20.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – জ্ঞানৰ ধাৰণাৰ লগতে সত্যযুগী বাদশ্বাহীৰ কাৰণে স্মৃতি আৰু পৱিত্ৰতাৰ বলো জমা কৰা”
 

প্ৰশ্ন:
এতিয়া তোমালোক সন্তানসকলৰ পুৰুষাৰ্থৰ লক্ষ্য কি হ'ব লাগে?

উত্তৰ:
সদায় আনন্দিত হৈ থকা, অতি অমায়িক হোৱা, সকলোকে প্ৰেমেৰে চলোৱা.... এয়াই তোমালোকৰ পুৰুষাৰ্থৰ লক্ষ্য হওঁক। ইয়াৰ দ্বাৰাই তোমালোক সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ হ'বাগৈ।

প্ৰশ্ন:
যাৰ কৰ্ম শ্ৰেষ্ঠ, তেওঁৰ লক্ষণ কি হ'ব?

উত্তৰ:
তেওঁৰ দ্বাৰা কোনেও দুখী নহ’ব। যেনেকৈ পিতা দুখহৰ্তা, সুখকৰ্তা, তেনেকৈ শ্ৰেষ্ঠ কৰ্ম কৰোঁতাজনো দুখহৰ্তা সুখকৰ্তা হ'ব।

