22.02.26 Avyakt Bapdada
Assame
Murli 05.02.2009 Om Shanti Madhuban
“*“সেৱা কৰি ডবল-লাইট
স্থিতিৰ দ্বাৰা ফৰিস্তাবোধৰ অৱস্থাত থাকা, অশৰীৰী হোৱাৰ অভ্যাস কৰা”*”
আজি বাপদাদাই
চাৰিওফালৰ সন্তানসকলৰ তিনিটা ৰূপ চাই আছেহঁক– যেনেকৈ পিতাৰ তিনিটা ৰূপক জানা, তেনেকৈ
সন্তানসকলৰো তিনিটা ৰূপ চাই আছে। এই সঙ্গমযুগৰ যি লক্ষ্য আৰু লক্ষণ, প্ৰথম স্বৰূপ
ব্ৰাহ্মণ, দ্বিতীয়তে ফৰিস্তা, তৃতীয়তে দেৱতা। ব্ৰাহ্মণেই ফৰিস্তা, ফৰিস্তাৰ পৰাই
দেৱতা। তেন্তে বৰ্তমান সময়ত এতিয়া বিশেষ কি লক্ষ্য সন্মুখত থাকে? কাৰণ ফৰিস্তা
নোহোৱাকৈ দেৱতা হ’ব নোৱাৰি। গতিকে বৰ্তমান সময় আৰু নিজৰ পুৰুষাৰ্থ অনুসৰি এতিয়া
লক্ষ্য হ’ল ফৰিস্তা। সঙ্গমযুগৰ সম্পন্ন স্বৰূপ ফৰিস্তাৰ পৰা দেৱতা হোৱাটোৱেই হ’ল
উদ্দেশ্য। ফৰিস্তাৰ সংজ্ঞা জানাও, ফৰিস্তা অৰ্থাৎ পুৰণি পৃথিৱীৰ সম্বন্ধ, সংস্কাৰ,
সংকল্পৰ পৰা পাতল হোৱা। পুৰণি সংস্কাৰ সকলোতে পাতল হ’ব লাগে। কেৱল নিজৰ সংস্কাৰ,
স্বভাৱ, সংসাৰত পাতল নহয়, কিন্তু ফৰিস্তা অৰ্থাৎ সকলোৰে সম্বন্ধত আহি সকলোৰে স্বভাৱ
সংস্কাৰত পাতল হোৱা। এই পাতল হোৱাৰ চিন কি? সেই ফৰিস্তা আত্মা সকলোৰে প্ৰিয় হ’ব।
কোনো কোনোৰ প্ৰিয় নহয়, সকলোৰে প্ৰিয়। যেনেকৈ পিতা ব্ৰহ্মাক প্ৰত্যেকে ‘মোৰ’ বুলি
ভাবে। 'মোৰ বাবা' বুলি কয়। তেনেকৈ ফৰিস্তা অৰ্থাৎ সকলোৰে প্ৰিয়। বহু সন্তানে ভাবে
যে ব্ৰহ্মা বাবাতো ব্ৰহ্মাই আছিল, কিন্তু তোমালোক সকলোৱে তোমালোকৰ দৰে ব্ৰাহ্মণ
আত্মাসকলৰ মাজত দেখিলা যে তোমালোক সকলোৰে মৰমৰ দাদী, যাক সকলোৱে মৰমেৰে অনুভৱ কৰি
আছিল যে তেওঁ মোৰ দাদী। সকলো ফালৰ পৰা স্বভাৱ, সংস্কাৰ আৰু এই পুৰণি সংসাৰত থাকিও
অনাসক্ত আৰু স্নেহী, সকলোৱে অধিকাৰেৰে কয় মোৰ দাদী। তেন্তে কাৰণ কি? স্বয়ং স্বভাৱ
আৰু সংস্কাৰত পাতল। সকলোকে আপোনতাৰ অনুভৱ কৰালে। গতিকে তেওঁ এক উদাহৰণ হৈ থাকিল।
জগত অম্বাৰ ক্ষেত্ৰতো দেখিলা কিন্তু বহুতে ভাবে যে তেওঁতো জগত অম্বা আছিল। কিন্তু
দাদী তোমালোক ব্ৰাহ্মণ পৰিয়ালৰ দৰে সংগী আছিল। তেওঁক পৰা যদি পুৰুষাৰ্থৰ কথা
শুনিছিল বা সুধিছিল, তেন্তে তেওঁৰ মুখত সদায় এটা শব্দই আছিল – "এতিয়া কৰ্মাতীত হ’ব
লাগে।" কৰ্মাতীত হোৱাৰ নিচাত আনকো এইটোৱে শব্দ বাৰে বাৰে সোঁৱৰাই থাকিল। গতিকে
প্ৰত্যেক ব্ৰাহ্মণৰ এতিয়া লক্ষ্য আৰু লক্ষণ বিশেষভাৱে এইটোৱেই হ’ব লাগে, আছেও কিন্তু
ক্ৰমানুসৰি। এইটোৱে নিচা থাকক যে এতিয়া ফৰিস্তা হ’বই লাগে। ফৰিস্তা অৰ্থাৎ এই দেহ,
সাকাৰ দেহৰ পৰা উৰ্দ্ধত, সদায় প্ৰকাশময় দেহধাৰী। ফৰিস্তা অৰ্থাৎ এই
কৰ্মেন্দ্ৰিয়সমূহৰ ৰজা।
বাপদাদাই আগতেও
শুনাইছিল যে গোটেই সৃষ্টি চক্ৰৰ ভিতৰত এগৰাকীয়েই বাপদাদা আছে যিয়ে গৌৰৱেৰে কয় যে
মোৰ এটি এটি সন্তান ৰজা সন্তান, স্বৰাজ্য অধিকাৰী। গতিকে ফৰিস্তা অৰ্থাৎ স্বৰাজ্য
অধিকাৰী। এনেকুৱা স্বৰাজ্য অধিকাৰী আত্মা, প্ৰকাশৰ স্বৰূপধাৰী। এনেকুৱা প্ৰকাশৰ ডবল
পাতল অৱস্থাত স্থিৰ হৈ যদি কাৰোবাক সাক্ষাৎ কৰে, তেন্তে তেওঁৰ মস্তকত আত্মা জ্যোতিৰ
আভাস চলোঁতে-ফুৰোঁতে দেখা যাব। এতিয়া এইটো তীব্ৰ পুৰুষাৰ্থৰ লক্ষ্য আৰু লক্ষণ সদায়
জাগ্ৰত কৰি ৰাখা। যেনেকৈ পিতা ব্ৰহ্মাৰ ক্ষেত্ৰত দেখিলা যে যদি কোনোবাই সাক্ষাৎ
কৰিছিল, দৃষ্টি লৈছিল, তেন্তে কথা পাতি থাকোঁতে কি দেখা পাইছিল? আৰু শেষত অনুভৱ
কৰিলে যে পিতা ব্ৰহ্মাই কথা পাতি থাকোঁতেও মিঠা অশৰীৰী স্থিতিত স্থিৰ হৈ গৈছিল।
লাগিলে যিমানেই সেৱাৰ খবৰ নহওক কিয়, কিন্তু আনকো চেকেণ্ডত অশৰীৰী অৱস্থাৰ অনুভৱ
কৰাই আছিল আৰু যিকোনো মুৰুলীত পৰীক্ষা কৰি চোৱা, বাৰে বাৰে 'মই অশৰীৰী আত্মা',
আত্মাৰ পাঠ একেখন মুৰুলীতে কিমানবাৰ সোঁৱৰাই থাকিল। গতিকে এতিয়া সময় অনুসৰি সৰু সৰু
বিস্তাৰৰ কথা, স্বভাৱ-সংস্কাৰৰ কথাবোৰে অশৰীৰী অৱস্থাৰ পৰা দূৰ কৰি দিয়ে। এতিয়া এই
