20.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আহিছে তোমালোকক এই পাপৰ সৃষ্টিৰ পৰা উলিয়াই সুখ-শান্তিৰ সৃষ্টিলৈ লৈ যাবলৈ,
পিতাৰ দ্বাৰা তোমালোকে সুখ-শান্তিৰ দুটি উপহাৰ পোৱা”
প্ৰশ্ন:
গোটেই সৃষ্টিত
সঁচা সন্ন্যাসিনী তোমালোক হোৱা, সঁচা সন্ন্যাসিনী বুলি কাক কোৱা হ'ব?
উত্তৰ:
সঁচা সন্ন্যাসিনী তেওঁলোক যাৰ বুদ্ধিত এজনৰ স্মৃতি থাকে অৰ্থাৎ এজনৰ বাহিৰে কোনো
নাই। তেওঁলোকে যদিওবা নিজক সন্ন্যাসিনী বুলি কয় কিন্তু তেওঁলোকৰ বুদ্ধিত একমাত্ৰ
যীশুখ্ৰীষ্টৰ স্মৃতি নাথাকে, যীশুখ্ৰীষ্টকো ভগৱানৰ সন্তান বুলি ক'ব। গতিকে তেওঁলোকৰ
বুদ্ধিত দুজন আছে আৰু তোমালোকৰ বুদ্ধিত এজন পিতা আছে সেয়েহে তোমালোক সঁচা
সন্ন্যাসিনী হোৱা। তোমালোকৰ প্ৰতি পিতাৰ নিৰ্দেশনা আছে পৱিত্র হৈ থাকিব লাগে।
গীত:
ইচ পাপ কি
দুনীয়া ছে……. (এই পাপৰ সৃষ্টিৰ পৰা.......)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটি শুনিলে। কোনে শুনিলে? আত্মাসকলে। আত্মাক পৰমাত্মা বুলি ক’ব নোৱাৰি।
মনুষ্যক ভগৱান বুলি ক’ব নোৱাৰি। বাৰু এতিয়া তোমালোক হৈছা ব্ৰাহ্মণ। তোমালোকক এতিয়া
দেৱতা বুলি কোৱা নহয়। ব্ৰহ্মাকো দেৱতা বুলি ক'ব নোৱাৰি। যদিওবা কয় - ব্ৰহ্মা দেৱতায়ে
নমঃ, বিষ্ণু দেৱতায়ে নমঃ.... কিন্তু ব্ৰহ্মা আৰু বিষ্ণুৰ মাজততো বহুত পাৰ্থক্য আছে।
বিষ্ণুক দেৱতা বুলি কোৱা হয়, ব্ৰহ্মাক দেৱতা বুলি ক’ব নোৱাৰে কিয়নো তেওঁ হৈছে
ব্ৰাহ্মণসকলৰ পিতা। ব্ৰাহ্মণসকলক দেৱতা বুলি ক’ব নোৱাৰি। এতিয়া এই কথাবোৰ কোনো
মনুষ্যই, মনুষ্যক বুজাব নোৱাৰে, ভগৱানেহে বুজায়। মনুষ্যইতো অন্ধশ্ৰদ্ধাত যি আহে
তাকেই কৈ দিয়ে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা - আত্মিক পিতাই আমাক সন্তানসকলক
পঢ়াই আছে। নিজক আত্মা বুলি বুজিব লাগে। মই আত্মাই এইটো শৰীৰ লওঁ। মই আত্মাই 84 জন্ম
লৈছোঁ। যেনেকুৱা যেনেকুৱা কৰ্ম কৰে তেনেকুৱা শৰীৰ প্ৰাপ্ত হয়। শৰীৰৰ পৰা আত্মা পৃথক
হৈ গ’লে তেতিয়া আৰু শৰীৰৰ প্ৰতি স্নেহ নাথাকে। আত্মাৰ প্ৰতি স্নেহ থাকে। আত্মাৰ
প্ৰতিও স্নেহ তেতিয়া হয় যেতিয়া আত্মা শৰীৰত থাকে। মৃতকৰ আত্মাক মনুষ্যই আহ্বান জনায়,
