21.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban
“মৰমৰ সন্তানসকল – 
তোমালোকে নিজৰ যোগবলেৰে গোটেই সৃষ্টিখনক পৱিত্ৰ কৰি তুলিব লাগে, তোমালোকে যোগবলেৰেই 
মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰি জগজিৎ হ’ব পাৰা”
প্ৰশ্ন:
পিতাৰ ভূমিকা 
কি, সেই ভুমিকাক তোমালোক সন্তানসকলে কিহৰ আধাৰত জানিছা?
উত্তৰ:
পিতাৰ ভূমিকা হৈছে - সকলোৰে দুখ দূৰ কৰি সুখ দিয়া, ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰা। 
যেতিয়া পিতা আহে তেতিয়া ভক্তিৰ ৰাতি পূৰা হয়। পিতাই তোমালোকক স্বয়ং নিজৰ আৰু নিজৰ 
সম্পত্তিৰ পৰিচয় দিয়ে। তোমালোকে এজন পিতাক জানিলেই সকলো জানি যোৱা।
গীত: 
তুম্হী হো 
মাতা, পিতা তুম্হী হো… (তুমিয়েই মাতা, পিতা তুমিয়েই…)
ওঁম্শান্তি।
সন্তানসকলে 
‘ওঁম্ শান্তি’ৰ অৰ্থ বুজিছে, পিতাই বুজাইছে যে আমি আত্মা, এই সৃষ্টি ড্ৰামাত আমাৰ 
মুখ্য ভূমিকা আছে। কাৰ ভূমিকা আছে? আত্মাই শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। সেয়েহে 
সন্তানসকলক এতিয়া আত্ম-অভিমানী কৰি আছে। ইমান সময় দেহ-অভিমানী আছিলা। এতিয়া নিজক 
আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি আমাৰ বাবাৰ আগমন 
হৈছে। পিতা আহেও ৰাতি। কেতিয়া আহে তাৰ কোনো তিথি-তাৰিখ নাই। তিথি-তাৰিখ তেওঁলোকৰ 
থাকে যিয়ে লৌকিক জন্ম লয়। এয়াতো হৈছে পাৰলৌকিক পিতা। এওঁৰ লৌকিক জন্ম নহয়। 
শ্ৰীকৃষ্ণৰ তিথি, তাৰিখ, সময় আদি সকলো দেখুৱায়। এওঁৰ ক্ষেত্ৰত আকৌ কোৱা হয় দিব্য 
জন্ম। পিতাই এওঁৰ শৰীৰত প্ৰবেশ কৰি শুনায় যে এইখন হৈছে বেহদৰ ড্ৰামা। ইয়াত আধাকল্প 
হৈছে ৰাতি। যেতিয়া ৰাতি অৰ্থাৎ ঘোৰ অন্ধকাৰ হয় তেতিয়া মই আহোঁ। তিথি-তাৰিখ একো নাই। 
এই সময়ত ভক্তিও তমোপ্ৰধান। আধাকল্প হৈছে বেহদৰ দিন। পিতাই নিজেই কয় - মই এওঁৰ শৰীৰত 
প্ৰৱেশ কৰছোঁ। ‘গীতা’ত আছে ভগৱানুবাচ, কিন্তু মনুষ্য ভগৱান হ’ব নোৱাৰে। শ্ৰীকৃষ্ণও 
দৈৱীগুণ সম্পন্ন। এইখন হৈছে মনুষ্য লোক। এয়া দেৱলোক নহয়। এনেকৈ গায়নো কৰে - ব্ৰহ্মা 
দেৱতায়ে নমঃ… তেওঁলোক হৈছে সূক্ষ্মলোকবাসী। সন্তানসকলে জানে যে তাত হাড়-মঙহ নাথাকে। 
সেয়া হৈছে সূক্ষ্ম শুভ্ৰ ছায়া। যেতিয়া মূললোকত থাকে তেতিয়া আত্মাৰ ছায়াৰ সূক্ষ্ম 
