21.02.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ হ’লে বুদ্ধিযোগ অলপো দিগভ্ৰান্ত হ’ব নালাগে, এজন
পিতাৰ স্মৃতি থাকিব লাগে, দেহক স্মৰণ কৰাসকলে উচ্চ পদ পাব নোৱাৰে"
প্ৰশ্ন:
সকলোতকৈ উচ্চ
লক্ষ্য কোনটো?
উত্তৰ:
আত্মা জীৱন্তে মৰি এজন পিতাৰ হোৱা আৰু অন্য একোৱে যাতে স্মৃতিলৈ নাহে, দেহ-অভিমান
একেবাৰে নাইকিয়া হৈ যাওঁক – এয়াই হৈছে উচ্চ লক্ষ্য। নিৰন্তৰ দেহী-অভিমানী অৱস্থা হৈ
যাওঁক – এয়া হ’ল উচ্চ লক্ষ্য। ইয়াৰ দ্বাৰাই কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবা।
গীত:
তু প্যাৰ কা
সাগৰ হে... (তুমি প্ৰেমৰ সাগৰ...)
ওঁম্শান্তি।
এতিয়া এই
গীতটিও ভুল। প্ৰেমৰ সলনি হোৱা উচিত জ্ঞানৰ সাগৰ। প্ৰেমৰ কোনো লোটা নাথাকে। লোটা গংগা
জল আদিৰ থাকে। গতিকে এয়া হ’ল ভক্তিমাৰ্গৰ মহিমা। এইটো ভুল আৰু সেইটো শুদ্ধ। পিতা
প্ৰথমতেতো জ্ঞানৰ সাগৰ। সন্তানসকলৰ যদি অলপো জ্ঞান থাকে তেতিয়াও বহুত উচ্চ পদ
প্ৰাপ্ত কৰে। সন্তানসকলে জানে যে এতিয়া এই সময়ত আমি যথাযথ চৈতন্য দেলৱাড়া মন্দিৰৰ
সদস্য। সেয়া হ’ল জড় দেলৱাড়া মন্দিৰ আৰু এয়া হ’ল চৈতন্য দেলৱাড়া। এয়াও আচৰিত নহয় জানো।
য’ত জড় স্মৃতিচিহ্ন আছে ত’ত তোমালোক চৈতন্যসকল আহি বহা। কিন্তু মনুষ্যই কিবা বুজি
পায় জানো। আগলৈ গৈ বুজিব যে যথাযথ এইখন ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়, ইয়াত ভগৱানে
পঢ়ায়। ইয়াতকৈ ডাঙৰ বিশ্ব বিদ্যালয় আন একো হ’ব নোৱাৰে। আৰু এইটোও বুজিব যে এয়াতো
যথাযথ চৈতন্য দেলৱাড়া মন্দিৰ। এই দেলৱাড়া মন্দিৰ তোমালোকৰ সঠিক স্মৃতিচিহ্ন। ওপৰৰ
ছাদত সূৰ্যবংশী-চন্দ্ৰবংশী আছে, তলত আদি দেৱ, আদি দেৱী আৰু সন্তানসকল বহি আছে। এওঁৰ
নাম হৈছে – ব্ৰহ্মা, তাৰ পাছত সৰস্বতী হৈছে ব্ৰহ্মাৰ জীয়ৰী। প্ৰজাপিতা ব্ৰহ্মা আছে
যেতিয়া নিশ্চয় গোপ-গোপীও থাকিব নহয়। সেয়া হ’ল জড় চিত্ৰ। যি অতীতত হৈ গৈছে তেওঁলোকৰ
আকৌ চিত্ৰ তৈয়াৰ কৰা হৈছে। কোনোবা মৰিলে তেতিয়া তৎক্ষণাৎ তেওঁৰ চিত্ৰ আঁকি দিয়ে,
তেওঁৰ পদমৰ্যাদা, জীৱন বৃত্তান্তৰ বিষয়েতো নাজানে। কৰ্তব্যৰ বিষয়ে নিলিখিলে তেতিয়া
সেই চিত্ৰ কোনো কামৰ হৈ নাথাকে। গম পোৱা যায় অমুকে এইটো এইটো কৰ্তব্য কৰিছে। এতিয়া
এয়া যি দেৱতাসকলৰ মন্দিৰ আছে, তেওঁলোকৰ কৰ্তব্য, জীৱন বৃত্তান্তৰ বিষয়ে কোনেও নাজানে।
