19.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে এতিয়া আত্মিক কাৰবাৰ কৰিব লাগে, আত্মা বুলি বুজি প্ৰতিটো কৰ্ম কৰিলে আত্মা নিৰ্বিকাৰী হৈ গৈ থাকে”

প্ৰশ্ন:
স্বৰ্গৰ উত্তৰাধিকাৰ লোৱা আৰু স্বৰ্গত উচ্চ পদ প্ৰাপ্ত কৰাৰ আধাৰ কি?

উত্তৰ:
ব্ৰহ্মাকুমাৰ/কুমাৰী হ’লে তেতিয়া স্বৰ্গৰ উত্তৰাধিকাৰ পাই যাবা। কিন্তু উচ্চ পদৰ আধাৰ হ’ল পঢ়া। যদি পিতাৰ হৈ ভালদৰে পাঠ পঢ়ি থাকে, সম্পূৰ্ণ পৱিত্ৰ হয় তেন্তে ৰাজকীয় পদ পায়। বহুতে পূৰাকৈ নপঢ়ে, কৰ্মবন্ধন আছে, সম্পূৰ্ণ পৱিত্ৰ নহয় আৰু শৰীৰ ত্যাগ কৰিবলগীয়া হ’লে তেতিয়া প্ৰজাৰ ভিতৰতো সাধাৰণ পদ পাবগৈ।

ওঁম্শান্তি।
আত্মিক সন্তানসকলক আত্মিক পিতাই বুজাই আছে। ইয়াত হৈছে আত্মিক কাৰবাৰ। বাকী গোটেই জগতত হৈছে পাৰ্থিৱ (দৈহিক) কাৰবাৰ। বাস্তৱত কাৰবাৰ চলে আত্মাসকলৰ। আত্মাইহে এই শৰীৰৰ দ্বাৰা পঢ়ে, চলা-ফুৰা কৰে, বিকৰ্ম কৰে সেইবাবে পতিত-আত্মা, পাপ-আত্মা বুলি কোৱা হয়। আত্মাইহে সকলো কৰে। এই সময়ত সকলো মনুষ্য দেহ-অভিমানী, “মই আত্মা” বুলি বুজাৰ সলনি বুজে মই অমুক। এইটো বেপাৰ কৰোঁ। এওঁ অমুক কামাতুৰ, ক্ৰোধী। শৰীৰৰেই নাম লয়। ইয়াক কোৱা হয় দেহ-অভিমানী জগত, অৱৰোহণ কলাৰ জগত। সত্যযুগত এনেকুৱা নহয়। তাত দেহী-অভিমানী হৈ থাকে। তোমালোকক দেহী-অভিমানী কৰি তোলা হয়। নিজক আত্মা বুলি নিশ্চয় কৰা। মই আত্মাই এই শৰীৰ ৰূপী চোলা ধাৰণ কৰি ভুমিকা পালন কৰোঁ। সেই ভাৱৰীয়াসকলেও ভিন্ন ভিন্ন পোছাক সলাই ভুমিকা পালন কৰে। পিতাই কয় – তোমালোক আত্মাসকল আগতে শান্তিধামত আছিলা। তোমালোকৰ ঘৰ হ’ল শান্তিধাম। যেনেকৈ সেই হদৰ নাটক আছে, এয়া আকৌ হৈছে বেহদৰ নাটক। সকলো আত্মাই পৰমধামৰ পৰা আহি, শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। আত্মাসকলৰ আচল ঘৰ হ’ল শান্তিধাম। সেই ভাৱৰীয়াসকলৰতো ঘৰ ইয়াতেই। কেৱল পোছাক সলনি কৰি আহি ভুমিকা পালন কৰে। সেয়েহে পিতাই বহি বুজায়, তোমালোক আত্মা। পিতাইতো ‘সন্তান’ ‘সন্তান’ বুলিয়েই ক’ব। সন্ন্যাসীয়ে ‘সন্তান’ ‘সন্তান’ বুলি নক’ব। পিতাই কয় – মই পতিত-পাৱন তোমালোক সকলো আত্মাৰ পিতা, যাক তোমালোকে ‘ঈশ্বৰ পিতা’ (গড্‌ ফাদাৰ) বুলি কোৱা। ঈশ্বৰ পিতাতো নিৰাকাৰ। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰকো ঈশ্বৰ পিতা বুলি নক’ব। তেওঁলোকৰো আত্মা আছে কিন্তু তেওঁলোকক কোৱা হয় ব্ৰহ্মা দেৱতায়ে নমঃ, বিষ্ণু দেৱতায়ে নমঃ…… দেৱতাসকলে কি কৰে? এয়া কোনেও গম নাপায়। পিতাহে আহি বুজায় – তোমালোকে কেনেকৈ নাটকৰ পৰিকল্পনা অনুসৰি ভূমিকা পালন কৰা। সৃষ্টি এখনেই। এনেকুৱা নহয় যে তলত পাতালত বা ওপৰত সৃষ্টি আছে। সৃষ্টি এখনেই, যাৰ চক্ৰ ঘূৰি থাকে। জগতৰ লোকেতো কৈ দিয়ে যে চন্দ্ৰত মাটি ল’ব। পিতাই বুজায় - সন্তানসকল কিমান কঙাল হৈ গৈছে। ভাৰতবাসীৰ কাৰণেই কয়, তোমালোক কিমান চহকী বুদ্ধিমান আছিলা। এই লক্ষ্মী-নাৰায়ণৰ গোটেই বিশ্বত ৰাজত্ব আছিল, যাক কোনেও লুটি নিব নোৱাৰে। তাত কোনো বিভাজন আদি নাথাকে। ইয়াততো কিমান বিভাজন। পৰস্পৰ খণ্ড খণ্ডক লৈ যুদ্ধ কৰি থাকে। তোমালোক গোটেই বিশ্বৰ মালিক আছিলা। গোটেই আকাশ, পৃথিৱী, সমুদ্ৰ সকলো তোমালোকৰ আছিল, তোমালোক তাৰ মালিক আছিলা। এতিয়াতো খণ্ড খণ্ড হৈ গৈছে। এইটো কোনেও গম নাপায়, ভাৰতেই বিশ্বৰ মালিক আছিল।

