তানসকল, এয়া যি
দেখিবলৈ পোৱা, এনেকৈ বুজিবা যেন এইবোৰ নায়েই। এয়াতো সকলো নাশ হৈ যাব। শৰীৰো পুৰণা
একেবাৰে মূল্যহীন, লাগিলে কোনোবা যিমানেই সুন্দৰ নহওঁক কিয়। এই সৃষ্টিখনেই বাকী কিছু
সময়ৰ বাবে আছে। কিবা ঠিকনা আছে জানো। বহি থাকোঁতেই মনুষ্যৰ কি হৈ যায়। ‘হাৰ্টফেল’
হৈ যায়। মনুষ্যৰ কোনো ভৰসা নাই। সত্যযুগত জানো এনেকুৱা হ’ব। তাততো যোগবলেৰে কায়া (শৰীৰ)
কল্পতৰুৰ সমান হয়। এতিয়া তোমালোক সন্তানসকলে পিতাক পাইছা, তেওঁ কয় - এইখন সৃষ্টিত
তোমালোক থাকিব নালাগে। এয়া হৈছে ছিঃ ছিঃ (লেতেৰা) সৃষ্টি। এতিয়াতো যোগবলেৰে নিজৰ
অলংকৰণ কৰিব লাগে। তাততো সন্তানো যোগবলেৰে হয়। তাত বিকাৰৰ কথাই নাথাকে। যোগবলেৰে
তোমালোকে বিশ্বক পাৱন কৰি তোলা তেন্তে বাকীবোৰ কি ডাঙৰ কথা। এই কথাবোৰ তেওঁলোকেহে
বুজিব যি আমাৰ কুলৰ হ’ব। বাকীতো সকলো শান্তিধামলৈ যাব লাগে, সেইখনতো হৈছে ঘৰ। কিন্তু
মনুষ্যই সেইখনক ঘৰ বুলিও নুবুজে। তেওঁলোকে কয় এটা আত্মা যায় আন এটা আহে। সৃষ্টিৰ
বৃদ্ধি হৈ গৈ থাকে। ৰচয়িতা আৰু ৰচনাক তোমালোকে জানা, সেই কাৰণে আনকো বুজাবলৈ চেষ্টা
কৰা। এইটো ভাবি যে বাবাৰ বিদ্যাৰ্থী হৈ যাওঁক, সকলো জানি লওঁক, আনন্দিত হৈ যাওঁক।
আমিতো এতিয়া অমৰলোকলৈ যাওঁ। আধাকল্পতো মিছা কথা শুনিলা। এতিয়াতো বহুত আনন্দিত হোৱা
উচিত - আমি অমৰলোকলৈ যাম। এই মৃত্যুলোকৰ এতিয়া অন্ত হ’ব। আমি আনন্দ ৰূপী সম্পদেৰে
ইয়াৰ পৰাই ভৰপূৰ হৈ যাওঁ। গতিকে এইটো উপাৰ্জন কৰাত, জোলোঙা ভৰপূৰ কৰাত ভালদৰে লাগি
যোৱা উচিত। সময় নষ্ট কৰা উচিত নহয়। বচ্, এতিয়াতো আমি অন্যৰ সেৱা কৰিব লাগে, জোলোঙা
ভৰপূৰ কৰিব লাগে। পিতাই শিকায়, দয়াশীল কেনেকৈ হ’বা? অন্ধৰ লাখুটি হোৱা। এইটো
প্ৰশ্নতো কোনো সন্ন্যাসী, বিদ্বান আদিয়ে সুধিব নোৱাৰে। তেওঁলোকে কি গম পায় যে
স্বৰ্গ ক’ত আছে, নৰক ক’ত আছে। যিমানেই উচ্চ পদৱীধাৰী নহওঁক, বায়ুসেনাৰ সেনাধ্যক্ষ
আছে, যুদ্ধৰ সেনাধ্যক্ষ আছে, পানী জাহাজৰ আছে, কিন্তু তোমালোকৰ আগত এই সকলোবোৰনো
কি! তোমালোকে জানা বাকী অলপ সময় আছে। স্বৰ্গৰ বিষয়েতো কোনেও গমেই নাপায়। এই সময়ত
সকলো ফালে মৰামৰি চলি আছে, পাছলৈ তেওঁলোকৰ উৰাজাহাজ বা সেনাবাহিনীৰ দৰকাৰ নহ’ব। এই
সকলো নাশ হৈ যাব। বাকী অলপ মনুষ্য থাকিব। এই বিজুলী বাতি, উৰাজাহাজ আদি থাকিব কিন্তু
সৃষ্টি কিমান সৰু হৈ যাব, ভাৰতহে থাকিব। যেনেকৈ আৰ্হি সৰুকৈ সাজে নহয়। আন কাৰো
