21.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ স্মৃতি উদয় হৈছে যে আমি 84 জন্মৰ চক্ৰ পূৰা কৰিলোঁ, এতিয়া নিজৰ ঘৰ
শান্তিধামলৈ যাওঁ, ঘৰলৈ যাবলৈ বাকী অলপ সময় আছে”
প্ৰশ্ন:
যিসকল সন্তানৰ
ঘৰলৈ যোৱাৰ স্মৃতি থাকে, তেওঁলোকৰ লক্ষণ কি হ’ব?
উত্তৰ:
তেওঁলোকে এই পুৰণি সৃষ্টিক দেখিও নেদেখিব। তেওঁলোকৰ বেহদৰ বৈৰাগ্য জন্মিব, পেছাগত
কাম-কাজ কৰি থাকিও পাতল (বোজা মুক্ত) হৈ থাকিব। ইফালে-সিফালে পৰদৰ্শন-পৰচিন্তনৰ
কথাত নিজৰ সময় নষ্ট নকৰিব। নিজকে এই সৃষ্টিত অতিথি বুলি বুজিব।
ওঁম্শান্তি।
কেৱল তোমালোক
সংগমযুগী ব্ৰাহ্মণ সন্তানসকলেহে জানা যে আমি কিছু সময়ৰ কাৰণে এই পুৰণি সৃষ্টিৰ অতিথি।
তোমালোকৰ প্ৰকৃত ঘৰ হৈছে শান্তিধাম। সেইখনকেই মনুষ্যই বহুত স্মৰণ কৰে, মনত যাতে
শান্তি পায়। কিন্তু মন কি, শান্তি কি, আমি পাম ক’ৰ পৰা, একোৱে বুজি নাপায়। তোমালোকে
জানা যে এতিয়া নিজৰ ঘৰলৈ যাবলৈ বাকী কিছু সময় আছে। গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই
একাদিক্ৰমে তালৈ যাব। সেইখন হৈছে শান্তিধাম আৰু এইখন হৈছে দুখধাম। এইটো স্মৰণ কৰাতো
সহজ নহয় জানো। কোনোবা বুঢ়া হওঁক বা ডেকা হওঁক, এইটোতো স্মৰণ কৰিব পাৰে নহয়। ইয়াত
গোটেই সৃষ্টিৰ জ্ঞান আহি যায়। গোটেই বিস্তাৰ বুদ্ধিত আহি যায়। এতিয়া তোমালোক
সংগমযুগত বহি আছা, এইটো বুদ্ধিত থাকে যে আমি ড্ৰামাৰ পৰিকল্পনা অনুসৰি শান্তিধামলৈ
গৈ আছোঁ। এইটো বুদ্ধিত থাকিলে তোমালোক আনন্দিত হ’বা, স্মৃতি থাকিব। আমাৰ নিজৰ 84
জন্মৰ স্মৃতি উদয় হৈছে। সেই ভক্তিমাৰ্গ বেলেগ, এইবোৰ হৈছে জ্ঞানমাৰ্গৰ কথা। পিতাই
বুজাই আছে - মৰমৰ সন্তানসকল, এতিয়া নিজৰ ঘৰ স্মৃতিলৈ আহেনে? কিমান শুনি থাকা, ইমান
অনেক কথা শুনা। এটা এইটোৱে যে এতিয়া আমি শান্তিধামলৈ যাম তাৰ পাছত সুখধামলৈ আহিম।
পিতা আহিছেই পাৱন সৃষ্টিলৈ লৈ যাবৰ বাবে। সুখধামতো আত্মাসকল সুখ আৰু শান্তিত থাকে।
শান্তিধামত কেৱল শান্তি আছে, ইয়াততো বহুত হুলস্থুল হয় নহয়। ইয়াৰ মধুবনৰ পৰা তোমালোক
যেতিয়া নিজৰ ঘৰলৈ যাবা তেতিয়া বুদ্ধি পৰদৰ্শন-পৰচিন্তন, নিজৰ পেছাগত কাম-কাজ আদিৰ
ফালে গুচি যাব। ইয়াততো সেইবোৰ জঞ্জাল নাথাকে। তোমালোকে জানা আমি আত্মাসকল হওঁৱেই
শান্তিধামৰ নিবাসী। ইয়াত আমি ভূমিকা পালন কৰোঁতা হৈছোঁ, আন কোনেও এইটো নাজানে যে আমি
ভূমিকা পালন কৰোঁতা কেনেকৈ হওঁ! তোমালোক সন্তানসকলকহে পিতাই আহি পঢ়ায়, কোটিৰ মাজত
কোনোবাইহে পঢ়ে। সকলোৱেতো নপঢ়িব। তোমালোক এতিয়া কিমান বিচাৰ বুদ্ধি সম্পন্ন হৈছা।
আগতে অবোধ আছিলা। এতিয়াতো চোৱা কাজিয়া-পেচাল আদি কিমান, এওঁলোকক কি বুলি কোৱা হ’ব?
