19.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই বেহদৰ নাটকত তোমালোক আত্মাসকলে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছা, এতিয়া তোমালোকে এই শৰীৰ ৰূপী কাপোৰ খুলি থৈ ঘৰলৈ যাব লাগে, পুনৰ নতুন ৰাজ্যলৈ আহিব লাগে”

প্ৰশ্ন:
পিতাই কোনো কৰ্ম প্ৰেৰণাৰে নকৰে, তেওঁৰ অৱতৰণ হয়, এইটো কোনটো কথাৰ পৰা সিদ্ধ হয়?

উত্তৰ:
পিতাক কোৱাই হয় কৰণকৰাৱনহাৰ। প্ৰেৰণাৰতো অৰ্থ হৈছে বিচাৰ। প্ৰেৰণাৰ দ্বাৰা কোনো নতুন সৃষ্টি স্থাপনা নহয়। পিতাই সন্তানসকলৰ দ্বাৰা স্থাপনা কৰায়, কৰ্মেন্দ্ৰিয় অবিহনেতো একোৱেই কৰাব নোৱাৰে সেয়েহে তেওঁ শৰীৰৰ আধাৰ ল'বলগীয়া হয়।

ওঁম্শান্তি।
আত্মিক সন্তানসকল আত্মিক পিতাৰ সন্মুখত বহি আছে। অৰ্থাৎ আত্মাসকল নিজৰ পিতাৰ সন্মুখত বহি আছে। আত্মা নিশ্চয় শৰীৰ সহিত বহিব। পিতায়ো যেতিয়া শৰীৰ ধাৰণ কৰে তেতিয়াহে সন্মুখত আহে ইয়াকেই কোৱা হয় আত্মা-পৰমাত্মা বিচ্ছিন্ন হৈ থাকিল বহুকাল...... তোমালোক সন্তানসকলে বুজি পোৱা উচ্চতকৈও উচ্চ পিতাকহে ঈশ্বৰ, প্ৰভু, পৰমাত্মা ভিন্ন নাম দিছে, পৰমপিতা বুলি কেতিয়াও লৌকিক পিতাক কোৱা নহয়। কেৱল পৰমপিতা বুলি লিখিলেও কোনো আপত্তি নাই। পৰমপিতা অৰ্থাৎ তেওঁ এজনেই সকলোৰে পিতা। সন্তানসকলে জানে আমি পৰমপিতাৰ লগত বহি আছোঁ। পৰমপিতা পৰমাত্মা আৰু আমি আত্মাসকল শান্তিধামৰ নিবাসী। ইয়াত ভূমিকা পালন কৰিবলৈ আহোঁ, সত্যযুগৰ পৰা ধৰি কলিযুগৰ অন্তিমলৈকে ভূমিকা পালন কৰিছোঁ, এয়া হৈ গ'ল নতুন ৰচনা। ৰচয়িতা পিতাই বুজাইছে যে তোমালোক সন্তানসকলে এনেকুৱা ভূমিকা পালন কৰিছিলা। আগতে এইটো জনা নাছিলোঁ যে আমি 84 জন্ম পৰিক্ৰমা লগাইছোঁ। এতিয়া তোমালোক সন্তানসকলৰ সৈতেহে পিতাই কথা পাতে, যিসকলে 84ৰ পৰিক্ৰমা লগাইছে। সকলোৱেতো 84 জন্ম ল'ব নোৱাৰে। এইটো বুজাব লাগে যে 84ৰ চক্ৰ কেনেকৈ পৰিক্ৰমা লগায়। বাকী লাখ বছৰৰতো কথা নাই। সন্তানসকলে জানে যে আমি প্ৰত্যেক 5 হাজাৰ বছৰ পাছত ভূমিকা পালন কৰিবলৈ আহোঁ। আমি ভূমিকা পালন কৰোঁতা হওঁ। উচ্চতকৈও উচ্চ ভগৱানৰো বিচিত্ৰ ভূমিকা আছে। ব্ৰহ্মা আৰু বিষ্ণুৰ বিচিত্ৰ ভূমিকা বুলি কোৱা নহয়। দুয়ো 84ৰ চক্ৰ পৰিক্ৰমা লগায়। বাকী শংকৰৰ ভূমিকা এই সৃষ্টিততো নাই। ত্ৰিমূৰ্তিত দেখুৱায় - স্থাপনা, বিনাশ, প্ৰতিপালন। চিত্ৰসমূহৰ ওপৰত বুজাবলগীয়া