22.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে এই দুচকুৰে যি দেখিবলৈ পোৱা সেয়া সকলো পুৰণি সৃষ্টিৰ সামগ্ৰী, সেয়া সমাপ্ত
হৈ যাব, সেইবাবে এই দুখধামক বুদ্ধিৰে পাহৰি যোৱা”
প্ৰশ্ন:
মনুষ্যই পিতাৰ
ওপৰত কোনটো দোষ জাপি দিছে যিটো দোষ দৰাচলতে কাৰোৰে নহয়?
উত্তৰ:
ইমান ডাঙৰ যি বিনাশ হয়, মনুষ্যই ভাবে সেয়া ভগৱানেই কৰায়, দুখো তেৱেঁই দিয়ে, সুখো
তেৱেঁই দিয়ে। এইটো বহুত ডাঙৰ দোষ জাপি দিছে। পিতাই কয় – সন্তানসকল, মই সদায় সুখ দাতা,
মই কাকো দুখ দিব নোৱাৰোঁ। যদি মই বিনাশ কৰাওঁ তেন্তে গোটেই পাপ মোৰ ওপৰত আহি যাব।
সেয়াতো সকলো ড্ৰামা অনুসৰি হয়, মই নকৰাওঁ।
গীত:
ৰাত কে ৰাহী
থক্ মত্ জানা... (নিশাৰ পথিক ভাগৰি নপৰিবা...)
ওঁম্শান্তি।
সন্তানসকলক
শিকাবৰ কাৰণে বহুত ভাল গীত আছে। গীতৰ অৰ্থ ভাঙিলে তোমালোকে জ্ঞান শুনাব পৰা হৈ যাবা।
সন্তানসকলৰ বুদ্ধিততো আছে যে আমি সকলো ‘দিনৰ যাত্ৰা’ত আছোঁ, ‘ৰাতিৰ যাত্ৰা’ পূৰা
হ’ল। ভক্তিমাৰ্গ হৈছেই ‘ৰাতিৰ যাত্ৰা’। অন্ধকাৰত খুন্দা খাবলগীয়া হয়। আধাকল্প
‘ৰাতিৰ যাত্ৰা’ কৰি অৱনমিত হৈ আহিছা। এতিয়া ‘দিনৰ যাত্ৰা’ত আহিছা। এই যাত্ৰা এবাৰেই
কৰা। তোমালোকে জানা স্মৃতিৰ যাত্ৰাৰ দ্বাৰা আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ পুনৰ
সতোপ্ৰধান সত্যযুগৰ মালিক হওঁ। সতোপ্ৰধান হ’লে সত্যযুগৰ মালিক, তমোপ্ৰধান হ’লে
কলিযুগৰ মালিক হোৱা। সেইখনক কোৱা হয় ‘স্বৰ্গ’। এইখনক কোৱা হয় ‘নৰক’। এতিয়া তোমালোক
সন্তানসকলে পিতাক স্মৰণ কৰা। পিতাৰ পৰা সুখেই পোৱা যায়। যিসকলে বেলেগ একো ক’ব নোৱাৰে
সেইসকলে কেৱল এইটো স্মৃতিত ৰাখিবা - শান্তিধাম হৈছে আমাৰ আত্মাসকলৰ ঘৰ, সুখধাম হৈছে
স্বৰ্গৰ বাদশ্বাহী আৰু এতিয়া এইখন হৈছে দুখধাম, ৰাৱণৰাজ্য। এতিয়া পিতাই কয় – এই
দুখধামক পাহৰি যোৱা। যদিও ইয়াত থাকা কিন্তু বুদ্ধিত যাতে এইটো থাকে যে এই দুচকুৰে
যি দেখিবলৈ পোৱা যায় সেয়া সকলো হৈছে ৰাৱণৰাজ্য। এই শৰীৰবোৰ দেখিছা, এয়াও সকলো পুৰণি
সৃষ্টিৰ সামগ্ৰী। এই সকলো সামগ্ৰী এই যজ্ঞত স্বাহা হৈ যাব। সেই পতিত ব্ৰাহ্মণসকলে