ক্ষেত্ৰত পৰিবৰ্তন লাগে।
বাপদাদাই দেখিলে
সেৱাৰ ফলাফল ভাল হৈছে, সেৱাৰ বাবে গৰিষ্ঠ সংখ্যকৰে উৎসাহ-উদ্দীপনা আছে, পৰিকল্পনাও
কৰি থাকে, বাৰ্তা দিয়াৰো প্ৰয়োজন আছে আৰু বাপদাদাই আজিও ভিন্ন ভিন্ন বৰ্গৰ, ভিন্ন
ভিন্ন স্থানৰ সেৱাৰ ভাল ফলাফল দেখিলে কিন্তু সেৱাৰ লগতে অশৰীৰীবোধৰ বায়ুমণ্ডলে
পৰিশ্ৰম কম আৰু প্ৰভাৱ বেছিকৈ পেলায়। শুনা কথা ভাল লাগে, কিন্তু বায়ুমণ্ডলৰ দ্বাৰা
অশৰীৰীবোধৰ দৃষ্টিৰে অনুভৱ কৰে আৰু অনুভৱ পাহৰি নাযায়। গতিকে ফৰিস্তা হোৱাৰ নিচা
এতিয়া সেৱাত বিশেষভাৱে যোগ কৰা। কিবা নহয় কিবা শান্তিৰ, আনন্দৰ, সুখৰ, আত্মিক
প্ৰেমৰ অনুভৱ কৰোৱা। ব্যৱহাৰত মৰম-চেনেহ আৰু, সম্বন্ধ, পৰিয়ালৰ যি যত্ন লোৱা সেয়াতো
অনুভৱ কৰি যায় কিন্তু এতিয়া বায়ুমণ্ডল আৰু প্ৰকম্পনৰ দ্বাৰা অতিন্দ্ৰিয় সুখৰ অনুভৱ,
শান্তিৰ আত্মিক মাদকতাৰ প্ৰতি বিশেষ মনোযোগ দিয়া। বিশেষ অনুভৱ কৰোৱা, কিবা নহয় কিবা
অনুভৱ কৰোৱা। যেনেকৈ ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱিত হৈ যায়, পৰিয়ালৰ মৰম-চেনেহৰ এনেকুৱা
ব্যৱস্থা আন ক’তো পোৱা নাযায়, তেনেকৈ এতিয়া কোনোবা এটা শক্তিৰ, কোনোবা এটা
প্ৰাপ্তিৰ অনুভৱ কৰি যাওক। এতিয়া 70-72 বছৰ (বৰ্তমান 89 বছৰ) সম্পূৰ্ণ হৈছে, ইমান
সময়ৰ ফলাফলত কি দেখিলা! পৰিশ্ৰম কৰিছা, কিন্তু এতিয়ালৈকে ব্ৰহ্মাকুমাৰীসকলে কাম কৰি
আছে, ব্ৰহ্মাকুমাৰীসকলৰ জ্ঞান ভাল। দিওঁতা কোন! চলাওঁতা কোন! উৎস কোন! তোমালোক
সকলোৰে মুখত 'বাবা' শব্দ শুনি তেওঁলোকে কয়ো যে এওঁলোকৰ বাবা, কিন্তু মোৰো সেইজনেই
বাবা, পিতাৰ প্ৰত্যক্ষতা এতিয়াও গুপ্ত ৰূপত আছে। বাবা বাবা বুলি কয়, কিন্তু মোৰ বাবা,
মই বাবাৰ, বাবা মোৰ – এয়া কোটিৰ মাজত কোনোবা এজনৰ মুখৰ পৰাহে ওলায়।
তেন্তে সঙ্গমযুগৰ
লক্ষ্য কি? আমাৰ সকলো আত্মাৰ পিতা আহি গ’ল, উত্তৰাধিকাৰতো পিতাৰ দ্বাৰা পাবা নহয়!
