20.02.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ উপাৰ্জনৰ বহুত চখ থাকিব লাগে, এই পঢ়াতেই উপাৰ্জন আছে”

প্ৰশ্ন:
জ্ঞান অবিহনে কোনটো আনন্দৰ কথাও বিঘ্নৰূপ হৈ যায়?

উত্তৰ:
সাক্ষাৎকাৰ হোৱা, এইটো হওতে আনন্দৰ কথা কিন্তু যদি যথাৰ্থ ৰূপত জ্ঞান নাই তেন্তে আৰু বেছিকৈহে বিবুদ্ধিত পৰি যায়। ধৰি লোৱা কাৰোবাৰ পিতাৰ সাক্ষাৎকাৰ হ’ল, বিন্দু দেখিলে তেতিয়া কি বুজিব আৰু বেছিকৈহে বিবুদ্ধিত পৰিব, সেইকাৰণে জ্ঞান অবিহনে সাক্ষাৎকাৰৰ পৰা একোৱেই লাভ নাই। ইয়াৰ ফলত আৰু বেছিকৈহে মায়াৰ বিঘ্ন আহিবলৈ ধৰে। কিছুমানৰ সাক্ষাৎকাৰৰ ওলোটা নিচাও লাগি যায়।

গীত:
তকদীৰ জগাকৰ আই হু…… (ভাগ্য উদয় কৰি আহিছোঁ……)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলা। নতুনসকলেও শুনিলে, পুৰণাসকলেও শুনিলে। কুমাৰসকলেও শুনিলে যে এইখন পাঠশালা। পাঠশালাত কিবা নহয় কিবা ভাগ্য গঢ় দিয়া হয়। তাততো অনেক প্ৰকাৰৰ ভাগ্য আছে। কোনোৱে ছাৰ্জন হোৱাৰ, কোনোৱে বেৰিষ্টাৰ হোৱাৰ ভাগ্য গঢ়ে। ভাগ্যক লক্ষ্য-উদ্দেশ্য বুলি কোৱা হয়। ভাগ্য নগঢ়াকৈ পাঠশালাত কি পঢ়িব। এতিয়া ইয়াত সন্তানসকলে জানে যে আমিও ভাগ্য জগাই আহিছোঁ। নতুন সৃষ্টিৰ কাৰণে নিজৰ ৰাজ্য-ভাগ্য ল’বলৈ আহিছোঁ। এই ৰাজযোগ হৈছেই নতুন সৃষ্টিৰ কাৰণে। সেয়া হ’ল পুৰণি সৃষ্টিৰ কাৰণে। তেওঁলোক পুৰণি সৃষ্টিৰ কাৰণে বেৰিষ্টাৰ, ইঞ্জিনীয়াৰ, ছাৰ্জন আদি হয়। সেয়া হওঁতে হওঁতে এতিয়া পুৰণি সৃষ্টিৰ সময়তো বহুত কম আছেগৈ। সেয়াতো নাশ হৈ যাব। সেই ভাগ্য হ’ল এই মৃত্যুলোকৰ কাৰণে অৰ্থাৎ এইটো জন্মৰ কাৰণে। তোমালোকৰ এই পঢ়া হৈছে নতুন সৃষ্টিৰ কাৰণে। তোমালোকে নতুন সৃষ্টিৰ কাৰণে ভাগ্য জগাই আহিছা। নতুন সৃষ্টিত তোমালোকে ৰাজ্য-ভাগ্য পাবা। কোনে পঢ়ায়? বেহদৰ পিতাই, যাৰ পৰাই উত্তৰাধিকাৰ ল’ব লাগে। যেনেকৈ ডাক্তৰৰ পৰা ডাক্তৰ হোৱাৰ উত্তৰাধিকাৰ পায়, সেয়া হ’ল এইটো জন্মৰ উত্তৰাধিকাৰ। এফালেতো উত্তৰাধিকাৰ পোৱা যায় পিতাৰ পৰা, আনফালে নিজৰ পঢ়াৰ উত্তৰাধিকাৰ পোৱা যায়। বাৰু, আকৌ যেতিয়া বুঢ়া হয় তেতিয়া গুৰুৰ ওচৰলৈ যায়। কি বিচাৰে? কয় মোক শান্তিধামলৈ যোৱাৰ শিক্ষা দিয়ক। মোক