22.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ নিচা থাকিব লাগে যে আমাৰ পাৰলৌকিক পিতাই বিশ্বৰ আশ্চৰ্য (স্বৰ্গ) স্থাপনা
কৰে, যাৰ আমি মালিক হওঁগৈ”
প্ৰশ্ন:
পিতাৰ
সান্নিধ্যৰে তোমালোকৰ কি কি প্ৰাপ্তি হয়?
উত্তৰ:
পিতাৰ সান্নিধ্যৰে আমি মুক্তি, জীৱনমুক্তিৰ অধিকাৰী হৈ যাওঁ। পিতাৰ সান্নিধ্যই
উদ্ধাৰ কৰে (পাৰলৈ লৈ যায়)। বাবাই আমাক নিজৰ কৰি লৈ আস্তিক আৰু ত্ৰিকালদৰ্শী কৰি
তোলে। আমি ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক জানি যাওঁ।
গীত:
ধীৰজ ধৰ মনুৱা...
(হে মন ধৈৰ্য্য ধৰা...)
ওঁম্শান্তি।
এয়া কোনে কয়?
সন্তানসকলক পিতাইহে কয়, সকলো সন্তানক ক'বলগীয়া হয় কিয়নো সকলো দুখী, অধীৰ। পিতাক
স্মৰণ কৰে যে আহি দুখৰ পৰা মুক্তি দিয়ক, সুখৰ ৰাস্তা দেখুওৱাক। এতিয়া মনুষ্যৰ, তাৰ
ভিতৰতো বিশেষকৈ ভাৰতবাসীৰ এইটো স্মৃতি নাই যে আমি ভাৰতবাসী বহুত সুখী আছিলোঁ। ভাৰত
অতি প্ৰাচীন আশ্চৰ্যৰ স্থান আছিল। বিশ্বৰ আশ্চৰ্য বুলি কোৱা হয় নহয়। এই মায়াৰ
ৰাজ্যত 7টা আশ্চৰ্যৰ কথা কোৱা হয়। সেয়া হৈছে স্থূল আশ্চৰ্য। পিতাই বুজাইছে – এয়া
হৈছে মায়াৰ আশ্চৰ্য য’ত দুখ আছে। ৰাম, পিতাৰ আশ্চৰ্য হৈছে স্বৰ্গ। সেইখনেই হৈছে
বিশ্বৰ আশ্চৰ্য। ভাৰত স্বৰ্গ আছিল, হীৰাৰ দৰে আছিল। তাত দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল।
এই ভাৰতবাসীয়ে সকলো পাহৰি গ’ল। যদিও দেৱতাসকলৰ আগত মূৰ দোৱায়, পূজা কৰে কিন্তু যাৰ
পূজা কৰে, তেওঁলোকৰ জীৱন বৃত্তান্ত জানিব নালাগে জানো। এয়া বেহদৰ পিতাই বহি বুজায়,
ইয়ালৈ পাৰলৌকিক পিতাৰ ওচৰত তোমালোক আহিছা। পাৰলৌকিক পিতা হৈছে স্বৰ্গ স্থাপনা কৰোঁতা।
এই কাৰ্য কোনো মনুষ্যই কৰিব নোৱাৰে। এওঁকো (ব্ৰহ্মাকো) পিতাই কয় - হে শ্ৰীকৃষ্ণৰ
পুৰণি তমোপ্ৰধান আত্মা তুমি নিজৰ জন্মক নাজানা। তুমি শ্ৰীকৃষ্ণ আছিলা তেতিয়া
সতোপ্ৰধান আছিলা পুনৰ 84 জন্ম লৈ এতিয়া তমোপ্ৰধান হৈ গ’লা, তোমাৰ বেলেগ বেলেগ নাম
হৈ গ’ল। এতিয়া তোমাৰ নাম ব্ৰহ্মা ৰখা হৈছে। ব্ৰহ্মাৰ পৰা বিষ্ণু বা শ্ৰীকৃষ্ণ হ’ব।
