20.11.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – মনমনাভৱৰ বশীকৰণ মন্ত্ৰৰ দ্বাৰাই তোমালোকে মায়াৰ ওপৰত জয়ী হ’ব পাৰা, এইটো মন্ত্ৰই সকলোকে সোঁৱৰাই দিয়া"

প্ৰশ্ন:
এই বেহদৰ ড্ৰামাত সকলোতকৈ জবৰদস্ত চাকৰ কোন কোন হয় আৰু কেনেকৈ ?

উত্তৰ:
এই পুৰণি জগতৰ চাফ চিকুণ কৰোতা সকলোতকৈ জবৰদস্ত চাকৰ হৈছে প্ৰাকৃতিক দুৰ্যোগ। ধৰণী অস্থিৰ হয়, বানপানী আহে, চাফা হৈ যায়। ইয়াৰ বাবে ভগৱানে কাকো নিৰ্দেশ নিদিয়ে। পিতাই কেনেকৈ সন্তানসকলক ধ্বংস কৰিব। এয়াটো ড্ৰামাত ভূমিকা আছে। ৰাৱণৰ ৰাজ্য নহয় জানো, ইয়াক ঈশ্বৰীয় দুৰ্যোগ বুলি কোৱা নহ’ব।

ওঁম্শান্তি।
পিতাই সন্তানসকলক বুজায় – সন্তানসকল, মনমনাভৱ হোৱা। এনেকুৱা নহয় যে সন্তানসকলে বহি পিতাক বুজাব পাৰে। সন্তানসকলেতো নকয় শিৱবাবা, মনমনাভৱ। নহয়। এনেয়েতো সন্তানসকলে পৰস্পৰ বহি বাৰ্তালাপ কৰে, ৰায় উলিয়ায় কিন্তু যি মূখ্য মহামন্ত্ৰ, সেয়াতো পিতায়ে দিয়ে। গুৰুসকলে মন্ত্ৰ দিয়ে। এইটো নিয়ম ক’ৰ পৰা ওলাল? এই পিতা যি নতুন সৃষ্টি ৰচনা কৰোঁতা, তেৱেঁ প্ৰথমে মনমনাভৱ মন্ত্ৰ দিছিল। ইয়াৰ নামেই হ’ল বশীকৰণ মন্ত্ৰ অৰ্থাৎ মায়াৰ ওপৰত জয়ী হোৱাৰ মন্ত্ৰ। এয়া কোনো ভিতৰত জপ কৰা নহয়। এয়াতো বুজিবলগীয়া কথা। পিতাই অৰ্থ সহিত বুজায়। গীতাত থাকিলেও কিন্তু অৰ্থ কোনেও নুবুজায়। এয়া গীতাৰ খণ্ডও হয়। মাত্ৰ নাম সলনি কৰি দিয়া হৈছে। কিমান ডাঙৰ ডাঙৰ কিতাপ আদি ভক্তিমাৰ্গত লিখা হৈছিল। বাস্তৱততো পিতাই বহি সন্তানসকলক বুজায়। পিতাৰ আত্মাত জ্ঞান আছে। সন্তানসকলৰো আত্মাইহে জ্ঞান ধাৰণ কৰে। বাকী এই চিত্ৰ আদিবোৰ তৈয়াৰ কৰি কেৱল সহজ কৰি দিয়া হৈছে। তোমালোক সন্তানসকলৰতো বুদ্ধিত এই সকলো জ্ঞান আছে। তোমালোকে সঠিকভাৱে জানা যে আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল আৰু কোনো খণ্ড নাছিল। তাৰপাছত এই খণ্ডবোৰ যোগ হৈছে। তেন্তে সেইবোৰ চিত্ৰ এটা কোণাত ৰাখি থ’ব লাগে। য’ত তোমালোকে দেখুওৱা যে ভাৰতত এওঁলোকৰ ৰাজ্য আছিল তেতিয়া অন্য