20.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পুণ্য আত্মা হ’বলৈ হ’লে এজন পিতাক স্মৰণ কৰা, স্মৃতিৰ দ্বাৰাহে খাদ আঁতৰিব, আত্মা
পাৱন হ’ব”
প্ৰশ্ন:
কোনটো স্মৃতি
থাকিলে কেতিয়াও কোনো কথাত বিবুদ্ধিত পৰিব নোৱাৰে?
উত্তৰ:
ড্ৰামাৰ। যি ৰচি থোৱা আছে সেয়াই হৈ আছে, এতিয়া ৰচিবলৈ একো নাই… এই অনাদি ড্ৰামা
চলিয়েই থাকে। ইয়াত কোনো কথাত বিবুদ্ধিত পৰাৰ প্ৰয়োজন নাই। বহুত সন্তানে কয় নাজানো
এয়া মোৰ অন্তিম 84তম জন্ম হয় নে নহয়, বিবুদ্ধিত পৰে। বাবাই কয় বিবুদ্ধিত নপৰিবা,
মনুষ্যৰ পৰা দেৱতা হোৱাৰ পুৰুষাৰ্থ কৰা।
ওঁম্শান্তি।
সন্তানসকলে
“ওঁম্ শান্তি”ৰ অৰ্থতো জানে যে মই আত্মা আৰু মোৰ অৰ্থাৎ আত্মাৰ স্বধৰ্ম হ’ল শান্তি।
মই আত্মা শান্ত স্বৰূপ, শান্তি ধামৰ নিবাসী। এইটো পাঠ দৃঢ় কৰি লোৱা। এয়া কোনে বুজায়?
শিৱবাবাই। স্মৰণো কৰিব লাগে শিৱবাবাক। তেওঁৰ নিজৰ ৰথ নাই সেইকাৰণে তেওঁক ষাঁড় গৰু
দি দিয়ে। মন্দিৰতো ষাঁড় ৰাখি থৈছে। ইয়াক কোৱা হয় পূৰা অজ্ঞান। পিতাই বুজায়
সন্তানসকলক অথবা আত্মাসকলক। এয়া হ’ল আত্মাৰ পিতা শিৱ, এওঁৰ নামতো বহুত আছে। কিন্তু
বহুত নাম হোৱা বাবে বিবুদ্ধিত পৰে। বাস্তৱত এওঁৰ নাম হ’ল ‘শিৱ’। শিৱ জয়ন্তীও ভাৰতত
পালন কৰা হয়। তেওঁ নিৰাকাৰ বাবা, আহি পতিতসকলক পাৱন কৰি তোলে। কোনোৱে ভাগীৰথ, কোনোৱে
নন্দীগণ বুলি কৈ দিছে। পিতাইহে কয় যে মই কোনখন ভাগ্যশালী ৰথত আহোঁ। মই ব্ৰহ্মাৰ
শৰীৰত প্ৰৱেশ কৰোঁ। ব্ৰহ্মাৰ দ্বাৰা ভাৰতক স্বৰ্গ কৰি তোলোঁ। তোমালোক সকলো
ভাৰতবাসীয়ে জানা নহয় যে লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। তোমালোক সকলো ভাৰতবাসী সন্তান
আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বী আছিলা। স্বৰ্গবাসী আছিলা। 5 হাজাৰ বছৰ পূৰ্বে
যেতিয়া মই আহিছিলোঁ তেতিয়া সকলোকে সতোপ্ৰধান স্বৰ্গৰ মালিক কৰি তুলিছিলোঁ। আকৌ
পুনৰ্জন্ম নিশ্চয় ল’বলগীয়া হয়। পিতাই কিমান পোনপটীয়াকৈ কয়। এতিয়া জয়ন্তী পালন কৰা,
(2026ত 90তম্ শিৱজয়ন্তী), বাবাৰ আগমনৰ এতিয়া 90 বছৰ হ’ল। আকৌ তেওঁৰ লগতে
ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰো আগমন হয়। ত্ৰিমূৰ্তি ব্ৰহ্মাৰ জয়ন্তী কোনেও নেদেখুৱায়,
দেখুওৱাতো আৱশ্যক কাৰণ বাবাই কয় মই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা পুনৰাই কৰোঁ। ব্ৰাহ্মণ
ৰচনা কৰি যাওঁ। তেন্তে ব্ৰহ্মা আৰু ব্ৰাহ্মণ বংশীসকলৰো জন্ম হ’ল। আকৌ দেখুৱাওঁ যে
