21.03.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শ্ৰীমতত কল্যাণকাৰী হ'ব লাগে, সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে”

প্ৰশ্ন:
যিকোনো প্ৰকাৰৰ গাফিলতি হোৱাৰ মুখ্য কাৰণ কি?

উত্তৰ:
দেহ-অভিমান। দেহ-অভিমানৰ কাৰণেই সন্তানসকলৰ দ্বাৰা বহুত ভুল হয়। তেওঁলোকে সেৱাও কৰিব নোৱাৰে। তেওঁলোকৰ দ্বাৰা এনেকুৱা কৰ্ম হয় যে সকলোৱে ঘৃণা কৰে। বাবাই কয় - সন্তানসকল আত্ম-অভিমানী হোৱা। কোনোধৰণৰ অকতৰ্ব্য নকৰিবা। মিলা-প্ৰীতিৰে সেৱাৰ ভাল ভাল পৰিকল্পনা কৰা। মুৰুলী শুনি ধাৰণ কৰা, এই ক্ষেত্ৰত আওকণীয়া নহ'বা।

গীত:
ছৌড় ভী দে আকাশ সিংহাসন….. (এৰি দিয়া আকাশ সিংহাসন……)

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাৰ শ্ৰীমত। এতিয়া মই সকলো সেৱাকেন্দ্ৰৰ সন্তানসকলৰ সৈতে কথা পাতি আছোঁ। এতিয়া যি ত্ৰিমূৰ্তি, সৃষ্টিচক্ৰ, কল্পবৃক্ষ, ছিৰি, লক্ষ্মী-নাৰায়ণ আৰু শ্ৰীকৃষ্ণৰ চিত্ৰ আছে এই 6 খন চিত্ৰ হৈছে মুখ্য। এয়া যেন সম্পূৰ্ণ প্ৰদৰ্শনী, ইয়াত সকলো সাৰ আহি যায়। যিদৰে নাটকৰ ফলক বনোৱা হয়, বিজ্ঞাপনৰ কাৰণে, সেয়া কেতিয়াও বৰষুণ আদিত নষ্ট নহয়। তেনেকৈ এই মুখ্য চিত্ৰসমূহ তৈয়াৰ কৰিব লাগে। সন্তানসকলে আত্মিক সেৱা বঢ়াবৰ কাৰণে শ্ৰীমত পাইছে, ভাৰতবাসী মনুষ্যৰ কল্যাণ কৰিবৰ কাৰণে। গায়নো কৰে - কল্যাণকাৰী বেহদৰ পিতা আছে তেন্তে নিশ্চয় কোনোবা অকল্যাণকাৰীও থাকিব। যাৰ কাৰণে পিতা আহি পুনৰ কল্যাণ কৰিবলগীয়া হয়। আত্মিক সন্তান যিসকলৰ কল্যাণ হৈ আছে, তেওঁলোকে এই কথাবোৰ বুজিব পাৰে। যেনেকৈ আমাৰ কল্যাণ হৈছে তেনেকৈ আমি আকৌ অন্যৰো কল্যাণ কৰোঁ। যেনেকৈ পিতাৰো চিন্তন চলে যে কেনেকৈ কল্যাণ কৰোঁ। যুক্তি (উপায়) শুনাই আছে। 6 ফুট x 9 ফুট জোখৰ পাটত এই চিত্ৰসমূহ তৈয়াৰ কৰিব লাগে। দিল্লীৰ নিচিনা চহৰত প্ৰায়ে বহুত মনুষ্য আহে। য'ত চৰকাৰৰ বৈঠক আদি হয়। সচিবালয়ৰ ফালে বহুত লোক আহে, তাত এই চিত্ৰসমূহ স্থাপন কৰিব লাগে। বহুতৰে কল্যাণ কৰাৰ অৰ্থে পিতাই মত দিয়ে। এনেকৈ টিনপাটৰ ওপৰত বহুত চিত্ৰ তৈয়াৰ কৰিব পাৰি। দেহী-অভিমানী হৈ পিতাৰ সেৱাত লাগিব লাগে। পিতাই ৰায় দিয়ে - এই চিত্ৰবোৰ হিন্দী আৰু ইংৰাজীত তৈয়াৰ কৰিব লাগে। এই 6 খন চিত্ৰ মুখ্য স্থানত স্থাপন কৰি দিব লাগে। যদি এনেকৈ মুখ্য স্থানত স্থাপন কৰি দিয়া হয় তেতিয়া তোমালোকৰ ওচৰলৈ শ শ লোক বুজিবলৈ আহিব। কিন্তু সন্তানসকলৰ দেহ-অভিমান থকাৰ কাৰণে বহুত ভুল হয়। এনেকৈ কোনেও নাভাবিবা যে মই দৃঢ় দেহী-অভিমানী হওঁ। গাফিলতিতো বহুত হয়, সঁচা কথা নকয়। বুজোৱা হয়, এনেকুৱা কোনো কতৰ্ব্য নকৰিবা যাৰ বাবে কাৰোবাৰ মনত ঘৃণা ওপজে যে এওঁৰ দেহ-অভিমান আছে। তোমালোক সদায় যুদ্ধক্ষেত্ৰত আছা। অন্য স্থানততো 10-20 বছৰলৈকে যুদ্ধ চলে। তোমালোকৰ মায়াৰ লগত অন্তিমলৈকে যুদ্ধ চলিব। কিন্তু হৈছে গুপ্ত, যাক কোনেও জানিব নোৱাৰে। গীতাত যি মহাভাৰতৰ যুদ্ধ দেখুৱাইছে, সেয়া শাৰীৰিক (পাৰ্থিৱ) যুদ্ধ দেখুৱাইছে। কিন্তু এয়া হৈছে আত্মিক। আত্মিক যুদ্ধ হৈছে পাণ্ডৱৰ। সেই শাৰীৰক যুদ্ধ হৈছে সেইসকলৰ যিসকল পৰমপিতা পৰমাত্মাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধিৰ হয়। তোমালোক ব্ৰাহ্মণ কুল ভূষণসকলৰ হৈছে প্ৰীতি বুদ্ধি। তোমালোকে অন্যৰ সংগ এৰি এজন পিতাৰ সংগ লৈছা। অনেকবাৰ দেহ-অভিমান অহাৰ কাৰণে পাহৰি যোৱা আকৌ নিজৰে পদ ভ্ৰষ্ট কৰি দিয়া। তেতিয়া অন্তিমত বহুত অনুতাপ কৰিব লাগিব। একো কৰিব নোৱাৰিবা। এয়া কল্প কল্পৰ বাজি। এই সময়ত কোনোবাই অকৰ্তব্যৰ কাৰ্য কৰিলে তেতিয়া কল্প-কল্পান্তৰৰ কাৰণে পদ ভ্ৰষ্ট হৈ যায়। বহুত ঘাটি হৈ যায়।