পিতাই বুজায়, আত্মাই যি ভূমিকা পাইছে সেয়া কেতিয়াও ক্ষয় হৈ নাযায়। চলিয়েই থাকে। এতিয়া তোমালোক পুনৰাই মনুষ্যৰ পৰা দেৱতা হৈ আছা। আকৌ 84 জন্ম ল’বা। তোমালোকৰ ভূমিকা চলিয়েই থাকে, কেতিয়াও বন্ধ নহয়। কোনেও মোক্ষ আদি নাপায়। যিমান অনেক গুৰু, অনেক শাস্ত্ৰ, সিমান অনেক মত। মনুষ্যৰ কিমান অশান্তি। য’লৈকে নোযোৱা ক’ব মনৰ শান্তি কেনেকৈ পোৱা যায়। দেহ-অভিমানত আহি এনেকৈ কয়। পিতাই বুজায় মন আৰু বুদ্ধি – এয়া হৈছে আত্মাৰ ইন্দ্ৰিয়। বাকী এই সকলোবোৰ হৈছে শৰীৰৰ ইন্দ্ৰিয়। আত্মাই কয় - মোৰ মনে শান্তি কেনেকৈ পাব। বাস্তৱত এনেকৈ কোৱাতো ভুল। তোমালোক আত্মা, তোমালোকৰ স্বধৰ্মই হৈছে শান্ত। তোমালোকে এনেকৈ কোৱা মই আত্মাই শান্তি কেনেকৈ পাম। ইয়াত কৰ্মতো কৰিবই লাগে। এই কথাবোৰ পিতাইহে বহি বুজায়। জগতত এই জ্ঞান কাৰো নাই। তাত হ’ল ভক্তিমাৰ্গ। তেওঁলোকে জ্ঞানৰ বিষয়ে গম নাপায়। জ্ঞানতো এজন পিতাইহে দিয়ে। পিতাই নিজে কয় - মই কল্পই কল্পই, কল্পৰ সংগমযুগত আহোঁ। কলিযুগৰ অন্তত সকলো পতিত। এয়া হৈছে ৰাৱণ ৰাজ্য। ৰাৱণক জ্বলায়ো ভাৰতবাসীয়েই। পতিত-পাৱন পিতাৰ জন্মও ইয়াতে হয়। তেন্তে ৰাৱণৰ জন্মও ইয়াতে হয়। ৰাৱণ যিয়ে সকলোকে পতিত কৰি তোলে, সেইবাবে ৰাৱণক জ্বলায়। এই কথাবোৰ কাৰো বুদ্ধিত নাই।

