21.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা কল্পই কল্পই আহি তোমালোক সন্তানসকলক নিজৰ পৰিচয় দিয়ে, তোমালোকেও সকলোকে পিতাৰ যথাৰ্থ পৰিচয় দিব লাগে”

প্ৰশ্ন:
সন্তানসকলৰ কোনটো প্ৰশ্ন শুনি পিতাও আচম্বিত হয়?

উত্তৰ:
সন্তানসকলে কয় - বাবা আপোনাৰ পৰিচয় দিয়াটো বহুত কঠিন। আমি আপোনাৰ পৰিচয় কেনেকৈ দিওঁ। এইটো প্ৰশ্ন শুনি পিতাও আচম্বিত হয়। যিহেতু তোমালোকক পিতাই নিজৰ পৰিচয় দিছে গতিকে তোমালোকেও আনক পিতাৰ পৰিচয় দিব পাৰা। এই ক্ষেত্ৰত কঠিনতাৰ কথাই নাই। এয়াতো বহুত সহজ। আমি সকলো আত্মা নিৰাকাৰ গতিকে আমাৰ পিতাও নিৰাকাৰেই হ’ব।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে বুজি পায় যে বেহদৰ পিতা ওচৰত বহি আছে। এয়াও জানে যে বেহদৰ পিতা এই ৰথতেই আহে। যিহেতু বাপদাদাই কয়, এই কথাটিতো জানে যে এওঁ শিৱবাবাই হয় আৰু তেওঁ এই ৰথত বহি আছে। নিজৰ পৰিচয় দি আছে। সন্তানসকলে জানে যে তেওঁ হৈছে বাবা আৰু বাবাই মত দিয়ে যে আত্মিক পিতাক স্মৰণ কৰা তেতিয়া পাপ ভস্ম হৈ যাব, যাক যোগ অগ্নি বুলি কোৱা হয়। এতিয়া তোমালোকে পিতাকতো চিনি পাইছা। গতিকে কেতিয়াবা জানো এনেকৈ ক’বা যে পিতাৰ পৰিচয় আনক কেনেকৈ দিওঁ। তোমালোকেও বেহদৰ পিতাৰ পৰিচয় পাইছা গতিকে তোমালোকে নিশ্চয় আনকো দিব পাৰা। পৰিচয় কেনেকৈ দিওঁ, এইটো প্ৰশ্নই উঠিব নোৱাৰে। যেনেকৈ তোমালোকে পিতাক চিনিছা, তেনেকৈ তোমালোকে ক’ব পাৰা যে আমাৰ আত্মসকলৰ পিতা এজনেই। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ দৰকাৰ নাথাকে। কোনো কোনোৱে কয় - বাবা আপোনাৰ পৰিচয় দিয়া বহুত কঠিন। হেৰ’, পিতাৰ পৰিচয় দিয়া - তাত কঠিনতাৰ কোনো কথাই নাই। জন্তুবোৰেও ইংগিতেৰে বুজি পায় যে মই অমুকৰ সন্তান। তোমালোকেও জানা যে আমাৰ অৰ্থাৎ আত্মাসকলৰ তেওঁ হৈছে পিতা। আমি আত্মাসকলে এতিয়া এই শৰীৰত প্ৰৱেশ কৰিছোঁ। যিদৰে পিতাই বুজাইছে যে আত্মা অকালমূৰ্ত। এনেকুৱা নহয় যে তেওঁৰ একো ৰূপ নাই। সন্তানসকলে চিনি পালে - একেবাৰে সাধাৰণ কথা। আত্মাসকলৰ এজনেই নিৰাকাৰ পিতা। আমি সকলো আত্মা ভাই ভাই। পিতাৰ সন্তান। পিতাৰ পৰা আমি উত্তৰাধিকাৰ পাওঁ। এয়াও জানে যে জগতত এনেকুৱা কোনো সন্তান নাই যিয়ে পিতাক আৰু পিতাৰ ৰচনাক নাজানে। পিতাৰ ওচৰত কি সম্পত্তি আছে, সেয়া সকলো জানে। এয়া হয়েই আত্মা আৰু পৰমাত্মাৰ মেলা। এয়া হৈছে কল্যাণকাৰী মেলা। পিতা হয়েই