21.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক পিতাৰ ওচৰলৈ আহিছা নিজৰ শুই থকা ভাগ্য উদয় কৰিবলৈ, ভাগ্য উদয় কৰা মানে
বিশ্বৰ মালিক হোৱা”
প্ৰশ্ন:
কোনটো খোৰাকে
(পথ্যই) তোমালোক সন্তানসকলক পিতাৰ সমান বুদ্ধিমান কৰি তোলে?
উত্তৰ:
এই পঢ়া হ’ল তোমালোক সন্তানসকলৰ বুদ্ধিৰ খোৰাক। যিয়ে নিতৌ পাঠ পঢ়ে অৰ্থাৎ এই খোৰাক
লয় তেওঁৰ বুদ্ধি পাৰস (পৱিত্ৰ) হৈ যায়। পাৰসনাথ পিতা যি বুদ্ধিমানসকলৰ বুদ্ধি তেওঁ
তোমালোকক নিজৰ সমান পাৰসবুদ্ধিৰ কৰি তোলে।
গীত:
তকদীৰ জগাকৰ
আই হু …… (ভাগ্য উদয় কৰি আহিছোঁ ……)
ওঁম্শান্তি।
গীতৰ কলিটি
শুনিও মৰমৰ সন্তানসকল পুলকিত হৈ যাব লাগে। হওঁতে সাধাৰণ গীত কিন্তু ইয়াৰ সাৰমৰ্ম
কোনেও নাজানে। পিতাহে আহি গীত, শাস্ত্ৰ আদিৰ অৰ্থ বুজায়। মৰমৰ সন্তানসকলে এইটোও জানে
যে কলিযুগত সকলোৰে ভাগ্য শুই আছে। সত্যযুগত সকলোৰে ভাগ্য উদয় হৈ থাকে। শুই থকা
ভাগ্য উদয় কৰোঁতা, আৰু শ্ৰীমত দিওঁতা, অথবা পুৰুষাৰ্থ কৰাওঁতা এজন পিতাই হয়। তেৱেঁই
বহি সন্তানসকলৰ ভাগ্য উদয় কৰে। যেনেকৈ সন্তান জন্ম হয় আৰু ভাগ্য উদয় হৈ যায়। সন্তান
জন্মাৰ লগে লগে গম পাই যায় যে মই উত্তৰাধিকাৰী হওঁ। হুবহু এয়া আকৌ বেহদৰ কথা।
সন্তানসকলে জানে – কল্পই কল্পই আমাৰ ভাগ্য উদয় হয় আকৌ শুই যায়। পৱিত্ৰ হয় তেতিয়া
ভাগ্য উদয় হয়। পাৱন গৃহস্থ আশ্ৰম বুলি কোৱা হয়। আশ্ৰম মানে পৱিত্ৰ। পৱিত্ৰ গৃহস্থ
আশ্ৰম, তাৰ বিপৰীতে আকৌ হৈছে অপৱিত্ৰ পতিত গৃহস্থ ধৰ্ম। আশ্ৰম বুলি কোৱা নহয়।
গৃহস্থ ধৰ্মতো সকলোৰে আছেই। জন্তুবোৰৰো আছে। সন্তানতো সকলোৱে জন্ম দিয়েই। জন্তুবোৰকো
কোৱা হ’ব গৃহস্থ ধৰ্মত আছে। এতিয়া সন্তানসকলে জানে – আমি স্বৰ্গত পৱিত্ৰ গৃহস্থ
আশ্ৰমত আছিলোঁ, দেৱী-দেৱতা আছিলোঁ। তেওঁলোকৰ মহিমাও গায় - সৰ্বগুণ সম্পন্ন, 16 কলা
সম্পূৰ্ণ… তোমালোকে নিজেও গাইছিলা। এতিয়া বুজি পোৱা আমি পুনৰ মনুষ্যৰ পৰা দেৱতা হৈ
আছোঁ। গায়নো আছে মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে…।
ব্ৰহ্মা-বিষ্ণু-শঙ্কৰকো দেৱতা বুলি কয়। ব্ৰহ্মা দেৱতায়ে নমঃ আকৌ কয় শিৱ পৰমাত্মায়ে
