20.09.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক পিতাৰ সমান ঈশ্বৰৰ সহায়কাৰী হ'ব লাগে, সংগমত পিতা তোমালোক সন্তানসকলৰ সেৱা
কৰিবলৈ আহে”
প্ৰশ্ন:
এই পুৰুষোত্তম
সংগমযুগেই সকলোতকৈ সুন্দৰ আৰু কল্যাণকাৰী - কেনেকৈ?
উত্তৰ:
এই সময়তে তোমালোক সন্তানসকল স্ত্ৰী আৰু পুৰুষ উভয়ে উত্তম হোৱা। এই সংগমযুগ হয়েই
কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ মাজৰ সময়। এই সময়তে পিতাই তোমালোক সন্তানসকলৰ কাৰণে
ঈশ্বৰীয় বিশ্ব বিদ্যালয় স্থাপনা কৰে, য'ত তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা। এনেকুৱা
বিশ্ব বিদ্যালয় গোটেই কল্পত কেতিয়াও নাথাকে। এই সময়তে সকলোৰে সৎগতি হয়।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি আত্মিক সন্তানসকলক বুজায়। ইয়াত বহি বহি তোমালোকে প্ৰথমে পিতাক স্মৰণ কৰা কিয়নো
তেওঁ হৈছে পতিত-পাৱন। তোমালোকৰ লক্ষ্য হৈছে তেওঁক স্মৰণ কৰি পাৱন আৰু সতোপ্ৰধান হোৱা।
সতো অৱস্থা প্ৰাপ্ত কৰাটোৱে তোমালোকৰ লক্ষ্য নহয়। সতোপ্ৰধান হ'ব লাগে সেয়েহে পিতাকো
নিশ্চয় স্মৰণ কৰিব লাগে আকৌ মৰমৰ ঘৰকো স্মৰণ কৰিব লাগে কিয়নো তালৈ যাব লাগে তাৰপাছত
আকৌ ধন-সম্পত্তিও লাগে সেয়েহে নিজৰ স্বৰ্গ ধামকো স্মৰণ কৰিব লাগে কিয়নো এয়া হৈছে
প্ৰাপ্তি। সন্তানসকলে জানে - আমি পিতাৰ সন্তান হৈছোঁ, যথাযথ পিতাৰ পৰা শিক্ষা গ্ৰহণ
কৰি পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আমি স্বৰ্গলৈ যাম। বাকী যি জীৱ আত্মা আছে সেই সকলোবোৰ
শান্তিধামলৈ গুচি যাব। ঘৰলৈতো নিশ্চয় যাব লাগে। সন্তানসকলে এইটোও গম পালে, এতিয়া
হৈছে ৰাৱণৰাজ্য। ইয়াৰ তুলনাত সত্যযুগক আকৌ নাম দিয়া হয় ৰামৰাজ্য। দুটা কলা কম হৈ
যায়। তাক সূৰ্যবংশ, ইয়াক চন্দ্ৰবংশ বুলি কোৱা হয়। যেনেকৈ খ্ৰীষ্টানসকলৰ বংশ এটাই চলে,
তেনেকৈ এয়াও এটাই বংশ। কিন্তু তাত সূৰ্যবংশী আৰু চন্দ্ৰবংশী আছে। এই কথাবোৰ কোনো
শাস্ত্ৰতেই নাই। পিতাই বহি বুজায়, যাক জ্ঞান অথবা ‘ন'লেজ’ বুলি কোৱা হয়। স্বৰ্গ
স্থাপনা হৈ যোৱাৰ পাছত জ্ঞানৰ দৰকাৰ নাথাকে। এই জ্ঞান সন্তানসকলক পুৰুষোত্তম
সংগমযুগতহে শিকোৱা হয়। তোমালোকৰ সেৱাকেন্দ্ৰত বা সংগ্ৰাহালয়ত বহুত ডাঙৰ ডাঙৰ আখৰেৰে
নিশ্চয় লিখি থ’ব লাগে যে ভাতৃ-ভগ্নীসকল এয়া হৈছে পুৰুষোত্তম সংগমযুগ, যিটো এবাৰেই