সেই আত্মাটিৰ শৰীৰতো শেষ হৈ গ'ল তথাপি আত্মাক স্মৰণ কৰে সেয়েহে ব্ৰাহ্মণৰ শৰীৰত
আহ্বান জনায়। কয় অমুকৰ আত্মা আহক, আহি এই ভোজন খাওঁক। তাৰমানে আত্মাৰ প্ৰতি মোহ থাকে।
কিন্তু প্ৰথমে শৰীৰৰ প্ৰতি মোহ আছিল, সেই শৰীৰৰ স্মৃতিত আহিছিল। এনেকৈ নাভাবে যে আমি
আত্মাক আহ্বান জনাওঁ। আত্মাইহে সকলোবোৰ কৰে। আত্মাতেই ভাল বা বেয়া সংস্কাৰ থাকে।
পোন-প্ৰথমে হৈছে দেহ-অভিমান আকৌ তাৰপাছত অন্য বিকাৰসমূহ আহে। সকলোকে মিলাই কোৱা হয়
বিকাৰী। যাৰ এই বিকাৰ নাই তেওঁলোকক নিৰ্বিকাৰী বুলি কোৱা হয়। এইটোতো বুজি পোৱা
যথাযথ ভাৰতত যেতিয়া দেৱী-দেৱতাসকল আছিল তেতিয়া তেওঁলোকৰ দৈৱী গুণ আছিল। এই
লক্ষ্মী-নাৰায়ণৰ হয়েই দেৱী-দেৱতা ধৰ্ম। যেনেকৈ খ্ৰীষ্টান ধৰ্মত পুৰুষ অথবা মহিলা
সকলো খ্ৰীষ্টিয়ান হয়। এইটোও কোৱা হয় দেৱী-দেৱতা। ৰজা-ৰাণী, প্ৰজা সকলো দেৱী-দেৱতা
ধৰ্মৰ হয়। এইটো বহুত উচ্চ সুখ দিওঁতা ধৰ্ম। সন্তানসকলে গীতটিও শুনিলে, এয়া আত্মাই
ক’লে যে বাবা এনেকুৱা ঠাইলৈ লৈ যাওক য'ত মই সুখ-শান্তি পাওঁ। সেয়াতো হৈছে সুখধাম আৰু
শান্তিধাম। ইয়াত বহুত দুখ-অশান্তি। সত্যযুগত দুখ-অশান্তি নাথাকে। আত্মাই জানে বাবাৰ
অবিহনে কোনেও সুখ-শান্তিৰ সৃষ্টিলৈ লৈ যাব নোৱাৰে। পিতাই কয় - মুক্তি আৰু জীৱনমুক্তি
এই দুটা উপহাৰ মই কল্পই কল্পই লৈ আহোঁ। কিন্তু তোমালোকে পাহৰি যোৱা, ড্ৰামাত
পাহৰিবলগীয়াই আছে। সকলো পাহৰি গ’লে তেতিয়াহে মই আহিম। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা,
তোমালোকৰ নিশ্চয়তা আছে যে আমি 84 জন্ম লৈছোঁ। যিসকলে সম্পূৰ্ণ জ্ঞান ধাৰণ নকৰিব
তেওঁলোকে প্ৰথমে নতুন সৃষ্টিতো নাহিব। ত্ৰেতা বা ত্ৰেতাৰ অন্তিমত আহি যাব। গোটেই
সাৰ পুৰুষাৰ্থৰ ওপৰত। সত্যযুগত সুখ আছিল, এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। বাৰু ইয়াৰ
আগৰ জন্মত এওঁলোক কোন আছিল, কোনেও গম নাপায়। আগৰ জন্মত এওঁলোক ব্ৰাহ্মণ আছিল। তাৰ
আগতে শূদ্ৰ আছিল। বৰ্ণৰ ওপৰত তোমালোকে ভালদৰে বুজাব পাৰা।
এতিয়া তোমালোকে বুজি
পোৱা যে 21 জন্মৰ কাৰণে সুখ-শান্তি পাম। বাবাই আমাক সেইটো ৰাস্তা দেখুৱাই আছে। আমি