নমঃ। এতিয়া তাৰ অৰ্থও তোমালোকে জানা। তেওঁলোকেতো অন্ধশ্ৰদ্ধাৰে মাত্ৰ কৈ দিয়ে। এতিয়া
শঙ্কৰ দেৱতায়ে নমঃ বুলি ক’ব। শিৱৰ কাৰণে ক’ব শিৱ পৰমাত্মায়ে নমঃ তেন্তে পাৰ্থক্য
হ’ল নহয়। তেওঁ দেৱতা হৈ গ’ল, তেওঁ পৰমাত্মা হৈ গ’ল। শিৱ আৰু শঙ্কৰক একে বুলি ক’ব
নোৱাৰি। তোমালোকে জানা আমি যথাৰ্থতে পাথৰবুদ্ধিৰ আছিলোঁ, এতিয়া পাৰস বুদ্ধিৰ হৈ আছোঁ
দেৱতাসকলকতো পাথৰবুদ্ধিৰ বুলি কোৱা নহয়। আকৌ ড্ৰামা অনুসৰি ৰাৱণৰাজ্যত ছিৰি নামিব
অৰ্থাৎ অৱনমিত হ’ব লাগে। পাৰসবুদ্ধিৰ পৰা পাথৰবুদ্ধিৰ হ’ব লাগে। সকলোতকৈ বুদ্ধিমানতো
এজন পিতাই হয়। এতিয়া তোমালোকৰ বুদ্ধিত বল নাইকিয়া হ’ল। পিতাই বহি তোমালোকক
পাৰসবুদ্ধিৰ কৰি তোলে। তোমালোক ইয়ালৈ পাৰসবুদ্ধিৰ হ’বলৈ আহা। পাৰসনাথৰো মন্দিৰ আছে।
তাত মেলা অনুস্থিত হয়। কিন্তু এইটো কোনেও নাজানে যে পাৰসনাথ কোন। বাস্তৱত পাৰস কৰি
তোলোঁতাতো পিতাই হয়। তেওঁ হ’ল বুদ্ধিমানসকলৰ বুদ্ধি। এই জ্ঞান হ’ল তোমালোক
সন্তানসকলৰ বুদ্ধিৰ কাৰণে খোৰাক, ইয়াৰ দ্বাৰা বুদ্ধি কিমান ওলোটা হৈ যায়। এই জগতখন
হ’ল কাঁইটৰ জংঘল। কিমান এজনে আনজনক দুখ দিয়ে। এতিয়া হয়েই তমোপ্ৰধান ৰৌৰৱ নৰক। গৰুড়
পুৰাণততো বহুত মুখৰোচক কথা লিখা দিছে।
এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিয়ে খোৰাক পাই আছে। বেহদৰ পিতাই খোৰাক দি আছে। এয়া হ’ল পঢ়া। ইয়াক
জ্ঞান অমৃত বুলিও কৈ দিয়ে। কোনো পানী আদি নাই। আজিকালি সকলো বস্তুকে অমৃত বুলি কৈ
দিয়ে। গংগাজলকো অমৃত বুলি কয়। দেৱতাসকলৰ ভৰি ধুৱাই সেই পানী ৰাখি থয়, তাক অমৃত বুলি
কৈ দিয়ে। এতিয়া এইটোও বুদ্ধিৰে বুজিবলগীয়া কথা হয় নহয়। এই অঞ্জলি অমৃত হয় নে
পতিত-পাৱনী গংগাৰ জল অমৃত? অঞ্জলি যিয়ে দিয়ে তেওঁলোকে এনেকৈ নকয় যে এয়া পতিতসকলক
পাৱন কৰি তোলোঁতা হয়, গংগাজলক পতিত-পাৱনী বুলি কয়। এনেকৈ কয়ো যে মনুষ্য মৰাৰ সময়ত
গংগাজল মুখত দিব লাগে। দেখুৱায় অৰ্জুনে বাণ মাৰিলে তেতিয়া অমৃত জল পান কৰালে।
তোমালোক সন্তানসকলে কোনো বাণ আদি মৰা নাই। এখন গাঁও আছে য’ত বাণেৰে যুদ্ধ কৰে। তাৰ
ৰজাক ঈশ্বৰৰ অৱতাৰ বুলি কয়। এতিয়া ঈশ্বৰৰ অৱতাৰতো কোনো হ’ব নোৱাৰে। বাস্তৱত সঁচা