আহে। পুৰুষোত্তম সংগমযুগৰ অৰ্থও বুজি নাপায় গতিকে এইটোও লিখিব লাগে - কলিযুগৰ অন্ত
আৰু সত্যযুগৰ আদিৰ সংগম। গতিকে সংগমযুগ সকলোতকৈ সুন্দৰ, কল্যাণকাৰী হৈ যায়। পিতায়ো
কয় - মই পুৰুষোত্তম সংগমযুগতে আহোঁ। সেয়েহে সংগমযুগৰ অৰ্থও বুজাইছে। বেশ্যালয়ৰ অন্ত,
শিৱালয়ৰ আৰম্ভণি - ইয়াকে কোৱা হয় পুৰুষোত্তম সংযমযুগ। ইয়াত সকলো বিকাৰী, তাত সকলো
নিৰ্বিকাৰী। গতিকে নিশ্চয় উত্তম বুলি নিৰ্বিকাৰীকে কোৱা হ’ব নহয়। পুৰুষ আৰু স্ত্ৰী
দুয়ো উত্তম সেই কাৰণে নামেই হৈছে পুৰুষোত্তম। এই কথাবোৰ পিতা আৰু তোমালোক
সন্তানসকলৰ বাহিৰে অন্য কোনেও নাজানে যে এয়া সংগমযুগ। কাৰো খেয়ালতো নাহে যে
পুৰুষোত্তম সংগমযুগ কেতিয়া হয়। এতিয়া পিতাৰ আগমন হৈছে, তেওঁ হৈছে মনুষ্য সৃষ্টিৰ
বীজৰূপ। তেওঁৰেই ইমান মহিমা, তেওঁ হৈছে জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ, পতিত-পাৱন।
জ্ঞানেৰে সৎগতি কৰে। এনেকৈ তোমালোকে কেতিয়াও নোকোৱা যে ভক্তিৰে সৎগতি হয়। জ্ঞানেৰে
সৎগতি হয় আৰু সৎগতি হয়েই সত্যযুগত। তেন্তে নিশ্চয় কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ
সংগমত আহিব। কিমান স্পষ্টকৈ পিতাই বুজায়। নতুনো আহে, হুবহু যেনেকৈ কল্পই কল্পই আহে,
আহি থাকে। ৰাজধানী এনেকৈয়ে স্থাপনা হ’ব। তোমালোক সন্তানসকলে জানা যে আমি সঁচাকৈয়ে
ঈশ্বৰৰ সহায়কাৰী হওঁ। এজনক জানো পঢ়াব। এজনে পঢ়ে আকৌ তেওঁৰ দ্বাৰা তোমালোকে পঢ়ি আনকো
পঢ়োৱা সেই কাৰণে ইয়াত এয়া ডাঙৰ বিশ্ব বিদ্যালয় প্ৰতিষ্ঠা কৰিবলগীয়া হয়। গোটেই জগতত
অন্য কোনো বিশ্ব বিদ্যালয় নায়েই। জগতত কোনেও এইটো নাজানে যে ঈশ্বৰীয় বিশ্ব বিদ্যালয়ো
আছে। এতিয়া তোমালোক সন্তানসকলে জানা যে ‘গীতা’ৰ ভগৱান শিৱ আহি এই বিশ্ব বিদ্যালয়
প্ৰতিষ্ঠা কৰে। নতুন সৃষ্টিৰ মালিক দেৱী-দেৱতা কৰি তোলে। এই সময়ত আত্মা যি
তমোপ্ৰধান হৈ গৈছে, পুনৰ সেই আত্মাসকলেই সতোপ্ৰধান হ’ব লাগে। এই সময়ত সকলো
তমোপ্ৰধান নহয় জানো। যদিও কোনোবা কুমাৰো পৱিত্ৰ হৈ থাকে, কুমাৰীয়ো পৱিত্ৰ হৈ থাকে,
সন্ন্যাসীও পৱিত্ৰ হৈ থাকে কিন্তু আজিকালি সেই পৱিত্ৰতা নাই। প্ৰথমে যেতিয়া আত্মা
আহে তেতিয়া পৱিত্ৰ হৈ থাকে। পাছত অপৱিত্ৰ হৈ যায় কিয়নো তোমালোকে জানা সতোপ্ৰধান, সতো,
ৰজো, তমো অৱস্থাৰ মাজেৰে সকলোৱে পাৰ হ’ব লাগে। অন্তত সকলো তমোপ্ৰধান হৈ যায়। এতিয়া