এতিয়া পতিত সেয়েহে অশান্ত, দুখী। য'ত আৰাম আছে তাক সুখ-শান্তি বুলি কোৱা হ’ব। গতিকে
এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আদি-মধ্য-অন্তৰ জ্ঞান আছে। বুজি পোৱা যে যথাযথ
সত্যযুগত ভাৰত কিমান সুখী আছিল। দুখ অথবা অশান্তিৰ নাম নাছিল। এতিয়া তোমালোকে
পুৰুষাৰ্থ কৰি আছা স্বৰ্গলৈ যাবৰ কাৰণে। এতিয়া তোমালোক হৈছা ঈশ্বৰীয় সম্প্ৰদায়ৰ আৰু
তেওঁলোক হৈছে আসুৰিক সম্প্ৰদায়ৰ। এনেকৈ কয় নহয় - পাপ আত্মা। আত্মা অনেক আছে,
পৰমাত্মা এজন। সকলো ভাই ভাই, সকলো পৰমাত্মা হ'ব নোৱাৰে। ইমান সাধাৰণ কথাটিও মনুষ্যৰ
বুদ্ধিত নাই। বাবাই বুজাইছে - এই গোটেই সৃষ্টিখন এটা ডাঙৰ বেহদৰ দ্বীপ, সেইবোৰ সৰু
সৰু দ্বীপ। এই বেহদৰ দ্বীপত এতিয়া ৰাৱণৰ ৰাজ্য। এই কথাবোৰ মনুষ্যই বুজি নাপায়।
তেওঁলোকেতো কেৱল কাহিনী শুনাই থাকে। কাহিনীক জ্ঞান বুলি কোৱা নহয়। তাৰ দ্বাৰা
মনুষ্যই সৎগতি পাব নোৱাৰে। জ্ঞানৰ দ্বাৰা সৎগতি পোৱা যায়। জ্ঞান দিওঁতা হৈছে
একমাত্ৰ পিতা, আন কোনো নাই। ভক্তসকলক ভগৱানেহে আহি ৰক্ষা কৰে। মনুষ্যই মনুষ্যক ৰক্ষা
কৰিব নোৱাৰে। শিৱবাবাই সকলো সন্তানক উত্তৰাধিকাৰ দিয়ে। তেওঁ পিতাও হয়, শিক্ষকো হয়,
সৎগুৰুও হয়। উকিল, বেৰিষ্টাৰো হয় কিয়নো তেওঁ মৃত্যুৰ দানৱৰ শাস্তিৰ পৰা মুক্তি
কৰোঁতা হয়। সত্যযুগত কোনেও কাৰাগাৰত নাযাব। পিতাই সকলোকে কাৰগাৰৰ পৰা মুক্ত কৰায়।
সন্তানসকলৰ সৰ্বশ্ৰেষ্ঠ সকলো মনোকামনা পূৰা হয়। ৰাৱণৰ দ্বাৰা অশুদ্ধ কামনা পূৰা হয়।
পিতাৰ দ্বাৰা শুদ্ধ কামনা পূৰা হয়। শুদ্ধ কামনা পূৰা হোৱাৰ বাবে তোমালোক সদায় সুখী
হৈ যোৱা। অশুদ্ধ কামনা হৈছে – পতিত বিকাৰী হোৱা। পাৱন হৈ থকাসকলক ব্ৰহ্মচাৰী বুলি
কোৱা হয়। তোমালোকো পৱিত্ৰ হৈ থাকিব লাগে। পৱিত্ৰ হ’ব লাগে আৰু পৱিত্ৰ সৃষ্টিৰ মালিক
হ’ব লাগে। পতিতৰ পৰা পাৱন একমাত্ৰ পিতাইহে কৰি তোলে। সাধু-সন্ত আদিতো বিকাৰৰ দ্বাৰা
জন্ম হয়, দেৱতাসকলৰ কাৰণে জানো এনেকৈ কয়। তাত বিকাৰ নাথাকেই। সেইখনতো হয়েই পাৱন
সৃষ্টি। লক্ষ্মী-নাৰায়ণ সম্পূৰ্ণ নিৰ্বিকাৰী আছিল, ভাৰত পৱিত্ৰ আছিল। এয়া এতিয়া
তোমালোকে বুজি পোৱা। সত্যযুগত পৱিত্ৰতা আছিল সেয়েহে শান্তি সমৃদ্ধি আছিল, সকলো সুখী
