22.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এইখন অনাদি ৰচি থোৱা ড্ৰামা, এইখন বহুত ভালকৈ ৰচনা কৰি থোৱা আছে, ইয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতক তোমালোক সন্তানসকলে ভালকৈ জানা"

প্ৰশ্ন:
কোনটো আকৰ্ষণৰ আধাৰত সকলো আত্মা তোমালোকৰ ওচৰলৈ আকৰ্ষিত হৈ আহিব?

উত্তৰ:
পৱিত্ৰতা আৰু যোগৰ আকৰ্ষণৰ আধাৰত। ইয়াৰ দ্বাৰাই তোমালোকৰ বৃদ্ধি হৈ থাকিব। আগলৈ গৈ পিতাক অতি সোনকালে জানি ল’ব। যেতিয়া দেখিব যে ইমানবিলাকে উত্তৰাধিকাৰ লৈ আছে তেতিয়া বহুত আহিব। যিমান দেৰি হ’ব সিমানে তোমালোকে আকৰ্ষিত কৰি থাকিবা।

ওঁম্শান্তি।
আত্মিক সন্তানসকলে এয়াতো জানে যে আমি আত্মাসকল পৰমধামৰ পৰা আহোঁ - বুদ্ধিত আছে নহয়। যেতিয়া সকলো আত্মা আহি পূৰা হৈ যায়, বাকী অলপ থাকে তেতিয়া পিতা আহে। এতিয়া তোমালোক সন্তানসকলে যিকোনো লোককে বুজোৱাতো বহুত সহজ। দূৰৈৰ দেশৰ নিবাসী সকলোতকৈ শেষত আহে। বাকী অলপ থাকে। এতিয়ালৈকে বৃদ্ধি হৈ থাকে। এইটোও জানা যে পিতাক কোনেও নাজানে তেন্তে আকৌ ৰচনাৰ আদি-মধ্য-অন্তক কেনেকৈ জানিব। এইখন বেহদৰ ড্ৰামা নহয় জানো। গতিকে ড্ৰামাৰ ভাৱৰীয়াসকলে জনা উচিত। যেনেকৈ হদৰ ভাৱৰীয়াই জানে যে অমুকে এইটো ভূমিকা পাইছে। যি কথা অতীত হৈ যায় তাৰেই আকৌ সৰু নাটক ৰচনা কৰে। ভৱিষ্যতৰতো ৰচনা কৰিব নোৱাৰে। যি অতীত হৈ গ’ল তাক লৈ আৰু কিছু কাহিনীও ৰচনা কৰি ড্ৰামা ৰচনা কৰে, তাকে সকলোকে দেখুৱায়। ভৱিষ্যতকতো নাজানে। এতিয়া তোমালোকে বুজি পোৱা যে পিতাৰ আগমন হৈছে, স্থাপনা হৈ আছে, আমি উত্তৰাধিকাৰ পাই আছোঁ। যিসকল আহি থাকে, তেওঁলোকক আমি দেৱী-দেৱতা পদ প্ৰাপ্তিৰ ৰাস্তা দেখুৱাই দিওঁ। এই দেৱতাসকল ইমান উচ্চ কেনেকৈ হ’ল? এইটোও কোনেও নাজানে। বাস্তৱত আদি সনাতনতো দেৱী-দেৱতা ধৰ্মই হয়। নিজৰ ধৰ্মক পাহৰি যায় তেতিয়া কৈ দিয়ে - আমাৰ কাৰণেতো সকলো ধৰ্ম একেই।

