22.02.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে পিতাই যি শুনায় তাকেই শুনিবা, আসুৰি কথা নুশুনিবা, নক'বা, বেয়া নুশুনিবা,
বেয়া নাচাবা...."
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ কোনটো নিশ্চয়তা পিতাৰ দ্বাৰাহে হৈছে?
উত্তৰ:
পিতাই তোমালোকক নিশ্চয়তা জন্মায় যে মই তোমালোকৰ পিতা হওঁ, শিক্ষকো হওঁ, সৎগুৰুও হওঁ,
তোমালোকে এইটো স্মৃতিত থাকিবৰ কাৰণে পুৰুষাৰ্থ কৰা। কিন্তু মায়াই তোমালোকক এইটোৱেই
পাহৰাই দিয়ে। অজ্ঞান কালততো মায়াৰ কথা নাই।
প্ৰশ্ন:
কোনটো কথাৰ
খতিয়ান ৰাখিবলৈ বিশাল বুদ্ধিৰ প্ৰয়োজন?
উত্তৰ:
নিজক আত্মা বুলি বুজি পিতাক কিমান সময় স্মৰণ কৰিলোঁ – ইয়াৰ খতিয়ান ৰখাৰ বাবে বৰ
বিশাল বুদ্ধিৰ প্ৰয়োজন। দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব।
ওঁম্শান্তি।
বিদ্যাৰ্থীসকলে
এইটো বুজিছে যে শিক্ষক আহিছে। এয়াতো সন্তানসকলে জানে তেওঁ পিতাও হয়, শিক্ষকো হয় আৰু
পৰম সৎগুৰুও হয়। সন্তানসকলৰ স্মৃতিত আছে কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। বিধিয়ে, কয়
- যেতিয়া এবাৰ জানি গ'লা যে শিক্ষক হয় অথবা এওঁ পিতা হয়, গুৰু হয় তেন্তে তেওঁক
পাহৰিব নোৱাৰা। কিন্তু ইয়াত মায়াই পাহৰাই দিয়ে। অজ্ঞান কালত মায়াই কেতিয়াও নাপাহৰায়।
সন্তানে কেতিয়াও পাহৰিব নোৱাৰে যে এওঁ মোৰ পিতা, এওঁৰ এইটো বৃত্তি। সন্তানসকল
অনন্দিত হৈ থাকে যে আমি পিতাৰ ধনৰ মালিক হওঁ। যদিও নিজেও পঢ়ে কিন্তু পিতাকৰ
সম্পত্তিতো পায় নহয়। ইয়াত তোমালোক সন্তানসকলেও পঢ়া আৰু পিতাৰ সম্পত্তিও তোমালোকে
পোৱা। তোমালোকে ৰাজযোগ শিকি আছা। পিতাৰ দ্বাৰা এইটো নিশ্চয়তা জন্মি যায় - আমি পিতাৰ
হওঁ, পিতাইহে সৎগতিৰ ৰাস্তা দেখুৱাই আছে সেইকাৰণে তেওঁ সৎগুৰুও হয়। এই কথাবোৰ
পাহৰিব নালাগে। পিতাই যি শুনায় সেয়াই শুনিব লাগে। এয়া যি বান্দৰৰ পুতলা দেখুৱায় -
বেয়া নুশুনিবা, বেয়া নাচাবা….. এয়া হৈছে মনুষ্যৰ কথা। পিতাই কয় - আসুৰি কথা নক'বা,
নুশুনিবা, নাচাবা। বেয়া নুশুনিবা….. এয়া আগতে বান্দৰৰ দ্বাৰা দেখুৱাইছিল। এতিয়াতো
মনুষ্যৰ দেখুৱায়। তোমালোকৰ ওচৰত নলিনী ভগ্নীয়ে প্ৰস্তুত কৰা চিত্ৰ আছে। গতিকে
তোমালোকে পিতাৰ গ্লানিৰ কথা নুশুনিবা। পিতাই কয় - মোৰ কিমান গ্লানি কৰে। তোমালোকে
