20.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ স্নেহ পাবলৈ হ’লে আত্ম-অভিমানী হৈ বহা, পিতাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ, এইটো আনন্দত থাকা”

প্ৰশ্ন:
সংগমযুগত তোমালোকে ব্ৰাহ্মণৰ পৰা ফৰিস্তা হ’বৰ কাৰণে কোনটো গুপ্ত পৰিশ্ৰম কৰা?

উত্তৰ:
তোমালোক ব্ৰাহ্মণসকলে পৱিত্ৰ হোৱাৰেই গুপ্ত পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোক ব্ৰহ্মাৰ সন্তান সংগমত ভাই-ভনী হোৱা, ভাই-ভনীৰ কুদৃষ্টি থাকিব নোৱাৰে। স্ত্ৰী-পুৰুষ একেলগে থাকি দুয়োৱে নিজক বি.কে. বুলি বুজা। এইটো স্মৃতিৰে যেতিয়া সম্পূৰ্ণ পৱিত্ৰ হ’বা তেতিয়া ফৰিস্তা হ’ব পাৰিবা।

ওঁম্শান্তি।
মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজি ইয়াত বহিব লাগে। এইটো ৰহস্য তোমালোক সন্তানসকলেও বুজাব লাগে। আত্ম-অভিমানী হৈ বহিলে তেতিয়া পিতাৰ সৈতে স্নেহ থাকিব। বাবাই আমাক ৰাজযোগ শিকায়। বাবাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। এইটো স্মৃতি গোটেই দিন বুদ্ধিত থাকিব লাগে - ইয়াতেই পৰিশ্ৰম হয়। এইটো বাৰে বাৰে পাহৰি যায় তেতিয়া আনন্দৰ তীব্ৰতা নিস্প্ৰভ হৈ যায়। বাবাই সাৱধান কৰি দিয়ে যে সন্তানসকল, দেহী-অভিমানী হৈ বহা। নিজক আত্মা বুলি বুজা। এতিয়া আত্মাসকল আৰু পৰমাত্মাৰ মেলা নহয় জানো। মেলা হৈছিল, কেতিয়া হৈছিল? নিশ্চয় কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ সংগমতেই হৈছিল। আজি সন্তানসকলক বিষয়বস্তুৰ ওপৰত বুজাইছে। তোমালোকে বিষয়বস্তুতো নিশ্চয় ল’ব লাগে। উচ্চতকৈও উচ্চ হ’ল ভগৱান আকৌ তললৈ আহিলে তেতিয়া ব্ৰহ্মা-বিষ্ণু-শঙ্কৰ। পিতা আৰু দেৱতাসকল। মনুষ্যই এইটো গম নাপায় যে শিৱ আৰু ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ সম্বন্ধ কি? কোনেও তেওঁলোকৰ জীৱন কাহিনী নাজানে। ত্ৰিমূৰ্তিৰ চিত্ৰ প্ৰসিদ্ধ। এওঁলোক তিনিজন হ’ল দেৱতা। কেৱল 3 জনৰেই ধৰ্ম থাকে জানো। ধৰ্মতো ডাঙৰ হয়, দৈৱী ধৰ্ম। এওঁলোক হ’ল সূক্ষ্মলোক নিবাসী, ওপৰত আছে শিৱবাবা। মুখ্য হ’ল ব্ৰহ্মা আৰু