20.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ অবিনাশী জ্ঞান ৰত্নৰ সীমাহীন সম্পদ আছে, তোমালোকে সেয়া দান কৰা, তোমালোকৰ দুৱাৰডলিৰ পৰা কোনেও উভতি যোৱা অনুচিত”

প্ৰশ্ন:
সকলো সম্বন্ধৰ চেক্ৰিন (অতিকৈ মিঠা) পিতাই নিজৰ সন্তানসকলক কোনটো শ্ৰীমত দিয়ে?

উত্তৰ:
মৰমৰ সন্তানসকল – নিজৰ বুদ্ধিৰ যোগসূত্ৰ সকলো ফালৰ পৰা আঁতৰাই একমাত্ৰ মোক স্মৰণ কৰা৷ জগতৰ কোনো বস্তু, মিত্ৰ-সম্বন্ধীয় আদি যাতে স্মৃতিলৈ নাহে কিয়নো এই সময়ত সকলো দুখ দিওঁতা হয়৷ বিশ্বৰ মালিক হ’ব লাগে সেয়েহে 63 জন্মৰ হিচাপ-নিকাচ নিষ্পত্তি কৰিবলৈ নিশ্চয় যত্ন কৰিবলগীয়া হয়৷ সকলো পাহৰি অশৰীৰী হোৱা তেতিয়া হিচাপ-নিকাচ নিষ্পত্তি হ’ব৷ মই সকলো সম্বন্ধৰ চেক্ৰিন হওঁ৷

ওঁম্শান্তি।
বাপদাদাই সন্তানসকলক সোধে যে কাৰ স্মৃতিত বহি আছা? (শিৱবাবাৰ) গুঞ্জৰিত স্বৰেৰে কোৱা উচিত – শিৱবাবাৰ স্মৃতিত বহি আছোঁ৷ তোমালোক সন্তানসকলৰ অর্থাৎ আত্মাসকলৰ সম্পর্ক শিৱবাবাৰ সৈতে৷ তোমালোক এওঁৰ (ব্ৰহ্মাৰ) দ্বাৰা শিৱবাবাৰ হোৱা, কিয়নো শিৱবাবাই এওঁৰ দ্বাৰাহে সাক্ষাৎ কৰে৷ এওঁক মাজতে দাদাল বুলিও কোৱা হয়৷ তোমালোকৰ দালালৰ লগত কোনো সম্পর্ক নাই৷ এওঁতো কেৱল মাজত মাধ্যম হয়৷ সকলোৰে লেন-দেনৰ হিচাপ পিতাৰ লগত হ’ব, এওঁৰ লগত নহয়৷ এওঁৰো লেন-দেন পিতাৰ লগত৷ এৱোঁ সেইজন পিতাক (শিৱবাবাক) কয় – বাবা মোৰ সকলো আপোনাৰ৷ তোমালোকৰো এটা নিশ্চয়তাতো এয়া যে আমি আত্মা আৰু দ্বিতীয়তে এইটোও নিশ্চয়তা আছে যে আমি আত্মাসকলে এতিয়া পৰমপিতা পৰমাত্মাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ৷ মন-বাণী-কর্ম, তন-মন-ধনেৰে আমি শিৱবাবাৰ সহায়কাৰী হওঁ৷ এই সকলোবোৰ শিৱবাবাক অর্পণ কৰা হৈছে৷ আকৌ শিৱবাবাই নিৰ্দেশনা দিয়ে – এনেকৈ এনেকৈ এয়া কৰা৷ ইয়াক কোৱা হয় শ্ৰীমত৷ পিতাই নিজেই কয় – মই এই পুৰণি শৰীৰত প্ৰৱেশ কৰোঁ৷ এৱোঁ পতিতৰ পৰা পাৱন হৈ আছে৷ এয়া কোনে ক’লে? শিৱবাবাই৷ এৱোঁ পাৱন হৈ আছে৷ এওঁৰো মোৰ লগত হিচাপ-নিকাচ আছে৷ এওঁৰ লগত কাৰো হিচাপ-নিকাচ নাই৷ তোমালোকে চিঠি লিখা – শিৱবাবা মাৰফৎ ব্ৰহ্মা৷ কিন্তু মায়া এনেকুৱা যে নিৰন্তৰ স্মৰণ কৰিবলৈ নিদিয়ে৷ বুদ্ধিৰ যোগসূত্ৰ বাৰে বাৰে ছিঙি দিয়ে৷ যদি এইটোৱে দৃঢ়তাৰে পুৰুষার্থ কৰা তেন্তে আকৌ অন্য সকলো