জানা - শ্ৰীকৃষ্ণৰ ভক্তৰ আগত ধূপ জ্বলালে তেতিয়া ৰামৰ ভক্তই নাক বন্ধ কৰি লয়। এজনে
আনজনৰ সুবাসো ভাল নাপায়। পৰস্পৰ যেনিবা শত্ৰু হৈ যায়। এতিয়া তোমালোক হ’লা ৰাম বংশী।
গোটেই সৃষ্টিখন হৈছে ৰাৱণ বংশী। ইয়াত ধূপৰতো কথা নাই। তোমালোকে জানা যে পিতাক
সৰ্বব্যাপি বুলি কোৱাৰ বাবে কি গতি হৈছে! পাথৰ শিলগুটি সকলতে আছে বুলি কোৱাৰ বাবে
পাথৰ বুদ্ধিৰ হৈ গৈছে। সেয়েহে বেহদৰ পিতাই তোমালোকক যি উত্তৰাধিকাৰ দিয়ে, তেওঁৰ
কিমান গ্লানি কৰে। জ্ঞানতো কাৰো নাই। সেয়া জ্ঞান ৰত্ন নহয়, পাথৰহে। এতিয়া তোমালোকে
পিতাক স্মৰণ কৰিব লাগে। পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, যথাৰ্থ ৰীতি মোক কোনেও
নাজানে। সন্তানসকলৰ মাজতো ক্ৰমানুসৰি হয়। পিতাক যথাৰ্থ ৰীতিৰে স্মৰণ কৰিব লাগে। তেৱোঁ
এটি সূক্ষ্ম বিন্দু, তাতে সকলো ভূমিকা ভৰি আছে। পিতাক যথাযথ জানি স্মৰণ কৰিব লাগে,
নিজক আত্মা বুলি বুজিব লাগে। যদিও আমি সন্তান হওঁ কিন্তু এনেকুৱা নহয় যে পিতাৰ আত্মা
ডাঙৰ, আমাৰ সৰু। নহয়, যদিও পিতা জ্ঞানৱান কিন্তু আত্মা কোনো ডাঙৰ হ'ব নোৱাৰে।
তোমালোক আত্মাসকলৰতো জ্ঞান আছে কিন্তু ক্ৰমানুসৰি। স্কুলতো ক্ৰমানুসৰি উত্তীৰ্ণ নহয়
জানো। শূণ্য নম্বৰ কোনেও নাপায়। কিবা নহয় কিবা নম্বৰ লৈ লয়। পিতাই কয় - মই তোমালোকক
এয়া যি জ্ঞান শুনাওঁ, এয়া প্ৰায়ঃ লোপ হৈ যায়। তথাপিও চিত্ৰ আছে, শাস্ত্ৰও ৰচি থোৱা
আছে। পিতাই তোমালোক আত্মাসকলক কয় – বেয়া নুশুনিবা..... এই আসুৰি জগতখনত কি চাবলগীয়া
আছে। এই ছিঃ ছিঃ সৃষ্টিৰ পৰা দৃষ্টি আঁতৰাই দিব লাগে। এতিয়া আত্মাৰ স্মৃতি উদয় হৈছে,
এইখন হ’ল পুৰণি সৃষ্টি। ইয়াৰ লগত কি সম্পৰ্ক ৰাখিব লাগে। আত্মাৰ স্মৃতি উদয় হৈছে যে
এইখন সৃষ্টিক দেখিও চাব নালাগে। নিজৰ শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে।
আত্মাই জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰিছে সেয়েহে এয়া সোঁৱৰি থাকিব লাগে। ভক্তিমাৰ্গতো
ৰাতিপুৱা উঠি মালা জপে। ৰাতিপুৱাৰ সময়খিনিক উত্তম বুলি ভাবে। ব্ৰাহ্মণৰ মুহূৰ্ত।
ব্ৰহ্মা ভোজনৰো মহিমা আছে। ব্ৰহ্ম ভোজন নহয়, ব্ৰহ্মা ভোজন। তোমালোককো
ব্ৰহ্মাকুমাৰীৰ সলনি ব্ৰহ্মকুমাৰী বুলি কৈ দিয়ে, বুজি নাপায়। ব্ৰহ্মাৰ সন্তানতো
ব্ৰহ্মাকুমাৰ-কুমাৰী হ'ব নহয়। ব্ৰহ্মতো হৈছে তত্ত্ব, নিবাস কৰা স্থান, তাৰ কি মহিমা