উচ্চতকৈও উচ্চ শিৱবাবাক কোনেও নাজানে। এই সময়ত তোমালোক সন্তানসকলে সকলোৰে জীৱন
বৃত্তান্ত জানা। মুখ্য কোন কোন হৈ গৈছে যাক পূজা কৰে? উচ্চতকৈও উচ্চ হৈছে ভগৱান।
শিৱৰাত্ৰিও পালন কৰে, তেন্তে নিশ্চয় তেওঁৰ অৱতৰণ হৈছে, কিন্তু কেতিয়া হ’ল, তেওঁ আহি
কি কৰে – সেয়া কোনেও নাজানে। শিৱৰ লগত ব্ৰহ্মা থাকেই। আদি দেৱ আৰু আদি দেৱী কোন,
তেওঁলোকক ইমান বাহু কিয় দিছে? কিয়নো বৃদ্ধিতো হৈয়েই থাকে নহয়। প্ৰজাপিতা ব্ৰহ্মাৰ
পৰা কিমান বৃদ্ধি হয়। ব্ৰহ্মাৰ ক্ষেত্ৰতে কোৱা হয় – 100 ভূজা, হাজাৰ ভূজাধাৰী।
বিষ্ণু বা শংকৰৰ ক্ষেত্ৰত ইমান ভূজা বুলি নকয়। ব্ৰহ্মাৰ ক্ষেত্ৰত কিয় কয়? এয়া
প্ৰজাপিতা ব্ৰহ্মাৰে গোটেই বংশাৱলী নহয় জানো। এয়া কোনো বাহুৰ কথা নহয়। তেওঁলোকে
যদিও কয় – হাজাৰ ভূজাধাৰী ব্ৰহ্মা, কিন্তু অৰ্থ বুজি পায় জানো! এতিয়া তোমালোকে
বাস্তৱত চোৱা ব্ৰহ্মাৰ ভূজা কিমান আছে। এয়া হ’ল বেহদৰ ভূজা। প্ৰজাপিতা ব্ৰহ্মাকতো
সকলোৱে মানে কিন্তু কৰ্তব্যক কোনেও নাজানে। আত্মাৰতো ভূজা নাথাকে, ভূজা শৰীৰৰ থাকে।
ইমান কোটি ভাই (আত্মা) আছে তেন্তে তেওঁলোকৰ কিমান ভূজা হ’ল। কিন্তু প্ৰথমতে যেতিয়া
কোনোবাই যথা ৰীতি জ্ঞান বুজি পাব, তাৰপাছত এই কথাবোৰ শুনাব লাগে। প্ৰথম মুখ্য কথাটি
হ’ল - এজন পিতাই কয় – মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা আকৌ জ্ঞানৰ সাগৰ
বুলিও গায়ন আছে। কিমান অনেক সাৰ কথা শুনায়। ইমানবোৰ সাৰ কথা সকলোবোৰতো স্মৃতিত
থাকিব নোৱাৰে। সাৰমৰ্ম বুদ্ধিত থাকি যায়। শেষত সাৰমৰ্ম হৈ যায় – ‘মনমনাভৱ’।
জ্ঞানৰ সাগৰ বুলি শ্ৰীকৃষ্ণক নকয়। তেওঁ হ’ল ৰচনা। ৰচয়িতা এজনে পিতা। পিতাইহে সকলোকে
উত্তৰাধিকাৰ দিব, ঘৰলৈ লৈ যাব। পিতা তথা আত্মাসকলৰ ঘৰ হৈছেই শান্তিৰ ঘৰ।
বিষ্ণুপুৰীক পিতাৰ ঘৰ বুলি কোৱা নহয়। ঘৰ হৈছে মূললোক য’ত আত্মাসকল থাকে। এই সকলো কথা
বিচাৰ বুদ্ধি সম্পন্ন সন্তানসকলেহে ধাৰণ কৰিব পাৰে। ইমান বিশাল জ্ঞানৰ স্মৃতি কাৰো
বুদ্ধিত থাকিব নোৱাৰে। ইমান কাগজততো লিখিব নোৱাৰে। এই মুৰুলীবোৰো সকলো একত্ৰিত কৰি
গৈ থাকিলে তেতিয়া এই গোটেই সভাঘৰতকৈও বেছি হৈ যাব। সেই (লৌকিক) পঢ়াতো কিমান অনেক
কিতাপ থাকে। পৰীক্ষাত উত্তীৰ্ণ হ’লে তাৰ পাছত সাৰমৰ্ম বুদ্ধিত থাকি যায়। বেৰিষ্টাৰৰ
পৰীক্ষা উত্তীৰ্ণ হ’লে, এটা জন্মৰ বাবে অল্পকালৰ সুখ পায়। এয়া হ’ল বিনাশী উপাৰ্জন।