এতিয়া ভাৰতত শ্ৰীকৃষ্ণ জয়ন্তী পালন কৰে। শ্ৰীকৃষ্ণৰ লীলা, ভজন আদি কৰে। এতিয়া পিতাই কয় - বাস্তৱত শ্ৰীকৃষ্ণ লীলা বুলি একো নায়েই। শ্ৰীকৃষ্ণই কি কৰিলে! কয় - কংসপুৰীত জন্ম ল’লে। এতিয়া কংস বুলিতো অসুৰক কোৱা হয়। সত্যযুগত অসুৰ ক’ৰ পৰা আহিল। তোমালোকে জানা শ্ৰীকৃষ্ণৰ আত্মা যি সত্যযুগত আছিল তেওঁ নিজৰ 84 জন্ম ভোগ কৰি এই সময়ত পতিতৰ পৰা পাৱন হৈ আছে। নিজৰ পদ পুনৰ লৈ আছে। তেনেকৈয়ে তোমালোক শ্ৰীকৃষ্ণপুৰীৰ নিবাসী আছিলা। 84 জন্ম লৈ এতিয়া পুনৰাই নিজৰ পদ লৈ আছা। বাস্তৱত শিৱবাবাৰ জয়ন্তী পালন কৰিব লাগে। যিজন শিৱবাবাই সকলোকে নৰকৰ পৰা স্বৰ্গলৈ লৈ যায়, তেওঁৰ কোনো লীলা নাই। কয় যে হে পতিত-পাৱন বাবা আহক, আহি আমাক নৰকৰ পৰা স্বৰ্গলৈ লৈ যাওঁক। আপুনি আমাৰ পিতা তেন্তে আমি স্বৰ্গত থাকিব লাগে, এই বিকাৰী সৃষ্টিত কিয় আছোঁ? সেইবাবে আহ্বান জনায় হে ঈশ্বৰ পিতা আমাক এই দুখৰ সৃষ্টিৰ পৰা মুক্ত কৰক। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। পিতাই কয় - এই নাটকক কোনেও নাজানে। শাস্ত্ৰত নাটকৰ আয়ুস দীঘলীয়াকৈ লিখি দিছে। নতুন সৃষ্টি পুৰণা হ’বই লাগে। সতো, ৰজো, তমোত আহিবই লাগে। এয়া হৈছে বেহদৰ কথা। এতিয়া তোমালোক পুনৰ বিশ্বৰ মালিক হৈ আছা। যিসকল ভাৰতবাসী নতুন সৃষ্টিত আছিল তেওঁলোকেই 84 জন্মৰ ভূমিকা পালন কৰিব। এতিয়া তোমালোক পৱিত্ৰ হোৱা, বাকী সকলো মনুষ্য পতিত, সেইবাবেতো পাৱনসকলক নমন কৰে। পাৱনক পাৱনে কিয় নমন কৰিব। সন্ন্যাসীসকল পৱিত্ৰ সেইবাবেতো পতিত মনুষ্য তেওঁলোকৰ আগত নতশিৰ হয়। কন্যা পৱিত্ৰ সেইবাবে সকলোৱে তেওঁলোকৰ আগত নতশিৰ হয়। সেই কন্যাই বিয়া হৈ শহুৰৰ ঘৰলৈ গ’লে নতশিৰ হ’বলগীয়া হয়। এতিয়া বেহদৰ পিতা আহিছে সকলোকে পাৱন কৰি তুলিবলৈ। তেওঁলোক সকলো কলিযুগত আছে। তোমালোক এতিয়া সংগমত আছা। এতিয়া তোমালোক পতিত সৃষ্টিলৈ যাব নালাগে। এইটো হয়েই কল্যাণকাৰী যুগ। পিতা আহি সকলোৰে কল্যাণ কৰে। তোমালোকে এতিয়া কৃষ্ণ জয়ন্তী পালন কৰিবা, নহ’লে মানুহে ভাবিব এওঁলোকতো নাস্তিক। নাস্তিক বাস্তৱত তেওঁলোকক কোৱা হয় যিসকলে নিজৰ পিতাক আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানে। এই সময়ত সকলো অনাথ মাউৰা হৈ গৈছে। ঘৰে ঘৰে কাজিয়া, এজনে আনজনক হত্যা কৰিবলৈ অলপো পলম নকৰে, সেইবাবে ইয়াক নাস্তিকৰ জগত বুলি কোৱা হয়, পিতাৰ বিষয়ে অজ্ঞ। তোমালোক হ’লা পিতাক জানোঁতা। এতিয়া তোমালোকে বুজি পোৱা যে আমি পাথৰবুদ্ধিৰ আছিলোঁ, পিতাই আমাক পাৰসবুদ্ধিৰ কৰি আছে আৰু কোনো কষ্টৰ কথা নাই। পিতাই কেৱল কয় এঘণ্টাকৈ পঢ়া। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। শৰীৰক স্মৰণ কৰিলে তেতিয়া লৌকিক সম্বন্ধসমূহ স্মৃতিলৈ আহিব। দেহী-অভিমানী হৈ থাকিলে মোৰ অৰ্থাৎ পিতাৰ স্মৃতি থাকিব। এইখনতো হয়েই বিকাৰী সৃষ্টি। বিষয় সাগৰত ডুবি থাকে। বিষ্ণুক ক্ষীৰসাগৰত দেখুৱায়। এনেকৈ কয় যে তাত (স্বৰ্গত) ঘিউৰ নদী বৈ থাকে। ইয়াততো মাটি তেলো (কেৰাচিনো) পোৱা নাযায়। পাৰ্থক্য আছে নহয়। গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হ’ব লাগে। পিতাহে নাৱৰীয়া হয় নহয়। গায়নো কৰে - মোৰ নাও পাৰলৈ লৈ যোৱা। এই সকলোবোৰ নাও, নাৱৰীয়া এজন পিতাই হয়। এই শৰীৰ ইয়াতেই ত্যাগ কৰিব। বাকী আত্মাসকলক পাৰলৈ লৈ যাব শান্তিধামলৈ। তাৰপৰা আকৌ পঠিয়াই দিব সুখধামলৈ। পৰমপিতা পৰমাত্মাকহে নাৱৰীয়া বুলি কোৱা হয়। পিতাৰেই মহিমা অনেক প্ৰকাৰেৰে গায়ন কৰে। এতিয়া তোমালোক পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হোৱা। শ্ৰী শ্ৰী শিৱবাবা আহিছে শ্ৰেষ্ঠ কৰি তুলিবলৈ। স্বয়ং ভগৱানেই কয় এইখন ভ্ৰষ্টাচাৰী সৃষ্টি। এতিয়া তোমালোক পৰমপিতা পৰমাত্মাৰ শ্ৰীমতত চলি শ্ৰেষ্ঠাচাৰী হোৱা। এয়া কিমান গুপ্ত ৰমণীয় কথা, যিবোৰ কেৱল তোমালোক সন্তানসকলেহে বুজি পোৱা। অন্যই বুজি নাপাবই। তোমালোকে জানা যে দেৱী-দেৱতা ধৰ্মৰ পুলি ৰোপণ কৰি থকা হৈছে। দেৱী-দেৱতা ধৰ্মৰ যিসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে, তেওঁলোকেই আহি পুনৰ ব্ৰাহ্মণ হ’বহি। ব্ৰহ্মাকুমাৰ-কুমাৰী নোহোৱাকৈ পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লাভ কৰিব নোৱাৰে। এতিয়া তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছা। যিমান পুৰুষাৰ্থ কৰিবা, কৰাবা সিমান উচ্চ পদ পাবা। সকলোৱেতো ইমান কৰিব নোৱাৰে। সম্পূৰ্ণকৈ নপঢ়িলে তাৰ ফলাফল কি হ’ব। যদি শৰীৰ ত্যাগ কৰিবলগীয়া হয় তেন্তে স্বৰ্গলৈ আহি যাব। কিন্তু প্ৰজাৰ ভিতৰত একেবাৰেই সাধাৰণ হিচাপে। যদি পিতাৰ হৈ ভালদৰে পঢ়ে তেন্তে ৰাজকীয় পদ লাভ কৰিব পাৰে। নপঢ়িলে তেতিয়া বুজিব যে তেওঁৰ ভাগ্যত নাই। পৱিত্ৰ হৈ থাকিলে, পঢ়িলে তেতিয়া উচ্চ পদ পাব। অপৱিত্ৰ হ’লে পিতাক স্মৰণ কৰিব নোৱাৰিব। এনেকুৱাও বহুত আছে - কৰ্মবন্ধনৰ হিচাপ যেতিয়া নিষ্পত্তি হ’ব। গাড়ীৰ দুয়োটা চকা (যুগল) পৱিত্ৰ হ’লে ঠিকেই চলিব। দুয়োজনেই পৱিত্ৰ হৈ থাকিলে তেতিয়া জ্ঞান চিতাত বহি যাব, নহ’লে মনোমালিন্য হয়।