পিতাই সন্মুখত বহি বুজায় - এই বৃক্ষজোপাৰ তমোপ্ৰধান জৰ্জৰিত অৱস্থা হৈ গ’ল, পুৰণি
হৈ গ’ল সেয়েহে নিশ্চয় ইয়াৰ বিনাশ হোৱা উচিত। এয়া হৈছে বিভিন্ন ধৰ্মৰ বৃক্ষ, সেই
কাৰণে কয় – বিৰাট লীলা। কিমান বৃহৎ বেহদৰ বৃক্ষ। সেয়াতো জড় বৃক্ষ, যি বীজ ৰোপণ কৰা
হয় সেই বৃক্ষই ওলায়। এয়া আকৌ হৈছে বিভিন্ন ধৰ্মৰ বিচিত্ৰ চিত্ৰ। সকলো মনুষ্যই হয়,
কিন্তু তাত ভিন্নতা বহুত আছে, সেই কাৰণে বিৰাট লীলা বুলি কোৱা হয়। সকলো ধৰ্ম কেনেকৈ
ক্ৰমান্বয়ে আহে, এয়াও তোমালোকে জানা। সকলোৱে যাব লাগে পুনৰ আহিব লাগে। এই ড্ৰামাখন
ৰচি থোৱা আছে। এইখনো চমৎকাৰ ড্ৰামা। চমৎকাৰ এয়াই যে ইমান সূক্ষ্ম আত্মা বা পৰম
আত্মাত কিমান ভূমিকা নিহিত হৈ আছে। পৰম আৰু আত্মা একেলগে পৰমাত্মা বুলি কোৱা হয়।
তোমালোকে তেওঁক বাবা বুলি কোৱা কিয়নো সকলো আত্মাৰ তেওঁ হৈছে পৰম পিতা। সন্তানসকলে
জানে আত্মাইহে সকলো ভূমিকা পালন কৰে। মনুষ্যই এইটো নাজানে। তেওঁলোকেতো কৈ দিয়ে -
আত্মা নিৰ্লেপ। বাস্তৱত এনেকৈ কোৱাতো ভুল। এইটোও ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিব লাগে -
আত্মা নিৰ্লেপ নহয়। আত্মাই যেনেকৈ ভাল বা বেয়া কৰ্ম কৰে সেই অনুসৰি ফল পায়। বেয়া
সংস্কাৰেৰে পতিত হৈ যায়, সেইবাবেতো দেৱতাসকলৰ আগত গৈ তেওঁলোকৰ মহিমা গায়। এতিয়া
তোমালোকে 84 জন্মৰ বিষয়ে জানিলা, আন কোনো মনুষ্যই নাজানে। তোমালোকে তেওঁলোকক 84
জন্ম সিদ্ধ কৰি শুনালে তেতিয়া তেওঁলোকে কয় - এই শাস্ত্ৰ আদি সকলো মিছা নেকি? কিয়নো
তেওঁলোকে এনেকৈ শুনিছে যে মনুষ্যই 84 লাখ যোনি লয়। এতিয়া পিতাই বহি বুজায় - বাস্তৱত
সকলো শাস্ত্ৰৰ শিৰোমণি হৈছে ‘গীতা’। পিতাই এতিয়া আমাক ৰাজযোগ শিকাই আছে যিটো 5
হাজাৰ বছৰ পূৰ্বে শিকাইছিল।
তোমালোকে জানা যে আমি
পৱিত্ৰ আছিলোঁ, পৱিত্ৰ গৃহস্থ ধৰ্ম আছিল। এতিয়া ইয়াক ধৰ্ম বুলি কোৱা নহয়। অধৰ্মী হৈ
গৈছে অৰ্থাৎ বিকাৰী হৈ গৈছে। এই খেলখন তোমালোক সন্তানসকলে বুজি পাইছা। এয়া হৈছে
বেহদৰ ড্ৰামা যিখন প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত পুনৰাবৃত্তি হৈ থাকে। লাখ লাখ বছৰৰ
কথাতো কোনেও বুজিবও নোৱাৰে। এয়া যেন কালিৰ কথা। তোমালোক শিৱালয়ত আছিলা, আজি
বেশ্যালয়ত আছা আকৌ কালিলৈ শিৱালয়ত থাকিবা। সত্যযুগক কোৱা হয় শিৱালয়, ত্ৰেতাক কোৱা
হয় অৰ্ধ। ইমান বছৰ তাত থাকিবা। পুনৰ্জন্মততো আহিবই লাগে। ইয়াক কোৱা হয় ৰাৱণৰ ৰাজ্য।
