19.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সদায় আনন্দিত হৈ থাকিলে স্মৃতিৰ যাত্ৰা সহজ হৈ যাব, স্মৃতিৰেহে 21 জন্মৰ কাৰণে পুণ্য আত্মা হ'বাগৈ”

প্ৰশ্ন:
তোমালোকৰ সকলোতকৈ ভাল সেৱক অথবা গোলাম কোন?

উত্তৰ:
প্ৰাকৃতিক দুৰ্যোগ অথবা বিজ্ঞানৰ উদ্ভাৱন, যাৰ দ্বাৰা গোটেই বিশ্বৰ আৱৰ্জনা চাফা হয়। এয়া তোমালোকৰ সকলোতকৈ ভাল সেৱক অথবা গোলাম যিয়ে চাফা কৰাত সহায় কৰে। গোটেই প্ৰকৃতি তোমালোকৰ অধিকাৰত থাকে।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে কি কৰি আছে? যুদ্ধক্ষেত্রত থিয় হৈ আছে। থিয় হৈতো থকা নাই, তোমালোকতো বহি আছা। তোমালোকৰ সেনা কিমান ভাল। ইয়াক কোৱা হয় আত্মিক পিতাৰ আত্মিক সেনা। আত্মিক পিতাৰ সৈতে যোগসূত্ৰ গঢ়ি ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ কিমান সহজ পুৰুষাৰ্থ কৰায়। তোমালোকক কোৱা হয় গুপ্ত সেনা, গুপ্ত মহাবীৰ। তোমালোকে পাঁচ বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰা, ইয়াৰ ভিতৰত প্ৰথম হৈছে দেহ-অভিমান। পিতাই বিশ্বত বিজয় প্ৰাপ্ত কৰিবলৈ বা বিশ্বত শান্তি স্থাপনা কৰিবলৈ কিমান সহজ যুক্তি শুনায়। তোমালোক সন্তানসকলৰ বাহিৰে আৰু অন্য কোনেও নাজানে। তোমালোকে বিশ্বত শান্তি স্থাপনা কৰি আছা। তাত অশান্তি, দুখ, ৰোগৰ নাম চিহ্ন নাথাকে। তোমালোকে এই পঢ়াৰ দ্বাৰাই নতুন সৃষ্টিৰ মালিক হোৱা। পিতাই কয় - মৰমৰ সন্তানসকল, কামৰ ওপৰত বিজয় প্রাপ্ত কৰি 21 জন্মৰ কাৰণে জগতজিৎ হোৱা। এয়াতো বহুত সহজ। তোমালোক হ'লা শিৱ বাবাৰ আত্মিক সেনা। ৰামৰ কথা নহয়, কৃষ্ণৰো কথা নহয়। পৰমপিতা পৰমত্মাক ৰাম বুলি কোৱা হয়। বাকী সেয়া ৰামৰ যি সেনা আদি দেখুৱায়, সেয়া সকলো ভুল। গোৱাও হয় "জ্ঞান সূৰ্য প্ৰকট হ'ল, অজ্ঞান অন্ধকাৰ বিনাশ হ’ল"। কলিযুগ হৈছে ঘোৰ অন্ধকাৰ। কিমান যুদ্ধ-বিগ্ৰহ, মাৰামাৰী হৈ থাকে। সত্যযুগত এইবোৰ নাথাকে। চোৱা তোমালোকে নিজৰ ৰাজ্য কেনেকৈ স্থাপনা কৰা। কোনোধৰণৰ হাত-ভৰি চলাবলগীয়া নহয়, ইয়াত কেৱল দেহৰ বোধ এৰিব লাগে। ঘৰত থাকিলেও প্ৰথমে এইটো অভ্যাস কৰা – মই আত্মাহে, দেহ নহয়। তোমালোক আত্মাসকলেই 84 জন্ম ভোগ কৰা। এতিয়া তোমালোকৰ অন্তিম