সৎগতি দিয়ক। ইয়াৰ পৰা উলিয়াই শান্তিধামলৈ লৈ যাওঁক। এতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়, শিক্ষকৰ পৰা উত্তৰাধিকাৰ পোৱা যায় এইটো জন্মৰ কাৰণে, বাকী গুৰুৰ পৰা একো পোৱা নাযায়। শিক্ষকৰ পৰা পঢ়ি কিবা নহয় কিবা উত্তৰাধিকাৰ পায়। শিক্ষক হোৱা, চিলাইৰ শিক্ষক হোৱা, কিয়নো জীৱিকা নিৰ্বাহতো কৰিব লাগে নহয়। পিতাকৰ উত্তৰাধিকাৰ থকা সত্ত্বেও পঢ়ে যে ময়ো নিজৰ উপাৰ্জন কৰোঁ। গুৰুৰ পৰাতো একো উপাৰ্জন নহয়। অৱশ্যে হয় কোনো কোনোৱে গীতা আদি ভালকৈ পঢ়ি আকৌ গীতাৰ ওপৰত ভাষণ আদি দিয়ে। এই সকলোবোৰ হ’ল অল্পকালৰ সুখৰ কাৰণে। এতিয়াতো এই মৃত্যুলোকত অলপ সময় আছে। পুৰণি সৃষ্টি নাশ হৈ যাব। তোমালোকে জানা আমি নতুন সৃষ্টিৰ ভাগ্য গঢ়িবলৈ আহিছোঁ। এই পুৰণি সৃষ্টি নাশ হৈ যাব। পিতাৰ বা নিজৰ সম্পত্তিও নাশ হৈ যাব। হাত আকৌ খালী হৈ যাব। এতিয়াতো উপাৰ্জন লাগে – নতুন সৃষ্টিৰ কাৰণে। পুৰণি সৃষ্টিৰ মনুষ্যইতো সেয়া কৰাব নোৱাৰে। নতুন সৃষ্টিৰ কাৰণে উপাৰ্জন কৰাওঁতাজন হ’ল শিৱবাবা। ইয়ালৈ তোমালোক নতুন সৃষ্টিৰ কাৰণে ভাগ্য গঢ়িবলৈ আহিছা। সেই পিতা তোমালোকৰ পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। আৰু তেওঁ আহেও সংগমত। ভৱিষ্যতৰ কাৰণে উপাৰ্জন কৰিবলৈ শিকায়। এতিয়া এই পুৰণি সৃষ্টিত কেইটিমান দিন আছে। এয়া জগতৰ মনুষ্যই নাজানে। ক’ব নতুন সৃষ্টি আকৌ কেতিয়া আহিব, এওঁলোকে মনে সজা কথা কয়। এনেকৈ বুজা লোকো বহুত আছে। পিতাই ক’ব নতুন সৃষ্টি স্থাপন হয়। সন্তানে ক’ব এয়া মিছা কথা। তোমালোক সন্তানসকলে বুজি পোৱা নতুন সৃষ্টিৰ কাৰণে এওঁ আমাৰ পিতা, শিক্ষক, সৎগুৰু হয়। পিতা আহেই শান্তিধাম, সুখধামলৈ লৈ যাবলৈ। কোনোবাই যদি ভাগ্য নগঢ়ে তাৰ মানে একোৱে বুজি নাপায়। একেখন ঘৰতে স্ত্ৰীয়ে পঢ়ে, পুৰুষে নপঢ়ে, সন্তানে পঢ়িব, মাক-পিতাকে নপঢ়ে। এনেকুৱা হৈ থাকে। আৰম্ভণিত গোটেই কুটুম্ব পৰিয়ালৰ সৈতে আহিল কিন্তু মায়াৰ ধুমুহা লগা বাবে আশ্চৰ্যজনকভাৱে শুনিলে, শুনালে, পিতাক এৰি গুচি গ’ল। গায়নো আছে আশ্চৰ্যজনকভাৱে শুনিব, পিতাৰ হৈ যাব, পাঠ পঢ়িব তথাপিও….. হায় ড্ৰামাৰ প্ৰকৃতি। পিতাই নিজে