সৎগুৰুতো এজনেই, যিজন সকলোৰে সৎগতি দাতা হয়। যিয়ে সকলো আত্মাক লগত লৈ যায়। পিতাৰ
বাহিৰে কোনেও উভতাই লৈ যাব নোৱাৰে। ব্ৰহ্মত লীন হৈ যোৱাৰো কোনো কথা নাই। এই
ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। সৃষ্টিৰ চক্ৰ অনাদি ঘূৰিয়েই থাকে। বিশ্বৰ ইতিহাস-ভূগোল
কেনেকৈ পুনৰাবৃত্তি হয়, এইটোও তোমালোকে জানা আন কোনেও নাজানে। মনুষ্য অৰ্থাৎ
আত্মাসকলে নিজৰ পিতা ৰচয়িতাকো নাজানে, যাৰ স্মৰণো কৰে হে ‘ঈশ্বৰ পিতা’। হদৰ (লৌকিকৰ)
পিতাক কেতিয়াও ‘ঈশ্বৰ পিতা’ বুলি নক’ব। ‘ঈশ্বৰ পিতা’ বুলি বহুত সন্মানেৰে কয়। তেওঁৰ
কাৰণেই গায়ন কৰা হয় পতিত-পাৱন, দুখহৰ্তা সুখকৰ্তা। এফালে কয় তেওঁ দুখহৰ্তা সুখকৰ্তা
আৰু যেতিয়া কোনো দুখ হয় বা সন্তান আদিৰ মৃত্যু হয় তেতিয়া কৈ দিয়ে ঈশ্বৰেই দুখ-সুখ
দিয়ে। ঈশ্বৰে আমাৰ সন্তানটি লৈ গ’ল। এয়া কি? এতিয়া এফালে মহিমা গায় আৰু কিবা হ’লে
তেতিয়া ঈশ্বৰক গালি দিয়ে। কয়ো যে ঈশ্বৰে সন্তান দিলে, আকৌ যদি তেওঁ উভতাই লৈ ল’লে
তেন্তে তোমালোকে কান্দা কিয়? ঈশ্বৰৰ ওচৰলৈ গ’ল নহয়। সত্যযুগত কেতিয়াও কোনেও নাকান্দে।
পিতাই বুজায় কন্দাৰতো কোনো দৰকাৰ নাই। আত্মাই নিজৰ হিচাপ-নিকাচ অনুসৰি গৈ পৰৱৰ্তী
ভূমিকা পালন কৰিব লাগে। জ্ঞান নথকাৰ কাৰণে মনুষ্যই কিমান কান্দে, যেন পাগল হৈ যায়।
ইয়াততো পিতাই বুজায় – মাতৃৰ মৃত্যু হ’লেও হালোৱা খোৱা… (অৰ্থাৎ জ্ঞান মুৰুলী শুনা)
নষ্টমোহা হ’ব লাগে। আমাৰতো এজনেই বেহদৰ পিতা, অন্য কোনো নাই। এনেকুৱা অৱস্থা
সন্তানসকলৰ হ’ব লাগে। মোহজিৎ ৰজাৰ কাহিনীও শুনিছা নহয়। এয়া সকলো মুখৰোচক কথা।
সত্যযুগত কেতিয়াও দুখৰ কথা নাথাকে। কেতিয়াও অকাল মৃত্যুও নহয়। সন্তানসকলে জানে আমি
কালৰ ওপৰত বিজয়ী হওঁ, পিতাক মহাকাল বুলিও কয়। কালৰো কালে তোমালোকক কালৰ ওপৰত বিজয়ী
কৰি তোলে অৰ্থাৎ কালে কেতিয়াও নাখায়। কালে আত্মাকতো খাব নোৱাৰে। আত্মাই এটা শৰীৰ এৰি
অন্য এটা লয়, তাকেই কোৱা হয় কালে খাই পেলালে। বাকী কাল কোনো বস্তু নহয়। মনুষ্যই
মহিমা গাই থাকে, একোৱে বুজি নাপায়। গায়ন কৰে অচ্যুতম্ কেশবম্… অৰ্থ একোৱে বুজি