সেই প্ৰভাৱ ফৰিস্তা অৱস্থাৰ পৰা বায়ুমণ্ডলত বিয়পিব। এওঁলোকৰ দৃষ্টিৰ পৰা কিৰণ পোৱা
যায়, এওঁলোকৰ দৃষ্টিত আত্মিকতাৰ কিৰণ দেখা যায়, গতিকে এতিয়া তীব্ৰ পুৰুষাৰ্থৰ
এইটোৱেই লক্ষ্য ৰাখা – মই ডবল-লাইট ফৰিস্তা, চলোঁতে-ফুৰোঁতে ফৰিস্তা স্বৰূপৰ অনুভূতি
বঢ়োৱা। অশৰীৰীবোধৰ অনুভৱ বঢ়োৱা। চেকেণ্ডত যিকোনো সংকল্প সমাপ্ত কৰাত, সংস্কাৰ
স্বভাৱত ডবল লাইট। বহু সন্তানে কয় আমিতো পাতল হৈ থাকোঁ কিন্তু আমাক আনে চিনি নাপায়।
কিন্তু এনেকুৱা ডবল-লাইট ফৰিস্তা, তেন্তে ডবল লাইটৰ পোহৰ জানো লুকাই থাকিব পাৰে? সৰু
স্থূল লাইট টৰ্চেই হওক বা দিয়াচলাই কাঠিৰ পোহৰেই হওক, লাইট য’তেই জ্বলিব, লুকাই
নাথাকে আৰু এয়াতো আত্মিক লাইট, গতিকে নিজৰ বায়ুমণ্ডলেৰে তেওঁলোকক অনুভৱ কৰোৱা যে এওঁ
কোন! জগদম্বা নতুবা দাদীয়ে নক’লে যে মোক কোনেও নাজানে। নিজৰ বায়ুমণ্ডলৰ দ্বাৰা
সকলোৰে প্ৰিয় হৈ থাকিল, সেইবাবেই দাদীৰ উদাহৰণ দিয়া হয় কাৰণ পিতা ব্ৰহ্মাৰ বাবেও
ভাবে যে ব্ৰহ্মা বাবাৰ মাজততো শিৱবাবা আছিল, শিৱবাবাৰ বাবেও ভাবে যে তেওঁতো হয়েই
নিৰাকাৰ, অনাসক্ত আৰু নিৰাকাৰ, আমিতো স্থূল শৰীৰধাৰী। ইমান ডাঙৰ সংগঠনত থাকোঁতা হওঁ,
প্ৰত্যেকৰ সংস্কাৰৰ মাজত থাকোঁতা হওঁ, সংস্কাৰ মিলাই চলা অৰ্থাৎ ফৰিস্তা হোৱা।
সংস্কাৰ দেখি বহু সন্তান নিৰাশো হৈ যায়, বাবা বৰ ভাল, পিতা ব্ৰহ্মা বৰ ভাল, জ্ঞান
বৰ ভাল, প্ৰাপ্তি বৰ ভাল, কিন্তু সংস্কাৰ স্বভাৱ মিলাই চলা অৰ্থাৎ সকলোৰে প্ৰিয় হোৱা।
কোনো কোনোৰ প্ৰিয় নহয়, কাৰণ বহু সন্তানে কয় যে কোনো কোনোৰ প্ৰতি বিশেষত্ব দেখিও মৰম
জাগে। এওঁৰ ভাষণ বহুত ভাল, এওঁৰ অমুক গুণটো বৰ ভাল, বাণী বৰ ভাল – ফৰিস্তা হোৱাত
এইটোৱে বিঘিনি আহে। প্ৰিয় কৰি লাগিলে লোৱা, কিন্তু মই আত্মা অনাসক্ত হওঁ, অনাসক্ত
স্থিতিৰে প্ৰিয় কৰি লোৱা। বিশেষত্বৰ বাবে প্ৰিয় নহয়। এওঁৰ এই গুণটো মোৰ বৰ ভাল লাগে