আছিল, ৰাৱণ ৰাজ্য যেতিয়াৰ পৰা আৰম্ভ হ’ল তেতিয়াৰ পৰা অৱনমিত হৈ আহিছে। এতিয়াতো কোনো
কামৰ হৈ নাথাকিল। একেবাৰে কড়িতুল্য হৈ গ’ল। এতিয়া হীৰাতুল্য পিতাৰ দ্বাৰা হোৱা।
ভাৰতত যেতিয়া সত্যযুগ আছিল তেতিয়া হীৰাতুল্য আছিল। এতিয়াতো কড়িতুল্য হৈ গৈছে। নিজৰ
ধৰ্মকেই কোনেও গম নাপায়। পাপ কৰি থাকে। তাততো পাপৰ নাম নাই। তোমালোক দেৱী-দেৱতা
ধৰ্মৰ প্ৰসিদ্ধ হোৱা, দেৱতাসকলৰ অনেক চিত্ৰ আছে। অন্য ধৰ্মত দেখিবা এজনৰেই চিত্ৰ
থাকে, খ্ৰীষ্টিয়ানসকলৰ ওচৰত একমাত্ৰ যীশুখ্ৰীষ্টৰে চিত্ৰ থাকিব। বৌদ্ধিসকলৰ ওচৰত
একমাত্ৰ বুদ্ধৰ। খ্ৰীষ্টিয়ানসকলে যীশুখ্ৰীষ্টকেই স্মৰণ কৰে, তেওঁলোকক সন্ন্যাসিনী
বুলি কোৱা হয়। সন্ন্যাসিনী মানে যীশুখ্ৰীষ্টৰ বাহিৰে আন কোনো নাই সেইকাৰণে কয় –
যীশুখ্ৰীষ্টৰ বাহিৰে কোনো নাই, ব্ৰহ্মচাৰী হৈ থাকে। তোমালোকো সন্ন্যাসিনী হোৱা।
তোমালোক নিজৰ গৃহস্থ ব্যৱহাৰত থাকি সন্ন্যাসিনী হোৱা। একমাত্ৰ পিতাকেই স্মৰণ কৰা।
এজনৰ বাহিৰে কোনো নাই, একমাত্ৰ শিৱবাবা দ্বিতীয় কোনো নাই। তেওঁলোকৰ বুদ্ধিত তথাপিও
দুজন আহি যায়। যীশুখ্ৰীষ্টৰ কাৰণেও বুজিব যে তেওঁ ঈশ্বৰৰ সন্তান আছিল। কিন্তু
তেওঁলোকৰ ঈশ্বৰৰ জ্ঞান নাই। তোমালোক সন্তানসকলৰ জ্ঞান আছে, গোটেই সৃষ্টিত এনেকুৱা
কোনো নাই যাৰ পৰমাত্মাৰ জ্ঞান আছে। পৰমাত্মা ক’ত নিবাস কৰে, কেতিয়া আহে, তেওঁৰ কি
ভূমিকা চলে, এয়া কোনেও নাজানে। ভগৱানক সৰ্বজ্ঞ বুলি কয়। এনেকৈ ভাবে যে তেওঁ আমাৰ
অন্তৰৰ কথা জানে। পিতাই কয় – মই নাজানো, মোৰ কি প্ৰয়োজন যে বহি প্ৰত্যেকৰে অন্তৰৰ
কথাৰ বুজ ল’ম, মই আহিছোঁৱেই পতিতসকলক পাৱন কৰি তুলিবলৈ। যদি কোনোবা পৱিত্ৰ হৈ নাথাকে,
মিছা কথা কয় তেন্তে নিজৰে লোকচান কৰিব। গায়ন কৰা হৈছে – দেৱতাসকলৰ সভাত গৈ অসুৰ
বহিছিল। তাত অমৃত বিলোৱা হৈছিল, কোনোবা যদি বিকাৰত গৈ আকৌ গোপনে আহি বহে তেন্তে তেওঁ
অসুৰ হ’ল নহয়। নিজেই নিজৰ পদ ভ্ৰষ্ট কৰি দিব। প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থ কৰিব লাগে।
নহ’লেতো নিজৰেই সৰ্বনাশ কৰে। বহুত এনেকুৱা আছে যিয়ে গোপনে আহি বহি যায়। কয় - মই জানো
বিকাৰগ্ৰস্ত হওঁ, কিন্তু বিকাৰগ্ৰস্ত হৈ থাকে। এয়া হৈছে নিজকে ঠগা। নিজৰেই সৰ্বনাশ