তোমালোকেই সেই বিষ্ণুপুৰীৰ মালিক হ’বাগৈ। পিতাৰ স্মৃতিৰেহে তোমালোকৰ খাদ আঁতৰিব।
যদিও ভাৰতৰ প্ৰাচীন যোগ প্ৰসিদ্ধ কিন্তু সেয়া কোনে শিকাইছিল, এইটো কোনেও নাজানে।
নিজেই কয় হে সন্তানসকল তোমালোকে নিজৰ পিতাক স্মৰণ কৰা। উত্তৰাধিকাৰ তোমালোকে মোৰ পৰা
পোৱা। মই তোমালোকৰ পিতা হওঁ। মই কল্পই কল্পই আহোঁ, আহি তোমালোকক মনুষ্যৰ পৰা দেৱতা
কৰি তোলোঁ, কিয়নো তোমালোক দেৱী-দেৱতা আছিলা আকৌ 84 জন্ম লৈ লৈ পতিত হ’লা। ৰাৱণৰ মতত
চলি আছা। ঈশ্বৰীয় মতেৰে তোমালোক স্বৰ্গৰ মালিক হোৱা।
পিতাই কয় মই কল্প
পূৰ্বেও আহিছিলোঁ। যি অতিবাহিত হৈ যায়, সেয়া কল্পই কল্পই হৈয়েই থাকিব। পিতা আকৌ আহি
এওঁৰ শৰীৰত প্ৰৱেশ কৰিব, এই দাদাক উদ্ধাৰ কৰিব। আকৌ এই সকলোৰে প্ৰতিপালন কৰাব।
তোমালোকে জানা যে আমিয়েই সত্যযুগত আছিলোঁ। আমি ভাৰতবাসীয়েই 84 জন্ম ল’বলগীয়া হয়।
পোন-প্ৰথমে তোমালোক সৰ্বগুণ সম্পন্ন 16 কলা সম্পন্ন আছিলা। যথা ৰজা-ৰাণী তথা প্ৰজা
ক্ৰমানুসৰি। সকলোৱেতো ৰজা হ’ব নোৱাৰে। সেয়েহে পিতাই বুজায় সত্যযুগত তোমালোকৰ 8 (আঠ)
জন্ম, ত্ৰেতাত 12 জন্ম… এনেকৈয়ে নিজক বুজা যে মই এই ভূমিকা পালন কৰিছোঁ। প্ৰথমে
সূৰ্যবংশী ৰাজধানীত ভূমিকা পালন কৰিলোঁ আকৌ চন্দ্ৰবংশীত তাৰপাছত অৱনমিত হৈ বাম (বিকাৰী)
মাৰ্গত আহিলোঁ। আকৌ মই 63 জন্ম ল’লোঁ। ভাৰতবাসীয়েহে পূৰা 84 জন্ম লৈছে অন্য কোনো
ধৰ্মাৱলম্বীয়ে ইমান জন্ম নলয়। গুৰুনানকৰ 500 বছৰ হ’ল, তেওঁৰ প্ৰায় 12-14 জন্ম হ’ব।
এইটো হিচাপ উলিওৱা হয়। খ্ৰীষ্টানসকলে 2 হাজাৰ বছৰত 60বাৰ পুনৰ্জন্ম লৈছে, বৃদ্ধি হৈ
গৈ থাকে। পুনৰ্জন্ম লৈ থাকে। বুদ্ধিত এইটো বিচাৰ কৰা তেতিয়া বুজিবা আমিয়েই 84 জন্ম
ভোগ কৰিছোঁ, আকৌ তমোপ্ৰধান হ’ব লাগে। যি অতিবাহিত হ’ল সেয়া ড্ৰামা। যি ড্ৰামা ৰচি
থোৱা আছে সেয়া আকৌ পুনৰাবৃত্তি হ’ব। বেহদৰ বুৰঞ্জীলৈ তোমালোকক লৈ যায়। তোমালোকে
পুনৰ্জন্ম লৈ আহিছা। এতিয়া তোমালোকে 84 জন্ম পূৰা কৰিছা। এতিয়া আকৌ পিতাই সোঁৱৰাই
দিছে যে তোমালোকৰ ঘৰ হ’ল শান্তিধাম। আত্মাৰ ৰূপ কি? বিন্দু। তাত যেন বিন্দুৰ বৃক্ষ
আছে। আত্মাসকলৰো ক্ৰমানুসৰি বৃক্ষ আছে। ক্ৰমানুসৰি তললৈ আহিবলগীয়া হয়। পৰমাত্মাও
বিন্দু হয়। এনেকুৱা নহয় যে ইমান ডাঙৰ লিঙ্গ। পিতাই কয় যে তোমালোক মোৰ সন্তান হোৱা
তেতিয়া মই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলোঁ, প্ৰথমে তোমালোক মোৰ হ’লা আকৌ মই
