21.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সত্য পিতাৰ সৈতে সততাৰে চলা, সততাৰ খতিয়ান ৰাখা, জ্ঞানৰ অহংকাৰ এৰি স্মৃতিত থকাৰ পূৰা পুৰুষাৰ্থ কৰা”

প্ৰশ্ন:
মহাবীৰ সন্তানসকলৰ মুখ্য লক্ষণ কি হ’ব?

উত্তৰ:
মহাবীৰ সন্তান সেইসকল যিসকলৰ বুদ্ধিত নিৰন্তৰ পিতাৰ স্মৃতি থাকে। মহাবীৰ মানে শক্তিমান। মহাবীৰ তেওঁলোক যিসকল নিৰন্তৰ আনন্দিত হৈ থাকে, যিসকল আত্মা-অভিমানী হৈ থাকে, অলপো দেহৰ অহংকাৰ নাথাকে। এনেকুৱা মহাবীৰ সন্তানসকলৰ বুদ্ধিত থাকে যে মই আত্মা, বাবাই মোক পঢ়াই আছে।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক সোধে - নিজক আত্মা বুলি বুজি বহিছানে? কিয়নো পিতাই জানে এয়া অলপ কঠিন, ইয়াতেই যত্ন কৰিবলগীয়া হয়। যিসকল আত্মা-অভিমানী হৈ বহে তেওঁলোককে মহাবীৰ বুলি কোৱা হয়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা - তেওঁক মহাবীৰ বুলি কোৱা হয়। সদায় নিজক সুধি থাকিবা যে মই আত্মা-অভিমানী হওঁনে? স্মৃতিৰ দ্বাৰাই মহাবীৰ হয় অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ হয়। অন্য ধৰ্মাৱলম্বী যিসকল আহে তেওঁলোক ইমান শ্ৰেষ্ঠ নহয়। তেওঁলোকতো আহেও দেৰিকৈ। তোমালোক ক্ৰমানুসৰি শ্ৰেষ্ঠ হোৱা। সৰ্বশ্ৰেষ্ঠ মানে শক্তিমান বা মহাবীৰ। তেন্তে এনেকৈ ভাবি অন্তৰ আনন্দিত হয়নে যে মই আত্মা। আমাৰ অৰ্থাৎ সকলো আত্মাৰ পিতাই আমাক পঢ়ায়। এয়াও পিতাই জানে যে কোনোবাই নিজৰ খতিয়ান 25 শতাংশ দেখুৱায়, কোনোবাই 100 শতাংশ দেখুৱায়। কোনোবাই কয় 24 ঘণ্টাৰ ভিতৰত আধা ঘণ্টাহে স্মৃতিত থাকিলোঁ তেন্তে কিমান শতাংশ হ’ল? নিজক বহুত চম্ভালিব লাগে। ধীৰে ধীৰে মহাবীৰ হ’ব লাগে। তৎক্ষণাৎ হ’ব নোৱাৰা, যত্ন কৰিবলগীয়া হয়। সেইসকল যিসকল ব্ৰহ্ম জ্ঞানী, তত্ব জ্ঞানী আছে, এনেকৈ নাভাবিবা যে তেওঁলোকে নিজক আত্মা বুলি বুজে। তেওঁলোকেতো ব্ৰহ্ম অৰ্থাৎ ঘৰখনকে পৰমাত্মা বুলি বুজি লয় আৰু নিজকে কয় - অহম্‌ ব্ৰহ্মাস্মি (ময়েই ব্ৰহ্ম)। এতিয়া ঘৰৰ সৈতে জানো যোগ লগোৱা হয়। এতিয়া তোমালোক সন্তানসকলে নিজক আত্মা বুলি বুজা। নিজৰ এই খতিয়ান চাব লাগে যে 24 ঘণ্টাৰ ভিতৰত মই কিমান সময় নিজক আত্মা বুলি বুজোঁ? এতিয়া তোমালোক সন্তানসকলে জানা যে আমি ঈশ্বৰীয় সেৱাত ব্ৰতী হৈ আছোঁ, ঈশ্বৰীয় সেৱাত। সকলোকে এইটোৱে শুনাব লাগে যে পিতাই কেৱল কয় ‘মনমনাভৱ’ অৰ্থাৎ নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। এয়া হৈছে তোমালোকৰ সেৱা। যিমানে তোমালোকে সেৱা কৰিবা সিমানে তাৰ ফলো পাবা। এয়া ভালদৰে বুজিবলগীয়া কথা। ভাল ভাল মহাৰথী সন্তানেও এই কথাবোৰ পূৰা বুজি নাপায়। এই ক্ষেত্ৰত বহুত যত্ন কৰিবলগীয়া হয়। যত্ন নকৰিলে জানো ফল পাব পাৰি।