কৰে। পৰমপিতা পৰমাত্মা, যাৰ সোঁহাত ধৰ্মৰজা তেওঁৰ আগত মিছা ক’লেতো নিজেই দণ্ডৰ
ভাগীদাৰ হৈ যায়। বহুত সেৱাকেন্দ্ৰতো এনেকুৱা হয়। বাবা যেতিয়া প্ৰথম বাৰ দিল্লীলৈ
গৈছিল তেতিয়া নিতৌ এজন আহিছিল আৰু বিকাৰগ্ৰস্ত হৈ আছিল। সুধিছিল যদি পৱিত্ৰ হৈ
থাকিব নোৱাৰা তেন্তে আহা কিয়? কৈছিল – যদি নাহোঁ তেন্তে নিৰ্বিকাৰী কেনেকৈ হ’ম।
পৱিত্ৰতা ভাল লাগে কিন্তু থাকিবও নোৱাৰোঁ। অৱশেষততো সংশোধন হৈ যাম। নাহিলেতো নাও
একেবাৰে ডুবি যাব। আন কোনো ৰাস্তাই নাই সেইকাৰণে মই ইয়ালৈ আহিবলগীয়া হয়।
পিতাই বুজায় তুমি
বায়ুমণ্ডল নষ্ট কৰা, কিমানলৈকে এনেকৈ আহি থাকিবা। যিসকল পাৱন হয় তেওঁলোকৰ পতিতৰ
প্ৰতি যেন ঘৃণা ওপজে। কয় - বাবা এওঁৰ হাতেৰে খাবলৈও ভাল নালাগে। বাবাই যুক্তিও
শুনাইছে, খোৱা-বোৱাত সমস্যা হয়, এনেকুৱাতো নহয় চাকৰি এৰি দিবা, তেতিয়া যুক্তিৰে
চলিবলগীয়া হয়। কাৰোবাক বুজালেতো বিতুষ্ট হৈ যায়, পৱিত্ৰ হৈ কেনেকৈ থাকিম। এয়াতো
কেতিয়াও শুনা নাই। সন্ন্যাসীও থাকিব নোৱাৰে। যেতিয়া ঘৰ-সংসাৰ এৰি গুচি যায় তেতিয়াহে
পৱিত্ৰ হৈ থাকিব পাৰে। কিন্তু এইটো কোনেও নাজানে যে ইয়াত পতিত-পাৱন পৰমপিতা
পৰমাত্মাই পঢ়ায়। মানি নলয় সেইকাৰণে বিৰোধ কৰে। শিৱবাবা ব্ৰহ্মাৰ শৰীৰত আহে, কিবা
শাস্ত্ৰ দেখুৱাওক। এয়াতো গীতাত লিখা আছে - মই সাধাৰণ বৃদ্ধ তনত আহোঁ। তেওঁ নিজৰ
জন্মক নাজানে। এয়াতো লিখা আছে তেন্তে তোমালোকে কেনেকৈ কোৱা যে পৰমাত্মা কেনেকৈ
মনুষ্য তনত আহিব। পতিত তনতেই আহি ৰাস্তা দেখুৱাব নহয়। আগতেও আহিছিল আৰু কৈছিল –
মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। তেৱেঁই পৰমধামত থাকে আৰু কয় মামেকম্
স্মৰণ কৰা। শ্ৰীকৃষ্ণৰ শৰীৰতো মূললোকত নাথাকিব - যিয়ে ক'ব - মামেকম্ স্মৰণ কৰা।
একমাত্ৰ পৰমপিতা পৰমাত্মাইহে সাধাৰণ শৰীৰত প্ৰৱেশ কৰি তোমালোক সন্তানসকলক কয় -
মামেকম্ স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰে তোমালোকৰ পাপ খণ্ডন হৈ যাব সেইবাবেই মোক
পতিত-পাৱন বুলি কয়। পতিত-পাৱন নিশ্চয় আত্মাসকলৰ হ'ব নহয়। পতিততো আত্মাই হয়।
পিতাই কয় - তোমালোক
