22.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ইয়ালৈ তোমালোক পৰিৱৰ্তন হ'বলৈ আহিছা, তোমালোকে আসুৰিক গুণবোৰ পৰিৱৰ্তন কৰি দৈৱী গুণ ধাৰণ কৰিব লাগে, এই পঢ়া হৈছে দেৱতা হ’বৰ বাবে”

প্ৰশ্ন:
তোমালোক সন্তানসকলে কোনটো পাঠ কেৱল পিতাৰ পৰাহে পঢ়া, আন কোনেও পঢ়াব নোৱাৰে?

উত্তৰ:
মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠ, অপৱিত্ৰৰ পৰা পৱিত্ৰ হৈ নতুন সৃষ্টিলৈ যোৱাৰ পাঠ এজন পিতাৰ বাহিৰে আন কোনেও পঢ়াব নোৱাৰে। পিতাইহে সহজ জ্ঞান আৰু ৰাজযোগৰ পঢ়াৰ দ্বাৰা পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ স্থাপনা কৰে।

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায়। বাস্তৱত দুয়োগৰাকী পিতা, এজন হদৰ আৰু এজন বেহদৰ। সেইজন পিতাও আৰু এইজন পিতাও আছে। বেহদৰ পিতা আহি পঢ়ায়। সন্তানসকলে জানে যে আমি নতুন সৃষ্টি সত্যযুগৰ বাবে পঢ়ি আছোঁ। এনেকুৱা পাঠ ক'তো পাব নোৱাৰি। তোমালোক সন্তানসকলে সৎসংগতো বহুত কৰিলা। তোমালোক ভক্ত আছিলা নহয়। নিশ্চয় গুৰুৰ শৰণ লৈছিলা, শাস্ত্ৰ অধ্যয়ন কৰিছিলা। কিন্তু এতিয়া পিতা আহি জগাইছে। পিতাই কয় - এতিয়া এই পুৰণি সৃষ্টি পৰিৱৰ্তন হ’ব। এতিয়া মই তোমালোকক নতুন সৃষ্টিৰ বাবে পঢ়াওঁ, তোমালোকৰ শিক্ষক হওঁ। কোনো গুৰুক শিক্ষক বুলি কোৱা নহয়। স্কুলত শিক্ষকে পঢ়ায় যাৰ দ্বাৰা উচ্চ পদ পায়। কিন্তু তেওঁ পঢ়ায় ইয়াৰ (পুৰণি সৃষ্টিৰ) কাৰণে। এতিয়া তোমালোকে জানা আমি যি পাঠ পঢ়োঁ সেয়া নতুন সৃষ্টিৰ বাবে। সোণালীযুগী বিশ্ব বুলি কোৱা হয়। এইটোতো জানা যে এই সময়ত আসুৰি অৱগুণ পৰিৱৰ্তন কৰি দৈৱী গুণ ধাৰণ কৰিব লাগে। ইয়ালৈ তোমালোক পৰিৱৰ্তন হ'ব আহিছা। চৰিত্ৰৰ মহিমা গোৱা হয়। দেৱতাসকলৰ আগত গৈ কয় - আপুনি এনেকুৱা, আমি এনেকুৱা। তোমালোকে এতিয়া লক্ষ্য আৰু উদ্দেশ্য পাইছা। ভৱিষ্যতৰ বাবে পিতাই নতুন সৃষ্টিও স্থাপনা কৰি আছে আৰু তোমালোকক পঢ়ায়ো। তাততো বিকাৰৰ কথাই নাই। তোমালোক ৰাৱণৰ ওপৰত বিজয়ী হোৱা, ৰাৱণৰাজ্যতেই সকলো পতিত (বিকাৰী) হয়। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। এতিয়াতো হৈছে পঞ্চায়তীৰাজ। তাৰ পূৰ্বে ৰজা-ৰাণীৰ ৰাজ্য আছিল, কিন্তু সেয়াও পতিত আছিল। সেই পতিত ৰজাসকলৰ মন্দিৰো থাকে নিৰ্বিকাৰী দেৱতাসকলৰ পূজা কৰিছিল। জানিছিল সেই দেৱতাসকল অতীতত হৈ গৈছে। এতিয়া তেওঁলোকৰ ৰাজ্য নাই। পিতাই আত্মাসকলক পাৱন কৰি তোলে আৰু সোঁৱৰায়ো দিয়ে যে তোমালোক দেৱতা শৰীৰধাৰী আছিলা। তোমালোক আত্মা আৰু শৰীৰ দুয়োটা পৱিত্ৰ আছিল। এতিয়া পুনৰাই পিতা আহি পতিতৰ পৰা পাৱন কৰি তোলে, সেইবাবেই তোমালোক ইয়ালৈ আহিছা।

