20.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – মায়া ৰাৱণৰ সংগত পৰি তোমালোক দিগভ্ৰান্ত হৈ গ’লা, পৱিত্ৰ গছ পুলি অপৱিত্ৰ হৈ গ’লা, এতিয়া পুনৰায় পৱিত্ৰ হোৱা”

প্ৰশ্ন:
প্ৰত্যেক সন্তানে নিজৰ ক্ষেত্ৰত কি আশ্চৰ্যৰ অনুভৱ কৰে? পিতা সন্তানসকলৰ কোনটো কথাৰ বাবে আশ্চৰ্যান্বিত হয়?

উত্তৰ:
সন্তানসকল আশ্চৰ্যান্বিত হয় যে আমি কি আছিলোঁ, কাৰ সন্তান আছিলোঁ, এনেহেন পিতাৰ পৰা আমি উত্তৰাধিকাৰ পাইছিলোঁ, সেই পিতাকেই আমি পাহৰি গ’লোঁ। ৰাৱণ আহিল ইমানেই কুৱঁলি পৰি গ’ল যে ৰচনা আৰু ৰচয়িতা সকলো পাহৰি গ’লোঁ। পিতা সন্তানসকলক লৈ আশ্চৰ্যান্বিত হয়, যিসকল সন্তানক মই ইমান উচ্চ কৰি তুলিলোঁ, ৰাজ্য-ভাগ্য দিলোঁ, সেই সন্তানসকলেই মোৰ গ্লানি কৰিবলৈ ধৰিলে। ৰাৱণৰ সংগত পৰি সকলো হেৰুৱাই পেলালে।

ওঁম্শান্তি।
কি ভাবি আছা? পুৰুষাৰ্থৰ ক্ৰম অনুসৰি প্ৰত্যেক জীৱ আত্মাই এতিয়া নিজক লৈ আশ্চৰ্যান্বিত হৈ আছে যে আমি কি আছিলোঁ, কাৰ সন্তান আছিলোঁ আৰু যথাযথ পিতাৰ পৰা উত্তৰাধিকাৰ পাইছিলোঁ, আকৌ কেনেকৈ আমি পাহৰি গ’লোঁ! আমি সতোপ্ৰধান সৃষ্টিত সমগ্ৰ বিশ্বৰ মালিক আছিলোঁ, বহুত সুখী আছিলোঁ। তাৰপাছত আমি ছিৰি তললৈ নামিলোঁ। ৰাৱণ অহাৰ লগে লগে ইমান কুৱঁলি পৰি গ’ল যে আমি ৰচয়িতা আৰু ৰচনাক পাহৰি গ’লোঁ। কুৱঁলীত মনুষ্যই ৰাস্তা আদি হেৰুৱাই পেলায় নহয়। গতিকে আমিও পাহৰি গ’লোঁ - আমাৰ ঘৰ ক’ত, ক’ৰ নিবাসী আছিলোঁ। এতিয়া বাবাই চাই আছে মোৰ সন্তানসকল, যিসকলক মই আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে ৰাজ্য-ভাগ্য দি গৈছিলোঁ, বৰ আনন্দ উল্লাসত আছিলা, এই ভূমি আকৌ কি হৈ গ’ল! কেনেকৈ ৰাৱণৰ ৰাজ্যত আহি গ’ল! আনৰ ৰাজ্যততো নিশ্চয় দুখেই পাব। তোমালোক কিমান দিগভ্ৰান্ত হৈ ফুৰিলা! অন্ধশ্ৰদ্ধাৰে পিতাক বিচাৰি থাকিলা কিন্তু পালা ক’ত। যাক পাথৰ-শিলগুটিত আছে বুলি কৈ দিলা, তেন্তে আকৌ কেনেকৈ পাবা। আধাকল্প তোমালোক দিগভ্ৰান্ত হৈ হৈ যেন নিৰাশ হৈ গ’লা। নিজৰেই অজ্ঞানতাৰ কাৰণে ৰাৱণৰাজ্যত তোমালোকে কিমান দুখ ভোগ কৰিলা। ভাৰত ভক্তিমাৰ্গত কিমান গৰিব হৈ গৈছে। পিতাই সন্তানসকলৰ ফালে চালে তেতিয়া খেয়াল আহে যে ভক্তিমাৰ্গত কিমান দিগভ্ৰান্ত হ’ল! আধাকল্প ভক্তি কৰিলে, কিহ’ৰ বাবে? ভগৱানক লগ পাবলৈ। ভক্তিৰ পাছতেই ভগৱানে ফল দিয়ে। কি দিয়ে? সেয়াতো কোনেও নাজানে, একেবাৰে মুৰ্খ হৈ গ’ল। এই সকলোবোৰ কথা বুদ্ধিত উদয় হ’ব লাগে - আমি কি আছিলোঁ, তাৰপাছত কেনেকৈ ৰাজ্য-ভাগ্য কৰিলোঁ আকৌ কেনেকৈ ছিৰি তললৈ নামি নামি ৰাৱণৰ শিকলিত বান্ধ খাই গ’লোঁ। সীমাহীন দুখ আছিল। পোন-প্ৰথমে তোমালোক সীমাহীন সুখত আছিলা। গতিকে অন্তৰত উদয় হ’ব লাগে, নিজৰ ৰাজ্যত কিমান সুখ আছিল পুনৰ আনৰ ৰাজ্যত কিমান দুখ ভোগ কৰিলোঁ। যেনেকৈ তেওঁলোকে ভাবে ইংৰাজৰ ৰাজ্যত আমি দুখ ভোগ কৰিলোঁ। এতিয়া তোমালোক বহি আছা, অন্তৰত এইটো খেয়াল আহিব লাগে যে আমি কোন আছিলোঁ, কাৰ সন্তান আছিলোঁ? পিতাই আমাক গোটেই বিশ্বৰ ৰাজ্য দিলে আকৌ কেনেকৈ আমি ৰাৱণৰ ৰাজ্যত আৱদ্ধ হৈ গ’লোঁ। কিমান দুখ দেখিলোঁ, কিমান লেতেৰা কৰ্ম কৰিলোঁ। সৃষ্টি দিনে-প্ৰতিদিনে অৱনমিতই হৈ গ’ল। মনুষ্যৰ সংস্কাৰ দিনে-প্ৰতিদিনে আসুৰিক হৈ গৈ থাকিল। গতিকে সন্তানসকলৰ স্মৃতিত আহিব লাগে। পিতাই লক্ষ্য কৰে এয়া পৱিত্ৰ গছপুলি আছিল, যাক ৰাজ্য-ভাগ্য দিছিলোঁ তেওঁলোকে আকৌ মোৰ বৃত্তিকে পাহৰি গ’ল। এতিয়া যদি আকৌ তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব বিচৰা তেন্তে মোক পিতাক স্মৰণ কৰা তেতিয়া সকলো পাপ খণ্ডন হ'ব। কিন্তু স্মৃতিতো থাকিব নোৱাৰে, বাৰে বাৰে কয় - বাবা আমি পাহৰি যাওঁ। হেৰ’, তোমালোক যদি স্মৃতিত নাথাকা তেন্তে পাপ কেনেকৈ খণ্ডন হ'ব? এটাতো তোমালোক বিকাৰগ্ৰস্ত হৈ পতিত হ’লা আৰু দ্বিতীয়তে পিতাক গালি দিবলৈ লাগি গ’লা। মায়াৰ সংগত তোমালোক ইমান অৱনমিত হৈ গ’লা যে যিয়ে তোমালোকক অতি উচ্চলৈ লৈ গ’ল তেওঁক পাথৰ-শিলগুটিত বিৰাজমান বুলি কৈ দিলা। মায়াৰ সংগত পৰি তোমালোকে এনেকুৱা কাম কৰিছা! বুদ্ধিত উদয় হ’ব লাগে নহয়। একেবাৰে পাথৰবুদ্ধিৰতো হ’ব নালাগে। পিতাই নিতৌ কয় - মই তোমালোকক অতি উত্তম কথা শুনাওঁ।