পিতাই কয় - আগতে তোমালোক 100 শতাংশ লোকচানত আছিলা। এতিয়া পিতাই 100 শতাংশ লাভত লৈ যায়। তেন্তে শ্ৰীমতত চলিব লাগে। প্ৰত্যেক সন্তানেই কল্যাণকাৰী হ'ব লাগে। সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে। সুখ থাকেই স্বৰ্গত, নৰকত হৈছে দুখ। কিয়? এইখন হৈছে বিকাৰী সৃষ্টি, সেইখন নিৰ্বিকাৰী আছিল, এতিয়া বিকাৰী সৃষ্টি হৈ গ’ল, পুনৰ পিতাই নিৰ্বিকাৰী কৰি তোলে। এই কথাবোৰ জগতত কোনেও নাজানে। গাতিকে এই মুখ্য চিত্ৰসমূহ স্থায়ী স্থানত লগাব লাগে। প্ৰথম নম্বৰত দিল্লী মুখ্য, দ্বিতীয়তে বোম্বাই (এতিয়া মুম্বাই) আৰু কলিকতা (এতিয়া কোলকাতা), কাৰোবাক অৰ্ডাৰ দিলে চিটত তৈয়াৰ কৰিব পাৰে। আগ্ৰালৈও ফুৰিবলৈ বহুত যায়। সন্তানসকলে সেৱাতো বহুত ভালদৰে কৰি আছে আৰু কিবা কৰ্তব্য কৰি দেখুৱাওক। এই চিত্ৰসমূহ তৈয়াৰ কৰাত কোনো কষ্ট নহয়। কেৱল অভিজ্ঞতা (অনুভৱ) লাগে। চিত্ৰসমূহ ভাল ডাঙৰ হ’ব লাগে যাতে যিকোনো লোকে দূৰৈৰ পৰাই পঢ়িব পাৰে। সৃষ্টি চক্ৰও ডাঙৰকৈ তৈয়াৰ কৰিব পাৰি। সুৰক্ষিতভাৱে ৰাখিব লাগে যাতে কোনেও নষ্ট নকৰে। যজ্ঞত অসুৰসকলৰ বিঘ্ন পৰে কিয়নো এয়া হৈছে নতুন কথা। এয়া দোকান খুলি বহি আছে। অৱশেষত সকলোৱে বুজি পাব যে আমি অৱনমিত হৈ আহিছোঁ, নিশ্চয় কিবা ত্ৰুটি আছে। পিতা হয়েই কল্যাণকাৰী। তেৱেঁই ক'ব পাৰে যে ভাৰতৰ কল্যাণ কেনেকৈ আৰু কেতিয়া হৈছিল। ভাৰতক তমোপ্ৰধান কোনে কৰি তোলে পুনৰ সতোপ্ৰধান কোনে কৰি তোলে, এই চক্ৰ কেনেকৈ ঘূৰে, কোনেও নাজানে। সংগমযুগকো নাজানে। এনেকৈ ভাবে যে ভগৱান যুগে যুগে আহে। কেতিয়াবা কয় ভগৱানতো নাম-ৰূপৰ পৰা উৰ্দ্ধত। ভাৰত প্ৰাচীন স্বৰ্গ আছিল। এনেকৈও কয় যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে দেৱতাসকলৰ ৰাজ্য আছিল আকৌ কল্পৰ আয়ুস দীঘলীয়া কৰি দিছে, গতিকে সন্তানসকলে দেহী-অভিমানী হ’বলৈ বহুত পৰিশ্ৰম কৰিব লাগে। আধাকল্প সত্যযুগ আৰু ত্ৰেতাত তোমালোক আত্ম-অভিমানী আছিলা কিন্তু পৰমাত্ম-অভিমানী নাছিলা। ইয়াততো আকৌ তোমালোক দেহ-অভিমানী হৈ গৈছা। পুনৰ দেহী-অভিমানী হ'ব লাগে। যাত্ৰা শব্দটিও আছে, কিন্তু অৰ্থ বুজি নাপায়। ‘মনমনাভৱ’ৰ অৰ্থ হৈছে আত্মিক যাত্ৰাত থকা। হে