তোমালোক আধাকল্প পতিত হ’লা, এতিয়া পিতাই কয় - গৃহস্থালিত থাকি পদুম ফুলৰ সমান
পৱিত্ৰ হোৱা। কুমাৰ আৰু কুমাৰীতো হয়েই পৱিত্ৰ। তেওঁলোকক আকৌ বুজোৱা হয় - এনেকুৱা
গৃহস্থত পুনৰ যাব নালাগে যাৰ বাবে আকৌ পৱিত্ৰ হোৱাৰ পুৰুষাৰ্থ কৰিবলগীয়া হয়।
ভগৱানুবাচ (ভগৱানে কয়) যে পৱিত্ৰ হোৱা, গতিকে বেহদৰ পিতাৰ কথা মানিব নালাগে জানো।
তোমালোক গৃহস্থালিত থাকি পদুম ফুলৰ দৰে থাকিব পাৰা। তেন্তে আকৌ সন্তানসকলক পতিত
হ’বলৈ অভ্যাস কিয় কৰোৱা যিহেতুকে পিতাই 21 জন্মৰ কাৰণে পতিত হোৱাৰ পৰা ৰক্ষা কৰে।
ইয়াত লোক লাজ কুলৰ মৰ্যাদাও এৰিব লাগে। এয়া হৈছে বেহদৰ কথা। অবিবাহিততো (কুমাৰ) সকলো
ধৰ্মতে বহুত থাকে কিন্তু নিজক বচাই চলাতো অলপ কঠিন, তথাপিও ৰাৱণৰাজ্যত থাকে নহয়।
বিদেশতো এনেকুৱা বহুত মনুষ্যই বিয়া নাপাতে পাছত অন্তিম সময়ত সংগীৰ কাৰণে পাতি লয়।
আসুৰিক দৃষ্টিৰে নকৰে। এনেকুৱাও জগতত বহুত আছে। পূৰা তত্ত্বাৱধান লয়, পাছত যেতিয়া
মৰি যায় তেতিয়া তেওঁক (সংগীক) কিবা দি থৈ যায়। কিছু দান-পুণ্যত লগায়। নিধি গঠন কৰি
থৈ যায়। বিদেশতো ডাঙৰ ডাঙৰ নিধি আছে যিবোৰে আকৌ ইয়াতো সহায় কৰে। ইয়াত এনেকুৱা নিধি
নাই যিয়ে বিদেশকো সহায় কৰিব। ইয়াততো দুখীয়া-নিছলাহে আছে, কি সহায় কৰিব! তাততো
তেওঁলোকৰ ওচৰত বহুত ধন আছে। ভাৰততো গৰিব নহয় জানো। ভাৰতবাসীৰ কি অৱস্থা হৈছে! ভাৰত
কিমান উচ্চ শিৰৰ মুকুট আছিল, কালিৰ কথা। নিজেও কয় 3 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল।
পিতাইহে স্থাপনা কৰে। তোমালোকে জানা - পিতা কেনেকৈ পতিতক পাৱন কৰি তুলিবলৈ ওপৰৰ পৰা
তললৈ আহে। তেওঁ হয়েই জ্ঞানৰ সাগৰ, পতিত-পাৱন, সকলোৰে সৎগতি দাতা অৰ্থাৎ সকলোকে পাৱন
কৰি তোলোঁতা। তোমালোক সন্তানসকলে জানা যে মোৰ মহিমাতো সকলোৱে গায়ন কৰে। মই ইয়ালৈ
তোমালোকক পাৱন কৰি তুলিবলৈ পতিত সৃষ্টিলৈকে আহোঁ। তোমালোক যেতিয়া পাৱন হৈ যোৱা
তেতিয়া প্ৰথমে পাৱন সৃষ্টিলৈ আহা। বহুত সুখ পোৱা আকৌ ৰাৱণৰাজ্যত অধঃপতিত হোৱা। যদিও
গায়ন কৰে যে পৰমপিতা পৰমাত্মা জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, পতিত-পাৱন, কিন্তু পাৱন
কৰি তুলিবলৈ কেতিয়া আহিব - সেইটো কোনেও নাজানে। পিতাই কয় - তোমালোকে মোৰ মহিমা কৰা
নহয়। এতিয়া মই আহিছোঁ তোমালোকক নিজৰ পৰিচয় দি আছোঁ। মই প্ৰত্যেক 5 হাজাৰ বছৰ পাছত