গীত:
ছোড় ভি দে আকাশ সিংহাসন… (এৰি দিয়া আকাশ সিংহাসন...)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলে। এয়া মৰমৰ আত্মিক সন্তান বুলি কোনে ক'লে? দুয়োজন পিতাই ক'লে। নিৰাকাৰজনেও ক'লে আৰু সাকাৰজনেও ক'লে সেয়েহে এওঁক বাপ আৰু দাদা বুলি কোৱা হয়। দাদা হৈছে সাকাৰী (শৰীৰধাৰী)। এতিয়া এই গীতটিতো হৈছে ভক্তিমাৰ্গৰ। সন্তানসকলে জানে পিতা আহিছে আৰু পিতাই গোটেই সৃষ্টি চক্ৰৰ জ্ঞান বুদ্ধিত ধাৰণ কৰাইছে। তোমালোক সন্তানসকলৰো বুদ্ধিত আছে যে আমি 84 জন্ম পূৰ্ণ কৰিলোঁ, এতিয়া নাটক পূৰা হয়। এতিয়া আমি যোগ বা স্মৃতিৰ দ্বাৰা পাৱন হ'ব লাগে। স্মৃতি আৰু জ্ঞান এয়াতো সকলো কথাতে প্ৰযোজ্য হয়। বেৰিষ্টাৰজনক নিশ্চয় স্মৰণ কৰিব আৰু তেওঁৰ পৰা জ্ঞান ল'ব। ইয়াকো যোগ আৰু জ্ঞানৰ বল বুলি কোৱা হয়। ইয়াততো এয়া হৈছে নতুন কথা। সেই জ্ঞান আৰু যোগৰ দ্বাৰা হদৰ বল প্ৰাপ্ত হয়। ইয়াত এই যোগ আৰু জ্ঞানৰ দ্বাৰা বেহদৰ বল প্ৰাপ্ত হয় কিয়নো পিতা হৈছে সৰ্বশক্তিমান হৰ্তা-কৰ্তা। পিতাই কয় - মই জ্ঞানৰ সাগৰো হওঁ। তোমালোক সন্তানসকলে এতিয়া সৃষ্টি চক্ৰক জানি গ’লা। মুললোক, সূক্ষ্মলোক..... সকলো স্মৃতিত আছে। পিতাৰ যি জ্ঞান আছে, সেয়াও প্ৰাপ্ত কৰিছা। গতিকে জ্ঞানো ধাৰণ কৰিব লাগে আৰু ৰাজ্য পাবৰ কাৰণে পিতাই সন্তানসকলক যোগ আৰু পৱিত্ৰতাও শিকায়। তোমালোক পৱিত্ৰও হোৱা। পিতাৰ পৰা ৰাজ্যও লোৱা। পিতাই নিজতকৈও বেছি মৰ্যাদা দিয়ে। তোমালোকে 84 জন্ম লৈ লৈ মৰ্যাদা হেৰুৱাই পেলোৱা। এই জ্ঞান তোমালোক সন্তানসকলে এতিয়া পাইছা। উচ্চতকৈও উচ্চ হোৱাৰ জ্ঞান উচ্চতকৈও উচ্চ পিতাৰ দ্বাৰা পোৱা যায়। সন্তানসকলে জানে এতিয়া আমি যেন বাপদাদাৰ ঘৰত বহি আছোঁ। এওঁ দাদা (ব্ৰহ্মা), ‘মা’ও হয়। সেই পিতাতো বেলেগ, বাকী এওঁ ‘মা’ও হয়। কিন্তু এয়া পুৰুষৰ পোছাক (শৰীৰ) হোৱাৰ কাৰণে আকৌ মাতাক নিমিত্ত কৰোৱা হয়, এওঁকো তুলি লোৱা হয়। তেওঁৰ পৰা আকৌ ৰচনা হৈছে। ৰচনাও তোলনীয়া। পিতাই সন্তানসকলক উত্তৰাধিকাৰ দিবৰ কাৰণে তুলি লয়। ব্ৰহ্মাকো তুলি লৈছে। প্ৰৱেশ কৰা বা তুলি লোৱা কথা একেটাই। সন্তানসকলে বুজি পায় আৰু বুজায়ো - পুৰুষাৰ্থৰ ক্ৰম অনুসৰি সকলোকে এয়াই বুজাব লাগে যে আমি নিজৰ পৰমপিতা পৰমাত্মাৰ শ্ৰীমতত এই ভাৰতক পুনৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কৰি তোলোঁ, গতিকে নিজেও হ'ব লাগে। নিজক চাব লাগে যে মই শ্ৰেষ্ঠ হৈছোঁনে? ভ্ৰষ্টাচাৰৰ কাম কৰি কাৰোবাক দুখতো দিয়া নাই? পিতাই কয় - মইতো সন্তানসকলক সুখী কৰি তুলিবলৈ আহিছোঁ গতিকে তোমালোকেও সকলোকে সুখ দিব লাগে। পিতাই কেতিয়াও কাকো দুখ দিব নোৱাৰে। তেওঁৰ নামেই হৈছে দুখহৰ্তা সুখকৰ্তা। সন্তানসকলে নিজক পৰীক্ষা কৰিব লাগে - মন, বাণী, কৰ্মৰ দ্বাৰা মই কাৰোবাক দুখতো নিদিওঁ? শিৱবাবাই কেতিয়াও কাকো দুখ নিদিয়ে। পিতাই কয় - মই কল্পই কল্পই তোমালোক সন্তানসকলক এই বেহদৰ কাহিনী শুনাওঁ। এতিয়া তোমালোকৰ বুদ্ধিত আছে যে আমি নিজৰ ঘৰলৈ যাম আকৌ নতুন সৃষ্টিলৈ আহিম। এতিয়াৰ পঢ়া অনুসৰি অন্তিমত তোমালোক স্থানান্তৰ হৈ যাবা। আকৌ ঘৰলৈ গৈ তাৰপাছত ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহিবা। এয়া ৰাজধানী স্থাপনা হৈ আছে।