শৰীৰো নাথাকে আৰু হাড়ৰ শৰীৰৰো নাথাকে। এই কথাবোৰ কোনো মনুষ্য মাত্ৰেই নাজানে। 
পিতাইহে আহি শুনায়, ব্ৰাহ্মণেহে শুনে, অন্য কোনেও নুশুনে। ব্ৰাহ্মণ বৰ্ণ ভাৰততেই 
থাকে, সেয়াও তেতিয়া হয় যেতিয়া পৰমপিতা পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা 
ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰে। এতিয়া এওঁক ৰচয়িতা বুলিও কোৱা নহ'ব। নতুন ৰচনা কোনেও 
ৰচনা নকৰে। কেৱল পুনৰুজ্জীৱিত কৰে। আহ্বানো জনায়- হে বাবা, পতিত সৃষ্টিলৈ আহি আমাক 
পৱিত্ৰ কৰি তোলক। এতিয়া তোমালোকক পৱিত্ৰ কৰি আছে। তোমালোকে পুনৰ যোগবলেৰে এই 
সৃষ্টিখনক পৱিত্ৰ কৰি আছা। মায়াৰ ওপৰত তোমালোকে বিজয় প্ৰাপ্ত কৰি জগতজিৎ হোৱা। 
যোগবলক বিজ্ঞানৰ বল বুলিও কোৱা হয়। ঋষি-মুনি আদি সকলোৱে শান্তি বিচাৰে কিন্তু 
শান্তিৰ অৰ্থতো নাজানে। ইয়াততো নিশ্চয় ভূমিকা পালন কৰিব লাগে নহয়। শান্তিধাম হৈছে 
মৰমৰ শান্তিৰ ঘৰ। তোমালোক আত্মাসকলে এতিয়া জানা যে আমাৰ ঘৰ হৈছে শান্তিধাম। ইয়ালৈ 
আমি ভূমিকা পালন কৰিব আহিছোঁ। পিতাকো আহ্বান জনায় - হে পতিত-পাৱন, দুখ হৰ্তা, সুখ 
কৰ্তা আহক, আমাক এই ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰক। ভক্তি হৈছে ৰাতি, জ্ঞান হৈছে দিন। 
ৰাতি মুৰ্দাবাদ হয় পুনৰ জ্ঞান জিন্দাবাদ হয়। এইখন হৈছে সুখ আৰু দুখৰ খেল। তোমালোকে 
জানা যে প্ৰথমে আমি স্বৰ্গত আছিলোঁ আকৌ অৱনমিত হৈ হৈ তলত নৰকত পৰিলোঁহি। কলিযুগ 
কেতিয়া শেষ হ’ব পুনৰ সত্যযুগ কেতিয়া আহিব, এইটো কোনেও নাজানে। তোমালোকে পিতাক জনাৰ 
বাবে পিতাৰ দ্বাৰা সকলো জানি গৈছা। মনুষ্যই ভগৱানক বিচাৰি কিমান হাবাথুৰি খায়। 
পিতাক নাজানে। তেতিয়াহে জানিব যেতিয়া পিতা আহি নিজৰ আৰু সম্পত্তিৰ পৰিচয় দিব। 
উত্তৰাধিকাৰ পিতাৰ পৰাই পোৱা যায়, মাতাৰ পৰা নহয়। এওঁক মম্মা বুলিও কোৱা হয়, কিন্তু 
এওঁৰ পৰা উত্তৰাধিকাৰ পোৱা নাযায়, এওঁক স্মৰণো কৰিব নালাগে। ব্ৰহ্মা, বিষ্ণু, শংকৰো 
শিৱৰ সন্তান - এইটো কোনেও নাজানে। বেহদৰ গোটেই সৃষ্টিৰ ৰচয়িতা এজন পিতাই হয়। বাকী 
সকলো হৈছে এওঁৰ ৰচনা বা হদৰ ৰচয়িতা। এতিয়া তোমালোক সন্তানসকলক পিতাই কয় যে মোক 