তোমালোকক পঢ়াওঁ। কয় বাবা মই তোমাৰ। লগতে পঢ়িবও লাগে। মোৰ হ’লা আৰু তোমালোকৰ পঢ়া
আৰম্ভ হৈ গ’ল।
বাবাই কয় যে এয়া
তোমালোকৰ অন্তিম জন্ম, পদুম ফুলৰ সমান পৱিত্ৰ হোৱা। সন্তানে প্ৰতিজ্ঞা কৰে বাবা মই
আপোনাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ কেতিয়াও পতিত নহওঁ। 63 জন্মতো পতিত হ’লা। এয়া 84
জন্মৰ কাহিনী। বাবা আহি সহজকৈ কয়। যেনেকৈ লৌকিক পিতাই কয়। সেয়েহে তেওঁ হ’ল বেহদৰ
পিতা। তেওঁ আহি আত্মাসকলৰ সৈতে ‘সন্তান সন্তান’ বুলি কৈ কথা পাতে। শিৱৰাত্ৰিও পালন
কৰে নহয়। এয়া হৈছে আধাকল্পৰ দিন আৰু আধাকল্পৰ ৰাতি। এতিয়া হ’ল ৰাতিৰ অন্ত আৰু দিনৰ
আৰম্ভণিৰ সংগম। ভাৰতত সত্যযুগত দিন আছিল। সত্যযুগ ত্ৰেতাক ব্ৰহ্মাৰ দিন বুলি কোৱা
হয়। তোমালোক ব্ৰাহ্মণ হোৱা নহয়। তোমালোক ব্ৰাহ্মণে জানা যে আমাৰ এতিয়া ৰাতি।
তমোপ্ৰধান ভক্তি। দুৱাৰে দুৱাৰে হাবাথুৰি খাই ফুৰে, সকলোকে পূজা কৰি থাকে। তিনিআলিৰো
পূজা কৰে। মনুষ্যৰ শৰীৰৰো পূজা কৰে। সন্ন্যাসীসকলে নিজক ‘শিৱোহম্’ (ময়েই শিৱ) বুলি
কৈ বহি যায় আকৌ মাতাসকল গৈ তেওঁলোকৰ পূজা কৰে। বাবা (ব্ৰহ্মা বাবা) বহুত অনুভৱী।
বাবাই কয় ময়ো বহুত পূজা কৰিছোঁ। কিন্তু সেই সময়ত জ্ঞানতো নাছিল। মনুষ্যক ফল গাখীৰ
অৰ্পণ কৰিছিলোঁ। এয়াও প্ৰবঞ্চনা হ’ল নহয়। কিন্তু এই সকলোবোৰ আকৌ হ’ব। ভক্তৰ ৰক্ষক
হ’ল ভগৱান কাৰণ সকলো দুখী হয় নহয়। পিতাই বুজায় যে দ্বাপৰৰ পৰা আৰম্ভ কৰি তোমালোকে
গুৰুৰ শৰণাপন্ন হৈ আহিছা আৰু ভক্তিমাৰ্গত অৱনমিত হৈ আহিছা। এতিয়াও সাধুসকলেতো সাধনা
কৰি থাকে। পিতাই কয় তেওঁলোককো মই উদ্ধাৰ কৰোঁ। সংগমত তোমালোকৰ সৎগতি হৈ যায় আকৌ
তোমালোকে 84 জন্ম লোৱা। পিতাক কোৱা হয় জ্ঞানৰ সাগৰ, মনুষ্য সৃষ্টিৰ বীজৰূপ।
সত্য-চৈতন্য-আনন্দ স্বৰূপ। তেওঁৰ কেতিয়াও বিনাশ নহয়, তেওঁৰ জ্ঞান আছে। জ্ঞানৰ সাগৰ,
মৰমৰ সাগৰ হয়, নিশ্চয় তেওঁৰ পৰা উত্তৰাধিকাৰ পাব লাগে। এতিয়া তোমালোক সন্তানসকলে
উত্তৰাধিকাৰ পাই আছা। শিৱবাবা আছে নহয়। তেৱোঁ বাবা, এৱোঁ তোমালোকৰ পিতা আকৌ
শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা তোমালোকক পঢ়ায় সেইকাৰণে প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী
বুলি কোৱা হয়। কিমান অনেক ব্ৰহ্মাকুমাৰ-কুমাৰী আছে। কয় যে আমি ককাৰ পৰা উত্তৰাধিকাৰ
পাওঁ। সন্তানে কয় বাবাই আমাক নৰকবাসীৰ পৰা স্বৰ্গবাসী কৰি তোলে। তেওঁ কয় - হে