বুদ্ধিত নাথাকিব যে মৃত্যু অৱশেষত কেনেকৈ আহিব। তোমালোকেতো জানা যে মৃত্যু সমাগত।
তেওঁলোকে কয় - আমি ইয়াত বহিয়েই বোমা নিক্ষেপ কৰিম। য’ত পৰিব তাত সকলো নাশ হৈ যাব।
কোনো সেনাবাহিনীৰ দৰকাৰ নাথাকিব। এখন এখন উৰাজাহাজৰ নামত কোটি কোটি খৰচ হৈ যায়।
সকলোৰে ওচৰত কিমান সোণ থাকে। টন টন সোণ আছে, সেয়া সকলো সমুদ্ৰত ডুব যাব।
এই গোটেই ৰাৱণৰাজ্য এটা দ্বীপৰ দৰে। অগণন মনুষ্য আছে। তোমালোক সকলোৱে নিজৰ ৰাজ্য
স্থাপনা কৰি আছা। সেয়েহে সেৱাত ব্যস্ত হৈ থাকিব লাগে। কৰ’বাত বানপানী আদি আহিলে
তেতিয়া চোৱা কেনেকৈ ব্যস্ত হৈ যায়। সকলোকে খাদ্য আদি পঠিওৱাত লাগি যায়। পানী আহিলে
আগতীয়াকৈ দৌৰিবলৈ আৰম্ভ কৰে। গতিকে বিচাৰ কৰা সকলো কেনেকৈ নাশ হ’ব। সৃষ্টিৰ
চাৰিওফালে সাগৰ আছে। বিনাশ হ’লে তেতিয়া জলময় হৈ যাব, পানীয়ে পানী হ’ব। বুদ্ধিত থাকে
যে আমাৰ ৰাজ্য আছিল তেতিয়া এই বোম্বাই-কৰাচী আদিতো নাছিল। ভাৰত গৈ কিমান সৰু হৈ যাব,
সেয়াও মিঠা পানীৰ কাষত। তাত কুঁৱা আদিৰ দৰকাৰ নাই। পানী পান কৰিব পৰা বহুত স্বচ্ছ
হয়। নদীতেতো খেল-ধেমালি কৰে। দুষিত হোৱাৰ কোনো কথা নাই। নামেই স্বৰ্গ, অমৰলোক। নাম
শুনিলেই অন্তৰে বিচাৰে সোনকালে পূৰা পঢ়ি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লওঁ। পঢ়ি আকৌ আনকো
পঢ়াওঁ। সকলোকে বাৰ্তা দিওঁ। কল্প পূৰ্বে যিসকলে উত্তৰাধিকাৰ লৈছিল তেওঁলোকেই ল'ব।
পুৰুষাৰ্থ কৰি থাকে কিয়নো বেচেৰাহঁতে পিতাক নাজানে। পিতাই কয় পৱিত্ৰ হোৱা, যিয়ে
হাতত স্বৰ্গ পাব তেওঁলোক কিয় পৱিত্ৰ হৈ নাথাকিব। কোৱা, আমি কিয়নো এটা জন্ম পৱিত্ৰ
নহ’ম, যিহেতু আমি বিশ্বৰ বাদশ্বাহী পাওঁ। ভগৱানুবাচ (ভগৱানে কয়) - তোমালোক এই
অন্তিম জন্ম পৱিত্ৰ হ’লে তেতিয়া 21 জন্মৰ বাবে পৱিত্ৰ সৃষ্টিৰ মালিক হ’বা। কেৱল এই
এটা জন্ম মোৰ শ্ৰীমতত চলা। ৰক্ষাবন্ধনো ইয়াৰে চিন। তেন্তে কিয়নো আমি পৱিত্ৰ হৈ
থাকিম নোৱাৰিম। বেহদৰ পিতাই প্ৰতিশ্ৰুতি দিয়ে। পিতাই ভাৰতক স্বৰ্গৰ উত্তৰাধিকাৰ
দিছিল, যাক সুখধাম বুলি কয়। অপাৰ সুখ আছিল, এয়া হৈছে দুখধাম। কোনোবা এজন ডাঙৰ
ব্যক্তিক তোমালোকে এনেকৈ বুজালে তেতিয়া সকলোৱে শুনি থাকিব। যোগযুক্ত হৈ থাকি শুনোৱা
তেতিয়া সকলোৱে সময় আদি পাহৰি যাব। কোনেও একো ক’ব নোৱাৰে। 15-20 মিনিটৰ ঠাইত ঘণ্টা