পৱিত্ৰ আত্মা 16 কলা সম্পূৰ্ণ আছিলা। এতিয়া কোনো কলা নাই, একেবাৰেই পতিত হৈ গ'লা।
মই কল্পই কল্পই আহি তোমালোকক বুজাওঁ। তোমালোক যিসকল কাম চিতাত বহি পতিত হৈ যোৱা আকৌ
জ্ঞান চিতাত বহুৱাই তোমালোকক পাৱন কৰি তোলোঁ। ভাৰতত পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল,
এতিয়া অপৱিত্ৰ প্ৰবৃত্তি মাৰ্গ। কাৰো সুখ-শান্তি নাই। এতিয়া পিতাই কয় - দুয়ো জ্ঞান
চিতাত বহা। প্ৰত্যেক আত্মাই নিজৰ নিজৰ কৰ্ম অনুযায়ী শৰীৰ লাভ কৰে। এনেকুৱা নহয় যে
পৰৱৰ্তী জন্মত সেই একেহাল পতি-পত্নীয়ে মিলিত হ'বগৈ। নহয়, ইমান দৌৰিব নোৱাৰে। এয়াতো
পঢ়াৰ কথা নহয় জানো। অজ্ঞান কালত হ'ব পাৰে, পৰস্পৰ বহুত প্ৰেম থাকিলে তেতিয়া
তেওঁলোকৰ মনোকামনা পূৰণ হ'ব পাৰে, সেয়াতো হ'ল পতিত বিকাৰী মাৰ্গ। স্বামীৰ লগত পত্নী
চিতাত বহে (সতীদাহ প্ৰথা)। পৰৱৰ্তী জন্মতো তেওঁৰ সৈতে মিলন হয়গৈ। কিন্তু পৰৱৰ্তী
জন্মত তেওঁলোকে জানো গম পাব। তোমালোকো বাবাৰ সৈতে জ্ঞান চিতাত বহা। এই ছিঃ ছিঃ শৰীৰ
এৰি গুচি যাবাগৈ। তোমালোকে এয়া এতিয়া গম পোৱা, তেওঁলোকেতো গম নাপায় যে আমি আগৰ
জন্মত এনেকুৱা লগৰী আছিলোঁ। তোমালোকৰো পাছত তাত (সত্যযুগত) এই কথাবিলাক স্মৃতিত
নাথাকিব। এতিয়া তোমালোকৰ বুদ্ধিত লক্ষ্য-উদ্দেশ্য আছে। মম্মা বাবা, লক্ষ্মী-নাৰায়ণ
হ'বগৈ। বিষ্ণু হৈছে দেৱতা। প্ৰজাপিতা ব্ৰহ্মাক দেৱতা বুলি ক’ব নোৱাৰি। ব্ৰহ্মায়ে
দেৱতা হয়গৈ। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা কেনেকৈ হয় - এয়া এতিয়া তোমালোকে
বুজি ল’লা। এতিয়া তোমালোকে জানা – সুখ-শান্তি কেৱল স্বৰ্গতহে থাকে। কোনোবা মৰিলে কয়
- স্বৰ্গলৈ গ'ল অৰ্থাৎ সুখ-শান্তিলৈ গ'ল। দুখ-অশান্তিত পতিতসকল থাকে। পিতাই তথাপিও
কয় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। বাকী হৈছে
বিস্তাৰত বুজিবলগীয়া কথা। পিতা জ্ঞানপূৰ্ণ হয় গতিকে তোমালোককো নিজৰ দৰে জ্ঞানপূৰ্ণ
কৰি তুলিব। পিতাৰ স্মৃতিৰে তোমালোক সতোপ্ৰধান হ'বা, এয়া আত্মাসকলৰ দৌৰ। যিয়ে বেছিকৈ
স্মৰণ কৰিব তেওঁ সোনকালে সতোপ্ৰধান হ'ব। এয়া হৈছে যোগ আৰু পঢ়াৰ দৌৰ। বিদ্যালয়তো দৌৰ
হয় নহয়। বহুত বিদ্যাৰ্থী থাকে, তেওঁলোকৰ ভিতৰত যিয়ে এক নম্বৰ হয় তেওঁ জলপানি পায়।