সন্তানসকল – মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোকৰ শিৰত যি পাপৰ বোজা আছে
সেয়া ভস্ম হৈ যাব। আকৌ তোমালোক সতোপ্ৰধান হৈ যাবা। তোমালোক আচল সোণ, আচল অলঙ্কাৰ
আছিলা। আত্মা আৰু শৰীৰ দুয়োটা সতোপ্ৰধান আছিল। আত্মা আকৌ সতো-ৰজো-তমো হ’লে তেতিয়া
শৰীৰো এনেকুৱা তমোগুণী পোৱা যায়। পিতাই তোমালোকক ৰায় দিয়ে যে সন্তানসকল মোক স্মৰণ
কৰা। মোক আহ্বান জনোৱা নহয় যে হে পতিত-পাৱন আহক। ভাৰতৰ প্ৰাচীন ৰাজযোগ প্ৰসিদ্ধ।
সেয়া এতিয়া তোমালোকক শিকাই আছোঁ যে মোৰ সৈতে যোগসূত্ৰ ৰাখা তেতিয়া ইয়াৰ দ্বাৰা
তোমালোকৰ খাদ জ্বলি যাব। যিমানে স্মৃতিত থাকিবা সিমানে খাদ আঁতৰি যাব। মুখ্য কথা
স্মৃতিৰেই। জ্ঞানতো পিতাই দিছে – সত্যযুগত যথা ৰজা ৰাণী তথা প্ৰজা সকলো পৱিত্ৰ আছিল,
এতিয়া সকলো পতিত। পিতাই কয় যে এওঁৰ বহুত জন্মৰ অন্তৰ জন্মত মই প্ৰৱেশ কৰোঁ। এওঁক
কোৱা হয় ভাগ্যশালী ৰথ। এওঁ পঢ়ি আকৌ প্ৰথম নম্বৰত যায়। ক্ৰমানুসৰিতো হয় নহয়। মুখ্য
নাম এজনৰ। পিতাই সন্তানসকলক 84 জন্মৰ ৰহস্য ভালদৰে বুজাইছে। তোমালোক আদি সনাতন
দেৱী-দেৱতা ধৰ্মৰ হোৱা, হিন্দু ধৰ্মৰ নহয়। তোমালোক কৰ্ম শ্ৰেষ্ঠ, ধৰ্ম শ্ৰেষ্ঠ আছিলা।
আকৌ ৰাৱণৰ প্ৰৱেশ হোৱাত ধৰ্ম-কৰ্ম ভ্ৰষ্ট হৈ গ’লা। নিজক দেৱী-দেৱতা বুলি ক’বলৈ লাজ
লাগিল সেইকাৰণে হিন্দু নাম ৰাখি দিলে। বাস্তৱত আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলা।
তোমালোকে 84 জন্ম লৈ আকৌ পতিত হৈ গ’লা। 84ৰ চক্ৰ ভাৰতবাসীৰ কাৰণে। উভতিতো সকলোৱে
যাব লাগে। প্ৰথমে তোমালোক যাবা। যেনেকৈ বৰযাত্ৰী যায় নহয়। শিৱবাবাক বৰ (দৰা) বুলিও
কয়। তোমালোক কইনা এই সময়ত ছিঃ ছিঃ তমোপ্ৰধান, তেওঁলোকক সুন্দৰ কৰি লৈ যাব।
আত্মাসকলক পাৱন কৰি লৈ যাব। তেওঁক মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলি কোৱা হৈছে। বেহদৰ
পিতাই লৈ যায়। তেওঁ নাম কি? শিৱবাবা। নামকৰণ শৰীৰৰ হয় কিন্তু পৰমাত্মাৰ নাম ‘শিৱ’ই
হয়। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰৰতো সূক্ষ্ম শৰীৰ আছে। শিৱবাবাৰতো কোনো শৰীৰ নাই। তেওঁক
শিৱবাবা বুলিয়ে কয়। সন্তানসকলে কয়, হে মাতা-পিতা আমি আপোনাৰ বালক হৈছোঁ। আনেতো
আহ্বান জনাই থাকে কিয়নো তেওঁলোকে গম নাপায়। যদি সকলোৱে গম পাই যায় তেন্তে কি হৈ যাব
ক’ব নোৱাৰি। দৈৱী বৃক্ষৰ এতিয়া পুলি ৰোপণ কৰা হয়। হীৰাৰ পৰা কড়ি হ’বলৈ 84 জন্ম লাগে।
