21.07.24 Avyakt Bapdada
Assame
Murli
16.12.2000 Om Shanti Madhuban
“*“সাক্ষাৎ পিতা
ব্ৰহ্মাৰ সমান কৰ্মযোগী ফৰিস্তা হোৱা তেতিয়া সাক্ষাৎকাৰ আৰম্ভ হ’ব”*”
আজি ব্ৰাহ্মণ সংসাৰৰ
ৰচয়িতা বাপদাদাই নিজৰ ব্ৰাহ্মণ সংসাৰক চাই চাই হৰ্ষিত হৈ আছেহঁক। কিমান অকণমান মৰমৰ
সংসাৰ। প্ৰতিগৰাকী ব্ৰাহ্মণৰ মস্তকত ভাগ্যৰ তৰা জিলিকি আছে। ক্ৰমানুসৰি হোৱা
সত্ত্বেও প্ৰতিটো তৰাত ভগৱানক চিনি পোৱাৰ আৰু তেওঁৰ হৈ যোৱাৰ শ্ৰেষ্ঠ ভাগ্যৰ ৰেঙনি
আছে। যিগৰাকী পিতাক ঋষি, মুনি, তপস্বী আদিয়ে “নাজানো নাজানো” বুলি কৈ গুচি গ’ল,
সেইগৰাকী পিতাক ব্ৰাহ্মণ সংসাৰৰ হোজা আত্মাসকলে জানি ল’লে, পাই গ’ল। এই ভাগ্য
কোনসকল আত্মাৰ প্ৰাপ্ত হয়? যিসকল সাধাৰণ আত্মা। পিতাও সাধাৰণ শৰীৰত আহে, সেয়েহে
সন্তানসকলৰ মাজৰো সাধাৰণ আত্মাসকলেহে চিনি পায়। আজিৰ এই সভাত চোৱা, কোন বহি আছে?
কোনোবা অনেক কোটিপতি বহি আছে জানো? সাধাৰণ আত্মাসকলৰেই গায়ন আছে। পিতা গৰিবৰ
ত্ৰাণকৰ্তা বুলি গায়ন কৰা হৈছে। অনেক কোটিপতিৰ ত্ৰাণকৰ্তা বুলি গায়ন কৰা হোৱা নাই।
বুদ্ধিমানৰো বুদ্ধিয়ে কোনোবা অনেক কোটিপতিৰ বুদ্ধি সলনি কৰিব নোৱাৰে জানো? কিনো
ডাঙৰ কথা! কিন্তু ড্ৰামাত বহুত ভাল কল্যাণকাৰী নিয়ম ৰচি থোৱা আছে, পৰমাত্ম কাৰ্যত
এটি এটি টোপালেৰে পুখুৰী হ’ব লাগে। অনেক আত্মাৰ ভৱিষ্যত গঢ় দিব লাগে। 10-20 গৰাকীৰ
নহয়, অনেক আত্মাৰ সফল হ’ব লাগে সেইবাবে গায়ন আছে – এটি এটি টোপালেৰে পুখুৰী।
তোমালোক সকলোৱে যিমানে তন-মন-ধন সফল কৰি আছা সিমানে সফলতাৰ তৰা হৈ গৈছা। সকলো
সফলতাৰ তৰা হৈছানে? হৈ গ’লা নে এতিয়া হ’বা, ভাবি আছা নেকি? ভাবিব নালাগে। কৰিম, চাম,
কৰিবতো লাগেই… এনেকৈ ভবাটোও সময় নষ্ট কৰা। ভৱিষ্যত আৰু বৰ্তমানৰ প্ৰাপ্তি হেৰুওৱা।
বাপদাদাৰ ওচৰলৈ কোনো কোনো সন্তানৰ এটা সংকল্প আহে। বাহিৰৰ সকলতো বেচেৰা কিন্তু
ব্ৰাহ্মণ আত্মাসকল বেচেৰা নহয়, বিচাৰৱান, বুদ্ধিমান। কিন্তু কেতিয়াবা কেতিয়াবা কোনো
কোনো সন্তানৰ এটা দুৰ্বল সংকল্প উদয় হয়, কওঁনে, কওঁনে? সকলোৱে হাত দাঙি আছে, বৰ ভাল।
কেতিয়াবা কেতিয়াবা ভাবে যে কি বিনাশ হ’ব নে নহয়! 99 ৰ চক্ৰও পূৰা হৈ গ’ল, 2000ৰো
পূৰা হ’বই। এনেকৈ কেতিয়ালৈকে? বাপদাদাই ভাবে – হাঁহি উঠা কথা বিনাশৰ কথা চিন্তা কৰা
অৰ্থাৎ পিতাক বিদায় দিয়া কিয়নো বিনাশ হ’লে তেতিয়া পিতাতো পৰমধামলৈ গুচি যাব নহয়!