কোনো ধৰ্ম নাছিল। এতিয়াতো কিমান ধৰ্ম আছে পুনৰ এই সকলোবোৰ নাথাকিব। এয়া হৈছে পিতাৰ বুদ্ধি। সেই লোকসকলৰ কিমান চিন্তা লাগি থাকে। তোমালোক সন্তানসকলে বুজি পোৱা যে এয়াতো একেবাৰে ঠিক। লিখাও আছে যে পিতা আহি ব্ৰহ্মাবাবাৰ দ্বাৰা স্থাপনা কৰিব। কাৰ? নতুন সৃষ্টিৰ। যমুনাৰ কন্ঠত ৰাজধানী। তাত এটাই ধৰ্ম থাকে। বৃক্ষ একেবাৰে সৰু, এই বৃক্ষৰ জ্ঞানো পিতাই দিয়ে। চক্ৰৰ জ্ঞান দিয়ে, সত্যযুগত এটাই ভাষা আছিল, আৰু কোনো ভাষা নাথাকিব। তোমালোকে সিদ্ধ কৰিব পাৰা যে এখনেই ভাৰত আছিল, এখনেই ৰাজ্য আছিল, এটাই ভাষা আছিল। স্বৰ্গত সুখ-শান্তি আছিল। দুখৰ নাম-চিহ্ন নাছিল। স্বাস্থ্য, সম্পদ, সুখ সকলো আছিল। ভাৰত যেতিয়া নতুন আছিল তেতিয়া আয়ুসো বহুত দীঘলীয়া আছিল কাৰণ পৱিত্ৰতা আছিল। পৱিত্ৰতাত মনুষ্য স্বাস্থ্যৱান হৈ থাকে। অপৱিত্ৰতাত চোৱা মনুষ্যৰ কেনেকুৱা অৱস্থা হৈ যায়। বহি থাকোঁতে অকাল মৃত্যু হৈ যায়। ডেকাও মৰি যায়। কিমান দুখ হয়। তাত অকাল মৃত্যু নহয়। পূৰ্ণ বয়স্ক হয়। পূৰ্ণ আয়ুস জীয়াই থাকে। বৃদ্ধকাললৈকে কোনো নমৰে।

কাৰোবাক বুজালে এইটো বুদ্ধিত ধাৰণ কৰাব লাগে - বেহদৰ পিতাক স্মৰণ কৰা, তেৱেঁই পতিত পাৱন, তেৱেঁই সৎগতি দাতা। তোমালোকৰ ওচৰত সেই নক্সাও থাকিব লাগে তেতিয়া সিদ্ধ কৰি বুজাব পাৰিবা। আজিৰ নক্সা এয়া, কাইলৈৰ নক্সা এয়া। কিছুমানেতো ভাল ৰীতিৰে শুনেও। এয়া সম্পূৰ্ণ বুজাব লাগে। এই ভাৰত হৈছে অবিনাশী খণ্ড। যেতিয়া এই দেৱী-দেৱতাৰ ধৰ্ম আছিল তেতিয়া আৰু বেলেগ কোনো ধৰ্ম নাছিল। এতিয়া সেই আদি সনাতন দেৱী-দেৱতা ধৰ্ম নাই। এয়া লক্ষ্মী-নাৰায়ণ ক’লৈ গ’ল, কোনেও ক’ব নোৱাৰিব। কাৰো সাহস নাই ক’বলৈ। তোমালোক সন্তানসকলে ভালদৰে ৰহস্যযুক্ত কথা বুজাব পাৰা। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ কোনো দৰকাৰ নাই। তোমালোকে সকলো জানা আৰু আকৌ পুনৰাবৃত্তিও কৰিব পাৰা। তোমালোকে যিকোনো লোককে সুধিব পাৰা – এওঁলোক ক’লৈ গ’ল? তোমালোকৰ প্ৰশ্ন শুনি আচম্বিত হৈ যাব। তোমালোকেতো নিশ্চয়তাৰে কোৱা, কেনেকৈ এওঁলোকেও 84 জন্ম লয়। বুদ্ধিততো আছে নহয়। তোমালোকে তৎক্ষণাত ক’বা যে সত্যযুগত নতুন সৃষ্টিত আমাৰ ৰাজ্য আছিল। এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। আন কোনো ধৰ্ম নাছিল। সকলো নতুন। প্ৰতিটো বস্তু সতোপ্ৰধান হয়। সোণো কিমান প্ৰচুৰ পৰিমাণে আছিল। কিমান সহজে আহৰণ কৰে, যি আকৌ ইটাৰ ঘৰ আদি সাজে। তাততো সকলো সোণৰ হয়। খনিবোৰ সকলো নতুন হ’ব। কৃত্ৰিমতো নোলায় কাৰণ আচলতো বহুত আছে। এয়াত আচলৰ নামেই নাই। কৃত্ৰিমৰ কিমান প্ৰভাৱ সেইবাবে কোৱা হয় - মিছা মায়া, মিছা কায়া……। সম্পত্তিও মিছা। এনেকুৱা হীৰা–মুকুতা উলিয়ায় যে গমেই পোৱা নাযায় যে সঁচা নে মিছা? ইমান প্ৰদৰ্শন কৰা হয় যে চিনাক্ত কৰিব নোৱাৰি – সঁচা নে মিছা? তাততো এনেকুৱা মিছা বস্তু আদি নাথাকে। বিনাশ হ’লে তেতিয়া সকলো ধৰণীৰ তলত গুচি যায়। ইমান ডাঙৰ ডাঙৰ পাথৰ, হীৰা আদি ঘৰত লগায়। সেইবোৰ ক’ৰ পৰা আহিল, কোনে সেয়া কাটে? ভাৰততো বহুত নিপুণ আছে, বুদ্ধিমান হৈ গৈ থাকিব। আকৌ তাত এই বুদ্ধিমত্তা লৈ আহিব। মুকুট আদি জানো কেৱল হীৰাৰে গঢ়িব। সেয়াতো একেবাৰে পৰিশোধিত আচল হীৰা। এই বিজুলি, টেলিফোন, মটৰ আদি আগতে একো নাছিল। বাবাৰ এইটো জীৱনতে কি কি ওলাইছে। এইবোৰ ওলোৱাৰ 100 বছৰ হৈছে। তাততো বহুত নিপুণ থাকে। এতিয়াও শিকি থাকে। বুদ্ধিমান হৈ গৈ থাকে। এয়াও সন্তানসকলক সাক্ষাৎকাৰ কৰোৱা হয়। তাত হেলীকপ্টাৰো পূৰা সুৰক্ষিত হয়। সন্তানো বহুত সতোপ্ৰধান বুদ্ধিৰ হয়। অলপ আগলৈ গ’লে তোমালোকৰ সকলো সাক্ষাৎকাৰ হৈ থাকিব। যিমানে নিজৰ দেশৰ ওচৰত আহে তেতিয়া গছ-বিৰিখ দেখা যায় নহয়। অন্তৰ আনন্দিত হৈ থাকে, এতিয়া ঘৰ গৈ পাম। অন্তিমত তোমালোকৰো এনেকুৱা সাক্ষাৎকাৰ হৈ থাকিব। সন্তানসকলে বুজি পায় যে পিতা আটাইতকৈ মৰমৰ। তেওঁ হয়েই পৰম আত্মা। তেওঁক সকলোৱে স্মৰণো কৰে। ভক্তিমাৰ্গত তোমালোকেও পৰমাত্মাক স্মৰণ কৰিছিলা নহয়। কিন্তু তেওঁলোকে এইটো নাজানিছিলা যে তেওঁ ডাঙৰ নে সৰু। গায়নো কৰে ভ্ৰূকুটিৰ মাজত জিলিকে আচৰিত