বিষ্ণু। এতিয়া পিতাই বুজায় - তোমালোকে বিষয়বস্তু দিব লাগে – ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা কেনেকৈ হয়। যেনেকৈ তোমালোকে কোৱা আমিয়েই শূদ্ৰৰ পৰা ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা দেৱতা, তেনেকৈ এওঁলোকৰো হয়, প্ৰথমে ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা। তেওঁলোকেতো কৈ দিয়ে যে আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। এইটোতো ভুল কথা। হ’বও নোৱাৰে। গতিকে এইটো বিষয়ৰ ওপৰত ভালকৈ বুজাব লাগে, কোনোবাই কয় পৰমাত্মা শ্ৰীকৃষ্ণৰ শৰীৰত আহিছে। যদি শ্ৰীকৃষ্ণৰ শৰীৰত আহে তেনেহ’লে ব্ৰহ্মাৰ ভূমিকা নোহোৱা হৈ যায়। শ্ৰীকৃষ্ণতো হ’ল সত্যযুগৰ প্ৰথম ৰাজকুমাৰ। তাত পতিত কেনেকৈ থাকিব পাৰে, যাক আহি পাৱন কৰি তুলিব। একেবাৰে ভুল। এই কথাবোৰো মহাৰথী সেৱাধাৰী সন্তানসকলেহে বুজি পায়। বাকীতো কাৰো বুদ্ধিত ধাৰণেই নহয়। এই বিষয়টিতো অতি উত্তম। ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা কেনেকৈ হয়। তেওঁলোকৰ জীৱন কাহিনী শুনায় কিয়নো এওঁলোকৰ সম্বন্ধ আছে। আৰম্ভণিয়ে এনেকৈ কৰিব লাগে। ব্ৰহ্মাৰ পৰা বিষ্ণু এক চেকেণ্ডত। বিষ্ণুৰ পৰা ব্ৰহ্মা হ’বলৈ 84 জন্ম লাগে। এইটো অতিকৈ বুজিবলগীয়া কথা। এতিয়া তোমালোক হ’লা ব্ৰাহ্মণ কুলৰ। প্ৰজাপিতা ব্ৰহ্মাৰ ব্ৰাহ্মণ কুল ক’লৈ গ’ল? প্ৰজাপিতা ব্ৰহ্মাৰতো নতুন সৃষ্টি লাগে নহয়। নতুন সৃষ্টি হ’ল সত্যযুগ। তাততো প্ৰজাপিতা নাই। কলিযুগততো প্ৰজাপিতা থাকিব নোৱাৰে। তেওঁ থাকে সংগমযুগত। এতিয়া তোমালোক সংগমত আছা। শূদ্ৰৰ পৰা তোমালোক ব্ৰাহ্মণ হৈছা। পিতাই ব্ৰহ্মাক তুলি লৈছে। শিৱবাবাই এওঁক কেনেকৈ ৰচনা কৰিলে এয়া কোনেও নাজানে। ত্ৰিমূৰ্তিত ৰচয়িতা শিৱৰ চিত্ৰই নাই, তেন্তে কেনেকৈ জানিব যে উচ্চতকৈও উচ্চ হৈছে ভগৱান। বাকী সকলো হ’ল তেওঁৰ ৰচনা। এয়া হ’ল ব্ৰাহ্মণ সম্প্ৰদায় তেন্তে নিশ্চয় প্ৰজাপিতা লাগে। কলিযুগততো হ’ব নোৱাৰে। সত্যযুগতো নহয়। গায়ন কৰা হয় ব্ৰাহ্মণ দেৱী-দেৱতায়ে নমঃ। এতিয়া ব্ৰাহ্মণ ক’ৰ? প্ৰজাপিতা ব্ৰহ্মা ক’ৰ? নিশ্চয় সংগমযুগৰ বুলি ক’ব। এয়া হ’ল পুৰুষোত্তম সংগমযুগ। এই সংগমযুগৰ বিষয়ে কোনো শাস্ত্ৰত বৰ্ণনা নাই। মহাভাৰতৰ যুদ্ধও সংগমত লাগিছে, সত্যযুগ বা কলিযুগত নহয়। পাণ্ডৱ আৰু কৌৰৱ, এয়া সংগমত আছে। তোমালোক পাণ্ডৱসকল সংগমযুগী হোৱা গতিকে কৌৰৱসকল কলিযুগী হয়। ‘গীতা’তো ‘ভগৱানুবাচ’ (ভগৱানৰ বাণী) নাই জানো। তোমালোক হ’লা পাণ্ডৱ দৈৱী সম্প্ৰদায়। তোমালোক হৈছা আত্মিক পাণ্ডা। তোমালোকৰ হ’ল আত্মিক যাত্ৰা, যিটো তোমালোকে বুদ্ধিৰে কৰা।

পিতাই কয় নিজক আত্মা বুলি বুজা। স্মৃতিৰ যাত্ৰাত থাকা। পাৰ্থিৱ (শাৰীৰিক) যাত্ৰাত তীৰ্থ আদিলৈ গৈ আকৌ ঘূৰি আহে। সেয়া আধাকল্প চলে। এই সংগমযুগৰ যাত্ৰা এবাৰৰ কাৰণেই। তোমালোক মৃত্যুলোকলৈ গৈ পুনৰ উভতি নাহা। পৱিত্ৰ হৈ আকৌ তোমালোক পৱিত্ৰ সৃষ্টিলৈ আহিব লাগে সেইকাৰণে এতিয়া তোমালোক পৱিত্ৰ হৈ আছা। তোমালোকে জানা আমি এতিয়া ব্ৰাহ্মণ সম্প্ৰদায়ৰ হওঁ। আকৌ দৈৱী সম্প্ৰদায়, বিষ্ণু সম্প্ৰদায়ৰ হওঁগৈ। সত্যযুগত দেৱী-দেৱতাসকল বিষ্ণু সম্প্ৰদায়ৰ হয়। তাত চৰ্তুভূজৰ প্ৰতিমা থাকে, যাৰ দ্বাৰা গম পোৱা যায় এওঁলোক বিষ্ণু সম্প্ৰদায়ৰ। ইয়াত ৰাৱণৰ প্ৰতিমা আছে, গতিকে ৰাৱণ সম্প্ৰদায়ৰ। গতিকে এইটো বিষয়বস্তু ৰাখিলে মনুষ্য আচম্বিত হ’ব। এতিয়া তোমালোকে দেৱতা হ'বৰ কাৰণে ৰাজযোগ শিকি আছা। ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ, তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা। তুলি লোৱা হৈছে। ব্ৰাহ্মণো ইয়াত আছে আকৌ দেৱতাও ইয়াতেই হ'ব। বংশাৱলী ইয়াতেই হয়। বংশাৱলী ৰাজত্বক কোৱা হয়। বিষ্ণুৰ বংশাৱলী আছে। ব্ৰাহ্মণৰ বংশাৱলী বুলি কোৱা নহয়। বংশাৱলীত ৰাজত্ব চলে। প্ৰথম গৰাকীৰ পাছত দ্বিতীয় গৰাকী তাৰ পাছত তৃতীয়গৰাকী…। এতিয়া তোমালোকে জানা আমি হৈছোঁ ব্ৰাহ্মণ কুল ভূষণ। আকৌ দেৱতা হওঁগৈ। ব্ৰাহ্মণৰ পৰা বিষ্ণু কুলত, বিষ্ণু কুলৰ পৰা ক্ষত্ৰিয় চন্দ্ৰবংশী কুলত, তাৰ পাছত বৈশ্য কুলত তাৰ পাছত শূদ্ৰ কুলত। পুনৰ ব্ৰাহ্মণৰ পৰা দেৱতা হ'মগৈ। অৰ্থ কিমান