21.12.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সঁচা উপাৰ্জন কৰাৰ পুৰুষাৰ্থ প্ৰথমে নিজে কৰা পাছত নিজৰ মিত্ৰ-সমন্ধীয়সকলকো কৰোৱা, দান ঘৰৰ পৰাই আৰম্ভ হয়"

প্ৰশ্ন:
সুখ অথবা শান্তি প্ৰাপ্ত কৰাৰ বিধি কি?

উত্তৰ:
পৱিত্ৰতা। য’ত পৱিত্ৰতা আছে ত’ত সুখ-শান্তি আছে। পিতাই পৱিত্ৰ সৃষ্টি সত্যযুগ স্থাপনা কৰে। তাত বিকাৰ নাথাকে। যি দেৱতাসকলৰ পূজাৰী তেওঁলোকে কেতিয়াও এনেকুৱা প্ৰশ্ন কৰিব নোৱাৰে যে বিকাৰ অবিহনে সৃষ্টি কেনেকৈ চলিব? এতিয়া তোমালোক শান্তিৰ সৃষ্টিলৈ যাব লাগে সেইকাৰণে এই পতিত সৃষ্টিক পাহৰিব লাগে। শান্তিধাম আৰু সুখধাম স্মৃতিত ৰাখিব লাগে।

ওঁম্শান্তি।
‘ওঁম শান্তি’ৰ অৰ্থতো সন্তানসকলক বুজোৱা হৈছে। শিৱবাবায়ো ‘ওঁম শান্তি’ বুলি ক’ব পাৰে তেনেকৈ শালগ্ৰাম সন্তানসকলেও ক’ব পাৰে। আত্মাই কয় ‘ওঁম শান্তি’। শান্তিৰ পিতাৰ সন্তান। শান্তিৰ কাৰণে জংঘল আদিত গৈ উপায় উলিওৱাৰ কোনো দৰকাৰ নাই। আত্মাতো হয়েই শান্ত। আকৌ কি উপায় উলিয়াব লাগে? এয়া পিতাই বহি বুজায়। সেই পিতাকেই কয় যে তালৈ লৈ ব’লক য’ত সুখ শান্তি পোৱা যায়। শান্তি অথবা সুখ সকলো মনুষ্যই বিচাৰে। কিন্তু সুখ আৰু শান্তিৰ আগতে পৱিত্ৰতাৰ প্ৰয়োজন। পৱিত্ৰক পাৱন, অপৱিত্ৰক পতিত বুলি কোৱা হয়। পতিত সৃষ্টিত থকাসকলে মাতি থাকে যে আহি আমাক পাৱন সৃষ্টিলৈ লৈ যাওঁক। তেওঁ হয়েই পতিত সৃষ্টিৰ পৰা মুক্তি দি পাৱন সৃষ্টিলৈ লৈ যাওঁতা। সত্যযুগত হৈছে পৱিত্ৰতা, কলিযুগত হৈছে অপৱিত্ৰতা। সেয়া নিৰ্বিকাৰী সৃষ্টি, এয়া বিকাৰী সৃষ্টি। এয়াতো সন্তানসকলে জানে যে সৃষ্টি বৃদ্ধি হৈ গৈ থাকে। সত্যযুগ হৈছে নিৰ্বিকাৰী সৃষ্টি গতিকে নিশ্চয় তাত মনুষ্য কম হ’ব। সেই কমসংখ্যক কোন হ’ব? নিশ্চয় সত্যযুগত দেৱী-দেৱতাসকলৰে ৰাজ্য হয়, তাকেই শান্তিৰ সৃষ্টি অথবা সুখধাম বোলা হয়। এয়া হৈছে দুখধাম। দুখধামক সলনি কৰি সুখধাম কৰি তোলোঁতা এজনেই পৰমপিতা পৰমাত্মা। সুখৰ উত্তৰাধিকাৰ নিশ্চয় পিতাইহে দিব। এতিয়া সেই পিতাই কৈছে দুখধামক পাহৰি যোৱা, শান্তিধাম আৰু সুখধামক স্মৰণ কৰা ইয়াকে ‘মনমনাভৱ’ বুলি কোৱা হয়। পিতা আহি সন্তানসকলক সুখধামৰ সাক্ষাৎকাৰ কৰায়। দুখধামৰ বিনাশ কৰি শান্তিধামলৈ লৈ যায়। এই চক্ৰক বুজিব লাগে। 84 জন্ম ল’বলগীয়া হয়। যিসকল প্ৰথমে সুখধামত আহে তেওঁলোকৰ হৈছে 84 জন্ম কেৱল এইকেইটা কথা ৰাখিলেও সন্তানসকল সুখধামৰ মালিক হ’ব পাৰে।