কল্যাণকাৰী। বহুত কল্যাণ কৰে। পিতাৰ পৰিচয় পালে তেতিয়া বুজি পোৱা যে বেহদৰ পিতাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ লাভ কৰোঁ। বাকী যি সন্ন্যাসী গুৰু আছে তেওঁলোকৰ শিষ্যসকলে গুৰুৰ উত্তৰাধিকাৰৰ কথা গম নাপায়। গুৰুৰ ওচৰত কি সম্পত্তি আছে, সেয়া কোনোবা শিষ্যই কাচিৎহে জানিব। তোমালোকৰ বুদ্ধিত আছে - তেওঁ হৈছে শিৱবাবা, সম্পত্তিও বাবাৰ ওচৰত থাকে। সন্তানসকলে জানে বেহদৰ পিতাৰ ওচৰত সম্পত্তি আছে - বিশ্বৰ বাদশ্বাহী স্বৰ্গ। এই কথাবোৰ তোমালোক সন্তানসকলৰ বাহিৰে আন কাৰো বুদ্ধিত নাই। লৌকিক পিতাৰ ওচৰত কি সম্পত্তি আছে, সেয়া তেওঁৰ সন্তানেহে জানে। এতিয়া তোমালোকে ক’বা যে আমি জীৱন্তে পাৰলৌকিক পিতাৰ হৈছোঁ। তেওঁৰ পৰা কি পোৱা যায়, সেয়াও জানো। আমি প্ৰথমে শূদ্ৰ কুলত আছিলোঁ, এতিয়া ব্ৰাহ্মণ কুলত আহি গ’লোঁ। এইটো জ্ঞান আছে যে বাবাই এই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰে, এওঁক প্ৰজাপিতা ব্ৰহ্মা বুলি কোৱা হয়। তেওঁতো (শিৱ) হৈছে সকলো আত্মাৰে পিতা। এওঁক (প্ৰজাপিতা ব্ৰহ্মাক) “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ” বুলিও কয়। এতিয়া আমি তেওঁৰ সন্তান হৈছোঁ। শিৱবাবাৰ বাবেতো কোৱা হয় যে তেওঁ সকলোতে বিৰাজমান। সৰ্বজ্ঞ। এয়াও তোমালোক সন্তানসকলে বুজি পোৱা যে তেওঁ কেনেকৈ ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। তেওঁ সকলো আত্মাৰে পিতা। তেওঁক নাম-ৰূপৰ পৰা উপৰাম বুলি কোৱাটো ভুল। তেওঁৰ নাম ৰূপো স্মৃতিত আছে। ৰাত্রিও পালন কৰা হয়, জয়ন্তীতো মনুষ্যৰ হয়। শিৱবাবাৰ ৰাত্রি বুলি কোৱা হয়। সন্তানসকলে বুজি পায় যে ৰাত্রি কাক কোৱা হয়। ৰাতি ঘোৰ অন্ধকাৰ হৈ যায়। অজ্ঞান অন্ধকাৰ নহয় জানো। জ্ঞান সূৰ্য প্ৰকট হ’ল অজ্ঞান অন্ধকাৰ বিনাশ হ’ল - এতিয়াও এনেকৈ গায় কিন্তু অৰ্থ একোৱেই নুবুজে। সূৰ্য কোন, কেতিয়া প্ৰকট হ’ল একোৱে নুবুজে। পিতাই বুজায় - জ্ঞান সূৰ্যক জ্ঞান সাগৰ বুলিও কোৱা হয়। বেহদৰ পিতা হৈছে জ্ঞানৰ সাগৰ। সন্ন্যাসী, গুৰু, গোঁসাই আদিয়ে নিজকে শাস্ত্ৰৰ হৰ্তাকৰ্তা বুলি ভাবে, সেয়া সকলো হৈছে ভক্তি। বহুতেই বেদ-শাস্ত্ৰ পঢ়ি বিদ্বান হয়। পিতাই আত্মিক সন্তানসকলক বুজায়, ইয়াক আত্মা-পৰমাত্মাৰ মেলা বুলি কোৱা হয়। তোমালোকে বুজি পোৱা যে পিতা এই ৰথত আহিছে। এই মিলনকে মেলা বুলি কয়। যেতিয়া আমি ঘৰলৈ যাওঁ তেতিয়া সেয়াও মেলা হয়। ইয়াত