আত্মাসকল, মোক পিতাক স্মৰণ কৰা। শ্ৰীকৃষ্ণইতো এনেকৈ ক'ব নোৱাৰে। তেওঁ ‘গীতা’ৰ ভগৱান কেনেকৈ হ'ব পাৰে। তেওঁৰ ওপৰত কোনেও কলংক লগাব নোৱাৰে। এইটোও পিতাই বুজাইছে ছিৰি যেতিয়া নামে তেতিয়া আধাকল্প কাম চিতাত বহি ক'লা হৈ যায়। এতিয়া হয়েই লৌহযুগ। তেওঁলোকৰ সম্প্ৰদায় ক’লাই হ'ব। কিন্তু সকলোৰে বগাবৰণীয়া ৰূপ কেনেকৈ কৰিব। চিত্র আদি যিবোৰ তৈয়াৰ কৰিছে সকলোবোৰ একো নুবুজাকৈ তৈয়াৰ কৰিছে। তেওঁকেই শ্যামবৰণীয়া আকৌ সুন্দৰ বুলি কোৱা..…... এয়া কেনেকৈ হ'ব পাৰে। তাক কোৱাই হয় অন্ধশ্ৰদ্ধাৰে পুতলাৰ পূজা কৰোঁতা। পুতলাবোৰৰ নাম, ৰূপ, বৃত্তি আদি থাকিব নোৱাৰে। তোমালোকেও আগতে পুতলাবোৰৰ পূজা কৰিছিলা নহয়। অৰ্থ একোৱেই বুজি পোৱা নাছিলা। সেয়েহে পিতাই বুজাইছে - প্ৰদৰ্শনীৰ মুখ্য চিত্রসমূহ কেনেকৈ তৈয়াৰ কৰিব লাগে। কমিটি গঠন কৰিব লাগে যিয়ে প্ৰদৰ্শনীৰ পাছত প্ৰদৰ্শনী অনুষ্ঠিত কৰি থাকিব। বন্ধন মুক্ততো বহুত আছে। কন্যাসকল বন্ধনমুক্ত। বানপ্ৰস্থীসকলো বন্ধনমুক্ত। গতিকে সন্তানসকলে নিৰ্দেশনা বাস্তৱায়িত কৰিব লাগে। এয়া হৈছে গুপ্ত পাণ্ডৱ। কোনেও পৰিচয় পাব নোৱাৰে। পিতাও গুপ্ত, জ্ঞানো গুপ্ত। তাত মনুষ্যই মনুষ্যক জ্ঞান দিয়ে। ইয়াত পৰমাত্মা পিতাই আত্মাসকলক জ্ঞান দিয়ে। কিন্তু এইটো বুজি নাপায় যে আত্মাই জ্ঞান লয় কিয়নো তেওঁলোকে আত্মাক নিৰ্লেপ বুলি কৈ দিয়ে। বাস্তৱত আত্মাইহে সকলোবোৰ কৰে। পুনৰ্জন্ম আত্মাই লয়, কৰ্ম অনুসৰি। পিতাই এই সকলোবোৰ মূল কথা ভালদৰে বুদ্ধিত সুমুৱাই দিয়ে। সকলো সেৱাকেন্দ্ৰত ক্ৰমানুসৰি দেহী-অভিমানী আছে। যিসকলে ভালদৰে বুজি পায় আকৌ আনক বুজায়। দেহ-অভিমানীসকলে একো বুজিও নাপায় আৰু একো বুজাবও নোৱাৰে। মই একো বুজি নাপাওঁ, এয়াও দেহ-অভিমান। হেৰ’ তোমালোকতো হৈছা আত্মা। পিতাই আত্মাসকলক বহি বুজায়। বুদ্ধি উদয় হোৱা উচিত। ভাগ্যত নাথাকিলে উদয়েই নহয়। সেয়েহে পিতাই পুৰুষাৰ্থ কৰায় কিন্তু ভাগ্যত নাথাকিলে তেতিয়া পুৰুষাৰ্থও নকৰে। হওতে বহুত সহজ, ‘অল্ফ’ আৰু ‘বে’ক (পিতা আৰু বাদশ্বাহীক) বুজিব লাগে। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। তোমালোক ভাৰতবাসী সকলো ভগৱান-ভগৱতী আছিলা। প্ৰজাও এনেকুৱা আছিল। এই সময়ত পতিত হৈ গ’ল। কিমান বুজোৱা হয়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। পিতাই কয় – সন্তানসকল, মই তোমালোকক ভগৱান-ভগৱতী কৰি তুলিলোঁ। তোমালোক এতিয়া কি হৈ গ’লা। এয়া হৈছে “কুম্ভী পাক নৰক” (পুৰাণত উল্লেখিত নৰকসমূহৰ এখন য’ত পাপীক গৰম তেল আৰু জুইত পেলাই শাস্তি দিয়া হয়)। বিষয় বৈতৰণী নদীত মনুষ্য জন্তু পক্ষী আদি সকলো একে সমান দেখুৱায়। ইয়াততো মনুষ্য আৰুহে নষ্ট হৈ গ’ল। মনুষ্যৰ ক্ৰোধো কিমান আছে। লাখ লাখক মাৰি পেলায়। ভাৰত যি বেশ্যালয় হৈ গ’ল পুনৰ এই ভাৰতক শিৱবাবাইহে শিৱালয় কৰি তোলে। পিতাই কিমান ভালদৰে বুজায়। নিৰ্দেশনা দিয়ে যে এনেকৈ এনেকৈ কৰা। চিত্র তৈয়াৰ কৰা। আকৌ যিসকল গণ্যমান্য মনুষ্য আছে তেওঁলোকক বুজোৱা। এয়া প্ৰাচীন যোগ, প্ৰাচীন জ্ঞান সকলোৱে শুনা উচিত। প্ৰেক্ষাগৃহ ভাড়াত লৈ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব লাগে, তেওঁলোকেতো তোমালোকৰ পৰা ধন আদি একো ল’ব নালাগে। তথাপিও ক’ব লাগে যি ভাল দেখে ভাড়া লওক। চিত্ৰতো আপুনি চাওক, চিত্র দেখিলে তেতিয়া ততালিকে পইচা ওভতাই দিব। কেৱল যুক্তিৰে বুজাব লাগে। কৰ্তৃত্বতো হাতত থাকে নহয়। বিচাৰিলে সকলো কৰিব পাৰা। তেওঁলোকে জানো বুজি পায়, বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি গতিকে বিনাশ প্ৰাপ্ত হৈ গ'ল। পাণ্ডৱসকলেতো ভৱিষ্যতলৈ পদ পালে। তথাপিও ৰাজ্য পাছত ভৱিষ্যতলৈ হ'ব। এতিয়া জানো হ'ব। এই ঘৰ আদি সকলোবোৰ খহি যাব। এতিয়া পিতাই বুজাইছে প্ৰদৰ্শনীও অনুষ্ঠিত কৰিব লাগে। বহুত ভালদৰে কাৰ্ডেৰে নিমন্ত্ৰণ জনাব লাগে। তোমালোকে প্ৰথমে গণ্যমান্য লোকসকলক বুজোৱা তেতিয়া সহায়ো কৰিব। বাকী শুই থাকিব নালাগে। বহুত সন্তান দেহ-অভিমানত শুই থাকে। কমিটি গঠন কৰি মিলা-প্ৰীতিৰে পৰিকল্পনা কৰিব লাগে। বাকী মুৰুলী নপঢ়িলে ধাৰণা কেনেকৈ হ'ব। এনেকুৱা বহুত আওকণীয়া আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দেহী-অভিমানী হৈ সেৱাৰ ভিন্ন ভিন্ন যুক্তি উলিয়াব লাগে। পৰস্পৰ মিলাপ্ৰীতিৰে সেৱা কৰিব লাগে। যেনেকুৱা পিতা কল্যাণকাৰী তেনেকুৱা কল্যাণকাৰী হ'ব লাগে।