পিতাই কৈছে সন্তানসকল, শান্তিধামক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক অৰ্থাৎ সুখধামক স্মৰণ কৰা। প্ৰথমে তোমালোক শান্তিধামলৈ যোৱা গতিকে নিজকে শান্তিধাম, ব্ৰহ্মাণ্ডৰ মালিক বুলি ভাবা। চলোঁতে-ফুৰোঁতে নিজকে তাৰ নিবাসী বুলি ভাবিলে তেতিয়া এইখন সৃষ্টি পাহৰি যাবা। সত্যযুগ হৈছে সুখধাম কিন্তু সকলোৱেতো সত্যযুগলৈ আহিব নোৱাৰে। এই কথাবোৰ সেইসকলে বুজি পাব যিসকল দেৱী দেৱতাসকলৰ পূজাৰী হয়। এয়া হৈছে সঁচা উপাৰ্জন যিটো সত্য পিতাই শিকায়। বাকী সকলোবোৰ মিছা উপাৰ্জন। অবিনাশী জ্ঞান ৰত্নৰ উপাৰ্জনকে সঁচা উপাৰ্জন বোলা হয়, বাকী বিনাশী ধন-সম্পদ সেই সকলোবোৰ মিছা উপাৰ্জন। দ্বাপৰৰ পৰা সেই মিছা বা অসত্য উপাৰ্জন কৰি আহিছা। এই অবিনাশী সঁচা উপাৰ্জনৰ প্ৰালব্ধ সত্যযুগৰ পৰা আৰম্ভ হৈ ত্ৰেতাত পূৰা হয় অৰ্থাৎ আধাকল্প ভোগ কৰে। আকৌ পাছত মিছা উপাৰ্জন আৰম্ভ হয়, যাৰ দ্বাৰা অলপ সময়ৰ ক্ষণভংগুৰ সুখ পোৱা যায়। এই অবিনাশী জ্ঞান ৰত্ন, জ্ঞানৰ সাগৰেহে দিয়ে। সঁচা উপাৰ্জন সত্য পিতাই কৰায়। ভাৰত সত্যখণ্ড আছিল, ভাৰতেই এতিয়া মিছাখণ্ড হৈ গৈছে। অন্য খণ্ডক সঁচাখণ্ড আৰু মিছাখণ্ড বুলি কোৱা নহয়। সত্যখণ্ড গঢ়োঁতা বাদশ্বাহ সত্য হৈছে পিতা। সত্য হৈছে একমাত্ৰ ঈশ্বৰ পিতা, বাকী সকলো মিছা পিতা। সত্যযুগতো সত্য পিতা পোৱা যায় কিয়নো তাত মিছা, পাপ নাথাকে। এইখন হয়েই পাপী আত্মাসকলৰ সৃষ্টি, সেইখন হৈছে পুণ্য আত্মাসকলৰ সৃষ্টি। গতিকে এতিয়া এই সঁচা উপাৰ্জনৰ কাৰণে কিমান পুৰুষাৰ্থ কৰিব লাগে। যিসকলে কল্প পূৰ্বে উপাৰ্জন কৰিছিল, তেওঁলোকেহে কৰিব। প্ৰথমে নিজে সঁচা উপাৰ্জন কৰি আকৌ নিজৰ পৰিয়াল বৰ্গ আৰু শহুৰৰ ঘৰৰসকলকো এই সঁচা উপাৰ্জন কৰাব লাগে। দান ঘৰৰ পৰাই আৰম্ভ কৰিব লাগে।