হ’ব। পিতাই সন্তানসকলক আপত্তি দৰ্শায় - সন্তানসকল, তোমালোকে এফালেতো পূজা কৰা,
আনফালে আকৌ সকলোৰে গ্লানি কৰা। গ্লানি কৰি কৰি তমোপ্ৰধান হৈ গ’লা। তমোপ্ৰধানো হ'বই
লাগে, চক্ৰ পুনৰাবৃত্তি হ'ব। যেতিয়া কোনো ডাঙৰ ব্যক্তি আহে তেতিয়া তেওঁক চক্ৰৰ বিষয়ে
নিশ্চয় বুজাব লাগে। এই চক্ৰ 5 হাজাৰ বছৰৰ, ইয়াৰ ওপৰত বহুত মনোযোগ দিব লাগে। ৰাতিৰ
পাছত দিন নিশ্চয় হ’ব। এনেকুৱা হ’ব নোৱাৰে যে ৰাতিৰ পাছত দিন নহ’ব। কলিযুগৰ পাছত
সত্যযুগ নিশ্চয় আহিব। এই বিশ্বৰ ইতিহাস-ভূগোল ৰিপিট হয়।
সেয়েহে পিতাই বুজায় -
মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজা, আত্মাইহে সকলো কৰে, ভূমিকা পালন কৰে। এইটো
কোনেও নাজানে যে যদি আমি ভূমিকা পালন কৰোঁতা হওঁ তেন্তে নাটকৰ আদি-মধ্য-অন্তক
নিশ্চয় জনা উচিত। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয় তেন্তে নাটকেই নহ’ল জানো।
ছেকেণ্ডৰ পাছত ছেকেণ্ড সেয়াই পুনৰাবৃত্তি হ’ব যি অতীত হৈ গৈছে। এই কথাবোৰ আন কোনেও
বুজিব নোৱাৰে। কম বুদ্ধিৰ লোকসকল সদায় অকৃতকাৰ্যই হয় তেনেক্ষেত্ৰত শিক্ষকে কি কৰিব
পাৰে! শিক্ষকক জানো ক’ব যে কৃপা বা আশীৰ্বাদ কৰক। এয়াও পঢ়াই হয়। এই গীতা পাঠশালাত
স্বয়ং ভগৱানে ৰাজযোগ শিকায়। কলিযুগ সলনি হৈ সত্যযুগ নিশ্চয় হ’ব লাগে। ড্ৰামা অনুসৰি
পিতাও আহিব লাগে। পিতাই কয় - মই কল্পই কল্পই সত্যযুগত আহোঁ, অন্য কোনোবাই ক’ব পাৰিব
জানো যে মই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনাবলৈ আহিছোঁ। নিজকে শিৱোহম্ (ময়েই শিৱ)
বুলি কয়, তাৰ পৰা কি হ'ল! শিৱবাবাতো পঢ়াবলৈকে আহে, সহজ ৰাজযোগ শিকাবলৈ। কোনো
সাধু-সন্ত আদিক শিৱ ভগৱান বুলি ক'ব নোৱাৰি। এনেকৈতো বহুতে কয় - মই কৃষ্ণ, আমি
লক্ষ্মী-নাৰায়ণ। এতিয়া ক'ত সেই শ্ৰীকৃষ্ণ সত্যযুগৰ ৰাজকুমাৰ আৰু ক'ত এয়া কলিযুগৰ
পতিত। এনেকৈ জানো ক'ব যে তেওঁৰ গাত ভগৱান আছে। তোমালোকে মন্দিৰত গৈ সুধিব পাৰা -
এওঁতো সত্যযুগত ৰাজ্য কৰিছিল আকৌ ক'লৈ গ'ল? সত্যযুগৰ পাছত নিশ্চয় ত্ৰেতা, দ্বাপৰ,
কলিযুগ আহিল। সত্যযুগত সূৰ্যবংশী ৰাজ্য আছিল, ত্ৰেতাত চন্দ্ৰবংশী..... এই গোটেই
জ্ঞান তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। ইমানবিলাক ব্ৰহ্মাকুমাৰ-কুমাৰী আছে, নিশ্চয়
প্ৰজাপিতাও থাকিব। আকৌ ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টিৰ ৰচনা কৰে। ব্ৰহ্মাক ৰচয়িতা