পিতাই নিজে বহি পঢ়ায়। তেওঁ পিতাও হয়, শিক্ষকো হয়। এই এটা কথাই ভালদৰে ধাৰণ কৰা, নাপাহৰিবা। এতিয়া পিতাতো হৈছে নিৰাকাৰ, তেওঁৰ নিজৰ শৰীৰ নাই তেন্তে নিশ্চয় ল’বলগীয়া হয়। সেয়েহে নিজেই কয় - মই প্ৰকৃতিৰ আধাৰ লওঁ। নহ’লে কেনেকৈ শুনাম? শৰীৰ অবিহনেতো কথা ক’ব নোৱাৰি। সেয়েহে পিতা এই শৰীৰত প্ৰৱেশ কৰে, তেওঁৰ নাম ৰাখিছে ব্ৰহ্মা। আমিও শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ’লে তেতিয়া নাম সলনি হোৱা উচিত। তোমালোকৰতো নাম ৰখা হৈছিল। কিন্তু তাৰ মাজতো চোৱা কিছুমানতো নায়েই, সেয়েহে ব্ৰাহ্মণৰ মালা নাথাকে। ভক্ত মালা আৰু ৰুদ্ৰ মালাৰহে গায়ন আছে। ব্ৰাহ্মণৰ মালা নাথাকে। বিষ্ণুৰ মালাতো চলি আহিছে। প্ৰথম নম্বৰৰ মালাৰ দানা কোন? কোৱা হ’ব যুগল, সেয়েহে সূক্ষ্মবতনতো যুগল দেখুওৱা হৈছে। বিষ্ণুকো চাৰিখন ভূজাৰ দেখুৱাই দিছে। দুখন ভূজা লক্ষ্মীৰ দুখন ভূজা নাৰায়ণৰ।

পিতাই বুজায় – মই ধুবি। মই যোগবলৰ দ্বাৰা তোমালোক আত্মসকলক শুদ্ধ কৰি তোলোঁ, তথাপি তোমালোক বিকাৰগ্ৰস্ত হৈ নিজৰ অলংকৰণেই নষ্ট কৰি দিয়া। পিতা সকলোকে শুদ্ধ কৰি তুলিবলৈ আহে। আত্মসকলক আহি শিকায় তেন্তে শিকাওঁতা জনক নিশ্চয় ইয়াতে নালাগিব জানো। এনেকৈ আহ্বানো জনায় যে আহি আমাক পাৱন কৰি তোলক। কাপোৰ মলিয়ন হ’লে তেতিয়া সেয়া ধুই শুদ্ধ কৰি তোলা হয়। তোমালোকেও মাতা - হে পতিত পাৱন বাবা, আহি আমাক পাৱন কৰি তোলক। আত্মা পাৱন হ’লে তেতিয়াহে শৰীৰো পাৱন পাব। সেয়েহে প্ৰথম মুখ্য কথা হ’ল পিতাৰ পৰিচয় দিয়া। পিতাৰ পৰিচয় কেনেকৈ দিওঁ, এইটো প্ৰশ্নই সুধিব নোৱাৰা। তোমালোককো পিতাই পৰিচয় দিছে, সেইবাবেতো তোমালোক আহিছা। পিতাৰ ওচৰলৈ আহা, পিতা ক'ত আছে? এই ৰথত। এয়া হৈছে অকাল আসন। তোমালোক আত্মসকলো হৈছা অকালমূৰ্ত। এই সকলোবোৰ তোমালোকৰ আসন, য'ত তোমালোক আত্মাসকল বিৰাজমান হৈ আছা। সেই অকাল আসনতো জড় হৈ নগ’ল জানো। তোমালোকে জানা - মই অকাল মূৰ্ত অৰ্থাৎ নিৰাকাৰ, যাৰ সাকাৰ ৰূপ নাই। মই আত্মা অবিনাশী, কেতিয়াও বিনাশ হ’ব নোৱাৰে। এটা শৰীৰ এৰি আন এটা লওঁ। মোৰ আত্মাৰ আত্মাৰ ভূমিকা অবিনাশী ৰূপত নিৰ্ধাৰিত হৈ আছে। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বেও মোৰ এনেকুৱাই ভূমিকা আৰম্ভণি হৈছিল। 