কয় - হায় ড্ৰামা, হায় মায়া। ড্ৰামাৰেই কথা হ’ল নহয়। স্ত্ৰী-পুৰুষ এজনে আনজনক পৰিত্যাগ কৰে। সন্তানে পিতাকক এৰি যায়, ইয়াততো সেইটো নাই। ইয়াততো পৰিত্যাগ কৰিব নোৱাৰে। পিতাতো আহিছেই সন্তানসকলক সঁচা উপাৰ্জন কৰাবলৈ। পিতাই জানো কাৰোবাক গাঁতত পেলাব। পিতাতো হয়েই পতিত-পাৱন, দয়াশীল। পিতা আহি দুখৰ পৰা উদ্ধাৰ কৰে আৰু মাৰ্গ-দৰ্শক হৈ লগত লৈ যাওঁতা হয়। এনেকৈ কোনো লৌকিক গুৰুৱে নকয় যে মই তোমালোকক লগত লৈ যাম। এনেকুৱা গুৰু কেতিয়াবা দেখিছা, কেতিয়াবা শুনিছা জানো? গুৰুসকলক তোমালোকে সোধা – আপোনাৰ ইমানবোৰ শিষ্য আছে, আপুনি শৰীৰ এৰিলে তেতিয়া এই শিষ্যসকলকো লগতে লৈ যাব নেকি? এনেকৈতো কেতিয়াও কোনেও নক’ব যে শিষ্যসকলক লগত লৈ যাম। এয়াতো হ’ব নোৱাৰে। কেতিয়াও কোনেও ক’ব নোৱাৰে যে মই তোমালোক সকলোকে নিৰ্বাণধাম বা মুক্তিধামলৈ লৈ যাম। এনেকুৱা প্ৰশ্ন কোনেও সুধিবও নোৱাৰে যে আমাক আপুনি লগত লৈ যাবনে? শাস্ত্ৰবোৰত আছে ভগৱানুবাচ, মই তোমালোকক লৈ যাম। ম’হৰ নিচিনাকৈ সকলো যায়। সত্যযুগততো মনুষ্য কম থাকে। কলিযুগততো অনেক মনুষ্য। শৰীৰ এৰি বাকী আত্মাসকলে হিচাপ-নিকাচ নিষ্পত্তি কৰি গুচি যাব। নিশ্চয় যাব লাগিব, ইমান মনুষ্য থাকিব নোৱাৰে। তোমালোক সন্তানসকলে ভালদৰে জানা – এতিয়া আমি ঘৰলৈ যাব লাগে। এই শৰীৰতো এৰিব লাগিব। তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল। নিজক কেৱল আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। এই পুৰণা চোলাতো (শৰীৰতো) এৰিব লাগিব। এই সৃষ্টিখনো পুৰণি। যেনেকৈ পুৰণা ঘৰত থাকি নতুন ঘৰ সন্মুখত নিৰ্মাণ কৰি থকা হয় তেতিয়া বুজিব আমাৰ কাৰণে নিৰ্মাণ কৰি থকা হৈছে। বুদ্ধি নতুন ঘৰৰ ফালে গুচি যাব। ইয়াত এইটো সাজা, এইটো কৰা। সকলো মমত্ব পুৰণিৰ পৰা আঁতৰি নতুনৰ সৈতে গঢ়ি উঠে। সেয়া হ’ল হদৰ কথা। এয়া হৈছে বেহদ সৃষ্টিৰ কথা। পুৰণি সৃষ্টিৰ পৰা মমত্ব আঁতৰাব লাগে আৰু নতুন সৃষ্টিৰ সৈতে গঢ়িব লাগে। জানে যে এই পুৰণি সৃষ্টিতো নাশ হৈ যাব। নতুন সৃষ্টি হ’ল স্বৰ্গ। তাত আমি ৰজাৰ পদ পাওঁ। যিমান যোগযুক্ত হৈ থাকিবা, জ্ঞান ধাৰণ কৰিবা, আনক বুজাবা, সিমান আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব। বহুত ডাঙৰ পৰীক্ষা। আমি স্বৰ্গৰ 21 জন্মৰ উত্তৰাধিকাৰ পাই আছোঁ। চহকী হোৱাতো ভাল হয় নহয়। দীৰ্ঘ আয়ুস লাভ কৰাতো ভাল নহয় জানো। সৃষ্টি চক্ৰক স্মৰণ কৰিলে, যিয়ে যিমান নিজৰ সমান কৰি গঢ়ি তুলিব সিমান লাভ। ৰজা হ’বলৈ হ’লে প্ৰজাও গঢ়িব লাগে। প্ৰদৰ্শনীত ইমানবিলাক আহে। সেই সকলোবোৰ প্ৰজা হৈ যাব কাৰণ এই অবিনাশী জ্ঞানৰ বিনাশতো নহয়। বুদ্ধিত উদয় হৈ যাব – পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হ’ব লাগে। পুৰুষাৰ্থ বেছিকৈ কৰিলে তেতিয়া প্ৰজাৰ মাজতো উচ্চ পদ পাব। নহ’লে কম পদবীৰ প্ৰজা হ’ব। ক্ৰমানুসৰিতো হয় নহয়। ৰামৰাজ্যৰ স্থাপনা হৈ আছে। ৰাৱণৰাজ্যৰ বিনাশ হৈ যাব। সত্যযুগততো দেৱতাসকলহে থাকিব।

পিতাই বুজাইছে – স্মৃতিৰ যাত্ৰাৰ দ্বাৰা তোমালোক সতোপ্ৰধান সৃষ্টিৰ মালিক হ’বাগৈ। মালিকতো ৰজা প্ৰজা সকলো হয়। প্ৰজায়ো ক’ব - আমাৰ ভাৰত সকলোতকৈ উচ্চ। যথাযথ ভাৰত বহুত উচ্চ আছিল। এতিয়া নহয়, নিশ্চয় আছিল। এতিয়াতো একেবাৰে গৰিব হৈ গ’ল। প্ৰাচীন ভাৰত সকলোতকৈ চহকী আছিল। তোমালোকে জানা – যথাযথ আমি ভাৰতবাসী সকলোতকৈ উচ্চ দেৱী-দেৱতা কুলৰ আছিলোঁ। অন্য কাকো দেৱতা বুলি কোৱা নহয়। এতিয়া তোমালোক কন্যাসকলে ইয়াত পঢ়া আকৌ আনকো বুজাব লাগে। মনুষ্যক বুজাবতো লাগে নহয়। তোমালোকৰ ওচৰত চিত্ৰও আছে, তোমালোকে সিদ্ধ কৰি ক’ব পাৰা – এওঁলোকে এই পদ কেনেকৈ পালে? তিথি-তাৰিখ সহিত তোমালোকে সিদ্ধ কৰিব পাৰা। এতিয়া পুনৰ শিৱবাবাৰ দ্বাৰা সেই পদ লাভ কৰি আছে। তেওঁলোকৰ চিত্ৰও আছে। শিৱ হ’ল পৰমপিতা পৰমাত্মা। পিতাই কয় - ব্ৰহ্মাৰ দ্বাৰা তোমালোকে যোগবলেৰে 21জন্মৰ উত্তৰাধিকাৰ পোৱা। সূৰ্যবংশী দেৱী-দেৱতা বিষ্ণুপুৰীৰ তোমালোক মালিক হ’ব পাৰা। শিৱবাবাই দাদা ব্ৰহ্মাৰ দ্বাৰা এই উত্তৰাধিকাৰ দি আছে। প্ৰথমে এওঁৰ আত্মাই শুনে, আত্মাইহে ধাৰণ কৰে। মূল কথাতো হৈছেই এইটো। চিত্ৰতো শিৱৰ দেখুৱায়। এই চিত্ৰ পৰমপিতা পৰমাত্মা শিৱৰ। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰ হ’ল সূক্ষ্মলোকৰ দেৱতা। প্ৰজাপিতা ব্ৰহ্মাতো নিশ্চয় ইয়াত লাগে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰহ্মাকুমাৰ-কুমাৰী বহুত আছে। যেতিয়ালৈকে ব্ৰহ্মাৰ সন্তান নহয়, তেতিয়ালৈকে ব্ৰাহ্মণ নহয়, তেন্তে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ কেনেকৈ ল’ব। কোষৰ পৰা জন্মতো হ’ব নোৱাৰে। গায়নো আছে মুখ বংশাৱলী। তোমালোকে ক’বা আমি প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী। তেওঁলোক গুৰুসকলৰ অনুগামী হয়। ইয়াত তোমালোকে এজনকেই পিতা-শিক্ষক-সৎগুৰু বুলি কোৱা। সেয়াও এওঁক নোকোৱা। নিৰাকাৰ শিৱবাবাও আছে। জ্ঞানৰ সাগৰ। সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। শিক্ষকো সেই নিৰাকাৰজনেই যিয়ে সাকাৰৰ দ্বাৰা জ্ঞান শুনায়। আত্মাইহে কয়। আত্মাই কয় - মোৰ শৰীৰক কষ্ট নিদিবা। আত্মা দুখী হ’লে তেতিয়া বুজনি দিয়া হয় যিহেতু বিনাশ সমাগত, পাৰলৌকিক পিতা আহেই অন্তত সকলোকে উভতাই লৈ যাবলৈ। বাকী যি কিছু আছে এই সকলোবোৰ বিনাশ হৈ যাব। ইয়াক কোৱা হয় মৃত্যুলোক। স্বৰ্গতো ইয়াত পৃথিৱীত হয়। দেলৱাড়া মন্দিৰ নিৰ্মাণ কৰি থোৱা আছে। তলত তপস্যা কৰি আছে, ওপৰত স্বৰ্গ। নহ’লেনো ক’ত দেখুৱাব। ওপৰত দেৱতাসকলৰ চিত্ৰ দেখুৱাইছে। সেয়াও ইয়াতেই হ’ব নহয়। বুজাবলৈ বহুত যুক্তি লাগে। মন্দিৰবোৰত গৈ বুজাব লাগে – এয়া শিৱবাবাৰ স্মৃতিসৌধ, যিজন শিৱবাবাই আমাক পঢ়াই আছে। বাস্তৱত শিৱ হ’ল বিন্দু, কিন্তু বিন্দুৰ কেনেকৈ পূজা কৰা যায়, ফল-ফুল কেনেকৈ অৰ্পণ কৰা যায় সেইকাৰণে ডাঙৰ ৰূপ তৈয়াৰ কৰা হৈছে। ইমান একো নহয়। গোৱাও হয় ভ্ৰূকুটিৰ মাজত জিলিকে আচৰিত তৰা। হয়ো অতি সূক্ষ্ম, বিন্দু। ডাঙৰ বস্তু হ’লে তেতিয়া বিজ্ঞানী আদিয়ে তৎক্ষণাৎ তাক ধৰি ল’ব। ইমান হাজাৰটা সুৰ্যতকৈ তীব্ৰও নহয়, একো নহয়। কোনো কোনো ভক্তলোকো আহে নহয়, কয় বচ্‌ মই এইটো চেহেৰা দেখিবলৈ পাইছোঁ। বাবাই বুজি পায়, তেওঁ পৰমপিতা পৰমাত্মাৰ পূৰা পৰিচয় পোৱা নাই। এতিয়া ভাগ্যই উদয় হোৱা নাই। যেতিয়ালৈকে পিতাক নাজানে, এইটো নুবুজে যে আমি আত্মা বিন্দুৰ সমান, শিৱবাবাও বিন্দু, তেওঁক স্মৰণ কৰিব লাগে। এনেকৈ বুজি যেতিয়া স্মৰণ কৰিব তেতিয়া বিকৰ্ম বিনাশ হ’ব। বাকী এনেকুৱা দেখিবলৈ পাওঁ, এনেকুৱা দেখি, তেনেকুৱা