স্মৰণ কৰা তেতিয়াহে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। মনুষ্যই পিতাক নাজানে তেন্তে কাক 
স্মৰণ কৰিব? সেই কাৰণে পিতাই কয় কিমান অনাথ হৈ গ’ল। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
ভক্তি আৰু জ্ঞান 
দুয়োটাতে সকলোতকৈ শ্ৰেষ্ঠ কৰ্ম হৈছে - দান কৰা। ভক্তিমাৰ্গত ঈশ্বৰৰ অৰ্থে দান কৰে। 
কিহৰ বাবে? কিবা কামনাতো নিশ্চয় ৰাখে। বুজি পায় যে যেনেকুৱা কৰ্ম কৰিম পৰৱৰ্তী 
জন্মত তেনেকুৱাই ফল পাম, এইটো জন্মত যি কৰিম তাৰ ফল পৰৱৰ্তী জন্মত পাম। 
জন্ম-জন্মান্তৰলৈ নাপায়। এটা জন্মৰ কাৰণে ফল প্ৰাপ্ত হয়। সকলোতকৈ ভাল কৰ্ম হৈছে দান 
কৰা। দানীক পুণ্যাত্মা বুলি কোৱা হয়। ভাৰতক মহাদানী বুলি কোৱা হয়। ভাৰতত যিমান দান 
কৰা হয় সিমান অন্য কোনো খণ্ডত কৰা নহয়। পিতাও আহি সন্তানসকলক দান কৰে, সন্তানসকলে 
আকৌ পিতাক দান কৰে। কয় - বাবা আপুনি আহিলে তেতিয়া আমি নিজৰ তন-মন-ধন সকলো আপোনাক 
অৰ্পণ কৰি দিম। আপোনাৰ বাহিৰে আমাৰ কোনো নাই। পিতায়ো কয় - মোৰ বাবে তোমালোক 
সন্তানসকলেই। মোক কোৱাই হয় স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা। মই আহি তোমালোকক 
স্বৰ্গৰ বাদশ্বাহী দিওঁ। সন্তানসকলে মোৰ অৰ্থে সকলো দি দিয়ে - বাবা এই সকলোবোৰ 
আপোনাৰ। ভক্তিমাৰ্গত কৈছিলা- বাবা, এই সকলোবোৰ আপুনিয়েই দিয়া। আকৌ সেয়া আঁতৰি গ’লে 
দুখী হৈ যায়। সেয়া হৈছে ভক্তিৰ অল্পকালৰ সুখ। পিতাই বুজায় যে ভক্তিমাৰ্গত তোমালোকে 
মোক আওপকীয়াকৈ দান-পুণ্য কৰা। তাৰ ফলতো তোমালোকে পায়েই থাকা। এতিয়া এই সময়ত মই 
তোমালোকক কৰ্ম-অকৰ্ম-বিকৰ্মৰ ৰহস্য বুজাওঁ। ভক্তিমাৰ্গত তোমালোকে যেনেকুৱা কৰ্ম কৰা 
তাৰ ফল অল্পকালৰ সুখো মোৰ দ্বাৰা তোমালোকে প্ৰাপ্ত কৰা। এই কথাবোৰ জগতত কোনেও নাজানে। 
পিতাহে আহি কৰ্মৰ গতি বুজায়। সত্যযুগত কেতিয়াও কোনো বেয়া কৰ্ম নকৰেই। সদায় সুখেই 
সুখ। স্মৰণো সুখধাম স্বৰ্গকেই কৰে। এতিয়া নৰকত বহি আছা। তথাপিও কয় অমুক স্বৰ্গলৈ 
গমন কৰিলে। আত্মাৰ স্বৰ্গ কিমান ভাল লাগে। আত্মায়ে কয় নহয় - অমুক স্বৰ্গলৈ গ’ল। 
কিন্তু তমোপ্ৰধান হোৱাৰ বাবে তেওঁলোকে নাজানে যে স্বৰ্গ কি, নৰক কি? বেহদৰ পিতাই কয় 
- তোমালোক সকলো কিমান তমোপ্ৰধান হৈ গ’লা। ড্ৰামাখনক নাজানাই। বুজিও পায় যে সৃষ্টিৰ 