তোমালোককতো এই পিতাই ভৱিষ্যতৰ বাবে অবিনাশী উপাৰ্জন কৰায়। বাকী যি গুৰু-গোসাঁই আদি
আছে সেই সকলোৱে বিনাশী উপাৰ্জন কৰায়। যিমানে বিনাশৰ সমীপত গৈ থাকে, উপাৰ্জন কম হৈ
গৈ থাকে। তোমালোকে কোৱা – উপাৰ্জনতো বাঢ়ি গৈ থাকে, কিন্তু নহয়। এয়াতো সকলো নাশ হৈ
যাব। আগতে ৰজা আদিৰ আৰ্জন চলিছিল। এতিয়াতো সেয়াও নাই। তোমালোকৰ আৰ্জনতো কিমান সময়
চলে। তোমালোকে জানা – এইখন ৰচি থোৱা ড্ৰামা যাক জগতৰ কোনেও নাজানে। তোমালোকৰ ভিতৰতো
ক্ৰমানুসৰি আছে যাৰ ধাৰণা হয়। বহুতেতো একেবাৰে একোৱেই বুজাব নোৱাৰে। কোনোৱে কয় – আমি
মিত্ৰ-সম্বন্ধীয় আদিক বুজাওঁ, সেয়াওতো অল্পকালৰ নহ’ল জানো। আনক প্ৰদৰ্শনী আদি কিয়
নুবুজোৱা? পূৰা ধাৰণা নাই। নিজকে সকলো জানো বুলিতো ভাবিব নালাগে। যদি সেৱাৰ চখ আছে
তেন্তে যিসকলে ভালদৰে বুজায়, তেওঁলোকৰ পৰা শুনি লোৱা উচিত। পিতাই উচ্চ পদ প্ৰাপ্ত
কৰাবলৈ আহিছে সেয়েহে পুৰুষাৰ্থ কৰা উচিত নহয় জানো। কিন্তু ভাগ্যত নাথাকিলে শ্ৰীমতো
পালন নকৰে, তেতিয়া পদ ভ্ৰষ্ট হৈ যায়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি ৰাজধানী স্থাপনা হৈ
আছে। তাততো সকলো প্ৰকাৰৰে লাগে নহয়। সন্তানসকলে বুজিব পাৰে যে কোনোবা ভাল প্ৰজা
হ’বগৈ, কোনোবা কম। পিতাই কয় – মই তোমালোকক ৰাজযোগ শিকাবলৈ আহিছোঁ। দেলৱাড়া মন্দিৰত
ৰজাসকলৰ চিত্ৰ আছে নহয়। যিসকল পূজ্য, তেওঁলোকেই আকৌ পূজাৰী হয়। ৰজা-ৰাণীৰ
পদমৰ্যাদাতো উচ্চ। আকৌ বাম মাৰ্গত আহে তেতিয়াও ৰজা অথবা ডাঙৰ ডাঙৰ ধনৱানো থাকে।
জগন্নাথ মন্দিৰত সকলোকে মুকুটধাৰী ৰূপত দেখুৱাইছে। প্ৰজাৰতো মুকুট নাথাকিব।
মুকুটধাৰী ৰজাসকলকো বিকাৰগ্ৰস্ত হোৱা দেখুৱায়। তেওঁলোকৰ সুখ-সম্পত্তিতো বহুত থাকিব।
সম্পত্তি কম-বেছিতো হয়। হীৰাৰ মহল আৰু ৰূপৰ মহলৰ মাজত পাৰ্থক্যতো থাকেই। সেয়েহে
পিতাই সন্তানসকলক ক’ব – ভালকৈ পুৰুষাৰ্থ কৰি উচ্চ পদ লোৱা। ৰজাসকলৰ সুখ বেছি, তাত
সকলো সুখী। যেনেকৈ ইয়াত সকলোৰে দুখ, বেমাৰ আদিতো হয়েই। তাত সুখেই সুখ, তথাপিতো
পদমৰ্যাদাতো ক্ৰমানুসৰি হয়। পিতাই সদায় কয় – পুৰুষাৰ্থ কৰি থাকা, এলেহুৱা নহ’বা।
পুৰুষাৰ্থৰ পৰা বুজা যায় – ড্ৰামা অনুসৰি এওঁৰ সৎগতি এনেকৈ ইমানখিনিয়ে হয়।
নিজৰ সৎগতিৰ কাৰণে
শ্ৰীমতত চলিব লাগে। শিক্ষকৰ মতত যদি বিদ্যাৰ্থী নচলে তেন্তে কোনো কামৰে নহয়। সকলোতো