সন্তানসকলে জানে এতিয়া যি পুৰুষাৰ্থ কৰিবা সেই পুৰুষাৰ্থই তোমালোকৰ কল্প কল্পলৈ সিদ্ধ হ'ব। পোন-প্ৰথমেতো সকলোৱে বুদ্ধিত ধাৰণ কৰিব লাগে যে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান পিতাৰ বাহিৰে কোনেও নাজানে। উচ্চতকৈও উচ্চ পিতাৰ নামেই লুপ্ত কৰি দিলে। ত্ৰিমূৰ্তি নামতো আছে, ত্ৰিমূৰ্তি ৰাস্তাও আছে, ত্ৰিমূৰ্তি ঘৰো আছে। ত্ৰিমূৰ্তি বুলি কোৱা হয় ব্ৰহ্মা-বিষ্ণু-শংকৰক। শিৱবাবা যি এওঁলোক তিনিওজনৰে ৰচয়িতা সেই মূখ্যজনৰ নামকেই লুপ্ত কৰি দিলে। এতিয়া তোমালোক সন্তানসকলে জানা উচ্চতকৈও উচ্চ হৈছে শিৱবাবা, তাৰপাছত ত্ৰিমূৰ্তি। পিতাৰ পৰা আমি সন্তানসকলে এই উত্তৰাধিকাৰ লওঁ। পিতাৰ জ্ঞান আৰু উত্তৰাধিকাৰ এই দুয়োটা স্মৃতিত থাকিলে তেতিয়া সদায় হৰ্ষিত হৈ থাকিবা। পিতাৰ স্মৃতিত থাকি তোমালোকে যাকেই জ্ঞানৰ বাণ মাৰিবা তেতিয়া তাৰ ভাল প্ৰভাৱ পৰিব। স্মৃতিৰ দ্বাৰা শক্তি আহি থাকিব। স্মৃতিৰ যাত্ৰাৰ দ্বাৰাহে শক্তি প্ৰাপ্ত হয়। এতিয়া শক্তি নোহোৱা হৈ গ'ল কিয়নো আত্মা পতিত তমোপ্ৰধান হৈ গ’ল। এতিয়া মূল চিন্তা এইটোৱে হ’ব লাগে যে আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কেনেকৈ হওঁ। ‘মনমনাভৱ’ৰ অৰ্থও এয়াই। ‘গীতা’ যিয়ে পঢ়ে তেওঁক সুধিব লাগে – ‘মনমনাভৱ’ৰ অৰ্থ কি? এয়া কোনে ক’লে যে মোক স্মৰণ কৰা তেতিয়া উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবা? নতুন সৃষ্টি স্থাপনা কৰোঁতাতো শ্ৰীকৃষ্ণ নহয়। তেওঁ হৈছে ৰাজকুমাৰ। এইটোতো গায়ন আছে যে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এতিয়া কৰণকৰাৱনহাৰ কোন? পাহৰি গৈছে। তেওঁৰ কাৰণে সৰ্বব্যাপি বুলি কৈ দিয়ে। এনেকৈ কয় ব্ৰহ্মা, বিষ্ণু, শংকৰ আদি সকলোতে তেৱেঁই আছে। ইয়াক অজ্ঞান বুলি কোৱা হয়। পিতাই কয় - তোমালোকক 5 বিকাৰ ৰূপী ৰাৱণে কিমান বুদ্ধিহীন কৰি দিলে। তোমালোকে জানা যথাযথ আমিও আগতে এনেকুৱা আছিলোঁ। হয়, প্ৰথমে উত্তমতকৈ উত্তমো আমিয়েই আছিলোঁ আকৌ অৱনমিত হৈ মহান পতিত হৈ গ’লোঁ। শাস্ত্ৰত দেখুৱাইছে যে ৰাম ভগৱানে বান্দৰৰ সেনা ল’লে, এইটোও ঠিক। তোমালোকে জানা যে আমি যথাৰ্থতে বান্দৰ সদৃশ আছিলোঁ। এতিয়া উপলব্ধি হয় যে এইখন হয়েই ভ্ৰষ্টাচাৰী সৃষ্টি। ইজনে-সিজনক গালি দি কাঁইট হৈ বিন্ধি থাকে। এইখন হৈছে কাঁইটৰ জংঘল। সেইখন হৈছে ফুলৰ বাগিচা। জংঘল বহুত ডাঙৰ হয়। বাগিচা বহুত সৰু হয়। বাগিচা ডাঙৰ নহয়। সন্তানসকলে বুজি পায় যে যথাৰ্থতে এই সময়ত এইখন হৈছে বহুত ডাঙৰ কাঁইটৰ জংঘল। সত্যযুগত ফুলৰ বাগিচা কিমান সৰু হ'ব। এই কথাবোৰ তোমালোক সন্তানসকলৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পায়। যাৰ জ্ঞান আৰু যোগ নাই, সেৱাত তৎপৰ হৈ নাথাকে তেওঁলোকৰ ইমান আন্তৰিক আনন্দও নাথাকে। দান কৰিলে মনুষ্য আনন্দিত হয়। এনেকৈ বুজে যে এওঁ পূৰ্বৰ জন্মত দান-পুণ্য কৰিছে সেইবাবে ভাল জন্ম পাইছে। কোনোবা ভক্ত হ’লে ভাবে মই ভক্তই ভাল ভক্তৰ ঘৰত গৈ জন্ম ল'ম। ভাল কৰ্মৰ ফলো ভাল পোৱা যায়। পিতাই বহি কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি সন্তানসকলক বুজায়। জগতৰ লোকে এই কথাবোৰ নাজানে। তোমালোকে জানা এতিয়া ৰাৱণৰাজ্য হোৱাৰ কাৰণে মনুষ্যৰ সকলো কৰ্ম বিকৰ্ম হৈ যায়। পতিততো হ'বই লাগিব। 5 বিকাৰ সকলোৰে মাজত আছে। যদিও দান-পুণ্য আদি কৰে, অল্পকালৰ কাৰণে তাৰ ফল প্ৰাপ্ত হৈ যায়। তথাপিও পাপতো কৰেই। ৰাৱণৰাজ্যত যি লেন-দেন হয় সেয়া পাপৰ লেন-দেনেই হয়। দেৱতাসকলৰ আগত কিমান স্বচ্ছতাৰেই ভোগ আগবঢ়ায়। স্বচ্ছ হৈ আহে কিন্তু একোৱেই নাজানে। বেহদৰ পিতাৰো কিমান গ্লানি কৰি দিছে। তেওঁলোকে ভাবে যে এয়া আমি মহিমা কৰোঁ যে ঈশ্বৰ সৰ্বব্যাপি, সৰ্বশক্তিমান, কিন্তু পিতাই কয় - এয়া তেওঁলোকৰ ওলোটা মত।