সৰ্বব্যাপিৰ জ্ঞান ধাৰণা কৰাসকলে ভক্তি কৰিব নোৱাৰে। যেতিয়া সকলো ভগৱানৰে ৰূপ তেন্তে আকৌ ভক্তি কাক কৰে? গতিকে এই পিটনিৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে পৰিশ্ৰম কৰিবলগীয়া হয়। দান ঘৰৰ পৰাই আৰম্ভ হয় - এইক্ষেত্ৰত সন্ন্যাসীসকলে কি কৰিব? প্ৰথম কথা তেওঁলোকেতো ঘৰৰ খা-খবৰ নুশুনায়েই। কওঁক, কিয় নুশুনায়? জানিবতো লাগে নহয়। ক’লে কি হয়, অমুক ঘৰৰ আছিলোঁ। আকৌ সন্ন্যাস ধাৰণ কৰিলোঁ! তোমালোকক যদি সোধে তৎক্ষণাৎ ক’ব পাৰা। সন্ন্যাসীসকলৰ অনুগামীতো বহুত আছে। কোনোবা সন্ন্যাসীয়ে যদি আকৌ কয় যে ভগৱান এজন তেতিয়া সকলোৱে তেওঁলোকক সুধিব আপোনাক এই জ্ঞান কোনে শুনালে? ক’ব যে বি.কে.সকলে, তেতিয়া তেওঁলোকৰ গোটেই ধান্দাই শেষ হৈ যাব। এনেকৈ বাৰু কোনে নিজৰ সন্মান লাঘব কৰিব? তেতিয়া আকৌ কোনেও খাবলৈ খাদ্যও নিদিব সেইকাৰণে সন্ন্যাসীসকলৰ বাবে বহুত কঠিন। প্ৰথমে নিজৰ মিত্ৰ-সম্বন্ধীয়সকলক জ্ঞান দি সঁচা উপাৰ্জন কৰাব লাগে যাৰ দ্বাৰা তেওঁলোকে 21 জন্ম সুখ পাব। হওঁতে কথাটো বহুত সহজ। কিন্তু ড্ৰামাত ইমানবোৰ শাস্ত্ৰৰ ৰচনা, মন্দিৰ নিৰ্মাণ আদিও নিৰ্ধাৰিত হৈ আছে।