(2) প্ৰীতি বুদ্ধিৰ হৈ অন্যৰ সংগ এৰি এজনৰ সংগ ল’ব লাগে। কোনোধৰণৰ এনেকুৱা অকতৰ্ব্য কৰিব নালাগে যাৰ বাবে কল্প-কল্পান্তৰৰ কাৰণে লোকচান হৈ যায়।

বৰদান:
বেহদৰ বৈৰাগ্য বৃত্তিৰে নষ্টোমোহা স্মৃতি স্বৰূপ হওতা অবিচলিত হোৱা

যিসকল সদায় বেহদৰ বৈৰাগ্য বৃত্তিত থাকে, তেওঁলোকে কেতিয়াও কোনো দৃশ্য দেখি ভয়-ভীত বা বিচলিত নহয়, সদায় অবিচলিত হৈ থাকে কাৰণ বেহদৰ বৈৰাগ্য বৃত্তিৰে নষ্টোমোহা স্মৃতি স্বৰূপ হৈ যায়। যদি কিবা অলপ দেখি অংশমাত্ৰও বিচলিত হয় বা মোহ উৎপন্ন হয়, তেন্তে অংগদৰ দৰে অবিচলিত বুলি কোৱা নহ’ব। বেহদৰ বৈৰাগ্য বৃত্তিত গম্ভীৰতাৰ লগতে ৰমণীয়তাও সমাহিত হৈ থাকে।

স্লোগান:
ৰাজ্য অধিকাৰীৰ লগতে বেহদৰ বৈৰাগী হৈ থকা এয়াই ৰাজঋষিৰ চিন।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য:-

“আত্মা কেতিয়াও পৰমাত্মাৰ অংশ হ’ব নোৱাৰে”