01-01-01 বৰ্ষৰ পৰা আমি ঘৰৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহোঁ। এয়া হৈছেই 5 হাজাৰ বছৰৰ চক্ৰ। তেওঁলোকেতো লাখ লাখ বছৰ বুলি কৈ দিয়ে, সেয়েহে কেইটিমান বছৰৰ কথা বিচাৰত নাহে। গতিকে সন্তানসকলে এনেকৈ কেতিয়াও ক’ব নোৱাৰে যে আমি কাৰোবাক পিতাৰ পৰিচয় কেনেকৈ দিওঁ। এনেকুৱা প্ৰশ্ন কৰিলে আচম্বিত হওঁ। হেৰ’, তোমালোক পিতাৰ হৈছা তেন্তে পিতাৰ পৰিচয় কিয় দিব নোৱাৰা! আমি সকলো আত্মা, তেওঁ আমাৰ বাবা। সকলোৰে সৎগতি কৰে। সৎগতি কেতিয়া কৰিব সেয়াও তোমালোকে এতিয়া জানিব পাৰিছা। কল্পই কল্পই, কল্পৰ সংগমযুগত আহি সকলোৰে সৎগতি কৰিব। তেওঁলোকেতো ভাবে যে এতিয়াও 40 হাজাৰ বছৰ বাকী আছে, আৰু প্ৰথমৰ পৰাই কৈ দিয়ে যে নাম-ৰূপৰ পৰা উপৰাম। এতিয়া নাম ৰূপৰ উৰ্দ্ধত জানো কিবা বস্তু আছে। পাথৰ শিলগুটিৰো নাম থাকে। সেয়েহে পিতাই কয় - মৰমৰ সন্তানসকল, তোমালোক আহিছা বেহদৰ পিতাৰ ওচৰলৈ। পিতায়ো জানে, কিমান অনেক সন্তান আছে। সন্তানসকল এতিয়া হদ আৰু বেহদৰো সিপাৰে যাব লাগে। সকলো সন্তানক চায়, জানে যে এওঁলোকক মই লৈ যাবলৈ আহিছোঁ। সত্যযুগততো বহুত কম সংখ্যক থাকিব। কথাবোৰ কিমান স্পষ্ট, সেয়েহে চিত্ৰবোৰৰ ওপৰত বুজোৱা হয়। জ্ঞানতো তেনেই সহজ। বাকী স্মৃতিৰ যাত্ৰাত সময়ৰ প্ৰয়োজন হয়। এনেহেন পিতাক কেতিয়াও পাহৰিব নালাগে। পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা, তেতিয়া পাৱন হৈ যাবা। মই আহোঁৱেই পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। তোমালোক অকালমূৰ্ত আত্মসকল সকলো নিজৰ নিজৰ আসনত বিৰাজমান হৈ আছা। বাবায়ো এই আসন ধাৰত লৈছে। এই ভাগ্যশালী ৰথত পিতাই প্ৰৱেশ কৰে। কোনোৱে কয় পৰমাত্মাৰ নাম-ৰূপ নাই। এয়াতো হ’বই নোৱাৰে। তেওঁক মাতে, তেওঁৰ মহিমা গায়, তেন্তে নিশ্চয় কিবা বস্তুটো আছে। তমোপ্ৰধান হোৱা বাবে একোৱেই নুবুজে। পিতাই বুজায় - মৰমৰ সন্তানসকল, 84 লাখ যোনিতো নাথাকে। হয়েই 84 জন্ম। পুনৰ্জন্মও সকলোৰে হ’ব। ব্ৰহ্মত গৈ জানো কোনোবা লীন হৈ যাব অথবা মোক্ষ লাভ কৰিব। এয়াতো পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। এটাও কম-বেছি হ’ব নোৱাৰে। এই অনাদি অবিনাশী ড্ৰামাৰ পৰাই আকৌ সৰু সৰু ড্ৰামা বা নাটক ৰচে। সেইবোৰ হৈছে বিনাশী। এতিয়া তোমালোক সন্তানসকল বেহদত আছা। তোমালোক সন্তানসকলে এই জ্ঞান লাভ কৰিছা - আমি কেনেকৈ 84 জন্ম ললোঁ। এতিয়া পিতাই শুনাইছে, আগতে কোনেও জনা নাছিলা। ঋষি মুনিসকলেও কৈছিল - আমি নাজানো। পিতা আহেই সংগমযুগত, এই পুৰণি সৃষ্টিখনৰ পৰিৱৰ্তন কৰিবলৈ। ব্ৰহ্মাৰ দ্বাৰা পুনৰাই নতুন সৃষ্টিৰ স্থাপনা কৰে। তেওঁলোকেতো লাখ লাখ বছৰ বুলি কৈ দিয়ে। তেতিয়াতো কোনো কথা স্মৃতিলৈও আহিব নোৱাৰে। কোনো মহাপ্ৰলয়ো নহয়। পিতাই ৰাজযোগ শিকায়, আকৌ তোমালোকে ৰাজ্য লাভ কৰা। ইয়াত সংশয়ৰ কোনো কথাই নাই। তোমালোক সন্তানসকলে জানা যে প্ৰথম নম্বৰত সকলোতকৈ মৰমৰ হৈছে পিতা, তাৰপাছতেই মৰমৰ হৈছে শ্ৰীকৃষ্ণ। তোমালোকে জানা যে শ্ৰীকৃষ্ণ হৈছে স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ, প্রথম নম্বৰৰ। তেৱেঁই আকৌ 84 জন্ম লয়। তেওঁৰেই অন্তিম জন্মত মই প্ৰৱেশ কৰোঁ। এতিয়া তোমালোক পতিতৰ পৰা পাৱন হ’ব লাগে। পতিত-পাৱন পিতাহে, পানীৰ নদীয়ে জানো পাৱন কৰিব পাৰে। এই নদীবোৰতো সত্যযুগতো থাকে। তাততো পানী বহুত শুদ্ধ হৈ থাকে। আৱৰ্জনা আদি একোৱেই নাথাকে। ইয়াততো কিমান আৱৰ্জনা পৰি থাকে। বাবাই এইবোৰ দেখিছে, সেই সময়ততো জ্ঞান নাছিল। এতিয়া আচৰিত লাগে, পানীয়ে কেনেকৈ পাৱন কৰি তুলিব পাৰে।

সেয়েহে পিতাই বুজায় - মৰমৰ সন্তানসকল, কেতিয়াও এইটো ভাবি বিভ্ৰান্ত নহ’বা যে পিতাক কেনেকৈ স্মৰণ কৰোঁ। হেৰ’, তোমালোকে পিতাক স্মৰণ কৰিব নোৱাৰানে! সেয়া হৈছে কোষৰ সন্তান, তোমালোক হৈছা তোলনীয়া সন্তান। তোলনীয়া সন্তানে যিজন পিতাৰ পৰা সম্পত্তি লাভ কৰে, তেওঁক জানো পাহৰিব পাৰে? বেহদৰ পিতাৰ পৰা বেহদৰ সম্পত্তি পোৱা যায় তেন্তে তেওঁক পাহৰিব লাগে জানো। লৌকিক সন্তানে পিতাক পাহৰে জানো। কিন্তু ইয়াত মায়াৰ বিৰুদ্ধাচৰণ হয়। মায়াৰ যুদ্ধ চলে, গোটেই জগতখনেই হৈছে কৰ্মক্ষেত্ৰ। আত্মাই এই শৰীৰত প্ৰৱেশ কৰি ইয়াত কৰ্ম কৰে। পিতাই কৰ্ম-অকৰ্ম-বিকৰ্মৰ ৰহস্য বুজায়। এই ৰাৱণৰাজ্যত কৰ্ম বিকৰ্ম হৈ যায়। তাত ৰাৱণৰাজ্যই নাই গতিকে কৰ্ম অকৰ্ম হৈ যায়, বিকৰ্ম একোৱেই নহয়। এয়াতো বহুত সহজ কথা। ইয়াত ৰাৱণৰাজ্যত কৰ্ম বিকৰ্ম হৈ যায়, সেয়েহে বিকৰ্মৰ শাস্তি ভুগিবলগীয়া হয়। এনেকৈ জানো কোৱা হ’ব যে ৰাৱণ অনাদি। নহয়, আধাকল্প হৈছে ৰাৱণৰাজ্য, আধাকল্প হৈছে ৰামৰাজ্য। তোমালোক যেতিয়া দেৱতা আছিলা তেতিয়া তোমালোকৰ কৰ্ম অকৰ্ম হৈছিল। এতিয়া এয়া হৈছে জ্ঞান। সন্তান হৈছা যেতিয়া পঢ়াও পঢ়িব লাগে। বচ, তাৰপাছত আৰু একো পেছাগত কাম-কাজ আদিৰ খেয়ালো আহিব নালাগে। কিন্তু গৃহস্থালিত থাকি পেছাগত কাম-কাজ আদি কৰোঁতাও আছে সেয়েহে পিতাই কয় - পদুম ফুলৰ সমান হৈ থাকা। তোমালোক এনেকুৱা দেৱতা হ’বলৈ গৈ আছা। সেই