তোমালোকে প্ৰথমে পিতাৰ মহিমা শুনোৱা যে উচ্চতকৈও উচ্চ ভগৱান এজনেই, আমি তেওঁকেই স্মৰণ কৰোঁ। ৰাজযোগৰ লক্ষ্য-উদ্দেশ্যও সন্মুখত আছে। এই ৰাজযোগ পিতাইহে শিকায়। শ্ৰীকৃষ্ণক পিতা বুলি কোৱা নহয়, তেওঁতো শিশু হয়, শিৱক বাবা বুলি কোৱা হয়। তেওঁৰ নিজৰ দেহ নাই। এয়া মই ঋণত লওঁ সেয়েহে এওঁক বাপদাদা বুলি কয়। তেওঁ হৈছে উচ্চতকৈও উচ্চ নিৰাকাৰ পিতা। ৰচনাই ৰচনাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব নোৱাৰে। লৌকিক সম্বন্ধত সন্তানে পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰে। কন্যা সন্তানেতো নাপায়।

এতিয়া পিতাই বুজাইছে - তোমালোক আত্মাসকল মোৰ সন্তান। প্ৰজাপিতা ব্ৰহ্মাৰ সতি-সন্ততি। ব্ৰহ্মাৰ পৰা উত্তৰাধিকাৰ নোপোৱা। পিতাৰ হ'লেহে উত্তৰাধিকাৰ পাবা। এই পিতাই তোমালোক সন্তানসকলক সন্মুখত বহি বুজায়। ইয়াৰ কোনো শাস্ত্ৰতো হ'ব নোৱাৰে। যদিও তোমালোকে লিখা, কিতাপ ছপোৱা তথাপিও শিক্ষকৰ বাহিৰেতো কোনেও বুজাব নোৱাৰে। শিক্ষক অবিহনে কিতাপৰ কথা কোনেও বুজিব নোৱাৰে। এতিয়া তোমালোক হৈছা আত্মিক শিক্ষক। পিতা হৈছে বীজৰূপ, তেওঁৰ গোটেই বৃক্ষৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। শিক্ষকৰ ৰূপত তোমালোকক বুজায়। তোমালোক সন্তানসকলতো সদায় আনন্দিত হৈ থাকিব লাগে যে আমাক পৰম পিতাই নিজৰ সন্তান কৰি লৈছে, তেৱেঁই আমাক শিক্ষক হৈ পঢ়ায়। সঁচা সৎগুৰুও হয়, লগত লৈ যায়। সকলোৰে সৎগতি দাতা এজনেই। উচ্চতকৈও উচ্চ পিতাই হয় যিয়ে ভাৰতক প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত উত্তৰাধিকাৰ প্ৰদান কৰে। তেওঁৰ শিৱজয়ন্তী পালন কৰে। বাস্তৱত শিৱৰ লগত ত্ৰিমূৰ্তিও থাকিব লাগে। তোমালোকে ত্ৰিমূৰ্তি শিৱজয়ন্তী পালন কৰা। কেৱল শিৱজয়ন্তী পালন কৰিলে কোনো কথা সিদ্ধ নহ'ব। পিতা আহে আৰু ব্ৰহ্মাৰ জন্ম হয়। সন্তান হ’ল, ব্ৰাহ্মণ হ’ল আৰু লক্ষ্য-উদ্দেশ্য সন্মুখত ঠিয় হৈ আছে। পিতাই নিজে আহি স্থাপনা কৰে। লক্ষ্য-উদ্দেশ্যও একেবাৰে স্পষ্ট হৈ আছে কেৱল শ্ৰীকৃষ্ণৰ নাম দি দিয়াৰ কাৰণে গোটেই ‘গীতা’ৰ মহত্ব নোহোৱা হৈ গ'ল। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এই ভুল আকৌ হ’ব। গোটেই খেলখনেই হৈছে জ্ঞান আৰু ভক্তিৰ। পিতাই কয় - অতি মৰমৰ সন্তানসকল, সুখধাম, শান্তিধামক স্মৰণ কৰা। ‘অল্ফ’ আৰু ‘বে’ (আল্লা আৰু বাদশ্বাহী), কিমান সহজ। তোমালোকে যিকোনো লোককে সোধা ‘মনমনাভৱ’ৰ অৰ্থ কি? চোৱা কি কয়? কোৱা কাক ভগৱান বুলি কোৱা হ’ব? উচ্চতকৈও উচ্চ ভগৱান নহয় জানো। তেওঁক সৰ্বব্যাপি বুলি কোৱা হ’ব জানো। তেওঁতো সকলোৰে পিতা। এতিয়া ত্ৰিমূৰ্তি শিৱজয়ন্তী আহি আছে। তোমালোকে ত্ৰিমূৰ্তি শিৱৰ চিত্ৰ উলিয়াব লাগে। উচ্চতকৈও উচ্চ হৈছে শিৱ, তাৰপাছত সূক্ষ্মলোকৰ নিবাসী ব্ৰহ্মা, বিষ্ণু, শংকৰ। উচ্চতকৈও উচ্চ হৈছে শিৱবাবা। তেওঁ ভাৰতক স্বৰ্গ ৰূপে গঢ়ি তোলে। তেওঁৰ জয়ন্তী তোমালোকে কিয় পালন নকৰা? নিশ্চয় ভাৰতক উত্তৰাধিকাৰ প্ৰদান কৰিছিল। তেওঁলোকৰ ৰাজ্য আছিল। এই ক্ষেত্ৰত তোমালোকক আৰ্য্য সমাজৰ লোকসকলেও সহায় কৰিব কিয়নো তেওঁলোকেও শিৱক মানে। তোমালোকে নিজৰ পতাকা উৰুৱা। এফালে ত্ৰিমূৰ্তি গোলক, আনফালে বৃক্ষ। তোমালোকৰ পতাকা বাস্তৱতে এইখন হ'ব লাগে। তৈয়াৰ কৰিবতো পাৰা নহয়। পতাকা উৰুৱাই দিয়া যাতে সকলোৱে দেখে। গোটেই বুজনি ইয়াতেই আছে। কল্পবৃক্ষ আৰু ড্ৰামা ইয়াততো একেবাৰে স্পষ্ট হৈ আছে। সকলোৱে গম পাই যাব যে আমাৰ ধৰ্ম পুনৰ কেতিয়া হ'ব। নিজেই নিজৰ হিচাপ উলিয়াব। সকলোকে এই চক্ৰ আৰু বৃক্ষৰ ওপৰত বুজাব লাগে। যীশুখ্ৰীষ্ট কেতিয়া আহিছিল? ইমান সময় সেই আত্মাসকল ক'ত থাকে? নিশ্চয় নিৰাকাৰী সৃষ্টিত বুলিয়ে ক'ব। আমি আত্মাসকল ৰূপ সলনি কৰি ইয়াত আহি সাকাৰ (শৰীৰধাৰী) হওঁ। পিতাকো এনেকৈ নকয় জানো - আপুনিও ৰূপ সলনি কৰি সাকাৰত আহক। আহিবতো ইয়ালৈকে নহয় জানো। সূক্ষ্মলোকততো নাহিব। যেনেকৈ আমি ৰূপ সলনি কৰি ভূমিকা পালন কৰোঁ, আপুনিও আহক আকৌ আহি ৰাজযোগ শিকাওঁক। ৰাজযোগ হৈছেই ভাৰতক স্বৰ্গ কৰি তোলাৰ। এয়াতো অতি সহজ কথা। সন্তানসকলৰ চখ থাকিব লাগে। ধাৰণ কৰি অন্যকো কৰাব লাগে। তাৰ বাবে লিখা-পঢ়া কৰিব লাগে। পিতা আহি ভাৰতক স্বৰ্গ কৰি তোলে। এনেকৈ কোৱাও হয় যে যথাযথ যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল সেয়েহে ত্ৰিমূৰ্তি শিৱৰ চিত্ৰ সকলোলৈকে পঠিয়াই দিব লাগে। ত্ৰিমূৰ্তি শিৱৰ ষ্টাম্প বনাব লাগে। এই ষ্টাম্প বনাওঁতা সকলৰো বিভাগ থাকিব। দিল্লীততো বহুত লিখা-পঢ়া কৰা লোক আছে। এইটো কাম কৰিব পাৰে। তোমালোকৰ ৰাজধানীও দিল্লী হ'ব। আগতে দিল্লীক পৰিস্থান বুলি কৈছিল। এতিয়াতো কৱৰস্থান। গতিকে এই সকলো কথা সন্তানসকলৰ বুদ্ধিত উদয় হ’ব লাগে।