পিতাই অধ্যাদেশ উলিয়াইছে সন্তানসকল, কাম মহাশত্ৰু। ই তোমালোকক আদি-মধ্য-অন্ত দুখ দিয়ে। এতিয়া তোমালোক গৃহস্থালিত থাকি পাৱন হ'ব লাগে। এনেকুৱা নহয় যে দেৱী-দেৱতাসকলৰ পৰস্পৰ মৰম-চেনেহ নাথাকে কিন্তু তাত বিকাৰী দৃষ্টি নাথাকে, নিৰ্বিকাৰী হৈ থাকে। পিতায়ো কয় গৃহস্থালিত থাকি পদুম ফুলৰ দৰে হোৱা। নিজৰ ভৱিষ্যৎ এনেকুৱা কৰি তুলিব লাগে যেন তোমালোক পৱিত্ৰ যোৰা আছিলা। প্ৰত্যেক আত্মাই ভিন্ন নাম ৰূপ লৈ ভূমিকা পালন কৰি আহিছে। এতিয়া তোমালোকৰ এয়া হ'ল অন্তিম ভূমিকা। পৱিত্ৰতাৰ কাৰণে বহুত বিভ্ৰান্ত হয় যে কি কৰোঁ, কেনেকৈ সঙ্গী হৈ থাকোঁ। সঙ্গী হৈ থকাৰ অৰ্থ কি? বিদেশত যেতিয়া বুঢ়া হয় তেতিয়া সঙ্গীৰ বাবে বিয়া পাতি লয়, তত্ত্বাৱধানৰ বাবে। এনেকুৱা বহুত আছে যিসকলে ব্ৰহ্মচাৰী হৈ থাকিবলৈ পচন্দ কৰে। সন্ন্যাসীসকলৰতো কথা বেলেগ, গৃহস্থালিত থকাও বহুত আছে যিসকলে বিবাহ পাশত আৱদ্ধ হোৱাটো পচন্দ নকৰে। বিবাহ পাশত আৱদ্ধ হোৱা আকৌ সতি-সন্ততি আদি চম্ভালা, এনেকুৱা জাল পেলাবই বা লাগে কিয় য’ত নিজেই আবদ্ধ হৈ যায়। এনেকুৱা বহুত ইয়ালৈও আহে। ব্ৰহ্মচাৰী হৈ থকা 40 বছৰ পাৰ হৈ গ’ল, তাৰপাছত কি বিয়া পাতিব। স্বতন্ত্ৰ হৈ থাকিবলৈ পচন্দ কৰে। পিতা তেওঁলোকক দেখি আনন্দিত হয়। এওঁতো হয়েই বন্ধনমুক্ত, বাকী থাকিল শৰীৰৰ বন্ধন, সেই ক্ষেত্ৰত দেহ সহিত সকলোকে পাহৰিব লাগে, কেৱল এজন পিতাকেই স্মৰণ কৰিব লাগে। কোনো দেহধাৰী যীশুখ্ৰীষ্ট আদিক স্মৰণ কৰিব নালাগে। নিৰাকাৰ শিৱতো দেহধাৰী নহয়। তেওঁৰ নাম হৈছে শিৱ। শিৱৰ মন্দিৰো আছে। আত্মাৰ 84 জন্মৰ ভূমিকা প্ৰাপ্ত হৈছে। এইখন অবিনাশী ড্ৰামা, ইয়াত একোৱেই সলনি হ’ব নোৱাৰে।