বাবাই দেখিবলৈ পায় যে কোনোৱে খতিয়ান লিখি পঠিয়াই দিয়ে, কোনোৱেতো খতিয়ান লিখাৰ যত্নই কৰিব নোৱাৰে। জ্ঞানৰ অহংকাৰ আছে। স্মৃতিত বহিবলৈ যত্নই কৰিব নোৱাৰে। পিতাই বুজায় মূল কথা হৈছেই - স্মৃতিৰ। নিজৰ ওপৰত দৃষ্টি ৰাখিব লাগে যে মোৰ খতিয়ান কেনেকুৱা হৈ থাকে? সেয়া লিখি ৰাখিব লাগে। কোনোৱে কয় খতিয়ান লিখিবলৈ আজৰি নাই। মূল কথাতো পিতাই কয় নিজক আত্মা বুলি বুজি ‘অল্ফ’ক (পিতাক) স্মৰণ কৰা। ইয়াত যিমান সময় বহা মাজে মাজে নিজৰ অন্তৰক সুধিব লাগে যে মই কিমান সময় স্মৃতিত বহিলোঁ? ইয়াত যেতিয়া তোমালোক বহা তোমালোক পিতাৰ স্মৃতিতে থাকিব লাগে আৰু চক্ৰ ঘূৰাই থাকিলেও কোনো আপত্তি নাই। আমি বাবাৰ ওচৰলৈ নিশ্চয় যাব লাগে। পৱিত্ৰ সতোপ্ৰধান হৈ যাব লাগে। এইটো কথা ভালদৰে বুজিব লাগে। কিছুমানেতো তৎক্ষণাৎ পাহৰি যায়। নিজৰ সঁচা খতিয়ান নিদিয়ে। এনেকুৱা বহুত মহাৰথী আছে। সঁচা কেতিয়াও নকয়। আধাকল্প মিছাৰ সৃষ্টি চলিল সেয়েহে মিছা যেন ভিতৰত জমা হৈ গ’ল। ইয়াতো যিসকল সাধাৰণ তেওঁলোকেতো ততালিকে খতিয়ান লিখি দিব। পিতাই কয় - তোমালোক স্মৃতিৰ যাত্ৰাৰে পাপ ভস্ম কৰি পাৱন হ’বা। কেৱল জ্ঞানেৰেতো পাৱন নোহোৱা। বাকী কি লাভ। আহ্বানো পৱিত্ৰ কৰি তুলিবলৈকে জনোৱা। তাৰ বাবে স্মৃতিত থাকিব লাগে। প্ৰত্যেকে সততাৰে নিজৰ খতিয়ান দিয়া উচিত। ধৰি লোৱা ইয়াত তোমালোক 45 মিনিট বহিলা তেন্তে চাব লাগে যে 45 মিনিটত মই কিমান সময় নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত আছিলোঁ? বহুতেতো সঁচা ক’বলৈ লাজ কৰে। পিতাক সঁচা কথা নকয়। তেওঁলোকে খবৰ দিব যে এইটো সেৱা কৰিলোঁ, ইমানক বুজালোঁ, এইটো কৰিলোঁ। কিন্তু স্মৃতিৰ যাত্ৰাৰ খতিয়ান নিদিয়ে। পিতাই কয় - স্মৃতিৰ যাত্ৰাত নথকাৰ কাৰণে তোমালোকৰ কাঁড়ে কাকো আঘাত নকৰে (শুনোৱা জ্ঞানে কাকো প্ৰভাৱিত নকৰে)। জ্ঞান তৰোৱালত ধাৰ নাথাকে। জ্ঞানতো শুনায়, বাকী যোগৰ কাঁড় লাগি যাওঁক - সেইটো বৰ কঠিন। বাবাইতো কয় - 45 মিনিটৰ ভিতৰত 5 মিনিটো স্মৃতিৰ যাত্ৰাত নবহে। বুজিয়েই নাপায় যে কেনেকৈ নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। কিছুমানেতো