নাপায়। মনুষ্য একেবাৰেই বুজাৰ সামৰ্থ্যৰ পৰা বাহিৰ হৈ গৈছে। পিতাই বুজায় এই 5 বিকাৰে
তোমালোকৰ বুদ্ধি কিমান নষ্ট কৰি দিয়ে। কিমান মনুষ্য বদ্ৰীনাথ আদিলৈ যায়। আজি দুই
লাখ গ’ল, 4 লাখ গ’ল… ডাঙৰ ডাঙৰ বিষয়াসকলো তীৰ্থ কৰিবলৈ যায়। তোমালোকতো নোযোৱা গতিকে
তেওঁলোকে ক’ব যে এই বি.কে.সকলতো নাস্তিক কাৰণ ভক্তি নকৰে। তোমালোকে আকৌ কোৱা যিয়ে
ভগৱানক নাজানে তেওঁলোক নাস্তিক। পিতাকতো কোনেও নাজানে সেইকাৰণে ইয়াক নাথৰ সৃষ্টি
বুলি কোৱা হয়। পৰস্পৰ কিমান হাই-কাজিয়া কৰি থাকে। এই গোটেই সৃষ্টিখন পিতাৰ ঘৰ হয়
নহয়। পিতা গোটেই সৃষ্টিৰ সন্তানসকলক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ আহে। আধাকল্প যথাযথ
পাৱন সৃষ্টি আছিল নহয়। গায়নো কৰে - ৰাম ৰজা, ৰাম প্ৰজা, ৰাম চহকী… তাত আকৌ অধৰ্মৰ
কথা কেনেকৈ থাকিব পাৰে। কয়ো যে তাত সিংহ-ছাগলীয়ে একেলগে জল পান কৰে তেন্তে তাত ৰাৱণ
আদি ক’ৰ পৰা আহিল? বুজি নাপায়। বাহিৰৰ লোকসকলেতো এনেকুৱা কথা শুনি হাঁহে।
তোমালোক সন্তানসকলে
জানা – এতিয়া জ্ঞানৰ সাগৰ পিতা আহি আমাক জ্ঞান দিছে। এইখন পতিত সৃষ্টি হয় নহয়। এতিয়া
প্ৰেৰণাৰে জানো পতিতক পাৱন কৰি তুলিব? আহ্বান জনায় হে পতিত-পাৱন আহক, আহি আমাক পাৱন
কৰি তোলক, তেন্তে নিশ্চয় ভাৰততে আহিছিল। এতিয়াও কয় - মই জ্ঞানৰ সাগৰ আহিছোঁ।
তোমালোক সন্তানসকলে জানা শিৱবাবাৰহে সকলো জ্ঞান আছে, সেইজন পিতাই বহি সন্তানসকলক এই
সকলোবোৰ কথা বুজায়। শাস্ত্ৰত সকলো হৈছে মনে সজা কথা। নাম ৰাখি দিছে – ব্যাস ভগৱানে
শাস্ত্ৰ ৰচিলে। এতিয়া সেই ব্যাস আছিল ভক্তিমাৰ্গৰ। এয়া হ’ল ব্যাসদেৱ, তেওঁৰ সন্তান
তোমালোক হ’লা সুখদেৱ। এতিয়া তোমালোক সুখৰ দেৱতা হোৱাগৈ। সুখৰ উত্তৰাধিকাৰ লৈ আছা
ব্যাসৰ পৰা, শিৱাচাৰ্যৰ পৰা। ব্যাসৰ সন্তান তোমালোক হোৱা। কিন্তু মনুষ্য যাতে
বিবুদ্ধিত নপৰে সেইকাৰণে কোৱা হয় শিৱৰ সন্তান। তেওঁৰ আচল নাম হৈছেই শিৱ। গতিকে এতিয়া
পিতাই কয়– কোনো দেহধাৰীক নাচাবা। যিহেতু শিৱাবাবা সন্মুখত বহি আছে। আত্মাক জনা যায়,
পৰমাত্মাকো জনা যায়। তেওঁ পৰমপিতা পৰমাত্মা শিৱ। তেৱেঁই আহি পতিতৰ পৰা পাৱন হোৱাৰ