তেন্তে সংগমত ভাগৰি গৈছা নেকি? হীৰাতুল্য বুলি কোৱা আৰু সোণালীক বেছিকৈ স্মৰণ কৰা,
হ’বতো নিশ্চয় কিন্তু অপেক্ষা কিয় কৰা? বহুত সন্তানে ভাবে সফলতো কৰোঁ কিন্তু কাইলৈ
বা পৰহিলৈ বিনাশ হৈ গ’লে আমি দিয়াখিনিতো কামতেই নাহিল। আমাৰতো সেৱাত নালাগিল। গতিকে
কৰোঁ, ভাবি চিন্তি কৰোঁ। হিচাপ কৰি কৰোঁ, অলপ অলপকৈ কৰোঁ। এইটো সংকল্প পিতাৰ ওচৰ
পায়হি। কিন্তু ধৰি লোৱা আজি তোমালোক সন্তানসকলে নিজৰ তন সেৱাত সমৰ্পণ কৰিলা, মন
বিশ্ব পৰিৱৰ্তনৰ প্ৰকম্পনত নিৰন্তৰ লগালা, ধন যিয়েই আছে, আছে কিন্তু প্ৰাপ্তিৰ
তুলনাত একোৱে নহয়, কিন্তু যিয়েই আছে, আজি তোমালোকে কৰিলা আৰু কাইলৈ বিনাশ হৈ গ’ল
তেন্তে তোমালোকৰ সফল হ’ল নে ব্যৰ্থত গ’ল? চিন্তা কৰা, সেৱাততো নালাগিল, তেন্তে সফল
হ’ল জানো? তোমালোকে কাৰ প্ৰতি সফল কৰিলা? বাপদাদাৰ প্ৰতি সফল কৰিলা নহয়? তেন্তে
বাপদাদাতো অবিনাশী, তেওঁতো বিনাশ নহয়! অবিনাশী পুঁজিত, অবিনাশী বাপদাদাৰ ওচৰত
তোমালোকে আজি জমা কৰিলা, এঘণ্টা পূৰ্বে জমা কৰিলা, তেন্তে অবিনাশী পিতাৰ ওচৰত
তোমালোকৰ পুঁজি একৰ বিনিময়ত পদম গুণ জমা হৈ গ’ল। পিতা বান্ধ খাই আছে, একৰ বিনিময়ত
পদম দিবৰ কাৰণে। তেন্তে পিতাতো গুচি নাযায় নহয়! পুৰণা সৃষ্টি বিনাশ হ’ব নহয়! সেইবাবে
তোমালোকৰ অন্তৰেৰে কৰাখিনি, বাধ্যত পৰি কৰাখিনি, আনক দেখি কৰাখিনি, তাৰ বিনিময়ত পূৰা
নোপোৱা। পাবা নিশ্চয় কিয়নো দাতাক দিছা কিন্তু পূৰা নোপোৱা সেই কাৰণে এইটো নাভাবিবা
বাৰু এতিয়া বিনাশতো 2001লৈকে দেখা পোৱা নাযায়, এতিয়াতো কাৰ্যসূচী তৈয়াৰ হৈ আছে, ঘৰ
সাজি থকা হৈছে। ডাঙৰ ডাঙৰ পৰিকল্পনা কৰি আছে, তেন্তে 2001লৈকেতো দেখিবলৈ পোৱা নাযায়,
দেখিবলৈ পোৱা নাযাব। কেতিয়াও এই কথাবোৰক নিজৰ আধাৰ কৰি লৈ অমনোযোগী নহ’বা। অকস্মাতে
হ’ব। আজি ইয়াত বহি আছা, এঘণ্টাৰ পাছতো হ’ব পাৰে। নহয়, ভয় নাখাবা যে গম নাপাওঁ এক
ঘণ্টাৰ পাছত কি হ’ব! এইটো সম্ভৱ। ইমানখিনি সদাপ্ৰস্তুত হৈ থাকিবই লাগে।
শিৱৰাত্ৰিলৈকে কৰিব লাগিব, এনেকৈ নাভাবিবা। সময়ৰ অপেক্ষা নকৰিবা। সময় তোমালোকৰ ৰচনা,
তোমালোক মাষ্টৰ ৰচয়িতা। ৰচয়িতা ৰচনাৰ অধীন নহয়। সময় ৰচনা তোমালোকৰ আদেশ মতে চলোঁতা।
তোমালোকে সময়ৰ অপেক্ষা নকৰিবা, কিন্তু এতিয়া সময়ে তোমালোকৰ অপেক্ষা কৰি আছে। বহুত
সন্তানে ভাবে, 6 মাহৰ কাৰণে বাপদাদাই কৈছে গতিকে 6 মাহতো থাকিবই। থাকিবই নহয় জানো!
