20.10.24    Avyakt Bapdada     Assame Murli     28.03.2002     Om Shanti     Madhuban


“*“এইটো বৰ্ষ নম্ৰ, নিৰ্মল হোৱাৰ বৰ্ষ আৰু ব্যৰ্থৰ পৰা মুক্ত হোৱাৰ বৰ্ষ হিচাপে উদ্‌যাপন কৰা”*”


আজি বাপদাদাই নিজৰ চাৰিওফালৰ সন্তানসকলৰ মস্তকত চিকমিকাই থকা তিনিডাল ৰেখা চাই আছেহঁক। এডাল ৰেখা হৈছে প্ৰভু প্ৰতিপালনৰ, দ্বিতীয়ডাল হৈছে শ্ৰেষ্ঠ শিক্ষাৰ আৰু তৃতীয়ডাল ৰেখা হৈছে শ্ৰেষ্ঠ মতৰ। তিনিওডাল ৰেখা চিকমিকাই আছে। এই তিনিডাল ৰেখা সকলোৰে ভাগ্যৰ ৰেখা। তোমালোক সকলোৱেও নিজৰ তিনিওডাল ৰেখা দেখি আছা নহয়! প্ৰভু প্ৰতিপালনৰ ভাগ্য তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে আন কাৰো প্ৰাপ্ত নহয়। পৰমাত্ম প্ৰতিপালন যি প্ৰতিপালনেৰে কিমান শ্ৰেষ্ঠ পূজনীয় হৈ যোৱা। কেতিয়াবা সপোনতো এনেকৈ ভাবিছিলানে যে মোৰ অৰ্থাৎ আত্মাৰ পৰমাত্ম শিক্ষাৰ অধিকাৰ প্ৰাপ্ত হ’বলগীয়া আছে। কিন্তু এতিয়া সাকাৰত অনুভৱ কৰি আছা। স্বয়ং সৎগুৰুৱে অমৃতবেলাৰ পৰা ৰাতিলৈকে প্ৰতিটো কৰ্মৰ শ্ৰেষ্ঠ মত দি কৰ্মবন্ধন পৰিৱৰ্তন কৰি, কৰ্ম সম্বন্ধত অহাৰ শ্ৰীমত দিয়াৰ নিমিত্ত কৰিব - এয়াও সপোনত নাছিল। কিন্তু এতিয়া অনুভৱেৰে কোৱা যে আমাৰ প্ৰতিটো কৰ্ম শ্ৰীমতত চলি আছে। এনেকুৱা অনুভৱ হয়নে? প্ৰতিগৰাকী সন্তানৰ এনেকুৱা শ্ৰেষ্ঠ ভাগ্য দেখি বাপদাদাও হৰ্ষিত হয়। বাঃ! মোৰ শ্ৰেষ্ঠ ভাগ্যৱান বাঃ! সন্তানসকলে কয় – বাঃ! বাবা বাঃ! আৰু পিতাই কয় বাঃ! সন্তানসকল বাঃ।