যজ্ঞ ৰচিলে তাত যৱ-তিল আদি সামগ্ৰী স্বাহা কৰে। ইয়াততো বিনাশ হ’ব। উচ্চতকৈও উচ্চ
হৈছে পিতা, তাৰ পাছত ব্ৰহ্মা আৰু বিষ্ণু। শংকৰৰ ইমান কোনো ভূমিকা নাই। বিনাশতো হ’বই।
পিতাই বিনাশ কৰাবলৈ এনেকৈ প্ৰেৰিত কৰে যাতে কোনেও পাপৰ ভাগীদাৰ নহয়। যদি কোৱা হয় যে
ভগৱানে বিনাশ কৰায় তেন্তে তেওঁৰ ওপৰত দোষ আহি যাব সেই কাৰণে এই সকলোবোৰ ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। এয়া হৈছে বেহদৰ ড্ৰামা, যাক কোনেও নাজানে। ৰচয়িতা আৰু ৰচনাক
কোনেও নাজানে। নজনাৰ কাৰণে অনাথ হৈ গ’ল। কোনো গৰাকী নাই। ঘৰত যদি পিতা নাথাকে আৰু
পৰস্পৰ কাজিয়া কৰে তেতিয়া কয় - তোমালোকৰ কোনো গৰাকী নাই নেকি! এতিয়াতো কোটি কোটি
মনুষ্য আছে, এওঁলোকৰ কোনো গৰাকী নাই। ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধ লাগি থাকে। এখন ঘৰতেই
সন্তানসকলে পিতাকৰ লগত, পুৰুষে স্ত্ৰীৰ লগত কাজিয়া কৰি থাকে। দুখধামত অশান্তিয়েই আছে।
এনেকৈ কোৱা নহ’ব যে ভগৱান পিতাই কিবা দুখৰ সৃষ্টি কৰে। মনুষ্যই ভাবে দুখ-সুখ সকলো
পিতাইহে দিয়ে কিন্তু পিতাই কেতিয়াও দুখ দিব নোৱাৰে। তেওঁক কোৱাই হয় সুখ দাতা তেন্তে
আকৌ দুখ কেনেকৈ দিব। পিতাইতো কয় - মই তোমালোকক বহুত সুখী কৰি তোলোঁ। প্ৰথমে নিজক
আত্মা বুলি বুজা। আত্মা হৈছে অবিনাশী, শৰীৰ হৈছে বিনাশী। আমাৰ অৰ্থাৎ আত্মাসকলৰ থকা
স্থান হৈছে পৰমধাম, যাক শান্তিধাম বুলিও কোৱা হয়। এই শব্দটি সঠিক। স্বৰ্গক পৰমধাম
বুলি কোৱা নহ’ব। পৰম মানে একেবাৰে সিপাৰে। স্বৰ্গতো ইয়াতেই হয়। মূললোক হৈছে একেবাৰে
সিপাৰে, য’ত আমি আত্মাসকল থাকোঁ। সুখ-দুখৰ ভূমিকা তোমালোকে ইয়াত পালন কৰা। এনেকৈ যি
কোৱা যে অমুক স্বৰ্গলৈ গ’ল - এইটো একেবাৰে ভুল। স্বৰ্গতো ইয়াত নাই। এতিয়াতো হৈছে
কলিযুগ। এই সময়ত তোমালোক হৈছা সংগমযুগী, বাকী সকলো কলিযুগী। এখন ঘৰতেই পিতা যদি
কলিযুগী তেন্তে সন্তান সংগমযুগী। স্ত্ৰী সংগমযুগী, পুৰুষ কলিযুগী..... কিমান
পাৰ্থক্য হৈ যায়। স্ত্ৰীয়ে জ্ঞান লয়, পুৰুষে যদি জ্ঞান নলয় তেন্তে ইজনে-সিজনক সহযোগ
নিদিয়ে। ঘৰত হাই-কাজিয়া হৈ যায়। স্ত্ৰী ফুল হৈ যায়, তেওঁ যি কাঁইট কাঁইটেই হৈ থাকি