নহয়, সেইটো ধাৰণ অৱশ্যে কৰা কিন্তু তাৰ বাবেই কেৱল প্ৰিয় হোৱাটো ভুল। ফৰিস্তা সকলোৰে
প্ৰিয়। প্ৰত্যেকে কওক মোৰ, আপোনতাৰ অনুভৱ হওক। এনেকুৱা ফৰিস্তা অৱস্থাত দুটা বস্তুৱে
বিঘিনি জন্মায়। এটা হ’ল দেহ বোধ, তাৰতো স্বাভাৱিকতে সকলোৰে অনুভৱ আছে, 63 জন্মৰ দেহ
বোধ আকৌ প্ৰকট হৈ যায়। আৰু দ্বিতীয়টো হ’ল দেহ-অভিমান, দেহ বোধ আৰু দেহ-অভিমান,
জ্ঞানত যিমানেই আগুৱাই যায়, তেতিয়া নিজৰ প্ৰতিও কেতিয়াবা দেহ-অভিমান আহি যায়, সেই
অভিমানে অৱনমিত কৰায়। দেহ-অভিমান কিহৰ বাবে আহে? যি বিশেষত্ব আছে সেই বিশেষত্বৰ
বাবেই অভিমান থাকে – মই কিবা কম নেকি, মোৰ ভাষণ সকলোৱে পছন্দ কৰে। মোৰ সেৱাৰ প্ৰভাৱ
পৰে, যিকোনো কলা, মোৰ পৰিচালনা বহুত ভাল, মোৰ পাঠদান কৰাটো বহুত ভাল। জ্ঞানত আগুৱাই
যোৱাত, সেৱাত আগুৱাই যোৱাত এই অভিমান নিজৰ প্ৰতিও আহে আৰু আনৰ গুণ বা কলা বা
বিশেষত্বৰ প্ৰতিও মৰম জাগি যায়। কিন্তু স্মৃতিলৈ আহিব কোন? দেহবোধহে স্মৃতিলৈ আহিব
নহয়, অমুকৰ বুদ্ধি বৰ ভাল, মোৰ পৰিচালনা বৰ ভাল – এই অভিমান সেৱা বা পুৰুষাৰ্থত
আগুৱাই যোৱাসকলৰ অভিমানৰ ৰূপত আহে। গতিকে এইটোও পৰীক্ষা কৰিব লাগে আৰু অভিমানীসকলৰ
অভিমান আছে নেকি সেইটো পৰীক্ষা কৰাৰ উপায় হ’ল – অভিমানী জনক অলপো যদি কোনোবাই অপমান
কৰিলে, তেওঁৰ বিচাৰধাৰাৰ, তেওঁৰ মতৰ, তেওঁৰ কলাৰ, তেওঁৰ পৰিচালনাৰ অপমান বহুত
সোনকালে অনুভৱ হ’ব। আৰু অপমান অনুভৱ হ’লেই তাৰ সূক্ষ্ম চিন হ’ল ক্ৰোধৰ অংশ জন্ম হয়,
দম্ভালি। সেইটোৱে ফৰিস্তা হ’বলৈ নিদিয়ে। গতিকে বৰ্তমান সময়ৰ হিচাপত বাপদাদাই পুনৰ
ইংগিত দিছে, নিজৰ সঙ্গমযুগৰ শেষ স্বৰূপ ফৰিস্তা এতিয়া জীৱনত প্ৰত্যক্ষ কৰা, সাকাৰ
ৰূপত লৈ আহা। ফৰিস্তা হ’লে অশৰীৰী হোৱাটো অতি সহজ হৈ যাব। নিজৰ পৰীক্ষা কৰা যে নিজৰ
বিশেষত্ব বা আন কাৰোবাৰ বিশেষত্বৰ প্ৰতি সূক্ষ্ম ৰূপতো কোনো আসক্তি বা অভিমানতো নাই?