যেনেকৈ বোম্বাইত (এতিয়া মুম্বাই) সংগঠন হওঁতে তাত ক’ব পাৰি যে পিতাই কয় - হে ভাৰতবাসী, তোমালোকক মই ৰাজ্য-ভাগ্য দিলোঁ। তোমালোক দেৱতাসকল স্বৰ্গত আছিলা পুনৰ তোমালোক ৰাৱণৰাজ্যলৈ কেনেকৈ আহিলা, এয়াও ড্ৰামাত ভূমিকা আছে। তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক বুজিলেহে উচ্চ পদ পাব পাৰিবা। আৰু মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। যদিও ইয়াত সকলো বহি আছে তথাপিও কৰোবাৰ বুদ্ধি ক’ৰবাত, কাৰোবাৰ বুদ্ধি আন ক’ৰবাত। বুদ্ধিত উদয় হ’ব লাগে - আমি ক’ত আছিলোঁ, এতিয়া আমি পৰৰ ৰাৱণৰাজ্যত আহি পালোঁ, গতিকে কিমান দুখী হৈছোঁ। আমি শিৱালয়ততো বহুত সুখী আছিলোঁ। এতিয়া পিতা বেশ্যালয়ৰ পৰা মুক্ত কৰিবলৈ আহিছে, তথাপিও ওলায়ে নাহে। পিতাই কয় - তোমালোক শিৱালয়লৈ যাবা তেতিয়া তাত এই বিহ নাপাবা। ইয়াৰ অশুদ্ধ ভোজন তাত নোপোৱা। এওঁলোকতো বিশ্বৰ মালিক আছিল নহয়। এওঁলোক আকৌ ক’লৈ গ’ল? পুনৰায় নিজৰ ৰাজ্য-ভাগ্য লৈ আছে। কিমান সহজ। এয়াতো পিতাই বুজায়, সকলো সেৱাৰ যোগ্য নহ’ব। ক্ৰমানুসৰি ৰাজধানী স্থাপনা কৰিব লাগে, যেনেকৈ 5 হাজাৰ বছৰ পূৰ্বে কৰিছিলা। সতোপ্ৰধান হ’ব লাগে, পিতাই কয় - এইখন হৈছে তমোপ্ৰধান পুৰণি সৃষ্টি। একেবাৰে সঠিককৈ যেতিয়া পুৰণি হ’ব তেতিয়াইতো পিতা আহিব নহয়। পিতাৰ বাহিৰেতো অন্য কোনেও বুজাব নোৱাৰে। ভগৱানে এই ৰথৰ দ্বাৰা আমাক পঢ়াই আছে, এইটোও যদি স্মৃতিত থাকে তেন্তে বুদ্ধিত জ্ঞান আছে। তেতিয়া আনকো বুজাই নিজৰ সমান কৰি তুলিব। পিতাই বুজায় প্ৰথমেতো তোমালোকৰ আসুৰিক চৰিত্ৰ আছিল, যি কাচিৎহে শুধৰণি হয়। চকুৰ আসুৰিকতা আঁতৰিয়ে নাযায়। এটাতো হৈছে কাম বিকাৰৰ আসুৰিকতা সেয়াও কাচিৎহে আঁতৰ হয় আকৌ লগতে 5 বিকাৰ আছে। ক্ৰোধৰ আসুৰিকতাও কিমান আছে। বহি থাকোঁতেই ভূত আহি যায়। এয়াও আসুৰিকতাই হ’ল। সভ্যতো হোৱা নাই। ফলাফল কি হ’ব! এশ গুণ পাপ বাঢ়ি যাব। বাৰে বাৰে ক্ৰোধ কৰি থাকিব। পিতাই বুজায় - তোমালোক এতিয়া ৰাৱণ ৰাজ্যততো নাই নহয়। তোমালোকতো ঈশ্বৰৰ ওচৰত বহি আছা। গতিকে এই বিকাৰবোৰৰ পৰা মুক্ত হোৱাৰ প্ৰতিজ্ঞা কৰিব লাগে। পিতাই কয় - এতিয়া মোক স্মৰণ কৰা। ক্ৰোধ নকৰিবা। 