এতিয়া তোমালোক সন্তানসকলে জানা যে বাবাই আমাক পঢ়াই আছে। পিতাৰ নিৰ্দেশনা অনুসৰিয়ে চিত্ৰ আদি তৈয়াৰ কৰা হয়। বাবাই দিব্য দৃষ্টিৰে চিত্ৰ অঁকাইছিল। কিছুমানেতো আকৌ নিজৰ বুদ্ধিৰেও অংকন কৰে। সন্তানসকলক এইটোও বুজাইছে, এনেকৈ নিশ্চয় লিখা যে ভূমিকা পালন কৰোঁতা ভাৱৰীয়াতো আছে কিন্তু ৰচয়িতা, নিৰ্দেশক আদিক কোনেও নাজানে। পিতাই এতিয়া নতুন ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। পুৰণিৰ পৰা নতুন সৃষ্টি হ’বগৈ। এয়াও বুদ্ধিত থকা উচিত। পুৰণি সৃষ্টিতেই পিতা আহি তোমালোকক ব্ৰাহ্মণ কৰি তোলে। ব্ৰাহ্মণেই পুনৰ দেৱতা হ’বগৈ। যুক্তি চোৱা কিমান ভাল। যদিও এইখন অনাদি ৰচি থোৱা ড্ৰামা কিন্তু বহুত ভালকৈ ৰচনা কৰা আছে। পিতাই কয় - তোমালোকক নিতৌ গূঢ় গূঢ় কথা শুনাই থাকোঁ। যেতিয়া বিনাশ আৰম্ভ হ’ব তেতিয়া তোমালোক সন্তানসকলৰ অতীতৰ গোটেই বুৰঞ্জী জ্ঞাত হৈ যাব। পুনৰ সত্যযুগলৈ যাবা তেতিয়া অতীতৰ বুৰঞ্জী একোৱেই স্মৃতিত নাথাকিব। বাস্তৱত কাৰ্য কৰি থাকা। অতীতৰ কথা কাক শুনাবা? এই লক্ষ্মী-নাৰায়ণে অতীতক একেবাৰ নাজানে। তোমালোকৰ বুদ্ধিততো অতীত, বৰ্তমান, ভৱিষ্যত সকলো আছে - কেনেকৈ বিনাশ হ’ব, কেনেকৈ ৰাজ্য হ’ব, কেনেকৈ মহল নিৰ্মাণ কৰিব? নিশ্চয় নিৰ্মাণ কৰিব নহয়। স্বৰ্গৰ দৃশ্যই বেলেগ। যিমানে ভূমিকা পালন কৰি গৈ থাকিবা গম পাই গৈ থাকিবা। ইয়াকে কোৱা হয় - অনাহকতে তেজৰ খেল। অনাহকতে লোকচান হৈ নাথাকে জানো। ভূমিকম্প হয়, কিমান লোকচান হয়। বোমা আদি নিক্ষেপ কৰে, এয়া অনাহকতে নহয় জানো। কোনোবাই জানো কিবা কৰে। যিসকল বিশাল বুদ্ধিৰ তেওঁলোকে বুজি পায় - বিনাশ যথাযথ হৈছিল। নিশ্চয় মৰামৰী হৈছিল। এনেকুৱা খেলো ৰচনা কৰে। এয়াতো বুজিবও পাৰে। কোনোবা সময়ত কাৰোবাৰ বুদ্ধিত অনুভূতি হয়। তোমালোকতো বাস্তৱ ৰূপত আছা। তোমালোকে সেই ৰাজধানীৰ মালিকো হোৱাগৈ। তোমালোকে জানা যে এতিয়া সেই নতুন সৃষ্টিলৈ নিশ্চয় যাব লাগে। যিসকল ব্ৰাহ্মণ, ব্ৰহ্মাৰ দ্বাৰা বা ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ দ্বাৰা জ্ঞান আহৰণ কৰে তেওঁলোক তালৈ আহি যায়। থাকেতো নিজৰ ঘৰ-গৃহস্থালিতে। বহুতকতো জানিবও নোৱাৰা। সেৱাকেন্দ্ৰলৈ কিমান আহে। ইমানবিলাকৰ কথা জানো স্মৃতিত থাকিব। কিমান ব্ৰাহ্মণ আছে, বৃদ্ধি হৈ হৈ অগণন হৈ যাব। সঠিক হিচাপ উলিয়াব পৰা নাযাব। ৰজাই জানো জানে - মোৰ সঠিক প্ৰজাৰ সংখ্যা কিমান। যদিও জনসংখ্যাৰ হিচাপ উলিয়ায় তথাপিও অন্তৰ আহি যায়। এতিয়া তোমালোকো বিদ্যাৰ্থী, এৱোঁ বিদ্যাৰ্থী। সকলো ভাইসকলে (আত্মাসকলে) এজন পিতাক স্মৰণ কৰিব লাগে। সৰু শিশুকো শিকোৱা হয় যে বাবা বাবা বুলি কোৱা। এয়াও তোমালোকে জানা যে আগলৈ গৈ পিতাৰ বিষয়ে অতি সোনকালে জানি যাব। দেখিব যে ইমান বিলাকে উত্তৰাধিকাৰ লৈ আছে তেতিয়া অনেক আহিব। যিমান দেৰি হ’ব সিমানে তোমালোকে আকৰ্ষিত কৰি থাকিবা। পৱিত্ৰ হ’লে আকৰ্ষণ হয়, যিমান যোগযুক্ত হৈ থাকিবা সিমানে আকৰ্ষিত হ’ব, আনকো আকৰ্ষিত কৰিব। পিতায়ো আকৰ্ষণ নকৰে জানো। বহুত বৃদ্ধি হৈ গৈ থাকিব। তাৰ কাৰণে যুক্তিও ৰচি থকা হৈছে। ‘গীতা’ৰ ভগৱান কোন? শ্ৰীকৃষ্ণক স্মৰণ কৰাতো বহুত সহজ। শ্ৰীকৃষ্ণৰতো সাকাৰ ৰূপ আছে নহয়। নিৰাকাৰ পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা - এই কথাটিৰ ওপৰতে সকলো নিৰ্ভয় কৰে সেই কাৰণে বাবাই কৈছিল - এই কথাটিৰ ওপৰত সকলোৰে পৰা লিখাই লোৱা। ডাঙৰ তালিকা তৈয়াৰ কৰিলে তেতিয়া মনুষ্যই গম পাব।

