21.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা হৈছে অতিকৈ মিঠা চেক্ৰিন সেয়েহে অন্য সকলো কথা এৰি সেইজন পিতাক স্মৰণ কৰা তেতিয়া মিঠা চেক্ৰিন হৈ যাবা”

প্ৰশ্ন:
তোমালোকে পিতাৰ দ্বাৰা শ্ৰীমত লৈ নিজৰ ভিতৰত কেনেধৰণৰ সংস্কাৰ ধাৰণ কৰি আছা?

উত্তৰ:
ভৱিষ্যতে মন্ত্ৰী (পৰামৰ্শদাতা) অবিহনে গোটেই বিশ্বত ৰাজত্ব কৰাৰ। তোমালোক ইয়ালৈ আহিছাই ভৱিষ্যতে বাদশ্বাহী চলোৱাৰ শ্ৰীমত ল'বলৈ। পিতাই তোমালোকক এনেকুৱা শ্ৰীমত দি দিয়ে যে আধাকল্পলৈকে কাৰো ৰায় লোৱাৰ দৰকাৰ নাই। ৰায় তেওঁলোকে ল'বলগীয়া হয় যাৰ বুদ্ধি দুৰ্বল।

গীত:
তুম্‌হী হো মাতা পিতা… (তুমিয়েই মাতা পিতা…)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলে। এয়া কোনে মৰমৰ আত্মিক সন্তান বুলি ক'লে? নিশ্চয় আত্মিক পিতাইহে ক'ব পাৰে। মৰমৰ আত্মিক সন্তানসকল এতিয়া সন্মুখত বহি আছে আৰু অতি মৰমেৰে পিতাই বুজাই আছে। এতিয়া তোমালোকে জানা যে আত্মিক পিতাৰ বাহিৰে সকলোকে সুখ-শান্তি দিওঁতা বা সকলোকে দুখৰ পৰা মুক্ত কৰোঁতা গোটেই জগতত আৰু কোনো নাই সেয়েহে দুখত পিতাক স্মৰণ কৰি থাকে। তোমালোক সন্তানসকল সন্মুখত বহি আছা। জানা যে বাবাই আমাক সুখধামৰ যোগ্য কৰি গঢ়ি আছে। সৰ্বদা সুখধামৰ মালিক কৰি তোলোঁতা পিতাৰ সন্মুখত আহিছা। এতিয়া বুজি পোৱা সন্মুখত শুনা আৰু দূৰৈত থাকি শুনাৰ মাজত বহুত পাৰ্থক্য আছে। মধুবনত সন্মুখত আহা, মধুবন প্ৰসিদ্ধ হয়। মধুবন, বৃন্দাবনত তেওঁলোকে কৃষ্ণৰ চিত্ৰ দেখুৱাইছে। কিন্তু কৃষ্ণতো নাই। ইয়াততো নিৰাকাৰ পিতাই তোমালোক সন্তানসকলক সাক্ষাৎ কৰে। তোমালোকে নিজক বাৰে বাৰে আত্মা বুলি নিশ্চয় কৰিব লাগে। মই আত্মাই পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। গোটেই কল্পত এয়া এটাই সময় আহে। এয়া কল্পৰ মনোমোহা সংগমযুগ। ইয়াৰ নাম ৰখা হৈছে - পুৰুষোত্তম। এয়াই সংগমযুগ, যেতিয়া সকলো মনুষ্য মাত্ৰেই উত্তম হয়। এতিয়াতো সকলো মনুষ্যমাত্ৰৰ আত্মা তমোপ্ৰধান যি আকৌ সতোপ্ৰধান হয়। সতোপ্ৰধান হ’লে তেতিয়া মনুষ্য উত্তম হয়। তমোপ্ৰধান হ'লে মনুষ্যও কনিষ্ঠ হৈ যায়। গতিকে আত্মাসকলক পিতাই বহি সন্মুখত বুজায়। গোটেই ভূমিকা আত্মাইহে পালন কৰে, শৰীৰে নহয়। আত্মা আৰু শৰীৰ যেতিয়া দুয়োটাৰ মিলন হয় তেতিয়া ভূমিকা পালন কৰে। তোমালোকৰ বুদ্ধিত উদয় হৈছে যে আমি আত্মাসকল আচলতে নিৰাকাৰী সৃষ্টি বা শান্তিধামৰ নিবাসী, এইটো কোনেও গম নাপায়। নিজেও বুজি নাপায়, আনকো বুজাব নোৱাৰে। তোমালোকৰ বুদ্ধিৰ তলা এতিয়া খুলিছে, তোমালোকে বুজি পোৱা যথাযথ আত্মাসকল পৰমধামত থাকে। সেইখন হৈছে নিৰাকাৰী জগত। এয়া হৈছে ভৌতিক জগত। ইয়াত আমি সকলো