5 বিকাৰে তোমালোকক আধাকল্প অধঃপতিত কৰি আহিছে। সকলোতকৈ উচ্চ তোমালোক আছিলা। সকলোতকৈ বেছি অধঃপতিতও তোমালোকেই হৈছা। এই 5 ভূতে তোমালোকক অধঃপতিত কৰিলে। এতিয়া শিৱালয়লৈ যাবলৈ এই বিকাৰবোৰ আঁতৰাব লাগে। এই বেশ্যালয়ৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই থাকা। পিতাক স্মৰণ কৰি থাকিলে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। তোমালোক ঘৰ পাবাগৈ অন্য কোনেও এই ৰাস্তা দেখুৱাব নোৱাৰে। ভগৱানুবাচ, মইতো কেতিয়াও কোৱা নাই যে মই সৰ্বব্যাপি। মইতো ৰাজযোগ শিকাইছোঁ আৰু কৈছোঁ যে তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ তাৰপাছত তাত এই জ্ঞানৰ দৰকাৰেই নাথাকে। মনুষ্যৰ পৰা দেৱতা হৈ যায়, তোমালোকে উত্তৰাধিকাৰ পাই যোৱা। ইয়াত হঠযোগ আদিৰ কথা নাই। নিজক আত্মা বুলি বুজা, নিজক শৰীৰ বুলি কিয় ভাবা। শৰীৰ বুলি ভাবিলে জ্ঞান ধাৰণ কৰিব নোৱাৰিবা। এয়াও নিয়তি (ড্ৰামা অনুসৰি হ’বলগীয়া)। তোমালোকে বুজি পোৱা যে আমি ৰাৱণৰাজ্যত আছিলোঁ, এতিয়া ৰামৰাজ্যলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছোঁ। এতিয়া আমি হৈছোঁ পুৰুষোত্তম সংগমযুগবাসী।

লাগিলে গৃহস্থালিতে থাকা। ইমানবিলাক ইয়াত ক’ত থাকিব। ব্ৰাহ্মণ হৈ সকলো ইয়াত ব্ৰহ্মাৰ ওচৰতো থাকিব নোৱাৰে। নিজৰ ঘৰতেই থাকিব লাগে আৰু বুদ্ধিৰে বুজিব লাগে - আমি শূদ্ৰ নহয়, আমি ব্ৰাহ্মণ। ব্ৰাহ্মণৰ টিকনি কিমান চুটি। গতিকে গৃহস্থালিত থাকি, শৰীৰ নিৰ্বাহৰ কাৰণে পেছাগত কাম-কাজ আদি কৰি কেৱল পিতাক স্মৰণ কৰা। আমি কি আছিলোঁ, এতিয়া আমি আনৰ ৰাজ্যত বহি আছোঁ। আমি কিমান দুখী আছিলোঁ। এতিয়া বাবাই আমাক পুনৰ লৈ যায় গতিকে গৃহস্থালিত থাকি সেইটো অৱস্থা গঢ়ি তুলিব লাগে। আৰম্ভণিত কিমান ডাঙৰ ডাঙৰ বৃক্ষ আহিল, আকৌ তাৰ মাজৰ কোনোবা থাকিল, বাকী গুচি গ’ল। তোমালোকৰ বুদ্ধিত আছে আমি নিজৰ ৰাজ্যত আছিলোঁ তাৰপাছত এতিয়া ক’ত আহি পালোঁহি। পুনৰ নিজৰ ৰাজ্যলৈ যাওঁ। তোমালোকে লিখা, কোৱা বাবা অমুক বহুত ভাল নিয়মীয়া আছিল কিন্তু এতিয়া নাহে। যদি নাহে তেন্তে বিকাৰগ্ৰস্ত হৈ অৱনমিত হ’ল। তেনেহ’লে জ্ঞানৰ ধাৰণা হ’ব নোৱাৰে। উন্নতিৰ পৰিৱৰ্তে পতিত হৈ হৈ পাই-পইচাৰ পদ পাবগৈ। ক’ত ৰজা, ক’ত নীচ পদ! যদিও সুখ তাত থাকেই, কিন্তু পুৰুষাৰ্থ কৰা হয় উচ্চ পদ পোৱাৰ বাবে। ডাঙৰ পদবী কোনে পাব পাৰে? এয়াতো সকলোৱে বুজিব পাৰে, এতিয়া সকলোৱে পুৰুষাৰ্থ কৰি আছে। ৰজা মহেন্দ্ৰয়ো (ভূপালৰ ৰজা) পুৰুষাৰ্থ কৰি আছে। সেই ৰজাতো হৈছে পাই-পইচাৰ, তোমালোকতো সূৰ্যবংশী ৰাজধানীলৈ যাবা। পুৰুষাৰ্থ এনেকুৱা হ’ব লাগে যাতে বিজয় মালাত যাব পাৰা। পিতাই সন্তানসকলক বুজায় - নিজৰ অন্তৰত পৰীক্ষা কৰি থাকিব লাগে - মোৰ দুচকু ক’ৰবাত আসুৰিকতো নহয়? যদি সভ্য হৈ যায় তেন্তে বাকী কি লাগে। বিকাৰগ্ৰস্ত যেনিবা নহয় কিন্তু চকুৱে কিবা নহয় কিবা প্ৰতাৰণা কৰি থাকে। এক নম্বৰ হৈছে কাম, আসুৰিক দৃষ্টি বৰ বেয়া সেইবাবে নামেই হৈছে কু-দৃষ্টি, সু-দৃষ্টি। বেহদৰ পিতাই সন্তানসকলকতো জানে নহয় - এওঁ কি কাম কৰে, কিমান সেৱা কৰে? অমুকৰ আসুৰিক দৃষ্টি এতিয়াও আঁতৰা নাই, এতিয়াও এনেকুৱা গুপ্ত সংবাদ আহে। আগলৈ গৈ আৰু সঠিককৈ লিখিব। নিজেও অনুভৱ কৰিব মইতো ইমান সময় মিছা কৈ, অধঃপতিত হৈ আহিলোঁ। জ্ঞান পূৰা বুদ্ধিত ধাৰণ হোৱা নাছিল। এইটোৱেই কাৰণ আছিল যাৰ বাবে মোৰ অৱস্থা উন্নতি হোৱা নাছিল। পিতাৰ পৰা মই লুকুৱাইছিলোঁ। এনেকৈ বহুতে লুকুৱায়। ‘ছাৰ্জন’ৰ পৰা 5 বিকাৰৰ বেমাৰ লুকুৱাব নালাগে, সঁচা ক’ব লাগে - মোৰ বুদ্ধি এইফালে যায়, শিৱবাবাৰ ফালে নাযায়। নক’লে সেয়া বৃদ্ধি হৈ গৈ থাকে। এতিয়া পিতাই বুজায় - সন্তানসকল, দেহী-অভিমানী হোৱা, নিজক আত্মা বুলি বুজা। আত্মা ভাই ভাই। তোমালোক যেতিয়া পূজ্য আছিলা তেতিয়া কিমান সুখী আছিলা। এতিয়া পূজাৰী দুখী হৈ গৈছা। তোমালোকৰ কি হৈ গ’ল! সকলোৱে কয় - এই গৃহস্থ আশ্ৰমতো পৰম্পৰাগতভাৱে চলি আহিছে। ৰাম-সীতাৰ সন্তান নাছিল জানো! কিন্তু তাত বিকাৰৰ দ্বাৰা সন্তান নহয়। হেৰ’, সেইখনতো হয়েই সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি। তাত ভ্ৰষ্টাচাৰৰ দ্বাৰা জন্ম নহয়, বিকাৰ নাছিল। তাত এই ৰাৱণৰাজ্য নাথাকেই, সেয়াতো হৈছে ৰামৰাজ্য। তাত ৰাৱণ ক’ৰ পৰা আহিল। মনুষ্যৰ বুদ্ধি একেবাৰেই ভ্ৰষ্ট হৈ গৈছে। কোনে কৰিলে? মই তোমালোকক সতোপ্ৰধান কৰি তুলিছিলোঁ, তোমালোকৰ নাও পাৰ কৰাইছিলোঁ, আকৌ তোমালোকক তমোপ্ৰধান কোনে কৰিলে? ৰাৱণে। এয়াও তোমালোকে পাহৰি গৈছা। এনেকৈ কয় - এয়াতো পৰম্পৰাগতভাৱে চলি আহিছে, হেৰ’, পৰম্পৰা কেতিয়াৰ পৰা? তাৰ হিচাপতো কোৱা। একোৱে বুজি নাপায়। পিতাই বুজায় - তোমালোকক কিমান ৰাজ্য-ভাগ্য দি গ’লোঁ। তোমালোক ভাৰতবাসী বহুত আনন্দত আছিলা, আন কোনো নাছিলেই। খ্ৰীষ্টানসকলেও কয় – ‘পেৰাডাইজ্‌’ (স্বৰ্গ) আছিল, দেৱতাসকলৰ চিত্ৰও আছে, তাতকৈ কোনো পুৰণা বস্তুতো নাই। পুৰণিতকৈ পুৰণি এই লক্ষ্মী-নাৰায়ণ হ’ব নে তেওঁলোকৰ কোনো বস্তু হ’ব। সকলোতকৈ পুৰণিতকৈও পুৰণি হৈছে শ্ৰীকৃষ্ণ। নতুনতকৈও নতুনো শ্ৰীকৃষ্ণই আছিল। পুৰণি বুলি কিয় কয়? কিয়নো অতীত হৈ গ’ল নহয়। তোমালোকেই বগা (পাৱন) আছিলা আকৌ শ্যামবৰণীয়া (পতিত) হ’লা। শ্যামবৰণীয়া কৃষ্ণকো দেখি বহুত আনন্দিত হয়। দোলনাতো শ্যামবৰণীয়াজনক দোলাব। তেওঁলোকে কি গম পায় যে বগা কেতিয়া আছিল। কৃষ্ণক কিমান মৰম কৰে! ৰাধাই কি কৰিলে?

পিতাই কয় - তোমালোক ইয়াত সত্যৰ সংগত বহি আছা, বাহিৰৰ কুসংগত গ’লে আকৌ পাহৰি যোৱা। মায়া বহুত প্ৰৱল, গজক (হাতীক) গ্ৰাহে (ঘঁৰিয়ালে) গিলি পেলায়। এনেকুৱাও আছে যি এতিয়াই যেন আঁতৰি গুচি যাব। অলপো নিজৰ অহংকাৰ আহিলে বেছিকৈহে সৰ্বনাশ কৰি দিয়ে। বেহদৰ পিতাইতো বুজাই থাকিব। ইয়াত অসন্তুষ্ট হ’ব নালাগে। বাবাই এনেকৈ কিয় ক’লে, মোৰ সন্মান হানি হ’ল! হেৰ’ সন্মানতো ৰাৱণৰ ৰাজ্যত শেষ হৈয়েই গৈছে। দেহ-অভিমানত আহিলে নিজৰে লোকচান কৰি দিব। পদ ভ্ৰষ্ট হৈ যাব। ক্ৰোধ, লোভো হৈছে আসুৰিক দৃষ্টি। চকুৰে বস্তু দেখে, তেতিয়াইতো লোভ জাগে।

পিতা আহি নিজৰ বাগিছাৰ ফালে চায় - অনেক প্ৰকাৰৰ ফুল আছে। ইয়াৰ পৰা গৈ আকৌ সেই বাগিচাত ফুলবোৰক চায়। শিৱবাবাক ফুলো যথাযথ অৰ্পণ কৰে। তেওঁতো হৈছে নিৰাকাৰ, চৈতন্য ফুল। তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি এনেকুৱা ফুল হোৱাগৈ। বাবাই কয় - মৰমৰ সন্তানসকল, যি হৈ গ’ল তাক ড্ৰামা বুলি বুজা। সেই বিষয়ে নাভাবিবা। কিমান পৰিশ্ৰম