কথা একেটাই - ব্ৰহ্মাৰ পৰা বিষ্ণু বা বিষ্ণুৰ পৰা ব্ৰহ্মা। ব্ৰহ্মা মুখবংশাৱলী
ব্ৰাহ্মণৰ পৰা দেৱতা হয়। পাছত সেই দেৱী-দেৱতাই পুনৰ শূদ্ৰ হৈ যায়। এতিয়া তোমালোক
ব্ৰাহ্মণ হৈছা। এতিয়া পিতাই তোমালোক সন্তানসকলক বহি বুজায়, এয়া ভগৱানুবাচ। তোমালোক
হৈ গ’লা বিদ্যাৰ্থী। তেন্তে তোমালোক কিমান আনন্দিত হ’ব লাগে। কিন্তু ইমান আনন্দ
নাথাকে। ধনৱান ধনৰ নিচাত বহুত আনন্দত নাথাকে জানো। ইয়াত ভগৱানৰ সন্তান হৈছা তথাপিও
ইমান আনন্দ নাথাকে। বুজি নাপায়, পাথৰ বুদ্ধিৰ। ভাগ্যত নাথাকিলে জ্ঞানৰ ধাৰণা কৰিব
নোৱাৰিব। এতিয়া তোমালোকক পিতাই মন্দিৰৰ যোগ্য কৰি আছে। কিন্তু মায়াৰ সংগও কম নহয়।
গোৱা হয় সংগই তৰা তৰায়, কুসংগই ডুবায়। পিতাৰ সংগই তোমালোকক মুক্তি-জীৱনমুক্তিত লৈ
যায় পুনৰ ৰাৱণৰ কুসংগই তোমালোকক দুৰ্গতিত লৈ যায়। 5 বিকাৰৰ সংগ হৈ যায়। ভক্তিত
সৎসংগ বুলি কয় কিন্তু ছিৰি তললৈ নামিয়ে থাকে, ছিৰিত কোনোবা খুন্দা খালে নিশ্চয়
তলতেই পৰিব নহয়! সকলোৰে সৎগতি দাতা একমাত্ৰ পিতাহে। যিকোনো লোকেই ভগৱানক ওপৰলৈ
ইংগিত দিয়েই বুজাব। এতিয়া পিতা নোহোৱাকৈ সন্তানৰ পৰিচয় কোনে দিব? পিতাইহে
সন্তানসকলক নিজৰ পৰিচয় দিয়ে। তেওঁলোকক নিজৰ কৰি লৈ সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান
দিয়ে। পিতাই কয় - মই আহি তোমালোকক আস্তিক কৰি তোলোঁ, ত্ৰিকালদৰ্শীও কৰি তোলোঁ। এইখন
হৈছে ড্ৰামা, এয়া কোনো সাধু সন্ত আদিয়ে নাজানে। সেয়া হৈছে হদৰ ড্ৰামা, এয়া হৈছে
বেহদৰ। এই বেহদৰ ড্ৰামাত আমি সুখো বহুত দেখিছোঁ তেন্তে দুখো বহুত দেখিছোঁ। এই
ড্ৰামাত শ্ৰীকৃষ্ণ আৰু খ্ৰীষ্টানৰ কেনেকুৱা হিচাপ-নিকাচ আছে। তেওঁলোকে ভাৰতৰ লগত
যুদ্ধ কৰি ৰাজ্য ল’লে। এতিয়া তোমালোকে যুদ্ধ নকৰা। তেওঁলোকে নিজৰ মাজত যুদ্ধ কৰে,
ৰাজ্য তোমালোকে পাই যোৱা। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এই কথা কোনেও নাজানে।
জ্ঞান দিওঁতা জ্ঞানৰ সাগৰ এজনেই পিতা, যিজনে সকলোৰে সৎগতি কৰে। ভাৰতত দেৱী-দেৱতাৰ