যায়। এখন ঘৰতেই সন্তানে জানে মই সংগমযুগী পুৰুষোত্তম পৱিত্ৰ দেৱতা হৈ আছোঁ, কিন্তু
পিতাকে কয় বিয়া কৰি ধ্বংস হৈ নৰকবাসী হোৱা। এতিয়া আত্মিক পিতাই কয় – সন্তানসকল,
পৱিত্ৰ হোৱা। এতিয়াৰ পৱিত্ৰতা 21 জন্মলৈ চলিব। এই ৰাৱণৰাজ্যই বিনাশ হৈ যাব। যাৰ সৈতে
শত্ৰুতা থাকে তেওঁৰ প্ৰতিকৃতি জ্বলায় নহয়। যেনেকৈ ৰাৱণক জ্বলায়। তেন্তে শত্ৰুৰ প্ৰতি
কিমান ঘৃণা থাকিব লাগে। কিন্তু এইটো কোনেও নাজানে যে ৰাৱণ কোন? বহুত খৰচ কৰে।
মনুষ্যক জ্বলাবলৈ ইমান খৰচ নকৰে। স্বৰ্গততো এনেকুৱা কোনো কথা নাথাকে। তাততো বিদ্যুত
প্ৰবাহ চালিত কৰিলে আৰু শেষ। তাত এইটো খেয়াল নাথাকে যে তেওঁৰ মাটি কামত আহিব। তাৰ
নীতি-নিয়ম এনেকুৱা যে কোনো কষ্ট অথবা ক্লান্ত হৈ যোৱাৰ কথা নাথাকে। ইমান সুখ থাকে।
সেয়েহে এতিয়া পিতাই বুজায়- মামেকম্ (কেৱল মোক) স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা। এয়া স্মৰণ
কৰাৰে যুদ্ধ। পিতাই সন্তানসকলক বুজাই থাকে - মৰমৰ সন্তানসকল, নিজৰ ওপৰত মনোযোগ ৰূপী
পহৰা দি থাকিবা। মায়াই যাতে ক’ৰবাত নাক-কাণ কাটি নিদিয়ে কিয়নো শত্ৰু হয় নহয়।
তোমালোকে পিতাক স্মৰণ কৰা আৰু মায়াই ধুমুহাত উৰাই দিয়ে সেই কাৰণে বাবাই কয় -
প্ৰত্যেকে গোটেই দিনৰ খতিয়ান ৰাখিব লাগে যে পিতাক কিমান স্মৰণ কৰিলোঁ? মন ক’লৈ গ’ল?
দিনপঞ্জীত টুকি ৰাখিবা, কিমান সময় পিতাক স্মৰণ কৰিলোঁ? নিজক পৰীক্ষা কৰিব লাগে
তেতিয়া মায়ায়ো চাব এওঁতো বৰ ভাল বাহাদুৰ, নিজৰ ওপৰত ভাল মনোযোগ দিয়ে। পূৰা পহৰা দিব
লাগে। এতিয়া তোমালোক সন্তানসকলক পিতা আহি পৰিচয় দিয়ে। তেওঁ কয় - লাগিলে ঘৰ-সংসাৰৰ
তত্বাৱধান লোৱা কেৱল পিতাক স্মৰণ কৰা। এয়া কোনো সেই সন্ন্যাসীসকলৰ দৰে নহয়। তেওঁলোকে
ভিক্ষা বিচাৰি যায় তথাপিও কৰ্মতো কৰিবলগীয়া হয় নহয়। তোমালোকে তেওঁলোককো ক’ব পাৰা যে
আপোনালোক হঠযোগী, ৰাজযোগ শিকাওঁতা এজনেই ভগৱান। এতিয়া তোমালোক সন্তানসকল সংগমত আছা।
এই সংগমযুগকেই স্মৰণ কৰিবলগীয়া হয়। আমি এতিয়া সংগমযুগত সৰ্বোত্তম দেৱতা হৈ যাওঁ। আমি
উত্তম পুৰুষ অৰ্থাৎ পূজ্য দেৱতা আছিলোঁ, এতিয়া কনিষ্ঠ হৈ গ’লোঁ। কোনো কামৰ হৈ