তৰা…. তেন্তে নিশ্চয় বিন্দু সদৃশ হ’ব নহয়। তেৱেঁকে পৰম আত্মা মানে পৰমাত্মা বুলি কোৱা হয়। তেওঁৰ গুণতো সকলো আছেই। জ্ঞানৰ সাগৰ হয়, কি জ্ঞান শুনাব। সেয়াতো যেতিয়া শুনাব তেতিয়াহে গম পাব নহয়। তোমালোকেও প্ৰথমে গম পাইছিলা জানো, কেৱল ভক্তিহে জানিছিলা। এতিয়াতো বুজি পোৱা যে বিস্ময়কৰ, আত্মাকো এই দুচকুৰে দেখা পোৱা নাযায় সেয়েহে পিতাকো পাহৰি যায়। ড্ৰামাত ভূমিকাই এনেকুৱা যে যাক বিশ্বৰ মালিক কৰি তোলে তেওঁৰ নাম দি দিয়ে আৰু গঢ়ি তোলোঁতাজনৰ নাম লুপ্ত কৰি দিয়ে। শ্ৰীকৃষ্ণক ত্ৰিলোকীনাথ, বৈকুণ্ঠনাথ বুলি কৈ দিছে, অৰ্থ একো বুজি নাপায়। মাথো মহিমা কৰি দিয়ে। ভক্তিমাৰ্গত অনেক ৰচি দিছে। কয় যে ভগৱানৰ ইমান শক্তি আছে, তেওঁ হাজাৰ হাজাৰ সূৰ্যতকৈ তেজোময়, সকলোকে ভস্ম কৰি দিব পাৰে। এনেকুৱা এনেকুৱা কথা ৰচি দিছে। পিতাই কয় - মই সন্তানসকলক কেনেকৈ জ্বলাম! এয়াতো হ’ব নোৱাৰে। সন্তানসকলক পিতাই ধ্বংস কৰিব জানো? নহয়। এয়াতো ড্ৰামাত ভূমিকা আছে। পুৰণি সৃষ্টি সমাপ্ত হ’ব। পুৰণি সৃষ্টিৰ বিনাশৰ বাবে এই প্ৰাকৃতিক দুৰ্যোগ সকলো হৈছে বনুৱা। কিমান শক্তিশালী বনুৱা। এনেকুৱা নহয় যে প্ৰাকৃতিক দুৰ্যোগ আদিয়ে পিতাৰ নিৰ্দেশ পাইছে যে ধ্বংস কৰা। নহয়, ধুমুহা লাগে, আকাল হয়। ভগৱানে জানো কয় যে এইবোৰ কৰা? কেতিয়াও নকয়। এয়াতো ড্ৰামাত ভূমিকা আছে। পিতাই নকয় যে বোমা তৈয়াৰ কৰা। এয়া সকলো ৰাৱণৰ মতে ক’ব। এইখন ৰচি থোৱা ড্ৰামা। ৰাৱণৰ ৰাজ্য সেয়েহে আসুৰি বুদ্ধিৰ হৈ যায়। কিমান মৰে। শেষত সকলো জ্বলাই দিব। এইখন ৰচি থোৱা খেল, যি আকৌ পুনৰাবৃত্তি হয়। কিন্তু এনেকুৱা নহয় যে শংকৰে চকু মেলিলে বিনাশ হৈ যায়, এইবোৰক ঈশ্বৰীয় দুৰ্যোগ বুলিও কোৱা নহ’ব। এয়া প্ৰাকৃতিকেই হয় ।