তোমালোক ব্ৰাহ্মণ যেতিয়া দৃঢ় নিশ্চয় বুদ্ধিৰ হ’বা, বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব। মায়াৰ ধুমুহাও অন্তিম সময়লৈকে আহিব। বিজয় প্ৰাপ্ত কৰাৰ পাছত তেতিয়া পুৰুষাৰ্থও নাথাকিব, মায়াও নাথাকিব। স্মৃতিত থকাৰ ক্ষেত্ৰতে বহুত পৰাজিত হৈ যায়। যিমান তোমালোক যোগত শক্তিশালী হৈ থাকিবা, সিমানে পৰাজিত নোহোৱা। এয়া ৰাজধানী স্থাপনা হৈ আছে। সন্তানসকলৰ নিশ্চয়তা আছে যে আমাৰ ৰাজ্য হ’ব তেতিয়া আমি হীৰা-মুকুতা ক’ৰ পৰা আনিম! খনিবোৰ ক’ৰ পৰা আহিব! এই সকলোবোৰতো আছিলেই নহয় জানো। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ কোনো কথা নাই। যি হ’বলগীয়া আছে সেয়া বাস্তৱত দেখিবলৈ পাবা। স্বৰ্গতো নিশ্চয় হ’বই। যিয়ে ভালকৈ পঢ়ে, তেওঁলোকৰ নিশ্চয় জন্মিব যে আমি গৈ ভৱিষ্যতে ৰাজকুমাৰ হ’মগৈ। হীৰা-মুকুতাৰ মহল হ’ব। এইটো নিশ্চয়তাও সেৱাধাৰী সন্তানসকলৰে থাকিব, যিসকল কম পদ পাওঁতা হ’ব তেওঁলোকৰতো কেতিয়াও এনেকুৱা খেয়ালো নচলিবও যে আমি মহল আদি কেনেকৈ সাজিম। যিয়ে বহুত সেৱা কৰিব তেওঁলোকেই মহলত যাব নহয়। দাস-দাসীতো থাকিবই। সেৱাধাৰী সন্তানসকলৰহে এনেকুৱা খেয়াল চলিব। সন্তানসকলেও বুজি পায় যে কোন কোন ভাল সেৱা কৰোঁতা হয়। মইতো পঢ়াসকলৰ আগত মূৰ দোৱাম। যেনেকৈ এই বাবা, বাবাৰ খেয়াল চলি থাকে। বৃদ্ধ আৰু বালক সমান হৈ গ’ল সেই কাৰণে এওঁৰ কৰ্মকাণ্ড শিশুৰ দৰে। বাবাৰতো এটাই কৰ্ম - সন্তানসকলক পঢ়োৱা, শিকোৱা। বিজয় মালাৰ মণি হ’বলৈ পুৰুষাৰ্থও বহুত কৰিব লাগে। বহুত অমায়িক হ’ব লাগে। শ্ৰীমতত চলিব লাগে তেতিয়াহে উচ্চ হ’বাগৈ। এয়াতো বোধশক্তিৰ কথা। পিতাই কয় - মই যি শুনাওঁ তাৰ ওপৰত বিচাৰ কৰা। আগলৈ গৈ তোমালোকৰ আৰু সাক্ষাৎকাৰ হৈ থাকিব। সমীপত আহি থাকিলে তেতিয়া স্মৃতিলৈ আহি থাকিব। নিজৰ ৰাজধানীৰ পৰা অহাৰ 5 হাজাৰ বছৰ হ’ল। 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই আহিছোঁ। যেনেকৈ ভাস্কো-ডি-গামাৰ কাৰণে কয় - বিশ্বৰ পৰিক্ৰমা লগালে। তোমালোকে এই বিশ্বত 84ৰ চক্ৰ পৰিক্ৰমা লগাইছা। সেই এজন ভাস্কো-ডি-গামাই বিশ্ব পৰিক্ৰমা কৰি গ’ল। এয়াও এজন, যিয়ে তোমালোকক 84 জন্মৰ ৰহস্য বুজায়। ৰাজবংশ চলে। সেয়েহে নিজৰ ভিতৰত চোৱা - মোৰ মাজত কোনো দেহ-অভিমানতো নাই? পাৰ্থক্যতো হৈ নাযায়? ক’ৰবাত স্থিতি বেয়াতো হৈ নাযায়?