অলংকাৰ বিষ্ণুক দিয়া হৈছে কাৰণ তোমালোকৰ ক্ষেত্ৰত শোভা নাপাব। বিষ্ণুৰ ক্ষেত্ৰত শোভা পায়। সেই বিষ্ণুৰেই দুটি ৰূপ লক্ষ্মী আৰু নাৰায়ণ হ’বগৈ। সেয়া হৈছেই অহিংসা পৰম দেৱী-দেৱতা ধৰ্ম। কোনো বিকাৰৰ কাম-কটাৰীও নাথাকে আৰু নতুবা কাজিয়া-পেছাল আদিও নহয়। তোমালোক দ্বৈত অহিংসক। সত্যযুগৰ মালিক আছিলা। নামেই হৈছে সোণালী যুগ। সোণৰ সৃষ্টি। আত্মা আৰু শৰীৰ উভয়ে কাঞ্চন হৈ যায়। কাঞ্চন কায়া কোনে কৰি তোলে? পিতাই। এতিয়া লৌহ যুগ নহয় জানো। এতিয়া তোমালোকে কোৱা সত্যযুগ অতীত হৈ গ’ল। কালি সত্যযুগ আছিল। তোমালোকে ৰাজ্য কৰিছিলা। তোমালোক জ্ঞানেৰে পৰিপূৰ্ণ হৈ গৈ থাকা। সকলোতো একেধৰণৰ নহ’ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মই আত্মা অকাল আসনধাৰী, এইটো স্মৃতিত থাকিব লাগে, হদ আৰু বেহদৰ সিপাৰে যাব লাগে সেয়েহে হদত বুদ্ধি আৱদ্ধ কৰিব নালাগে।

(2) বেহদৰ পিতাৰ পৰা সম্পত্তি পোৱা যায়, এইটো নিচাত থাকিব লাগে। কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতিক জানি বিকৰ্মৰ পৰা হাত সাৰি থাকিব লাগে। পঢ়াৰ সময়ত পেছাগত কাম-কাজ আদিৰ পৰা বুদ্ধি আঁতৰাই দিব লাগে।

বৰদান:
শ্ৰীমত ৰূপী লেকাম মজবুত কৰি মনক বশ কৰোঁতা বালক তথা মালিক হোৱা

জগতৰ লোকে কয় মন হৈছে ঘোঁৰা যি বহুত বেগত দৌৰে, কিন্তু তোমালোকৰ মন ইফালে সিফালে দৌৰিব নোৱাৰে কিয়নো শ্ৰীমত ৰূপী লেকাম মজবুত। যেতিয়া মন-বুদ্ধি কাষৰিয়া দৃশ্য চাবলৈ লাগি যায় তেতিয়া লেকাম ঢিলা হৈ যোৱাৰ কাৰণে মন চঞ্চল হৈ যায় সেই কাৰণে যেতিয়াই কোনো পৰিস্থিতি আহে, মন চঞ্চল হয় তেতিয়া শ্ৰীমত ৰূপী লেকাম মজবুত কৰি দিয়া তেতিয়া লক্ষ্যত উপস্থিত হৈ যাবা। বালক তথা মালিক হওঁ - এইটো স্মৃতিৰে অধিকাৰী হৈ মনক নিজৰ বশ কৰি ৰাখা।

স্লোগান:
সদায় নিশ্চয়তা থাকিব লাগে যে যি হৈ আছে সেয়াও ভাল আৰু যি হ’বলগীয়া আছে সেয়া আৰু ভাল হ’ব তেতিয়া অচল-অটল হৈ থাকিবা


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

সদায় যাতে স্মৃতি থাকে যে মই সৰ্বশক্তিমান পিতাৰ সন্তান মাষ্টৰ সৰ্বশক্তিমান। সৰ্ব শক্তি মোৰ শস্ত্ৰ, অলংকাৰ। অলংকাৰধাৰী আত্মা সদায় সমৰ্থ বা বিজয়ী হৈ থাকিব, তেওঁ কেতিয়াও কোনো পৰিস্থিতিত অস্থিৰ নহ’ব। সদায় একমাত্ৰ পিতা আন কোনো নাই – এইটো স্মৃতিৰে মহাবীৰ হোৱা তেতিয়া বিজয়ী হৈ থাকিবা। মস্তকত বিজয়ৰ অবিনাশী তিলক চিকমিকাই থাকিব।