এই পুৰুষোত্তম সংগমযুগত আহোঁ, কেনেকৈ আহোঁ সেয়াও বুজাওঁ। চিত্ৰও আছে। ব্ৰহ্মা কোনো
সূক্ষ্মলোকত নাথাকে। ব্ৰহ্মা ইয়াতে আছে আৰু ব্ৰাহ্মণো ইয়াতে আছে, যাক “গ্ৰেট গ্ৰেট
গ্ৰেণ্ড ফাদাৰ” বুলি কোৱা হয়, যাৰ পাছত বংশাৱলী হয়। মনুষ্য সৃষ্টিৰ বংশাৱলীতো
প্ৰজাপিতা ব্ৰহ্মাৰ পৰাই আৰম্ভ হ’ব নহয়। প্ৰজাপিতা আছে যেতিয়া নিশ্চয় তেওঁৰ প্ৰজাও
থাকিব। কোষ বংশাৱলীতো হ’ব নোৱাৰে, নিশ্চয় তোলনীয়া হ’ব। “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ”
আছে যেতিয়া নিশ্চয় তুলি ল’ব। তোমালোক সকলো তোলনীয়া সন্তান। এতিয়া তোমালোক ব্ৰাহ্মণ
হৈছা আকৌ তোমালোক দেৱতা হ’ব লাগে। শূদ্ৰৰ পৰা ব্ৰাহ্মণ আকৌ ব্ৰাহ্মণৰ পৰা দেৱতা, এয়া
হৈছে লুটি-বাগৰ মৰা খেল। বিৰাট ৰূপৰো চিত্ৰ আছে নহয়। তাৰ পৰা সকলো ইয়ালৈ নিশ্চয়
আহিব লাগে। যেতিয়া সকলো আহি যায় তেতিয়া আকৌ ৰচয়িতাও আহে। তেওঁ হৈছে ৰচয়িতা,
নিৰ্দেশক, ভূমিকাও পালন কৰে। পিতাই কয় - হে আত্মাসকল, তোমালোকে মোক জানা। তোমালোক
আত্মাসকল সকলো মোৰ সন্তান হোৱা নহয়। তোমালোকে প্ৰথমে সত্যযুগত শৰীৰধাৰী হৈ কিমান
উত্তম সুখৰ ভূমিকা পালন কৰিলা আকৌ 84 জন্মৰ পাছত কিমান দুখত আহি গ’লা। ড্ৰামাৰ
ৰচয়িতা, নিৰ্দেশক, প্ৰয়োজক নাথাকে জানো। এয়া হৈছে বেহদৰ ড্ৰামা। বেহদৰ ড্ৰামাখনক
কোনেও নাজানে। ভক্তিমাৰ্গত এনেকুৱা কথা ৰচি দিয়ে যে মনুষ্যৰ বুদ্ধিত সেয়াই বহি গৈছে।
এতিয়া পিতাই কয় - অতি
মৰমৰ সন্তানসকল, এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ শাস্ত্ৰ। ভক্তিমাৰ্গৰ অনেক সামগ্ৰী আছে,
যেনেকৈ বীজৰ সামগ্ৰী হৈছে বৃক্ষ, ইমান সৰু বীজৰ পৰা কিমান বিশাল বৃক্ষ বিয়পি পৰে।
ভক্তিৰো ইমান বিস্তাৰ আছে। জ্ঞানতো হৈছে বীজ, তাত কোনো সামগ্ৰীৰ দৰকাৰ নাথাকে।
পিতাই কয় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা আৰু কোনো ব্ৰত, নিয়ম আদি নাই। এই
সকলোবোৰ বন্ধ হৈ যায়। তোমালোকে যেতিয়া সৎগতি পাই যাবা তেতিয়া আন কোনো কথাৰ দৰকাৰ
নাথাকিব। তোমালোকেই বহুত ভক্তি কৰিছা। তাৰ ফল তোমালোকক দিবলৈ আহিছোঁ। দেৱতাসকল
শিৱালয়ত আছিল, সেইবাবেতো মন্দিৰলৈ গৈ তেওঁলোকৰ মহিমা গায়। এতিয়া পিতাই বুজায় - অতি
মৰমৰ সন্তানসকল, মই 5 হাজাৰ বছৰ পূৰ্বেও তোমালোকক বুজাইছিলোঁ যে নিজক আত্মা বুলি