নাথাকিলোঁ। এতিয়া আমি কি হওঁ, মনুষ্যই যি সময়ত আইনশাস্ত্ৰ আদি পঢ়ে, সেই সময়ত পদ
নাপায়। পৰীক্ষাত উত্তীৰ্ণ হ’ল আৰু পদবীৰ টুপি প্ৰাপ্ত কৰিলে। তেতিয়া গৈ চৰকাৰৰ
সেৱাত লাগি যাব। এতিয়া তোমালোকে জানা যে আমাক উচ্চতকৈও উচ্চ ভগৱানে পঢ়ায় তেন্তে
নিশ্চয় উচ্চতকৈও উচ্চ পদো দিব। এয়া হৈছে লক্ষ্য-উদ্দেশ্য। এতিয়া পিতাই কয় – মামেকম্
স্মৰণ কৰা, মই যি হওঁ, যেনেকুৱা হওঁ, সেয়া বুজাই দিছোঁ। আত্মাসকলৰ পিতা মই বিন্দু
স্বৰূপ হওঁ, মোৰ গোটেই জ্ঞান আছে, তোমালোকৰো জানো আগতে এই জ্ঞান আছিল যে মই আত্মা
বিন্দু স্বৰূপ হওঁ। সেই আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা নিহিত হৈ আছে। যীশুখ্ৰীষ্টই
ভূমিকা পালন কৰি গৈছে, আকৌ নিশ্চয় আহিব নহয়। এতিয়া যীশুখ্ৰীষ্টৰ সকলো অনুগামী উভতি
যাব। যীশুখ্ৰীষ্টৰ আত্মাও এতিয়া তমোপ্ৰধান হ’ল। যিসকল উচ্চতকৈও উচ্চ ধৰ্ম
প্ৰতিষ্ঠাপক আছে, তেওঁলোক এতিয়া তমোপ্ৰধান। এৱোঁ (ব্ৰহ্মা বাবায়ো) কয় - মই বহুত
জন্মৰ অন্তত তমোপ্ৰধান হ’লোঁ, এতিয়া পুনৰ সতোপ্ৰধান হওঁ। তত্ ত্বম্ (তোমালোকৰ
ক্ষেত্ৰতো একে কথা)।
তোমালোকে জানা - আমি
এতিয়া দেৱতা হ’বৰ কাৰণে ব্ৰাহ্মণ হৈছোঁ। বিৰাট ৰূপৰ চিত্ৰৰ অৰ্থ কোনেও নাজানে। এতিয়া
তোমালোক সন্তানসকলে জানা যে আত্মা মৰমৰ ঘৰত থাকে সেয়েহে পৱিত্ৰ হয়। ইয়ালৈ আহিলে
পতিত হয়। তেতিয়া কয় - হে পতিত-পাৱন আহি আমাক পৱিত্ৰ কৰি তোলক তেতিয়া আমি নিজৰ ঘৰ
মুক্তিধামলৈ যাম। এইটো কথাটি ধাৰণ কৰিবৰ বাবে। মনুষ্যই নাজানে যে মুক্তি-জীৱনমুক্তি
কাক কোৱা হয়। মুক্তিধামক শান্তিধাম বুলি কোৱা হয়। জীৱনমুক্তিধামক সুখধাম বুলি কোৱা
হয়। ইয়াত দুখৰ বন্ধন আছে। জীৱনমুক্তিক সুখৰ সম্বন্ধ বুলি কোৱা হ’ব। এতিয়া দুখৰ
বন্ধন দূৰ হৈ যাব। আমি উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰোঁ। গতিকে এইটো নিচা থকা উচিত। আমি
এতিয়া শ্ৰীমত অনুসৰি নিজৰ ৰাজ্য-ভাগ্য স্থাপনা কৰি আছোঁ। জগত অম্বা এক নম্বৰত যায়।
আমিও তেওঁক অনুসৰণ কৰিম। যিসকল সন্তান এতিয়া মাতা-পিতাৰ অন্তৰত অধিষ্ঠিত হয়