কয় - মই নিৰন্তৰ স্মৃতিত থাকোঁ। বাবাই কয় - এইটো অৱস্থা এতিয়া হ’ব নোৱাৰে। যদি নিৰন্তৰ স্মৃতিত থাকা তেনেহ’লেতো কৰ্মাতীত অৱস্থা আহি যাব, জ্ঞানৰ চুড়ান্ত শিখৰত উপনীত হৈ যাব। কাৰোবাক অলপ বুজালেই তীৰ লাগি যাব। যত্ন কৰিবলগীয়া হয় নহয়। বিশ্বৰ মালিক জানো কোনোবা এনেয়ে হৈ যাব। মায়াই তোমালোকৰ বুদ্ধিৰ যোগ যে ক’লৈ ক’লৈ লৈ যাব। মিত্ৰ-সম্বন্ধীয় আদি স্মৃতিলৈ আহি থাকিব। কোনোবা বিদেশলৈ যাবলগীয়া হ’লে তেতিয়া মিত্ৰ-সম্বন্ধীয়, জাহাজ, উৰাজাহাজ আদি স্মৃতিলৈ আহি থাকিব। বিদেশলৈ যোৱাৰ যি বাস্তৱিক ইচ্ছা আছে সেইটোৱে আকৰ্ষিত কৰে। বুদ্ধিৰ যোগ একেবাৰে খণ্ডিত হৈ যায়। আন কোনো ফালে যাতে বুদ্ধি নাযায় তাৰ বাবে বহুত যত্নৰ প্ৰয়োজন। একমাত্ৰ পিতাৰহে যাতে স্মৃতি থাকে। এই দেহো যাতে স্মৃতিলৈ নাহে। এইটো অৱস্থা তোমালোকৰ অন্তিম সময়ত হ’বগৈ।

দিনে-প্ৰতিদিনে যিমানে স্মৃতিৰ যাত্ৰা বঢ়াই গৈ থাকিবা, ইয়াতেই তোমালোকৰ কল্যাণ আছে। যিমানে স্মৃতিত থাকিবা সিমানেই তোমালোকৰ উপাৰ্জন হ’ব। যদি শৰীৰ এৰিবলগীয়া হয় তেন্তে এই উপাৰ্জনতো কৰিব নোৱাৰিবা। গৈ সৰু শিশু হ’বা। তেন্তে কি উপাৰ্জন কৰিব পাৰিবা। যদিও আত্মাই এই সংস্কাৰ লৈ যাব কিন্তু শিক্ষকতো লাগিব যিয়ে আকৌ স্মৃতি সোঁৱৰাই দিব। পিতায়ো স্মৃতি সোঁৱৰাই দিয়ে নহয়। পিতাক স্মৰণ কৰা - তোমালোকৰ বাহিৰে অন্য কোনেও এইটো নাজানে যে পিতাৰ স্মৃতিৰেই পৱিত্ৰ হ’মগৈ। তেওঁলোকেতো গংগা স্নানকে উচ্চ বুলি মান্যতা দিয়ে সেই কাৰণে গংগা স্নানেই কৰি থাকে। বাবাতো (ব্ৰহ্মা) এই সকলো কথাৰ অনুভৱী। এওঁতো বহুত গুৰুৰ শৰণাপন্ন হৈছিল। তেওঁলোক পানীৰে স্নান কৰিবলৈ যায়। ইয়াত তোমালোকৰ স্নান হয় স্মৃতিৰ যাত্ৰাৰে। পিতাৰ স্মৃতি অবিহনে তোমালোক আত্মাসকল পাৱন হ’ব নোৱাৰা। ইয়াৰ নামেই হৈছে যোগ অৰ্থাৎ স্মৃতিৰ যাত্ৰা। জ্ঞানক স্নান বুলি বুজি নল’বা। যোগৰ স্নান। জ্ঞানতো হৈছে পঢ়া, যোগ হৈছে স্নান, যাৰ দ্বাৰা পাপ খণ্ডন হয়। জ্ঞান আৰু যোগ দুটা বস্তু। স্মৃতিৰ দ্বাৰাই জন্ম-জন্মান্তৰৰ পাপ ভস্ম হয়। পিতাই কয় - এই স্মৃতিৰ যাত্ৰাৰেই তোমালোক পাৱন হৈ সতোপ্ৰধান হৈ যাবাগৈ। পিতাইতো বহুত ভালকৈ বুজায় - মৰমৰ সন্তানসকল, এই কথাবোৰ ভালকৈ বুজি লোৱা। এয়া পাহৰি নাযাবা। স্মৃতিৰ যাত্ৰাৰেই জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব, বাকী জ্ঞানতো হৈছে