চক্ৰ ঘূৰি থাকে তেন্তে নিশ্চয় হবহু ঘূৰিব নহয়। তেওঁলোকে মাত্ৰ মুখেৰে কৈ দিয়ে। এতিয়া 
এয়া হৈছে সংগমযুগ। এই এটি সংগমযুগৰে গায়ন আছে। আধাকল্প দেৱতাসকলৰ ৰাজত্ব চলে পাচত 
আকৌ সেই ৰাজ্য ক’লৈ যায়, কোনে জয় কৰি লয়? এয়া কোনেও নাজানে। পিতাই কয় ৰাৱণে জয় কৰি 
লয়। তেওঁলোকে আকৌ দেৱতা আৰু অসুৰসকলৰ মাজত যুদ্ধ দেখুৱাই দিছে।
এতিয়া পিতাই বুজায় - 
5 বিকাৰ ৰূপী ৰাৱণৰ হাতত পৰাজিত হয় আকৌ ৰাৱণক জয়ো কৰে। তোমালোকতো প্ৰথমে পূজ্য আছিলা 
আকৌ পূজাৰী পতিত হৈ যোৱা তেন্তে ৰাৱণৰ দ্বাৰা পৰাজিত হ’লা নহয়। ৰাৱণ তোমালোকৰ শত্ৰু 
হোৱাৰ বাবে তোমালোকে সদায় জ্বলাই আহিছা। কিন্তু তোমালোকে নাজানা। এতিয়া পিতাই 
বুজাইছে যে ৰাৱণৰ কাৰণে তোমালোক পতিত হৈ গৈছা। এই বিকাৰবোৰকেই মায়া বুলি কোৱা হয়। 
মায়াজিৎ, জগতজিৎ। এই ৰাৱণ হৈছে সকলোতকৈ পুৰণা শত্ৰু। এতিয়া শ্ৰীমতৰে তোমালোকে এই 5 
বিকাৰক জয় কৰা। পিতা বিজয়ী কৰাবলৈ আহিছে। এয়া খেল নহয় জানো। মায়াৰ লগত পৰাজিত হ’লে 
পৰাজয়, মায়াৰ লগত জয়ী হ’লে জয়। পিতাইহে জয়ী কৰায় সেই কাৰণে এওঁক সৰ্বশক্তিমান বুলি 
কোৱা হয়। ৰাৱণো কম শক্তিমান নহয়। কিন্তু ৰাৱণে দুখ দিয়ে সেই কাৰণে গায়ন কৰা নহয়। 
ৰাৱণ বহুত শক্তিশালী। তোমালোকৰ ৰাজ্য কাঢ়ি লয়। এতিয়া তোমালোকে বুজিছা যে আমি কেনেকৈ 
পৰাজিত হওঁ পুনৰ কেনেকৈ জয়ী হওঁ? আত্মাই বিচাৰেও যে আমাক শান্তি লাগে। আমি এতিয়া 
ঘৰলৈ যাওঁ। ভক্তই ভগৱানক স্মৰণ কৰে কিন্তু পাথৰবুদ্ধিৰ হোৱাৰ কাৰণে বুজি নাপায়। 
ভগৱান পিতা হয়, তেন্তে পিতাৰ পৰা নিশ্চয় উত্তৰাধিকাৰ প্ৰাপ্ত হ’ব। প্ৰাপ্তিও নিশ্চয় 
হয় কিন্তু কেতিয়া প্ৰাপ্ত হয় পুনৰ কেনেকৈ হেৰুৱায়, এয়া নাজানে। পিতাই কয় - মই বহি 
এই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা তোমালোকক বুজাওঁ। মোকো কৰ্মেন্দ্ৰিয়তো লাগে নহয়। মোৰতো 
নিজৰ কৰ্মেন্দ্ৰিয় নাই। সূক্ষ্মলোকতো কৰ্মেন্দ্ৰিয় আছে। চলা-ফুৰা কৰে যেনেকৈ অবাক 
চলচ্চিত্ৰ থাকে, এতিয়া সবাক চলচ্চিত্ৰ ওলাইছে গতিকে পিতাৰো বুজাবলৈ সহজ হয়। 
তেওঁলোকৰ হ’ল বাহুবল তোমালোকৰ যোগবল। সেই দুয়ো ভায়ে (আমেৰিকা আৰু ৰাছিয়া) যদি 
