21.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ৰাতিপুৱা উঠি পিতাৰ সৈতে মধুৰ বাৰ্তালাপ কৰা, পিতাই যি শিক্ষা দিছে সেয়া মন্থন কৰি থাকা”

প্ৰশ্ন:
গোটেই দিনটো যাতে আনন্দেৰে অতিবাহিত হয়, তাৰ বাবে কোনটো যুক্তি ৰচনা কৰা উচিত?

উত্তৰ:
নিতৌ অমৃত বেলা উঠি জ্ঞানৰ কথাবোৰ মন্থন কৰা। নিজে নিজৰ লগত কথা পাতা। গোটেই ড্ৰামাৰ আদি-মধ্য-অন্ত স্মৃতিলৈ আনা, পিতাক স্মৰণ কৰা তেতিয়া গোটেই দিন আনন্দেৰে অতিবাহিত হ’ব। বিদ্যাৰ্থীয়ে নিজৰ পঢ়াৰ অনুশীলন কৰে। তোমালোক সন্তানসকলেও নিজৰ অনুশীলন কৰা।

গীত:
আজ অন্ধেৰে মে হে ইনচান… (মনুষ্য আজি অন্ধকাৰত…)

ওঁম্শান্তি।
কল্পৰ পাছত লগ পোৱা মৰমৰ সন্তানসকলে গীতটি শুনিলে। তোমালোক ভগৱানৰ সন্তান নহয় জানো। তোমালোকে জানা যে ভগৱানে আমাক মাৰ্গ-দৰ্শন কৰাই আছে। তেওঁলোকে মিনতি কৰি থাকে যে আমি অন্ধকাৰত আছোঁ কিয়নো ভক্তিমাৰ্গ হৈছে অন্ধকাৰৰ মাৰ্গ। ভক্তসকলে কয় – আমি আপোনাক সাক্ষাৎ কৰিবলৈ দিগভ্ৰান্ত হৈ ঘূৰি আছোঁ। কেতিয়াবা তীৰ্থলৈ যায়, কেতিয়াবা ক’ৰবাত দান পুণ্য কৰে, মন্ত্ৰ জপে। অনেক প্ৰকাৰৰ মন্ত্ৰ দিয়ে তথাপিও কোনোবাই বুজে জানো যে আমি অন্ধকাৰত আছোঁ। আলোক কি বস্তু – একোৱে বুজি নাপায়, কিয়নো অন্ধকাৰত আছে। এতিয়া তোমালোকতো অন্ধকাৰত নাই। তোমালোক বৃক্ষত প্ৰথমে আহা। নতুন সৃষ্টিত গৈ ৰাজ্য কৰা, আকৌ ছিৰি তললৈ নামা। ইয়াৰ মাজতে ইছলাম, বৌদ্ধ, খ্ৰীষ্টানসকল আহে। এতিয়া পিতাই পুনৰ পুলি ৰোপণ কৰি আছে। ৰাতিপুৱা উঠি এনেকুৱা জ্ঞানৰ কথাবোৰ মন্থন কৰা উচিত। এইখন কিমান ৱাণ্ডাৰফুল ড্ৰামা, এই ড্ৰামাৰ ফিল্ম ৰীলৰ সময়সীয়া 5000 বছৰ। সত্যযুগৰ আয়ুস ইমান, ত্ৰেতাৰ আয়ুস ইমান… বাবাৰো এই সকলো জ্ঞান আছে নহয়। সৃষ্টিত আন কোনেও নাজানে। সেয়েহে সন্তানসকলে ৰাতিপুৱা উঠি প্ৰথমেতো পিতাক স্মৰণ কৰিব লাগে আৰু আনন্দেৰে জ্ঞান স্মৰণ কৰিব লাগে। এতিয়া আমি গোটেই ড্ৰামাৰ আদি-মধ্য-অন্তক জানি গৈছোঁ। পিতাই কয় – কল্পৰ আয়ুস 5000 বছৰ। মনুষ্যই লাখ লাখ বছৰ বুলি কৈ দিয়ে। কিমান আচৰিত ড্ৰামা। পিতাই বহি যি শিক্ষা দিয়ে সেয়া আকৌ মন্থন কৰি থকা উচিত, অনুশীলন কৰা উচিত। বিদ্যাৰ্থীয়ে পঢ়াৰ অনুশীলন নকৰে জানো।