আত্মা ভাৱৰীয়া। পোন-প্ৰথমে আমি ভূমিকা পালন কৰিবলৈ আহোঁ। তাৰপাছত ক্ৰমানুসৰি অহা-যোৱা কৰি থাকে। সকলো ভাৱৰীয়া একেলগে আহি নাযায়। ভিন্ন ভিন্ন প্ৰকাৰৰ ভাৱৰীয়া অহা-যোৱা কৰি থাকে। সকলো একত্ৰিত তেতিয়া হয় যেতিয়া নাটক পূৰা হয়। এতিয়া তোমালোকে পৰিচয় পাইছা, আত্মা আচলতে শান্তিধামৰ নিবাসী - ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। পিতা গোটেই সময় ভূমিকা পালন কৰিবলৈ নাহে। আমিহে ভূমিকা পালন কৰি কৰি তমোপ্ৰধান হৈ যাওঁ। এতিয়া তোমালোক সন্তানসকলে সন্মুখত শুনি বহুত আনন্দিত হোৱা। ইমান আনন্দ মুৰুলী পঢ়িলে পোৱা নাযায়। ইয়াত সন্মুখত আছা নহয়। গতিকে প্ৰথমে সত্যযুগী আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলহে আহে। তোমালোকে জানা যে ভাৰত ভগৱান-ভগৱতীৰ স্থান আছিল, এতিয়া নহয়। চিত্ৰ দেখিবলৈ পোৱা তেন্তে নিশ্চয় আছিল। পোন-প্ৰথমে আমি দেৱী-দেৱতা আছিলোঁ, নিজৰ ভূমিকাকতো স্মৃতিলৈ আনিবা নে পাহৰি যাবা? পিতাই কয় - তোমালোকে এই ভূমিকা পালন কৰিলা, এয়া নাটক। নতুন সৃষ্টিয়েই আকৌ পুৰণি হয়। পোন-প্ৰথমে ওপৰৰ পৰা যিসকল আত্মা আহে তেওঁলোক সোণালী যুগত আহে। এই সকলোবোৰ কথা এতিয়া তোমালোকৰ বুদ্ধিত আছে। সত্যযুগৰ আদিত তোমালোকেই ভূমিকা পালন কৰিবলৈ আহিছিলা। তোমালোক বিশ্বৰ মালিক মহাৰজা-মহাৰাণী আছিলা। তোমালোকৰ ৰাজধানী আছিল। এতিয়াতো ৰাজধানী নাই। এতিয়া তোমালোকে শিকি আছা আমি বাদশ্বাহী কেনেকৈ চলাম, তাত মন্ত্ৰী (পৰামৰ্শদাতা) নাথাকে। ৰায় দিওঁতাৰ দৰকাৰ নাথাকে। তেওঁলোকতো শ্ৰীমতৰ দ্বাৰা শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈ যায় তেতিয়া তেওঁলোকে আনৰ ৰায় লোৱাৰ দৰকাৰ নাথাকে। যদি কাৰোবাৰ পৰা ৰায় লয় তেন্তে বুজা যাব যে এওঁৰ বুদ্ধি দুৰ্বল। এতিয়া যি শ্ৰীমত পোৱা যায় সেয়া সত্যযুগতো বাহাল থাকে। এতিয়া তোমালোক আত্মা সজীৱ হৈ আছা। এতিয়া তোমালোক সন্তানসকল দেহী-অভিমানী হ’ব লাগে। শান্তিধামৰ পৰা আহি ইয়াত তোমালোক বাণীত আহা। বাণীত নহাকৈ কৰ্ম হ’ব নোৱাৰে। এয়া অতিকৈ বুজিবলগীয়া কথা। যেনেকৈ পিতাৰ গোটেই জ্ঞান আছে, তেনেকৈ তোমালোক আত্মাসকলৰো এতিয়া জ্ঞান আছে। আত্মাই কয় - মই এটা শৰীৰ এৰি, সংস্কাৰ অনুসৰি পুনৰ অন্য এটা লওঁ। পুনৰ্জন্মও নিশ্চয় হয়। আত্মাই যি ভূমিকা পাইছে, সেয়া পালন কৰি থাকে আৰু সংস্কাৰ অনুসৰি পৰৱৰ্তী জন্ম লৈ থাকে। আত্মাৰ দিনে-প্ৰতিদিনে পৱিত্ৰতাৰ মাত্ৰা কম হৈ যায়। ‘পতিত’ শব্দটি দ্বাপৰৰ পাছত ব্যৱহাৰ কৰা হয় তথাপিও অলপ পাৰ্থক্য নিশ্চয় আহি যায়। তোমালোকে নতুন ঘৰ নিৰ্মাণ কৰা, এমাহৰ পাছত কিবা নহয় কিবা পাৰ্থক্য নিশ্চয় আহি যাব।