কিন্তু বাপদাদাই কয় এই হদৰ কথাবোৰ আধাৰ কৰি নল’বা, সদাপ্ৰস্তুত হৈ থাকা। নিৰাধাৰ,
এক চেকেণ্ডত জীৱনমুক্তি। প্ৰত্যাহ্বান জনোৱা এক চেকেণ্ডত জীৱনমুক্তিৰ উত্তৰাধিকাৰ
লওঁক। তেন্তে তোমালোকে জানো এক চেকেণ্ডত নিজক জীৱনমুক্ত কৰিব নোৱাৰা? সেইবাবে
অপেক্ষা নহয়, সম্পন্ন হোৱাৰ ব্যৱস্থা কৰা।
বাপদাদাৰ সন্তানসকলৰ খেল দেখি হাঁহিও উঠে। কোনটো খেল দেখি হাঁহি উঠে? কওঁনে কোনটো?
আজি মুৰুলী শুনাই থকা নাই, বাতৰি শুনাই আছে। এতিয়ালৈকে বহুত সন্তানৰ পুতলাৰ সৈতে
খেলিবলৈ বৰ ভাল লাগে। সৰু সৰু কথাৰ পুতলাৰে খেলা, সৰু কথাত সাঙোৰ খাই যোৱা, এয়া সময়
নষ্ট কৰা। এয়া পাৰ্শ্বদৃশ্য। ভিন্ন ভিন্ন সংস্কাৰৰ কথা বা চাল-চলন এয়া সম্পূৰ্ণ
লক্ষ্যৰ মাজত পাৰ্শ্বদৃশ্য। এই দৃশ্য দেখি ৰৈ যোৱা অৰ্থাৎ ভবা, প্ৰভাৱিত হোৱা, সময়
নষ্ট কৰা, ৰুচিৰে শুনা, শুনোৱা, বায়ুমণ্ডল গঢ়ি তোলা… এয়া হ’ল ৰৈ যোৱা, ইয়াৰ দ্বাৰা
সম্পূৰ্ণতাৰ লক্ষ্যৰ পৰা দূৰ হৈ যায়। পৰিশ্ৰম বহুত, বিচাৰে বহুত “পিতাৰ সমান হ’বই
লাগিব”, শুভ সংকল্প, শুভ ইচ্ছা আছে কিন্তু পৰিশ্ৰম কৰা সত্ত্বেও বাধা আহি যায়। দুখন
কাণ আছে, দুটা চকু আছে, মুখ আছে সেয়েহে দেখিবলৈও পায়, শুনিবলৈও পায়, বাণীতো আহে,
কিন্তু পিতাৰ বহুত পুৰণা শ্লোগান সদায় স্মৃতিত ৰাখিবা – দেখিও নাচাবা, শুনিও
নুশুনিবা। শুনিলেও নাভাবিবা, শুনিলে ভিতৰত সমাহিত কৰা, বিয়পাই নিদিবা। এইটো পুৰণা
শ্লোগান স্মৃতিত ৰখাতো জৰুৰী কিয়নো দিনে-প্ৰতিদিনে যেনেকৈ সকলোৰে পুৰণা শৰীৰৰ
হিচাপ-নিকাচ নিষ্পত্তি হৈ আছে, তেনেকৈ পুৰণা সংস্কাৰ, পুৰণা বেমাৰো সকলোৰে বাহিৰ হৈ
শেষ হ’ব, সেইবাবে ভয় নকৰিবা যে এতিয়াতো গম নাপাওঁ আৰুহে পৰিস্থিতি বাঢ়ি গৈ আছে,
আগতেতো নাছিল। যিটো নাছিল, সেইটোও এতিয়া ওলাই আছে, ওলাব। তোমালোকৰ সমাহিত কৰাৰ শক্তি,