আমি পৰস্পৰ ভাই ভাই, সেইটো পাহৰি গ’ল। ভায়েকে ভায়েকক হত্যা কৰে জানো? হয়, হত্যা
কৰেও কেৱল সম্পত্তিৰ কাৰণে। এতিয়া তোমালোকে জানা – আমি সকলো এজন পিতাৰ সন্তান ভাই
ভাই হওঁ। তোমালোকে বাস্তৱত বুজি পোৱা, আমাক অৰ্থাৎ আত্মাসকলক বাবাই আহি পঢ়ায়। 5
হাজাৰ বছৰ পূৰ্বৰদৰে আমাক পঢ়ায় কিয়নো তেওঁ জ্ঞানৰ সাগৰ হয়, এই পঢ়াক অন্য কোনেও
নাজানে। এয়াও তোমালোক সন্তানসকলে জানা - পিতাহে স্বৰ্গৰ ৰচয়িতা হয়। সৃষ্টিৰ ৰচয়িতা
বুলি কোৱা নহ’ব। সৃষ্টিতো অনাদি আছেই। স্বৰ্গ ৰচনা কৰোঁতা বুলি কোৱা হ’ব, তাত অন্য
কোনো খণ্ড নাছিল। ইয়াততো বহুত খণ্ড আছে। কোনোবা এটা সময় আছিল যেতিয়া এটাই ধৰ্ম আছিল,
এটাই খণ্ড আছিল। পাছলৈ আকৌ বিভিন্ন ধৰ্ম আহিছে।
এতিয়া বুদ্ধিত ধাৰণ
হয় যে বিভিন্ন ধৰ্ম কেনেকৈ আহে। পোন প্ৰথমতে হৈছে আদি “সনাতন দেৱী-দেৱতা ধৰ্ম”,
ইয়াত “সনাতন ধৰ্ম” বুলিও কোৱা হয়। কিন্তু অৰ্থতো একো বুজি নাপায়। তোমালোক সকলো আদি
“সনাতন দেৱী-দেৱতা ধৰ্ম”ৰ হোৱা কেৱল পতিত হৈ গৈছা, সতোপ্ৰধানৰ পৰা সতো–ৰজো-তমো হৈ
গৈছা। তোমালোকে বুজি পোৱা যে আমি “আদি সনাতন দেৱী দেৱতা ধৰ্ম”ৰ হওঁ, আমি বহুত
পৱিত্ৰ আছিলোঁ, এতিয়া পতিত হৈ গৈছোঁ। তোমালোকে পিতাৰ পৰা পৱিত্ৰ সৃষ্টিৰ মালিক
হোৱাৰ উত্তৰাধিকাৰ লৈছিলা। বুজি পোৱা যে আমি প্ৰথমতে পৱিত্ৰ গৃহস্থ ধৰ্মৰ আছিলোঁ,
এতিয়া ড্ৰামাৰ পৰিকল্পনা অনুসৰি ৰাৱণৰাজ্যত আমি পতিত প্ৰবৃত্তি মাৰ্গৰ হৈ গৈছোঁ।
তোমালোকেই আহ্বান জনোৱা - হে পতিত-পাৱন আমাক সুখধামলৈ লৈ যাওঁক। কালিৰ কথা। কালি
তোমালোক পৱিত্ৰ আছিলা, আজি অপৱিত্ৰ হৈ আহ্বান জনোৱা। আত্মা পতিত হৈ গ’ল। আত্মাই
আহ্বান জনায় - বাবা আহি আমাক পুনৰ পাৱন কৰি তোলক। পিতাই কয় - এতিয়া এই অন্তিম জন্ম
পৱিত্ৰ হোৱা তেতিয়া তোমালোক 21 জন্মৰ কাৰণে বহুত সুখী হৈ যাবা। বাবাইতো বহুত ভাল
ভাল কথা শুনায়। বেয়া বস্তু আঁতৰায়, তোমালোক দেৱতা আছিলা নহয়। এতিয়া পুনৰ হ’ব লাগে।
পৱিত্ৰ হোৱা। কিমান সহজ। উপাৰ্জন অতি শ্ৰেষ্ঠ। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে
শিৱবাবা আহিছে, প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহে। পুৰণি সৃষ্টিৰ পৰা নিশ্চয় নতুন হয়।
এইটো অন্য কোনেও ক’ব নোৱাৰে। শাস্ত্ৰত কলিযুগৰ আয়ুস বহুত দীঘলীয়া কৰি দিছে। এয়া সকলো