তোমালোক মৰমৰ সন্তানসকলে গোটেই ড্ৰামাখনক জানি গৈছা। বাবাই কিমান সহজ ৰীতিৰে শুনাইছে যে এইখন অনাদি, অবিনাশী ড্ৰামা। ইয়াত তোমালোক জয়ী হোৱা আকৌ পৰাজিত হোৱা। এতিয়া চক্ৰ পূৰা হ’ল, আমি এতিয়া ঘৰলৈ যাব লাগে। পিতাৰ আদেশ পাইছা – মোক পিতাক স্মৰণ কৰা। এই ড্ৰামাৰ জ্ঞান এজন পিতাইহে দিয়ে। নাটক জানো কেতিয়াবা লাখ লাখ বছৰৰ হয়। কাৰো স্মৃতিতে নাথাকিব। 5000 হাজাৰ বছৰৰ চক্ৰ, এই গোটেই চক্ৰ তোমালোকৰ বুদ্ধিত আছে। কিমান সুন্দৰ হৰা আৰু জিকাৰ খেল। ৰাতিপুৱা উঠি এনেকুৱা খেয়াল কৰা উচিত। আমাক বাবাই ৰাৱণৰ ওপৰত বিজয়ী কৰায়। ৰাতিপুৱা উঠি এনেকৈ নিজৰ লগত কথা পতা উচিত তেতিয়া অভ্যাস হৈ যাব। এই বেহদৰ নাটকক কোনেও নাজানে। ভাৱৰীয়া হৈ আদি-মধ্য-অন্তক নাজানে। এতিয়া আমি বাবাৰ দ্বাৰা লায়ক হৈ আছোঁ।

বাবাই নিজৰ সন্তানসকলক নিজৰ সমান কৰি তোলে। কেৱল নিজৰ সমানেই নহয়, পিতাইতো সন্তানসকলক কান্ধত উঠাই লয়। পিতাৰ সন্তানসকলৰ প্ৰতি কিমান স্নেহ আছে। কিমান ভালদৰে বুজায় - মৰমৰ সন্তানসকল, মই তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ। মই মালিক নহওঁ, তোমালোক সন্তানসকলক মালিক কৰি তোলোঁ। তোমালোক সন্তানসকলক ফুলৰ দৰে কৰি আকৌ শিক্ষক হৈ পঢ়াওঁ। আকৌ সৎগতিৰ বাবে জ্ঞান দি তোমালোকক শান্তিধাম-সুখধামৰ মালিক কৰি তোলোঁ। মইতো নিৰ্বাণধামত বহি যাওঁ। লৌকিক পিতায়ো পৰিশ্ৰম কৰি ধন উপাৰ্জন কৰি সকলো সন্তানসকলক দি নিজে বানপ্ৰস্থত গৈ ভজন আদি কৰে। কিন্তু ইয়াততো পিতাই কয় – যদি বানপ্ৰস্থ অৱস্থা হৈছে তেনেহ’লে সন্তানসকলক বুজাই তোমালোকে এই সেৱাত লাগি যাব লাগে। আকৌ গৃহস্থালিত আৱদ্ধ হৈ যাব নালাগে। তোমালোকে নিজৰ আৰু আনৰ কল্যাণ কৰি থাকা। এতিয়া তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা। পিতাই কয় – মই তোমালোকক বাণীৰ সিপাৰে লৈ যাবলৈ আহিছোঁ। অপৱিত্ৰ আত্মাসকলতো যাব নোৱাৰে। এয়া পিতাই সন্মুখত বুজাই আছে। মজাও সন্মুখতে পোৱা যায়। তাততো (সেৱাকেন্দ্ৰত) আকৌ সন্তানসকলে বহি বুজায়। ইয়াত পিতা সন্মুখত আছে, সেইবাবেতো মধুবনৰ মহিমা আছে। পিতাই কয় – ৰাতিপুৱা উঠাৰ অভ্যাস কৰা। মনুষ্যই ভক্তিও ৰাতিপুৱা উঠি কৰে কিন্তু তাৰ দ্বাৰাতো উত্তৰাধিকাৰ পোৱা নাযায়, উত্তৰাধিকাৰ পোৱা যায় ৰচয়িতা পিতাৰ পৰা। কেতিয়াও ৰচনাৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰে সেইবাবে কয় – আমি ৰচনাৰ আদি-মধ্য-অন্তক নাজানো। যদি তেওঁলোকে জানিলেহেঁতেন তেন্তে আৰম্ভণিৰ পৰা সকলো গম পালেহেঁতেন। সন্তানসকলে এইটোও বুজিব লাগে যে আমি কিমান শ্ৰেষ্ঠ ধৰ্মৰ আছিলোঁ আকৌ কেনেকৈ ধৰ্মভ্ৰষ্ট, কৰ্মভ্ৰষ্ট হ’লোঁ। মায়াই বুদ্ধিত গড্‌ৰেজৰ তলা লগাই দিয়ে সেইবাবে ভগৱানক কয় – আপুনি বুদ্ধিমানৰ বুদ্ধি, এওঁৰ বুদ্ধিৰ তলা খুলি দিয়ক। এতিয়াতো পিতাই সন্মুখত বুজাই আছে। মই জ্ঞানৰ সাগৰ হওঁ, তোমালোকক এওঁৰ (ব্ৰহ্মাৰ) দ্বাৰা বুজাওঁ। কি জ্ঞান? এয়া সৃষ্টি চক্ৰৰ আদি, মধ্য, অন্তৰ জ্ঞান যিটো কোনো মনুষ্যই দিব নোৱাৰে।