সহন কৰা শক্তি, সামৰি লোৱাৰ শক্তি, নিৰ্ণয় কৰা শক্তিৰ পৰীক্ষা। 10 বছৰৰ আগৰ কাকত
আহিব জানো? বি.এ.ৰ কাকত, এম.এ.ৰ কাকত আহিব জানো? সেইকাৰণে ভয় নকৰিবা, কি হৈ আছে।
এইটো হৈ আছে, সেইটো হৈ আছে… খেল চোৱা। কাকততো উত্তীৰ্ণ হৈ যোৱা, সন্মান সহকাৰে
উত্তীৰ্ণ হৈ যোৱা।
বাপদাদাই আগতেও শুনাইছে যে উত্তীৰ্ণ হোৱাৰ সকলোতকৈ সহজ সাধন হ’ল, বাপদাদাৰ ওচৰত থাকা,
যিটো তোমালোকৰ কামৰ দৃশ্য নহয়, সেয়া পাৰ হ’বলৈ দিয়া, ওচৰত থাকা, অতিক্ৰম কৰা,
উত্তীৰ্ণ হৈ যোৱা। কঠিন নেকি? শিক্ষকসকলে শুনোৱা, মধুবন নিবাসীয়ে শুনোৱা। মধুবন
নিবাসীয়ে হাত উঠোৱা। মধুবন নিবাসী বুদ্ধিমান আগলৈ আহি যায়, আহিলে আহা। বাপদাদা
আনন্দিত হয়। নিজৰ অধিকাৰ লয় নহয়? ভাল কথা, বাপদাদা নাৰাজ হোৱা নাই, লাগিলে আগত বহা।
মধুবনত আছা গতিকে সমীপৰসকলক কিবাতো খাতিৰ কৰিব লাগে নহয়! কিন্তু ‘উত্তীৰ্ণ’ শব্দটি
স্মৃতিত ৰাখিবা। মধুবনত নতুন নতুন কথা হয় নহয়, ডাকুও আহে। বহুত নতুন নতুন কথা আহে,
এতিয়া পিতাই সাধাৰণভাৱে কি শুনাব, অলপ গুপ্ত কৰি ৰাখে কিন্তু মধুবন নিবাসীয়ে জানে।
মনোৰঞ্জন কৰা, জঁই পৰি নাযাবা। হয় জঁই পৰি যোৱা নতুবা মনোৰঞ্জন বুলি বুজি আনন্দ-
উল্লাসেৰে অতিক্ৰম কৰা। তেন্তে জঁই পৰি যোৱা ভাল নে অতিক্ৰম কৰি আনন্দ-উল্লাসত থকা
ভাল? অতিক্ৰম কৰিব লাগে নহয়! উত্তীৰ্ণ হ’ব লাগে নহয়! গতিকে অতিক্ৰম কৰা। কি ডাঙৰ কথা?
কোনো ডাঙৰ কথা নহয়। কথা ডাঙৰ কৰা বা সৰু কৰা, সেয়া নিজৰ বুদ্ধিৰ ওপৰত। যিয়ে কথা
ডাঙৰ কৰি দিয়ে, তেওঁক অজ্ঞানকালতো কয় যে এওঁ ৰচীক সাপ কৰি দিওঁতা। সিন্ধী ভাষাত কয়
যে “নৌৰী কো নাগ” কৰি দিয়ে। এনেকুৱা খেল নকৰিবা। এতিয়া এই খেল শেষ।
আজি বিশেষ খবৰতো শুনালোঁ নহয়, বাপদাদাই এতিয়া এটা সহজ পুৰুষাৰ্থ শুনাইছে, কঠিন নহয়।
সকলোৰে এইটো সংকল্পতো আছেই যে পিতাৰ সমান হ’বই লাগে। হ’বই লাগে, দৃঢ় হোৱা নহয়!