তেওঁলোকেই ভৱিষ্যতে সিংহাসনত অধিষ্ঠিত হ’ব। অন্তৰত সেইসকল অধিষ্ঠিত হয় যিয়ে
দিনে-ৰাতিয়ে সেৱাত ব্যস্ত হৈ থাকে। সকলোকে বাৰ্তা দিব লাগে যে পিতাক স্মৰণ কৰক।
পইচা-কড়ি একোৱেই ল’ব নালাগে। তেওঁলোকে ভাবে এওঁলোক ৰাখী বান্ধিবলৈ আহে, কিবা দিব
লাগিব। তেওঁলোকক কোৱা - আমাক অন্য একো নালাগে কেৱল 5 বিকাৰ দান দিয়ক। এই দান ল’বলৈ
আমি আহিছোঁ সেই কাৰণে পৱিত্ৰতাৰ ৰাখী বান্ধোঁ। পিতাক স্মৰণ কৰক, পৱিত্ৰ হওঁক তেতিয়া
এনেকুৱা দেৱতা হৈ যাব। বাকী আমি পইচা আদি একো ল’ব নোৱাৰোঁ। আমি সেই ব্ৰাহ্মণ নহয়।
কেৱল 5 বিকাৰৰ দান দিয়ক তেতিয়াহে গ্ৰহণ আঁতৰিব। এতিয়া কোনো কলা নাই। সকলোৰে ওপৰত
গ্ৰহণ লাগি আছে। তোমালোক ব্ৰাহ্মণ হোৱা নহয়। য’লৈকে নোযোৱা – ক’বা, দান দিলে গ্ৰহণ
আঁতৰিব। পৱিত্ৰ হওঁক। বিকাৰগ্ৰস্ত কেতিয়াও নহ’ব। পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ
হ’ব আৰু তোমালোক ফুল হৈ যাবা। তোমালোকেই ফুল আছিলা আকৌ কাঁইট হৈ গ’লা। 84 জন্ম লৈ
লৈ অৱনমিতহে হৈ আহিছা। এতিয়া উভতি যাব লাগে। বাবাই এওঁৰ দ্বাৰা নিৰ্দেশনা দিছে। তেওঁ
হৈছে উচ্চতকৈও উচ্চ ভগৱান। তেওঁৰ শৰীৰ নাই। বাৰু, ব্ৰহ্মা-বিষ্ণু-শংকৰৰ শৰীৰ আছেনে?
তোমালোকে ক’বা- হয়, সূক্ষ্ম শৰীৰ আছে। কিন্তু সেয়া কোনো মনুষ্যৰ সৃষ্টিতো নহয়। সকলো
খেল ইয়াতে হয়। সূক্ষ্মলোকত নাটক কেনেকৈ চলিব? যেনেকৈ মূললোকততো সূৰ্য-চন্দ্ৰই নাথাকে
তেন্তে নাটকো কিহ’ৰ হ’ব! এয়া (সাকাৰ লোক) হৈছে বৰ বিশাল মঞ্চ। পুনৰ্জন্মও ইয়াতে হয়।
সূক্ষ্ম লোকত নহয়। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই বেহদৰ খেল সমাহিত হৈ আছে। এতিয়া
জ্ঞাত হৈছা যে আমি যিসকল দেৱী-দেৱতা আছিলোঁ পুনৰ কেনেকৈ বাম মাৰ্গত আহোঁ। বাম মাৰ্গ
বিকাৰী মাৰ্গক কোৱা হয়। আধাকল্প আমি পৱিত্ৰ আছিলোঁ, আমাৰেই হৰা আৰু জিকাৰ খেল। ভাৰত
হৈছে অবিনাশী খণ্ড। ভাৰতৰ কেতিয়াও বিনাশ নহয়। যেতিয়া “আদি সনাতন দেৱী-দেৱতা’ ধৰ্ম
আছিল তেতিয়া আন কোনো ধৰ্ম নাছিল। তোমালোকৰ এই কথাবোৰ তেওঁলোকেহে মানিব যিসকলে কল্প
পূৰ্বে মানিছিল। 5 হাজাৰ বছৰতকৈ পুৰণি কোনো বস্তু নাথাকে। সত্যযুগত আকৌ তোমালোকে
