21.06.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
দেৱতা হোৱাৰ পূৰ্বে ব্ৰাহ্মণ নিশ্চয় হ’ব লাগে, ব্ৰহ্মাৰ মুখৰ সন্তানহে প্ৰকৃত
ব্ৰাহ্মণ যিসকলে ৰাজযোগৰ পঢ়াৰে দেৱতা হয়”
প্ৰশ্ন:
অন্য সকলো
সৎসংগতকৈ তোমালোকৰ এই সৎসংগৰ কোনটো কথাত অনন্য?
উত্তৰ:
অন্য সৎসংগত কোনো লক্ষ্য-উদ্দেশ্য নাথাকে, আৰু বেছিকৈহে ধন-সম্পত্তি আদি সকলো
হেৰুৱাই দিগভ্ৰান্ত হৈ ফুৰে। এই সৎসংগত তোমালোক দিগভ্ৰান্ত নোহোৱা। এইখন সৎসংগৰ লগতে
পঢ়াশালীও হয়। পঢ়াশালীত পঢ়া-শুনা কৰা হয়, দিগভ্ৰান্ত হৈ ফুৰিব নালাগে। পঢ়া মানে
উপাৰ্জন। যিমানে তোমালোকে পঢ়ি-শুনি ধাৰণ কৰা আৰু আনক ধাৰণ কৰোৱা সিমানে উপাৰ্জন হয়।
এই সৎসংগত অহা মানে লাভেই লাভ।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি আত্মিক সন্তানসকলক বুজায়। আত্মিক সন্তানসকলে এই কাণৰ দ্বাৰা শুনে। বেহদৰ (অসীমৰ)
পিতাই সন্তানসকলক কয় - নিজক আত্মা বুলি বুজা। এনেকৈ বাৰে বাৰে শুনিলে বুদ্ধি
দিগভ্ৰান্ত হোৱা বন্ধ হৈ স্থিৰ হৈ যাব। নিজক আত্মা বুলি বুজি বহি যাব। সন্তানসকলে
বুজি পায় যে আমি ইয়ালৈ দেৱতা হ’ব আহিছোঁ। আমি তোলনীয়া সন্তান। আমি ব্ৰাহ্মণসকলে পঢ়ি
আছোঁ। কি পঢ়িছোঁ? ব্ৰাহ্মণৰ পৰা দেৱতা হওঁ। যিদৰে কোনো সন্তান কলেজলৈ গ’লে বুজি পায়
যে মই এতিয়া পঢ়ি ইঞ্জিনিয়াৰ, ডাক্টৰ আদি হ’ম। বহাৰ লগে লগে তৎক্ষণাত বুজি পাব।
তোমালোকো ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ গতিকে বুজি পোৱা যে আমি ব্ৰাহ্মণৰ পৰা দেৱতা
হ’মগৈ। গায়ন আছে - মনুষ্যৰ পৰা দেৱতা......কিন্তু কোন হয়? সকলো হিন্দুয়েতো দেৱতা
নহয়। বাস্তৱত হিন্দুতো কোনো ধৰ্ম নহয়। আদি সনাতন কোনো হিন্দু ধৰ্ম নহয়। যিকনো লোককে
সোধা যে হিন্দু ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল? তেতিয়া বিবুদ্ধিত পৰিব। এয়া অজ্ঞতাৰ
বাবে নাম ৰাখি দিলে। হিন্দুস্থানত বাস কৰাসকলে নিজক হিন্দু বুলি কয়। বাস্তৱত ইয়াৰ
নাম হৈছে ভাৰত, হিন্দুস্থান নহয়। ভাৰত খণ্ড বুলি কোৱা হয়, হিন্দুস্থান খণ্ড বুলি
কোৱা নহয়। হয়েই ভাৰত। গতিকে তেওঁলোকে এইটোও নাজানে যে এয়া কোনটো খণ্ড। অপৱিত্ৰ হোৱা