স্পষ্ট। চিত্ৰততো কি কি যে দেখুৱায়। আমি ব্ৰাহ্মণেই বিষ্ণুপুৰীৰ মালিক হওঁ। এই ক্ষেত্ৰত বিভ্ৰান্ত হ’ব নালাগে। বাবাই যি নিবন্ধ দিয়ে তাৰ ওপৰত আকৌ বিচাৰ সাগৰ মন্থন কৰিব লাগে - কাক কেনেকৈ বুজাম, যাতে মনুষ্য আচম্বিত হৈ যায় যে এয়া এওঁলোকৰ বুজনিতো বহুত ভাল। জ্ঞান সাগৰৰ বাহিৰেতো আন কোনেও বুজাব নোৱাৰে। বিচাৰ সাগৰ মন্থন কৰি তাৰ পাছত বহি লিখিব লাগে। আকৌ পঢ়া তেতিয়া খেয়ালত আহিব। এইটো এইটো শব্দ সংযোগ কৰিব লাগে। বাবায়ো প্ৰথমতে মুৰুলী লিখি তোমালোকৰ হাতত দি দিছিল। তাৰ পাছত শুনাইছিল। ইয়াততো তোমালোক ঘৰত বাবাৰ লগত থাকা। এতিয়াতো তোমালোকে বাহিৰত গৈ শুনাবলগীয়া হয়, এইটো বিষয়টি বৰ অপূৰ্ব, ব্ৰহ্মাই বিষ্ণু, এওঁক কোনেও নাজানে। বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মা আবিৰ্ভাৱ হোৱা দেখুৱায়। যেনেকৈ গান্ধীৰ নাভিৰ পৰা নেহেৰু। কিন্তু ৰাজবংশতো লাগে নহয়। ব্ৰাহ্মণ কুলত বাদশ্বাহী নাই, ব্ৰাহ্মণ সম্প্ৰদায়েই গৈ দৈৱী ৰাজবংশ হয়। তাৰ পাছত চন্দ্ৰবংশী কুলত যাব তাৰ পাছত আকৌ বৈশ্য কুল। এনেকৈ প্ৰতিটো কুল চলে নহয়। সত্যযুগ হৈছে নিৰ্বিকাৰী সৃষ্টি, কলিযুগ হৈছে বিকাৰী সৃষ্টি। এই দুটা শব্দও কাৰো বুদ্ধিত নাই। নহ'লেতো এইটো নিশ্চয় বুদ্ধিত থাকিব লাগে যে বিকাৰীৰ পৰা নিৰ্বিকাৰী কেনেকৈ হয়। মনুষ্যই নিৰ্বিকাৰী আৰু বিকাৰী কোনোটোকে নাজানে। তোমালোকক বুজোৱা হয়, দেৱতাসকল নিৰ্বিকাৰী। এনেকৈ কেতিয়াও শুনা নাই যে ব্ৰাহ্মণ নিৰ্বিকাৰী। নতুন সৃষ্টি হৈছে নিৰ্বিকাৰী, পুৰণি সৃষ্টি হৈছে বিকাৰী। গতিকে নিশ্চয় সংগমযুগ দেখুৱাব লাগে। ইয়াৰ বিষয়ে কোনেও গম নাপায়। পুৰুষোত্তম মাহ পালন কৰে নহয়। তেওঁলোকে 3 বছৰৰ পাছত এটা মাহ পালন কৰে। তোমালোকৰ 5 হাজাৰ বছৰৰ পাছত এটা সংগমযুগ আহে। মনুষ্যই আত্মা আৰু পৰমাত্মাক যথাৰ্থভাৱে নাজানে কেৱল কৈ দিয়ে - বিচিত্ৰ তৰা চিকমিকায়। বচ্ যেনেকৈ দেখুৱায়, ৰামকৃষ্ণ পৰমহংসৰ শিষ্য বিবেকানন্দই কৈছিল - মই গুৰুৰ সন্মুখত বহি আছিলোঁ, গুৰুৰো ধ্যান কৰে নহয়। এতিয়া পিতাই কয় - মামেকম্ (কেৱল মোক) স্মৰণ কৰা। ধ্যানৰতো কথাই নাই, গুৰুতো স্মৃতিত আছেই। বিশেষভাৱে বহি স্মৰণ কৰিলে স্মৃতিলৈ আহিব জানো। তেওঁৰ (বিবেকানন্দৰ) গুৰুৰ প্ৰতি ভাৱনা আছিল যে এওঁ ভগৱান গতিকে দেখিলে যে ৰামকৃষ্ণ পৰমহংসৰ আত্মা ওলাই তেওঁৰ মাজত লীন হৈ গ'ল। তেওঁৰ আত্মা ক'ত গৈ বহিল তাৰ পাছত কি হ'ল, একোৱেই বৰ্ণনা নাই, বচ্। আনন্দিত হৈ গ’ল যে মোৰ ভগৱানৰ সাক্ষাৎকাৰ হ'ল। ভগৱান কি হয়, সেইটো নাজানে। পিতাই বুজায় - ছিৰিৰ চিত্ৰৰ ওপৰত তোমালোকে বুজোৱা। এয়া হৈছে ভক্তিমাৰ্গ। তোমালোকে জানা এখন হৈছে ভক্তিৰ নাও, আনখন হৈছে জ্ঞানৰ। জ্ঞান বেলেগ, ভক্তি বেলেগ। বাবাই কয় - মই তোমালোকক কল্প পূৰ্বে জ্ঞান দিছিলোঁ, বিশ্বৰ মালিক কৰি তুলিছিলোঁ। এতিয়া তোমালোক ক'ত আছা। তোমালোক সন্তানসকলৰ বুদ্ধিত গোটেই জ্ঞান আছে, কেনেকৈ অন্য কুল আহে, কেনেকৈ বৃক্ষ বৃদ্ধি হয়। যেনেকৈ ফুলৰথোপা থাকে নহয়। এই সৃষ্টি ৰূপী বৃক্ষও হৈছে এডাল ফুলদানি। মাজত তোমালোকৰ ধৰ্ম আকৌ ইয়াৰ পৰা অন্য তিনিটা ধৰ্ম ওলায় পাছত তাৰপৰা বৃদ্ধি হৈ গৈ থাকে। গতিকে এই বৃক্ষকো স্মৰণ কৰিব লাগে। কিমান ঠাল-ঠেঙুলি আদি ওলাই থাকে। পাছৰ ফালে অহাসকলৰ মানো হৈ যায়। বট বৃক্ষ থাকে নহয়, মূল কাণ্ড নাই। বাকী গোটেই বৃক্ষ ঠিয় হৈ আছে। দেৱী-দেৱতা ধৰ্মও শেষ হৈ গ’ল। একেবাৰে পচি গ'ল। ভাৰতবাসীয়ে নিজৰ ধৰ্মক একেবাৰে নাজানে বাকী সকলোৱে নিজৰ ধৰ্মক জানে বা কিছুমানে কয় আমি ধৰ্মক নামানোৱেই। মুখ্য হৈছেই 4টা ধৰ্ম। বাকী সৰু সৰুতো অনেক আছে। এই বৃক্ষ আৰু সৃষ্টি চক্ৰক তোমালোকে এতিয়া জানা। দেৱী-দেৱতা ধৰ্মৰ নামেই নাইকিয়া কৰি দিলে। পুনৰ পিতাই সেয়া প্ৰতিষ্ঠা কৰি বাকী সকলো ধৰ্মৰ বিনাশ কৰি দিয়ে। গোলকৰ (সৃষ্টি চক্ৰৰ) চিত্ৰৰ ওচৰলৈও নিশ্চয় লৈ যাব লাগে। এয়া সত্যযুগ, এয়া কলিযুগ। কলিযুগত কিমান ধৰ্ম আছে, সত্যযুগত হৈছে এটাই ধৰ্ম। এক ধৰ্মৰ প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশ কোনে কৰায়? ভগৱানেও নিশ্চয় কাৰোবাৰ দ্বাৰাতো কৰাব নহয়। পিতাই কয় - ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰাওঁ। ব্ৰাহ্মণসকলেই বিষ্ণুপুৰীৰ দেৱতা হয়।