বুজা। দেহৰ সকলো সম্বন্ধ এৰি মোক একমাত্ৰ পিতাক স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰে
তোমালোকৰ পাপ ভস্ম হৈ যাব। পিতাই এতিয়া যি বুজায়, সেয়া কল্পই কল্পই বুজাই আহিছে।
‘গীতা’তো কোনো কোনো শব্দ ভালকৈ আছে। ‘মনমনাভৱ’ অৰ্থাৎ মোক স্মৰণ কৰা। শিৱবাবাই কয় -
মই ইয়ালৈ আহিছোঁ। কাৰ শৰীৰত আহোঁ, সেয়াও শুনাওঁ। ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ-শাস্ত্ৰৰ
সাৰ তোমালোকক শুনাওঁ। চিত্ৰও দেখুওৱা হয় কিন্তু অৰ্থ বুজি নাপায়। এতিয়া তোমালোকে
বুজি পোৱা – শিৱবাবা কেনেকৈ ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা সকলো শাস্ত্ৰ আদিৰ সাৰ শুনায়। 84
জন্মৰ ড্ৰামাৰ ৰহস্যও তোমালোকক বুজায়। এওঁৰেই বহুত জন্মৰ অন্তিম জন্মত আহোঁ। এৱেঁই
আকৌ এক নম্বৰৰ ৰাজকুমাৰ হয় আকৌ 84 জন্মত আহে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই ৰাৱণৰাজ্যত থাকি পতিত লোক-লাজ কুলৰ মৰ্যাদা এৰি বেহদৰ পিতাৰ কথা মানিব লাগে,
গৃহস্থালিত পদুম ফুলৰ সমান হৈ থাকিব লাগে।
(2) এই বিচিত্ৰ বিৰাট
লীলা ভালদৰে বুজিব লাগে, ইয়াত ভূমিকা পালন কৰোঁতা আত্মা নিৰ্লেপ নহয়, ভাল-বেয়া কৰ্ম
কৰে আৰু তাৰ ফল পায়, এইটো ৰহস্য বুজি শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে।
বৰদান:
পিতাৰ
সংস্কাৰক নিজৰ প্ৰকৃত সংস্কাৰ কৰি লওঁতা শুভ-ভাৱনা, শুভ-কামনাধাৰী হোৱা
এতিয়ালৈকে বহুত
সন্তানৰ আৱেগপ্ৰৱণতাত অহাৰ, কাষৰীয়া কৰাৰ, পৰচিন্তন কৰাৰ বা শুনাৰ ভিন্ন ভিন্ন
সংস্কাৰ আছে, যাক কৈ দিয়ে যে কি কৰোঁ এয়া মোৰ সংস্কাৰ… এই ‘মোৰ’ শব্দটিয়েই
পুৰুষাৰ্থত ঢিলা কৰি দিয়ে। এয়া ৰাৱণৰ বস্তু, মোৰ নহয়। কিন্তু যি পিতাৰ সংস্কাৰ
সেয়াই ব্ৰাহ্মণৰ প্ৰকৃত সংস্কাৰ। সেই সংস্কাৰ হৈছে বিশ্বকল্যাণকাৰী, শুভ-চিন্তনধাৰী।
সকলোৰে প্ৰতি শুভ-ভাৱনা, শুভ-কামনাধাৰী।
স্লোগান:
যাৰ সামৰ্থ্য আছে তেৱেঁই সৰ্ব শক্তিৰ সম্পদৰ অধিকাৰী হয়।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
কেতিয়াও মাগোঁতা নহ’বা।
যিকোনো প্ৰকাৰৰ মাগোঁতাই নিজক তৃপ্ত আত্মা অনুভৱ নকৰিব। মহাদানীয়ে ভিখাৰীৰ পৰা এটা
নয়া পইচা লোৱাৰ ইচ্ছা ৰাখিব নোৱাৰে। এওঁ সলনি হওঁক বা এওঁ কৰক বা এওঁ কিছু সহযোগ
দিয়ক, খোজ আগবঢ়াওঁক, এনেকুৱা কি সংকল্প বা এনেকুৱা সহযোগৰ ভাৱনা পৰৰ বশৱৰ্তী,
শক্তিহীন, ভিখাৰী আত্মাৰ প্ৰতি ৰাখিব পাৰা।