ৰাজ্য আছিল গতিকে সৎগতি আছিল। বাকী সকলো আত্মা মুক্তিধামত আছিল। ভাৰত সোণৰ আছিল।
তোমালোকেই ৰাজ্য কৰিছিলা। সত্যযুগত সূৰ্যবংশী ৰাজ্য আছিল। এতিয়া তোমালোকে
সত্যনাৰায়ণৰ কথা শুনা। এয়া হৈছে নৰৰ পৰা নৰায়ণ হোৱাৰ কথা। এয়াও ডাঙৰ আখৰেৰে লিখি
দিয়া – সত্য ‘গীতা’ৰ দ্বাৰা ভাৰত সঁচাখণ্ড, অতি মূল্যৱান হৈ যায়। পিতা আহি সত্য
‘গীতা’ শুনায়। সহজ ৰাজযোগ শিকায় গতিকে মূল্যৱান হৈ যায়। বাবাই তেনেকুৱা চুটি
কাহিনীতো বহুত শুনায়, কিন্তু সন্তানসকলে দেহ-অভিমানৰ কাৰণে পাহৰি যায়। আত্ম-অভিমানী
হ’লে ধাৰণাও হয়। দেহ-অভিমানৰ কাৰণে ধাৰণা নহয়।
পিতাই বুজায় - মই জানো
এনেকৈ কওঁ যে মই সৰ্বব্যাপি। মোক কোৱাও যে তুমি মাতা-পিতা... তেন্তে ইয়াৰ অৰ্থ কি?
তোমাৰ কৃপাতে অপাৰ সুখ পাওঁ। এতিয়াতো হৈছে দুখ। এই গায়ন কোন সময়ৰ - এইটোও বুজি
নাপায়। যেনেকৈ পক্ষীয়ে চিঁচিঁয়াই থাকে, অৰ্থ একো নাথাকে। তেনেকৈ এওঁলোকেও চিঁচিঁয়াই
থাকে, অৰ্থ একো নাথাকে। পিতাই বহি বুজায়, এয়া সকলো ভ্ৰষ্টাচাৰী। কোনে তোমালোকক
ভ্ৰষ্টাচাৰী কৰিলে? ৰাৱণে। ভাৰত যেতিয়া সত্যখণ্ড আছিল তেতিয়া সকলোৱে সত্য কৈছিল,
চুৰি প্ৰৱঞ্চনা আদি একো নাছিল। ইয়াত কিমান চুৰি আদি কৰে। জগতততো কেৱল ঠগ-প্ৰৱঞ্চনাই
আছে। ইয়াক কোৱাই হয় - পাপৰ জগত, দুখৰ জগত। সত্যযুগক কোৱা হয় সুখৰ জগত। এইখন হৈছে
লেতেৰা, বেশ্যালয়, সত্যযুগ হৈছে শিৱালয়। পিতাই কিমান ভালকৈ বুজায়। নামো কিমান ভাল -
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়। এতিয়া পিতা আহি বিচাৰ বুদ্ধি সম্পন্ন কৰি
তোলে। তেওঁ কয় - এই বিকাৰসমূহক জয় কৰা তেতিয়া তোমালোক জগতজিৎ হৈ যাবা। এই কামো
মহাশত্ৰু হয়। সন্তানে আহ্বানো এইকাৰণেই জনায় যে আহি আমাক ভগৱান-ভগৱতী কৰি তোলক।
পিতাৰ যথাৰ্থ মহিমা
তোমালোক সন্তানসকলেই জানা। মনুষ্যইতো পিতাকো নাজানে, পিতাৰ মহিমাকো নাজানে। তোমালোকে
জানা যে তেওঁ প্ৰেমৰ সাগৰ। পিতাই তোমালোক সন্তানসকলক ইমান জ্ঞান শুনায়, এয়াই হৈছে
তেওঁৰ মৰম। শিক্ষকে বিদ্যাৰ্থীক পঢ়ায় তেতিয়া বিদ্যাৰ্থী কিহৰ পৰা কি হৈ যায়।