কাৰণে নিজক দেৱতা বুলিতো ক’ব নোৱাৰে। দেৱী-দেৱতাসকল পৱিত্ৰ আছিল। এতিয়া সেইটো ধৰ্ম
নাই। অন্য সকলো ধৰ্ম চলি থাকে - বুদ্ধৰ বৌদ্ধ ধৰ্ম, ইব্ৰাহীমৰ ইছলাম, যীশুখ্ৰীষ্টৰ
খ্ৰীষ্টিয়ান। বাকী হিন্দু ধৰ্মৰতো কোনো নাই। এই হিন্দুস্থান নামটি বিদেশীসকলে ৰাখিছে।
পতিত হোৱাৰ বাবে নিজক দেৱতা ধৰ্মৰ বুলি ক’ব নোৱাৰে। পিতাই বুজায় - আদি সনাতন হৈছে
দেৱী-দেৱতা ধৰ্ম, প্ৰাচীনতকৈও প্ৰাচীন। আৰম্ভণিৰ ধৰ্ম কোনটো? দেৱী-দেৱতা। হিন্দু
বুলি কোৱা নহ’ব। এতিয়া তোমালোক ব্ৰহ্মাৰ তোলনীয়া সন্তান ব্ৰাহ্মণ হৈ গ'লা।
ব্ৰাহ্মণৰ পৰা দেৱতা হ’বৰ বাবে পঢ়ি আছা। এনেকুৱা নহয় যে হিন্দুৰ পৰা দেৱতা হ’বলৈ
পঢ়া। ব্ৰাহ্মণৰ পৰা দেৱতা হোৱা। এতিয়া ভালদৰে ধাৰণ কৰিব লাগে। এতিয়া চোৱা অনেক ধৰ্ম
আছে। সংযোজন হৈ গৈ থাকে। যেতিয়া ক’ৰবাত ভাষণ আদি দিয়া তেতিয়া এইটো বুজোৱাতো ভাল।
এতিয়া হৈছে কলিযুগ, সকলো ধৰ্মই এতিয়া তমোপ্ৰধান। চিত্ৰৰ ওপৰত তোমালোকে বুজালে তেতিয়া
সেই অভিমান আঁতৰি যাব - মই অমুক হওঁ, তমুক হওঁ.......। বুজিব, আমিতো তমোপ্ৰধান।
পোন-প্ৰথমে পিতাৰ পৰিচয় দিবা, তাৰপাছত দেখুৱাব লাগে এই পুৰণি সৃষ্টি পৰিৱৰ্তন হ'ব।
দিনে-প্ৰতিদিনে চিত্ৰবিলাকো শোভনীয় হৈ গৈ থাকে। যেনেকৈ স্কুলত মেপ সন্তানসকলৰ
বুদ্ধিত থাকে। তোমালোকৰ বুদ্ধিত আকৌ এয়া থাকিব লাগে। এক নম্বৰৰ মেপ হৈছে এইখন, ওপৰত
ত্ৰিমূৰ্তিও আছে, দুয়োটা গোলকো আছে সত্যযুগ আৰু কলিযুগ। এতিয়া আমি পুৰুষোত্তম
সংগমযুগত আছোঁ। এই পুৰণি সৃষ্টিৰ বিনাশ হ'ব। এক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ
প্ৰতিষ্ঠা হৈ আছে। তোমালোক হৈছা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ। হিন্দু ধৰ্মতো নাই।
যেনেকৈ সন্ন্যাসীসকলে ব্ৰহ্ম অৰ্থাৎ থকা স্থানক ঈশ্বৰ বুলি বুজি লৈছে, তেনেকৈ
হিন্দুস্থানত থকাসকলে হিন্দু ধৰ্মৰ বুলি বুজি ল'লে। তেওঁলোকৰ আৰু তোমালোকৰ মাজত
পাৰ্থক্য আছে। দেৱী-দেৱতা নামতো বহুত উচ্চ। এনেকৈ কয় যে এওঁতো একেবাৰে দেৱতাৰ নিচিনা।
যাৰ ভাল গুণ আছে তেতিয়া এনেকৈ কয় - এওঁৰ দেৱতাৰ গুণ আছে।
তোমালোকে বুজি পোৱা -
এই ৰাধা-কৃষ্ণই সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হয়, তেওঁলোকক বিষ্ণু বুলি কোৱা হয়।