হৈছে ড্ৰামাৰ নিয়তি (ড্ৰামা অনুসৰি হ’বলগীয়া)।
এতিয়া তোমালোক
সন্তানসকলে পাপৰ পৰা মুক্ত হ’বলৈ পুৰুষাৰ্থ কৰা, ধ্যান ৰাখিব লাগে যাতে আৰু কোনো
পাপ নহয়। দেহ-অভিমানত অহা বাবেই আকৌ আন আন বিকাৰবোৰ আহে, যাৰ দ্বাৰা পাপ হয় সেইকাৰণে
ভূতবোৰ আঁতৰাবলগীয়া হয়। এইখন সৃষ্টিৰ কোনো বস্তুৰ প্ৰতি মোহ যাতে নাথাকে। এই পুৰণি
সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিব লাগে। যদিও দেখিবলৈ পোৱা, পুৰণি ঘৰতে নিবাস কৰি আছা
তথাপি বুদ্ধি নতুন সৃষ্টিত লাগি থাকিব লাগে। যেতিয়া নতুন ঘৰলৈ যাবা তেতিয়া নতুন ঘৰকে
চাই থাকিবা। যেতিয়ালৈকে এই পুৰণা ঘৰ নাশ হৈ নাযায় তেতিয়ালৈকে এই দুচকুৰে পুৰণা ঘৰক
দেখিও নতুন ঘৰক স্মৰণ কৰিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে আকৌ
অনুতাপ কৰিবলগীয়া হ’ব। আজি অমুকক দুখ দিলোঁ, এইটো পাপ কৰিলোঁ, বাবাক সুধিব পাৰা বাবা
এইটো পাপ হয়নে? শ্বাসৰুদ্ধ কিয় হ’ব লাগে। যদি নোসোধা তেন্তে শ্বাসৰুদ্ধ হৈ থাকিব
লাগিব। বাবাক সুধিলে বাবাই তৎক্ষণাৎ পাতল কৰি (বোজামুক্ত) দিব। তোমালোক বৰ গধুৰ হৈ
গৈছা। পাপৰ বোজা বহুত গধুৰ হয়। 21 জন্ম আকৌ পাপৰ পৰা পাতল (মুক্ত) হৈ যাবা। শিৰত
জন্ম-জন্মান্তৰৰ বোজা আছে। যিমানে স্মৃতিত থাকিবা সিমানে পাতল হৈ গৈ থাকিবা। খাদ (বিকাৰৰ
লেপ) আঁতৰি গৈ থাকিব আৰু আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ যাব। সত্যযুগত তোমালোক বহুত
আনন্দত আছিলা আকৌ কম হৈ হৈ তোমালোকৰ গোটেই আনন্দ নাইকিয়া হৈ গৈছে। সত্যযুগৰ পৰা
কলিযুগলৈকে এই যাত্ৰাত 5 হাজাৰ বছৰ লাগিল। স্বৰ্গৰ পৰা নৰকলৈ অহাৰ যাত্ৰাৰ বিষয়ে
এতিয়া জ্ঞাত হৈছা যে আমি স্বৰ্গৰ পৰা নৰকলৈ কেনেকৈ আহিলোঁ। এতিয়া তোমালোক পুনৰ নৰকৰ
পৰা স্বৰ্গলৈ যোৱা। এক ছেকেণ্ডত জীৱনমুক্তি। পিতাক চিনি পালা। পিতা আহিছে যেতিয়া
তেন্তে নিশ্চয় আমাক স্বৰ্গলৈ লৈ যাব। সন্তান জন্ম হ’ল আৰু সম্পত্তিৰ মালিক হৈ গ’ল।
পিতাৰ হ’লা যেতিয়া তেন্তে নিচা বাঢ়িব লাগে নহয়। অৱনমিত কিয় হ’ব লাগে। তোমালোকতো
মহান হোৱা নহয়। বেহদৰ পিতাৰ সন্তান হৈছা গতিকে বেহদৰ ৰাজধানীত তোমালোকৰ অধিকাৰ আছে
সেইকাৰণে গায়নো আছে – অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব বিচৰা যদি গোপী বল্লভৰ
গোপ-গোপীসকলক সোধা। বল্লভ পিতা হয় নহয়, তেওঁক সোধা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰিহে
আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব। কোনোবাইতো ততালিকে নিজৰ সমান কৰি তুলিব। সন্তানসকলৰ
কামেই হৈছে এইটো, সকলোবোৰ পাহৰাই নিজৰ ৰাজধানীৰ স্মৃতি সোঁৱৰাই দিয়া।
তোমালোকতো স্বৰ্গৰ
মালিক আছিলা। এতিয়া কলিযুগ পুৰণি সৃষ্টি, পুনৰ নতুন সৃষ্টি হ’ব। এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিত আছে যে প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত পিতা ভাৰতলৈকে আহে। তেওঁৰ
জয়ন্তীও পালন কৰে। তোমালোকে জানা যে পিতা আহি আমাক ৰাজধানী দি থৈ যায় তাৰ পাছত
স্মৰণ কৰাৰ দৰকাৰেই নাথাকে আকৌ যেতিয়া ভক্তি আৰম্ভ হয় তেতিয়া স্মৰণ কৰে। আত্মাই
যিহেতু তেওঁৰ পৰা সম্পত্তি লাভ কৰিছে, সেয়েহে স্মৰণ কৰে বাবা পুনৰ আহি আমাক
শান্তিধাম, সুখধামলৈ লৈ যাওঁক। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে তেওঁ আমাৰ
পিতা, শিক্ষকো হয়, গুৰুও হয়। সৃষ্টিৰ আদি-মধ্য-অন্তৰ চক্ৰ, 84 জন্মৰ জ্ঞান তোমালোকৰ
বুদ্ধিত আছে। অনেক বাৰ 84 জন্ম লৈছা আৰু লৈ থাকিবা। ইয়াৰ সমাপ্তি কেতিয়াও নহয়।
তোমালোকৰ বুদ্ধিতহে এই চক্ৰ আছে, স্বদৰ্শন চক্ৰ বাৰে বাৰে স্মৃতিলৈ অহা উচিত। এয়াই
হৈছে ‘মনমনাভৱ’, যিমানে পিতাক স্মৰণ কৰিবা সিমানে পাপ ভস্ম হ’ব।
তোমালোক যেতিয়া
কৰ্মাতীত অৱস্থাৰ সমীপত গৈ উপনীত হ’বা তেতিয়া তোমালোকৰ দ্বাৰা কোনো বিকৰ্ম নহ’ব।
এতিয়া অলপ অলপ বিকৰ্ম হৈ থাকে। সম্পূৰ্ণ কৰ্মাতীত অৱস্থা এতিয়া হৈছে জানো। এই বাবাও
(ব্ৰহ্মা বাবাও) তোমালোকৰ লগতে বিদ্যাৰ্থী হয়। পঢ়াওঁতাজন হৈছে শিৱবাবা। যদিও এওঁৰ
শৰীৰত প্ৰৱেশ কৰে, এৱোঁ বিদ্যাৰ্থী। এইবোৰ হৈছে নতুন নতুন কথা। এতিয়া তোমালোকে কেৱল
পিতাক আৰু সৃষ্টি চক্ৰক স্মৰণ কৰা। সেয়া হৈছে ভক্তিমাৰ্গ, এয়া হৈছে জ্ঞানমাৰ্গ।
ৰাতি-দিনৰ পাৰ্থক্য আছে! তাত কিমান বাদ্য যন্ত্ৰ, ঘণ্টা আদি বজায়। ইয়াত কেৱল
স্মৃতিত থাকিব লাগে। আত্মাতো অমৰ, অকাল আসনো আছে। এনেকুৱা নহয় যে অকালমূৰ্ত কেৱল
পিতাহে। তোমালোকো অকালমূৰ্ত। অকালমূৰ্ত আত্মাৰ এই ভ্ৰূকুটি হৈছে আসন। নিশ্চয়
ভ্ৰূকুটিতে বহিব। পেটত জানো বহিব। এতিয়া তোমালোকে জানা যে আমাৰ অৰ্থাৎ অকালমূৰ্ত
আত্মাৰ আসন ক’ত। এই ভ্ৰূকুটিৰ মাজত আমাৰ আসন আছে। অমৃতসৰত অকাল আসন আছে নহয়। অৰ্থে