ৰাস্তা দেখুৱায়। কয় মই তোমালোক আত্মাসকলৰ পিতা। আত্মাক উপলব্ধি কৰা হয়, দেখা পোৱা
নাযায়। পিতাই সোধে এতিয়া তোমালোকে নিজ আত্মাক উপলব্ধি কৰিছানে? ইমান সৰু আত্মাত
অবিনাশী ভূমিকা নিহিত হৈ আছে। যেন এটা ৰেকৰ্ডহে।
তোমালোকে জানা আমি
আত্মাসকলেহে শৰীৰ ধাৰণ কৰোঁ। প্ৰথমে তোমালোক দেহ-অভিমানী আছিলা, এতিয়া দেহী-অভিমানী
হৈছা। তোমালোকে জানা আমি আত্মাসকলে 84 জন্ম লওঁ। তাৰ অন্ত নহয়। কোনো কোনোৱে সোধে এই
ড্ৰামাখন কেতিয়াৰ পৰা আৰম্ভ হ’ল? কিন্তু এয়াতো অনাদি, কেতিয়াও বিনাশ নহয়। ইয়াক কোৱা
হয় পূৰ্ব নিৰ্ধাৰিত অবিনাশী বিশ্ব নাটক। গতিকে পিতাই বহি সন্তানসকলক বুজায়। যেনেকৈ
লিখা-পঢ়া নজনা সন্তানসকলক পঢ়োৱা হয়। আত্মাহে শৰীৰত থাকে। এয়া হ’ল পাথৰবুদ্ধিৰ কাৰণে
ভোজন, বুদ্ধিয়ে বোধশক্তি লাভ কৰে। তোমালোক সন্তানসকলৰ কাৰণে বাবাই চিত্ৰ তৈয়াৰ
কৰোৱাইছে। বহুত সহজ। এয়া হ’ল ত্ৰিমূৰ্তি ব্ৰহ্মা-বিষ্ণু-শঙ্কৰ। এতিয়া ব্ৰহ্মাকো
ত্ৰিমূৰ্তি বুলি কিয় কয়? দেৱ দেৱ মহাদেৱ। এজনক আনজনতকৈ ওপৰত ৰাখে, অৰ্থ একোৱে নাজানে।
এতিয়া ব্ৰহ্মা দেৱতা কেনেকৈ হ’ব পাৰে। প্ৰজাপিতা ব্ৰহ্মাতো ইয়াত থাকিব লাগে। এই
কথাবোৰ কোনো শাস্ত্ৰত নাই। পিতাই কয় - মই এই শৰীৰত প্ৰৱেশ কৰি এওঁৰ দ্বাৰা তোমালোকক
বুজাওঁ। এওঁক নিজৰ কৰি লওঁ। এওঁৰ বহুত জন্মৰ অন্তত আহোঁ। এৱোঁ 5 বিকাৰৰ সন্ন্যাস কৰে।
সন্ন্যাস কৰাজনক যোগী, ঋষি বুলি কোৱা হয়। এতিয়া তোমালোক ৰাজঋষি হৈছা। 5 বিকাৰৰ
সন্ন্যাস তোমালোকে কৰিছা সেয়েহে নাম সলনি হয়। তোমালোকতো ৰাজযোগী হোৱা। তোমালোকে
প্ৰতিজ্ঞা কৰা। সেই সন্ন্যাসীসকলেতো ঘৰ-সংসাৰ এৰি গুচি যায়। ইয়াততো স্ত্ৰী-পুৰুষ
একেলগে থাকে, প্ৰতিজ্ঞা কৰে আমি বিকাৰগ্ৰস্ত কেতিয়াও নহওঁ। মুল কথা হৈছেই বিকাৰৰ।
তোমালোক সন্তানসকলে
জানা শিৱবাবা হৈছে ৰচয়িতা। তেওঁ নতুন ৰচনা ৰচে। তেওঁ বীজৰূপ, সত্য চৈতন্য, আনন্দৰ
সাগৰ, জ্ঞানৰ সাগৰ হয়। স্থাপনা, বিনাশ, প্ৰতিপালন কেনেকৈ কৰে - এয়া পিতাই জানে,
মনুষ্যই নাজানে। তৎক্ষণাৎ কৈ দিয়ে তোমালোক বি.কে.সকলেতো সৃষ্টিৰ বিনাশ কৰিবা। বাৰু,