প্ৰথমেই গৈ নিজৰ মহল সাজিবা। এনেকুৱা নহয় যে সোণৰ দ্বাৰকা কোনোবা সাগৰৰ তলিত আছে আৰু
সেয়া ওলাই আহিব। এনেকৈ দেখুৱায় যে সাগৰৰ পৰা দেৱতাসকলে মণি-মুকুতাৰে থাল ভৰপূৰ কৰি
দিয়ে। বাস্তৱত সেয়া হৈছে জ্ঞান সাগৰ পিতা যিয়ে তোমালোক সন্তানসকলক জ্ঞান ৰত্নৰ থাল
ভৰপূৰ কৰি দি আছে। দেখুৱায় যে শঙ্কৰে পাৰ্বতীক কথা (কাহিনী) শুনালে। জ্ঞান ৰত্নৰে
জোলোঙা ভৰপূৰ কৰিলে। শংকৰৰ বাবে কয় – ভাং-ধতুৰা আদি খাইছিল, আকৌ তেওঁৰ আগত গৈ কয় -
জোলোঙা ভৰাই দিয়ক, আমাক ধন দিয়ক। তেন্তে চোৱা শংকৰৰো গ্লানি কৰি দিছে। আটাইতকৈ বেছি
গ্লানি মোৰ কৰে। এয়াও হৈছে খেল যি পুনৰ হ’ব। এই নাটকখনক কোনেও নাজানে। মই আহি আদিৰ
পৰা অন্তলৈকে সকলো ৰহস্য বুজাওঁ। এইটোও জানা যে উচ্চতকৈও উচ্চ হৈছে পিতা। বিষ্ণুৰ
পৰা ব্ৰহ্মা আৰু ব্ৰহ্মাৰ পৰা বিষ্ণু কেনেকৈ হয় - এয়া কোনেও বুজিব নোৱাৰে।
এতিয়া তোমালোক
সন্তানসকলে পুৰুষাৰ্থ কৰা যাতে তোমালোক বিষ্ণু কুলৰ হ’ব পাৰা। বিষ্ণুপুৰীৰ মালিক
হ’বলৈ তোমালোক ব্ৰাহ্মণ হৈছা। তোমালোকৰ অন্তৰত আছে - আমি ব্ৰাহ্মণসকলে শ্ৰীমত অনুসৰি
নিজৰ বাবে সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজধানী স্থাপনা কৰি আছোঁ। ইয়াত যুদ্ধ আদিৰ কোনো কথা
নাই। দেৱতা আৰু অসুৰৰ কেতিয়াও যুদ্ধ নহয়। দেৱতাসকল সত্যযুগত থাকে। তাত যুদ্ধ কেনেকৈ
হ’ব। এতিয়া তোমালোক ব্ৰহ্মণসকলে যোগবলৰ দ্বাৰা বিশ্বৰ মালিক হোৱা। বাহুৱলীসকলৰ
বিনাশ হৈ যাব। তোমালোকে শান্তিৰ শক্তিৰে বিজ্ঞানৰ ওপৰত জয় লাভ কৰা। এতিয়া তোমালোক
আত্মা-অভিমানী হ’ব লাগে। আমি আত্মা, আমি নিজৰ ঘৰলৈ যাব লাগে। আত্মা অতি তীব্ৰ বেগী।
এতিয়া এনেকুৱা উৰাজাহাজ ওলাইছে যিয়ে এঘণ্টাৰ ভিতৰত ক’ৰ পৰা ক’লৈ গুচি যায়। এতিয়া
আত্মাতো তাতকৈও তীব্ৰ বেগী। এটা টিলিকিতে আত্মা ক’ৰ পৰা ক’ত গৈ জন্ম লয়। কোনোৱে
বিদেশত গৈয়ো জন্ম লয়। আত্মা সকলোতকৈ বেগী ৰকেট। ইয়াত যন্ত্ৰপাতি আদিৰ একো কথা নাই।
শৰীৰ এৰিলে আৰু দৌৰিল। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি ঘৰলৈ যাব লাগে,
পতিত আত্মাতো যাব নোৱাৰে। তোমালোক পাৱন হৈয়েই যাবা বাকীতো সকলোৱে শাস্তি ভোগ কৰি