বহুত সন্তানে কয় যে বাবা আমিতো জানো শ্ৰীকৃষ্ণ সত্যযুগৰ প্ৰথম ৰাজকুমাৰ, তেন্তে কিবা (উৎসৱ) পালন নকৰোঁ কিয়। বাৰু মই শ্ৰীকৃষ্ণৰ আত্মাক আহ্বানো কৰিব পাৰোঁ। আহি খেলা-ধূলা কৰিব, ৰাস কৰিব আৰু কি কৰিব। গোপ-গোপিনীসকলতো ইয়াতেই থাকে। তাততো ৰাজকুমাৰ-ৰাজকুমাৰীসকল পৰস্পৰ লগ হ’লে ৰাস কৰে। সোণৰ মুৰুলী (বাঁহী) বজায়। এই সকলোবোৰ খেলা-ধূলা তোমালোকে অন্তিমৰ ফালে দেখিবা। এই সকলোবোৰ ভূমিকা চলিব। আৰম্ভণিত দেখুওৱা হৈছিল আকৌ তোমালোক পুৰুষাৰ্থত লাগি গৈছা। এতিয়া আকৌ অন্তিমৰ ফালে সাক্ষাৎকাৰ হোৱা আৰম্ভ হ'ব। কোনে কোনে কি পদ পাব, এয়া তোমালোকে জানা। পিতাই বহি এই সকলোবোৰ ৰহস্য বুজায়। তোমালোকক সোধে বেদ, শাস্ত্ৰ আদিক মানেনে! কোৱা - হয়, আমি কিয় নামানিম। এই সকলোবোৰ ভক্তিমাৰ্গৰ সামগ্ৰী, ইয়াত কোনো জ্ঞান নাই। জ্ঞান দিওঁতাতো এজনেই। জ্ঞান পালে তেতিয়া ভক্তি আপোনাআপুনি নোহোৱা হৈ যায়। তোমালোক মন্দিৰলৈ গ'লেও তেতিয়া বুদ্ধিত থাকিব যে এওঁলোক লক্ষ্মী-নাৰায়ণে পুনৰ এতিয়া নতুন সৃষ্টিত ৰাজত্ব কৰিব।