এতিয়া পিতাই তোমালোকক শ্ৰীমত দি আছে। কাকো দুখ আদি দিয়া কথা নহয়। পিতাতো হয়েই সুখৰ মাৰ্গ-দৰ্শন কৰোঁতা। ড্ৰামাৰ পৰিকল্পনা অনুসৰি ঘৰ পুৰণা হৈয়েই গৈ থাকিব। পিতায়ো কয় - এই গোটেই জগতখন পুৰণা হৈ গৈছে। এয়া নাশ হৈ যাব লাগে। নিজৰ মাজত কেনেকৈ কাজিয়া কৰে চোৱা। আসুৰি বুদ্ধিৰ হয় নহয়। ঈশ্বৰীয় বুদ্ধি থাকিলে কোনো মৰা আদিৰ কথা নাই। পিতাই কয় - মইতো সকলোৰে পিতা। মোৰ সকলোৰে প্ৰতি মৰম আছে। বাবাই ইয়াত থকা সকলে চায় আকৌ অনন্য সন্তানসকলৰ ফালে দৃষ্টি যায়, যিসকলে বহুত প্ৰেমেৰে পিতাক স্মৰণ কৰে। সেৱাও কৰে। ইয়াত বহি থাকিও পিতাৰ দৃষ্টি সেৱাধাৰী সন্তানসকলৰ ফালে গুচি যায়। কেতিয়াবা দেহৰাদুন, কেতিয়াবা মেৰঠ, কেতিয়াবা দিল্লী….. যিসকল সন্তানে মোক স্মৰণ কৰে ময়ো তেওঁলোকক স্মৰণ কৰোঁ। যিয়ে মোক স্মৰণ নকৰে তথাপিও মই সকলোকে স্মৰণ কৰোঁ কাৰণ সকলোকে মই লৈ যাব লাগে নহয়। হয়, যি মোৰ দ্বাৰা সৃষ্টিৰ চক্ৰৰ জ্ঞান বুজি পায় ক্ৰমানুসৰি তেওঁ আকৌ উচ্চ পদ পাব। এয়া বেহদৰ কথা। সেই শিক্ষক আদি হৈছে হদৰ। এয়া হৈছে বেহদৰ। তেন্তে সন্তানসকলৰ ভিতৰি কিমান আনন্দিত হ’ব লাগে। পিতাই কয় - সকলোৰে ভূমিকা একেনিচিনা হ’ব নোৱাৰে, এওঁৰতো ভূমিকা আছিল। কিন্তু অনুসৰণ কৰোঁতা কোটিৰ মাজত কোনোবা ওলাল। এনেকৈ কয় – পিতা, আমি 7 দিনৰ সন্তান, এদিনৰ সন্তান। তেন্তে শিশু নহ’লা জানো। সেইবাবে পিতাই সকলো কথা বুজায় থাকে। নদীও যথাযথ পাৰ কৰি আহিছিলা। পিতা অহাৰ পাছতহে জ্ঞান আৰম্ভ হৈছে। তেওঁৰ কিমান মহিমা। সেই গীতাৰ অধ্যায়তো তোমালোকে জন্ম-জন্মান্তৰ কিমান বাৰ পঢ়িছা। পাৰ্থক্য চোৱা কিমান। ক’ত শ্ৰীকৃষ্ণ ভগৱানুবাচ, ক’ত শিৱ পৰমাত্মা বাচ। ৰাতি দিনৰ পাৰ্থক্য আছে। তোমালোকৰ বুদ্ধিত এতিয়া আছে যে আমি সত্যখণ্ডত আছিলোঁ, সুখো বহুত দেখিছোঁ। চাৰি ভাগৰ তিনি ভাগ সুখ দেখা। পিতাই ড্ৰামাখন সুখৰ বাবে ৰচিছে, দুখৰ কাৰণে নহয়। এয়াতো পাছত তোমালোকে দুখ পাইছা। যুদ্ধতো ইমান সোনকালে লাগিব নোৱাৰে। তোমালোকে বহুত সুখ পোৱা। আধা আধা হ’লেও ইমান মজা নালাগে। চাৰে তিনি হাজাৰ বছৰতো একো যুদ্ধ নাছিল। বেমাৰ আদি নাছিল। ইয়াততো চোৱা এটা বেমাৰৰ পিছত আন এটা বেমাৰ লাগি আছে। সত্যযুগততো এনেকুৱা পোক আদি থাকিব যিয়ে শস্য খাই পেলাব সেইবাবে সেইখনৰ নামেই হ’ল