এতিয়া তোমালোকে বুজি পোৱা যে বাবাই আমাক উত্তৰাধিকাৰ দিয়ে। পিতাই কয় - মই আহিছোঁ তোমালোক সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ। যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমান উচ্চ পদ পাব। পিতাই কোনো পক্ষপাতিত্ব নকৰে। পিতাই জানে মই আত্মাসকলক পঢ়াওঁ। প্ৰত্যেক আত্মাই নিজৰ বাবে পুৰুষাৰ্থ কৰে। পুৰুষ মহিলাৰ দৃষ্টি ইয়াত নাথাকে। তোমালোক সকলো সন্তানে বেহদৰ (পাৰলৌকিক) পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। সকলো আত্মা ভাই ভাই যিসকলক পিতাই পঢ়ায়, উত্তৰাধিকাৰ দিয়ে। পিতাইহে আত্মিক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে যে হে অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল, তোমালোকে বহুত সময় ভূমিকা পালন কৰি কৰি এতিয়া পুনৰ আহি মিলিত হৈছা - নিজৰ উত্তৰাধিকাৰ ল’বলৈ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আৰম্ভণিৰে পৰা ভূমিকা নিৰ্ধাৰিত হৈ আছে। তোমালোক ভাৱৰীয়াসকলে ভূমিকা পালন কৰি কৰ্মকাণ্ড কৰি থাকা। আত্মা অবিনাশী, আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে। শৰীৰতো সলনি হৈ থাকে। বাকী আত্মা কেৱল পৱিত্ৰৰ পৰা অপৱিত্ৰ হয়। সত্যযুগত হৈছে পাৱন। এইখনক কোৱা হয় পতিত সৃষ্টি। এতিয়া সুখধাম স্থাপন হয়। বাকী সকলো আত্মা মুক্তিধামত থাকিব। এতিয়া এই বেহদৰ নাটকখন পূৰা হ’ল। সকলো আত্মা মহৰ দৰে যাবগৈ। এই সময়ত কোনো আত্মাৰ আগমন হ’লে পতিত সৃষ্টিত তেওঁৰ কি মূল্য থাকিব। বাস্তৱত মূল্য তেওঁলোকৰ হয় যিসকল প্ৰথমে প্ৰথমে নতুন সৃষ্টিলৈ আহে। নতুন সৃষ্টি আছিল সেইখন আকৌ পুৰণি হৈ গৈছে। নতুন সৃষ্টিত দেৱতাসকল আছিল, তাত দুখৰ নাম নাছিল। ইয়াততো অপাৰ দুখ। পিতা আহি দুখৰ পুৰণি সৃষ্টিৰ পৰা মুক্ত কৰে। এই পুৰণি সৃষ্টি নিশ্চয় পৰিৱৰ্তন হ’ব। যেনেকৈ দিনৰ পাছত ৰাতি হয়, ৰাতিৰ পাছত দিন হয়। তোমালোকে বুজি পোৱা যথাযথ আমি সত্যযুগৰ মালিক হ’মগৈ। তেন্তে আমি কিয়নো আত্মা বুলি পতিয়ন নাযাওঁ আৰু পিতাক স্মৰণ নকৰোঁ। কিবাতো পৰিশ্ৰম কৰিব লাগিব। বাদশ্বাহী পোৱাতো জানো সহজ কথা, পিতাক স্মৰণ কৰিব লাগে। এয়া মায়াৰ বিস্ময় যে বাৰে বাৰে তোমালোকক পাহৰাই দিয়ে। ইয়াৰ বাবে উপায় ৰচনা কৰিব লাগে। এনেকুৱা নহয় যে মোৰ হৈ গ’লে স্মৃতি স্থায়ী হৈ যাব। বাকী পুৰুষাৰ্থ কি কৰিবা। নহয়, যেতিয়ালৈকে জীয়াই থাকিবা পুৰুষাৰ্থ কৰিব লাগে। জ্ঞান অমৃত পান কৰি থাকিব লাগে। এইটোও বুজি পোৱা যে এয়া আমাৰ অন্তিম জন্ম। এই শৰীৰৰ বোধ ত্যাগ কৰি দেহী-অভিমানী হ’ব লাগে। গৃহস্থ ব্যৱহাৰতো থাকিব লাগে, পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। কেৱল নিজক আত্মা বুলি নিশ্চয় কৰি পিতাক স্মৰণ কৰা। “ত্বমেব মাতাশ্ব পিতা…” (তুমিয়েই মাতা পিতা…) এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ মহিমা। তোমালোকে কেৱল এক ‘অল্ফ’ক স্মৰণ কৰিব লাগে। একমাত্ৰ ময়েই চেক্ৰিন (অতিকৈ মিঠা), তোমালোকেও অন্য সকলো কথা এৰি অতি মিঠা চেক্ৰিন হৈ যোৱা। এতিয়া তোমালোক আত্মা তমোপ্ৰধান হৈছা, আত্মাক সতোপ্ৰধান কৰিবৰ বাবে স্মৃতিৰ যাত্ৰাত থাকা। সকলোকে এয়াই কোৱা যে পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ লোৱা। সুখ হয়েই সত্যযুগত। সুখধামৰ স্থাপনা কৰোঁতা হৈছে পিতা, পিতাক স্মৰণ কৰাতো অতি সহজ, কিন্তু মায়াৰ বিৰোধিতা বহুত সেয়েহে চেষ্টা কৰি মোক স্মৰণ কৰা তেতিয়া খাদ (বিকাৰৰ লেপ) আঁতৰি যাব। চেকেণ্ডত জীৱন মুক্তি বুলি গায়ন কৰা হয়।