একোৱে নুবুজে। মহিমাও কৰে যে অকালমূৰ্ত। তেওঁৰ অকাল আসনৰ বিষয়ে কোনেও নাজানে। এতিয়া
তোমালোকে জানা, আসনতো এইখনেই, য’ত বহি শুনায়। গতিকে আত্মা অবিনাশী, শৰীৰ বিনাশী।
আত্মাৰ এয়া হৈছে অকাল আসন, সদায় এই অকাল আসন থাকে। এয়া তোমালোকে বুজি পোৱা। তেওঁলোকে
আকৌ সেই আসন সাজি নাম ৰাখি দিছে। বাস্তৱত অকাল আত্মাতো ইয়াত বহি আছে। তোমালোক
সন্তানসকলৰ বুদ্ধিত অৰ্থসহিত আছে, “এক ওঙ্কাৰ…” ইয়াৰ অৰ্থ তোমালোকে বুজি পোৱা।
মনুষ্যই মন্দিৰত গৈ কয় –অচতম্ কেশৱম্… অৰ্থ একো নাই। এনেয়ে স্তুতি কৰি থাকে। অচতম্
কেশৱম্ ৰাম নাৰায়ণম্… এতিয়া ৰাম ক’ত, নাৰায়ণ ক’ত। পিতাই কয় - সেই সকলোবোৰ হৈছে
ভক্তিমাৰ্গ। জ্ঞানতো অতি সাধাৰণ, কিবা অন্য কথা সোধাৰ আগতে প্ৰথমে পিতা আৰু
উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে, সেইটো পৰিশ্ৰম কাৰো দ্বাৰা নহয়, পাহৰি যায়। এখন নাটকো
আছে.... মায়াই এনেকুৱা কৰে, ভগৱানে এনেকুৱা কৰে। তোমালোকে পিতাক স্মৰণ কৰা, মায়াই
তোমালোকক আৰু ধুমুহাত লৈ যায়। মায়াৰ আদেশ হৈছে - শক্তিশালীৰ লগত শক্তিশালী হৈ যুদ্ধ
কৰা, তোমালোক সকলো যুদ্ধক্ষেত্ৰত আছা। এইটো জানা যে ইয়াত কোন কোন প্ৰকাৰৰ যোদ্ধা আছে।
কোনোবাতো বহুত দুৰ্বল, কোনোবা মধ্যম দুৰ্বল, কোনোবাতো আকৌ তীক্ষ্ণ। সকলো মায়াৰ সৈতে
যুদ্ধ কৰোঁতা। একেবাৰে গুপ্ত। তেওঁলোকেও গুপ্তভাৱে বোমাৰ পৰীক্ষণ কৰে। এইটোও
তোমালোক সন্তানসকলে জানা, নিজৰ মৃত্যুৰ কাৰণে সকলো কৰি আছে। তোমালোক একেবাৰে
শান্তিত বহি আছা, তেওঁলোকৰ হৈছে বিজ্ঞানৰ বল। প্ৰাকৃতিক দুৰ্যোগো বহুত আছে।
সেইবোৰকতো কোনেও বশ কৰিব নোৱাৰে। এতিয়া কৃত্ৰিম বৰষুণৰ বাবেও চেষ্টা কৰে। কৃত্ৰিম
বৰষুণ পৰিলে তেতিয়া শস্য বেছিকৈ হ’ব। তোমালোক সন্তানসকলেতো জানা যে যিমানেই বৰষুণ
নিদিয়ক তথাপি প্ৰাকৃতিক দুৰ্যোগ নিশ্চয় হ’ব। মুষলধাৰে বৰষুণ দিব তেতিয়া কি কৰিব
পাৰিব। ইয়াক প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়। সত্যযুগত এয়া নহয়। ইয়াত হয় যিয়ে আকৌ
বিনাশত সহায় কৰে।
তোমালোকৰ বুদ্ধিত আছে
যে আমি যেতিয়া সত্যযুগত থাকিম তেতিয়া যমুনাৰ পাৰত সোণৰ মহল হ’ব। আমি বহুত কমসংখ্যকহে
তাৰ বাসিন্দা হ’ম। কল্পই কল্পই এনেকুৱা হৈ থাকে। প্ৰথমে কম থাকে পাছত বৃক্ষ বাঢ়ি
