20.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
পুৰণি সৃষ্টিত হৈছে অল্পকালৰ ক্ষণভংগুৰ সুখ, এয়া লগত যাব নোৱাৰে, অবিনাশী জ্ঞান
ৰত্নহে লগত যায়, সেয়েহে অবিনাশী উপাৰ্জন জমা কৰা”
প্ৰশ্ন:
পিতাৰ শিক্ষাত
তোমালোকক কোনটো বিদ্যা শিকোৱা নহয়?
উত্তৰ:
ভূত বিদ্যা। কাৰোবাৰ সংকল্প পাঠ কৰা, এয়া হৈছে ভূত বিদ্যা, তোমালোকক এইটো বিদ্যা
শিকোৱা নহয়। পিতা কোনো সংকল্প পাঠ কৰোঁতা নহয়। তেওঁ সৰ্বজ্ঞ অৰ্থাৎ জ্ঞানী। পিতা
তোমালোকক আত্মিক পাঠ পঢ়াবলৈ আহে, যি পাঠেৰে তোমালোকে 21 জন্মৰ কাৰণে বিশ্বৰ
বাদশ্বাহী পোৱা।
ওঁম্শান্তি।
ভাৰতত
ভাৰতবাসীয়ে গায়ন কৰে আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল.... এতিয়া
সন্তানসকলে জানে আত্মাৰ পিতা পৰমপিতা পৰমাত্মাই আমাক ৰাজযোগ শিকাই আছে। নিজৰ পৰিচয়
দি আছে আৰু সৃষ্টিৰ আদি-মধ্য-অন্তৰো পৰিচয় দি আছে। কোনোবাজন দৃঢ় নিশ্চয় বুদ্ধিৰ,
কোনাবাই কমকৈ বুজে, ক্ৰমানুসৰি হয় নহয়। সন্তানসকলে জানে আমি জীৱ আত্মাসকল পৰমপিতা
পৰমাত্মাৰ সন্মুখত বহি আছোঁ। গোৱা হয় আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ
থাকিল। এতিয়া মূললোকত যেতিয়া আত্মাসকল থাকে তেতিয়া বিচ্ছিন্ন হৈ থকাৰ কথাই আহি নপৰে।
ইয়ালৈ আহি যেতিয়া জীৱ আত্মা হয় তেতিয়া পৰমাত্মা পিতাৰ পৰা সকলো আত্মা বিচ্ছিন্ন হৈ
আহে, পৰমপিতা পৰমাত্মাৰ পৰা বিচ্ছিন্ন হৈ ইয়াত ভূমিকা পালন কৰিবলৈ আহে। আগতে অৰ্থ
নজনাকৈ এনেকৈয়ে গাইছিল। এতিয়াতো পিতাই বহি বুজায়। সন্তানসকলে জানে পৰমপিতা
পৰমাত্মাৰ পৰা আমি বিচ্ছিন্ন হৈ ইয়াত ভুমিকা পালন কৰিবলৈ আহোঁ। তোমালোকেই পোন-প্ৰথমে
বিচ্ছিন্ন হৈ আহিছিলা সেয়েহে শিৱবাবায়ো প্ৰথমে তোমালোককে লগ কৰে। তোমালোকৰ কাৰণে
পিতা আহিবলগীয়া হয়। কল্প পূৰ্বেও এই সন্তানসকলকে পঢ়াইছিল যিসকল পাছত স্বৰ্গৰ মালিক
হৈছিল। সেই সময়ত অন্য কোনো খণ্ড নাছিল। সন্তানসকলে জানে আমি আদি সনাতন দেৱী-দেৱতা
ধৰ্মৰ আছিলোঁ যাক দৈৱী ধৰ্ম, দৈৱী কুল বুলিও কোৱা হয়। প্ৰতেকৰে নিজা ধৰ্ম থাকে।