স্বৰ্গ। সেয়েহে বিশ্বৰ নক্সাও তোমালোকে দেখুৱাব লাগে তেতিয়াহে বুজিব পাৰিব। প্ৰকৃততে ভাৰত এয়া আছিল, আৰু কোনো ধৰ্ম নাছিল। আকৌ ক্ৰমানুসৰি ধৰ্ম প্ৰতিষ্ঠাপকসকল আহে। এতিয়া তোমালোক সন্তানসকলে বিশ্বৰ ইতিহাস-ভূগোল গম পোৱা। তোমালোকৰ বাহিৰে বাকী সকলোৱে কৈ দিব - নেতী নেতী, আমি পিতাক নাজানো। কৈ দিয়ে তেওঁৰ কোনো নাম, ৰূপ, দেশ, কাল নাই। নাম-ৰূপ নাথাকিলেতো কোনো দেশো থাকিব নোৱাৰে। একোৱে বুজি নাপায়। এতিয়া পিতাই তোমালোকক নিজৰ যথাৰ্থ পৰিচয় দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় অপাৰ আনন্দত থাকিবলৈ বেহদৰ পিতাই যি বেহদৰ কথা শুনায়, সেয়া মন্থন কৰিব লাগে আৰু পিতাক অনুসৰণ কৰি চলিব লাগে।

(2) সদায় স্বাস্থ্যৱান হৈ থাকিবলৈ ‘পৱিত্ৰতা’ ধাৰণ কৰিব লাগে। পৱিত্ৰতাৰ আধাৰত পিতাৰ পৰা স্বাস্থ্য, সম্পত্তি আৰু সুখৰ উত্তৰাধিকাৰ ল’ব লাগে।

বৰদান:
সৰ্ব প্ৰাপ্তিক স্মৃতিত জাগ্ৰত কৰি সদায় সম্পন্ন হৈ থাকোঁতা সন্তুষ্ট আত্মা হোৱা

সংগমযুগত বাপদাদাৰ দ্বাৰা যিয়েই প্ৰাপ্তি হৈছে তাৰ স্মৃতি জাগ্ৰত ৰূপত থাকিব লাগে। তেতিয়া প্ৰাপ্তিৰ আনন্দই কেতিয়াও তললৈ অস্থিৰতাত নানিব। সদায় অবিচলিত হৈ থাকিবা। সম্পন্নতাই অবিচলিত কৰি তোলে, অস্থিৰতাৰ পৰা মুক্ত কৰি দিয়ে। যি সৰ্ব প্ৰাপ্তিৰে সম্পন্ন তেওঁ সদায় ৰাজী, সদায় সন্তুষ্ট হৈ থাকে। সন্তুষ্টতা সকলোতকৈ ডাঙৰ সম্পদ। যাৰ সন্তুষ্টতা আছে তেওঁৰ ওচৰত সকলো আছে। তেওঁ এইটোৱে গীত গাই থাকে যে যি পাবলৈ আছিল সেয়া পাই গ’লোঁ।

স্লোগান:
স্নেহৰ দোলনাত বহি যোৱা তেতিয়া পৰিশ্ৰম স্বতঃ আঁতৰি যাব।


সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যিমানে এতিয়া তন, মন, ধন আৰু সময় লগোৱা, তাৰে মনৰ শক্তিসমূহৰ দ্বাৰা সেৱা কৰিলে বহুত কম সময়ত সফলতা অধিক পাবা। এতিয়া নিজৰ প্ৰতি যি কেতিয়াবা কেতিয়াবা পৰিশ্ৰম কৰিবলগীয়া হয় – নিজৰ স্বভাৱ পৰিৱৰ্তন কৰাৰ বা সংগঠত চলাৰ বা সেৱাত কেতিয়াবা কম সফলতা দেখি অন্তৰ দুখী কৰাৰ, এয়া সকলো সমাপ্ত হৈ যাব।