এই ড্ৰামাত প্ৰত্যেকই নিজৰ ভূমিকা পুনৰাবৃত্তি কৰিব লাগে। এই ড্ৰামাত সকলোতকৈ অধিক ভূমিকা আমাৰ আছে। সুখো সকলোতকৈ অধিক আমি পাম। পিতাই কয় - তোমালোকৰ দেৱী-দেৱতা ধৰ্ম বহুত সুখ দিওঁতা হয়। আৰু বাকী সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰি শান্তিধামলৈ গুচি যাব। অধিক বিস্তাৰত আমি কিয়নো যাওঁ। পিতা আহেই সকলোকে উভতাই লৈ যাবলৈ। মহৰ সদৃশ সকলোকে লৈ যায়। শৰীৰ নাশ হৈ যাব। বাকী আত্মা যি অবিনাশী সেই আত্মাই হিচাপ-নিকাচ নিষ্পত্তি কৰি গুচি যাব। এনেকুৱা নহয় যে আত্মা অগ্নিত পৰিলে পৱিত্ৰ হৈ যাব। আত্মা স্মৃতি ৰূপী যোগেৰেই পৱিত্ৰ হ’ব লাগে। এয়া হৈছে যোগৰ অগ্নি। তেওঁলোকে আকৌ বহি নাটক ৰচনা কৰিছে - সীতা অগ্নিৰ মাজেৰে পাৰ হ’ল। অগ্নিৰ মাজেৰে কোনোবা এজন জানো পাৰ হ’ব লাগে। পিতাই বুজায় – তোমালোক সকলো সীতা এই সময়ত পতিত, ৰাৱণৰ ৰাজ্যত আছা। এতিয়া একমাত্ৰ পিতাৰ স্মৃতিৰে তোমালোক পাৱন হ’ব লাগে। ৰাম এজনেই। ‘অগ্নি’ শব্দটি শুনি ভাবে যে অগ্নিৰ মাজেৰে পাৰ হ’ল। ক’ত যোগ অগ্নি, ক’ত সেয়া। আত্মাই পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়িলে পতিতৰ পৰা পাৱন হ’ব। দিন-ৰাতিৰ পাৰ্থক্য আছে। সকলো আত্মাই হৈছে সীতা। ৰাৱণৰ কাৰগাৰত শোকৰ বাগিচাত আছে। ইয়াৰ সুখতো কাউৰীৰ বিষ্ঠাৰ সমান (তেনেই তাকৰ)। স্বৰ্গৰ সুখতো সীমাহীন। গতিকে সন্তানসকলে জ্ঞান ৰত্নৰে জোলোঙা ভৰপূৰ কৰিব লাগে। কোনো প্ৰকাৰৰ সংশয় আহিব নালাগে। দেহ-অভিমান আহিলে আকৌ অনেক প্ৰকাৰৰ প্ৰশ্ন আদি উদয় হয়। তেতিয়া পিতাই যি কাম দিয়ে সেয়া নকৰে। মূল কথা হৈছে আমি পতিতৰ পৰা পাৱন হ’ব লাগে। অন্য কোনো সংকল্প কৰাৰ দৰকাৰ নাই। এইখন হৈছে পতিত সৃষ্টি, সেইখন হৈছে পাৱন সৃষ্টি। মুখ্য কথা হৈছে পাৱন হোৱাৰ। পাৱন কোনে কৰি তুলিব, এয়া একোৱেই গম নাপায়। যদি কোৱা যে তোমালোক পতিত তেতিয়া বিতুষ্ট হৈ যাব। নিজক বিকাৰী বুলি কোনেও নুবুজে, কয় গৃহস্থীতো সকলো আছিল- ৰাম-সীতা, লক্ষ্মী-নাৰায়ণৰো সন্তান নাছিল জানো। তাতো সন্তান জন্ম হয়, এয়া পাহৰি গ’ল যে সেইখনক নিৰ্বিকাৰী সৃষ্টি বুলি কোৱা হয়। সেইখন হৈছে শিৱালয়।