ধৰ্মক শক্তি বুলি কোৱা হয়। ধৰ্মত শক্তি থাকে। তোমালোক সন্তানসকলে জানা এই
লক্ষ্মী-নাৰায়ণ কিমান শক্তিশালী আছিল। ভাৰতবাসীয়ে নিজৰ ধৰ্মকেই নাজানে। কাৰো
বুদ্ধিত উদয় নহয় যে সঁচাকৈয়ে ভাৰতত এওঁলোকৰ ধৰ্ম আছিল। ধৰ্মক নজনাৰ কাৰণে অধৰ্মী হৈ
গ’ল। ধৰ্মত আহিলেই তোমালোকৰ কিমান শক্তি থাকে। তোমালোকে লৌহযুগৰ পাহাৰ আঁতৰাই সোণালী
যুগ কৰি তোলা। ভাৰতক সোণৰ পাহাৰ কৰি তোলা। তাততো খনিবোৰ বহুত সোণেৰে ভৰি থাকে। সোণৰ
পাহাৰ হ’ব যিবোৰ পাছত খান্দিব। সোণ গলাই তাৰে ইটা বনোৱা বয়। ঘৰতো ডাঙৰ ইটাৰেই সাজিব
নহয়। ‘মায়া মছন্দৰ’ৰ খেলো দেখুৱায় নহয়। সেয়া সকলো হৈছে কাহিনী। পিতাই কয় - এই
সকলোবোৰৰ সাৰ মই তোমালোকক শুনাওঁ। এনেকৈ দেখুৱায় যে ধ্যানত দেখিলে মই মোনা ভৰপূৰ কৰি
লৈ যাওঁ, ধ্যানৰ পৰা তললৈ আহিল, তেতিয়া একোৱে নাথাকিল। যেনেকৈ তোমালোকৰো হয়। ইয়াক
কোৱা হয় দিব্য দৃষ্টি। ইয়াৰ দ্বাৰা একো পোৱা নাযায়। ঐকান্তিক ভক্তি বহুত কৰে। সেই
ভক্ত মালাই বেলেগ আৰু এয়া জ্ঞান মালাও বেলেগ। ৰুদ্ৰমালা আৰু বিষ্ণুৰ মালা আছে নহয়।
সেয়া আকৌ হৈছে ভক্তিৰ মালা। এতিয়া তোমালোকে বাদশ্বাহীৰ বাবে পঢ়ি আছা। তোমালোকৰ
বুদ্ধিযোগ শিক্ষকৰ লগত আৰু বাদশ্বাহীৰ লগত। যেনেকৈ কলেজত পঢ়িলে বুদ্ধিযোগ শিক্ষকৰ
লগত থাকে। বেৰিষ্টাৰে নিজে পঢ়ি নিজৰ সমান কৰি তোলে। এওঁ বাবাতো নিজে হৈ নুঠে। ইয়াত
এইটো আচৰিত কথা। তোমালোকৰ এয়া হৈছে আত্মিক পঢ়া। তোমালোকৰ বুদ্ধিযোগ শিৱবাবাৰ লগত আছে,
তেওঁকেই জ্ঞানৱান জ্ঞানৰ সাগৰ বুলি কোৱা হয়। সৰ্বজ্ঞৰ অৰ্থ এইটো নহয় যে তেওঁ বহি
সকলোৰে অন্তৰৰ কথা জানিব যে এওঁৰ ভিতৰত কি চলি আছে। যিসকল সংকল্প পাঠ কৰোঁতা
তেওঁলোকে সকলো শুনায়। সেইটোক ভূত বিদ্যা বুলি কোৱা হয়। ইয়াততো পিতাই মনুষ্যৰ পৰা
দেৱতা কৰি তুলিবলৈ পঢ়ায়। গায়নো আছে মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময়
নালাগে… এতিয়া তোমালোক সন্তানসকলে বুজিছা যে আমি এতিয়া ব্ৰাহ্মণ হৈছোঁ আকৌ পৰৱৰ্তী
জন্মত দেৱতা হ’মগৈ। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰেই গায়ন কৰা হয়। শাস্ত্ৰবোৰততো বহুত