বহুত সন্তানৰ অৱস্থা কোনো সৰু কথা হ’লেও তল-ওপৰ হৈ যায়। আনন্দিত অন্তৰ, আনন্দিত
চেহেৰা... তাৰ সলনি চিন্তনযুক্ত বা চিন্তিত চেহেৰা হৈ যায় আৰু আগবাঢ়ি গৈ থাকোঁতে
নিৰাশো হৈ যায়। আনন্দিত অন্তৰৰ পৰিৱৰ্তে নিৰাশ। তেন্তে বুজিলা, এতিয়া নিজৰ
সঙ্গমযুগৰ অন্তিম স্থিতি ফৰিস্তাবোধৰ সংস্কাৰ জাগ্ৰত কৰা। যেনেকৈ পিতা ব্ৰহ্মাক
দেখিলা, পিতাক অনুকৰণ কৰিব লাগে নহয়। কথা পাতি থাকোঁতে শেষৰ ফালে বহুত সন্তানৰ
অনুভৱ আছে – খবৰ শুনাবলৈ আহিল কিন্তু খবৰৰ পৰা দূৰৈত, শব্দৰ পৰা দূৰৈত থকা স্থিতিৰ
অনুভৱ কৰিলে। বহু কথাৰ খবৰ শুনাবলৈ, বহুত পৰিকল্পনা কৰি আহে – এইটো কম, সেইটো কম,
এইটো সুধিম... কিন্তু সন্মুখলৈ আহিলে কি ক’বলগীয়া আছিল সেইটো পাহৰি যায়। গতিকে
এইটোৱেই হ’ল ফৰিস্তা অৱস্থা। তেন্তে আজি কি পাঠ দৃঢ় কৰিলা? মই কোন? ফৰিস্তা। কোনো
কথাৰ পৰা, কাৰোবাৰ বিশেষত্বৰ পৰা বা নিজৰ বিশেষত্বৰ পৰা, দেহ-অভিমানৰ পৰা দূৰৈত
ডবল-লাইট ফৰিস্তা কাৰণ ফৰিস্তা নোহোৱাকৈ দেৱতাৰ উচ্চ পদ পোৱা নোপোৱা। সত্যযুগততো আহি
যাবা, কাৰণ সন্তান হৈছা, উত্তৰাধিকাৰতো পাবা কিন্তু শ্ৰেষ্ঠ পদ নহয়। যি প্ৰতিশ্ৰুতি
আছে যে সদায় লগত থাকিম, একেলগে ৰাজত্ব কৰিম, সিংহাসনত নবহিলেও কিন্তু ৰাজ্য অধিকাৰী
হোৱা, তাৰ ৰাজ্য সভা দেখিছা নহয়। ৰাজ্য সভাৰ যিয়েই অধিকাৰী, তেওঁ তিলক আৰু মুকুটধাৰী,
ৰাজ্যৰ তিলক, ৰাজ্যৰ চিন মুকুট। গতিকে বহু সময় ধৰি স্বৰাজ্য অধিকাৰী, মাজে মাজে নহয়।
বহু সময়ৰ স্বৰাজ্য অধিকাৰী সিংহাসনত নবহিলেও কিন্তু ৰাজকীয় পৰিয়ালৰ অধিকাৰী হৈ যায়।
ভাল।
বাৰু, আজি যিসকল
প্ৰথমবাৰ আহিছা তেওঁলোক থিয় হোৱা। ভাল কথা, প্ৰায় আধা সভা থিয় হৈছে। ভাল কথা যিসকল
প্ৰথমবাৰ আহিছে, তেওঁলোক সকলোকে পিতাৰ সৈতে সাকাৰত মিলিত হোৱাৰ, প্ৰথমবাৰ জন্মৰ
অভিনন্দন। অহা সকলো সন্তানলৈ বাপদাদাৰ এইটোৱেই বৰদান যে আহিছাতো অতি পলমকৈ কিন্তু
নতুনকৈ অহা সন্তানসকলৰ প্ৰতি এটা বিশেষ বৰদান আছে যে কেতিয়াও এইটো সংকল্প নকৰিবা যে
আমি কেনেকৈ আগত যাব পাৰোঁ? অতি পলমকৈ অহাসকল, এতিয়াতো পলমকৈ আহিছা, অতি পলমকৈ অহা
নাই আৰু এতিয়া তোমালোক সকলোকে বিশেষ বাপদাদা আৰু নিমিত্ত হোৱা ব্ৰাহ্মণ পৰিয়ালৰ
ভাই-ভনীসকলৰ বিশেষ সহযোগৰ ভাৱনা আছে যে যদি তোমালোকে বাকী থকা অলপ সময়, এটি এটি