পাহৰি যাবা৷ শৰীৰো পাহৰি যাবা৷ এই শৰীৰ থাকিব কিন্তু আত্মাৰ এই সকলো বস্তুৰ প্ৰতি ঘৃণা জন্মিব৷ এইটো অৱস্থা গঢ়িবলৈ অভ্যাস কৰিবলগীয়া হয়৷ অন্তিমত যাতে আমাৰ নিজৰ শৰীৰো স্মৃতিলৈ নাহে৷ পিতাই কয় – নিজক অশৰীৰী বুলি বুজি মোক পিতাক স্মৰণ কৰা৷ মই সৰ্বদা অশৰীৰী হওঁ, তোমালোকো অশৰীৰী আছিলা৷ আকৌ তোমালোকে ভূমিকা পালন কৰিলা৷ এতিয়া পুনৰ তোমালোকে ভূমিকা পালন কৰিব লাগে, এইটো পৰিশ্ৰম আছে৷ বিশ্বৰ মালিক হোৱাতো কোনো কম কথা নেকি? মনুষ্যহে বিশ্বৰ মালিক হ’ব পাৰে৷ এই দেৱতাসকলো মনুষ্য, কিন্তু এওঁলোকক দৈৱীগুণধাৰী দেৱতা বুলি কোৱা হয়৷ লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল, তেওঁলোকৰ নিজৰ সন্তান থাকিব৷ সেই সন্তানেহে তেওঁলোকক (লক্ষ্মী-নাৰায়ণক) মা-পিতা বুলি মানিব৷ কিন্তু আজিকালি মনুষ্যই অন্ধশ্ৰদ্ধাৰে এই লক্ষ্মী-নাৰায়ণক “ত্বমেব মাতাশ্চ পিতা...” (তুমিয়েই মাতা-পিতা…) বুলি কয়৷ বাস্তৱত এই মহিমা হৈছে শিৱবাবাৰ৷ দেৱতাসকলৰ মহিমা গোৱা হয় – আপোনালোক সর্বগুণ সম্পন্ন... কিন্তু তেওঁলোকৰ পূজা কিয় কৰে, এইটো কোনেও গম নাপায়৷ এতিয়া তোমালোকে এনেকৈ মহিমা গায়ন নকৰা যে তুমি মাতা-পিতা... অৱশ্যে হয় তোমালোকে জানা যে শিৱবাবা তেওঁ নিৰাকাৰ পৰমপিতা পৰমাত্মা হয়৷ তেওঁৰ পৰাহে অপাৰ সুখ পোৱা যায়৷ বাকী যি সম্বন্ধীয় আদি আছে তেওঁলোকৰ পৰা দুখহে পোৱা যায়৷ এয়াতো এজনেই চেক্ৰিন, যাৰ পৰা সর্ব সম্বন্ধৰ ৰস পোৱা যায় সেইবাবে পিতাই কয় – মামা, ককা, খুৰা আদিৰ সকলোৰে পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাই মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা৷ তোমালোকে গায়নো কৰা – দুখ হর্তা, সুখ কর্তা… সকলোৰে সৎগতিদাতা এজনেই, তেৱেঁই আমাৰ সকলো৷ লৌকিক পিতাৰ পৰাও দুখ পোৱা যায়৷ বাকী শিক্ষকে কাকো দুখ নিদিয়ে৷ শিক্ষকৰ ওচৰত গৈ পঢ়ি তোমালোকে শৰীৰ নির্বাহ কৰা৷ কলা-কৌশল শিকাওঁতাও থাকে৷ তেওঁলোক সকলোৱে অল্পকালৰ বাবে শিকায়৷ ভক্তিতো মহিমা এজন ৰাম অথবা পৰমপিতা পৰমাত্মাৰহে কৰে, তেওঁকে স্মৰণ কৰে৷ বাস্তৱত ভক্তিও এজনৰে কৰিব লাগে৷ সেই এজনেই তোমালোকক পূজ্য কৰি তোলে৷ তোমালোকে প্ৰথমতে এজন শিৱবাবাৰ পূজা কৰা৷ তাকে সতোপ্ৰধান ভক্তি বুলি কোৱা হয়৷ আকৌ আত্মাও সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমো হয়৷ তোমালোকে বুজি পোৱা – আমি পূজাৰী হওঁ৷ তোমালোকে প্ৰথমতে এক শিৱৰহে পূজা কৰা, পাছত কলা কম হৈ গৈ থাকে৷ ভক্তিও সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমো হৈ যায়৷ গোটেই নাটকখন তোমালোকক লৈয়ে ৰচি থোৱা আছে৷ নিজেই পূজ্য নিজেই পূজাৰী, যিয়ে পূৰা 84 জন্ম লয়, তেওঁলোকৰে কাহিনী৷ তেওঁলোককে পিতাই বহি কয় – তোমালোকে 84 জন্ম কেনেকৈ লৈছা৷ হিচাপ তেওঁলোকৰেই৷ যিয়ে প্ৰথমতে পূজ্য দেৱী-দেৱতা হয়, তেওঁলোকেই পূজাৰী হয়৷ পিতাই কয় – মই কল্পই কল্পই আহি তোমালোকক পঢ়াওঁ আৰু দেৱী-দেৱতা ধর্ম প্ৰতিষ্ঠা কৰোঁ, ৰাজযোগ শিকাওঁ৷ গীতাত ভুলতে শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি লিখি দিছে। ভগৱানতো এজনেই৷ তেওঁলোকেতো কয় – শিল-পাথৰ, কণ কণত পৰমাত্মা আছে৷ কিন্তু এনেকুৱাতো হ’ব নোৱাৰে৷ ভগৱানৰতো মহিমা অপৰমঅপাৰ৷ এনেকৈ কয় – হে বাবা, আপোনাৰ গতি মত অনন্য অর্থাৎ আপোনাৰ যি শ্ৰীমত পাওঁ সেয়া সকলোতকৈ অনন্য৷ পিতাক কয়েই – গতি সৎগতিদাতা পৰমপিতা পৰমাত্মা, তেতিয়া বুদ্ধি ওপৰলৈ যায়৷ দুখৰ সময়ত তেওঁৰহে স্মৃতি আহে৷ যদি ৰাম-সীতা বুদ্ধিত থাকে তেতিয়াতো গোটেই ৰামায়ণ বুদ্ধিলৈ আহি যাব৷ তোমালোকেতো সেই এজন পিতাকেই আহ্বান কৰা৷ এজন পিতাৰ বাহিৰে কোনো সাকাৰী মনুষ্য বা আকাৰী দেৱতাৰ সৈতে বুদ্ধি লগাব নালাগে৷ পতিত-পাৱন হয়েই এজন পিতা৷ যিকোনো সৎসংগত গৈ এয়াই গায় – পতিত-পাৱন সীতাৰাম, অর্থ একো নাই৷ এই সকলোবোৰ হ’ল – ভক্তি মার্গৰ গায়ন৷ সকলো ৰাৱণৰ কাৰাগাৰত আছে৷ ভক্তিমার্গত বহুত হাবাথুৰি খায়৷ ইয়াত হাবাথুৰি খোৱাৰ কোনো কথা নাই৷ পিতাই বুজায়, সন্তানসকলে সাৰ কথাবোৰ ভালদৰে বুদ্ধিত ধাৰণ কৰিব লাগে, নিয়মীয়াকৈ পঢ়িব লাগে৷ যদি কিবা কাৰণত ৰাতিপুৱা আহিব নোৱাৰা তেন্তে দুপৰীয়া আহি যাব লাগে৷ কাকো বিৰক্তও কৰিব নালাগে৷ গোটেই দিনটো পৰি আছে৷ যিকোনো সময়ত গৈ পঢ়িব লাগে৷ এই কন্যাসকল ৰাতিপুৱাৰ পৰা গধূলিলৈ সেৱাত হাজিৰ আছে৷ গোটেই দিন সেৱাকেন্দ্ৰ খোলা থাকে৷ যিয়েই আহে, তেওঁলোকক ৰাস্তা দেখুৱাব লাগে৷ প্ৰথমতেতো ক’ব লাগে – বিচাৰ কৰা, তোমালোকৰ দুজন পিতা আছে৷ দুখত পাৰলৌকিক পিতাক স্মৰণ কৰা নহয়৷ এতিয়া শিৱবাবাই কয়, মামেকম্‌ স্মৰণ কৰা৷ মৃত্যুতো সমাগত৷ এয়া সেয়াই মহাভাৰতৰ যুদ্ধ৷ যদিও পদমপতি, কোটিপতি আছে, ডাঙৰ ডাঙৰ অট্টালিকা আদি নির্মাণ কৰে, কিন্তু সেয়া জানো থাকিব, এই সকলোবোৰ খহি পৰিব৷ তেওঁলোকে ভাবে – কলিযুগৰ আয়ুস লাখ লাখ বছৰ৷ ইয়াক কোৱা হয় – ঘোৰ অন্ধকাৰ৷ কাৰোবাৰ পইচা আছে, সোধে, ঘৰ নির্মাণ কৰোঁনে৷ বাবাই ক’ব, যদি পইচা আছে তেন্তে নির্মাণ কৰি লোৱা৷ পইচাওতো মাটিত মিলি যাব৷ এয়াতো অস্থায়ী৷ নহ’লেতো এই সকলো পইচা আদিও গুচি যাব৷ একোৱে নাথাকিব, লাগিলে ঘৰ নির্মাণ কৰা৷ আকৌ তাত গীতা পাঠশালাৰ ব্যৱস্থা কৰা৷ যেতিয়া তোমালোকৰ দুৱাৰডলিলৈ কোনোবা আহে তেওঁলোকক এনেকুৱা ভিক্ষা দিয়া যাতে তেওঁলোকক একেবাৰে বিশ্বৰ মালিক কৰি দিয়া৷ তোমালোকৰ সীমাহীন জ্ঞান ধন আছে, ইমান কাৰো নাই৷ তোমালোকৰ মাজত সকলোতকৈ ধনৱান তেওঁ যাৰ বুদ্ধি বহুত জ্ঞান ৰত্নৰে ভৰি আছে৷ যিয়েই আহে তেতিয়া তোমালোকে তেওঁৰ জোলোঙা ভৰপূৰ কৰি দিয়া৷ তোমালোকৰ ওচৰত ইমান সম্পদ আছে৷ কেৱল এয়া ফলক আঁৰি দিয়া – আহক, আমি আপোনালোকক সৰ্বদা সুখী স্বর্গৰ উত্তৰাধিকাৰ পোৱাৰ ৰাস্তা দেখুৱাম৷ কিন্তু সন্তানসকলৰ সেইটো নিচা নাথাকে৷ ইয়াত নিচা বাঢ়ে, বাহিৰলৈ গ’লে পাহৰি যায়৷ চখ থকা উচিত৷ যিয়েই আহে, তেওঁলোকক ৰাস্তা দেখুওৱা যাতে নাও পাৰ হৈ যায়৷ তোমালোকৰ বহুত মূল্যৱান ধন আছে৷ কোনোবা ভিকহু আহক অথবা লাখপতি আহক তোমালোকে তেওঁলোককো বহুত ৰত্ন দিব পাৰা৷ বাবাই ইয়াত নিচা বঢ়ায়, আকৌ চ’ডা-পানী (খন্তেকতে নোহোৱা) হৈ যায়৷ বাবাই অবিনাশী জ্ঞান ৰত্নেৰে তোমালোকৰ জোলোঙা ভৰপূৰ কৰি দিয়ে৷ কিন্তু ক্ৰমানুসৰি৷ কাৰোবাৰ ভাগ্যত থাকিলে তেতিয়া সম্পূর্ণ ৰীতিৰে ধাৰণ কৰি লয়৷ বাবাই কয় – চেষ্টা কৰি তোমালোক নিৰন্তৰ স্মৃতিত থাকা৷ এনেকুৱা নহয় যে সেৱাকেন্দ্ৰলৈ গৈ এঠাইতে বহি যাব লাগে৷ নহয়, চলোঁতে-ফুৰোঁতে যিখিনি সময় পোৱা পিতাক স্মৰণ কৰি থাকিব লাগে৷ হাতেৰে কাম কৰা, অন্তৰ অর্থাৎ বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে থাকিব লাগে৷ পিতাৰ স্মৃতিৰে তোমালোকৰ বহুত কল্যাণ হ’ব৷ 21 জন্মৰ বাবে তোমালোক ধনৱান হৈ যোৱা৷ বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিয়ে৷ ভাৰত স্বর্গ আছিল৷ এতিয়া নৰক৷ পিতাই কয় – এতিয়া মোক স্মৰণ কৰা তেতিয়া তোমালোক আত্মা সতোপ্ৰধান