উপাৰ্জন। স্মৃতি থকা আৰু পঢ়া দুয়োটা বেলেগ বস্তু। জ্ঞান আৰু বিজ্ঞান - জ্ঞান মানে পঢ়া, বিজ্ঞান মানে যোগ অথবা স্মৃতি। কোনটোক উচ্চ স্থান দিবা - জ্ঞানক নে স্মৃতিক? স্মৃতিৰ যাত্ৰাৰ বিষয়টি বহুত উচ্চ। ইয়াতে যত্ন কৰিবলগীয়া হয়। স্বৰ্গলৈতো সকলোৱে যাব। সত্যযুগ হৈছে স্বৰ্গ, ত্ৰেতা হৈছে অৰ্ধ স্বৰ্গ। তাততো এই পঢ়া অনুসৰি গৈ বিৰাজমান হ’বাগৈ। বাকী মুখ্য হৈছে যোগৰ কথা। প্ৰদৰ্শনী বা সংগ্ৰাহালয় আদিতো তোমালোকে জ্ঞান বুজোৱা। যোগৰ বিষয়ে জানো বুজাব পাৰিবা। কেৱল ইমানেই ক’বা যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক। বাকী জ্ঞানতো বহুত শুনোৱা। পিতাই কয় - প্ৰথম কথা এইটোৱে শুনোৱা - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক। এই জ্ঞান দিবৰ কাৰণেই তোমালোকে ইমান চিত্ৰ তৈয়াৰ কৰা। যোগৰ কাৰণে কোনো চিত্ৰৰ দৰকাৰ নাই। সকলো চিত্ৰ জ্ঞান বুজাবৰ কাৰণে তৈয়াৰ কৰা হয়। নিজক আত্মা বুলি বুজিলে দেহৰ অহংকাৰ একেবাৰে নোহোৱা হৈ যায়। জ্ঞানতো বৰ্ণনা কৰিবলৈ নিশ্চয় মুখৰ দৰকাৰ। যোগৰতো এটাই কথা - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। পঢ়াৰ ক্ষেত্ৰততো দেহৰ দৰকাৰ। শৰীৰ অবিহনে কেনেকৈ পঢ়িবা বা পঢ়াবা।

পতিত-পাৱন হৈছে পিতা সেয়েহে তেওঁৰ সৈতে যোগযুক্ত হ’ব লাগে। কিন্তু কোনেও নাজানে। পিতাই নিজেই আহি শিকায়, মনুষ্যই মনুষ্যক কেতিয়াও শিকাব নোৱাৰে। পিতাইহে কয় - মোক স্মৰণ কৰা, ইয়াক কোৱা হয় পৰমাত্মাৰ জ্ঞান। পৰমাত্মাহে জ্ঞানৰ সাগৰ। এয়া অতিকৈ বুজিবলগীয়া কথা। সকলোকে এইটোৱে কোৱা যে বেহদৰ পিতাক স্মৰণ কৰা। সেই পিতাই নতুন সৃষ্টি স্থাপনা কৰে। তেওঁলোকে বুজিয়ে নাপায় যে নতুন সৃষ্টি স্থাপনা হ’ব তেন্তে ভগৱানক কি স্মৰণ কৰিব। ধ্যানতে নাই যেতিয়া কি খেয়াল কৰিব। এইটোও তোমালোকে জানা। পৰমপিতা পৰমাত্মা শিৱ ভগৱান এজনেই। এনেকৈ কয়ো যে ব্ৰহ্মা দেৱতায়ে নমঃ আকৌ শেষৰ ফালে কয় শিৱ পৰমাত্মায়ে নমঃ। সেইজন পিতা হয়েই উচ্চতকৈও উচ্চ। কিন্তু তেওঁ কি হয়, এয়াও বুজি নাপায়। যদি পাথৰ শিলত আছে তেন্তে কাক প্ৰণাম জনায়। অৰ্থ নুবুজাকৈয়ে কৈ থাকে। ইয়াততো তোমালোক আৱাজৰ সিপাৰে যাব লাগে অৰ্থাৎ নিৰ্বাণধাম, শান্তিধামলৈ যাব লাগে। শান্তিধাম, সুখধাম বুলি কোৱা হয়। সেয়া হৈছে স্বৰ্গধাম। নৰকক ধাম বুলি কোৱা নহয়। শব্দ বহুত সহজ। যীশুখ্ৰীষ্টৰ ধৰ্ম কেতিয়ালৈকে চলিব? এয়াও