পৰস্পৰ লগ লাগি যায় তেন্তে বিশ্বত ৰাজত্ব কৰিব পাৰে। কিন্তু এতিয়াতো ছিন্ন-ভিন্ন হৈ 
গৈছে। তোমালোক সন্তানসকলৰ শান্তিৰ শুদ্ধ অহংকাৰ থাকিব লাগে। তোমালোকে ‘মনমনাভৱ’ৰ 
আধাৰত শান্তিৰে জগতজিৎ হৈ যোৱা। তেওঁলোক হৈছে বিজ্ঞানৰ অহংকাৰী। তোমালোক হৈছা 
শান্তিৰ অহংকাৰী নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। স্মৃতিৰ দ্বাৰা তোমালোক 
সতোপ্ৰধান হৈ যোৱা। বহুত সহজ উপায় শুনায়। তোমালোকে জানা - শিৱবাবা আমাক সন্তানসকলক 
পুনৰ স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। তোমালোকৰ যিবোৰ কলিযুগী কৰ্মবন্ধন আছে, 
পিতাই কয় সেইবোৰক পাহৰি যোৱা। 5 বিকাৰো মোক দান দি দিয়া। তোমালোকে যি “মোৰ মোৰ” বুলি 
কৈ থাকা, মোৰ পতি, মোৰ অমুক, এই সকলো পাহৰি যোৱা। সকলো দেখিও তাৰ পৰা মমত্ব নাইকিয়া 
কৰি দিয়া। এই কথাবোৰ সন্তানসকলকহে বুজোৱা হয়। যিসকলে পিতাক নাজানেই, তেওঁলোকেতো এই 
ভাষাও বুজিব নোৱাৰে। পিতা আহি মনুষ্যৰ পৰা দেৱতা কৰি তোলে। দেৱতাসকল থাকে সত্যযুগত। 
কলিযুগত থাকে মনুষ্য। এতিয়াও তাৰ চিন অৰ্থাৎ চিত্ৰ আছে। মোক কোৱাই হয় - পতিত-পাৱন। 
মইতো অৱনমিত নহওঁৱেই। তোমালোকে কোৱা আমি পৱিত্ৰ আছিলোঁ পুনৰ অৱনমিত হৈ পতিত হৈ গলোঁ। 
এতিয়া পিতা আহি পাৱন কৰি তুলিলেহে আমি নিজৰ ঘৰলৈ যাব পাৰিম। এয়া হৈছে আধ্যাত্মিক 
জ্ঞান। অবিনাশী জ্ঞান ৰত্ন হয় নহয়। এয়া হৈছে নতুন জ্ঞান। এতিয়া তোমালোকক এই জ্ঞান 
শিকাওঁ। ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তৰ ৰহস্য শুনাওঁ। এতিয়া এইখনতো হৈছে পুৰণি 
সৃষ্টি। ইয়াত তোমালোকৰ যি মিত্ৰ-সম্বন্ধীয় আদি আছে, দেহৰ সৈতে সকলোৰে পৰা মমত্ব 
আঁতৰাই দিয়া।
এতিয়া তোমালোক 
সন্তানসকলে পিতাৰ ওচৰত সকলো অৰ্পণ কৰিছা। পিতাই আকৌ স্বৰ্গৰ বাদশ্বাহী 21 জন্মৰ 
কাৰণে তোমালোকক অৰ্পণ কৰে। লেন-দেনতো হয় নহয়। পিতাই তোমালোকক 21 জন্মৰ কাৰণে 
ৰাজ্য-ভাগ্য দিয়ে। 21 জন্ম, 21 জন্ম প্ৰজন্ম বুলি গায়ন কৰা হয় নহয় অৰ্থাৎ 21 
জন্মলৈকে পূৰা জীৱন চলে। মাজতে কেতিয়াও শৰীৰ ত্যাগ কৰিবলগীয়া নহয়। অকাল মৃত্যু নহয়। 
তোমালোকে অমৰ হৈ অমৰপুৰীৰ মালিক হোৱাগৈ। তোমালোকক কেতিয়াও কালে খাব নোৱাৰে। এতিয়া 