আজি অমৃতবেলাৰ পৰা সন্তানসকলৰ স্মৃতি দুটা সংকল্পৰে বাপদাদাৰ ওচৰত আহি পাইছে। এটাতো বহুত সন্তানৰ নিজৰ হিচাপ দিয়াৰ কথা স্মৃতিত আছিল। দ্বিতীয়তে - পিতাৰ সংগৰ ৰঙৰ ‘হোলি’ স্মৃতিত আছিল। তেন্তে সকলোৱে ‘হোলি’ উদ্‌যাপন কৰিবলৈ আহিছা নহয়! ব্ৰাহ্মণৰ ভাষাত উদ্‌যাপন কৰা অৰ্থাৎ তেনেকুৱা হোৱা। ‘হোলি’ উদ্‌যাপন কৰে অৰ্থাৎ পৱিত্ৰ হয়। বাপদাদাই চাই আছিল ব্ৰাহ্মণ সন্তানসকল সৰ্বোচ্চ পৱিত্ৰ হোৱাটো কিমান উপৰাম আৰু স্নেহী। এনেয়েতো দ্বাপৰৰ আদিৰ মহান আত্মাসকল আৰু সময়ে সময়ে অহা ধৰ্ম পিতাসকলো পৱিত্ৰ, ‘হোলি’ হৈছে। কিন্তু তোমালোকৰ পৱিত্ৰতা সকলোতকৈ শ্ৰেষ্ঠও আৰু উপৰামো। গোটেই কল্পত মহান আত্মাই হওঁক, ধৰ্ম আত্মাই হওঁক, ধৰ্ম পিতাই হওঁক বা যিয়েই নহওঁক কিন্তু তোমালোক আত্মাও পৱিত্ৰ, তোমালোকৰ শৰীৰো পৱিত্ৰ, প্ৰকৃতিও সতোপ্ৰধান পৱিত্ৰ, এনেকুৱা সৰ্বোচ্চ পৱিত্ৰ কোনো হোৱা নাই আৰু হ’ব নোৱাৰে। নিজৰ ভৱিষ্যত স্বৰূপ সন্মুখত আনা। সকলোৰে সন্মুখত নিজৰ ভৱিষ্যত ৰূপ আহিলনে? নে গমেই নোপোৱা যে হ’ম নে নহ’ম! কি হ’ম! যিয়েই নোহোৱা কিন্তু পৱিত্ৰতো হ’বা নহয়। শৰীৰো পৱিত্ৰ, আত্মাও পৱিত্ৰ আৰু প্ৰকৃতিও পৱিত্ৰ পাৱন, সুখদায়ী..... নিশ্চয়ৰ কলমেৰে নিজৰ ভৱিষ্যতৰ চিত্ৰ সন্মুখত আনিব পাৰা। নিশ্চয়তা আছে নহয়! শিক্ষকসকলৰ নিশ্চয়তা আছেনে? বাৰু কৃষ্ণ নোহোৱা, কিন্তু সংগীতো হ’বা নহয়! কিমান মৰমৰ। কলাকাৰ হ’ব জানানে নে নাজানা? বচ্‌ সন্মুখত চোৱা। এতিয়া সাধাৰণ, কাইলৈ (ড্ৰামাৰ কাইলৈ, এই আহিবলগীয়া কাইলৈ নহয় যি অহাকালি আহিব) তেন্তে কাইলৈ এই পৱিত্ৰ শৰীৰধাৰী হ’বই লাগিব। পাণ্ডৱে কি ভাবা? দৃঢ় হোৱা নহয়, সংশয়তো নাই – গম নাপাওঁ হ’ম নে নহওঁ? সংশয় আছে নেকি? নাই নহয়! দৃঢ় হোৱানে। যিহেতু ৰাজযোগী হোৱা তেন্তে ৰাজ্য অধিকাৰী হ’বই লাগে। বাপদাদাই বহুবাৰ স্মৃতি সোঁৱৰাই দিয়ে যে তোমালোকৰ বাবে উপহাৰ আনিছোঁ তেন্তে কি উপহাৰ আনিছোঁ? সোণালী সৃষ্টি, সতোপ্ৰধাম সৃষ্টিৰ উপহাৰ আনিছোঁ। তেন্তে নিশ্চয়তা আছে, নিশ্চয়তাৰ চিন হ’ল আত্মিক নিচা। যিমানে নিজৰ ৰাজ্যৰ সমীপত আহি আছা, ঘৰৰো সমীপত আহি আছা আৰু নিজৰ ৰাজ্যৰ সমীপতো আহি আছা, সেয়েহে বাৰে বাৰে নিজৰ মৰমৰ ঘৰ আৰু নিজৰ মৰমৰ ৰাজ্যৰ স্মৃতি স্পষ্টকৈ উদয় হ’ব হ’ব লাগে। এয়া সমীপত অহাৰ চিন। নিজৰ ঘৰ, নিজৰ ৰাজ্য এনেকৈয়ে স্পষ্টকৈ স্মৃতিত উদয় হওঁক, তৃতীয় নেত্ৰৰ দ্বাৰা স্পষ্টকৈ দৃষ্টিগোচৰ হওঁক। অনুভৱ হওঁক আজি এয়া, কাইলৈ এয়া। কিমানবাৰ ভূমিকা পূৰা কৰি নিজৰ ঘৰ আৰু নিজৰ ৰাজ্যলৈ গৈছা, স্মৃতিত আহে নহয়! আৰু এতিয়া আকৌ যাব লাগে।