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। যদি কোনোবাই কয় যে আমি এইটো কৰিব নোৱাৰিম তেনেহ’লে বাকী
কি শিকিব! শিকি লৈ বুদ্ধিমান হোৱা উচিত যাতে সকলোৱে কয় – এওঁতো বহুত ভাল বুজায়।
কিন্তু আত্মা জীৱন্তে মৰি এজন পিতাৰ হৈ যাব, অন্য একোৱেই স্মৃতিলৈ নাহিব,
দেহ-অভিমান নাইকিয়া হৈ যাব – এয়া হ’ল উচ্চ লক্ষ্য। সকলো পাহৰিব লাগে। পূৰা
দেহী-অভিমানী অৱস্থা হৈ যাওঁক – এইটো হৈছে উচ্চ লক্ষ্য। তাত (শান্তিধামত) আত্মা
অশৰীৰীয়ে হয় আকৌ ইয়ালৈ আহি দেহ ধাৰণ কৰে। এতিয়া আকৌ ইয়াত এই দেহত থাকিও নিজক অশৰীৰী
বুলি বুজিব লাগে। এইটো বহুত উচ্চ পৰিশ্ৰম। নিজক আত্মা বুলি বুজি কৰ্মাতীত অৱস্থাত
থাকিব লাগে। সাপৰো বুদ্ধি আছে নহয় – পুৰণা মোট (ছাল) এৰি দিয়ে। তেন্তে তোমালোকো
দেহ-অভিমানৰ পৰা আঁতৰি আহিব লাগে। মূললোকততো তোমালোক দেহী-অভিমানীয়ে হোৱা। ইয়াত
দেহত থাকি নিজক আত্মা বুলি বুজিব লাগে। দেহ-অভিমান নাইকিয়া হৈ যোৱা উচিত। কিমান
ডাঙৰ পৰীক্ষা। ভগৱান নিজে আহি পঢ়াবলগীয়া হয়। এনেকৈ আৰু কোনেও ক’ব নোৱাৰে যে দেহৰ
সকলো সম্বন্ধ ত্যাগ কৰি মোৰ হৈ যোৱা, নিজক নিৰাকাৰ আত্মা বুলি বুজা। কোনো বস্তুৰ
বোধ থাকিব নালাগে। মায়াই ইজনে সিজনৰ দেহত বহুত আৱদ্ধ কৰি দিয়ে, সেইবাবে বাবাই কয় –
এই সাকাৰকো (ব্ৰহ্মাকো) স্মৰণ কৰিব নালাগে। বাবাই কয় – তোমালোকেতো নিজৰ দেহকো
পাহৰিব লাগে, এজন পিতাক স্মৰণ কৰিব লাগে। ইয়াৰ বাবে বহুত যত্নৰ দৰকাৰ। মায়াই ভাল
ভাল সন্তানসকলকো নাম-ৰূপত আৱদ্ধ কৰি দিয়ে। এইটো স্বভাৱ বৰ বেয়া। শৰীৰক স্মৰণ কৰা –
এয়াতো ভূতক স্মৰণ কৰা হৈ গ’ল। মই কওঁ – এজন শিৱবাবাক স্মৰণ কৰা। তোমালোকে আকৌ 5
ভূতক স্মৰণ কৰি থাকা। দেহৰ প্ৰতি একেবাৰে আসক্তি থাকিব নালাগে। ব্ৰাহ্মণীৰ পৰাও
শিকিব লাগে কিন্তু তেওঁলোকৰ নাম-ৰূপত আৱদ্ধ হ’ব নালাগে। দেহী-অভিমানী হ’বলৈয়ে
পৰিশ্ৰম কৰিবলগীয়া হয়। যদিও বহুত সন্তানে বাবাৰ ওচৰলৈ খতিয়ান পঠিয়াই দিয়ে, কিন্তু
বাবাই সেয়া বিশ্বাস নকৰে। কোনোৱেতো কয় – মই শিৱবাবাৰ বাহিৰে আন কাকো স্মৰণ নকৰোঁ,
কিন্তু বাবাই জানে – পাইটোৰ সমানো শিৱবাবাক স্মৰণ নকৰে। স্মৃতিত থাকিবলৈতো বহুত
যত্ন কৰিবলগীয়া হয়। ক’ৰবাত নহয় ক’ৰবাত আৱদ্ধ হৈ যায়। দেহধাৰীক স্মৰণ কৰা, এয়াতো 5