যাব। শাস্তিতো বহুত পায়। তাততো গৰ্ভ মহলত আৰামত থাকে। সন্তানসকলে সাক্ষাৎকাৰ কৰিছে।
কৃষ্ণৰ জন্ম কেনেকৈ হয়, কোনো লেতেৰা কথা নাই। একেবাৰে যেন আলোকিত হৈ যায়। এতিয়া
তোমালোক বৈকুণ্ঠৰ মালিক হ’বলৈ ওলাইছা গতিকে এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। খোৱা-বোৱা
শুদ্ধ পৱিত্ৰ হ’ব লাগে। দাইল-ভাত সকলোতকৈ ভাল। ঋষিকেশত সন্ন্যাসীসকলে এখন খিৰিকীৰেই
আহাৰ লৈ গুচি যায়। বিভিন্ন ধৰণৰ থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ ওপৰত
মনোযোগ ৰূপী পহৰা পূৰা দিব লাগে। মায়াৰ পৰা নিজক সাৱধানে ৰাখিব লাগে। স্মৃতিৰ সঁচা
সঁচা খতিয়ান ৰাখিব লাগে।
(2) মাতা-পিতাক
অনুসৰণ কৰি অন্তৰ আসনত অধিষ্ঠিত হ’ব লাগে। দিনে-ৰাতিয়ে সেৱাত তৎপৰ হৈ থাকিব লাগে।
সকলোকে বাৰ্তা দিব লাগে যে পিতাক স্মৰণ কৰক। 5 বিকাৰ দান দিয়ক তেতিয়া গ্ৰহণ আঁতৰিব।
বৰদান:
‘বোধ’ আৰু
‘সাৰ’ৰ সন্তুলনৰ দ্বাৰা নিজস্বতা স্বাহা কৰোঁতা বিশ্ব পৰিৱৰ্তক হোৱা
‘বোধ’ অৰ্থাৎ জ্ঞানৰ
মূল কথাবোৰ বোধগম্য হোৱা আৰু ‘সাৰ’ অৰ্থাৎ সৰ্বশক্তি স্বৰূপ স্মৃতি আৰু সমৰ্থ
স্বৰূপ। এই দুয়োটাৰ সন্তুলন থাকিলে নিজস্বতা বা পুৰণি সকলো স্বাহা হৈ যাব। প্ৰতিটো
চেকেণ্ড, প্ৰতিটো সংকল্প, প্ৰতিষাৰ বাণী আৰু প্ৰতিটো কৰ্ম বিশ্ব পৰিৱৰ্তনৰ সেৱাৰ
প্ৰতি স্বাহা হৈ গ’লে বিশ্ব পৰিৱৰ্তক স্বতঃ হৈ যাবা। যি নিজৰ দেহৰ স্মৃতি সহিত
স্বাহা হৈ যায় তেওঁৰ শ্ৰেষ্ঠ প্ৰকম্পনৰ দ্বাৰা বায়ুমণ্ডল সহজে পৰিৱৰ্তন হৈ যায়।
স্লোগান:
প্ৰাপ্তিসমূহ স্মৃতিলৈ আনা তেতিয়া দুখ বা অশান্তিৰ কথাবোৰ পাহৰি যাবা।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
শ্ৰেষ্ঠ কৰ্মৰ আধাৰ
হৈছে পৱিত্ৰতা। কিন্তু পৱিত্ৰতা কেৱল ব্ৰহ্মচৰ্য নহয়। এয়াও শ্ৰেষ্ঠ কিন্তু মনেৰে
সংকল্পতো যদি কোনো আত্মাৰ প্ৰতি বিশেষ আকৰ্ষণ বা অধীনতা আহি গ’ল, কোনো আত্মাৰ
বিশেষত্বৰ বাবে প্ৰভাৱিত হৈ গ’লা বা তেওঁৰ প্ৰতি নেতিবাচক সংকল্প চলিল, এনেকুৱা বাণী
বা শব্দ উচ্চাৰিত হ’ল যি মৰ্যাদাপূৰ্বক নহয় তেন্তে তাকো পৱিত্ৰতা বুলি কোৱা নহ’ব।