বিদেশীসকল হ’বই লাগে নহয়? শিক্ষকসকল হ’ব লাগে নহয়? ইমান শিক্ষক আহিছা! বাঃ! চমৎকাৰ
শিক্ষকসকলৰ। বাপদাদাই আজি শিক্ষকসকলৰ শুভ-সংবাদ শুনিলে। কোনটো শুভ-সংবাদ, কোৱা।
শিক্ষকসকলে আজি সোণালী বেজ পাইছে। যিসকলে সোণালী বেজ পাইছে, হাত দাঙা। পাণ্ডৱসকলেও
পাইছানে? পিতাৰ সমগোত্ৰীয় গতিকে থাকি যাব নালাগে। পাণ্ডৱ পিতা ব্ৰহ্মাৰ সমগোত্ৰীয়।
(তেওঁলোকে অন্য প্ৰকাৰৰ সোণালী বেজ পাইছে) পাণ্ডৱসকলৰ অভিজাত সোণালী বেজ আছে। সোণালী
বেজ পোৱাসকলক বাপদাদাৰ অনেক কোটি অভিনন্দন, অভিনন্দন, অভিনন্দন।
বাপদাদাৰ কথা যিসকলে দেশ-বিদেশত শুনি আছে, আৰু সোণালী বেজ পাইছে, তেওঁলোকেও বুজক যে
আমাকো বাপদাদাই অভিনন্দন জনাইছে, পাণ্ডৱেই হওঁক বা শক্তিয়ে হওঁক, যি কোনো কাৰ্যত
নিমিত্ত হোৱাসকলক বিশেষকৈ এই দাদীসকলে, পৰিয়ালত থকাসকলকো কোনো বিশেষত্বৰ আধাৰত
সোণালী বেজ দিয়ে। গতিকে যিয়েই কোনো বিশেষত্বৰ আধাৰত নতুবা সমৰ্পিত হোৱা বাবেই হওঁক
অথবা কোনো সেৱাত বিশেষভাৱে আগবাঢ়ি যোৱাৰ বাবেই হওঁক দাদীসকলৰ দ্বাৰাও সোণালী বেজ
পাইছে, গতিকে দূৰৈত বহি শুনি থকা সেইসকলকো বহুত বহুত অভিনন্দন। তোমালোক সকলোৱে
দূৰৈত বহি মুৰুলী শুনাসকলৰ বাবে, সোণালী বেজ পোৱাসকলৰ বাবে এখন হাতেৰে চাপৰি বজোৱা,
তেওঁলোকে তোমালোকৰ চাপৰি দেখি আছে। তেওঁলোকেও হাঁহি আছে, আনন্দিত হৈ আছে।
বাপদাদাই সহজ পুৰুষাৰ্থ শুনাই আছিল – এতিয়া সময়তো অকস্মাতে আহিব, এঘণ্টা পূৰ্বেও
বাপদাদাই ঘোষণা নকৰিব, নকৰিব, নকৰিব। নম্বৰ কেনেকৈ পাবা? যদি অকস্মাতে নহয় তেন্তে
সেয়া কাকত কেনেকৈ হ’ল? সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, চুড়ান্ত
প্ৰমাণপত্ৰতো অকস্মাতে প্ৰাপ্ত হ’ব সেইবাবে দাদীসকলৰ এটা সংকল্প বাপদাদাৰ ওচৰ আহি
পাইছে। দাদীসকলে বিচাৰে যে এতিয়া বাপদাদাই সাক্ষাৎকাৰৰ চাবি খোলক, এয়া তেওঁলোকৰ
সংকল্প। তোমালোকেও বিচৰা নেকি? বাপদাদাই চাবি খুলিব নে তোমালোক নিমিত্ত হ’বা? বাৰু
বাপদাদাই চাবি খুলিব, ঠিক আছে। বাপদাদাই সন্মতি জনাইছে, (চাপৰি বজাই দিলে) প্ৰথমে
পূৰা শুনি লোৱা। বাপদাদাৰ চাবি খুলিবলৈ কিমান দেৰি লাগে, কিন্তু কৰাব কাৰ দ্বাৰা?