পিতাই তোমালোক সন্তানসকলক কিমান যুক্তি শুনাই থাকে। এওঁতো পিতা, শিক্ষক, গুৰু হয়, যিয়ে সকলোকে সৎগতি দিয়ে। তাততো (লৌকিকত) এজন গুৰুৰ মৃত্যু হ’লে তেতিয়া সন্তানক গাদী (দায়িত্বভাৰ) দি দিব। এতিয়া তেওঁ কেনেকৈ সৎগতিত লৈ যাব। সকলোৰে সৎগতি দাতা হয়েই এজন। ৰাৱণৰাজ্যত হৈছে দুৰ্গতি, ৰামৰাজ্যত হৈছে সৎগতি। পিতাই সকলোকে পাৱন কৰি লৈ যায় তাৰপাছত কোনো তৎক্ষণাৎ পতিত নহয়, ক্ৰমানুসৰি অৱনমিত হয়। সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমো… তোমালোকৰ বুদ্ধিত 84 ৰ চক্ৰ ধাৰণ হৈছে। তোমালোক যেন এতিয়া ‘প্ৰকাশ কুঞ্জ’। জ্ঞানেৰে এই চক্ৰক জানি গৈছা যে এয়া কেনেকৈ ঘূৰে। এতিয়া তোমালোক সন্তানসকলে অন্য সকলোকে ৰাস্তা দেখুৱাব লাগে। তোমালোক সকলো সেনা। তোমালোক পাইলট (গুৰিয়াল), মাৰ্গ-দৰ্শন কৰোঁতা। সকলোকে কোৱা - এতিয়া শান্তিধাম, সুখধামক স্মৰণ কৰা। কলিযুগ দুখধামক পাহৰি যোৱা। আমি আপোনালোকক বহুত ভাল ৰাস্তা দেখুৱাওঁ, পতিত-পাৱন এজনেই নিৰাকাৰ পিতা। তেওঁক স্মৰণ কৰিলে আপোনালোক পাৱন হৈ যাব। আপোনালোক আত্মাত যি মামৰৰ লেপ পৰিছে সেয়া আঁতৰি যাব। ভগৱানুবাচ (ভগৱানে কয়) – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। শিৱ ভাগৱানুবাচ – বিনাশকালত অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধিৰ হ’লে বিনাশ হয় আৰু বিনাশকালত পৰমপিতা-পৰমাত্মাৰ সৈতে প্রীতি বুদ্ধিৰ হ’লে বিজয় হয়। তোমালোকৰ যিমান প্রীতি বুদ্ধি হ'ব সিমানে উচ্চ পদ পাবা। দেহ-অভিমানত আহিলে ইমান উচ্চ পদ পাব নোৱাৰিবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান ৰত্নৰে নিজৰ জোলোঙা ভৰপূৰ কৰিব লাগে। কোনো প্ৰকাৰৰ সংশয় আনিব নালাগে। যিমান সম্ভৱ পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰি পাৱন হ'ব লাগে। বাকী প্ৰশ্নত যাব নালাগে।