বুলি কোৱা নহয়। তেওঁ আকৌ হৈছে ঈশ্বৰ পিতা। কেনেকৈ ৰচনা কৰে, সেয়াতো পিতাই সন্মুখত
বহি বুজায়, এই শাস্ত্ৰবিলাকতো পাছত ৰচনা কৰা হৈছে। যেনেকৈ যীশুখ্ৰীষ্ট আহি বুজালে,
তেওঁৰ বাইবেল ৰচনা হ'ল। পাছত বহি গায়ন কৰে। সকলোৰে সৎগতি দাতা, সকলোৰে মুক্তিদাতা,
পতিত-পাৱন বুলি এজন পিতাৰে গায়ন কৰা হৈছে, তেওঁক স্মৰণ কৰে যে ঈশ্বৰ পিতা দয়া কৰক।
পিতা এজনেই। এওঁ হ'ল গোটেই বিশ্বৰ পিতা। মনুষ্যই নাজানে যে সকলো দুখৰ পৰা মুক্ত
কৰোঁতাজন কোন? এতিয়া সৃষ্টিও পুৰণি, মনুষ্যও পুৰণি তমোপ্ৰধান। এইখন হয়েই লৌহযুগী
সৃষ্টি। স্বৰ্ণিম যুগ আছিল, আকৌ নিশ্চয় হ'ব। এয়া বিনাশ হৈ যাব, বিশ্বযুদ্ধ হ'ব,
অনেক প্ৰাকৃতিক দুৰ্যোগো হয়। সময়তো এয়াই। মনুষ্য সৃষ্টি কিমান বৃদ্ধি হৈ গৈছে।
তোমালোকেতো কৈ থাকা -
ভগৱান আহিছে। তোমালোক সন্তানসকলে সকলোকে প্ৰত্যাহ্বান জনোৱা যে ব্ৰহ্মাৰ দ্বাৰা এক
আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। ড্ৰামা অনুসৰি সকলোৱে শুনি থাকে।
দৈৱীগুণো ধাৰণ কৰে। তোমালোকে জানা আমাৰ কোনো গুণ নাছিল। এক নম্বৰ অৱগুণ হৈছে - কাম
বিকাৰ, যিয়ে কিমান হায়ৰাণ কৰে। মায়াৰ মুষ্টিযুদ্ধ চলে। নিবিচাৰিলেও মায়াৰ ধুমুহাই
বগৰাই দিয়ে। লৌহযুগ নহয় জানো। মুখ ক’লা (পতিত) কৰি দিয়ে। শ্যামবৰণীয়া মুখ বুলি কোৱা
নহ’ব। শ্ৰীকৃষ্ণৰ কাৰণে দেখুৱায় যে সৰ্পই দংশিলে তেতিয়া শ্যামবৰণীয়া হৈ গ'ল। সন্মান
ৰক্ষাৰ বাবে শ্যামবৰণীয়া বুলি ক'লে। ক'লা মুখ দেখুৱালে সন্মান হানি হ'ব। সেইবাবে
দূৰৈৰ দেশ, নিৰাকাৰ দেশৰ পৰা পথিক আহে। লৌহযুগী সৃষ্টি, ক’লা শৰীৰত আহি তেওঁকো বগা
কৰি তোলে। এতিয়া পিতাই কয় - তোমালোক আকৌ সতোপ্ৰধান হ'ব লাগে। মোক স্মৰণ কৰা তেতিয়া
বিকৰ্ম বিনাশ হ’ব আৰু তোমালোক বিষ্ণুপুৰীৰ মালিক হৈ যাবাগৈ। এই জ্ঞানৰ কথাবোৰ বুজিব
লাগে। বাবা ৰূপো (জ্ঞানীও) আৰু বসন্তও (যোগীও)। তেজোময় বিন্দু ৰূপ। তেওঁৰ জ্ঞানো আছে।
নাম, ৰূপৰ পৰা উৰ্দ্ধততো নহয়। তেওঁৰ ৰূপ কি, এয়া জগতে নাজানে। পিতাই তোমালোকক বুজায়,
মোকো আত্মা বুলি কয়, কেৱল পৰম আত্মা। পৰম আত্মা গতিকে মিলি পৰমাত্মা হৈ যায়। পিতাও
হয়, শিক্ষকো হয়। জ্ঞানৱান বুলি কয়। তেওঁলোকে ভাবে জ্ঞানৱান অৰ্থাৎ সকলোৰে অন্তৰক
জানোঁতা। যদি পৰমাত্মা সৰ্বব্যাপি তেনেহ’লেতো সকলো জ্ঞানৱান হৈ গ'ল। তেন্তে সেই