পিতাই কয় – সৎসংগ আদিত যোৱাতকৈ স্কুলত পঢ়াতো ভাল। পঢ়া হৈছে উপাৰ্জনৰ উৎস। সৎসংগতো একো পোৱা নাযায়। দান-পুণ্য কৰা, এইটো কৰা, উপহাৰ দিয়া, খৰচেই খৰচ। পইচাও দিয়া, নতশিৰো হোৱা, কপালেই ক্ষয় যায়। এতিয়া তোমালোক সন্তানসকলে যি জ্ঞান প্ৰাপ্ত কৰি আছা সেয়া স্মৃতিলৈ অনাৰ অভ্যাস কৰা আৰু আনকো বুজাব লাগে। পিতাই কয় – এতিয়া তোমালোক আত্মাত বৃহস্পতিৰ দশা চলি আছে। বৃহস্পতি ভগৱানে তোমালোকক পঢ়াই আছে, তোমালোক কিমান আনন্দিত হোৱা উচিত। ভগৱানে পঢ়াই আমাক ভগৱান-ভগৱতী কৰি তোলে, অহো! এনেকুৱা পিতাক যিমান স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হ’ব। এনেকৈ বিচাৰ সাগৰ মন্থন কৰাৰ অভ্যাস কৰা উচিত। ককাই আমাক এই পিতাৰ দ্বাৰা উত্তৰাধিকাৰ দি আছে। নিজে কয় – মই এই ৰথৰ আধাৰ লওঁ। তোমালোকে জ্ঞান পাই আছা নহয়। জ্ঞান গংগাবোৰে জ্ঞান শুনাই পৱিত্ৰ কৰি তোলে নে গংগাৰ পানীয়ে? এতিয়া পিতাই কয় – সন্তানসকল, তোমালোকে ভাৰতৰ সঁচা সেৱা কৰা। সেই সমাজ সেৱকসকলে হদৰ সেৱা কৰে। এয়া হ’ল সঁচা আত্মিক সেৱা। ভগৱানুবাচ পিতাই বুজায়, ভগৱান পুনৰ্জন্ম ৰহিত। শ্ৰীকৃষ্ণইতো পূৰা 84 জন্ম লয়। ‘গীতা’ত তেওঁৰ নাম লিখি দিছে। নাৰায়ণৰ নাম কিয় দিয়া নাই? এয়াও কোনেও নাজানে যে শ্ৰীকৃষ্ণই নাৰায়ণ হয়। শ্ৰীকৃষ্ণ ৰাজকুমাৰ আছিল পাছত ৰাধাৰ লগত সয়ম্বৰ হ’ল। এতিয়া তোমালোক সন্তানসকলে জ্ঞান পাইছা। বুজি পোৱা যে শিৱবাবাই আমাক পঢ়ায়। তেওঁ বাবাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। সৎগতি দিয়ে। উচ্চতকৈও উচ্চ ভগৱান শিৱই হয়। তেওঁ কয় – মোৰ নিন্দা কৰোঁতাসকলে উচ্চ স্থান পাব নোৱাৰে। সন্তানসকলে যদি নপঢ়ে তেন্তে শিক্ষকৰ সন্মান হানি হয়। পিতাই কয় – তোমালোকে মোৰ সন্মান হানি নকৰাবা। পঢ়ি থাকা। লক্ষ্য-উদ্দ্যেশ্যতো সন্মুখত ৰাখি থোৱা আছে। আকৌ সেই গুৰুসকলে নিজৰ কাৰণে কৈ দিয়ে, যাৰ বাবে মনুষ্য ভয়-ভীত হৈ যায়। তেওঁলোকে ভাবে – কোনো অভিশাপ যাতে নিদিয়ে। গুৰুৰ পৰা পোৱা মন্ত্ৰই শুনাই থাকে। সন্ন্যাসীসকলক সোধা হয় – আপোনালোকে ঘৰ-সংসাৰ কিয় এৰিলে? তেতিয়া কয় – এই ব্যক্ত কথাবোৰ নুসুধিব। হেৰ’, কিয় নকয়? আমি কি জানো আপুনি কোন? তীক্ষ্ণ বুদ্ধিৰসকলে এনেকুৱা কথা সোধে। অজ্ঞান কালত কিছুমানৰ নিচা থাকে। স্বামী নাৰায়ণ স্বামী ৰাম তীৰ্থৰ অনন্য শিষ্য আছিল। তেওঁৰ কিতাপ আদি বাবাই পঢ়িছিল। বাবাৰ এই সকলো পঢ়াৰ চখ আছিল। সৰুকালত বৈৰাগ্য উপজিছিল। পাছত এবাৰ এখন চিনেমা চালে আৰু বৃত্তি বেয়া হৈ গ’ল। সাধু বৃত্তি সলনি হৈ গ’ল। সেয়েহে, এতিয়া পিতাই বুজায় – সেই সকলো গুৰু আদি হৈছে ভক্তিমাৰ্গৰ। সকলোৰে সৎগতিদাতাতো এজনেই, যাক সকলোৱে স্মৰণ কৰে। এনেকৈ গায়ো – মোৰতো এজন গিৰিধৰ গোপাল, দ্বিতীয় কোনো নাই। শ্ৰীকৃষ্ণক গিৰিধৰ বুলি কোৱা হয়। আচলতে গালি এই ব্ৰহ্মাই খায়। শ্ৰীকৃষ্ণৰ আত্মাই যেতিয়া অন্ত সময়ত গাওঁৰ ল’ৰা তমোপ্ৰধান হয় তেতিয়া গালি খাবলগীয়া হয়। প্ৰকৃততেতো এয়াই (ব্ৰহ্মাৰ আত্মা) শ্ৰীকৃষ্ণৰ আত্মা নহয় জানো। গাওঁত পালিত হৈছে। ৰাস্তাৰে গৈ থাকোঁতে ব্ৰাহ্মণ ফাঁচি গ’ল অৰ্থাৎ বাবা প্ৰৱেশ কৰিলে, কিমান গালি খালে। আমেৰিকালৈকে আৱাজ গুচি গ’ল। আচৰিত ড্ৰামা। এতিয়া তোমালোকে জানা সেয়েহে আনন্দিত হোৱা। এতিয়া পিতাই বুজায় – এই চক্ৰ কেনেকৈ ঘূৰে? আমি কেনেকুৱা ব্ৰাহ্মণ আছিলোঁ আকৌ দেৱতা, ক্ষত্ৰিয়.... হ'লোঁ। এয়া হৈছে 84ৰ চক্ৰ। এয়া সকলো স্মৃতিত থাকিব লাগে। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানিব লাগে যিটো কোনেও নাজানে। তোমালোক সন্তানসকলে বুজি পোৱা – আমি বিশ্বৰ মালিক হওঁগৈ, এই ক্ষেত্ৰত কোনো কষ্টতো নাই। এনেকৈ জানো কয় যে আসন আদি কৰা। হঠযোগ কেনেকৈ শিকায় তাৰ কথাই নুসুধিবা! কিছুমানৰ মগজেই নষ্ট হৈ যায়। পিতাই কিমান সহজ উপাৰ্জন কৰায়। এয়া 21 জন্মৰ কাৰণে সঁচা উপাৰ্জন। তোমালোকৰ হাতত স্বৰ্গ আছে। পিতাই সন্তানসকলৰ বাবে স্বৰ্গক উপহাৰ হিচাপে লৈ আহে। আন কোনো মনুষ্যই এনেকৈ ক’ব নোৱাৰে। পিতাইহে কয়, এওঁৰ আত্মায়ো শুনে। গতিকে সন্তানসকলে ৰাতিপুৱা উঠি এনেকৈ বিচাৰ কৰা উচিত। ভক্ত লোকসকলেও ৰাতিপুৱা গুপ্তভাৱে (জোলোঙাৰ ভিতৰত) মালা জপ কৰে। সেই জোলোঙাক গোমুখ বুলি কয়। তাৰ ভিতৰত হাত ভৰাই মালা জপ কৰে। ৰাম ৰাম… যেন বাদ্যহে বাজে। প্ৰকৃততে পিতাক স্মৰণ কৰাটোহে গুপ্ত হয়। অজপাজপ বুলি ইয়াকে কোৱা হয়। আনন্দিত হৈ থাকে, কিমান আচৰিত ড্ৰামা। এয়া বেহেদৰ নাটক যিখন তোমালোকৰ বাহিৰে আন কাৰো বুদ্ধিত নাই। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আছে। হওতে বহুত সহজ। আমাকতো এতিয়া ভগৱানে পঢ়ায়। বচ্‌ তেওঁকেই স্মৰণ কৰিব লাগে। উত্তৰাধিকাৰো তেওঁৰ পৰা পোৱা যায়। এই বাবাইতো তৎক্ষণাৎ সকলো এৰি দিলে কিয়নো মাজতে বাবাৰ প্ৰৱেশতা হৈছিল নহয়। সকলো এই মাতাসকলক অৰ্পণ কৰি দিলে। পিতাই ক’লে – ইমান বিশাল স্থাপনা কৰিব লাগে, সকলো এই সেৱাত লগাই দিয়া। এটা পইচাও কাকো দিব নালাগে। ইমান নিৰ্মোহী হোৱা উচিত। লক্ষ্য অতি উচ্চ। মীৰাই লোকৰাজ বিকাৰী কুলৰ মৰ্যাদা ত্যাগ কৰিছিল সেয়েহে তেওঁৰ কিমান নাম। এই কন্যাসকলেও কয় – আমি বিয়া নকৰাওঁ। লাখপতিয়ে হওঁক বা যিয়েই নহওঁক, আমিতো বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল’ম। সেয়েহে এনেকুৱা নিচা জাগিব লাগে। সন্তানসকলক বেহদৰ পিতাই বহি অলংকৃত কৰে। এই ক্ষেত্ৰত পইচা আদিৰ দৰকাৰো নাই। বিয়াৰ দিনা বনবাসত বহুৱায়, পুৰণি ফটা কাপোৰ আদি পিন্ধায়। আকৌ বিয়াৰ পাছত নতুন কাপোৰ, অলংকাৰ আদি পিন্ধায়। এই পিতাই কয় – মই তোমালোকক জ্ঞান ৰত্নেৰে অলংকৃত কৰোঁ, আকৌ তোমালোক লক্ষ্মী-নাৰায়ণ হ’বাগৈ। এনেকৈ আৰু কোনেও ক’ব নোৱাৰে।