যায়, তাত কোনোধৰণৰ লেতেৰা বস্তু নাথাকে। ইয়াততো চোৱা চৰাইয়েও কেনেকৈ লেতেৰা কৰি থাকে,
তাত আৱৰ্জনাৰ কথাই নাথাকে, তাক কোৱাই হয় ‘স্বৰ্গ’। এতিয়া তোমালোকে বুজি পোৱা যে আমি
এই দেৱতা হওঁগৈ তেন্তে অন্তৰ কিমান আনন্দিত হোৱা উচিত। মায়া ৰূপী জিনৰ পৰা ৰক্ষা
পাবলৈ পিতাই কয় - তোমালোক সন্তানসকলে এই আত্মিক বেপাৰত লাগি যোৱা। মনমনাভৱ। বচ্,
এই ক্ষেত্ৰতে জিন হৈ যোৱা। জিনৰ দৃষ্টান্ত দিয়ে নহয়। জিনে ক’লে কাম দিয়া… গতিকে
বাবায়ো কাম দিয়ে। নহলে মায়াই খাই পেলাব। পিতাৰ সম্পূৰ্ণ সহায়কাৰী হ’ব লাগে। অকলে
পিতাইতো নকৰিব। পিতাইতো ৰাজত্বও নকৰে। তোমালোকে সেৱা কৰা, ৰাজ্য-ভাগ্যও তোমালোকৰ
কাৰণেই। পিতাই কয় - ময়ো ‘মগধ’ (আটাইতকৈ অপৱিত্ৰ) দেশলৈ আহোঁ। মায়াও ঘঁৰিয়াল, কিমান
মহাৰথীক গিলি খাই পেলায়। এই সকলোবোৰ হৈছে শত্ৰু। যেনেকৈ ভেকুলীৰ শত্ৰু সাপ। তোমালোকে
গম পোৱা, এনেকৈ মায়া হৈছে তোমালোকৰ শত্ৰু। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজক পাপৰ
পৰা মুক্ত কৰাৰ পুৰুষাৰ্থ কৰিব লাগে, দেহ-অভিমানত কেতিয়াও আহিব নালাগে। এইখন
সৃষ্টিৰ কোনো বস্তুৰ প্ৰতি মোহ ৰাখিব নালাগে।
(2) মায়া ৰূপী জিনৰ
পৰা ৰক্ষা পাবলৈ বুদ্ধি আত্মিক বেপাৰত ব্যস্ত কৰি ৰাখিব লাগে। পিতাৰ পূৰা পূৰা
সহায়কাৰী হ’ব লাগে।
বৰদান:
সৰ্ব সম্পদ
সময়ত ব্যৱহাৰ কৰি নিৰন্তৰ আনন্দৰ অনুভৱ কৰোঁতা সৌভাগ্যশালী আত্মা হোৱা
বাপদাদাৰ দ্বাৰা
ব্ৰাহ্মণ জন্ম হওঁতেই গোটেই দিনৰ কাৰণে অনেক শ্ৰেষ্ঠ আনন্দৰ সম্পদ প্ৰাপ্ত হয় সেই
কাৰণে তোমালোকৰ নামেৰেই এতিয়াও অনেক ভক্ত অল্পকালৰ আনন্দত আহি যায়, তোমালোকৰ জড়
চিত্ৰ দেখি আনন্দত নাচিবলৈ ধৰে। তেনেকৈ তোমালোক সকলো সৌভাগ্যশালী হোৱা, বহুত সম্পদ
প্ৰাপ্ত হৈছে কিন্তু কেৱল সময়ত ব্যৱহাৰ কৰা। চাবি সদায় সন্মুখত ৰাখা অৰ্থাৎ সদায়
স্মৃতিত ৰাখা আৰু স্মৃতিক স্বৰূপত আনা তেতিয়া নিৰন্তৰ আনন্দৰ অনুভৱ হৈ থাকিব।
স্লোগান:
পিতাৰ শ্ৰেষ্ঠ আশাৰ দীপক জ্বলোৱাজনেই কুল দীপক।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
আত্মিক স্থিতিত থাকি
বাহ্যৰ্মুখিতা এৰি দিয়া তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা আৰু অনুভৱৰ সাগৰত সমাহিত
হৈ যাবা। এটা দুটা অনুভৱ নহয় অনেক। এটা দুটা অনুভৱ কৰি অনুভৱৰ পুখুৰীত গা নুধুবা।
সাগৰৰ সন্তান অনুভৱৰ সাগৰত সমাহিত হৈ যোৱা।