ভূতক স্মৰণ কৰা হ’ল। ইয়াকে ভূত পূজা বুলি কোৱা হয়। ভূতক স্মৰণ কৰে। ইয়াততো তোমালোকে
এজন শিৱবাবাক স্মৰণ কৰিব লাগে। পূজা কৰাৰ কথাতো নহয়। ভক্তিৰ নাম-চিহ্ন নাইকিয়া হৈ
যায়, তেন্তে আকৌ চিত্ৰক কি স্মৰণ কৰিব লাগে। সেয়াও মাটিৰে তৈয়াৰ কৰা হৈছে। পিতাই কয়
– এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়া পুনৰ তোমালোকক পূজাৰীৰ পৰা পূজ্য কৰি
তোলোঁ। এজন পিতাৰ বাহিৰে কাৰো শৰীৰক স্মৰণ কৰিব নালাগে। আত্মা যেতিয়া পৱিত্ৰ হৈ যাব
তেতিয়া শৰীৰো পৱিত্ৰ পাবা। এতিয়াতো এই শৰীৰ পৱিত্ৰ নহয়। প্ৰথমতে আত্মা যেতিয়া
সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোত আহে তেতিয়া শৰীৰো সেই অনুসৰি লাভ কৰে। এতিয়া তোমালোক
আত্মা পৱিত্ৰ হৈ গৈ থাকিবা, কিন্তু শৰীৰ এতিয়া পৱিত্ৰ নহ’ব। এয়া বুজিবলগীয়া কথা। এই
কথাবোৰো তেওঁলোকৰ বুদ্ধিত ধাৰণ হ’ব যিসকলে ভালদৰে বুজি আনকো বুজাই থাকিব। আত্মাহে
সতোপ্ৰধান হ’ব লাগে। পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰতে বহুত পৰিশ্ৰম কৰিবলগীয়া হয়।
কিছুমানতো অলপো স্মৃতিত নাথাকে। সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ হ’লে বুদ্ধিযোগ অলপো
দিগভ্ৰান্ত হ’ব নালাগে। এজন পিতাৰহে যাতে স্মৃতি থাকে। কিন্তু সন্তানসকলৰ বুদ্ধিযোগ
দিগভ্ৰান্ত হৈ থাকে। যিমানে বহুতক নিজৰ সমান কৰি তুলিবা সিমানে উচ্চ পদ পাবা। দেহক
স্মৰণ কৰাসকলে কেতিয়াও উচ্চ পদ পাব নোৱাৰে। ইয়াতো সন্মান সহকাৰে উত্তীৰ্ণ হ’ব লাগে।
পৰিশ্ৰম অবিহনে এই পদ কেনেকৈ পাবা! দেহক স্মৰণ কৰাসকলে কোনো পুৰুষাৰ্থ কৰিব নোৱাৰে।
পিতাই কয় – পুৰুষাৰ্থ কৰাসকলক অনুসৰণ কৰা। এৱোঁ (ব্ৰহ্মা) পুৰুষাৰ্থী নহয় জানো।
এই জ্ঞান অতি বিচিত্ৰ।
জগতত কোনেও নাজানে। কাৰো বুদ্ধিত ধাৰণ নহয় যে আত্মাৰ পৰিৱৰ্তন কেনেকৈ হয়। এয়া সকলো
গুপ্ত পৰিশ্ৰম। বাবাও গুপ্ত। তোমালোকে ৰাজ্য কেনেকৈ প্ৰাপ্ত কৰা, যুদ্ধ-বিগ্ৰহ
একোৱেই নাই। জ্ঞান আৰু যোগৰহে কথা। আমি কাৰো লগত যুদ্ধ নকৰোঁ। এয়াতো আত্মাক পৱিত্ৰ
কৰি তোলাৰ বাবে পৰিশ্ৰম কৰিব লাগে। আত্মা পতিত হৈ যোৱাৰ লগে লগে তেতিয়া শৰীৰো পতিত
পায় পুনৰ আত্মা পাৱন হৈ উভতি যাব লাগে, বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। বাবাই বুজি পায়
– কোনে কোনে পুৰুষাৰ্থ কৰে! এয়া হ’ল শিৱবাবাৰ ভঁৰাল। শিৱবাবাৰ ভঁৰালত তোমালোকে সেৱা