প্ৰত্যক্ষ কাক কৰাব লাগে? সন্তানক নে পিতাক? পিতাও সন্তানসকলৰ দ্বাৰা প্ৰত্যক্ষ হ’ব
লাগে কিয়নো যদি জ্যোতিবিন্দুৰ সাক্ষাৎকাৰো হৈ যায় তেন্তে অনেক বেচেৰাই…, বেচেৰা নহয়
জানো! তেতিয়া বুজিয়েই নাপাব যে এয়া কি। অন্তত শক্তি আৰু পাণ্ডৱ সন্তানসকলৰ দ্বাৰা
পিতাৰ প্ৰত্যক্ষ হ’ব লাগে। সেয়েহে বাপদাদাই এইটোৱে কৈ আছে যে যিহেতু সকলো সন্তানৰ
এটাই সংকল্প যে পিতাৰ সমান হ’বই লাগে, ইয়াত দ্বৈত বিচাৰ নাই নহয়! এটাই বিচাৰ নহয়
জানো। সেয়েহে পিতা ব্ৰহ্মাক অনুসৰণ কৰা। অশৰীৰী, বিন্দু আপোনাআপুনি হৈ যাবা। পিতা
ব্ৰহ্মাৰ প্ৰতিতো সকলোৰে স্নেহ আছে নহয়! সকলোতকৈ বেছি দেখা গৈছে, এনেয়েতো সকলোৰে আছে
কিন্তু বিদেশীসকলৰ পিতা ব্ৰহ্মাৰ প্ৰতি বহুত স্নেহ আছে। এই নেত্ৰৰে দেখা নাই কিন্তু
অনুভৱৰ নেত্ৰৰে বিদেশীসকলৰ গৰিষ্ঠসংখ্যকে পিতা ব্ৰহ্মাক দেখিছে আৰু বহুত স্নেহ আছে।
এনেয়েতো ভাৰতৰ গোপী, গোপসকলো আছে তথাপিও বাপদাদাই বিদেশীসকলৰ কেতিয়াবা কেতিয়াবা
অনুভৱৰ কাহিনী শুনে, ভাৰতবাসীয়ে অলপ গুপ্ত কৰি ৰাখে, তেওঁলোকে পিতা ব্ৰহ্মাক শুনায়
সেয়েহে তেওঁলোকৰ কাহিনীবোৰ বাপদাদায়ো শুনে আৰু আনকো শুনায়, বিদেশীসকলক অভিনন্দন।
লণ্ডন, আমেৰিকা, অষ্ট্ৰেলিয়া, আফ্ৰিকা, এচিয়া, ৰাছিয়া, জাৰ্মানী… অৰ্থাৎ চাৰিওফালৰ
বিদেশীসকলক যিসকলে দূৰত বহিও শুনি আছে, তেওঁলোককো বাপদাদাই অভিনন্দন জনায়, বিশেষকৈ
পিতা ব্ৰহ্মাই অভিনন্দন জনাই আছে। ভাৰতবাসীৰ অলপ গুপ্ত, ইমান প্ৰসিদ্ধ কৰিব নোৱাৰে,
গুপ্ত কৰি ৰাখে। এতিয়া প্ৰত্যক্ষ কৰা। বাকী ভাৰততো বহুত ভাল ভাল আছে। এনেকুৱা
গোপীকাসকল আছে, যদি তেওঁলোকৰ অনুভৱ আজিকালিৰ প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতিয়েও শুনে
তেওঁলোকৰ চকুৰ পৰাও চকুলো ওলাব। এনেকুৱা অনুভৱ আছে কিন্তু গুপ্ত কৰি ৰাখে ইমান
প্ৰকাশ নকৰে, সুযোগো কম পায়। গতিকে বাপদাদাই এইটো কৈ আছে যে পিতা ব্ৰহ্মাৰ প্ৰতি
সকলোৰে স্নেহতো আছে, সেইকাৰণেতো নিজক কি বুলি কোৱা? ব্ৰহ্মাকুমাৰী নে শিৱকুমাৰী?