এজনকহে কিয় জ্ঞানৱান বুলি কয়? মনুষ্যৰ বুদ্ধি কিমান তুচ্ছ। জ্ঞানৰ কথাবোৰ একেবাৰে
নুবুজে। পিতাই বহি জ্ঞান আৰু ভক্তিৰ পাৰ্থক্য বুজায় - প্ৰথমতে হ'ল জ্ঞান দিন
সত্যযুগ-ত্ৰেতা, আকৌ দ্বাপৰ-কলিযুগ ৰাত্ৰি। জ্ঞানেৰে সৎগতি হয়। এই ৰাজযোগৰ জ্ঞান
হঠযোগীয়ে বুজাব নোৱাৰে। গৃহস্থীয়েও বুজাব নোৱাৰে কিয়নো অপৱিত্র। এতিয়া ৰাজযোগ কোনে
শিকাব? যিয়ে কয় – মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। নিবৃত্তি
মাৰ্গৰ ধৰ্মই বেলেগ, তেওঁলোকে প্ৰবৃত্তি মাৰ্গৰ জ্ঞান কেনেকৈ শুনাব। ইয়াত সকলোৱে কয়
– ঈশ্বৰ পিতা হৈছে সত্য। পিতাহে সত্য শুনাওঁতা হয়। আত্মাৰ বাবাৰ স্মৃতি উদয় হৈছে
সেয়েহে আমি পিতাক স্মৰণ কৰোঁ যে আহি নৰৰ পৰা নাৰায়ণ হোৱাৰ সত্য কথা শুনাওঁক। এয়া
তোমালোকক সত্য নাৰায়ণৰ কথা নুশুনাও জানো। আগতে তোমালোকে মিছা কথা শুনিছিলা। এতিয়া
তোমালোকে সত্য কথা শুনা। মিছা কথা শুনি শুনি কোনো নাৰায়ণতো হ'ব নোৱাৰে তেন্তে সেয়া
সত্য-নাৰায়ণৰ কথা কেনেকৈ হ'ব পাৰে? মনুষ্যই কাকো নৰৰ পৰা নাৰায়ণ কৰি তুলিব নোৱাৰে।
পিতাহে আহি স্বৰ্গৰ মালিক কৰি তোলে। পিতা আহেও ভাৰতলৈকে। কিন্তু কেতিয়া আহে, এইটো
বুজি নাপায়। শিৱ-শংকৰক মিহলি কৰি কাহিনী ৰচনা কৰি দিলে। শিৱ পুৰাণো আছে। ‘গীতা’খন
শ্ৰীকৃষ্ণৰ বুলি কয়, তেনেহ’লেতো শিৱ পুৰাণ ডাঙৰ হৈ গ'ল। বাস্তৱত জ্ঞানতো ‘গীতা’তহে
আছে। ভগৱানুবাচ (ভগৱানে কয়) - মনমনাভৱ। এই শব্দটি ‘গীতা’ৰ বাহিৰে অন্য কোনো
শাস্ত্ৰত থাকিবই নোৱাৰে। গায়নো কৰা হয় যে সৰ্ব শাস্ত্ৰৰ শিৰোমণি গীতা। শ্ৰেষ্ঠ মত
হৈছেই ভগৱানৰ। পোন প্ৰথমে এইটো শুনাব লাগে যে আমি কওঁ কিছু বছৰৰ ভিতৰত নতুন
শ্ৰেষ্ঠাচাৰী সৃষ্টি স্থাপনা হৈ যাব। এতিয়া হৈছে ভ্ৰষ্টাচাৰী সৃষ্টি। শ্ৰেষ্ঠাচাৰী
সৃষ্টিত কিমান কম মনুষ্য থাকিব। এতিয়াতো কিমান অনেক মনুষ্য আছে। তাৰ বাবে বিনাশ
সন্মুখত থিয় হৈ আছে। পিতাই ৰাজযোগ শিকাই আছে। উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়।
বিচাৰেও পিতাৰ পৰাই। কাৰোবাৰ ধন বেছি হ’লে, সন্তান হ’লে তেতিয়া ক’ব যে ভগৱানে দিলে।
গতিকে ভগৱান এজন নহ'ল জানো তেনেহ’লে সকলোতে ভগৱান কেনেকৈ থাকিব পাৰে? এতিয়া
আত্মাসকলক পিতাই কয় - মোক স্মৰণ কৰা। আত্মাই কয় - আমাক পৰমাত্মাই জ্ঞান দিছে যি