আকৌ নতুনকৈ আৰম্ভ হ’ব। বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হ’ব। পিতাই বুজায় যে
তোমালোকে পূৰা 84 জন্ম লৈছা। 84 লাখতো হ’ব নোৱাৰে। এইটো ডাঙৰ ভুল। 84 লাখ জন্ম বুলি
ভবাৰ কাৰণে কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিলে। এইটো একেবাৰে মিছা। ভাৰত এতিয়া
মিছাখণ্ড, সত্যখণ্ডত তোমালোক সদায় সুখী আছিলা। এই সময়ত তোমালোকে 21 জন্মৰ
উত্তৰাধিকাৰ লোৱা। সকলোখিনি তোমালোকৰ পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। ৰাজধানীত যি বিচৰা
সেয়াই পদ লৈ লোৱা, এই ক্ষেত্ৰত যাদু আদিৰ কোনো কথা নাই। অৱশ্যে হয়, মনুষ্যৰ পৰা
দেৱতা নিশ্চয় হয়। এইটোতো ভাল যাদু হয় নহয়। তোমালোকে চেকেণ্ডত জানি যোৱা যে আমি
বাবাৰ সন্তান হৈছোঁ। কল্পই কল্পই বাবাই আমাক স্বৰ্গৰ মালিক কৰি তোলে। আধাকল্প
হাবাথুৰি খাই আহিছা, স্বৰ্গবাসীতো কোনো হোৱা নাই। পিতা আহি তোমালোক সন্তানসকলক
যোগ্য কৰি তোলে। যথাযথ ইয়াত মহাভাৰতৰ যুদ্ধ হৈছিল আৰু ৰাজযোগ শিকাইছিল। শিৱবাবাই কয়
যে মইহে আহি তোমালোকক শিকাওঁ, যীশুখ্ৰীষ্টই নহয়। এতিয়া তোমালোকৰ বহুত জন্মৰ অন্তৰ
জন্ম, বিবুদ্ধিত নপৰিবা। তোমালোক হৈছা ভাৰতবাসী। তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়
অন্য ধৰ্মাৱলম্বীতো বৈকুণ্ঠত আহিব নোৱাৰে। এয়াও ড্ৰামা অনাদি চলি থাকে। কেতিয়া ৰচিলে,
এনেকৈ ক’ব নোৱাৰে। ইয়াৰ কোনো অন্ত নাই। বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হয়। এয়া
হ’ল সংগমযুগ, চুটি যুগ। টিকনি হৈছে ব্ৰাহ্মণৰ। পিতাই তোমালোক ব্ৰাহ্মণসকলক দেৱতা কৰি
গঢ়ি আছে। গতিকে ব্ৰহ্মাৰ সন্তান নিশ্চয় হ’বলগীয়া হয়। তোমালোকে উত্তৰাধিকাৰ পোৱা
ককাৰ পৰা। যেতিয়ালৈকে নিজক ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি নাভাবে তেতিয়ালৈকে উত্তৰাধিকাৰ
কেনেকৈ পাব। তথাপি কোনোবাই কিবা নহয় কিবা জ্ঞান শুনিলে তেতিয়া সাধাৰণ প্ৰজাত আহি
যাব। অহিবতো নিশ্চয় লাগে। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় ধৰ্ম
প্ৰতিষ্ঠা কৰে। ‘গীতা’ৰ বাহিৰে অন্য কোনো শাস্ত্ৰ নাই। ‘গীতা’ হৈছেই সৰ্বোত্তম দৈৱী
ধৰ্মৰ শাস্ত্ৰ যাৰ দ্বাৰা 3টা ধৰ্ম প্ৰতিষ্ঠা হয়। ব্ৰাহ্মণো ইয়াত হ’ব লাগে। দেৱতাও
ইয়াতেই হৈ উঠিব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) প্ৰত্যেকৰে
নিশ্চিত ভূমিকাক জানি নিচিন্ত হৈ থাকিব লাগে। যি ৰচি থোৱা আছে সেয়াই হৈ আছে….