পিতাহে আহি পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ স্থাপনা কৰে, সেইবাবে বিষ্ণুৰো 4 খন হাত দেখুৱায়। শংকৰৰ লগত পাৰ্ৱতী, ব্ৰহ্মাৰ লগত সৰস্বতীক দেখুৱাইছে। এতিয়া ব্ৰহ্মাৰ কোনো স্ত্ৰীতো নাই। এওঁতো পিতাৰ হৈ গ’ল। কিমান আচৰিত কথা। মাতা-পিতাতো এওঁ নহয় জানো। এওঁ প্ৰজাপিতাও হয়, আকৌ এওঁৰ দ্বাৰা পিতাই ৰচনা কৰে গতিকে 'মা'ও হৈ গ'ল। সৰস্বতী ব্ৰহ্মাৰ জীয়ৰী বুলি গায়ন কৰা হয়। এই সকলো কথা পিতাই বহি বুজায়। যেনেকৈ বাবাই ৰাতিপুৱা উঠি বিচাৰ সাগৰ মন্থন কৰে, সন্তানসকলেও অনুসৰণ কৰিব লাগে। তোমালোক সন্তানসকলে জানা এয়া হৰা-জিকাৰ আচৰিত খেল ৰচি থোৱা আছে, এয়া দেখি আনন্দিত হোৱা যায়, ঘৃণা নাজাগে। আমি এয়া বুজি পাওঁ, আমি গোটেই নাটকৰ আদি-মধ্য-অন্তক জানি গৈছোঁ, সেইবাবে ঘৃণাৰতো কথাই নাই। তোমালোক সন্তানসকলে পৰিশ্ৰমো কৰিব লাগে। গৃহস্থালিত থাকিব লাগে, পাৱন হোৱাৰ দায়িত্বও পালন কৰিব লাগে। আমি যুগল একেলগে থাকি পৱিত্ৰ সৃষ্টিৰ মালিক হ’মগৈ। আকৌ কিছুমানতো অকৃতকাৰ্যও হৈ যায়। বাবাৰ হাতত কোনো শাস্ত্ৰ আদি নাই। এয়াতো শিৱবাবাই কয় – মই ব্ৰহ্মাৰ দ্বাৰা তোমালোকক সকলো বেদ-শাস্ত্ৰৰ সাৰ শুনাওঁ, শ্ৰীকৃষ্ণই নহয়। কিমান পাৰ্থক্য আছে। ভাল বাৰু!