এতিয়া তোমালোক সদায় আনন্দিত হৈ থাকিব লাগে, বহুত অমায়িক হ'ব লাগে। সকলোকে প্ৰেমেৰে চলাব লাগে। সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে। তোমালোকৰ পুৰুষাৰ্থৰ লক্ষ্য এইটোৱে কিন্তু এতিয়ালৈকে কোনো হোৱা নাই। এতিয়া তোমালোকৰ আৰোহণ কলা হৈ গৈ থাকে। লাহে লাহে আৰোহণ কৰা নহয়। গতিকে বাবাই সকলো প্ৰকাৰে শিৱজয়ন্তীত সেৱা কৰাৰ ইংগিত দি থাকে। যাৰ দ্বাৰা মনুষ্যই বুজিব যে যথাৰ্থতে এওঁলোকৰ জ্ঞানতো অতি উচ্চ। মনুষ্যক বুজাবলৈ কিমান যত্ন কৰিবলগীয়া হয়। যত্ন নকৰিলে ৰাজধানী স্থাপনা হ'ব জানো। আৰোহণ কৰে, অৱৰোহণ কৰে পুনৰ আৰোহণ কৰে। সন্তানসকলৰো কিবা নহয় কিবা ধুমুহা আহে। মূল কথা হৈছেই স্মৃতিৰ। স্মৃতিৰ দ্বাৰাহে সতোপ্ৰধান হ'ব লাগে। জ্ঞানতো সহজ। সন্তানসকল অতি অমায়িক হ'ব লাগে। লক্ষ্য-উদ্দেশ্যতো সন্মুখত ঠিয় হৈ আছে। এওঁলোক (লক্ষ্মী-নাৰায়ণ) কিমান অমায়িক। এওঁলোকক দেখিলে কিমান আনন্দ পোৱা যায়। আমাৰ বিদ্যাৰ্থীসকলৰ এয়া হৈছে লক্ষ্য-উদ্দেশ্য। পঢ়াওঁতাজন হৈছে ভগৱান। ভাল বাৰু!