হয়। চিত্ৰ যি দেখুওৱা তাৰ ওপৰত বুজাব লাগে। সংগমযুগত পুৰণি সৃষ্টিৰ বিনাশতো হ'বই। প্ৰেৰক শব্দটিও ভুল। যেনেকৈ কোনোবাই কয় আজি মোৰ বাহিৰলৈ যোৱাৰ প্ৰেৰণা নাই, প্ৰেৰণা অৰ্থাৎ বিচাৰ। প্ৰেৰণাৰ অন্য কোনো অৰ্থ নাই। পৰমাত্মাই কোনো প্ৰেৰণাৰে কাম নকৰে। প্ৰেৰণাৰে জ্ঞানো প্ৰাপ্ত হ'ব নোৱাৰে। পিতা আহে এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা ভূমিকা পালন কৰিবলৈ। কৰণকৰাৱনহাৰ হয় নহয়। সন্তানসকলৰ দ্বাৰা কৰাব। শৰীৰ অবিহনেতো কৰিব নোৱাৰে। এই কথাবোৰ কোনেও নাজানে। ঈশ্বৰ পিতাকো নাজানে। ঋষি-মুনি আদি সকলে কৈছিল আমি ঈশ্বৰক নাজানো। আত্মা আৰু পৰমাত্মা পিতা কাৰোৰে জ্ঞান নাই। পিতা হৈছে ৰচয়িতা, নিৰ্দেশক, নিৰ্দেশনাও দিয়ে। শ্ৰীমত দিয়ে। মনুষ্যৰ বুদ্ধিততো সৰ্বব্যাপীৰ জ্ঞান আছে। তোমালোকে বুজি পোৱা বাবা আমাৰ বাবা, সেই লোকসকলে সৰ্বব্যাপী বুলি কৈ দিয়ে গতিকে পিতা বুলি বুজিবই নোৱাৰে। তোমালোকে বুজি পোৱা এয়া বেহদৰ পিতাৰ পৰিয়াল। সৰ্বব্যাপী বুলি ক'লে পৰিয়ালৰ সুবাস নাহে। তেওঁক কোৱা হয় নিৰাকাৰী শিৱবাবা। নিৰাকাৰী আত্মাসকলৰ পিতা‌। শৰীৰ আছে সেইবাবে আত্মাই কয় যে বাবা। শৰীৰ অবিহনেতো আত্মাই ক'ব নোৱাৰে। ভক্তিমাৰ্গত আহ্বান জনাই আহিছে। এনেকৈ ভাবে যে সেইজন বাবা হৈছে দুখহৰ্তা সুখকৰ্তা। সুখ প্ৰাপ্ত হয় সুখধামত। শান্তি প্ৰাপ্ত হয় শান্তিধামত। ইয়াত আছেই দুখ। এই জ্ঞান তোমালোকে সংগমযুগত প্ৰাপ্ত কৰা। পুৰণি আৰু নতুন মাজৰ সময়খিনিত। পিতা আহেই তেতিয়া যেতিয়া নতুন সৃষ্টি স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ হোৱাৰ সময় হয়। প্ৰথমতে সদায় ক'ব লাগে - নতুন সৃষ্টি স্থাপনা। প্ৰথমে পুৰণি সৃষ্টিৰ বিনাশ বুলি কোৱাতো ভুল হৈ যায়। এতিয়া তোমালোকে বেহদৰ নাটকৰ জ্ঞান প্ৰাপ্ত কৰা। যেনেকৈ সেই নাটকত যেতিয়া ভাৱৰীয়াসকল আহে তেতিয়া ঘৰৰ পৰা সাধাৰণ কাপোৰ পিন্ধি আহে আকৌ নাটকত আহি কাপোৰ সলনি কৰে। আকৌ নাটক পূৰা হ'লে তেতিয়া তেওঁলোকে কাপোৰ সলাই ঘৰলৈ উভতি যায়। ইয়াত তোমালোক আত্মাসকল ঘৰৰ পৰা অশৰীৰী হৈ আহিব লাগে। ইয়াত আহি এই শৰীৰ ৰূপী কাপোৰ পিন্ধা। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। এয়া হৈছে বেহদৰ নাটক। এতিয়া এই বেহদৰ গোটেই সৃষ্টিখন পুৰণি আকৌ সৃষ্টি নতুন হ'ব। সেইখন বহুত সৰু, এটাই ধৰ্ম থাকে। তোমালোক সন্তানসকলে এই পুৰণি সৃষ্টিৰ পৰা ওলাই পুনৰ হদৰ সৃষ্টিলৈ, নতুন সৃষ্টিলৈ আহিব লাগে কিয়নো তাত এটা ধৰ্ম থাকে। অনেক ধৰ্ম, অনেক মনুষ্য হোৱাৰ কাৰণে বেহদ হৈ যায়। তাততো আছেই এটা ধৰ্ম, কম সংখ্যক মনুষ্য। এক ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে আহিবলগীয়া হয়। তোমালোক সন্তানসকলে এই বেহদৰ নাটকৰ ৰহস্য বুজি পোৱা যে এই চক্ৰ কেনেকৈ ঘূৰে। এই সময়ত যি কিছু বাস্তৱত হয় তাৰেই আকৌ ভক্তিমাৰ্গত উৎসৱ উদ্‌যাপন কৰে। ক্ৰম অনুসৰি কি কি উৎসৱ আছে, সেয়াও তোমালোক সন্তানসকলে জানা। উচ্চতকৈও উচ্চ ভগৱান শিৱবাবাৰ জয়ন্তী বুলি কোৱা হ’ব। তেওঁ যেতিয়া আহিব তেতিয়া আকৌ অন্য উৎসৱ হ’ব। শিৱবাবাই পোন-প্ৰথমে আহি ‘গীতা’ শুনায় অৰ্থাৎ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। যোগো শিকায়। লগতে তোমালোকক পঢ়ায়ো। গতিকে পোন-প্ৰথমে পিতা আহিল শিৱজয়ন্তী হ'ল তাৰপাছত কোৱা হ’ব গীতা জয়ন্তী। আত্মাসকলক জ্ঞান শুনায় গতিকে গীতা জয়ন্তী হৈ গ'ল। তোমালোক সন্তানসকলে বিচাৰ কৰি উৎসৱসমূহক ক্ৰম অনুসৰি লিখা। এই কথাবোৰো বুজিব আমাৰ ধৰ্মৰ লোকসকলে। প্ৰত্যেকৰে নিজৰ ধৰ্মটি প্ৰিয়। অন্য ধৰ্মৰ লোকসকলৰ কথাই নাই। যদিও কাৰোবাৰ অন্য ধৰ্ম প্ৰিয় হয়ো কিন্তু সেই ধৰ্মত আহিব নোৱাৰে। স্বৰ্গত অন্য ধৰ্মৰ লোকসকল জানো আহিব পাৰিব। বৃক্ষৰ (কল্পবৃক্ষৰ) চিত্ৰত একেবাৰে স্পষ্টকৈ আছে। যি যি ধৰ্ম যি সময়ত আহে পুনৰ সেই সময়ত আহিব। প্ৰথমতে পিতা আহে, তেৱেঁই আহি ৰাজযোগ শিকায় গতিকে কোৱা হয় শিৱজয়ন্তী তাৰপাছত গীতা জয়ন্তী তাৰপাছত নাৰায়ণ জয়ন্তী। সেয়াতো হৈ যায় সত্যযুগ। সেয়াও লিখিব লাগে ক্ৰম অনুসৰি। এয়া হৈছে জ্ঞানৰ কথা। শিৱজয়ন্তী কেতিয়া হৈছিল সেয়াও গম নাপায়, জ্ঞান শুনালে, যাক গীতা বুলি কোৱা হয় আকৌ বিনাশো হয়। জগত অম্বা আদিৰ জয়ন্তীত কোনো বন্ধৰ দিন নাই। মনুষ্যই কাৰো তিথি-তাৰিখ আদিক একেবাৰে নাজানে। লক্ষ্মী-নাৰায়ণ, ৰাম-সীতাৰ ৰাজত্বৰ বিষয়েই নাজানে। 2500 বছৰত যিসকল আহিছে, তেওঁলোকক জানে কিন্তু তেওঁলোকৰ আগত যি আদি সনাতন দেৱী-দেৱতাসকল আছিল, তেওঁলোকৰ কিমান সময় হ'ল, একোৱেই নাজানে। 5 হাজাৰ বছৰতকৈ ডাঙৰ কল্পতো হ'ব নোৱাৰে। আধাফালেতো বহুত সংখ্যা আহি গ'ল, বাকী আধাত এওঁলোকৰ ৰাজত্ব। তেনেস্থলত অধিক বছৰৰ কল্প কেনেকৈ হ'ব পাৰে। 