চিত্ৰ সকলোৰে আছে কিন্তু কোনেও নাজানে। তোমালোক সন্তানসকলক এতিয়া পিতাই বহি বুজাইছে,
পিতাকেই সকলোৱে স্মৰণ কৰে। এনেকুৱা কোনো মনুষ্য নাই যিয়ে মুখেৰে ভগৱান বুলি উচ্চাৰণ
নকৰে। এতিয়া ভগৱানক নিৰাকাৰ বুলি কোৱা হয়। নিৰাকাৰৰ অৰ্থ বুজি নাপায়। এতিয়া তোমালোকে
সকলো জানি গ'লা। পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ হৈ যোৱা। এই জ্ঞান কেৱল ভাৰতবাসীৰ
বাবেহে, অন্য ধৰ্মৰ লোকসকলৰ কাৰণে নহয়। বাকী এইটো বুজাব পাৰা যে ইমান বৃদ্ধি কেনেকৈ
হয় অন্য খণ্ড আহি গৈছে। তাততো ভাৰত খণ্ডৰ বাহিৰে অন্য খণ্ড নাথাকিব। এতিয়া সেই এটা
ধৰ্ম নাই, বাকী সকলো ঠিয় হৈ আছে। বটগছৰ দৃষ্টান্তটি সঠিক। আদি সনাতন দেৱী-দেৱতা
ধৰ্মৰ আধাৰ নাই, বাকী গোটেই বৃক্ষ জোপা ঠিয় হৈ আছে। গতিকে এনেকৈ কোৱা হ’ব আদি সনাতন
দেৱী-দেৱতা ধৰ্ম আছিল, হিন্দু ধৰ্ম নহয়। তোমালোক এতিয়া ব্ৰাহ্মণ হৈছা, দেৱতা হ'বৰ
কাৰণে প্ৰথমে ব্ৰাহ্মণ নিশ্চয় হ'ব লাগে। শূদ্ৰ বৰ্ণ আৰু ব্ৰাহ্মণ বৰ্ণ বুলি কোৱা হয়।
শূদ্ৰ বংশ বুলি নকয়। ৰজা-ৰাণী আছে। প্ৰথমে দেৱী-দেৱতাসকল মহাৰজা-মহাৰাণী আছিল। ইয়াত
হিন্দু মহাৰজা-মহাৰাণী। ভাৰততো এখনেই আছিল কিন্তু পাছত পৃথক পৃথক কেনেকৈ হৈ গ'ল?
তেওঁলোকৰ নাম-চিহ্নই নাইকিয়া কৰি দিলে, কেৱল চিত্ৰহে আছে। প্ৰথম নম্বৰ হৈছে
সূৰ্যবংশী। ৰামক সূৰ্যবংশী বুলি কোৱা নহয়। এতিয়া তোমালোক আহিছা সূৰ্যবংশী হ'বৰ কাৰণে,
চন্দ্ৰবংশী হ'বৰ কাৰণে নহয়। এয়া ৰাজযোগ নহয় জানো। তোমালোকৰ বুদ্ধিত আছে যে আমি
এনেকুৱা লক্ষ্মী-নাৰায়ণ হ'ম। আন্তৰিক আনন্দ থাকে - বাবাই আমাক পঢ়ায়, মহাৰজা-মহাৰাণী
কৰি তুলিবলৈ। সত্য-নাৰায়ণৰ সত্য কথা এয়াই। আগতে জন্ম-জন্মান্তৰ তোমালোকে
সত্য-নাৰায়ণৰ কথা শুনি আহিছা। কিন্তু সেয়া কোনো সত্য কথা নহয়। ভক্তিমাৰ্গত কেতিয়াও
মনুষ্যৰ পৰা দেৱতা হ'ব নোৱাৰে। মুক্তি-জীৱনমুক্তি পাব নোৱাৰে। সকলো মনুষ্যই
মুক্তি-জীৱনমুক্তি নিশ্চয় পায়। এতিয়া সকলো বন্ধনত আছে। ওপৰৰ পৰা আজিও যদি আত্মা আহে
তেন্তে জীৱনমুক্তিত আহিব, জীৱনবন্ধত নাহে। আধা সময় জীৱনমুক্তি আধা সময় জীৱনবন্ধনত