তোমালোকে মৰিবলৈ পুৰুষাৰ্থ কৰি আছা। পিতাই কয় - দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ 
কৰি একমাত্ৰ পিতাৰ সৈতে সম্বন্ধ ৰাখিব লাগে। এতিয়া সুখৰ সম্বন্ধত যাব লাগে। দুখৰ 
বন্ধন পাহৰি যোৱা। গৃহস্থালিত থাকি পৱিত্ৰ হোৱা। পিতাই কয় –একমাত্ৰ মোক স্মৰণ কৰা, 
লগতে দৈৱীগুণো ধাৰণা কৰা। এই দেৱতাসকলৰ দৰে হ’ব লাগে। এয়া হৈছে লক্ষ্য-উদ্দেশ্য। এই 
লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক আছিল, এওঁলোকে কেনেকৈ ৰাজ্য প্ৰাপ্ত কৰিলে, আকৌ ক’লৈ 
গ’ল, এয়া কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে দৈৱীগুণ ধাৰণ কৰিব লাগে। কাকো দুখ 
নিদিবা। পিতা হয়েই দুখ হৰ্তা, সুখ কৰ্তা। সেয়েহে তোমালোকেও সুখৰ ৰাস্তা সকলোকে 
দেখুৱাব লাগে অৰ্থাৎ অন্ধৰ লাখুটি হ’ব লাগে। এতিয়া পিতাই তোমালোকক জ্ঞানৰ তৃতীয় 
নেত্ৰ প্ৰদান কৰিছে। তোমালোকে জানা পিতাই কেনেকৈ ভূমিকা পালন কৰে। এতিয়া পিতাই 
তোমালোকক যি পঢ়াই আছে পুনৰ এই পঢ়া প্ৰায়ঃ লোপ হৈ যাব। দেৱতাসকলৰো এই জ্ঞান নাথাকে। 
তোমালোক ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণেহে ৰচয়িতা আৰু ৰচনাৰ জ্ঞান জানা। আন কোনেও 
জানিব নোৱাৰে। এই লক্ষ্মী-নাৰায়ণ আদিৰো যদি এই জ্ঞান থাকিলহেঁতেন তেতিয়াহ’লে 
পৰম্পৰাগতভাৱে চলি আহিলহেঁতেন। তাত জ্ঞানৰ দৰকাৰ নাই কিয়নো তাত হয়েই সৎগতি। এতিয়া 
তোমালোকে সকলো পিতাক দান দিয়া সেয়েহে আকৌ পিতাই তোমালোকক 21 জন্মৰ কাৰণে সকলো দি 
দিয়ে। এনেকুৱা দান কেতিয়াও নহয়। তোমালোকে জানা যে আমি সৰ্বস্ব দিওঁ বাবা এয়া সকলো 
আপোনাৰ, আপুনিয়ে আমাৰ সকলো। ত্বমেব মাতাশ্চ পিতা… ভূমিকাতো পালন কৰে নহয়। 
সন্তানসকলক তুলিও লয় আকৌ নিজেই পঢ়ায়। আকৌ নিজেই গুৰু হৈ সকলোকে লৈ যায়। তেওঁ কয় - 
তোমালোকে মোক স্মৰণ কৰা তেতিয়া পাৱন হৈ যাবা তেতিয়া তোমালোকক লগত লৈ যাম। এই যজ্ঞ 
ৰচি থোৱা আছে। এয়া হৈছে শিৱ জ্ঞান যজ্ঞ, ইয়াত তোমালোকে তন-মন-ধন সকলো আহুতি দিয়া। 
আনন্দেৰে সকলোৱে অৰ্পিত হৈ যোৱা। বাকী আত্মা থাকি যায়। বাবা, বচ্ এতিয়া আমি আপোনাৰ 
শ্ৰীমততে চলিম। পিতাই কয় - গৃহস্থালিত থাকি পৱিত্ৰ হ’ব লাগে। আয়ুস যেতিয়া 60 বছৰ হয় 
তেতিয়াতো বানপ্ৰস্থ অৱস্থাত যাবলৈ প্ৰস্তুতি চলায় কিন্তু তেওঁলোকে জানো উভতি যাবলৈ 