তোমালোক সন্তানসকলো পিতাৰ দৰে প্ৰেমৰ সাগৰ হ'ব লাগে, মৰমেৰে যিকোনো লোককে বুজাব লাগে।
পিতাই কয় - তোমালোকেও ইজনে সিজনক মৰম কৰা। পিতাৰ পৰিচয় দিয়াতো হৈছে সৰ্বোত্তম মৰম।
তোমালোকে গুপ্ত দান কৰা। এজনে আনজনৰ প্ৰতি ঘৃণাৰ ভাৱো ৰাখিব নালাগে। নহ'লে
তোমালোকেও কোব খাব লাগিব। কেতিয়াও কাৰো প্ৰতি ঘৃণাৰ ভাৱ নাৰাখিবা, তিৰস্কাৰ নকৰিবা।
দেহ-অভিমানত অহাৰ বাবেই পতিত হৈছা। পিতাই দেহী-অভিমানী কৰি তুলিলে তোমালোক পৱিত্ৰ
হৈ যোৱা। সকলোকে এইটোৱেই বুজোৱা যে এতিয়া 84ৰ চক্ৰ সম্পূৰ্ণ হৈছে। যি সূৰ্যবংশী
মহাৰজা-মহাৰাণী তেওঁলোকেই পুনৰ 84 জন্ম লৈ লৈ অৱনমিত হৈ এতিয়া গৈ তলত পৰিছে। এতিয়া
পিতাই পুনৰ মহাৰজা-মহাৰাণী কৰি আছে। পিতাই কেৱল কয় - মামেকম্ স্মৰণ কৰা তেতিয়া
পৱিত্ৰ হৈ যাবা। তোমালোক সন্তানসকল দয়াশীল হৈ গোটেই দিন সেৱাৰ খেয়াল চলাই থাকিব লাগে।
পিতাই নিৰ্দেশনা দি থাকে - মৰমৰ সন্তানসকল, দয়াশীল হৈ যিসকল বেচেৰা দুখী আত্মা আছে,
সেই দুখী আত্মাসকলক সুখী কৰি তোলা। তেওঁলোকলৈ বহুত চুটিকৈ চিঠি লিখিব লাগে। পিতাই
কয় মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। এজন শিৱবাবাৰেই মহিমা। মনুষ্যই পিতাৰ
মহিমাৰ বিষয়েও নাজানে। হিন্দীতো চিঠি লিখিব পাৰা। সেৱা কৰিবৰ বাবেও সন্তানসকলৰ
উৎসাহ লাগে। বহুত আছে যি আত্মহত্যা কৰিবৰ বাবে সাজু হয়, তেওঁলোককো বুজাব পাৰা যে
জীৱঘাত মহাপাপ। এতিয়া তোমালোক সন্তানসকলক শ্ৰীমত দিওঁতা হৈছে শিৱবাবা। তেওঁ হৈছে
শ্ৰী শ্ৰী শিৱবাবা। তোমালোকক শ্ৰী লক্ষ্মী-নাৰায়ণ কৰি তোলে। শ্ৰীশ্ৰীতো তেওঁ এজনেই।
তেওঁ কেতিয়াও চক্ৰত নাহে। বাকী তোমালোকে ‘শ্ৰী’ উপাধি পোৱা। আজিকালিতো সকলোকে শ্ৰী
উপাধি দিয়া হয়। ক'ত সেই নিৰ্বিকাৰী, ক'ত এই বিকাৰী - দিন-ৰাতিৰ পাৰ্থক্য। পিতাই
সদায় বুজাই থাকে – আত্ম-অভিমানী হোৱা আৰু সকলোকে বাৰ্তা দিয়া। তোমালোকো পয়গম্বৰৰ
সন্তান। সকলোৰে সৎগতি দাতা এজনেই। বাকী ধৰ্ম প্ৰতিষ্ঠাপকসকলক জানো গুৰু বুলি ক'ব।