চেকেণ্ড সফল কৰা, কিয়নো অলপ সময়ত বহুত প্ৰাপ্ত কৰিব লাগে, এটা চেকেণ্ডো ব্যৰ্থত
যাবলৈ নিদিবা, কৰ্মযোগী হৈ চলা, কৰ্ম এৰিব নালাগে কিন্তু কৰ্মত যোগ যোগ কৰি, কৰ্ম
আৰু যোগৰ সন্তুলন ৰাখিব লাগে। সন্তুলন ৰখাসকলে অতিৰিক্ত আশীৰ্বাদ পায়। গতিকে যিসকল
দেৰিকৈ আহিছা, অতি পলমৰ ফলক এতিয়া আগলৈ লাগিব, তোমালোকৰ সুযোগ আছে, অলপ সময়ত বহুত
পুৰুষাৰ্থ কৰিব পাৰা। বাপদাদাই বৰদান দিছে যে সন্তানে সাহস কৰিলে পিতাৰ সহায় আছেই।
চাৰিওফালৰ সকলো
সন্তানক বাপদাদাই অন্তৰৰ আশীৰ্বাদ, পদমগুণ অভিনন্দন আৰু শুভেচ্ছা জনাই আছে আৰু
অহাসকল বা যিসকলে চিঠি বা ইমেইল পঠিয়ায় তেওঁলোকৰ চেকেণ্ডতকৈও কম সময়ত বাপদাদাৰ ওচৰত
আহি পায়। তেওঁলোককো আৰু বাপদাদাৰ তৃষ্ণাতুৰ আত্মাসকল, বন্ধনত থকাসকল যিসকলে
নিৰ্যাতনকো ডিঙিৰ মালা কৰি লয়, তেনেকুৱা আত্মাসকলকো স্নেহসহিত স্মৰণ আৰু নতুন নতুন
স্নেহী আত্মাসকল যিসকল এতিয়া ওলাই আছে, কিন্তু কম। স্নেহী আৰু সহযোগী ডবল হ’ব লাগে।
গতিকে চাৰিওফালৰ সকলো ডেকা, বুঢ়া, শিশু, মাতা, পাণ্ডৱ – সকলোকে অভিনন্দন। ভাল বাৰু।
বৰদান:
সাকাৰ আৰু
নিৰাকাৰ পিতাৰ সান্নিধ্যৰ দ্বাৰা প্ৰতিটো সংকল্পত বিজয়ী হওতা সদায় সফলতামূৰ্ত হোৱা
যেনেকৈ নিৰাকাৰ আত্মা
আৰু সাকাৰ শৰীৰ দুয়োটাৰে সম্বন্ধৰ দ্বাৰা প্ৰতিটো কাৰ্য কৰিব পাৰা, তেনেকৈয়ে
নিৰাকাৰ আৰু সাকাৰ পিতা দুয়োৰে সান্নিধ্য বা সন্মুখত ৰাখি প্ৰতিটো কৰ্ম আৰু সংকল্প
কৰা তেতিয়া সফলমূৰ্ত হৈ যাবা কিয়নো যেতিয়া বাপদাদা সন্মুখত থাকে তেতিয়া নিশ্চয়
তেওঁৰ দ্বাৰা পৰীক্ষা কৰাই নিশ্চয়তা আৰু নিৰ্ভয়তাৰে কৰিবা। ইয়াৰ দ্বাৰা সময় আৰু
সংকল্প ৰাহি হ’ব। একোৱেই ব্যৰ্থত নাযাব, প্ৰতিটো কৰ্ম স্বতঃ সফল হ’ব।
স্লোগান:
আত্মিক স্নেহ
সম্পত্তিতকৈও অধিক মূল্যৱান, সেইবাবে মাষ্টৰ স্নেহৰ সাগৰ হোৱা।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
ধৰ্ম সত্ত্বাৰসকলৰ
সন্মুখত পৱিত্ৰতাৰ শক্তি আৰু ৰাজ্য সত্ত্বাৰসকলৰ সন্মুখত একতাৰ শক্তি সিদ্ধ কৰা। এই
দুয়োটা শক্তি সিদ্ধ কৰিলেই ঈশ্বৰীয় সত্ত্বাৰ পতাকা অতি সহজে উৰিব। এতিয়া এই
দুয়োফালে বিশেষ মনোযোগ দিব লাগে। যিমানে পৱিত্ৰতা আৰু একতাৰ শক্তিৰে তেওঁলোকৰ
সমীপত সম্পৰ্কত আহি থাকিবা সিমানে তেওঁলোকে স্বয়ং নিজৰ বৰ্ণনা দিবলৈ আৰম্ভ কৰিব।