বাপদাদাই সকলোৰে বৰ্তমান সময়ৰ ফলাফল চালে। ডবল বিদেশীয়ে হওঁক বা ভাৰতবাসীয়ে হওঁক, সকলো সন্তানৰ ফলাফলত দেখিলে যে বৰ্তমান সময়ত সন্তানসকলৰ মাজত অমনোযোগিতাৰ বহুত নতুন নতুন প্ৰকাৰ আছে। অনেক প্ৰকাৰৰ অমনোযোগিতা আছে। মনতে ভাবি লয়, সকলো চলে...। আজিকালি সকলো কথাতে এইটো বিশেষ শ্লোগান আছে- “সকলো চলে” – এয়া হৈছে অমনোযোগিতা। লগতে ভিন্ন ভিন্ন প্ৰকাৰৰ পুৰুষাৰ্থ বা স্ব-পৰিৱৰ্তনৰ অমনোযোগিতাৰ লগতে আলস্যও কিছু শতাংশ আছে। হৈ যাব, কৰিয়েই ল’ম... বাপদাদাই নতুন নতুন প্ৰকাৰৰ অমনোযোগিতাৰ কথা দেখিলে সেয়েহে নিজৰ সঁচা অন্তৰেৰে অমনোযোগিতাৰ ৰূপত নহয়, হিচাপ নিশ্চয় ৰাখিবা।

বাপদাদাই আজি ফলাফল শুনাই আছে। শুনাওঁনে! নে নহয় কেৱল স্নেহ কৰোঁ? এয়াও স্নেহ। প্ৰত্যেকৰে প্ৰতি বাপদাদাৰ ইমান স্নেহ আছে যে সকলো সন্তান পিতা ব্ৰহ্মাৰ লগত নিজৰ ঘৰলৈ আহক। পিছে পিছে নহয়, সংগী হৈ আহক। তেন্তে সমানতো হ’ব লাগে নহয়! সমানতা অবিহনে সংগী হৈ যাব নোৱাৰিবা আকৌ নিজৰ ৰাজ্যৰ প্ৰথম জন্ম, প্ৰথম জন্মতো প্ৰথমেই (পিতা ব্ৰহ্মাৰ লগতে) হ’ব! যদি দ্বিতীয়, তৃতীয় জন্মত (পিতা ব্ৰহ্মাই দ্বিতীয়, তৃতীয় জন্ম লোৱাৰ পাছত) আহিও গ’লা, ভাল ৰজাও হৈ গ’লা, কিন্তু দ্বিতীয়, তৃতীয় বুলিয়েই ক’ব নহয়! লগত যোৱা আৰু পিতা ব্ৰহ্মাৰ লগত প্ৰথম জন্মৰ অধিকাৰী হোৱা - এয়া হ’ল এক নম্বৰ সন্মান সহকাৰে উত্তীৰ্ণ হওঁতা। তেন্তে সন্মান সহকাৰে উত্তীৰ্ণ হওঁতা হ’ব লাগে নে উত্তীৰ্ণ হোৱা নম্বৰ পাওঁতা হ’লেই ঠিক? কেতিয়াও এনেকৈ নাভাবিবা যে যি আমি কৰি আছোঁ, যি হৈ আছে সেয়া বাপদাদাই নেদেখে। এই ক্ষেত্ৰত কেতিয়াও অমনোযোগী নহ’বা। যদি কোনো সন্তানে নিজৰ অন্তৰৰ খতিয়ান সোধে তেন্তে বাপদাদাই ক’ব পাৰে কিন্তু এতিয়া নকয়। বাপদাদাই প্ৰতিগৰাকী মহাৰথী, অশ্বাৰোহী.... সকলোৰে খতিয়ান চাই আছে। বহু ক্ষেত্ৰততো বাপদাদাৰ বহুত দয়া ওপজে, হয় কোন আৰু কৰে কি? কিন্তু যেনেকৈ পিতা ব্ৰহ্মাই কৈছিল নহয় - স্মৃতিত আছেনে কি কৈছিল? গুড় (শিৱবাবা) আৰু গুড়ৰ ‘গোথৰী’য়ে (গুড় ৰখা পাত্ৰ অৰ্থাৎ শিৱ বাবাৰ ৰথ ব্ৰহ্মা বাবাই) জানে। শিৱবাবাই জানে আৰু ব্ৰহ্মাবাবাই জানে কিয়নো বাপদাদাৰ বহুত দয়া ওপজে কিন্তু এনেকুৱা সন্তানসকলে বাপদাদাৰ দয়াৰ সংকল্প অনুভৱ কৰিব নোৱাৰে সেয়েহে বাপদাদাই ক’লে - ভিন্ন ভিন্ন প্ৰকাৰৰ মাৰ্জিত অমনোযোগিতা পিতাই চাই থাকে। আজি বাপদাদাই কৈয়েই দিছে যে বহুত দয়া ওপজে। বহুত সন্তানে এনেকৈ ভাবে যে সত্যযুগততো গমেই নাপাম কোন কি আছিলোঁ, এতিয়াতো আমোদ কৰি লওঁ। এতিয়া যি কৰিব লাগে কৰি লওঁ। বাধা দিওঁতা কোনো নাই, চাওঁতা কোনো নাই। কিন্তু এইটো ভুল। কেৱল বাপাদাদাই নাম নুশুনায়, নাম শুনালেতো কাইলৈ ঠিক হৈ যাব।