কৰে, হওঁতে একোৱেই নহয়, তিষ্ঠি নাথাকে। হেৰ’, প্ৰজাও লাগে নহয়। অলপো যদি শুনে তেন্তে তেওঁ প্ৰজা হৈ গ’ল। প্ৰজাতো অনেক হ’ব। জ্ঞান কেতিয়াও বিনাশ নহয়। এবাৰ যদি শুনে যে এয়া শিৱবাবা, সেয়াও যথেষ্ট, প্ৰজাত আহি যাব। ভিতৰি তোমালোকৰ এইটো স্মৃতি উদয় হ’ব লাগে যে আমি যি ৰাজ্যত আছিলোঁ, সেয়া পুনৰ এতিয়া প্ৰাপ্ত কৰি আছোঁ। তাৰ বাবে পূৰা পুৰুষাৰ্থ কৰিব লাগে। একেবাৰে সঠিক সেৱা চলি আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শিৱবালয়লৈ যাবলৈ এই বিকাৰবোৰ এৰিব লাগে। এই বেশ্যালয়ৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই গৈ থাকিব লাগে। শূদ্ৰৰ সংগৰ পৰা কাষৰীয়া হৈ থাকিব লাগে।

(2) যি পাৰ হৈ গ'ল সেয়া ড্ৰামা বুলি বুজি কোনো বিচাৰ চলাব নালাগে। অহংকাৰত কেতিয়াও আহিব নালাগে। শিক্ষা দিলে কেতিয়াও অসন্তুষ্ট হ’ব নালাগে।

বৰদান:
আনন্দৰ সম্পদেৰে সম্পন্ন হৈ দুখী আত্মাসকলক আনন্দ দান দিওঁতা পুণ্য আত্মা হোৱা

এই সময়ত সৃষ্টিত সকলো সময়তে দুখ আৰু তোমালোকৰ ক্ষেত্ৰত সকলো সময়তে আনন্দ। গতিকে দুখী আত্মাসকলক আনন্দ দিয়া - এয়া সকলোতকৈ শ্ৰেষ্ঠ পুণ্য। জগতৰ লোকে আনন্দৰ বাবে কিমান সময়, সম্পত্তি খৰচ কৰে আৰু তোমালোকে সহজে অৱিনাশী আনন্দৰ সম্পদ পাই গ’লা। এতিয়া কেৱল যি প্ৰাপ্তি হৈছে সেয়া বিলাই যোৱা। বিলাই দিয়া মানে বৃদ্ধি কৰা। যিয়েই সম্বন্ধত আহে তেওঁ যাতে অনুভৱ কৰে যে এওঁৰ কিবা শ্ৰেষ্ঠ প্ৰাপ্তি হৈছে যাৰ বাবে আনন্দিত হৈ আছে।

স্লোগান:
অনুভৱী আত্মা কেতিয়াও কোনো কথাত প্ৰতাৰিত হ’ব নোৱাৰে, তেওঁ সদায় বিজয়ী হৈ থাকে।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যিমানেই পৰিস্থিতি নাহক, দুখৰ অবিদ্যা হোৱা। নিজৰ সুখৰ সাগৰৰ পৰা প্ৰাপ্ত হোৱা অধিকাৰৰ দ্বাৰা দুখজনক পৰিস্থিতিতো বাঃ মিঠা ড্ৰামা! বাঃ প্ৰত্যেক ভাৱৰীয়াৰ ভূমিকা! এই জ্ঞানৰ আলোকেৰে, অধিকাৰৰ আনন্দেৰে দুখক আনন্দলৈ পৰিৱৰ্তন কৰি দিয়া। অধিকাৰেৰে দুখৰ অন্ধকাৰ পৰিৱৰ্তন কৰি মাষ্টৰ সুখদাতা হৈ স্বয়ং সুখৰ দোলনাত দুলি থাকি আনকো সুখৰ প্ৰকম্পন দিয়াৰ নিমিত্ত হোৱা।