অতিকৈ মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পঢ়াৰ প্ৰতি পূৰা ধ্যান দিব লাগে। এনেকুৱা কোনো কৰ্ম যাতে নহয় যাৰ দ্বাৰা পিতা, শিক্ষক আৰু সৎগুৰুৰ নিন্দা হয়। সন্মান হানি হ’ব পৰা কোনো কৰ্ম কৰিব নালাগে।

(2) বিচাৰ সাগৰ মন্থন কৰাৰ অভ্যাস কৰিব লাগে। পিতাৰ পৰা যি জ্ঞান পাইছা সেয়া সোঁৱৰি অপাৰ আনন্দত থাকিব লাগে। কাকো ঘৃণা কৰিব নালাগে।

বৰদান:
সম্পূৰ্ণতাৰ ৰশ্মিৰে অজ্ঞানৰ পৰ্দা আঁতৰ কৰোঁতা চাৰ্চ লাইট হোৱা

এতিয়া প্ৰত্যক্ষতাৰ সময় সমীপত আহি আছে সেই কাৰণে অন্তৰ্মুখী হৈ সূক্ষ্ম অনুভৱৰ ৰত্নৰে নিজক ভৰপূৰ কৰা, এনেকুৱা চাৰ্চ লাইট হোৱা যাতে তোমালোকৰ সম্পূৰ্ণতাৰ ৰশ্মিৰে অজ্ঞানৰ পৰ্দা আঁতৰি যায় কিয়নো তোমালোক ধৰণীৰ তৰা এই বিশ্বক অস্থিৰতাৰ পৰা ৰক্ষা কৰি সংসাক স্বৰ্ণিম সংসাৰ কৰি তোলোঁতা হোৱা। তোমালোক পুৰুষোত্তম আত্মাসকল বিশ্বক সুখ-শান্তিৰ শ্বাস প্ৰদান কৰাৰ নিমিত্ত হোৱা।

স্লোগান:
মায়া আৰু প্ৰকৃতিৰ আকৰ্ষণৰ পৰা দূৰৈত থাকা তেতিয়া সদায় হৰ্ষিত হৈ থাকিবা।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেতিয়া মনেৰে সদায় শুভ-ভাৱনা আৰু শুভ-আশীৰ্বাদ দিয়াৰ স্বভাৱসিদ্ধ অভ্যাস হৈ যাব তেতিয়া তোমালোকৰ মন ব্যস্ত হৈ যাব। মনত যি অস্থিৰতাৰ সৃষ্টি হয়, তাৰ পৰা স্বতঃ কাষৰীয়া হৈ যাবা। নিজৰ পুৰুষাৰ্থত কেতিয়াবা যি হতাশ হৈ যোৱা সেয়া নহ’ব। যাদুমন্ত্ৰ হৈ যাব।