বহুত মনুষ্যই এনেকৈ ভাবে যে আমি আত্মাসকল পৰমাত্মাৰ অংশ, এতিয়া অংশ বুলিতো কোৱা হয় টুকুৰাক। এফালে কয় পৰমাত্মা অনাদি আৰু অবিনাশী, তেন্তে এনেকুৱা অবিনাশী পৰমাত্মাক কেনেকৈ টুকুৰাত আনে! এতিয়া পৰমাত্মাক কাটিব কেনেকৈ পাৰি, আত্মাই অজৰ অমৰ তেন্তে অৱশ্যে আত্মাক জন্ম দিওঁতাজন অমৰ হ'ব। এনেকুৱা অমৰ পৰমাত্মাক টুকুৰাত লৈ অহা মানে অমৰ পৰমাত্মাকো বিনাশী বুলি কৈ দিলে কিন্তু আমিতো জানো যে আমি আত্মাসকল পৰমাত্মাৰ সন্তান। গতিকে আমি তেওঁৰ বংশৰ হ'লোঁ অৰ্থাৎ সন্তান হ'লোঁ তেওঁ আকৌ অংশ কেনেকৈ হ'ব পাৰে? সেয়েহে পৰমাত্মাৰ মহাবাক্য হৈছে - সন্তানসকল, মই নিজেইতো অমৰ, জাগ্ৰত জ্যোতি, মই দীপক মই কেতিয়াও নুমাই নাযাওঁ বাকী সকলো মনুষ্য আত্মাৰ দীপক প্ৰজ্জ্বলিতও হয় আৰু নুমায়ো যায়। তেওঁলোক সকলোকে জগাই তোলোঁতা মই হওঁ কিয়নো প্ৰকাশ আৰু শক্তি দিওঁতা মই হওঁ, বাকী এইটো অৱশ্যেই হয় যে মোৰ অৰ্থাৎ পৰমাত্মাৰ জেউতি আৰু আত্মাৰ জেউতি দুয়োটাৰ মাজত পাৰ্থক্য নিশ্চয় আছে। যেনেকৈ বিজুলিবাতি থাকে কোনোবাটো বেছি পোহৰ দিওঁতা, কোনোবাটো কম পোহৰ দিওঁতা, সেইদৰে আত্মাও কোনোবাটো বেছি শক্তিশালী কোনোবাটো কম শক্তিশালী। বাকী পৰমাত্মাৰ শক্তি কম বেছি নহয় সেইবাবেতো পৰমাত্মাৰ কাৰণে কয় - পৰমাত্মা সৰ্বশক্তিমান অৰ্থাৎ সকলো আত্মাতকৈ তেওঁৰ শক্তি বেছি। তেৱেঁই সৃষ্টিৰ অন্তত আহে, যদি কোনোবাই ভাবে পৰমাত্মা সৃষ্টিৰ মাজত আহে অৰ্থাৎ যুগে যুগে আহে তেন্তে ধৰি লোৱা পৰমাত্মা মাজত আহি গ'ল তেনেক্ষেত্ৰত পৰমাত্মা সকলোতকৈ শ্ৰেষ্ঠ কেনেকৈ হ'ল। যদি কোনোবাই কয় পৰমাত্মা যুগে যুগে আহে, তেন্তে জানো এনেকৈ বুজিম যে পৰমাত্মাই প্ৰতি মুহূৰ্ততে নিজৰ শক্তি প্ৰয়োগ কৰে। এনেকুৱা সৰ্বশক্তিমানৰ শক্তি ইমানলৈকে, যদি মাজতেই নিজৰ শক্তিৰে সকলোকে শক্তি অথবা সৎগতি দি দিয়ে তেন্তে তেওঁলোকৰ শক্তি স্থায়ী হ'ব লাগে তেন্তে আকৌ দুৰ্গতি কিয় পোৱা? গতিকে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে পৰমাত্মা যুগে যুগে নাহে অৰ্থাৎ মাজে মাজে নাহে। তেওঁ আহে কল্পৰ অন্তত আৰু এবাৰেই নিজৰ শক্তিৰে সকলোৰে সৎগতি কৰায়। যিহেতু পৰমাত্মাই ইমান ডাঙৰ সেৱা কৰিলে সেইবাবে তেওঁৰ স্মাৰক হিচাপে ডাঙৰ শিৱলিংগ তৈয়াৰ কৰিছে আৰু ইমান পূজা কৰে, তেন্তে অৱশ্যেই পৰমাত্মা সত্যও হয়, চৈতন্যও হয় আৰু আনন্দ স্বৰূপো হয়। ভাল বাৰু - ওঁম্ শান্তি।

অব্যক্ত ইংগিত: নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা

ব্যৰ্থ সংকল্প বা সন্দেহৰ অৱকাশ থাকিলেও সমর্থ সংকল্প চলিব লাগে যে পিতা সদায় ৰক্ষক, কল্যাণকাৰী। এইটো নিশ্চয়তাৰ বিজয় অৱশ্যে হয়। গতিকে প্ৰশ্নবোধক চিনৰ একা-বেঁকা পথেৰে নগৈ সদায় কল্যাণৰ যতি (বিন্দু) লগোৱা। পূৰ্ণ যতি। এইটো বিধিৰে প্ৰতিটো কথা সহজো হ’ব আৰু সিদ্ধিও প্ৰাপ্ত হ’ব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]