তেন্তে বুজিলা কি কৰিব লাগে, পাণ্ডৱে বুজিলা নে নাই? চলি যাবনে? নচলিব কিয়নো বাপদাদাৰ ওচৰত প্ৰত্যেকৰে প্ৰতিটো দিনৰ খবৰ আহে। বাপ-দাদাই পৰস্পৰ বাৰ্তালাপ কৰে। গতিকে বাপদাদাই সকলো সন্তানক পুনৰাই ইংগিত দি আছে যে সময় সকলো প্ৰকাৰে অতিলৈ গৈ আছে। মায়ায়ো নিজৰ অতিৰ ভূমিকা পালন কৰি আছে, প্ৰকৃতিয়েও নিজৰ অতিৰ ভূমিকা পালন কৰি আছে। এনেকুৱা সময়ত ব্ৰাহ্মণ সন্তানসকলৰ নিজৰ প্ৰতি মনোযোগো অতি অৰ্থাৎ মন-বচন-কৰ্মত অতি হোৱা উচিত। সাধাৰণ পুৰুষাৰ্থ নহয়। এনেয়ে বাপদাদাই দেখিছে যে সেৱাৰ নিচা ভাল। সেৱাৰ বাবে সদাপ্ৰস্তুত, সুযোগ পালে অতি প্ৰেমেৰে সেৱাৰ বাবে সদাপ্ৰস্তুত হৈ থাকে। কিন্তু এতিয়া সেৱাত সংযোগ কৰা- বাণীৰ লগতে মনেৰে নিজ আত্মাক বিশেষ কিবা নহয় কিবা প্ৰাপ্তিৰ স্বৰূপত স্থিত কৰি বাণীৰে সেৱা কৰা। ধৰি লোৱা ভাষণ দি আছা, বাণীৰেতো ভাষণ ভালকৈ দিয়াই কিন্তু সেই সময়ত নিজৰ আত্মিক স্থিতিত বিশেষ শক্তিৰে হওঁক, শান্তিৰে হওঁক বা পৰমাত্ম স্নেহৰে হওঁক কিবা নহয় কিবা বিশেষ অনুভূতিৰ স্থিতিত স্থিত হৈ মনেৰে আত্মিক স্থিতিৰ প্ৰভাৱ বায়ুমণ্ডলত বিয়পোৱা আৰু বাণীৰ লগতে বাৰ্তা দিয়া। বাণীৰ দ্বাৰা বাৰ্তা দিয়া, মনেৰে আত্মিক স্থিতিৰ দ্বাৰা অনুভূতি কৰোৱা। ভাষণৰ সময়ত তোমালোকৰ বাণী তোমালোকৰ মস্তকত, চকুত, চেহেৰাত সেই অনুভূতিৰ চৰিত্ৰ দৃষ্টিগোচৰ হওঁক যে আজি ভাষণতো শুনিলোঁ কিন্তু পৰমাত্ম প্ৰেমৰ বহুত ভাল অনুভূতি হৈ আছিল। যেনেকৈ ভাষণৰ ফলাফলত কয় - বহুত ভাল বুলি ক’লে, বহুত ভাল, বহুত ভাল কথা শুনালে, এনেকৈয়ে তোমালোকৰ আত্ম স্বৰূপৰ অনুভূতিৰো বৰ্ণনা কৰক। মনুষ্য আত্মাসকললৈ প্ৰকম্পন বিয়পি যাওঁক, বায়ুমণ্ডল গঢ়ি উঠক। যিহেতু বিজ্ঞানৰ সাধনে শীতল বাতাবৰণ সৃষ্টি কৰিব পাৰে, সকলোৰে উপলব্ধি হয় যে বহুত শীতল বতাহ লাগি আছে। গৰম বায়ুমণ্ডলৰ অনুভৱ কৰাব পাৰে। বিজ্ঞানে শীতত গৰমৰ অনুভৱ কৰাব পাৰে, গৰমত শীতৰ অনুভৱ কৰাব পাৰে, তেন্তে তোমালোকৰ বিজ্ঞানে জানো প্ৰেম স্বৰূপ, সুখ স্বৰূপ, শান্ত স্বৰূপ বায়ুমণ্ডলৰ অনুভৱ কৰাব নোৱাৰে! এইটো গৱেষণা কৰা। কেৱল ভাল ভাল বুলি যাতে নকয় কিন্তু ভাল হৈ যাওঁক, তেতিয়া সমাপ্তিৰ সময় সমাপ্ত কৰি নিজৰ ৰাজ্য আনিবা। কিয়, তোমালোকৰ নিজৰ ৰাজ্য স্মৃতিলৈ নাহেনে? সংগমযুগ শ্ৰেষ্ঠ সেইটো ঠিক, হীৰাতুল্য। কিন্তু হে দয়াশীল, বিশ্ব কল্যাণী সন্তানসকল, নিজৰ দুখী অশান্ত ভাতৃ-ভগ্নীসকলৰ প্ৰতি দয়াৰ ভাৱ নাজাগেনে? উদ্দীপনা নাজাগেনে, দুখময় সংসাৰক সুখময় কৰি তোলোঁ, এইটো উদ্দীপনা নাজাগেনে? দুখ চাব খোজা নেকি, আনৰ দুখ দেখিও দয়াৰ ভাৱ নাজাগেনে? তোমালোকৰ ভাতৃ, তোমালোকৰ ভগ্নী তেন্তে দুখ চাবলৈ ভাল লাগে জানো? নিজৰ দয়ালু, কৃপালু স্বৰূপ জাগ্ৰত কৰা। কেৱল সেৱাত লাগি নাযাবা, এইটো অনুষ্ঠান কৰিলোঁ, এইটো অনুষ্ঠান কৰিলোঁ... বাৰু বৰ্ষ পূৰা হ’ল। এতিয়া দয়াময় হোৱা। দৃষ্টিৰে হওঁক, অনুভূতিৰে হওঁক, আত্মিক স্থিতিৰ প্ৰভাৱেৰে হওঁক, দয়াময় হোৱা। দয়াশীল হোৱা। বাৰু।