সংগমত তোমালোক ব্ৰাহ্মণসকলে পৱিত্ৰ হ’বৰ বাবেই গুপ্ত পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোক ব্ৰহ্মাৰ সন্তানসকল সংগমত ভাই-ভনী হোৱা। ভাই-ভনীৰ মাজত কুদৃষ্টি থাকিব নোৱাৰে। স্ত্ৰী-পুৰুষ দুয়ো নিজকে বি.কে. বুলি বুজে। ইয়াতেই বৰ পৰিশ্ৰম হয়। স্ত্ৰী-পুৰুষৰ আকৰ্ষণ এনেকুৱা যে বচ্‌, হাত নলগোৱাকৈ থাকিব নোৱাৰে। ইয়াত ভাই-ভনীয়েতো হাত লগাবই নালাগে, নহ’লে পাপৰ অনুভূতি হয়। আমি বি. কে. হওঁ, এইটো পাহৰি গ’লে তেতিয়া শেষ হৈ যায়। এই ক্ষেত্ৰত বহুত গুপ্ত পৰিশ্ৰম হয়। হয়তো যুগল হৈ থাকে কিন্তু কোনোবাই কি জানে, তেওঁলোকে নিজে জানে আমি বি.কে. হওঁ, ফৰিস্তা হওঁ। হাত লগাব নালাগে। এনেকুৱা কৰোঁতে কৰোঁতে সূক্ষ্মলোক নিবাসী ফৰিস্তা হৈ যাবাগৈ। নহ’লে ফৰিস্তা হ’ব নোৱাৰে। ফৰিস্তা হ’বলৈ হ’লে পৱিত্ৰ হৈ থাকিব লাগে। এনেকুৱা যুগল ওলালেতো এক নম্বৰত গুচি যাব। এনেকৈ কয় যে দাদাইতো (ব্ৰহ্মা বাবাইতো) সকলো অনুভৱ কৰিলে, অন্তিমত গৈ সন্ন্যাস কৰিছে, সকলোতকৈ অধিক পৰিশ্ৰম তেওঁলোকৰে যিসকল যুগল হৈ যায়। আকৌ তেওঁলোকৰ জ্ঞান আৰু যোগো লাগে। বহুতক নিজৰ সমান কৰি তুলিলে তেতিয়াহে শ্ৰেষ্ঠ ৰজা হ’বা। কেৱল এটা কথাতো নহয়। পিতাই কয় - তোমালোকে শিৱবাবাক স্মৰণ কৰা। এওঁ হ’ল প্ৰজাপিতা। বহুত এনেকুৱাও আছে যিয়ে কয় আমাৰ কামতো শিৱবাবাৰ লগত। আমি ব্ৰহ্মাক কিয় বা স্মৰণ কৰিম! তেওঁলৈ পত্ৰই বা কিয় লিখিম! এনেকুৱাও আছে। তোমালোকে শিৱবাবাক স্মৰণ কৰিব লাগে সেইকাৰণে বাবাই ফটো আদিও নিদিয়ে। এওঁৰ শৰীৰত শিৱবাবা আহে, এওঁতো দেহধাৰী হয় নহয়। এতিয়াতো তোমালোক সন্তানসকলে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। তেওঁলোকে নিজকে ঈশ্বৰ বুলি কয় কিন্তু তেওঁলোকৰ পৰা কি পোৱা যায়, ভাৰতবাসীৰ কিমান লোকচান হৈ গৈছে। ভাৰতবাসী একেবাৰে দেউলীয়া হৈ গৈছে। প্ৰজাৰ ওচৰত ভিক্ষা বিচাৰি থাকে। 