একেই পঢ়া লাখ লাখ, কোটি কোটি আত্মাৰ বাবে, তেন্তে সিমান বিদ্যালয়ো থাকিব নহয়। এতিয়া
তোমালোকে এই পঢ়া পঢ়িব লাগে। সকলোকে ৰাস্তা দেখুওৱা, অন্ধৰ লাখুটি হোৱা। ঘৰে ঘৰে
বাৰ্তা দিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া
অশুদ্ধ কামনা ত্যাগ কৰি শুদ্ধ কামনা ৰাখিব লাগে। সকলোতকৈ শুদ্ধ কামনা হৈছে - পৱিত্ৰ
হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হওঁ….। কোনো ভুল লুকুৱাই নিজে নিজক ঠগিব নালাগে। ধৰ্মৰজা
পিতাৰ লগত সদায় সততাৰে থাকিব লাগে।
(2) জ্ঞান চিতাত বহি
এই পঢ়াত দৌৰ লগাই ভৱিষ্যৎ নতুন সৃষ্টিত উচ্চ পদবী ল'ব লাগে। যোগ অগ্নিৰে বিকৰ্মৰ
হিচাপ দগ্ধ কৰিব লাগে।
বৰদান:
বুদ্ধিৰ প্ৰীতি
এক প্ৰিয়তমৰ সৈতে যুক্ত কৰি সদায় সন্মুখত থকাৰ অনুভৱ কৰোঁতা বিজয়ী ৰত্ন হোৱা
প্ৰীতি বুদ্ধি অৰ্থাৎ
বুদ্ধিৰ প্ৰীতি এক প্ৰিয়তমৰ সৈতে যুক্ত হৈ থকা। যাৰ এজনৰ সৈতে প্ৰীতি থাকে,
তেওঁলোকৰ অন্য কোনো ব্যক্তি বা বৈভৱৰ সৈতে প্ৰীতি গঢ়ি উঠিব নোৱাৰে। তেওঁলোকে সদায়
বাপদাদাক নিজৰ সন্মুখত অনুভৱ কৰিব। তেওঁলোকৰ মনতো শ্ৰীমতৰ বিপৰীত ব্যৰ্থ সংকল্প বা
বিকল্প আহিব নোৱাৰে। তেওঁলোকৰ মনেৰেও শ্ৰীমতৰ বিপৰীতে ব্যৰ্থ বা নেতিবাচক সংকল্প
কৰিব নোৱাৰে। তেওঁলোকৰ মুখৰ পৰা বা অন্তৰৰ পৰা এইষাৰে কথা উচ্চাৰিত হয় — "তোমাৰ
সৈতেই খাওঁ, তোমাৰ সৈতেই বহোঁ... তোমাৰ সৈতেই সকলো সম্বন্ধ ৰক্ষা কৰোঁ…"। এনেকুৱা
সদায় প্ৰীতি বুদ্ধিৰ হৈ থকাসকলহে বিজয়ী ৰত্ন হয়।
স্লোগান:
“লাগে লাগে”ৰ সংকল্প অহাটোও মাৰ্জিত ৰূপৰ ভিক্ষা কৰা।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
সঙ্গমযুগত বাপদাদাই
সকলো সন্তানক প্ৰথম ব্ৰত দিছে — "সম্পূৰ্ণ পৱিত্ৰ হোৱা"। এই পৱিত্ৰতাৰ ব্ৰত কেৱল
ব্ৰহ্মচৰ্যৰ ব্ৰত নহয়, পিতা ব্ৰহ্মাৰ সমান প্ৰতিষাৰ বাণীত পৱিত্ৰতাৰ প্ৰকম্পন
সমাহিত হৈ থাকক। প্ৰতিটো সংকল্পত পৱিত্ৰতাৰ মহত্ব থাকক। প্ৰতিটো কৰ্মত, কৰ্মযোগী
জীৱনৰ অনুভৱ হওক — ইয়াকে ব্ৰহ্মচাৰী তথা ব্ৰহ্মাচাৰী (ব্ৰহ্মাৰ দৰে আচৰণ কৰোঁতা)
বুলি কোৱা হয়।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]