কাহিনী লিখি দিছে। এয়াতো পিতাই বহি পোনপটীয়াকৈ পঢ়ায়।
ভগবানুবাচ - ভগৱানেই
জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, শান্তিৰ সাগৰ। তোমালোক সন্তানসকলক উত্তৰাধিকাৰ দিয়ে। এই পঢ়া
হৈছে তোমালোকৰ 21 জন্মৰ কাৰণে। তেন্তে কিমান ভালদৰে পঢ়িব লাগে। এই আত্মিক পঢ়া
পিতাই এবাৰেই আহি নতুন সৃষ্টি স্থাপনা কৰিবলৈ পঢ়ায়। নতুন সৃষ্টিত এই
দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। পিতাই কয় - মই ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা
ধৰ্ম প্ৰতিষ্ঠা কৰি আছোঁ। যেতিয়া এইটো ধৰ্ম আছিল তেতিয়া আৰু বেলেগ ধৰ্ম নাছিল। এতিয়া
বাকী সকলো ধৰ্ম আছে সেইকাৰণে ত্ৰিমূৰ্তিৰ ওপৰতো তোমালোকে বুজোৱা - ব্ৰহ্মাৰ দ্বাৰা
এক ধৰ্মৰ স্থাপনা। এতিয়া সেইটো ধৰ্ম নাই। গায়নো কৰে - মোৰ নিৰ্গুণীৰ কোনো গুণ নাই,
নিজেই দয়া কৰক… মোৰ কোনো গুণ নাই বুলি কয় গতিকে বুদ্ধি ঈশ্বৰ পিতাৰ ফালেই যায়,
তেওঁকেই কৰুণাময় বুলি কোৱা হয়। পিতা আহেই সন্তানসকলৰ সকলো দুখ নাশ কৰি 100 শতাংশ
সুখ দিবলৈ। কিমান দয়া কৰে। তোমালোকে ভাবা বাবাৰ ওচৰলৈ আমি আহিছোঁ যেতিয়া পিতাৰ পৰা
সম্পূৰ্ণ সুখ ল’ব লাগে। সেইখন হয়েই সুখধাম, এয়া হৈছে দুখধাম। এই চক্ৰকো ভালদৰে
বুজিব লাগে। শান্তিধাম, সুখধামক স্মৰণ কৰিলে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব।
শান্তিধামক স্মৰণ কৰিলে নিশ্চয় শৰীৰ এৰিব লাগিব তেতিয়া আত্মাসকল শান্তিধাম লৈ যাব।
একমাত্ৰ পিতাৰ বাহিৰে যাতে আন কাৰো স্মৃতি নাহে। বুদ্ধিৰ যোগসূত্ৰ একেবাৰে স্বচ্ছ
হ’ব লাগে। এজন পিতাক স্মৰণ কৰিলে অন্তৰত আনন্দৰ সীমা বাঢ়ে। এই পুৰণি সৃষ্টিততো
অল্পকালৰ ক্ষণ ভংগুৰ সুখ। এয়া লগত যাব নোৱাৰে। এই অবিনাশী জ্ঞান ৰত্নহে লগত যায়।
অৰ্থাৎ এই জ্ঞান ৰত্নৰ উপাৰ্জনহে লগত যায় যাৰ দ্বাৰা আকৌ তোমালোকে 21 জন্মৰ
প্ৰালব্ধ ভোগ কৰিবা। অৱশ্যে হয়, বিনাশী ধনো তেওঁলোকৰ লগত যায় যিসকলে পিতাক সহায় কৰে।
বাবা মোৰো কড়ি লৈ তাত মহল দি দিব। পিতাই কড়িৰ সলনি কিমান ৰত্ন দিয়ে। আমেৰিকাৰ