কৰা। সেৱা নকৰিলে তেতিয়া গৈ পাই-পইচাৰ পদ পাবা। পিতাৰ ওচৰত সেৱা কৰিবলৈ আহিছা আৰু
যদি সেৱা নকৰা তেন্তে কি পদ পাবা! এয়া ৰাজধানী স্থাপনা হৈ আছে, তাত চাকৰ-নাকৰ আদি
সকলো থাকিব নহয়। এতিয়া তোমালোকে ৰাৱণৰ ওপৰত বিজয়ী হোৱা, বাকী আৰু কোনো যুদ্ধ নাই।
এয়া বুজোৱা হয়, কিমান গুপ্ত কথা। যোগবলৰ দ্বাৰা বিশ্বৰ বাদশ্বাহী তোমালোকে লোৱা।
তোমালোকে জানা যে আমি শান্তিধামৰ নিবাসী। তোমালোক সন্তানসকলৰ বেহদৰ ঘৰহে স্মৃতিত আছে।
ইয়ালৈ আমি ভূমিকা পালন কৰিবলৈ আহিছোঁ পুনৰ নিজৰ ঘৰলৈ যাম। আত্মা কেনেকৈ উভতি যায়
এইটোও কোনেও বুজি নাপায়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি আত্মাসকল আহিবই লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো
দেহধাৰীৰ প্ৰতি আসক্তি ৰাখিব নালাগে। শৰীৰক স্মৰণ কৰাটোও ভূতক স্মৰণ কৰাৰ দৰে,
সেইবাবে কাৰো নাম-ৰূপত আৱদ্ধ হ’ব নালাগে। নিজৰ দেহকো পাহৰিব লাগে।
(2) ভৱিষ্যতৰ বাবে
অবিনাশী উপাৰ্জন জমা কৰিব লাগে। বিচাৰ বুদ্ধি সম্পন্ন হৈ জ্ঞানৰ সাৰ কথাবোৰ বুদ্ধিত
ধাৰণ কৰিব লাগে। পিতাই যি বুজাইছে সেয়া বুজি লৈ আনকো শুনাব লাগে।
বৰদান:
কল্প কল্পৰ
বিজয়ৰ স্মৃতিৰ আধাৰত মায়া শতৰুক আহ্বান জনাওঁতা মহাবীৰ বিজয়ী হোৱা
মহাবীৰ বিজয়ী
সন্তানসকলে কাকত (পৰিস্থিতি) দেখি ভয়-ভীত নহয় কিয়নো ত্ৰিকালদৰ্শী হোৱাৰ বাবে জানে
যে আমি কল্প কল্পৰ বিজয়ী। মহাবীৰে কেতিয়াও এনেকৈ ক’ব নোৱাৰে যে বাবা মোৰ ওচৰলৈ
মায়াক নপঠিয়াবা, কৃপা কৰক, আশীৰ্বাদ কৰক, শক্তি দিয়ক, কি কৰোঁ কিবা ৰাস্তা
দেখুৱাওঁক... এয়াও দুৰ্বলতা। মহাবীৰেতো শতৰুক আহ্বান জনায় যে আহা আৰু মই বিজয়ী হওঁ।
স্লোগান:
সময়ৰ আহ্বান - সমান হোৱা সম্পন্ন হোৱা।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যিকোনো সিদ্ধিৰ বাবে
এটাতো হৈছে একান্ত দ্বিতীয়টো একাগ্ৰতা - দুয়োটা বিধিৰে সিদ্ধি প্ৰাপ্ত কৰে। যেনেকৈ
তোমালোকৰ স্মাৰক চিত্ৰৰ দ্বাৰা সিদ্ধি প্ৰাপ্ত কৰোঁতাসকলে বিশেষ দুটা কথাৰ বিধি
ধাৰণ কৰে - একান্তবাসী আৰু একাগ্ৰতা। এইটোৱে বিধি তোমালোকে সাকাৰত ধাৰণ কৰা।
একাগ্ৰতা কম হোৱাৰ কাৰণেই দৃঢ় নিশ্চয়তাৰ অভাৱ হয়। একান্তবাসী কম হোৱাৰ কাৰণেই
সাধাৰণ সংকল্পই বীজ দুৰ্বল কৰি দিয়ে সেয়েহে এইটো বিধিৰ দ্বাৰা সিদ্ধি স্বৰূপ হোৱা।