বাপদাদাই আৰু এটা কথা দেখিছে, শুনাবলৈ ভাল নালাগে। কেতিয়াবা কেতিয়াবা কোনো কোনো সন্তানে, ভাল ভালসকলেও আনৰ কথাত বহুত লাগি থাকে। আনৰ কথা চোৱা, আনৰ কথা বৰ্ণনা কৰা… আৰু চায়ো ব্যৰ্থ কথাহে। ইজনে সিজনৰ বিশেষত্বৰ বৰ্ণনা কৰা - সেইটো কম। প্ৰত্যকৰে বিশেষত্বক চোৱা, বিশেষত্বৰ বৰ্ণনা কৰা, তেওঁলোকৰ বিশেষত্বৰ দ্বাৰা তেওঁলোকক উৎসাহ-উদ্দীপনা যুগুৱা - এইটো কম। কিন্তু ব্যৰ্থ কথা যিবোৰ কথা, বাপাদাদাই এৰিবলৈ কয়, নিজৰতো এৰিবলৈ চেষ্টা কৰা, কিন্তু আনৰ চোৱাৰো অভ্যাস আছে। তাত বহুত সময় খৰচ হয়। বাপদাদাই এটা বিশেষ শ্ৰীমত দি আছে – হওঁতে গতানুগতিক কথা কিন্তু সময় বহুত নষ্ট হয়। বাণীত নম্ৰ হোৱা। বাণীত নম্ৰতা কম হ’ব নালাগে। লাগিলে সাধাৰণ শব্দই কোৱা, ভাবা যে এই ক্ষেত্ৰততো ক’বই লাগিব নহয়! কিন্তু নম্ৰতাৰ সলনি যদি কোনোবাই কৰ্তৃত্বৰে, নম্ৰতাসূচক বচন নকয় তেন্তে অলপ কাৰ্যৰ, পদমৰ্যাদাৰ, 5 শতাংশ অভিমান দেখা যায়। নম্ৰতা ব্ৰাহ্মণ জীৱনৰ বিশেষ অলংকাৰ। মনত, বাণীত, কথাত, সমন্ধ-সম্পৰ্কত... নম্ৰতা থাকক। এনেকুৱা নহয় যে তিনিটা কথাততো মই নম্ৰ, এটাত কম তেন্তে কি হ’ল! কিন্তু সেই এটাৰ অভাৱে সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ নিদিব। নম্ৰতাই মহানতা। এয়া (নম্ৰ হোৱাটো) নতশিৰ হোৱা নহয়, নতশিৰ কৰোৱাহে। বহুত সন্তানে ধেমালিতে এনেকৈ কৈ দিয়ে যে কি মইহে নতশিৰ হ’ব লাগে, এৱোঁতো নতশিৰ হওঁক। কিন্তু এয়া নতশিৰ হোৱা নহয়, বাস্তৱত পৰমাত্মাকো নিজৰ আগত নতশিৰ কৰোৱা, আত্মাৰতো কথাই বাদ দিয়া। নম্ৰতাই নিৰহংকাৰী স্বতঃ কৰি দিয়ে। নিৰহংকাৰী হ’বলৈ পুৰুষাৰ্থ কৰিবলগীয়া নহয়। নম্ৰতাই প্ৰত্যকৰ মনত তোমালোকৰ কাৰণে স্নেহৰ স্থান সৃষ্টি কৰি দিয়ে। নম্ৰতাৰ বাবে প্ৰত্যকে মনেৰে তোমালোকক আশীৰ্বাদ দিব। বহুত আশীৰ্বাদ পাবা। আশীৰ্বাদ, পুৰুষাৰ্থত ‘লিফ্‌ট’ৰ পৰাও ৰকেট হৈ যাব। নম্ৰতা এনেকুৱা বস্তু। কোনোবা যেনেকুৱাই নহওঁক, লাগিলে ব্যস্ত হৈ থাকক, কঠোৰ হৃদয়ৰ হওঁক বা ক্ৰোধী হওঁক, কিন্তু নম্ৰতা তোমালোকক সকলোৰে দ্বাৰা সহযোগ প্ৰাপ্ত কৰোৱাৰ নিমিত্ত হৈ যাব। নম্ৰ ব্যক্তিয়ে, প্ৰত্যেকৰ সংস্কাৰেৰে নিজক চলাব পাৰে। সঁচা সোণ হোৱাৰ বাবে নিজক খাপ খুৱাই লোৱাৰ বিশেষত্ব থাকে। বাপদাদাই দেখিছে যে কথা বতৰাত, সমন্ধ-সম্পৰ্ক আৰু সেৱাতো ইজনৰ সিজনৰ প্ৰতি থকা নম্ৰ স্বভাৱে বিজয় প্ৰাপ্ত কৰাই দিয়ে, সেয়েহে এইটো বৰ্ষত বাপদাদাই বিশেষকৈ নম্ৰ, নিৰ্মল বৰ্ষ নাম দি আছে। বৰ্ষ উদ্‌যাপন কৰিবা নহয়।