10-12 বছৰৰ কাৰণে লোণ লয় আকৌ পৰিশোধ কৰিব জানো। লওঁতা, দিওঁতা দুয়ো নাশ হৈ যাব। খেলেই সমাপ্ত হৈ যাব। শিৰত অনেক সমস্যা আছে। দেউলীয়া, বেমাৰ আদি বহুত আছে। কোনোবাই চহকীসকলৰ ওচৰত ৰাখি থয় আৰু তেওঁলোক দেউলীয়া হৈ গ’লে তেতিয়া গৰিবৰ কিমান দুখ হয়। খোজে প্ৰতি দুখেই দুখ। বহি থাকোতেই অকস্মাৎ মৃত্যু হৈ যায়। এয়া হয়েই মৃত্যুলোক। অমৰলোকলৈ এতিয়া তোমালোক গৈ আছা। অমৰপুৰীৰ বাদশ্বাহ হোৱা। অমৰনাথে তোমালোক পাৰ্ৱতীসকলক সঁচা অমৰকথা শুনাই আছে। তোমালোকে জানা যে অমৰ বাবা হয়, তেওঁৰ পৰা আমি অমৰকথা শুনি আছোঁ। এতিয়া অমৰলোকলৈ যাব লাগে। এই সময়ত তোমালোক সংগমযুগত আছা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিচাৰ সাগৰ মন্থন কৰি "ব্ৰহ্মাই বিষ্ণু" কেনেকৈ হয়, এইটো বিষয়ৰ ওপৰত শুনাব লাগে। বুদ্ধি জ্ঞান মন্থনত ব্যস্ত কৰি ৰাখিব লাগে।

(2) ৰাজকীয় পদ প্ৰাপ্ত কৰিবৰ কাৰণে জ্ঞান আৰু যোগৰ লগতে নিজৰ সমানকৈ গঢ়ি তোলাৰ সেৱাও কৰিব লাগে। নিজৰ দৃষ্টি বহুত শুদ্ধ কৰি তুলিব লাগে।

বৰদান:
একমাত্ৰ পিতাৰ সৈতে সৰ্ব সম্বন্ধৰ অনুভৱ কৰোঁতা অক্লান্ত আৰু বিঘ্ন-বিনাশক হোৱা

যিসকল সন্তানৰ সৰ্ব সম্বন্ধ একমাত্ৰ পিতাৰ সৈতে আছে তেওঁলোকৰ অন্য সকলো সম্বন্ধ নিমিত্ত মাত্ৰ অনুভৱ হ’ব, তেওঁলোক সদায় আনন্দত নাচি থাকোঁতা হ’ব, কেতিয়াও ক্লান্তিৰ অনুভৱ নকৰিব, অক্লান্ত হ’ব। পিতা আৰু সেৱা এইটো নিচাতে মগন হৈ থাকিব। বিঘিনিৰ কাৰণে থমকি ৰোৱাৰ সলনি সদায় বিঘ্ন-বিনাশক হ’ব। সৰ্ব সম্বন্ধৰ অনুভূতি একমাত্ৰ পিতাৰ সৈতে হোৱাৰ কাৰণে ‘ডবল লাইট’ হৈ থাকিব, কোনো বোজা নাথাকিব। সকলো ওজৰ আপত্তি সমাপ্ত হ’ব। সম্পূৰ্ণ স্থিতিৰ অনুভৱ হ’ব। সহজযোগী হ’ব।

স্লোগান:
সংকল্পতো কোনো দেহধাৰী ফালে আকৰ্ষিত হোৱা অৰ্থাৎ বিশ্বাসঘাতক হোৱা।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

যেনেকৈ অন্তৰীক্ষ যানত থকাসকল উচ্চত থকা কাৰণে গোটেই পৃথিৱীৰ যি স্থানৰে চিত্ৰ ল’ব বিচাৰে ল’ব পাৰে তেনেকৈ শান্তিৰ শক্তিৰে অন্তৰ্মুখী যানৰ দ্বাৰা, মনৰ শক্তিৰ দ্বাৰা যিকোনো আত্মাক চৰিত্ৰৱান হোৱাৰ, শ্ৰেষ্ঠ আত্মা হোৱাৰ প্ৰেৰণা দিব পাৰা।