তোমালোক যোগবলত থাকিলে, শিৱবাবাক স্মৰণ কৰি থাকিলে তেতিয়া তোমালোকক কোনেও চৰ আদি মাৰিব নোৱাৰে। যোগবলেই ঢাল হয়। কোনেও একো কৰিবও নোৱাৰিব। যদি কোনোবাই আঘাত পায় তেন্তে নিশ্চয় দেহ-অভিমান আছে। দেহী-অভিমানীক কোনেও আঘাত কৰিব নোৱাৰে। ভুল নিজৰেই হয়। বিবেকে এনেকৈ কয় - দেহী-অভিমানীক কোনেও একো কৰিব নোৱাৰিব সেই কাৰণে দেহী-অভিমানী হ’বলৈ চেষ্টা কৰিব লাগে। সকলোকে বাৰ্তাও দিব লাগে। ভগৱানুবাচ (ভগৱানে কয়), ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা)। কোনজন ভগৱান? এয়াও তোমালোক সন্তানসকলে বুজাব লাগে। মাত্ৰ এই এটা কথাতে তোমালোকৰ বিজয় হ’ব। গোটেই সৃষ্টিত মনুষ্যৰ বুদ্ধিত শ্ৰীকৃষ্ণ ভগৱানুবাচ হৈ আছে। যেতিয়া তোমালোকে বুজোৱা তেতিয়া কয় - কথাটো একেবাৰে যথাৰ্থ। কিন্তু যেতিয়া তোমালোকৰ দৰে বুজিব তেতিয়া ক’ব বাবাই যি শিকায় সেয়া একেবাৰে ঠিক। শ্ৰীকৃষ্ণই জানো ক’ব - মই এনেকুৱা, মোক কোনেও জানিব নোৱাৰে। শ্ৰীকৃষ্ণকতো সকলোৱে জানি ল’ব। এনেকুৱাও নহয় যে শ্ৰীকৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি ভগৱানে কয়। নহয়। শ্ৰীকৃষ্ণতো থাকে সত্যযুগত। তাত কেনেকৈ ভগৱান আহিব? ভগৱানতো আহেই পুৰুষোত্তম সংগমযুগত। সেয়েহে তোমালোক সন্তানসকলে বহুতৰে পৰা লিখাই লোৱা। তোমালোকে এনেকুৱা মতামত সন্মিলিত কিতাপ ছপা কৰিব লাগে, তাত সকলোৰে অভিমত থাকিব লাগে। যেতিয়া দেখিব যে এয়াতো ইমান বিলাক লোকে লিখিছে তেতিয়া নিজেও লিখিব। তেতিয়া তোমালোকৰ ওচৰত বহুতৰে মতামত একত্ৰিত হৈ যাব – ‘গীতা’ৰ ভগৱান কোন? ওপৰতো লিখা থাকিব লাগে যে উচ্চতকৈও উচ্চ পিতাহে হয়, শ্ৰীকৃষ্ণতো উচ্চতকৈও উচ্চ নহয়। তেওঁ এনেকৈ ক’ব নোৱাৰে যে মামেকম্‌‌ স্মৰণ কৰা। ব্ৰহ্মাতকৈও উচ্চ ভগৱান নহয় জানো। মুখ্য কথা এইটোৱেই যিটো কথা নুবুজাৰ কাৰণে সকলো দেউলীয়া হৈ যায়।