জন্ম। পুৰণা সৃষ্টিৰ সমাপ্তি হ'ব। ইয়াক পুৰুষোত্তম সংগমযুগৰ অধিযুগ বুলি কোৱা হয়। টিকনি সৰু নহয় জানো। ব্ৰাহ্মণৰ টিকনি প্ৰসিদ্ধ। পিতাই কিমান সহজকৈ বুজায়। তোমালোকে প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহি ৰাজ্য প্ৰাপ্ত কৰিবৰ বাবে পিতাৰ দ্বাৰা এয়া পঢ়া। লক্ষ্য-উদেশ্যও সন্মুখত আছে - শিৱবাবাৰ দ্বাৰা আমি এয়া (লক্ষ্মী-নাৰায়ণ) হ’ব লাগে। হয় সন্তানসকল, কিয় নহয়! কেৱল দেহ-অভিমান ত্যাগ কৰি নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰিলে পাপ খণ্ডন হ’ব। তোমালোকে জানা যে এইটো জন্মত পাৱন হ'লে আমি 21 জন্ম পুণ্য আত্মা হ'মগৈ পাছত অৱনতি আৰম্ভ হয়। এয়াও জানা আমিহে 84 চক্ৰত আহোঁ। গোটেই সৃষ্টিখনতো নাহে। 84 চক্ৰৰসকল আৰু এই ধৰ্মাৱলম্বীসকলহে আহিব। সত্যযুগ আৰু ত্ৰেতা পিতাইহে স্থাপনা কৰে। যিটো এতিয়া কৰি আছে, দ্বাপৰ-কলিযুগ আকৌ হৈছে ৰাৱণৰ স্থাপনা। ৰাৱণৰ চিত্ৰও আছে নহয়। ওপৰত গাধৰ মূৰ। বিকাৰী গাধ হৈ যায়। তোমালোকে বুজিও পোৱা - আমি কি আছিলোঁ! এইখন হয়েই পাপ আত্মাৰ জগত। পাপ আত্মাৰ জগতত কোটি কোটি মনুষ্য আছে। পুণ্য আত্মাৰ জগতত আৰম্ভণিতে 9 লাখ থাকে। তোমালোক এতিয়া গোটেই বিশ্বৰ মালিক হোৱা। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক নাছিল জানো। স্বৰ্গৰ বাদশ্বাহী নিশ্চয় পিতায়ে দিব। পিতাই কয় - মই তোমালোকক বিশ্বৰ বাদশ্বাহী দিবলৈ আহিছোঁ। এতিয়া নিশ্চয় পাৱন হ’ব লাগে। তথাপি মৃত্যুলোকৰ এইটো অন্তিম জন্ম পৱিত্ৰ হোৱা। এই পুৰণি সৃষ্টিৰ বিনাশ সন্মুখত সাজু হৈ আছে। বোমা আদি সকলো এনেকৈ তৈয়াৰ কৰি আছে যে তাত ঘৰত বহিয়েই শেষ কৰি দিব। কোৱাও হয় ঘৰত বহিয়েই পুৰণি সৃষ্টিৰ বিনাশ কৰি দিব। এই বোমা আদি ঘৰত বহিয়েই এনেকৈ নিক্ষেপ কৰিব যে গোটেই সৃষ্টি শেষ কৰি দিব। তোমালোক সন্তানসকল ঘৰত বহিয়েই যোগবলেৰে বিশ্বৰ মালিক হৈ যোৱা। তোমালোকে যোগবলেৰে শান্তি প্ৰতিষ্ঠা কৰি আছা। তেওঁলোকে বিজ্ঞানৰ বলেৰে সৃষ্টি নাশ কৰি দিব। সেয়া (বিজ্ঞান) হৈছে তোমালোকৰ সেৱক। তোমালোকৰ সেৱা কৰি আছে। পুৰণি সৃষ্টি নাশ কৰি দিয়ে। প্ৰাকৃতিক দুৰ্যোগ আদি এয়া তোমালোকৰ গোলাম হৈ যায়। গোটেই প্ৰকৃতি তোমালোকৰ গোলাম হৈ যায়। কেৱল তোমালোকে পিতাৰ সৈতে যোগযুক্ত হোৱা। গতিকে তোমালোক সন্তানসকলৰ অন্তৰ বহুত আনন্দিত হোৱা উচিত। এনেহেন মৰমৰ পিতাক কিমান স্মৰণ কৰা উচিত। এই ভাৰত পূৰা শিৱালয় আছিল। সত্যযুগত সম্পূৰ্ণ নিৰ্বিকাৰী, ইয়াত হৈছে বিকাৰী। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে – যথাযথ পিতাই আমাক কৈছে যে বেয়া নাচাবা…... বেয়া কথা নুশুনিবা। মুখেৰে নকবাও। পিতাই বুজায় - তোমালোক কিমান মলিন হৈ গৈছা। তোমালোকৰতো প্ৰচুৰ ধন আছিল। তোমালোক স্বৰ্গৰ মালিক আছিলা। এতিয়া তোমালোক স্বৰ্গৰ সলনি নৰকৰ মালিক হৈ গৈছা। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। প্ৰত্যেক 5 হাজাৰ বছৰৰ মূৰত তোমালোক সন্তানসকলক মই এই ৰৌৰব নৰকৰ পৰা উলিয়াই স্বৰ্গলৈ লৈ যাওঁ। আত্মিক সন্তানসকল, তোমালোকে জানো মোৰ কথা নামানিবা? পৰমাত্মাই কয় - তোমালোক পৱিত্ৰ সৃষ্টিৰ মালিক হোৱা, তেন্তে নহ’বা নেকি?

বিনাশতো নিশ্চয় হ’ব। এই যোগবলেৰেই তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হ’ব। বাকী জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হ'বলৈ সময় লাগে। সন্তানসকল আৰম্ভণিৰ পৰাই আহিছে, 10 শতাংশও যোগ নালাগে সেয়েহে পাপ খণ্ডন নহয়। নতুনকৈ অহা সন্তানসকল সোনকালে যোগী হৈ যায় সেয়েহে পাপ খণ্ডন হৈ যায় আৰু সেৱা কৰিবলৈ লাগি যায়। তোমালোক সন্তানসকলে বুজি পোৱা যে এতিয়া আমি উভতি যাব লাগে। পিতা লৈ যাবলৈ আহিছে। পাপ-আত্মাতো শান্তিধাম-সুখধামলৈ যাব নোৱাৰে। তেওঁলোকতো দুখধামতে থাকে সেয়েহে এতিয়া পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোকৰ পাপ ভস্ম হৈ যাব। হেৰ’ সন্তানসকল ফুল হৈ যোৱা। দৈৱী কুলত কলংক নলগাবা। তোমালোক বিকাৰী হোৱাৰ বাবে কিমান দুখী হৈ গৈছা। এয়াও ড্ৰামাৰ খেল ৰচি থোৱা আছে। পৱিত্ৰ নহ'লে পৱিত্র সৃষ্টি স্বৰ্গত আহিব নোৱাৰিবা। ভাৰত স্বর্গ আছিল, কৃষ্ণপুৰীত আছিলা, এতিয়া নৰকবাসী। সেয়েহে তোমালোক সন্তানসকলে আনন্দেৰে বিকাৰ ত্যাগ কৰিব লাগে। বিহ পান ততালিকে এৰিব লাগে। বিহ পান কৰি থাকিলে তোমালোক জানো বৈকুণ্ঠলৈ যাব পাৰিবা। এতিয়া এয়া (লক্ষ্মী-নাৰায়ণ) হ’বলৈ তোমালোক পৱিত্ৰ নিশ্চয় হ’ব লাগে। তোমালোকে বুজাব পাৰা – এওঁলোকে এই ৰাজ্য কেনেকৈ প্রাপ্ত কৰিলে? ৰাজযোগৰ দ্বাৰা। এয়া পঢ়া নহয় জানো। যিদৰে বেৰিষ্টাৰ যোগ, ছার্জন যোগ থাকে। ছার্জনৰ সৈতে যোগসূত্ৰ গঢ়িলে ছার্জন হ’বাগৈ। এয়া আকৌ হৈছে ভগৱানুবাচ। ৰথত কেনেকৈ প্ৰৱেশ কৰে? এনেকৈ কয় বহুত জন্মৰ অন্তিম জন্মত এওঁৰ শৰীৰত বহি তোমালোকক জ্ঞান দিওঁ। জানো যে এওঁ বিশ্বৰ মালিক পৱিত্ৰ আছিল। এতিয়া পতিত, কঙাল হৈছে পুনৰ এওঁ প্ৰথম স্থানত যাব। এওঁৰ শৰীৰতে প্ৰৱেশ কৰি তোমালোক সন্তানসকলক জ্ঞান দিয়ে। বেহদৰ পিতাই কয় - সন্তানসকল, পৱিত্ৰ হোৱা তেতিয়া সদায় সুখী হ'বা। সত্যযুগ হৈছে অমৰলোক, দ্বাপৰ-কলিযুগ হৈছে মৃত্যুলোক। কিমান ভালকৈ সন্তানসকলক বুজায়। ইয়াত দেহী-অভিমানী হয় পুনৰ দেহ-অভিমানত আহি মায়াৰ ওচৰত পৰাজিত হৈ যায়। মায়াৰ এটাই টোপ এনেকৈ লাগে যে একেবাৰে গাঁতত পৰি যায়। পিতাই কয় এয়া হৈছে গাঁত। এয়া জানো সুখ! তেন্তে স্বৰ্গ কেনেকুৱা হ’ব ভাবা! চোৱা এই দেৱতাসকলৰ ধৰণ-কৰণ কেনেকুৱা। নামেই হৈছে স্বর্গ। তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে তথাপি কয় - মই বিহ নিশ্চয় পান কৰিম! তেন্তে স্বৰ্গত আহিব নোৱাৰিব। শাস্তিও বহুত খাব। তোমালোক সন্তানসকলৰ হৈছে মায়াৰ সৈতে যুদ্ধ। দেহ-অভিমানত আহি বহুত ছিঃ ছিঃ কাম কৰে। এনেকৈ ভাবে মোক জানো কোনোবাই দেখিব। ক্ৰোধ-লোভ এয়াতো গোপন নহয়। কাম বিকাৰত গোপনীয়তা চলে। মুখ কলা কৰি দিয়ে। কলা মুখ কৰি কৰি তোমালোক বগাৰ পৰা শ্যাম বৰণীয়া হৈ গৈছা সেইবাবে গোটেই সৃষ্টিও তোমালোকৰ পিছে পিছে আহি গ’ল। এনেকুৱা পতিত সৃষ্টিৰ নিশ্চয় পৰিৱৰ্তন কৰিব লাগে। পিতাই কয় - তোমালোকৰ লাজ নালাগে, এটা জন্মৰ বাবে পৱিত্ৰ নোহোৱা।

ভগৱানুবাচ – কাম হৈছে মহাশত্রু। বাস্তৱত তোমালোক স্বৰ্গবাসী আছিলা তেতিয়া বহুত ধনৱান আছিলা। তাৰ কথাই নুসুধিবা। সন্তানসকলে কয় - বাবা আমাৰ চহৰলৈ ব'লক। কাঁইটৰ জংঘলত বান্দৰ বিলাকক চাবলৈ যাম জানো! তোমালোক সন্তানসকলে ড্ৰামা অনুসাৰে সেৱা কৰিবই লাগে। গোৱাও হয় – যেনেকুৱা পিতা তেনেকুৱা সন্তান। সন্তানসকলেহে গৈ সকলোৰে কল্যাণ কৰিব লাগে। পিতাই সন্তানসকলক বুজায় - এইটো পাহৰি