ব্ৰহ্মাকুমাৰী বুলি কোৱা নহয়, গতিকে পিতা ব্ৰহ্মাৰ প্ৰতি স্নেহতো আছেই নহয়। তেন্তে
ধৰি ল’লো অশৰীৰী হ’বলৈ অলপ পৰিশ্ৰম কৰিবলগীয়াও হয় কিন্তু পিতা ব্ৰহ্মা এতিয়া কি
ৰূপত আছে? কি ৰূপত আছে? কোৱা? (ফৰিস্তা ৰূপত আছে) গতিকে ব্ৰহ্মাৰ প্ৰতি স্নেহ অৰ্থাৎ
ফৰিস্তা ৰূপৰ প্ৰতি স্নেহ। বাৰু বিন্দু হ’বলৈ কঠিন লাগে, ফৰিস্তা হোৱাটোতো তাতকৈ
সহজ নহয়! কোৱা, বিন্দু ৰূপতকৈ ফৰিস্তা ৰূপতো সহজ হয় নহয়! তোমালোক হিচাপ-নিকাচৰ কাম
কৰোঁতে বিন্দু হ’ব পাৰানে? ফৰিস্তাতো হ’ব পাৰা নহয়! বিন্দু ৰূপত কৰ্ম কৰি কেতিয়াবা
কেতিয়াবা ব্যক্ত শৰীৰত আহি যাবলগীয়া হয় কিন্তু বাপদাদাই দেখিছে যে বিজ্ঞানীসকলে এক
‘লাইট’ৰ আধাৰত ৰবট (যন্ত্ৰমানৱ) উদ্ভাৱন কৰিছে, শুনিছা নহয়! বাৰু দেখা নাই কিন্তু
শুনিছাতো! মাতাসকলে শুনিছানে? তোমালোকক চিত্ৰ দেখুৱাই দিম। তেওঁলোকে ‘লাইট’ৰ আধাৰত
ৰবট তৈয়াৰ কৰিছে আৰু সেই ৰবটে সকলো কাম কৰে। আৰু ‘লাইট’ৰ আধাৰত তীব্ৰ গতিৰে কৰে। এয়া
বিজ্ঞানৰ প্ৰত্যক্ষ প্ৰমাণ। সেয়েহে বাপদাদাই কয় - শান্তিৰ শক্তিৰে, শান্তিৰ লাইটেৰে
তোমালোকে কৰ্ম কৰিব নোৱাৰা জানো? কৰিব নোৱাৰা? ইঞ্জিনিয়াৰ আৰু বিজ্ঞানীসকল বহি আছা
নহয়! গতিকে তোমালোকেও এক আত্মিক ৰবটৰ স্থিতি তৈয়াৰ কৰা। যাক কোৱা হ’ব আত্মিক
কৰ্মযোগী, ফৰিস্তা কৰ্মযোগী। প্ৰথমে তোমালোক তৈয়াৰ হৈ যাবা। ইঞ্জিনিয়াৰ আছে,
বিজ্ঞানী আছে গতিকে প্ৰথমে তোমালোকে অনুভৱ কৰা। কৰিবা নহয়? কৰিব পাৰানে? বাৰু,
এনেকুৱা পৰিকল্পনা কৰা। বাপদাদাই এনেকুৱা আত্মিক চলন্ত কৰ্মযোগী ফৰিস্তা চাবলৈ
বিচাৰে। অমৃতবেলা উঠা, বাপদাদাৰ সৈতে মিলন উদ্যাপন কৰা, বাৰ্তালাপ কৰা, বৰদান লোৱা।
যি কৰিব লাগে সেয়া কৰা। কিন্তু বাপদাদাৰ পৰা নিতৌ অমৃতবেলা কৰ্মযোগী ফৰিস্তা হোৱাৰ
বৰদান লৈ আকৌ কামকাজত ধৰা। এয়া হ’ব পাৰেনে?