বাবাই এনেকৈ নকয় যে ইয়াতেই বহি থাকিব লাগে। নহয়, সৎগুৰুক নিজৰ কৰি পুনৰ নিজৰ ঘৰত গৈ থাকা। আৰম্ভণিততো তোমালোকৰ ভাতী আছিল। শাস্ত্ৰতো ভাতীৰ কথা আছে কিন্তু ভাতী কাক কোৱা হয়, এয়া কোনেও নাজানে। ইটা প্ৰস্তুত কৰিবলৈ ভাতীত দিয়া হয়। তাৰ ভিতৰত কিছুমান পকা কিছুমান জহি-খহি যায়। ইয়াতো চোৱা সোণ নাই, বাকী পাথৰ শিল আছে। পুৰণি বস্তুৰ মান বহুত। শিৱবাবাৰ, দেৱতাসকলৰো মান আছে নহয়। সত্যযুগততো মানৰ কথা নাই। তাত জানো পুৰণি বস্তু বিচাৰিব। তাত পেট ভৰি থাকে। বিচৰাৰ কোনো দৰকাৰ নাথাকে। তোমালোকে খান্দিব নালাগে, দ্বাপৰ পৰা খনন কৰিবলগীয়া হয়। ঘৰ সাজে, কিবা ওলাই আহে তেতিয়া ভাবে তলত কিবা আছে। সত্যযুগত তোমালোকৰ কোনো চিন্তা নাথাকে। তাততো সোণেই সোণ থাকে। ইটাই সোণৰ হয়। কল্প পূৰ্বে যি হৈছিল, যি নিৰ্ধাৰিত হৈ আছে সেয়াই সাক্ষাৎকাৰ হয়। আত্মাক আহ্বান জনোৱা হয়, সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ কোনো দৰকাৰ নাই। চেকেণ্ডৰ পাছত চেকেণ্ড ভূমিকা পালন কৰি থাকে, আকৌ লুপ্ত হৈ যায়। এয়া হৈছে পঢ়া। ভক্তিমাৰ্গততো অনেক চিত্ৰ আছে। তোমালোকৰ এয়া সকলো অৰ্থপূৰ্ণ চিত্ৰ। অৰ্থবিহীন কোনো চিত্ৰ নাই। যেতিয়ালৈকে তোমালোকে কাৰোবাক নুবুজোৱা তেতিয়ালৈকে কোনেও বুজিব নোৱাৰে। বুজাওঁতাজন বিচাৰ বুদ্ধি সম্পন্ন জ্ঞানৱান এজন পিতাই হয়। এতিয়া তোমালোকে ঈশ্বৰীয় মত পোৱা। তোমালোক হৈছা ঈশ্বৰীয় বংশ বা কুলৰ। ঈশ্বৰে আহি বংশই প্ৰতিষ্ঠা কৰে। এতিয়া তোমালোকৰ ৰাজ্য নাই। ৰাজধানী আছিল, এতিয়া নাই। দেৱী-দেৱতাসকলৰ ধৰ্মও নিশ্চয় আছে। সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজ্য নাই জানো। ‘গীতা’ৰ দ্বাৰা ব্ৰাহ্মণ কুলো ৰচে, সূৰ্যবংশী-চন্দ্ৰবংশী কুলো ৰচে। বাকী আন একো হ'ব নোৱাৰে। তোমালোক সন্তানসকলে সৃষ্টিৰ আদি-মধ্য-অন্তক জানি গৈছা। আগতেতো বুজিছিলা - মহা প্ৰলয় হয়। পাছত দেখুৱায় - সাগৰত আহতৰ পাতত শ্ৰীকৃষ্ণ আহে। প্ৰথম নম্বৰততো শ্ৰীকৃষ্ণহে আহে নহয়। বাকী সাগৰৰ কোনো কথা নাই, এতিয়া তোমালোক সন্তানসকলৰ বৰ ভালকৈ বোধোদয় হৈছে। আনন্দিতও তেওঁলোকেই হ’ব যিসকলে আত্মিক পঢ়া ভালকৈ পঢ়িব। যিসকলে ভালকৈ পঢ়ে তেওঁলোকেই সন্মানসহকাৰে উত্তীৰ্ণ হয়। যদিহে কাৰোবাৰ প্ৰতি অন্তৰৰ আসক্তি থাকে তেন্তে পঢ়াৰ সময়তো তেৱেঁই স্মৃতিলৈ আহি থাকিব। বুদ্ধি তালৈ গুচি যাব সেয়েহে পঢ়া-শুনা সদায় ব্ৰহ্মচৰ্যত থাকি কৰে। ইয়াত তোমালোক সন্তানসকলক বুজোৱা হয় যে এজন পিতাৰ বাহিৰে বুদ্ধি আন ক'লৈকো যাব নালাগে। কিন্তু পিতাই জানে বহুতৰে পুৰণি সৃষ্টি স্মৃতিলৈ আহি যায়। তেতিয়া ইয়াত বহি থাকিও একোৱে নুশুনে। ভক্তিমাৰ্গতো এনেকুৱা হয়। সৎসংগত বহি থাকোঁতেও বুদ্ধি ক’ত ক’ত গুচি যায়। এয়াতো বহুত ডাঙৰ পৰীক্ষা। কিছুমানেতো বহি থাকিও একোৱে নুশুনে। কিছুমান সন্তান আনন্দিত হৈ থাকে। সন্মুখত আনন্দত দুলি থাকিব। বুদ্ধি পিতাৰ সৈতে থাকিলে তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। ইয়াৰ কাৰণে বহুত ভাল পুৰুষাৰ্থ কৰিব লাগে। ইয়াততো তোমালোকে বহুত ধন প্ৰাপ্ত কৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিজয় মালাৰ মণি হ’বলৈ বহুত ভাল পুৰুষাৰ্থ কৰিব লাগে, বহুত অমায়িক হ'ব লাগে, শ্ৰীমতত চলিব লাগে।