বাপদাদাই প্ৰতিগৰাকী সন্তানক এইটো বছৰত ব্যৰ্থৰ পৰা মুক্ত হোৱাটো চাব বিচাৰে। মুক্তি বৰ্ষ উদ্‌যাপন কৰা। যি অভাৱ আছে, সেই অভাৱক মুক্তি দিয়া, কিয়নো যেতিয়ালৈকে মুক্তি নিদিয়া মুক্তিধামলৈ পিতাৰ লগত যাব নোৱাৰিবা। তেন্তে মুক্তি দিবানে? মু্ক্তি বৰ্ষ উদ্‌যাপন কৰিবানে? যিসকলে উদ্‌যাপন কৰিবা তেওঁলোকে হাত এনেকুৱা কৰা। উদ্‌যাপন কৰিবানে? ইজনে সিজনক দেখিলা নহয়, উদ্‌যাপন কৰিবা নহয়! ভাল বাৰু। যদি মুক্তি বৰ্ষ উদ্‌যাপন কৰা তেন্তে বাপদাদাই হীৰা মুকুটা খোদিত থালীত বহুত বহুত অভিনন্দন, গ্ৰিটিংছ আৰু শুভেচ্ছা দিব। ভাল কথা, নিজকো মুক্ত কৰা। নিজৰ ভাতৃ-ভগ্নীসকলকো দুখৰ পৰা মুক্ত কৰা। বেচেৰাহঁতৰ মনৰ পৰাতো এইটোতো আনন্দৰ আৱাজ ওলাওঁক - আমাৰ পিতা আহি গ’ল। ঠিক আছে। বাৰু।