অতিকৈ মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ দ্বাৰা প্ৰাপ্ত জ্ঞান আৰু উত্তৰাধিকাৰ স্মৃতিত ৰাখি সদায় হৰ্ষিত হৈ থাকিব লাগে। জ্ঞান আৰু যোগ আছে গতিকে সেৱাত তৎপৰ হৈ থাকিব লাগে।

(2) সুখধাম আৰু শান্তিধামক স্মৰণ কৰিব লাগে। এই দেৱতাসকলৰ দৰে অমায়িক হ'ব লাগে। অপাৰ আনন্দত থাকিব লাগে। আত্মিক শিক্ষক হৈ জ্ঞান দান কৰিব লাগে।

বৰদান:
দেহ, সম্বন্ধ আৰু বৈভৱৰ বন্ধনৰ পৰা স্বতন্ত্ৰ পিতাৰ সমান কৰ্মাতীত হোৱা

যিসকল নিমিত্ৰ মাত্ৰ নিৰ্দেশনা অনুসৰি প্ৰবৃত্তিৰ তত্ত্বাৱধান লৈও আত্মিক স্বৰূপত থাকে, মোহৰ কাৰণে নহয়, তেওঁলোকক যদি এতিয়াই আদেশ দিয়া হয় যে গুচি আহা তেন্তে গুচি আহিব। সুহুৰি বাজিল আৰু ভাবোতেই যাতে সময় গুচি নাযায় - তেতিয়া নষ্টোমোহা বুলি কোৱা হ’ব সেই কাৰণে সদায় নিজক পৰীক্ষা কৰিব লাগে যে দেহৰ, সম্বন্ধৰ, বৈভৱৰ বন্ধনে নিজৰ ফালে আকৰ্ষিততো নকৰে! য’ত বন্ধন থাকিব ত’ত আকৰ্ষণ থাকিব। কিন্তু যি স্বতন্ত্ৰ তেওঁ পিতাৰ সমান কৰ্মাতীত স্থিতিৰ সমীপত আছে।

স্লোগান:
স্নেহ আৰু সহযোগৰ লগতে শক্তি ৰূপ হোৱা তেতিয়া ৰাজধানীত আগত স্থান প্ৰাপ্ত হৈ যাব।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যিমানে এতিয়া তন, মন, ধন আৰু সময় লগোৱা, তাতকৈ মনৰ শক্তিসমূহৰ দ্বাৰা সেৱা কৰিলে বহুত কম সময়ত সফলতা অধিক প্ৰাপ্ত হ’ব। এতিয়া নিজৰ প্ৰতি কেতিয়াবা কেতিয়াবা যি পৰিশ্ৰম কৰিবলগীয়া হয় - নিজৰ স্বভাৱ পৰিৱৰ্তন কৰাৰ বা সংগঠনত চলাৰ বা কেতিয়াবা সেৱাত কম সফলতা দেখি হতাশ হোৱাৰ, এয়া সকলো সমাপ্ত হৈ যাব।