জ্ঞান আমি আকৌ ভাইসকলক দিওঁ। নিজক আত্মা বুলি বুজি পিতাক কিমান সময় স্মৰণ কৰিলা,
ইয়াৰ খতিয়ান ৰাখিবলৈ বিশাল বুদ্ধিৰ প্ৰয়োজন। দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰিব লাগে
তেতিয়া বিকৰ্ম বিনাশ হ’ব। জ্ঞানতো অতি সহজ, বাকী আত্মা বুলি বুজি পিতাক স্মৰণ কৰি
নিজৰ উন্নতি কৰিব লাগে। এই খতিয়ান কোনোবা বিৰলজনেহে ৰাখিব পাৰে। দেহী-অভিমানী হৈ
পিতাৰ স্মৃতিত থাকিলে কেতিয়াও কাকো দুখ নিদিয়া। পিতা আহেই সুখ দিবলৈ গতিকে
সন্তানসকলেও সকলোকে সুখ দিয়া উচিত। কেতিয়াও কাকো দুখ দিব নালাগে। পিতাৰ স্মৃতিৰে
সকলো ভূত পলাই যাব, বহুত গুপ্ত পৰিশ্ৰম কৰিবলগীয়া হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই আসুৰি
ছিঃ ছিঃ সৃষ্টিৰ পৰা নিজৰ চকু বন্ধ কৰি ল’ব লাগে। এইখন পুৰণি সৃষ্টি, ইয়াৰ লগত কোনো
সম্পৰ্ক ৰাখিব নালাগে, ইয়াক দেখিও চাব নালাগে।
(2) এই বেহদৰ ড্ৰামাত
আমি ভাৱৰীয়া, এইখন চেকেণ্ডৰ পাছত চেকেণ্ড পুনৰাবৃত্তি হৈ থাকে, যি অতীত হৈ গ'ল সেয়া
আকৌ পুনৰাবৃত্তি হ'ব... এইটো স্মৃতিত ৰাখি প্ৰতিটো কথাত উত্তীৰ্ণ হ'ব লাগে।
বিশালবুদ্ধিৰ হ'ব লাগে।
বৰদান:
সত্যতাৰ দ্বাৰা
সভ্যতাৰ প্ৰত্যক্ষ ৰূপ দেখুৱাওঁতা সাক্ষাৎকাৰ মূৰ্ত হোৱা
এতিয়া এনেকুৱা সময়
আহিব যেতিয়া প্ৰত্যেক আত্মাই প্ৰত্যক্ষ ৰূপত নিজৰ সত্যতাৰ দ্বাৰা সভ্যতাৰ
সাক্ষাৎকাৰ কৰাব। প্ৰত্যক্ষতাৰ সময়ত মালাৰ মণিৰ নম্বৰ আৰু ভৱিষ্যত ৰাজ্যৰ স্বৰূপ
দুয়োটা প্ৰত্যক্ষ হ’ব। এতিয়া যি দৌৰ লগাই থাকোতে ঈৰ্ষাৰ ধুলিৰ পৰ্দাই জিলিকি থকা
হীৰা লুকুৱাই দিয়ে, অন্তিম সময়ত এই পৰ্দা আঁতৰি যাব তেতিয়া লুকাই থকা হীৰাই নিজৰ
প্ৰত্যক্ষ সম্পন্ন স্বৰূপত দেখা দিব, অভিজাত পৰিয়ালে এতিয়াৰ পৰাই নিজৰ সভ্যতা
দেখুৱাব অৰ্থাৎ নিজৰ ভৱিষত পদ স্পষ্ট কৰিব সেই কাৰণে সত্যতাৰ দ্বাৰা সভ্যতাৰ
সাক্ষাৎকাৰ কৰোৱা।
স্লোগান:
যিকোনো বিধিৰে ব্যৰ্থক সমাপ্ত কৰি সমৰ্থক জাগ্ৰত কৰা।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
নিজৰ কল্যাণ কৰিবলৈ
বা নিজৰ পৰিৱৰ্তন কৰিবলৈ বিশেষকৈ একান্তবাসী, অন্তৰ্মুখী হোৱা। জ্ঞানৱান হৈছা কিন্তু
শক্তিশালী হোৱা। প্ৰতিটো কথাৰ অনুভৱেৰে নিজক সম্পন্ন কৰি তোলা। কাৰ সন্তান হওঁ? কি
প্ৰাপ্তি হয়? এই প্ৰথম পাঠটিৰ অনুভৱীৰ্মূত হোৱা, একতা আৰু একাগ্ৰতা ধাৰণ কৰা তেতিয়া
সহজে মায়াজিৎ হৈ যাবা।