প্ৰস্তুতি চলায়। এতিয়া তোমালোকে সৎগুৰুৰ মন্ত্ৰ লৈছা – ‘মনমনাভৱ’। ভগৱানুবাচ - 
তোমালোকে মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। সকলোকে কোৱা আপোনালোক 
সকলোৰে বানপ্ৰস্থ অৱস্থা। শিৱবাবাক স্মৰণ কৰক, এতিয়া নিজৰ ঘৰলৈ যাব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত 
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু 
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কলিযুগী 
সকলো কৰ্মবন্ধন বুদ্ধিৰে পাহৰি 5 বিকাৰ দান কৰি আত্মাক সতোপ্ৰধান কৰি তুলিব লাগে। 
এটাই মাত্ৰ শান্তিৰ শুদ্ধ অহংকাৰত থাকিব লাগে।
(2) এই ৰুদ্ৰ যজ্ঞত 
আনন্দেৰে নিজৰ তন-মন-ধন সকলো অৰ্পণ কৰি সফল কৰিব লাগে। এই সময়ত সকলো পিতাক 
হস্তান্তৰ কৰি পিতাৰ পৰা 21 জন্মৰ বাদশ্বাহী লৈ ল’ব লাগে।
বৰদান:
আনৰ ওপৰত 
প্ৰভুত্ব দেখুওৱাৰ প্ৰৱণতাৰ অংশ মাত্ৰও ত্যাগ কৰোঁতা স্বমানধাৰী পুণ্য আত্মা হোৱা
স্বমানধাৰী সন্তান 
সকলোকে মান দিওঁতা হয়। দাতা অৰ্থাৎ দয়াশীল। তেওঁলোকৰ কেতিয়াও কোনো আত্মাৰ প্ৰতি 
সংকল্প মাত্ৰও প্ৰভুত্ব দেখুওৱাৰ প্ৰৱণতা নাথাকে। এওঁ এনেকুৱা কিয়? এনেকুৱা কৰিব 
নালাগে, হ’ব নালাগে, জ্ঞানে জানো এনেকৈ কয়... এয়াও সূক্ষ্ম প্ৰভুত্ব দেখুওৱাৰ 
প্ৰৱণতা অংশ। কিন্তু স্বমানধাৰী পুণ্য আত্মাসকলে অৱনমিত হোৱাসকলৰ উৎকৰ্ষ সাধন কৰিব, 
সহযোগী কৰি তুলিব তেওঁলোকে কেতিয়াও এইটো সংকল্পও কৰিব নোৱাৰে যে এয়াতো নিজৰ কৰ্মৰ 
ফল ভোগ কৰি আছে, কৰিলে নিশ্চয় পাব... এওঁৰ অৱনমিত হ’বই লাগে...। এনেকুৱা সংকল্প 
তোমালোক সন্তানসকলৰ উদয় হ’ব নোৱাৰে।
স্লোগান:
সন্তুষ্টতা আৰু প্ৰসন্নতাৰ বিশেষত্বইহে উৰন্ত কলাৰ অনুভৱ কৰায়।
সত্যতা আৰু সভ্যতা 
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সত্যতাৰ শক্তিৰ চিন 
হৈছে ‘নিৰ্ভয়তা’। কোৱা হয় “সত্যত থাকিলে নাচি থাকে” অৰ্থাৎ সত্যতাৰ শক্তিধাৰীয়ে 
সদায় চিন্তামুক্ত নিশ্চিন্ত হোৱা কাৰণে, নিৰ্ভীক হোৱা কাৰণে আনন্দত নাচি থাকিব। যদি 
নিজৰ সংস্কাৰ বা সংকল্প দুৰ্বল হয় তেন্তে সেই দুৰ্বলতাই মনৰ স্থিতি অস্থিৰতাত লৈ আনে 
সেই কাৰণে প্ৰথমে নিজৰ সূক্ষ্ম দুৰ্বলতাসমূহ অবিনাশী ৰূদ্ৰ যজ্ঞত আহুতি দিয়া।