(2) এজন পিতাৰ প্ৰতি সঁচা প্রীতি ৰাখি পিতাৰ সমান মিঠা চেক্ৰিন হ'ব লগে।

বৰদান:
সদায় জ্ঞান-সূৰ্যৰ সমুখত থাকোঁতা অন্তৰ্মুখী, স্বমানধাৰী হোৱা

যেনেকৈ সূৰ্যৰ ফালে চালে সূৰ্যৰ কিৰণ অৱশ্যেই আহে, ঠিক তেনেকৈয়ে যিসকল সন্তান জ্ঞান-সূৰ্য পিতাৰ সদায় সমুখত থাকে, তেওঁলোকে জ্ঞান-সূৰ্যৰ সৰ্ব গুণৰ কিৰণ নিজৰ মাজত অনুভৱ কৰে। তেওঁলোকৰ চেহেৰাত অন্তৰ্মুখীতাৰ জিলিকনি আৰু সঙ্গমযুগৰ বা ভৱিষ্যতৰ সকলো স্বমানৰ ৰেঙনি দেখা যায়। ইয়াৰ বাবে সদায় এইটো স্মৃতিত থাকিব লাগে যে এয়া অন্তিম মুহূৰ্ত। যিকোনো মুহূৰ্ততে এই শৰীৰৰ বিনাশ হ’ব পাৰে, সেয়েহে সদায় প্ৰীতি বুদ্ধিৰ হৈ জ্ঞান-সূৰ্যৰ সমুখত থাকি অন্তৰ্মুখীতা বা স্বমানৰ অনুভূতিত থাকিব লাগে।

স্লোগান:
সদায় উৰন্ত কলাত উৰি থকামানেই জঞ্জালৰ পাহাৰ অতিক্ৰম কৰা।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

পৱিত্ৰতাই মহানতা, এয়াই যোগী জীৱনৰ আধাৰ। অলপো অংশ মাত্ৰও সংকল্পতো যদি কোনো ধৰণৰ অপৱিত্ৰতা থাকে, তেন্তে য’ত অপৱিত্ৰতাৰ অংশ আছে, ত’ত পৱিত্ৰ পিতাৰ যি স্মৃতি, যেনেকুৱা হয় তেনেকুৱাকৈ আহিব নোৱাৰে, সেয়েহে মনৰ পৰাও অপৱিত্ৰতাৰ অংশ সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ হোৱা। সদায় যাতে এইটোৱে স্মৃতি থাকে যে মই পূজ্য আত্মা এই শৰীৰ ৰূপী মন্দিৰত বিৰাজমান হৈ আছোঁ।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]