যাব। এয়া খেল ৰচি থোৱা আছে। এই বেহদৰ খেলৰ আমি সকলো ভাৱৰীয়া, ইয়ালৈ ভূমিকা পালন
কৰিবলৈ আহোঁ। আমি আত্মাসকল ইয়াৰ নিবাসী নহয়। কেনেকৈ আহে - এই সকলোবোৰ কথা বুজোৱা হয়।
বহুত আত্মাই ইয়াতেই পুনৰ্জন্ম লৈ থাকে। তোমালোক সন্তানসকলৰ আৰম্ভণিৰ পৰা অন্তলৈকে
গোটেই বিশ্বৰ বুৰঞ্জী-ভূগোল বুদ্ধিত আছে। বেহদৰ পিতাই ওপৰত বহি কি কৰে, একো নাজানে
সেইকাৰণে তেওঁলোকক তুচ্ছ বুদ্ধিৰ বুলি কোৱা হয়। তোমালোকো তুচ্ছ বুদ্ধিৰ আছিলা। এতিয়া
পিতাই তোমালোকক ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজাইছে। তোমালোকে গৰিব,
সাধাৰণসকলে সকলোবোৰ জানা। তোমালোক হৈছা স্বচ্ছ বুদ্ধিৰ। স্বচ্ছ পৱিত্ৰক কোৱা হয়।
তুচ্ছ বুদ্ধি হৈছে অপৱিত্ৰ। তোমালোকে এতিয়া চোৱা কি হৈ আছা! স্কুলতো পঢ়াৰ দ্বাৰা
উচ্চ পদ প্ৰাপ্ত কৰিব পাৰে। তোমালোকৰ পঢ়া হৈছে উচ্চতকৈও উচ্চ, যাৰ দ্বাৰা তোমালোকে
ৰজাৰ পদ প্ৰাপ্ত কৰা। তেওঁলোকেতো দান-পুণ্য কৰি ৰজাৰ ঘৰত জন্ম গ্ৰহণ কৰে, পাছত ৰজা
হয়। কিন্তু তোমালোকে এই পঢ়াৰ দ্বাৰা ৰজা হোৱা। পিতাই কয় - মই তোমালোক সন্তানসকলক
ৰাজযোগ শিকাওঁ। পিতাৰ বাহিৰে ৰাজযোগ কোনেও শিকাব নোৱাৰে। পিতাই তোমালোকক ৰাজযোগৰ
পাঠ পঢ়ায়। তোমালোকে আকৌ আনক বুজোৱা। পিতাই ৰাজযোগ শিকায় যাতে তোমালোক পতিতৰ পৰা
পাৱন হৈ যোৱা। নিজক আত্মা বুলি বুজি নিৰাকাৰ পিতাক স্মৰণ কৰা তেতিয়া তোমালোক পৱিত্ৰ
হৈ যাবা আৰু চক্ৰৰ বিষয়ে জানিলে সত্যযুগত চক্ৰৱৰ্তী ৰজা হৈ যাবা। এয়া বুজোৱা অতি
সহজ। এতিয়া দেৱতা ধৰ্মৰ কোনো নাই। সকলো অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গ’ল। তোমালোকে
যাকেই বুজোৱা পোন-প্ৰথমে পিতাৰ পৰিচয় দিবা। পিতাই বুজায় যে অন্য ধৰ্মত কিমান গুচি
গ'ল। বৌদ্ধ, মুছলমান আদি বহুত হৈ গ’ল। তৰোৱালৰ জোৰতো মুছলমান হৈছে। বৌদ্ধ ধৰ্মৰো
বহুত হৈছে। এবাৰ ভাষণ দিলে আৰু হাজাৰৰ হিচাপত বৌদ্ধ ধৰ্মী হৈ গ’ল। খ্ৰীষ্টানসকলেও
এনেকৈ আহি ভাষণ দিয়ে। সকলোতকৈ বেছি জনসংখ্যা বৰ্তমান তেওঁলোকৰে। গতিকে এতিয়া
তোমালোক সন্তানসকলৰ বুদ্ধিত গোটেই সৃষ্টিৰ চক্ৰ ঘূৰি থাকে, সেয়েহে পিতাই কয় -
তোমালোক হৈছা স্বৰ্দশন চক্ৰধাৰী। স্বদৰ্শন চক্ৰ বিষ্ণুৰ হাতত দেখুৱায়। মনুষ্যই এইটো