দেখি…… ইয়াক আকৌ মায়াৰ বিঘ্ন বুলি কোৱা হয়। এতিয়াতো আনন্দত আছা, আমি পিতাক পালোঁ। পিতাই কয় - শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ কৰি বহুত আনন্দত নৃত্য আদি কৰে কিন্তু তাৰ দ্বাৰা কোনো সৎগতি নহয়। এই সাক্ষাৎকাৰতো অনায়াসে হৈ যায়। যদি ভালদৰে নপঢ়া তেন্তে প্ৰজাত গুচি যাবা। সাক্ষাৎকাৰৰ পৰাও লাভতো হ’ব লাগে নহয়। ভক্তিমাৰ্গত বহুত পৰিশ্ৰম কৰে তেতিয়া সাক্ষাৎকাৰ হয়। ইয়াত অলপো যদি পৰিশ্ৰম কৰে তেন্তে সাক্ষাৎকাৰ হয় কিন্তু লাভ একো নাই। শ্ৰীকৃষ্ণপুৰীত সাধাৰণ প্ৰজা আদি হ’বগৈ। এতিয়া তোমালোক সন্তানসকলে জানা শিৱবাবাই আমাক এই জ্ঞান শুনাই আছে। পিতাৰ আজ্ঞা হ’ল পৱিত্ৰ নিশ্চয় হ’ব লাগে। কিন্তু কোনো কোনোৱে পৱিত্ৰ হৈও থাকিব নোৱাৰে, কেতিয়াবা পতিত জনো ইয়ালৈ লুকাই আহি যায়। তেওঁ নিজৰেই লোকচান কৰে। নিজকে ঠগে। পিতাক ঠগাৰ কথাই নাই। পিতাক ঠগি পইচা ল’বা জানো? শিৱবাবাৰ শ্ৰীমত অনুসৰি নিয়মত নচলিলে তেতিয়া কি অৱস্থা হ’ব। বুজা যাব ভাগ্যত নাই। নপঢ়ে আৰুহে অন্যক দুখ দি থাকিব, গতিকে এফালেতো বহুত শাস্তি খাবলগীয়া হ’ব আৰু আনফালে আকৌ পদো ভ্ৰষ্ট হৈ যাব। কোনো নীতি বিৰুদ্ধ কাম কৰিব নালাগে। পিতাইতো বুজাব নহয় যে তোমাৰ চলন ঠিক নহয়। পিতাইতো উপাৰ্জনৰ বাট দেখুৱায় আকৌ কোনোবাই কৰে বা নকৰে, তেওঁৰ ভাগ্য। শাস্তি খাই শান্তিধামলৈ উভতি যাবই লাগিব। পদ ভ্ৰষ্ট হৈ যাব। একোৱে নাপাব। আহেতো বহুত কিন্তু ইয়াততো পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ কথা। সন্তানসকলে কয় বাবা মইতো স্বৰ্গৰ সূৰ্যবংশী ৰজাৰ পদ পাম। ৰাজযোগ হয় নহয়। বিদ্যাৰ্থীয়ে বৃত্তিও পায় নহয়। উত্তীৰ্ণ হোৱাসকলে বৃত্তি পায়। এই মালা তেওঁলোকৰে গঁথা হৈছে যিসকলে বৃত্তি পাইছে। যিমানে যেনেকৈ উত্তীৰ্ণ হ’ব সেই অনুসৰি বৃত্তি পাব। এই মালা গঁথা আছে। বৃত্তি পোৱাসকলৰ সংখ্যা বাঢ়ি গৈ গৈ হাজাৰ হৈ যাব। ৰজাৰ পদ হ’ল বৃত্তি। যিয়ে ভালদৰে পাঠ পঢ়ে তেওঁ লুকাই থাকিব নোৱাৰে। নতুনসকলো বহুত পুৰণাসকলতকৈ আগবাঢ়ি যাব। যেনেকৈ চোৱা বহুত কন্যা আহে, কয় - মোৰ এই পঢ়াতো বহুত ভাল লাগে, মই প্ৰতিজ্ঞা কৰিছোঁ এই পাৰ্থিৱ (লৌকিক) পঢ়াৰ পাঠ্যক্ৰম পূৰা কৰি এই পঢ়াত লাগি যাম। নিজৰ হীৰাতুল্য জীৱন গঢ়ি তুলিম। মই নিজৰ আচল উপাৰ্জন কৰি 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ ল’ম। কিমান আনন্দিত হয়। জানে যে এই উত্তৰাধিকাৰ এতিয়া নল’লে তেন্তে পুনৰ কেতিয়াও ল’ব নোৱাৰিম। পঢ়াৰ চখ থাকে নহয়। কিছুমানৰতো বুজিবলৈ একেবাৰে চখ নাই। পুৰাণাসকলৰো ইমান চখ নাই, যিমান নতুনসকলৰ আছে। আচৰিত নহয় জানো। ক’ব ড্ৰামা অনুসৰি ভাগ্যত নাই তেন্তে ভগৱানেনো কি কৰিব। শিক্ষকেতো পঢ়ায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ দুৰ্বলতাসমূহ লুকুৱাই ৰখাটোও নিজক ঠগা – সেইকাৰণে কেতিয়াও নিজক ঠগিব নালাগে।

(2) নিজৰ ভাগ্য উচ্চ কৰি গঢ়িবলৈ নীতিৰ বিৰুদ্ধে কোনো কাম কৰিব নালাগে। পঢ়াৰ চখ ৰাখিব লাগে। নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে।

বৰদান:
অমৃতবেলাৰ সহায় আৰু শ্ৰীমত পালনৰ দ্বাৰা স্মৃতি সমৰ্থৱান কৰি তোলোঁতা স্মৃতি স্বৰূপ হোৱা

নিজৰ স্মৃতি সমৰ্থৱান কৰি তুলিবলৈ তথা স্বতঃ স্মৃতি স্বৰূপ হ’বলৈ অমৃতবেলাৰ সময়ৰ মহত্ত্ব জানি লোৱা। যেনেকুৱা শ্ৰীমত সেই অনুসৰি সময়ক চিনি সময় অনুসৰি চলা তেতিয়া সহজে সৰ্ব প্ৰাপ্তি কৰিব পাৰিবা আৰু পৰিশ্ৰমৰ পৰা হাত সাৰি যাবা। অমৃতবেলাৰ মহত্ত্ব বুজি চলিলে প্ৰতিটো কৰ্ম মহত্ত্বপূৰ্ণ হ’ব। সেই সময়ত বিশেষ শান্তিৰ বাতাৱৰণ থাকে সেয়েহে সহজে স্মৃতি সমৰ্থৱান কৰি তুলিব পাৰিবা।

স্লোগান:
স্মৃতি আৰু নিঃস্বাৰ্থ সেৱাৰ দ্বাৰা মায়াজিৎ হওতাজনেই সৰ্বদা বিজয়ী হয়।


অব্যক্ত ইংগিত: একতা আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা

সংগঠিত ৰূপত তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ পৰস্পৰ সম্পৰ্কৰ ভাষা অব্যক্ত ভাৱৰ হোৱা উচিত যেন ফৰিস্তা অথবা আত্মাসকলে আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰি আছে। ইয়াৰ বাবে কাৰোবাৰ মুখৰ পৰা শুনা কাৰোবাৰ ভুল সংকল্পতো স্বীকাৰ নকৰিবা আৰু নকৰাবা। যেতিয়া এনেকুৱা স্থিতি হ’ব তেতিয়াহে পিতাৰ একমত সংগঠনৰ যি শুভ-কামনা আছে সেয়া বাস্তৱায়িত হ’ব আৰু তোমালোৰ দ্বাৰা পিতা প্ৰত্যক্ষ হ’ব।