84 লাখ জন্মও হ'ব নোৱাৰে। সেই লোকসকলে ভাবে কলিযুগৰ আয়ুস লাখ বছৰ। মনুষ্যক অন্ধকাৰলৈ ঠেলি দিছে। ক'ত গোটেই ড্ৰামাখন 5 হাজাৰ বছৰৰ, ক'ত কেৱল কলিযুগৰ কাৰণে কয় যে এতিয়া 40 হাজাৰ বছৰ বাকী আছে। যেতিয়া যুদ্ধ লাগে তেতিয়া ভাবে ভগৱান আহিব লাগে কিন্তু ভগৱানতো আহিব লাগে সংগমত। মহাভাৰতৰ যুদ্ধতো লাগেই সংগমত। পিতাই কয় - ময়ো কল্পই কল্পই সংগমযুগত আহোঁ। পিতা আহিব নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ কৰাবলৈ। নতুন সৃষ্টি স্থাপনা হ’লে পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ'ব, ইয়াৰ বাবে এই যুদ্ধ। ইয়াত শংকৰৰ প্ৰেৰণা আদিৰতো কোনো কথা নাই। এইটো প্ৰতীত যে পুৰণি সৃষ্টিৰ বিনাশ হৈ যাব। ঘৰ আদিতো ভূমিকম্পত সকলো নাশ হৈ যাব কিয়নো নতুন সৃষ্টি লাগে। নতুন সৃষ্টি নিশ্চয় আছিল। দিল্লী পৰিস্তান আছিল, যমুনাৰ তীৰ আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। চিত্ৰও আছে। লক্ষ্মী-নাৰায়ণক স্বৰ্গৰ বুলিয়ে ক'ব। তোমালোক সন্তানসকলে সাক্ষাৎকাৰো কৰিছা যে কেনেকৈ সয়ম্বৰ হয়। এই সকলোবোৰ মূল কথা বাবাই পুনৰালোচনা কৰায়। বাৰু মূল কথাবোৰ স্মৃতিলৈ নাহে তেন্তে বাবাক স্মৰণ কৰা। পিতাক যদি পাহৰি যোৱা তেন্তে শিক্ষকক স্মৰণ কৰা। শিক্ষকে যি শিকায় সেয়াও নিশ্চয় স্মৃতিলৈ আহিব নহয়। শিক্ষকো স্মৃতিত থাকিব, জ্ঞানো স্মৃতিত থাকিব। উদ্দেশ্যও বুদ্ধিত আছে। স্মৃতিত ৰাখিবই লাগে কিয়নো তোমালোকৰ বিদ্যাৰ্থী জীৱন হয় নহয়। এইটোও জানা যে যিয়ে আমাক পঢ়ায় তেওঁ আমাৰ পিতাও হয়, লৌকিক পিতা নাইকিয়া হৈ নাযায়। লৌকিক, পাৰলৌকিক আকৌ এওঁ (ব্ৰহ্মা) হৈছে অলৌকিক। এওঁক কোনেও স্মৰণ নকৰে। লৌকিক পিতাৰ পৰাতো উত্তৰাধিকাৰ প্ৰাপ্ত হয়। অন্তিমলৈকে স্মৃতিত থাকে। শৰীৰ ত্যাগ কৰিলে পুনৰ অন্য পিতা পোৱা যায়। প্ৰত্যেক জন্মতে লৌকিক পিতা পোৱা যায়। পাৰলৌকিক পিতাকো দুখ বা সুখত স্মৰণ কৰে। সন্তান প্ৰাপ্ত হ'ল তেন্তে ক'ব ঈশ্বৰে সন্তান দিলে। বাকী প্ৰজাপিতা ব্ৰহ্মাক কিয় স্মৰণ কৰিব, এওঁৰ পৰা জানো কিবা প্ৰাপ্তি হয়। এওঁক অলৌকিক বুলি কোৱা হয়।

তোমালোকে জানা আমি ব্ৰহ্মা বাবাৰ দ্বাৰা শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। যেনেকৈ আমি পঢ়োঁ, এই ৰথখনো নিমিত্ত হৈছে। বহুত জন্মৰ অন্তিমত এওঁৰ শৰীৰহে ৰথ হৈছে। ‘ৰথ’ নামটি ৰাখিবলগীয়া হয় নহয়। এয়া হৈছে বেহদৰ সন্ন্যাস। ৰথ স্থায়ী হৈয়েই থাকে, বাকীসকলৰ ঠিকনা নাই। আগবাঢ়ি গৈ গৈ আকৌ আঁতৰি গুচি যায়। এই ৰথখনটো ড্ৰামা অনুসৰি নিৰ্ধাৰিত, এওঁক কোৱা হয় ভাগ্যশালী ৰথ। তোমালোক সকলোকে ভাগ্যশালী ৰথ বুলি কোৱা নহয়। ভাগ্যশালী ৰথ বুলি এখনকেই মান্যতা দিয়া হয়, য'ত পিতা আহি জ্ঞান দিয়ে। স্থাপনাৰ কাৰ্য কৰায়। তোমালোক ভাগ্যশালী ৰথ নহ'লা। তোমালোক আত্মা এই ৰথত বহি পঢ়া। আত্মা পৱিত্র হৈ যায় সেয়েহে মহিমা এইটো শৰীৰৰ য'ত এওঁ বহি পঢ়ায়। এইটো অন্তিম জন্ম বহুত মূল্যৱান আকৌ শৰীৰ সলনি কৰি আমি দেৱতা হৈ যাম। এই পুৰণি শৰীৰৰ দ্বাৰাহে তোমালোকে শিক্ষা প্ৰাপ্ত কৰা। শিৱবাবাৰ হোৱা। তোমালোকে জানা আমাৰ প্ৰথম জীৱন একেবাৰে মূল্যহীন আছিল। এতিয়া মূল্যৱান হৈ আছোঁ। যিমান পঢ়িবা সিমান উচ্চ পদ প্ৰাপ্ত কৰিবা। পিতাই বুজাইছে স্মৃতিৰ যাত্ৰা হৈছে মুখ্য। ইয়াকেই ভাৰতৰ প্ৰাচীন যোগ বুলি কয় যাৰ দ্বাৰা তোমালোক পতিতৰ পৰা পাৱন হোৱা, স্বৰ্গবাসীতো সকলো হয় বাকী পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোক বেহদৰ স্কুলত বহি আছা। তোমালোকেই আকৌ দেৱতা হ'বাগৈ। তোমালোকে বুজি পোৱা উচ্চ পদ কোনে প্ৰাপ্ত কৰিব পাৰে। তেওঁলোকৰ অৰ্হতা কি হ'ব লাগে। প্ৰথমে আমাৰো অৰ্হতা নাছিল। আসুৰিক মতত চলিছিলোঁ। এতিয়া ঈশ্বৰীয় মত পোৱা যায়। আসুৰিক মতত আমি অৱৰোহণ কলাত যাওঁ। ঈশ্বৰীয় মতৰ দ্বাৰা আৰোহণ কলাত যাওঁ। ঈশ্বৰীয় মত দিওঁতা এজনেই, আসুৰিক মত দিওঁতা অনেক আছে। মা-পিতা, ভাই-ভনী, শিক্ষক-গুৰু কিমানৰ মত পোৱা যায়। এতিয়া তোমালোকে এটাই মত পোৱা যিটো 21 জন্ম কামত আহে। গতিকে এনেকৈ শ্ৰীমতত চলিব লাগে। যিমান চলিবা সিমান শ্ৰেষ্ঠ পদ পাবা। কমকৈ চলিলে তেন্তে কম পদ। শ্ৰীমত হৈছেই ভগৱানৰ। উচ্চতকৈও উচ্চ ভগৱানেই হয়, যিয়ে শ্ৰীকৃষ্ণক উচ্চতকৈও উচ্চ কৰি তুলিলে আকৌ নীচতকৈও নীচ ৰাৱণে কৰিলে। পিতাই বগা (পাৱন) কৰি তোলে ৰাৱণে শ্যামবৰণীয়া (পতিত) কৰি তোলে। পিতাই উত্তৰাধিকাৰ দিয়ে। তেওঁতো হৈছেই নিৰ্বিকাৰী। দেৱতাসকলৰ মহিমা গায় সৰ্বগুণ সম্পন্ন..... সন্ন্যাসীসকলক সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা নহয়। সত্যযুগত আত্মা আৰু শৰীৰ দুয়োটা পৱিত্র