ড্ৰামাৰ ওপৰত অটল হৈ থাকিব লাগে।
(2) এই চুটি সংগমযুগত
পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ব লাগে। স্মৃতিৰ বলেৰে খাদ আঁতৰাই নিজক কড়িৰ পৰা
হীৰাতুল্য কৰি তুলিব লাগে। মিঠা বৃক্ষৰ পুলি হ’বলৈ নিজক যোগ্য কৰি তুলিব লাগে।
বৰদান:
এক পিতাৰ
স্মৃতিত সদায় মগন হৈ থাকি একৰস অৱস্থা গঢ়ি তোলাঁতা সাক্ষী দৃষ্টা হোৱা
এতিয়া এনেকুৱা কাকত
আহিব যিটো সংকল্প বা সপোনতো ভবা নাই। কিন্তু তোমালোকৰ অভ্যাস এনেকুৱা হোৱা উচিত
যেনেকৈ কোনো হদৰ ড্ৰামা সাক্ষী হৈ প্ৰত্যক্ষ কৰা হয়, সেয়া লাগিলে বেদনাদায়ক হওক
বা হাঁহিৰ হওক, মনত যাতে কোনো প্ৰভাৱ নপৰে। সেইদৰে কাৰোবাৰ ভূমিকা লাগিলে ৰমণীয়
হওক বা কোনো স্নেহী আত্মাৰ গম্ভীৰ ভূমিকা হওক… সকলো ভূমিকা সাক্ষী দৃষ্টা হৈ
প্ৰত্যক্ষ কৰা, অৱস্থা একৰস হওক। কিন্তু এনেকুৱা অৱস্থা তেতিয়াহে হ’ব যেতিয়া সদায়
এক পিতাৰ স্মৃতিত মগন হৈ থাকিবা।
স্লোগান:
দৃঢ় নিশ্চয়তাৰে নিজৰ ভাগ্য সুনিশ্চিত কৰি দিয়া, তেতিয়া সদায় নিশ্চিন্ত হৈ থাকিবা।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
যিকোনো কৰ্ম কৰাৰ আগতে
এইটো নিশ্চয়তা ৰাখা যে বিজয়তো মোৰ নিশ্চিত হৈয়েই আছে। অনেক কল্প বিজয়ী হৈছোঁ।
যিহেতু অনেক কল্প, অনেকবাৰ বিজয়ী হৈ বিজয় মালাত গঁথা যাওঁতা, পূজনীয় হওতা হৈছোঁ,
এতিয়াও সেয়াই পুনৰাবৃত্তি কৰিব লাগে। কৰি থোৱা কৰ্ম পুনৰাই পুনৰাবৃত্তি কৰিব লাগে
সেই কাৰণে কোৱা হয় পূৰ্ব ৰচিত….। ৰচি থোৱা আছে কিন্তু এতিয়া পুনৰাই পুনৰাবৃত্তি কৰি
“পূৰ্ব ৰচিত” বুলি যি প্ৰবাদ আছে সেয়া পূৰা কৰিব লাগে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]