(2) যোগেই হৈছে সুৰক্ষাৰ ঢাল সেয়েহে যোগবল জমা কৰিব লাগে। দেহী-অভিমানী হ’বলৈ পূৰা চেষ্টা কৰিব লাগে।

বৰদান:
‘বিশেষ’ শব্দৰ স্মৃতিৰে সম্পূৰ্ণতাৰ লক্ষ্যত উপনীত হওঁতা স্ব-পৰিৱৰ্তক হোৱা

সদায় এইটোৱে স্মৃতিত থাকিব লাগে যে মই বিশেষ আত্মা, বিশেষ কাৰ্যৰ নিমিত্ত হওঁ আৰু বিশেষত্ব দেখুৱাওঁতা হওঁ। এই বিশেষ শব্দটি বিশেষকৈ স্মৃতিত ৰাখা - কোৱাটোও বিশেষ, চোৱাটোও বিশেষ, কৰাটোও বিশেষ, চিন্তন কৰাটোও বিশেষ... প্ৰতিটো কথাতে এই বিশেষ শব্দটি প্ৰয়োগত আনিলে সহজে স্ব-পৰিৱৰ্তক তথা বিশ্ব পৰিৱৰ্তক হৈ যাবা আৰু সম্পূৰ্ণতা প্ৰাপ্তিৰ যি লক্ষ্য সেই লক্ষ্যতো সহজে উপনীত হৈ যাবা।

স্লোগান:
বিঘিনিলৈ ভয় কৰাৰ সলনি পৰীক্ষা বুলি বুজি সেয়া অতিক্ৰম কৰা।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া মনৰ গুণগত মান বঢ়োৱা তেতিয়া গুণগত মানৰ আত্মা সমীপত আহিব। ইয়াত দ্বৈত সেৱা আছে - নিজৰো আৰু আনৰো। নিজৰ কাৰণে বেলেগে পৰিশ্ৰম কৰিবলগীয়া নহ’ব। প্ৰালব্ধ প্ৰাপ্ত হয়, এনেকুৱা স্থিতিৰ অনুভৱ হ’ব। এই সময়ৰ শ্ৰেষ্ঠ প্ৰালব্ধ হৈছে - “সদায় নিজে সৰ্ব প্ৰাপ্তিৰে সম্পন্ন হৈ থকা আৰু সকলোকে সম্পন্ন কৰি তোলা”।