চাৰিওফালৰ সকলো সৰ্বশ্ৰেষ্ঠ পৱিত্ৰ আত্মাসকলক, সদায় নম্ৰ হৈ নিৰ্মাণ কৰোঁতা বাপদাদাৰ সমীপৰ আত্মাসকলক, সদায় নিজৰ পুৰুষাৰ্থৰ বিধি তীব্ৰ কৰি সম্পন্ন হওঁতা স্নেহী আত্মাসকলক, সদায় নিজৰ ৰাহিৰ ৰ্পুঁজি বৃদ্ধি কৰোঁতা তীব্ৰ পুৰুষাৰ্থী, তীব্ৰ বুদ্ধিমান সন্তানসকলক বিশাল বুদ্ধিৰ অভিনন্দন। স্নেহপূ্ৰ্ণ স্মৰণৰ লগতে সকলো সন্তানক নমস্কাৰ।

বৰদান:
এক বল, এক ভৰসাৰ আধাৰত মায়াক সমৰ্পিত কৰাওঁতা শক্তিশালী আত্মা হোৱা

এক বল, এক ভৰসা অৰ্থাৎ সদায় শক্তিশালী। য’ত এক বল এক ভৰসা আছে ত’ত কোনেও অস্থিৰ কৰিব নোৱাৰে। তেওঁলোকৰ সন্মুখত মায়া মূৰ্ছিত হৈ যায়, সমৰ্পিত হৈ যায়। মায়া সমৰ্পিত হৈ গ’লেতো সদায় বিজয়ী হয়েই। গতিকে এইটোৱে যাতে নিচা থাকে যে বিজয় আত্মাৰ জন্ম সিদ্ধ অধিকাৰ। এই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। অন্তৰত যাতে এইটো স্মৃতি জাগ্ৰত হৈ থাকে যে আমিয়েই কল্প কল্পৰ শক্তি আৰু পাণ্ডৱ বিজয়ী হৈছিলোঁ, বিজয়ী হওঁ আৰু পুনৰ বিজয়ী হ’ম।

স্লোগান:
নতুন সৃষ্টিৰ স্মৃতিৰে সৰ্বগুণক আহ্বান জনোৱা আৰু তীব্ৰগতিৰে আগবাঢ়ি যোৱা।

সূচনা: আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈকে বিশেষ দয়ালু, কৃপালু পিতাৰ লগত প্ৰত্যেক আত্মাৰ প্ৰতি দয়া, কৃপাৰ দৃষ্টি দিয়ক। সকলোকে আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওঁক।

পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সকলোৰে সহযোগী হ’বলৈ নিজৰ পুৰণা সংস্কাৰ দূৰ কৰিবলগীয়া হয়, যেতিয়া নিজৰ সংস্কাৰ দূৰ কৰিবা তেতিয়া আনে তোমালোকক নিজেই অনুসৰণ কৰিব। এক মই আৰু দ্বিতীয়তে পিতা। তৃতীয় কথা দেখিবলৈ পাবা কিন্তু দেখিও নাচাবা, নিজক আৰু পিতাক চোৱা। এইটোৱে শ্লোগান স্মৃতিত ৰাখা যে “নিজৰ পুৰণা সংস্কাৰ দূৰ কৰিম কিন্তু সকলোৰে সহযোগী হ’ম”।