এই নৱবৰ্ষত লক্ষ্য
ৰাখা – সংস্কাৰ পৰিৱৰ্তন, নিজৰো আৰু সহযোগৰ দ্বাৰা আনৰো। কোনোবা যদি দুৰ্বল তেন্তে
সহযোগ দিয়া, বৰ্ণনা নকৰিবা, বাতাৱৰণ তৈয়াৰ নকৰিবা। সহযোগ দিয়া। এইটো বছৰৰ বিষয়বস্তু
“সংস্কাৰ পৰিৱৰ্তন”। ফৰিস্তা সংস্কাৰ, পিতা ব্ৰহ্মাৰ সমান সংস্কাৰ। তেন্তে সহজ
পুৰুষাৰ্থ নে কঠিন? অলপ অলপ কঠিন নেকি? কেতিয়াও কোনো কথা কঠিন নহয়, নিজৰ দুৰ্বলতাই
কঠিন কৰি দিয়ে, সেইকাৰণে বাপদাদাই কয় “হে মাষ্টৰ সৰ্বশক্তিমান সন্তানসকল, এতিয়া
শক্তিৰ বায়ুমণ্ডল বিস্তাৰ কৰা”। এতিয়া বায়ুমণ্ডলৰ তোমালোকৰ বহুত বহুত বহুত আৱশ্যকতা
আছে। যেনেকৈ আজিকালি বিশ্বত প্ৰদূষণৰ সমস্যা আছে, তেনেকৈয়ে বিশ্বত এখন্তেক মনত
শান্তি সুখৰ বায়ুমণ্ডলৰ আৱশ্যকতা আছে কিয়নো মনৰ প্ৰদূষণ বহুত হৈছে, বতাহৰ
প্ৰদূষণতকৈও বেছি। ভাল বাৰু।
চাৰিওফালৰ “বাপদাদাৰ
সমান হ’বই লাগিব” - এইটো লক্ষ্য ৰাখোঁতা, নিশ্চয় বুদ্ধিৰ বিজয়ী আত্মাসকলক, সদায়
পুৰণা সংসাৰ আৰু পুৰণা সংস্কাৰ দৃঢ় সংকল্প দ্বাৰা পৰিৱৰ্তন কৰোঁতা মাষ্টৰ
সৰ্বশক্তিমান আত্মাসকলক, সদায় কোনো কাৰণত, পৰিস্থিতিৰ বাবে, স্বভাৱ-সংস্কাৰৰ বাবে
দুৰ্বল সঙ্গীসকলক, আত্মাসকলক সহযোগ দিওঁতা, কাৰণ চাওঁতা নহয়, নিবাৰণ কৰোঁতা এনেকুৱা
সাহসী আত্মাসকলক, সদায় পিতা ব্ৰহ্মাৰ স্নেহৰ প্ৰতিদান দিওঁতা কৰ্মযোগী ফৰিস্তা
আত্মাসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।
বৰদান:
শুভচিন্তক
স্থিতিৰ দ্বাৰা সকলোৰে সহযোগ প্ৰাপ্ত কৰোঁতা সকলোৰে স্নেহী হোৱা
শুভচিন্তক আত্মাসকলৰ
প্ৰতি প্ৰত্যেকৰে অন্তৰত স্নেহ উৎপন্ন হয় আৰু সেই স্নেহেই সহযোগী কৰি তোলে। য’ত
স্নেহ থাকে, ত’ত সময়, সম্পত্তি, সহযোগ সদায় উচৰ্গিত কৰি দিবৰ বাবে তৈয়াৰ হৈ যায়।
গতিকে শুভচিন্তনে স্নেহী কৰি তুলিব আৰু স্নেহে সকলো প্ৰকাৰৰ সহযোগত উচৰ্গিত কৰি দিব
সেইবাবে সদায় শুভ চিন্তনৰে সম্পন্ন হৈ থাকা আৰু শুভচিন্তক হৈ সকলোকে স্নেহী, সহযোগী
কৰি তোলা।
স্লোগান:
এই সময়ত দাতা
হোৱা তেতিয়া তোমালোকৰ ৰাজ্যত জন্মই জন্মই প্ৰত্যেক আত্মা ভৰপূৰ হৈ থাকিব।
সূচনা:- আজি মাহৰ
তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিবস, সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধ্যা
6.30 বজাৰ পৰা 7.30 বজালৈ বিশেষ নিজৰ মাষ্টৰ সৰ্বশক্তিমান স্বৰূপত স্থিত হৈ, সকলো
নিৰ্বল, দুৰ্বল আত্মাক শুভ ভাৱনাৰ কিৰণ দিয়া। পৰমাত্ম শক্তিসমূহৰ অনুভৱ কৰি
চাৰিওফালে শক্তিশালী বায়ুমণ্ডল গঢ়ি তোলাৰ সেৱা কৰা।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পৰোপকাৰী আত্মা
ত্ৰিকালদৰ্শী স্থিতিত স্থিত হৈ থাকি প্ৰত্যেক আত্মাৰ দুৰ্বলতা চিনাক্ত কৰি তেওঁলোকৰ
দুৰ্বলতা নিজৰ মাজত ধাৰণ নকৰিব, বৰ্ণনা নকৰিব, কিন্তু অন্য আত্মাসকলৰ দুৰ্বলতাৰ
কাঁইট কল্যাণকাৰী স্বৰূপেৰে সমাপ্ত কৰি দিব। কাঁইটৰ পৰিৱৰ্তে কাঁইটকো ফুল কৰি দিয়া,
এয়াই উপকাৰ কৰা।