সৎগতি দিওঁতা এজনেই। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কাকো ঘৃণা
বা হিংসা কৰিব নালাগে। দয়াশীল হৈ দুখী আত্মাসকলক সুখী কৰাৰ সেৱা কৰিব লাগে। পিতাৰ
সমান মাষ্টৰ প্ৰেমৰ সাগৰ হ'ব লাগে।
(2) "আমি ভগৱানৰ
সন্তান" এইটো নিচা বা আনন্দত থাকিব লাগে। কেতিয়াও মায়াৰ ওলোটা সংগত যাব নালাগে।
আত্ম-অভিমানী হৈ জ্ঞানৰ ধাৰণা কৰিব লাগে।
বৰদান:
পিতাৰ সমান
বৰদানী হৈ প্ৰত্যেকৰে অন্তৰত আৰাম প্ৰদান কৰোঁতা মাষ্টৰ ‘দিলাৰাম’ হোৱা
যিসকল পিতাৰ সমান
বৰদানী মূৰ্ত সন্তান তেওঁলোকে কেতিয়াও কাৰো দুৰ্বলতাক নাচায়, তেওঁলোক সকলোৰে প্ৰতি
দয়াশীল হয়। যেনেকৈ পিতাই কাৰো দুৰ্বলতা অন্তৰত নাৰাখে তেনেকৈ বৰদানী সন্তানসকলেও
কাৰো দুৰ্বলতা অন্তৰত ধাৰণ নকৰে, তেওঁলোক প্ৰত্যেকৰে অন্তৰত আৰাম প্ৰদান কৰোঁতা
মাষ্টৰ ‘দিলাৰাম’ হয় সেয়েহে সংগী হওঁক বা প্ৰজা সকলোৱে তেওঁলোকৰ গুণগান কৰে। সকলোৰে
অন্তৰৰ পৰা এয়াই আশীৰ্বাদ নিগৰে যে এওঁ আমাৰ সদাকালৰ স্নেহী আৰু সহযোগী।
স্লোগান:
সংগমযুগত তেৱেঁই শ্ৰেষ্ঠ আত্মা যি সদায় নিশ্চিন্ত বাদশ্বাহ হৈ থাকে।
মাতেশ্বৰী জীৰ অমূল্য
মহাবাক্য:
1) "জ্ঞানী আত্মা
সন্তানসকলৰ ভুল হ'লে 100 গুণ দণ্ড"
এই অবিনাশী জ্ঞান
যজ্ঞত আহি সাক্ষাৎ পৰমাত্মাৰ হাতত ধৰি আকৌ কাৰণে অকাৰণে যদি তেওঁৰ দ্বাৰা বিকৰ্ম হৈ
যায়, তেন্তে তাৰ শাস্তি বহুত বেছি হয়। যেনেকৈ জ্ঞান ল'লে 100 গুণ লাভ হয় তেনেকৈ
জ্ঞান লোৱাৰ পাছত কিবা ভুল হৈ গ'লে 100 গুণ দণ্ডও হয়, সেয়েহে বহুত সাৱধান হ'ব লাগে।
ভুল কৰি থাকিলে দুৰ্বল হৈ গৈ থাকিবা, সেয়েহে সৰু ডাঙৰ ভুলবোৰ চিনাক্ত কৰি থাকা, আগলৈ
পৰীক্ষণ কৰি গৈ থাকা। চোৱা, যেনেকৈ বিচাৰ বুদ্ধি সম্পন্ন ডাঙৰ ব্যক্তিয়ে বেয়া কাম
কৰিলে তেতিয়া তেওঁৰ কাৰণে শাস্তি বেছি আৰু নীচ অধঃপতিত কোনো ব্যক্তিয়ে ভুল কৰিলে
তেতিয়া তেওঁৰ বাবে ইমান বেছি শাস্তি নহয়। এতিয়া তোমালোকেও পৰমাত্মাৰ সন্তান বুলি
কোৱা গতিকে সিমানেই তোমালোকে দৈৱীগুণ ধাৰণ কৰিব লাগে, সত্য পিতাৰ ওচৰলৈ আহিছা গতিকে
সততাৰে থাকিব লাগে।
2) "পৰমাত্মা সৰ্বজ্ঞ
কেনেকৈ হয়?"