পতিত সৃষ্টিৰ নিবাসীয়ে কয় এতিয়া পাৱন সৃষ্টিলৈ লৈ ব’লক। সত্যযুগৰ 5000 হাজাৰ বছৰ হ’ল। তেওঁলোকেতো কলিযুগৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিছে তেন্তে মনুষ্যই আকৌ কেনেকৈ বুজি পাব যে সুখধাম ক’ত আছে? কেতিয়া হ’ব? তেওঁলোকেতো কয় – মহাপ্ৰলয় হয় তাৰপাছত আকৌ সত্যযুগ আহে। প্ৰথমতে শ্ৰীকৃষ্ণ বুঢ়া আঙুলি চুপি চুপি সাগৰত আহতৰ পাতত আহে। এতিয়া ক’ৰ কথা ক’লৈ লৈ গ’ল! এতিয়া পিতাই কয় - ব্ৰহ্মাৰ দ্বাৰা মই সকলো বেদ শাস্ত্ৰৰ সাৰমৰ্ম শুনাওঁ সেই কাৰণে বিষ্ণুৰ নাভী-কমলৰ পৰা ব্ৰহ্মা আবিৰ্ভাৱ হোৱা দেখুৱায় আকৌ হাতত শাস্ত্ৰ দি দিছে। এতিয়া ব্ৰহ্মাতো নিশ্চয় ইয়াতে থাকিব। সূক্ষ্মলোকততো কোনো শাস্ত্ৰ নাথাকিব। ব্ৰহ্মা ইয়াতে থকা উচিত। বিষ্ণু লক্ষ্মী-নাৰায়ণৰ ৰূপো ইয়াতে থাকে। ব্ৰহ্মাই সেই বিষ্ণু আৰু বিষ্ণুয়েই সেই ব্ৰহ্মা হয়। এতিয়া ব্ৰহ্মাৰ পৰা বিষ্ণু হয় নে বিষ্ণুৰ পৰা ব্ৰহ্মা হয়? এই সকলোবোৰ বুজিবলগীয়া কথা। কিন্তু এই কথাবোৰ তেওঁলোকেই বুজিব যিসকলে ভালদৰে পঢ়িব। পিতাই কয় - তোমালোকে শৰীৰ ত্যাগ নকৰালৈকে বুজিয়ে থাকিবা। তোমালোক একেবাৰে 100 শতাংশ অবুজন, কঙাল হৈ গ’লা। তোমালোকেই বিচাৰ বুদ্ধি সম্পন্ন দেৱী-দেৱতা আছিলা, এতিয়া আকৌ তোমালোকেই দেৱী-দেৱতা হৈ আছা। মনুষ্যইতো দেৱী-দেৱতা কৰি গঢ়ি তুলিব নোৱাৰে। তোমালোকেই সেই দেৱতা আছিলা আকৌ 84 জন্ম লৈ লৈ একেবাৰে কলাহীন হৈ গ’লা। তোমালোক সুখধামত বহুত শান্তিত আছিলা, এতিয়া অশান্ত হৈ গৈছা। তোমালোকে 84 জন্মৰ হিচাপ শুনাব পাৰা। ইছলামী, বৌদ্ধী, শিখ, ইচাই মঠ-পন্থীসকলে কিমান জন্ম ল’ব? এইটো হিচাপ উলিওৱা সহজ। স্বৰ্গৰ মালিকতো ভাৰতবাসীয়েই হ’বগৈ। পুলি ৰোপণ কৰা হয় নহয়। এয়া হৈছে বুজনি। নিজে বুজি লোৱাৰ পাছত প্ৰথমে নিজৰ মাতা-পিতাক, ভাই-ভনীক জ্ঞান দিবলগীয়া হয়। গৃহস্থালিত থাকি পদুম ফুলৰ দৰে হৈ থাকিব লাগে। দান ঘৰৰ পৰাই আৰম্ভ হয়। নিজৰ ঘৰখনক আৰু শহুৰৰ ঘৰক জ্ঞান শুনাব লাগে। ব্যৱসায়তো প্ৰথমে নিজৰ ভাতৃক অংশীদাৰ কৰি লয়। ইয়াতো তেনেকুৱা। গায়নো আছে কন্যা সেই গৰাকী যিয়ে নিজৰ আৰু শহুৰৰ ঘৰখনক উদ্ধাৰ কৰে। অপৱিত্ৰসকলে উদ্ধাৰ কৰিব নোৱাৰে। তেন্তে সেয়া কোনসকল কন্যা? এই ব্ৰহ্মাৰ কন্যা, ব্ৰহ্মাকুমাৰী নহয় জানো। ইয়াত অৰ্ধ কন্যা, কুমাৰী কন্যাৰ মন্দিৰো নিৰ্মাণ কৰি থোৱা আছে। ইয়াতে তোমালোকৰ স্মাৰক সাজি থোৱা আছে। আমি আকৌ ভাৰতক স্বৰ্গ কৰি তুলিবলৈ আহিছোঁ। এই দেলৱাড়া মন্দিৰ একেবাৰে সঠিক, ওপৰত স্বৰ্গ দেখুৱাইছে। স্বৰ্গতো ইয়াতে হয়। ৰাজযোগৰ তপস্যাও ইয়াতে হয়। যিসকলৰ মন্দিৰ আছে সেইসকলে এইটো জনা উচিত নহয় জানো। এতিয়া ভিতৰত জগত পিতা জগত অম্বা, আদি দেৱ, আদি দেৱীক স্থাপনা কৰা আছে। বাৰু, তেন্তে আদি দেৱ কাৰ সন্তান? শিৱবাবাৰ সন্তান। অৰ্ধ কুমাৰী, কুমাৰী কন্যা সকলোৱে ৰাজযোগত বহি আছে। পিতাই কয় – ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি মোক; পৰমাত্মাক স্মৰণ কৰা), তেতিয়া তোমালোক বৈকুণ্ঠৰ মালিক হ’বাগৈ। মুক্তি, জীৱনমুক্তিধামক স্মৰণ কৰা। তোমালোকৰ এয়াই সন্ন্যাস, জৈন ধৰ্মাৱলম্বীসকলৰ সন্ন্যাস কিমান কঠিন। চুলি উভালি পেলোৱাৰ কিমান কঠিন প্ৰথা আছে। ইয়াততো হৈছেই সহজ ৰাজযোগ। এয়া হৈছে প্ৰবৃত্তি মাৰ্গৰ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। কোনোবা জৈন মুনিয়ে নিজৰ নতুন ধৰ্ম প্ৰতিষ্ঠা কৰিলে কিন্তু সেইটো ধৰ্মক আদি সনাতন দেৱী-দেৱতা ধৰ্ম বুলিতো কোৱা নহ’ব। আদি সনাতন দেৱী-দেৱতা ধৰ্মতো এতিয়া প্ৰায় লুপ্ত হৈ গ’ল। কোনোবাই জৈন ধৰ্ম চলালে আৰু চলি গ’ল। এয়াও ড্ৰামাত আছে। আদি দেৱক পিতা আৰু জগত অম্বাক মাতা বুলি ক’ব। এইটোতো সকলোৱে জানে যে আদি দেৱ হৈছে ব্ৰহ্মা। আদম-বীবী, এডম–ইভ বুলিও কয়। খ্ৰীষ্টিয়ান লোকসকলে জানো এইটো জানে যে এই এডম ইভে এতিয়া তপস্যা কৰি আছে। মনুষ্য সৃষ্টিৰ বংশ বৃক্ষৰ এওঁ হৈছে মুখ্য। এইটো ৰহস্যও পিতাই বুজায়। শিৱ বা লক্ষ্মী-নাৰায়ণৰ ইমানবোৰ মন্দিৰ নিৰ্মাণ কৰিছে গতিকে তেওঁলোকৰ জীৱন বৃত্তান্তও জনা উচিত নহয় জানো! এয়াও জ্ঞানসাগৰ পিতাইহে বুজায়। পৰমপিতা পৰমাত্মাকে জ্ঞানেৰে পৰিপূৰ্ণ জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ বুলি কোৱা হয়। এই পৰমাত্মাৰ মহিমা কোনো সাধু-সন্ত আদিয়ে নাজানে। তেওঁলোকেতো কয় পৰমাত্মা সৰ্বব্যাপি তেন্তে আকৌ মহিমা কাৰ কৰিব? পৰমাত্মাক নজনাৰ কাৰণে আকৌ নিজকে ‘শিৱোহম’ (ময়েই শিৱ) বুলি কয়। নহ’লেতো পৰমাত্মাৰ মহিমা কিমান মহান। তেওঁতো মনুষ্য সৃষ্টিৰ বীজৰূপ হয়। মুছলমান লোকসকলেও কয় - আমাক খোদাই জন্ম দিছে, তেন্তে আমি ৰচনা হ’লোঁ। ৰচনাই ৰচনাক উত্তৰাধিকাৰ দিব নোৱাৰে। ৰচনাই ৰচয়িতাৰ পৰা উত্তৰাধিকাৰ পায়, এইটো কথা কোনেও নুবুজে। তেওঁ বীজৰূপ সত্য, চৈতন্য, সৃষ্টিৰ আদি-মধ্য-অন্তৰ তেওঁৰ জ্ঞান আছে। বীজৰ বাহিৰে আদি-মধ্য-অন্তৰ জ্ঞান কোনো মনুষ্যমাত্ৰৰে থাকিব নোৱাৰে। বীজ চৈতন্য গতিকে নিশ্চয় জ্ঞান তেওঁৰেই থাকিব। তেৱেঁই আহি তোমালোকক গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। এনেকৈ ফলক লগাই দিব লাগে যে এই চক্ৰক জানিলে আপোনালোক সত্যযুগৰ চক্ৰৱৰ্তী ৰজা অথবা স্বৰ্গৰ ৰজা হ’বগৈ। কিমান সহজ কথা। পিতাই কয় - যেতিয়ালৈকে জীয়াই থাকিবা মোক স্মৰণ কৰিব লাগে। মই নিজে তোমালোকক এইটো বশীকৰণ মন্ত্ৰ দিওঁ। এতিয়া তোমালোকে পিতাক স্মৰণ কৰিব লাগে। স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ’ব। এই স্বদৰ্শন চক্ৰ ঘূৰাই থাকিলে তেতিয়া মায়াৰ শিৰশ্ছেদ হৈ যাব। মই তোমালোক আত্মাসকলক পৱিত্ৰ কৰি লৈ যাম। আকৌ তোমালোকে সতোপ্ৰধান শৰীৰ ধাৰণ কৰিবা। তাত বিকাৰ নাথাকে। মনুষ্যই কয় - বিকাৰ অবিহনে সৃষ্টি কেনেকৈ চলিব? তোমালোকে ক’বা - অপোনালোক চাগৈ দেৱতাসকলৰ পূজাৰী নহয়। লক্ষ্মী-নাৰায়ণৰতো সম্পূৰ্ণ নিৰ্বিকাৰী বুলি মহিমা গায়। জগদম্বা, জগতপিতা নিৰ্বিকাৰী হয়, ৰাজযোগৰ তপস্যা কৰি পতিতৰ পৰা পাৱন, স্বৰ্গৰ মালিক হয়। পুণ্য আত্মা হ’বলৈকে তপস্যা কৰে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি সৃষ্টিক বুদ্ধিৰে পাহৰিবৰ বাবে চলোঁতে-ফুৰোঁতে নিজক শান্তিধামৰ নিবাসী বুলি বুজিব লাগে। শান্তিধাম আৰু সুখধামক স্মৰণ কৰি সঁচা উপাৰ্জন কৰিব লাগে আৰু আনকো কৰাব লাগে।