লোকসকল যেনেকুৱা, বহুত টকা খৰচ কৰি পুৰণি পুৰণি বস্তু কিনে। মনুষ্যই পুৰণি বস্তুৰ
বহুত দাম লয়। আমেৰিকাৰ লোকসকলৰ পৰা একেবাৰে কম মূল্যৰ বস্তুৰ বাবদ হাজাৰ লৈ ল’ব।
বাবাও কিমান ভাল গ্ৰাহক। ভোলানাথ বুলি গায়ন কৰা হৈছে নহয়। মনুষ্যই এইটোও গম নাপায়,
তেওঁলোকেতো শিৱ-শংকৰ একেই বুলি কৈ দিয়ে। তেওঁৰ কাৰণে কয় জোলোঙা ভৰাই দিয়ক। এতিয়া
তোমালোক সন্তানসকলে বুজি পোৱা যে আমি জ্ঞান ৰত্ন পাওঁ, যাৰ দ্বাৰা আমাৰ জোলোঙা ভৰে।
এওঁ হৈছে বেহদৰ পিতা। তেওঁলোকে আকৌ শংকৰৰ কাৰণে কৈ দিয়ে আকৌ দেখুৱায় - ধতূৰা খাইছিল,
ভাং হুপিছিল। কি কি কথা ৰচিছে! তোমালোক সন্তানসকলে এতিয়া সৎগতিৰ কাৰণে পাঠ পঢ়ি আছা।
এই পঠা হয়েই একেবাৰে শান্তিত থকাৰ। এই বন্তি আদি যি জ্বলোৱা, প্ৰদৰ্শনী কৰা, সেয়াও
এই কাৰণেই যে মনুষ্যই আহি সোধক আপোনালোকে শিৱজয়ন্তী ইমান কিয় পালন কৰে? শিৱইহে
ভাৰতক ধনৱান কৰি তোলে নহয়। এই লক্ষ্মী-নাৰায়ণক কোনে স্বৰ্গৰ মালিক কৰি তুলিলে - এয়া
তোমালোকে জানা। এই লক্ষ্মী-নাৰায়ণ পূৰ্বৰ জন্মত কোন আছিল? এওঁলোক পূৰ্বৰ জন্মত জগত
অম্বা জ্ঞান-জ্ঞানেশ্বৰী আছিল যি পাছত ৰাজ-ৰাজেশ্বৰী হয়গৈ। এতিয়া কাৰ পদ ডাঙৰ?
দেখাততো এওঁ স্বৰ্গৰ মালিক। জগত অম্বা ক’ৰ মালিক আছিল? এওঁৰ ওচৰলৈ কিয় যায়?
ব্ৰহ্মাকো 100 বাহু থকা, 200 বাহু থকা, 1000 বাহু থকা দেখুৱায় নহয়। যিমান সন্তান হৈ
যায়, বাহু বাঢ়ি যায়। জগত অম্বাকো লক্ষ্মীতকৈ বেছি বাহু দি দিছে, তেওঁৰ ওচৰলৈকে গৈ
সকলো বিচাৰে। বহুত আশা লৈ যায় - সন্তান লাগে, এইটো লাগে... লক্ষ্মীৰ ওচৰলৈ কেতিয়াও
এনেকুৱা আশা লৈ নাযাব। তেওঁতো কেৱল ধনৱান। জগত অম্বাৰ পৰাতো স্বৰ্গৰ বাদশ্বাহী পোৱা
যায়। এইটোও কোনেও গম নাপায় যে জগত অম্বাৰ পৰা কি বিচাৰিব লাগে! এয়াতো পঢ়া নহয় জানো।
জগত অম্বাই কি পঢ়ায়? ৰাজযোগ। ইয়াক বুদ্ধিযোগ বুলি কোৱা হয়। তোমালোকৰ বুদ্ধি বাকী
সকলো ফালৰ পৰা আঁতৰি এজন পিতাৰ সৈতে য্যক্ত হৈ যায়। বুদ্ধিতো বহুত অনেক ফালে দৌৰে
নহয়। এতিয়া পিতাই কয় মোৰ সৈতে বুদ্ধিযোগ লগোৱা, নহ’লে বিকৰ্ম বিনাশ নহ’ব সেইকাৰণে