তেওঁলোকে একো নাজানে। এনেকৈ কয়ো যে যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল অৰ্থাৎ দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল তেন্তে 2 হাজাৰ বছৰ খ্ৰীষ্টিয়ানৰ হ’ল, এতিয়া পুনৰ দেৱতা ধৰ্ম হোৱা উচিত নহয় জানো। মনুষ্যৰ বুদ্ধিয়ে একোৱে কাম নকৰে। ড্ৰামাৰ ৰহস্য নজনাৰ কাৰণে কিমান পৰিকল্পনা কৰি থাকে। এই কথাবোৰ বয়সিয়াল বৃদ্ধ মাতাসকলেতো বুজিব নোৱাৰে। পিতাই বুজায় এতিয়া তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা। বাণীৰ সিপাৰে যাব লাগে। তেওঁলোকে যদিও কয় যে নিৰ্বাণধামলৈ গ’ল কিন্তু কোনোৱেই নাযায়। তথাপিও পুনৰ্জন্ম নিশ্চয় লয়। উভতি কোনেও যাব নোৱাৰে। বানপ্ৰস্থত যাবৰ কাৰণে গুৰুৰ সংগ লয়। বহুত বানপ্ৰস্থ আশ্ৰম আছে। মাতাও বহুত আছে। তাতো তোমালোকে সেৱা কৰিব পাৰা। বানপ্ৰস্থৰ অৰ্থ কি সেয়া তোমালোকক পিতাই বহি বুজায়। এতিয়া তোমালোক সকলো বানপ্ৰস্থী। গোটেই সৃষ্টিখনেই বানপ্ৰস্থী। যিয়েই মনুষ্য মাত্ৰ দেখিবলৈ পোৱা সকলো বানপ্ৰস্থী। সকলোৰে সৎগতি দাতা এজনেই সৎগুৰু। সকলো যাবই লাগে। যিয়ে ভালকৈ পুৰুষাৰ্থ কৰে তেওঁলোকে নিজৰ উচ্চ পদ প্ৰাপ্ত কৰে। ইয়াক কোৱাই হয় - কয়ামতৰ (বিনাশৰ অৰ্থাৎ হিচাপ-নিকাচ নিষ্পত্তি কৰাৰ) সময়। ‘কয়ামত’ৰ অৰ্থও তেওঁলোকে বুজি নাপায়। তোমালোক সন্তানসকলৰ মাজতো ক্ৰমানুসৰি বুজে। লক্ষ্য বহুত উচ্চ। সকলোকে বুজাব লাগে - এতিয়া আমি নিশ্চয় ঘৰলৈ যাব লাগে। আত্মাসকল বাণীৰ সিপাৰে যাব লাগে আকৌ ভূমিকা পুনৰাবৃত্তি কৰিব। কিন্তু পিতাক স্মৰণ কৰি কৰি গ’লে তেতিয়া উচ্চ পদ পাব। দৈৱীগুণো ধাৰণ কৰিব লাগে। কোনো বেয়া কাম চুৰি আদি কৰা উচিত নহয়। তোমালোক যোগৰ দ্বাৰাই পুণ্য আত্মা হ’বাগৈ, জ্ঞানেৰে নহয়। আত্মা পৱিত্ৰ হোৱা উচিত। শান্তিধামলৈ পৱিত্ৰ আত্মাহে যাব পাৰে। সকলো আত্মা তাতে নিবাস কৰে। এতিয়া আহি থাকে। এতিয়া তাত বাকী যি আছে সকলো ইয়ালৈ আহি থাকিব।

তোমালোক সন্তানসকল স্মৃতিৰ যাত্ৰাত বহুত থাকিব লাগে। ইয়াত তোমালোকে ভাল সহায় পোৱা। ইজনে সিজনৰ বল পোৱা। তোমালোক সংখ্যাত তাকৰ সন্তানসকলৰ শক্তিয়ে কাম কৰে। গোৱৰ্দ্ধন পাহাৰ দেখুৱায় নহয়, আঙুলিৰে দাঙি দিলে। তোমালোক গোপ-গোপী নোহোৱা জানো। সত্যযুগী দেৱী-দেৱতাসকলক গোপ-গোপী বুলি কোৱা নহয়। আঙুলি (সহযোগ) তোমালোকে দিয়া। লৌহযুগক সোণালী যুগ বা নৰকক স্বৰ্গ কৰি তুলিবলৈ তোমালোকে এজন পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া। যোগেৰেই পৱিত্ৰ হ’ব লাগে। এই কথাবোৰ পাহৰিব নালাগে। এই শক্তি তোমালোকে ইয়াত পোৱা। বাহিৰত আসুৰি মনুষ্যৰ সংগত থাকিব লাগে। তাত স্মৃতিত থকাতো বৰ কঠিন। ইমান অটল হৈ তাত তোমালোক থাকিব নোৱাৰা। সংগঠন লাগে। ইয়াত সকলো একৰস হৈ সমূহীয়াকৈ বহে সেয়েহে সহযোগ পোৱা যায়। ইয়াত পেছাগত কাম-কাজ আদি একোৱেই নাথাকে। বুদ্ধি ক’লৈ যাব! বাহিৰত থাকিলে পেছাগত কাম-কাজ, ঘৰ আদিয়ে নিশ্চয় আকৰ্ষিত কৰিব। ইয়াততো একোৱেই নাই। ইয়াৰ বায়ুমণ্ডল ভাল শুদ্ধ হৈ থাকে। ড্ৰামা অনুসৰি কিমান দূৰৈত পাহাৰত আহি তোমালোক বহি আছা। স্মাৰকো সন্মুখত সঠিক ৰূপত আছে। ওপৰত স্বৰ্গ দেখুৱাইছে। নহ’লে ক’ত সাজিব। গতিকে বাবাই কয় ইয়াত আহি বহিলে নিজক পৰীক্ষা কৰা - মই পিতাৰ স্মৃতিত বহোঁনে? স্বদৰ্শন চক্ৰও ঘূৰাই থাকিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ স্মৃতিৰ খতিয়ানৰ ওপৰত পূৰা দৃষ্টি ৰাখিব লাগে, চাব লাগে যে মই পিতাক কিমান সময় স্মৰণ কৰোঁ। স্মৰণ কৰাৰ সময়ত বুদ্ধি ক’ত ক’ত দিগভ্ৰান্ত হৈ ফুৰে?

(2) এই কায়ামতৰ (বিনাশৰ অৰ্থাৎ হিচাপ-নিকাচ নিষ্পত্তিৰ) সময়ত বাণীৰ সিপাৰে যোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। পিতাৰ স্মৃতিত থকাৰ লগতে দৈৱীগুণো নিশ্চয় ধাৰণ কৰিব লাগে। কোনো বেয়া কাম চুৰি আদি কৰিব নালাগে।

বৰদান:
ব্যৰ্থ বা অশান্ত কৰা বাণীৰ পৰা মুক্ত ‘ডবল লাইট’ অব্যক্ত ফৰিস্তা হোৱা

অব্যক্ত ফৰিস্তা হ’বলৈ হ’লে ব্যৰ্থ বাণী যিটো কাৰো ভাল নালাগে সেয়া সদাকালৰ কাৰণে সমাপ্ত কৰা। কথা হয় দুটি শব্দৰ কিন্তু তাক দীঘলীয়া কৰি কৈ থকা, এয়াও ব্যৰ্থ। যিটো কাম চাৰিটা শব্দত হ’ব পাৰে তাক 12-15টা শব্দত নকবা। কমকৈ কোৱা ধীৰে ধীৰে কোৱা… এইটো শ্লোগান ডিঙিত পিন্ধি থাকা। ব্যৰ্থ বা অশান্ত কৰোঁতা বাণীৰ পৰা মুক্ত হোৱা তেতিয়া অব্যক্ত ফৰিস্তা হোৱাত বহুত সহায় পাবা।

স্লোগান:
যিয়ে নিজক পৰমাত্ম প্ৰেমত উৎসৰ্গিত কৰি দিয়ে, সফলতা তেওঁৰ ডিঙিৰ মালা হৈ যায়।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ তেওঁলোকে বহুত পুৰণি শব্দ ধৰি ৰাখে তেনেকৈ তোমালোকে নিজৰ 5000 বছৰ পূৰ্বৰ দৈৱী সংস্কাৰ ধৰি লোৱা। সদায় এইটো স্মৃতিত ৰাখিবা যে মই এয়াই আছিলোঁ আকৌ পুনৰ হৈ আছোঁ। যিমানে আদি আৰু অনাদি পৱিত্ৰ সংস্কাৰ ধৰি ৰাখিব পাৰিবা সিমানে তাৰ স্বৰূপ হ’ব পাৰিবা।