হয়। দেৱতাসকলক সকলোৱে জানে, তেওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী হোৱাৰ কাৰণে সম্পূৰ্ণ বিশ্বৰ মালিক হয়। এতিয়া নহয়, পুনৰ তোমালোক হোৱা। পিতাও সংগমযুগতেই আহে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ। ব্ৰহ্মাৰ সন্তানতো তোমালোক সকলো হ'লা। তেওঁ হ’ল গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। কোৱা, প্ৰজাপিতা ব্ৰহ্মাৰ নাম শুনা নাই নেকি? পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰাই সৃষ্টি ৰচনা কৰিব নহয়। ব্ৰাহ্মণ কুল হয়। ব্ৰহ্মা মুখ বংশাৱলী ভাই-ভনী হৈ গ’ল। ইয়াত ৰজা-ৰাণীৰ কথা নাই। এই ব্ৰাহ্মণ কুলতো হৈছে সংগমৰ, অলপ সময় চলে। ৰাজত্ব পাণ্ডৱৰো নাই আৰু কৌৰৱৰো নাই। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) 21 জন্ম শ্ৰেষ্ঠ পদৰ অধিকাৰী হ'বৰ কাৰণে সকলো আসুৰিক মত ত্যাগ কৰি একমাত্ৰ ঈশ্বৰীয় মতত চলিব লাগে। সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব লাগে।

(2) এই পুৰণা শৰীৰত বহি পিতাৰ শিক্ষাসমূহ ধাৰণ কৰি দেৱতা হ'ব লাগে। এয়া হৈছে অতি মূল্যৱান জীৱন, এইটো জীৱনতে অতি মূল্যৱান হ'ব লাগে।

বৰদান:
সকলো আত্মাক যথাৰ্থ অবিনাশী আলম্বন প্ৰদান কৰোঁতা আধাৰ, উদ্ধাৰমূৰ্ত হোৱা

বৰ্তমান সময়ত বিশ্বৰ চাৰিওফালে কিবা নহয় কিবা অস্থিৰতা আছে, ক’ৰবাত মনৰ অনেক দুশ্চিন্তাৰ অস্থিৰতা, ক’ৰবাত প্ৰকৃতিৰ তমোপ্ৰধান বায়ুমণ্ডলৰ কাৰণে অস্থিৰতা, অল্পকালৰ সাধনে সকলোকে চিন্তাৰ চিতাত লৈ গৈ আছে সেই কাৰণে অল্পকালৰ আধাৰৰ পৰা, প্ৰাপ্তিসমূহৰ পৰা, বিধিসমূহৰ পৰা ভাগৰি বাস্তৱিক আলম্বন বিচাৰি আছে। গতিকে তোমালোক আধাৰ, উদ্ধাৰমূৰ্ত আত্মাসকলে তেওঁলোকক শ্ৰেষ্ঠ অবিনাশী প্ৰাপ্তিৰ যথাৰ্থ, বাস্তৱিক, অবিনাশী আলম্বনৰ অনুভূতি কৰোৱা।

স্লোগান:
সময় অমূল্য সম্পদ - সেয়েহে ইয়াক নষ্ট কৰাৰ সলনি তৎক্ষণাৎ নিৰ্ণয় কৰি সফল কৰা।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

যেনেকৈ সূৰ্যৰ কিৰণ বিয়পি পৰে তেনেকৈ মাষ্টৰ সৰ্বশক্তিমানৰ স্থিতিত থাকি শক্তি বা বিশেষত্ব ৰূপী কিৰণ চাৰিওফালে বিয়পি পৰাৰ অনুভৱ কৰা, ইয়াৰ বাবে “মই মাষ্টৰ সৰ্বশক্তিমান, বিঘ্ন-বিনাশক আত্মা”, এইটো স্বমানৰ স্মৃতিৰ আসনত স্থিৰ হৈ থাকি কাৰ্য কৰা তেতিয়া বিঘ্ন সন্মুখলৈও নাহিব।