হৈ যাবা৷ পিতাক স্মৰণ কৰিলে নিচা বাঢ়িব৷ আমাৰ নিচিনা ধনৱান সৃষ্টিত কোনো নাই৷ পিতাই যদি স্মৃতিত নাথাকে তেন্তে ধন ক’ৰপৰা আহিব৷ স্বর্গততো তোমালোক সন্তানসকলে অপাৰ সুখ পোৱা৷ শাস্ত্ৰততো কিমান মুখৰোচক কথা লিখি দিছে৷ গায়নো কৰে – ৰাম ৰজা, ৰাম প্ৰজা... ধর্মৰ উপকাৰ আছে৷ পুনৰ কয় – ৰামৰ সীতাক হৰণ কৰিলে, বান্দৰৰ সেনা ল’লে... আগতে নিজেও পঢ়িছিলা, একোৱে বুজি পোৱা নাছিলা৷ এতিয়া কিমান ভালকৈ বুজি পোৱা যায়৷ কিমান আচৰিত কথা লিখিছে৷ পিতাই কয় – মই প্ৰকৃতিৰ আধাৰ ল’বলগীয়া হয়৷ ত্ৰিমূর্তিৰ চিত্ৰতো ব্ৰহ্মা, বিষ্ণু, শংকৰক দেখুৱায়৷ কিন্তু এয়াও বুজি নাপায় যে বিষ্ণু কোন। ক’ৰ নিবাসী। বিষ্ণুৰ মন্দিৰক নৰ-নাৰায়ণৰ মন্দিৰ বুলি কয়৷ কিন্তু অর্থ একোৱে বুজি নাপায়৷ বিষ্ণুৰ এয়া দুটা ৰূপ লক্ষ্মী-নাৰায়ণ, যিয়ে সত্যযুগত ৰাজত্ব কৰিছিল৷ এতিয়া তোমালোক মনুষ্যৰ পৰা দেৱতা হৈ আছা৷ যিয়েই আহে তেওঁলোকক কোৱা – এয়া (আমি) ব্ৰহ্মাকুমাৰ-কুমাৰী৷ গতিকে প্ৰজাপিতা ব্ৰহ্মা সকলোৰে পিতা হ’ল৷ অনেক প্ৰজা আছে৷ নামতো শুনিছা নহয়৷ ভগৱানে ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচিলে৷ পিতাই নিশ্চয় সন্তানসকলক উত্তৰাধিকাৰতো দিয়ে নহয়৷ তোমালোক সন্তানসকলক বিশ্বৰ মালিক কৰি তোলে৷ তোমালোকে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ পোৱা৷ এজন হ’ল লৌকিক পিতা, আনজন পাৰলৌকিক পিতা৷ এতিয়া এইজন (ব্ৰহ্মা) তোমালোকে অলৌকিক পিতা পাইছা, এওঁতো হীৰা বেপাৰী আছিল৷ এওঁ জানো কিবা জানিছিল৷ এওঁৰ ক্ষেত্ৰত কয় যে এওঁৰ বহুত জন্মৰ অন্তিম জন্মৰো অন্তত এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ৷ বানপ্ৰস্থী হোৱাৰ নিয়মো ভাৰতত আছে৷ 60 বছৰ পাছত গুৰুৰ ওচৰলৈ গুচি যায়৷ পিতাই এওঁৰ শৰীৰত প্ৰৱেশ কৰি কয় – এতিয়া তোমালোক ঘৰলৈ যাব লাগে৷ মুক্তি সকলোৱে বিচাৰে কিন্তু মুক্তিক কোনেও নাজানে৷ ব্ৰহ্মত লীনতো কোনেও হ’ব নোৱাৰে৷ এয়াতো সৃষ্টিৰ চক্ৰ ঘূৰিয়ে থাকে, সকলোৱে ভূমিকা পালন কৰিবই লাগে৷ কোৱা হয় – বিশ্বৰ বুৰঞ্জী-ভূগোলৰ পুনৰাবৃত্তি৷ এয়া অনাদি ড্ৰামা ৰচি থোৱা আছে৷ 84 জন্মৰ ভূমিকা তোমালোকে পালন কৰিবই লাগে৷ এয়া জ্ঞানৰ নৃত্য৷ সেই লোকসকলে আকৌ ডম্বৰু দেখুৱায়৷ এতিয়া সূক্ষ্মলোকবাসী শংকৰে ডম্বৰু কেনেকৈ বজাব৷

পিতাই বুজাইছে – তোমালোক বান্দৰৰ নিচিনা আছিলা৷ সেয়েহে তোমালোকে বান্দৰৰ সেনা ল’লা৷ তোমালোকৰ আগত বাবাই জ্ঞানৰ ডম্বৰু বজাই আছে৷ তোমালোকক জ্ঞান দিয়ে ৷ এতিয়া তোমালোকৰ চেহেৰা আৰু চৰিত্ৰ দুয়োটা পৰিৱৰ্তন কৰি আছে৷ কাম-চিতাত বহি তোমালোক ক’লা (অপৱিত্ৰ) হৈ গৈছা৷ বাবাই পুনৰ তোমালোকক জ্ঞান-চিতাত বহুৱাই চেহেৰা আৰু চৰিত্ৰ দুয়োটা পৰিৱৰ্তন কৰি ক’লাৰ পৰা বগা (পৱিত্ৰ) কৰি দিয়ে৷ ইয়াত বাবাই কিমান নিচা বঢ়ায়, আকৌ নিচা কিয় নোহোৱা হৈ যাব লাগে৷ ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি সীমাহীন জ্ঞান ধন দিছে, সেয়া ধাৰণ কৰি নিজেও ধনৱান হ’ব লাগে আৰু সকলোকে দানো কৰিব লাগে৷ যিয়েই আহে তেওঁৰ জোলোঙা ভৰপূৰ কৰি দিব লাগে৷

(2) পিতাৰ স্মৃতিৰেহে কল্যাণ হ’ব, সেইবাবে যিমান সম্ভৱ চলোঁতে-ফুৰোঁতে পিতাৰ স্মৃতিত থাকিব লাগে৷ সকলো সম্বন্ধৰ ৰস এজন পিতাৰ পৰা ল’ব লাগে৷

বৰদান:
সদায় ব্যস্ত হৈ থকাৰ বিধিৰ দ্বাৰা ব্যৰ্থ সংকল্পৰ অভিযোগ সমাপ্ত কৰোঁতা সম্পূৰ্ণ কৰ্মাতীত হোৱা

সম্পূৰ্ণ কৰ্মাতীত হোৱাত ব্যৰ্থ সংকল্পৰ ধুমুহাই বিঘিনি আনে। এই ব্যৰ্থ সংকল্পৰ অভিযোগ সমাপ্ত কৰিবৰ বাবে নিজৰ মনক সকলো সময়তে ব্যস্ত কৰি ৰাখা, সময়ক আগতীয়াকৈ সংৰক্ষণ কৰাৰ পদ্ধতি শিকা। গোটেই দিনটোত মনক ক'ত ক'ত ব্যস্ত কৰি ৰাখিব লাগে - ইয়াৰ কাৰ্যসূচী প্ৰস্তুত কৰা। নিতৌ নিজৰ মনক 4 টা কথাত ব্যস্ত কৰি দিয়া – (1) মিলন (আন্তৰিক বাৰ্তালাপ), (2) বৰ্ণন (সেৱা), (3) মগন আৰু (4) গভীৰ স্নেহ। ইয়াৰ দ্বাৰা সময় সফল হৈ যাব আৰু ব্যৰ্থৰ অভিযোগ সমাপ্ত হৈ যাব।

স্লোগান:
সফলতাক পৰমাত্ম জন্মসিদ্ধ অধিকাৰ বুলি বুজোঁতাজনেই সদায় প্ৰসন্নচিত হৈ থাকিব পাৰে।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

সৰলতা আনিবলৈ কেৱল এটা কথা নিশ্চয়কৈ ধ্যানত ৰাখিব লাগে। নিজৰ স্থিতি যাতে স্তুতিৰ (প্ৰশংসাৰ) আধাৰত নহয়। বহুত সন্তানে কৰ্তব্যৰ ফলৰ ইচ্ছা বেছিকৈ ৰাখে, সেইবাবে যেতিয়া স্তুতি নহয়, তেতিয়া স্থিতি বিচলিত হৈ যায়। নিন্দা হ’লে অনাথ হৈ যায়। নিজৰ স্থিতি এৰি নাথকো (প্ৰভুকো) পাহৰি যায়, সেইবাবে নিজৰ স্থিতি স্তুতিৰ আধাৰত কৰি তুলিব নালাগে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]