ধৰিও শুনি থাকিব। কিন্তু সেইখিনি শক্তি থাকিব লাগে। দেহ-অভিমান থাকিব নালাগে। ইয়াত
সেৱাই সেৱা কৰিব লাগে, তেতিয়াহে কল্যাণ হ’ব। ৰজা হ’বলৈ হ’লে প্ৰজা ক’ত তৈয়াৰ কৰিলা।
এনেয়ে জানো পিতাই মূৰত পাগুৰি দিব। প্ৰজা জানো দ্বৈত মুকুটধাৰী হয়? তোমালোকৰ
লক্ষ্য-উদ্দেশ্যই হৈছে দ্বৈত মুকুটধাৰী হোৱা। পিতাইতো সন্তানসকলক উৎসাহ যোগায়।
জন্ম-জন্মান্তৰৰ পাপ শিৰত আছে, সেয়া যোগবলৰ দ্বাৰাহে খণ্ডন হ’ব পাৰে। বাকী এইটো
জন্মত কি কি কৰিলা সেয়াতো তোমালোকে বুজিব পাৰা নহয়। পাপ খণ্ডনৰ বাবে যোগ আদি শিকোৱা
হয়। বাকী এইটো জন্মৰতো কোনো কথা নাই। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ যুক্তি (উপায়)
পিতাই বহি শুনায়, বাকী কৃপা আদিতো সাধুসকলৰ ওচৰত গৈ বিচৰা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অমৰলোকলৈ যাবৰ কাৰণে সংগমত আনন্দ ৰূপী সম্পদেৰে ভৰপূৰ হ’ব লাগে। সময় নষ্ট কৰিব
নালাগে। নিজৰ জোলোঙা ভৰপূৰ কৰি দয়াশীল হৈ অন্ধৰ লাখুটি হ'ব লাগে।
(2) হাতত স্বৰ্গ ল’বৰ
কাৰণে পৱিত্ৰ নিশ্চয় হ'ব লাগে। নিজক সতোপ্ৰধান কৰি তোলাৰ যুক্তি ৰচি নিজৰ ওপৰত
নিজেই কৃপা কৰিব লাগে। যোগবল জমা কৰিব লাগে।
বৰদান:
হুজুৰক সদায়
লগত ৰাখি সংযুক্ত স্বৰূপৰ অনুভৱ কৰোঁতা বিশেষ ভূমিকা পালন কৰোঁতা হোৱা
সন্তানে যেতিয়া
অন্তৰেৰে বাবা বুলি কয় তেতিয়া ‘দিলাৰাম’ হাজিৰ হৈ যায়, সেয়েহে কয় - হুজুৰ হাজিৰ।
আৰু বিশেষ আত্মাসকলতো সংযুক্ত হৈয়েই থাকে। মনুষ্যই কয়, যিফালে চাওঁ সেইফালে মাথো
তুমিয়েই আৰু সন্তানসকলে কয় আমি যিয়েই কৰোঁ, য’লৈকে যাওঁ পিতা লগতেই আছে।
‘কৰণকৰাৱনহাৰ’ বুলি কোৱা হয়, তেন্তে ‘কৰণহাৰ’ আৰু ‘কৰাৱনহাৰ’ সংযুক্ত হৈ গ’ল। এইটো
স্মৃতিত থাকি ভূমিকা পালন কৰোঁতাসকল বিশেষ ভূমিকা পালন কৰোঁতা হৈ যায়।
স্লোগান:
নিজক এই পুৰণি সৃষ্টিত অতিথি বুলি ভাবি থাকা তেতিয়া পুৰণা সংস্কাৰ আৰু সংকল্প
বাহিৰলৈ উলিয়াই দিব পাৰিবা।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
কোনো আত্মাৰ পৰা কিবা
লৈ দিয়াৰ ইচ্ছা যাতে নাথাকে, সংকল্পও যাতে উদয় নহয় যে এওঁ কৰক তেতিয়া মই কৰিম, এওঁ
পৰিৱৰ্তন হ’লে মই পৰিৱৰ্তন হ’ম, তেওঁ অলপ পৰিৱৰ্তন হওঁক মই অলপ পৰিৱৰ্তন হ’ম….
ভিক্ষাৰীকো সমৃদ্ধিশালী কৰি তোলোঁতা – অপকাৰীৰো উপকাৰ কৰোঁতাজনেই পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হয়।