নাযাবা, আমি যুদ্ধক্ষেত্ৰত আছোঁ। তোমালোকৰ যুদ্ধ 5 বিকাৰৰ সৈতে। এই জ্ঞানমাৰ্গ একেবাৰে বেলেগ। পিতাই কয় - মই তোমালোকক 21 জন্মলৈ স্বৰ্গৰ মালিক কৰি তোলোঁ, আকৌ কোনে তোমালোকক নৰকবাসী কৰি তোলে? ৰাৱণে। পাৰ্থক্যতো দেখা পোৱা নহয়। জন্ম-জন্মান্তৰ তোমালোক ভক্তিমাৰ্গত গুৰুৰ শৰণাপন্ন হ’লা, একোৱে নাপালা। এওঁক সৎগুৰু বুলি কোৱা হয়। শিখসকলে কয় - সৎগুৰু অকাল মূৰ্ত। তেওঁক কেতিয়াও কালে গ্ৰাস নকৰে। সেই সৎগুৰুতো হৈছে কালৰো কাল। পিতাই কয় - মই তোমালোক সকলোকে কালৰ হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ আহিছোঁ। সত্যযুগত আকৌ কাল নাহেই, সেইখনক অমৰলোক বুলি কোৱা হয়। এতিয়া তোমালোক শ্ৰীমতত অমৰলোক সত্যযুগৰ মালিক হৈ আছা। তোমালোকৰ যুদ্ধ চোৱা কেনেকুৱা। গোটেই জগতে এজনে-আনজনৰ লগত হাই-কাজিয়া কৰি থাকে। তোমালোকৰ আকৌ যুদ্ধ হৈছে 5 বিকাৰ ৰাৱণৰ সৈতে। ৰাৱণৰ ওপৰত বিজয়ী হোৱা। এইটো হৈছে অন্তিম জন্ম।

পিতাই কয় - মই গৰিবৰ ত্ৰাণকৰ্তা। ইয়াত গৰিবহে আহে। ধনৱানসকলৰতো ভাগ্যতে নাই। ধনৰ নিচাতে মত্ত হৈ থাকে। এই সকলোবোৰ বিনাশ হৈ যাব। বাকী অলপ সময় আছে। ড্ৰামাৰ পৰিকল্পনা আছে নহয়। এয়া ইমান যি বোমা আদি তৈয়াৰ কৰিছে, সেয়া কামত নিশ্চয় লগাব। আগতেতো যুদ্ধ কাঁড়, তৰোৱাল, বন্দুক আদিৰে কৰিছিল। এতিয়াতো এনেকুৱা বোমা আদি উলিয়াইছে যে ঘৰত বহিয়েই নাশ কৰি দিব। এই বস্তুবোৰ জানো ৰাখি থ’বলৈ তৈয়াৰ কৰিছে! কেতিয়ালৈকে ৰাখিব। পিতা আহিছে যেতিয়া বিনাশো নিশ্চয় হ’ব। ড্ৰামাৰ চক্ৰ ঘূৰিয়েই থাকে, তোমালোকৰ ৰাজ্য নিশ্চয় স্থাপনা হ’ব। এই লক্ষ্মী-নাৰায়ণে কেতিয়াও যুদ্ধ নকৰে। শাস্ত্ৰত দেখুৱাইছে – অসুৰ আৰু দেৱতাসকলৰ যুদ্ধ হ’ল কিন্তু তেওঁলোক (দেৱতাসকল) সত্যযুগৰ, অসুৰ হৈছে কলিযুগৰ। কেনেকৈ দুয়ো লগ হ’ব যে যুদ্ধ কৰিব। এতিয়া তোমালোকে বুজিছা যে আমি 5 বিকাৰ সৈতে যুদ্ধ কৰি আছোঁ। ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰি সম্পূৰ্ণ নিৰ্বিকাৰী হৈ নিৰ্বিকাৰী সৃষ্টিৰ মালিক হৈ যামগৈ। উঠোঁতে-বহোঁতে পিতাক স্মৰণ কৰিব লাগে। দৈৱীগুণ ধাৰণ কৰিব লাগে। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। কিছুমানৰ ভাগ্যতেই নাই। যোগবল থাকিলেহে বিকৰ্ম বিনাশ হ’ব। সম্পূৰ্ণ হ'লেহে সম্পূৰ্ণ সৃষ্টিত আহিব পাৰিবা। পিতায়ো শংখধ্বনি কৰি থাকে। তেওঁলোকে আকৌ ভক্তিমাৰ্গত শংখ বা বাঁহী আদি সাজিছে। পিতাইতো এই মুখৰ দ্বাৰা বুজায়। এয়া হৈছে ৰাজযোগৰ পঢ়া। বহুত সহজ পঢ়া। পিতাক স্মৰণ কৰা আৰু ৰাজ্যক স্মৰণ কৰা। বেহদৰ পিতাক চিনি লোৱা আৰু ৰাজ্য লোৱা। এই সৃষ্টিক পাহৰি যোৱা। তোমালোক হৈছা বেহদৰ সন্ন্যাসী। এইটো জানা যে পুৰণি সৃষ্টিৰ সকলো নাশ হৈ যাব। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত কেৱল ভাৰতহে আছিল। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ দৈৱীকুলত কলংক লগাব নালাগে। ফুল হ’ব লাগে। অনেক আত্মাৰ কল্যাণৰ সেৱা কৰি পিতাক প্ৰত্যক্ষ কৰাব লাগে।

(2) সম্পূৰ্ণ নিৰ্বিকাৰী হ’বলৈ বেয়া কথা শুনিবও নালাগে আৰু মুখেৰেও ক’বও নালাগে। বেয়া নুশুনিবা, বেয়া নকবা….. দেহ-অভিমানৰ বশৱৰ্তী হৈ কোনোধৰণৰ ছিঃ ছিঃ কাম কৰিব নালাগে।

বৰদান:
‘মনমনাভৱ’ মন্ত্ৰৰ দ্বাৰা মনৰ বন্ধনৰ পৰা মুক্ত হওঁতা নিৰ্বন্ধন, নিমিত্ত হোৱা

যিকোনো বন্ধনেই পিঞ্জৰা। পিঞ্জৰাৰ মইনা এতিয়া নিৰ্বন্ধন উৰন্ত পখী হৈ গ’ল। যদি কোনো দেহৰ বন্ধনো আছে তেতিয়াও মন উৰন্ত পখী কিয়নো ‘মনমনাভৱ’ হ’লে মনৰ বন্ধন আঁতৰি যায়। প্ৰবৃত্তি চম্ভালাৰো বন্ধন নাই। নিমিত্ত হৈ চম্ভাল কৰোঁতাসকল সদায় নিৰ্বন্ধন হৈ থাকে। গৃহস্থী মানে বোজা, বোজাধাৰী কেতিয়াও উৰিব নোৱাৰে। কিন্তু নিমিত্ত হ’লে তেতিয়া নিৰ্বন্ধন হয় আৰু উৰন্ত কলাৰে চেকেণ্ডত মৰমৰ ঘৰত উপস্থিত হ’ব পাৰে।

স্লোগান:
দুখক নিজৰ দাসী কৰি দিয়া, তাক চেহেৰাত আহিব নিদিবা।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

বহুত সন্তানে যেতিয়া পুৰুষাৰ্থ কৰিব নোৱাৰে তেতিয়া স্বভাৱক দোষাৰোপ কৰে, কয় – মোৰ স্বভাৱে এনেকুৱা। কিন্তু নহয়। তোমালোকৰতো কৰ্তব্যই হৈছে স্বভাৱ শুধৰণি কৰা। সেই প্ৰাকৃতিক উপচাৰ কৰাসকলে উপবাস ৰাখিবলৈ দিয়ে। তেনেকৈ তোমালোক সন্তানসকলেও পুৰুষাৰ্থত যিবোৰ কথা লোকচানকাৰক তাৰ উপৰাস ৰাখা আৰু প্ৰতিজ্ঞা কৰা যে এইটো কৰিহে এৰিম। হৈ হে এৰিম। যেতিয়া এনেকুৱা নিশ্চয়বুদ্ধিৰ হ’বা তেতিয়া বিজয়ী হ’বাগৈ।