বাবাই ফটো তুলিবলৈও মানা কৰে। এয়াতো তেওঁৰ দেহ হয় নহয়।
পিতাই নিজে দালাল হৈ
কয় এতিয়া তোমালোকৰ সেই বিবাহ পাশত বান্ধ হোৱাটো নিষেধ। কাম চিতাৰ পৰা নামি এতিয়া
জ্ঞান চিতাত বহা। কাম চিতাৰ পৰা নামা। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা
তেতিয়া বিকৰ্ম বিনাশ হ’ব। আন কোনো মনুষ্যই এনেকৈ ক’ব নোৱাৰে। মনুষ্যক ভগৱান বুলিও
ক’ব নোৱাৰি। তোমালোকে সন্তানসকলে জানা পিতাহে পতিত-পাৱন। তেৱেঁই আহি কাম চিতাৰ পৰা
নমাই জ্ঞান চিতাত বহুৱায়। তেওঁ হৈছে আত্মিক পিতা। তেওঁ এওঁৰ শৰীৰত বহি কয় তোমালোকো
আত্মা, অন্যকো এইটোৱে বুজাই থাকা। পিতাই কয়- ‘মনমনাভৱ’। ‘মনমনাভৱ’ বুলি কলেই স্মৃতি
আহি যাব। এই পুৰণি সৃষ্টিৰ বিনাশো সমাগত। পিতাই বুজায় এয়া হৈছে ভয়ানক মহাভাৰতৰ
যুদ্ধ। ক’ব যে যুদ্ধতো বিলাততো হয় তেন্তে ইয়াক মহাভাৰতৰ যুদ্ধ বুলি কিয় কয়? ভাৰততেই
যজ্ঞ ৰচা হৈছে, ইয়াৰ পৰাই বিনাশ জ্বালা প্ৰজ্বলিত হৈছে। তোমালোকৰ কাৰণে নতুন সৃষ্টি
লাগে তেন্তে মৰমৰ সন্তানসকল পুৰণি সৃষ্টিৰ নিশ্চয় বিনাশ হোৱা উচিত। গতিকে এই যুদ্ধৰ
শিপা ইয়াৰ পৰাই ওলায়। এই ৰুদ্ৰ জ্ঞান যজ্ঞৰ পৰাই ভয়ানক যুদ্ধ, বিনাশৰ জ্বালা
প্ৰজ্জ্বলিত হৈছে। যদিও শাস্ত্ৰত লিখা আছে কিন্তু কোনে ক’লে সেইটো নাজানে। এতিয়া
পিতাই নতুন সৃষ্টিৰ কাৰণে বুজাই আছে। এতিয়া তোমালোকে বাদশ্বাহী লোৱা, তোমালোক
দেৱী-দেৱতা হোৱাগৈ। তোমালোকৰ ৰাজ্যত অন্য কোনো থকা উচিত নহয়। আসুৰি সৃষ্টিৰ বিনাশ
হয়। বুদ্ধিত স্মৃতি থাকিব লাগে - কালি আমি ৰাজ্য কৰিছিলোঁ। পিতাই ৰাজ্য দিছিল আকৌ
84 জন্ম লৈ আহিলোঁ। এতিয়া পুনৰাই বাবা আহিছে। তোমালোক সন্তানসকলৰ এই জ্ঞানতো আছে
নহয়। পিতাই এই জ্ঞান দিছে। যেতিয়া দৈৱী ধৰ্ম প্ৰতিষ্ঠা হয় তেতিয়া বাকী গোটেই আসুৰি
সৃষ্টিৰ বিনাশ হয়। এই পিতাই বহি ব্ৰহ্মাৰ দ্বাৰা সকলো কথা বুজায়। ব্ৰহ্মাও শিৱৰ
সন্তান, বিষ্ণুৰ ৰহস্যও বুজোৱা হৈছে যে ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা হয়।
এতিয়া তোমালোকে বুজি পাইছা যে আমি ব্ৰাহ্মণ পুনৰ দেৱতা হ’মগৈ আকৌ 84 জন্ম ল’ম। এই
জ্ঞান দিওঁতা এজনেই পিতা তেন্তে কোনোবা মনুষ্যৰ পৰা এই জ্ঞান কেনেকৈ পাব পাৰে? ইয়াত
সকলো বুদ্ধিৰ কথা। পিতাই কয় - অন্য সকলো ফালৰ পৰা বুদ্ধি আঁতৰোৱা। বুদ্ধিয়েই ভ্ৰষ্ট
লয়। পিতাই কয় যে মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। গৃহস্থালিত নিশ্চয় থাকা।
লক্ষ্য-উদ্দেশ্যতো সন্মুখত আছে। জানা যে আমি পঢ়ি এয়া হ’মগৈ। তোমালোকৰ পঢ়া হয়েই
সংগমযুগৰ। এতিয়া তোমালোক এইফালেও নাই, সেইফালেও নাই। তোমালোক বাহিৰত আছা। পিতাক
নাৱৰীয়া বুলিও কয়, গায়নো কৰে - আমাৰ নাও পাৰলৈ লৈ যোৱা। ইয়াৰ ওপৰত এটা কাহিনীও ৰচনা
কৰা আছে। কোনোবা আগবাঢ়ি যায়, কোনোবা ৰৈ যায়। এতিয়া পিতাই কয় - মই বহি এই ব্ৰহ্মাৰ
মুখৰ দ্বাৰা শুনাওঁ। ব্ৰহ্মা ক’ৰ পৰা আহিল? প্ৰজাপিতাতো নিশ্চয় ইয়াত লাগে নহয়। মই
এওঁক তুলি লওঁ, এওঁৰ নামো ৰাখোঁ। তোমালোকো ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ, যিসকল
কলিযুগৰ অন্তত আছা, আকৌ তোমালোকেই সত্যযুগ আদিত যাবা। তোমালোকেই প্ৰথমে পিতাৰ পৰা
বিচ্ছিন্ন হৈ ভূমিকা কৰিবলৈ আহিছা। আমাৰ মাজতো সকলোৰে ক্ষেত্ৰত এনেকৈ কোৱা নহ’ব নহয়।
এইটোও গম পোৱা যাব কোনে পূৰা 84 জন্ম লয়! এই লক্ষ্মী-নাৰায়ণৰ ক্ষেত্ৰততো নিশ্চিত হয়
নহয়। এওঁলোকৰ কাৰণে শ্যাম-সুন্দৰ বুলি গায়ন আছে। দেৱী-দেৱতাসকল সুন্দৰ আছিল, শ্যাম
বৰণীয়াৰ পৰা সুন্দৰ হৈ যায়। গাঁৱলীয়া বালকৰ পৰা সলনি হৈ সুন্দৰ হৈ যায়, এই সময়ত সকলো
গাঁৱলীয়া বালক-বালিকা। এয়া বেহদৰ কথা, সেইবোৰ কোনেও নাজানে। কিমান ভাল ভাল বুজনি
দিয়া হয়। প্ৰত্যেকৰ কাৰণে ছাৰ্জন এজনেই। এওঁ হৈছে অবিনাশী ছাৰ্জন।
যোগক অগ্নি বুলি কোৱা
হয় কিয়নো যোগৰ দ্বাৰাই আত্মাৰ খাদ আঁতৰে। যোগ অগ্নিৰ দ্বাৰা তমোপ্ৰধান আত্মা
সতোপ্ৰধান হয়। জুই ঠাণ্ডা হ’লে খাদ আঁতৰি নাযাব। স্মৃতিক যোগ অগ্নি বুলি কোৱা হয়,
যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়। গতিকে পিতাই কয় - তোমালোকক কিমান বুজাই থাকোঁ। ধাৰণাও
হ’ব লাগে নহয়। বাৰু ‘মনমনাভৱ’। এই ক্ষেত্ৰততো ভাগৰ লাগিব নালাগে নহয়। পিতাক স্মৰণ
কৰিবলৈও পাহৰি যায়। এওঁ পতিসকলৰো পতি তোমালোকক জ্ঞানেৰে কিমান অলংকৃত কৰে। নিৰাকাৰ
পিতাই কয় - বাকী সকলোৰে পৰা বুদ্ধিযোগ আঁতৰাই মোক নিজৰ পিতাক স্মৰণ কৰা। পিতা সকলোৰে
এজনেই। তোমালোকৰ এতিয়া আৰোহণ কলা হয়। এনেকৈ কয় নহয় - তোমালোকৰ মংগল হ’লেই সকলোৰে
মঙ্গল হয়। পিতা সকলোৰে ভাল কৰিবলৈ আহিছে। ৰাৱণেতো সকলোকে দুৰ্গতিত লৈ যায়, ৰামে
সকলোকে সৎগতিত লৈ যায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
স্মৃতিৰে অপাৰ সুখ অনুভৱ কৰিবলৈ বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ হ’ব লাগে। স্মৃতিয়ে যেতিয়া
অগ্নিৰ ৰূপ লয় তেতিয়া আত্মা সতোপ্ৰধান হৈ যায়।
(2) পিতাই কড়িৰ সলনি
ৰত্ন দিয়ে। এনেকুৱা ভোলানাথ পিতাৰ পৰা নিজৰ বুদ্ধিৰূপী জোলোঙা ভৰাই ল’ব লাগে। শান্ত
হৈ থকাৰ পাঠ পঢ়ি সৎগতি প্ৰাপ্ত কৰিব লাগে।
বৰদান:
মায়াৰ
বন্ধনসমূহৰ পৰা সদায় স্বতন্ত্ৰ হৈ থাকোঁতা যোগযুক্ত, বন্ধনমুক্ত হোৱা
বন্ধনমুক্তৰ চিন হৈছে
সদায় যোগযুক্ত। যোগযুক্ত সন্তান দ্বায়িত্বৰ বন্ধন বা মায়াৰ বন্ধনৰ পৰা মুক্ত হ’ব।
মনৰো যাতে বন্ধন নাথাকে। লৌকিক দ্বায়িত্বতো খেল হয়, সেই কাৰণে নিৰ্দেশনা অনুসৰি
খেলৰ ৰীতিৰে হৰ্ষিত হৈ খেলা তেতিয়া কেতিয়াও সৰু সৰু কথাত ভাগৰি নপৰা। যদি বন্ধন বুলি
ভাবা তেন্তে বিৰক্ত হোৱা। ‘কি’, ‘কিয়’ৰ প্ৰশ্ন উদয় হয়। কিন্তু দায়বদ্ধ হৈছে পিতা
তোমালোক নিমিত্ত। এইটো স্মৃতিৰে বন্ধনমুক্ত হোৱা তেতিয়া যোগযুক্ত হৈ যাবা।
স্লোগান:
কৰণকৰাবনহাৰৰ স্মৃতিৰে অহং আৰু অভিমান সমাপ্ত কৰা।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
অপৱিত্ৰতা কেৱল
কাৰোবাক দুখ দিয়া বা পাপ কৰ্ম কৰাটোৱে নহয় কিন্তু নিজৰ মাজত সত্যতা, স্বচ্ছতা
বিধিপূৰ্বক যদি অনুভৱ কৰা তেন্তে পৱিত্ৰ হোৱা। যেনেকৈ প্ৰবাদ আছে সত্যৰ নাও ডুবি
নাযায় কিন্তু টুলুংভুটুং কৰে। তেন্তে বিশ্বাসৰ নাও হৈছে সত্যতা, সাধুতা যি টুলুংভুটুং
কৰিব কিন্তু ডুবি নাযায় সেই কাৰণে সত্যতাৰ সাহসেৰে পৰমাত্ম প্ৰত্যক্ষতাৰ নিমিত্ত
হোৱা।