নাজানে যে বিষ্ণুক কিয় দিলে? স্বদৰ্শন চক্ৰধাৰী বুলি কৃষ্ণ বা নাৰায়ণক কয়। এইটোও
বুজাব লাগে তেওঁলোকৰ পৰস্পৰ কি সম্বন্ধ আছে। এওঁলোক তিনিও এজনেই। বাস্তৱত এই
স্বদৰ্শন চক্ৰ তোমালোক ব্ৰাহ্মণৰ কাৰণেহে। স্বদৰ্শন চক্ৰধাৰী জ্ঞানৰ দ্বাৰা হোৱা।
বাকী স্বদৰ্শন চক্ৰ কোনো মৰা কটা কৰিবৰ কাৰণে নহয়। এয়া জ্ঞানৰ কথা। যিমান তোমালোকৰ
এই জ্ঞানৰ চক্ৰ ঘূৰিব, সিমানে তোমালোকৰ পাপ ভস্ম হ’ব। বাকী শিৰচ্ছেদ কৰাৰ কোনো কথা
নাই। চক্ৰ কোনো হিংসাৰ কাৰণে নহয়। এই চক্ৰই তোমালোকক অহিংসকহে কৰি তোলে। ক'ৰ কথা
ক’লৈ লৈ গ’ল। পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে।
তোমালোক মৰমৰ
সন্তানসকল বহুত আনন্দিত হোৱা। এতিয়া তোমালোকে বুজি পোৱা যে আমি আত্মা। প্ৰথমে
তোমালোকে নিজক আত্মা বুলিও পাহৰি গ’লা আৰু ঘৰো পাহৰি গ'লা। আত্মাকতো আত্মা বুলিয়েই
কয়। পৰমাত্মাকতো শিল-পাথৰ সকলোতে আছে বুলি কৈ দিলে। আত্মাসকলে পিতাৰ কিমান গ্লানি
কৰিলে। পিতা পুনৰ আহি আত্মাসকলক জ্ঞান দিয়ে। আত্মাৰ ক্ষেত্ৰত এনেকৈ কেতিয়াও নকয় যে
শিল-পাথৰ, কণ-কণত আত্মা আছে। জীৱ-জন্তুৰ কথাতো পৃথক। পঢ়া-শুনা আদি মনুষ্যৰ ক্ষেত্ৰতে
হয়। এতিয়া তোমালোকে বুজি পোৱা, আমি ইমান জন্ম এয়া এয়া হ’লোঁ। 84 জন্ম সম্পূৰ্ণ কৰিলোঁ।
বাকী 84 লাখৰতো কথা নাই। মনুষ্য কিমান অজ্ঞান অন্ধকাৰত আছে সেয়েহে কোৱা হয় - জ্ঞান
সূৰ্য উদয় হ’ল……। আধাকল্প দ্বাপৰ-কলিযুগত আন্ধাৰ, আধাকল্প সত্যযুগ-ত্ৰেতাত পোহৰ।
দিন আৰু ৰাতি, পোহৰ আৰু আন্ধাৰৰ এয়া জ্ঞান। এয়া বেহদৰ কথা। আধাকল্প আন্ধাৰত কিমান
ঠেকা-খুন্দা খালা, বহুত দিগভ্ৰান্ত হ’বলগীয়া হয়। স্কুলত যিয়ে পঢ়ে, তেওঁলোকক
দিগভ্ৰান্ত হৈ ফুৰা বুলি নকয়। সৎসংগত মনুষ্য কিমান দিগভ্ৰান্ত হৈ ফুৰে। উপাৰ্জন একো
নহয় আৰু বেছিহে লোকচান হয়, সেই কাৰণে দিগভ্ৰান্ত হৈ ফুৰা বুলি কোৱা হয়। দিগভ্ৰান্ত
হৈ হৈ ধন-সম্পত্তি আদি সকলো হেৰুৱাই কঙাল হৈ গ’ল। এতিয়া এই পঢ়াত যিয়ে যিমান ভালকৈ
ধাৰণ কৰিব আৰু আনক কৰাব, লাভেই লাভ হ'ব। ব্ৰাহ্মণ হৈ গ’লা গতিকে লাভেই লাভ। তোমালোকে