পিতাই সন্তানসকলক বুজায়, দুয়োফালে দায়িত্ব পালন কৰি চলিব লাগে। গৃহস্থ ব্যৱহাৰত থাকি পৱিত্ৰ হ’ব লাগে। শ্রীমতে কয় পূৰা পৱিত্ৰ হোৱা, পূৰা বৈষ্ণৱ হোৱা আৰু বিষ্ণুপুৰীৰ ৰাজ্য-ভাগ্য লোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগৰ দ্বাৰা কর্ম বন্ধনৰ হিচাপ-নিকাচ নিষ্পত্তি কৰি পাৱন হ'ব লাগে। জ্ঞান চিতাত বহিব লাগে। পূৰা পূৰা বৈষ্ণৱ অৰ্থাৎ পৱিত্ৰ হ'ব লাগে।

(2) নিজৰ শান্ত স্বধর্মত স্থিত হৈ থাকিব লাগে। সকলোকে শান্তিধামৰ স্মৃতি সোঁৱৰাই দিব লাগে। কেতিয়াও অশান্ত হ'ব নালাগে।

বৰদান:
বাণী উৰ্দ্ধত স্থিতিত স্থিৰ হৈ সৰ্ব গুণৰ অনুভৱ কৰোঁতা মাষ্টৰ বীজৰূপ হোৱা

যেনেকৈ বীজত গোটেই বৃক্ষ সমাহিত হৈ থাকে, ঠিক তেনেকৈয়ে বাণীৰ উৰ্দ্ধত স্থিতিত সঙ্গমযুগৰ সকলো বিশেষ গুণ অনুভৱ হয়। মাষ্টৰ বীজৰূপ হোৱা অৰ্থাৎ কেৱল শান্তি নহয়, শান্তিৰ লগতে জ্ঞান, অতীন্দ্ৰিয় সুখ, প্ৰেম, আনন্দ, শক্তি আদি সকলো মূল গুণৰ অনুভৱ কৰা। এই অনুভৱ কেৱল নিজৰেই নহয়, অন্য আত্মাসকলেও তেওঁলোকৰ চেহেৰাৰে সৰ্বগুণৰ অনুভৱ কৰে। এটা গুণত সৰ্বগুণ সমাথিত হৈ থাকে।

স্লোগান:
ভালটো ধাৰণ কৰা, কিন্তু ভাল দ্বাৰা প্ৰভাৱিত হৈ নাযাবা।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

পৱিত্ৰতা তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ অনাদি-আদি সংস্কাৰ, এই স্বাভাৱিক সংস্কাৰৰ দ্বাৰা সপোন বা সংকল্পতো যাতে অপৱিত্ৰতা জাগ্ৰত নহয়। সংকল্প আহক আৰু বিজয়ী হোৱা, ইয়াৰো ওপৰত স্বাভাৱিক সংস্কাৰ গঢ়ি তোলা। তেতিয়া এইটো বিষয়ত পুৰুষাৰ্থ কৰাৰ প্ৰয়োজন নাথাকিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]