(2) ৰাজযোগৰ তপস্যা কৰি নিজক পুণ্য আত্মা কৰি তুলিব লাগে। মায়াৰ শিৰশ্ছেদ কৰিবৰ কাৰণে স্ব-দৰ্শন চক্ৰ সদায় ঘূৰাই থাকিব লাগে।

বৰদান:
সম্পন্নতাৰ দ্বাৰা সদায় সন্তুষ্টতাৰ অনুভৱ কৰোঁতা সম্পত্তিৱান হোৱা

স্বৰাজ্যৰ সম্পত্তি হৈছে জ্ঞান, গুণ আৰু শক্তিসমূহ। যিসকল এই সৰ্ব সম্পদেৰে সম্পন্ন স্বৰাজ্য অধিকাৰী তেওঁলোক সদায় সন্তুষ্ট হয়। তেওঁলোকৰ অপ্ৰাপ্তিৰ নাম-চিহ্ন নাই। পাৰ্থিৱ (হদৰ) ইচ্ছাবোৰৰ অবিদ্যা - ইয়াকে সম্পত্তিৱান বুলি কোৱা হয়। তেওঁলোক সদায় দাতা হ’ব, নিবিচাৰিব। তেওঁলোক অখণ্ড সুখ-শান্তিময় স্বৰাজ্যৰ অধিকাৰী হয়। কোনো প্ৰকাৰৰ পৰিস্থিতিয়ে তেওঁলোকৰ অখণ্ড শান্তি খণ্ডিত কৰিব নোৱাৰে।

স্লোগান:
জ্ঞান নেত্ৰৰে তিনিওকাল আৰু তিনিওলোকক জানোঁতাজনেই মাষ্টৰ জ্ঞানৱান।


সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সদায় আজ্ঞাকাৰী হৈ থাকা তেতিয়া সকলোৰে দোৱা পাবা। সেই দোৱাৰ প্ৰভাৱত অন্তৰ আৰু মন সদায় সন্তুষ্ট হৈ থাকিব। বাহ্যিক সন্তুষ্টতা নহয়, মনৰ সন্তুষ্টতা আৰু যদি মনৰ সন্তুষ্টতা যথাৰ্থ হয়, আজ্ঞাকাৰী হয় আৰু দোৱা প্ৰাপ্ত হৈ থাকে তেতিয়া নিজে আৰু সকলোৰে লগত ‘ডবল লাইট’ হৈ থাকিব। তেওঁলোকৰ চেহেৰা সদায় প্ৰসন্নচিত দেখা যাব। প্ৰসন্নচিত অৰ্থাৎ সকলো প্ৰশ্নৰ পৰা উপৰাম। ‘কিয়’, ‘কি’, ‘কেনেকৈ’ এই সকলো প্ৰশ্ন সমাপ্ত।