জানা যে আমি ব্ৰাহ্মণেই স্বৰ্গবাসী হওঁ। স্বৰ্গবাসীতো সকলো হ’ব। কিন্তু তোমালোকে
তাত উচ্চ পদ পাবৰ বাবে পুৰুষাৰ্থ কৰি আছা।
এতিয়া তোমালোক সকলোৰে
বানপ্ৰস্থ অৱস্থা। তোমালোকে নিজেই কোৱা - বাবা, আমাক বানপ্ৰস্থ বা পৱিত্ৰ লোকলৈ লৈ
ব’লা, সেয়া হৈছে আত্মাৰ লোক। নিৰাকাৰ সৃষ্টি কিমান সৰু। ইয়াততো ঘূৰা-ফুৰা কৰিবৰ
কাৰণে কিমান বিশাল ভূ-খণ্ড আছে। তাত এনেকুৱা কথা নাই, শৰীৰ নাই, ভূমিকা নাই। তৰাৰ
নিচিনাকৈ আত্মাবোৰ থাকে। এয়া হৈছে প্ৰকৃতি। সূৰ্য, চন্দ্ৰ, তৰা কেনেকৈ ৰৈ আছে।
আত্মাসকলো ব্ৰহ্মতত্বত নিজৰ আধাৰত স্বাভাৱিক ভাবে ৰৈ থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান মন্থন কৰি স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে। স্বদৰ্শন চক্ৰ ঘূৰাই পাপ খণ্ডন
কৰিব লাগে। দ্বৈত অহিংসক হ’ব লাগে।
(2) নিজৰ বুদ্ধি
স্বচ্ছ পৱিত্ৰ কৰি ৰাজযোগৰ পাঠ পঢ়িব লাগে আৰু উচ্চ পদ প্ৰাপ্ত কৰিব লাগে। অন্তৰত
যাতে সদায় এইটোৱে আনন্দ থাকে যে আমি সত্য-নাৰায়ণৰ সঁচা কথা (কাহিনী) শুনি মনুষ্যৰ
পৰা দেৱতা হওঁ।
বৰদান:
মন-বুদ্ধিক
নিৰ্দেশনা অনুসাৰে বিধি-পূৰ্বক কাৰ্যত লগাওঁতা নিৰন্তৰ যোগী হোৱা
নিৰন্তৰ যোগী অৰ্থাৎ
স্বৰাজ্য অধিকাৰী হোৱাৰ বিশেষ সাধন হৈছে মন আৰু বুদ্ধি। মন্ত্ৰই হৈছে ‘মনমনাভৱ’ৰ।
যোগক বুদ্ধিযোগ বুলি কয়। গতিকে যদি এই বিশেষ আধাৰ স্তম্ভ নিজৰ অধিকাৰত আছে অৰ্থাৎ
নিৰ্দেশনা অনুসাৰে বিধি-পূৰ্বক কাৰ্য কৰে, যি সংকল্প যেতিয়া কৰিব বিচৰা, তেনেকৈয়ে
সংকল্প কৰিব পাৰা, য’ত বুদ্ধি যুক্ত কৰিব বিচৰা ত’ত যুক্ত কৰিব পাৰা, বুদ্ধিয়ে
তোমালোক ৰজাক দিগভ্ৰান্ত নকৰে, বিধিপূৰ্বক কাৰ্য কৰে তেতিয়া নিৰন্তৰ যোগী বুলি কোৱা
হ’ব।
স্লোগান:
মাষ্টৰ বিশ্ব শিক্ষক হোৱা, সময়ক শিক্ষক কৰি নল’বা।
কৰ্মযোগী হ’বলৈ আজিৰ
অব্যক্ত সংকেত:
যেনেকৈ পিতা উপৰাম
হৈও শৰীৰত প্ৰৱেশ কৰি কাৰ্য কৰিবলৈ আহে তেনেকৈ ফৰিস্তা আত্মাসকলো কৰ্মবন্ধনৰ হিচাপত
নহয় কিন্তু সেৱাৰ বন্ধনত শৰীৰত প্ৰৱেশ কৰি কৰ্ম কৰে আৰু যেতিয়াই বিচাৰে তেতিয়া
উপৰাম হৈ যায়। এই ব্ৰাহ্মণ জীৱন কৰ্মবন্ধনৰ জীৱন নহয়, কৰ্মযোগী জীৱন। সেয়েহে মালিক
হৈ কৰ্ম কৰা, কৰ্ম পূৰা হ’লেই উপৰাম ফৰিস্তা হৈ যোৱা।