মনুষ্যই কয় পৰমাত্মা
সৰ্বজ্ঞ, এতিয়া সৰ্বজ্ঞৰ অৰ্থ এইটো নহয় যে তেওঁ সকলোৰে অন্তৰৰ কথা জানে। কিন্তু
সৃষ্টি ৰচনাৰ আদি-মধ্য-অন্তক জানোঁতা হয়। বাকী এনেকুৱা নহয় যে পৰমাত্মা ৰচয়িতা,
পালন কৰ্তা আৰু সংহাৰ কৰ্তা ইয়াৰ অৰ্থ হৈছে পৰমাত্মাই জন্ম দিয়ে, খুৱায় আৰু মাৰে,
কিন্তু এনেকুৱা নহয়। মনুষ্যই নিজৰ কৰ্মৰ হিচাপ-নিকাচ অনুসৰি জন্ম লয়, ইয়াৰ অৰ্থ এইটো
নহয় যে পৰমাত্মাই বহি মনুষ্যৰ ভাল সংকল্প, বেয়া সংকল্প আদি জানিব। তেওঁতো জানে যে
অজ্ঞানীসকলৰ অন্তৰত কি চলি থাকে? গোটেই দিন মায়াবী সংকল্প চলি থাকিব আৰু জ্ঞানীৰ
মনত শুদ্ধ সংকল্প চলি থাকিব, বাকী বহি এটি এটি সংকল্প পাঠ কৰি থাকিব জানো?
পৰমাত্মাই জানে যে এতিয়াতো সকলো আত্মাই দুৰ্গতি পাইছে, তেওঁলোকৰ সৎগতি কেনেকৈ হ'ব –
সেয়া সকলো সৰ্বজ্ঞই জানে। এতিয়া মনুষ্য যি কৰ্মভ্ৰষ্ট হৈ গৈছে, তেওঁলোকৰ দ্বাৰা
শ্ৰেষ্ঠ কৰ্ম কৰোৱা, শিকোৱা আৰু তেওঁলোকক কৰ্মবন্ধনৰ পৰা মুক্তি দিয়া, এয়া
পৰমাত্মাই জানে। পৰমাত্মাই কয় – মোৰ অৰ্থাৎ ৰচয়িতাৰ আৰু মোৰ ৰচনাৰ আদি-মধ্য-অন্তৰ
এই গোটেই জ্ঞান মই জানো, তাৰ পৰিচয় তোমালোক সন্তানসকলক দি আছোঁ। এতিয়া তোমালোক
সন্তানসকলে সেইজন পিতাৰ স্মৃতিত নিৰন্তৰ থাকিব লাগে তেতিয়াহে সকলো পাপৰ পৰা মুক্ত
হ’বা অৰ্থাৎ অমৰলোকলৈ যাবা, এতিয়া এয়া জনাটোকে সৰ্বজ্ঞ বুলি কয়। বাৰু। ওঁম্ শান্তি।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
কেতিয়াও সভ্যতা এৰি
সত্যতাক সিদ্ধ কৰিবলৈ চেষ্টা নকৰিবা। সত্যতা চিন হ’ল নম্ৰতা। এই নম্ৰতাই স্থাপনাৰ
কাম সহজ কৰে। যেতিয়ালৈকে নম্ৰ নোহোৱা তেতিয়ালৈকে স্থাপনা কৰিব নোৱাৰা। জ্ঞানৰ শক্তি
হৈছে শান্তি আৰু প্ৰেম। অজ্ঞানৰ শক্তি ক্ৰোধক বহুত ভালকৈ সংস্কাৰ কৰি লৈছা আৰু লগতে
ব্যৱহাৰো কৰি থাকা আকৌ ক্ষমাও বিচাৰি থাকা। এনেকৈ এতিয়া প্ৰতিটো গুণ আৰু জ্ঞানৰ
প্ৰতিটো কথাক সংস্কাৰ কৰি লোৱা তেতিয়া সভ্যতা আহি থাকিব।