তোমালোকৰ মুখত গোলাপ। কয় এওঁলোকতো বিনাশৰ কাৰণে নিমিত্ত হৈছে। শাস্ত্ৰকো নামানে,
ভক্তিকো নামানে, গুৰুসকলকো নামানে, অকল নিজৰ দাদাক মানে। কিন্তু পিতাইতো নিজেই কয় -
এয়া পতিত শৰীৰ, মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। পতিত সৃষ্টিততো কোনো পাৱন নাথাকে।
মনুষ্যইতো যি মুখৰোচক কথা শুনে তাকেই কৈ দিয়ে। এনেকুৱা মুখৰোচক কথাৰ বাবেইতো ভাৰতৰ
দুৰ্গতি হ’ল, সেইবাবে পিতা আহি সত্য কথা শুনাই সকলোৰে সৎগতি কৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা
সুখৰ উত্তৰাধিকাৰ লৈ সুখৰ দেৱতা হ’ব লাগে। সকলোকে সুখ দিব লাগে। ৰাজঋষি হ’বলৈ সকলো
বিকাৰৰ সন্ন্যাস কৰিব লাগে।
(2) পঢ়া হৈছে আচল খোৰাক। সৎগতিৰ কাৰণে মুখৰোচক কথাবোৰ এৰি শ্ৰীমতত চলিব লাগে।
একমাত্ৰ পিতাৰ পৰাহে শুনিব লাগে। মোহজিৎ হ’ব লাগে।
বৰদান:
নিজৰ আচল
সংস্কাৰ জাগ্ৰত কৰি সদায় হৰ্ষিত হৈ থাকোঁতা জ্ঞান স্বৰূপ হোৱা
যিসকল সন্তানে জ্ঞান
মন্থন কৰি তাৰ স্বৰূপ হয় তেওঁলোক সদায় হৰ্ষিত হৈ থাকে। সদায় হৰ্ষিত হৈ থকা – এইটো
ব্ৰাহ্মণ জীৱনৰ আচল সংস্কাৰ। দিব্য গুণ নিজা বস্তু, অৱগুণ মায়াৰ বস্তু যি সংগ দোষৰ
বাবে আহি গৈছে। এতিয়া তাৰ ফালে পিঠি দি দিয়া আৰু নিজৰ মাষ্টৰ সৰ্বশক্তিমান
কৰ্তৃত্বৰ পদমৰ্যাদাত থাকা তেতিয়া সদায় হৰ্ষিত হৈ থাকিবা। কোনো আসুৰি বা ব্যৰ্থ
সংস্কাৰ সন্মুখত আহিবলৈ সাহসো কৰিব নোৱাৰিব।
স্লোগান:
সম্পূৰ্ণতাৰ লক্ষ্য সন্মুখত ৰাখিলে সংকল্পতো কোনো আকৰ্ষণে আকৰ্ষিত কৰিব নোৱাৰে।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
একতাৰ বাবে এটা
আত্মিক তাবিজ সদায় নিজৰ লগত ৰাখিবা যে সন্মান দিয়া মানেই সন্মান লোৱা। এই সন্মান
দিয়াৰ ৰেকৰ্ড সফলতাৰ অবিনাশী ৰেকৰ্ড হৈ যাব। মুখত এটাই সফলতাৰ মন্ত্ৰ থাকক –
“প্ৰথমে আপুনি” – এই মহামন্ত্ৰ যাতে মনত দৃঢ় হৈ থাকে। যথাৰ্থ ৰূপত “প্ৰথমে মই” এইটো
মনোভাৱ এৰি আনক আগবঢ়াই দিয়া মানে নিজে আগবাঢ়ি যোৱা – এনেকৈ বুজি এইটো মহামন্ত্ৰৰে
আগবাঢ়ি সফলতা প্ৰাপ্ত কৰি থাকা, এইটো মন্ত্ৰ আৰু তাবিজ সদায় লগত থাকিলে তেতিয়া
প্ৰত্যক্ষতাৰ নাগাৰা বাজি যাব।