তোমালোকে জানা পোন-প্ৰথমে আমাৰ যি শ্ৰেষ্ঠ ধৰ্ম, কৰ্ম আছিল সেয়া এতিয়া ভ্ৰষ্ট হৈ গৈছে। এনেকুৱা নহয়, দেৱতা ধৰ্মই নাইকিয়া হ’ল। গায়নো কৰে দেৱতাসকল সৰ্বগুণ সম্পন্ন আছিল, লক্ষ্মী-নাৰায়ণ দুয়ো পৱিত্ৰ আছিল। পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল। এতিয়া অপৱিত্ৰ প্ৰবৃত্তি মাৰ্গ। 84 জন্মত ভিন্ন ভিন্ন নাম ৰূপ সলনি কৰি আহিছে। পিতাই কৈছে - অতি মৰমৰ সন্তানসকল, তোমালোকে নিজৰ জন্মক নাজানা, মই তোমালোকক 84 জন্মৰ কাহিনী শুনাওঁ। সেয়েহে নিশ্চয় প্ৰথম জন্মৰ পৰা বুজাব লাগে। তোমালোকে পৱিত্ৰ আছিলা এতিয়া বিকাৰী হৈ গ’লা সেয়েহে দেৱতাসকলৰ আগত গৈ নতশিৰ হোৱা। খ্ৰীষ্টান লোকসকলে যীশুখ্ৰীষ্টৰ আগত, বৌদ্ধ ধৰ্মৰ লোকসকলে বুদ্ধৰ আগত, শিখসকলে গুৰুনানকৰ দৰবাৰৰ আগত গৈ মূৰ দোঁৱায়। ইয়াৰ পৰাই বুজি পোৱা যায় যে এওঁলোক কি পন্থৰ। তোমালোকৰ কাৰণেতো কৈ দিয়ে যে এওঁলোক হিন্দু। আদি সনাতন দেৱী-দেৱতা ধৰ্ম ক’লৈ গ’ল, এয়া কোনেও গম নাপায়। প্ৰায় লোপ হৈ গৈছে। ভাৰতত চিত্ৰতো অনেক তৈয়াৰ কৰা হৈছে। মনুষ্যৰো অনেক মত। শিৱৰো অনেক নাম ৰাখি দিছে। আচলতে তেওঁৰ এটাই নাম শিৱ। এনেকুৱাও নহয় যে তেওঁ পুনৰ্জন্ম লৈছে। তেতিয়া নাম পুনৰ লৈ আছে নহয়। মনুষ্যৰ অনেক মত সেয়ে অনেক নাম ৰাখে। শ্ৰীনাথ দ্বাৰলৈ যোৱা তাতো সেই লক্ষ্মী-নাৰায়নেই বহি আছে। জগন্নাথ মন্দিৰতো মূৰ্তি সেইটোৱেই। নাম ভিন্ন ভিন্ন ৰাখিছে। যেতিয়া তোমালোক সূৰ্যবংশী আছিলা তেতিয়া পূজা আদি নকৰিছিলা। তোমালোকে গোটেই বিশ্বত ৰাজত্ব কৰিছিলা। সুখী আছিলা। শ্ৰীমতত শ্ৰেষ্ঠ ৰাজ্য স্থাপনা কৰিছিলা। সেইখনক সুখ ধাম বুলি কোৱা হয়। অন্য কোনেও এনেকৈ নক’ব যে আমাক পিতাই পঢ়াই আছে, মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি আছে। চিহ্নও আছে, নিশ্চয় তেওঁলোকৰে ৰাজ্য আছিল। তাত দূৰ্গ আদি নাথাকে। দূৰ্গ আদি সজায় নিৰাপত্তাৰ বাবে। এই দেৱী-দেৱতাসকলৰ ৰাজ্যত দূৰ্গ আদি নাছিল। যুদ্ধ কৰোঁতা কোনো নাথাকে। এতিয়া তোমালোকে জানা আমি সেই দেৱী-দেৱতা ধৰ্মলৈ স্থানান্তৰিত হৈ আছোঁ। তাৰবাবে তোমালোকে ৰাজযোগৰ পাঠ পঢ়ি আছা। বাদশ্বাহী পাবা। ভগৱানুবাচ মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। এতিয়াতো কোনো ৰজা-ৰাণী নাই। কিমান কাজিয়া-পেচাল আদি হৈ থাকে। এয়া হ’ল কলিযুগ, লৌহযুগী বিশ্ব। তোমালোকে সোণালী যুগত আছিলা। এতিয়া পুনৰ পুৰুষোত্তম সংগমযুগত থিয় হৈ আছা। পিতা তোমালকক প্ৰথম নম্বৰত লৈ যাবলৈ আহিছে, সকলোৰে কল্যাণ কৰে। তোমালোকে জানা আমাৰো কল্যাণ হয়, প্ৰথমে আমি নিশ্চয় সত্যযুগত আহিম। বাকী যিবোৰ ধৰ্মৰ আছে, সকলো শান্তিধামলৈ গুচি যাব। পিতাই কয় - সকলো পৱিত্ৰও নিশ্চয় হ’ব লাগে। তোমালোক হয়েই পৱিত্ৰ দেশৰ নিবাসী, যাক নিৰ্বাণধাম বুলি কোৱা হয়। বাণীৰ সিপাৰে কেৱল অশৰীৰী আত্মাসকল থাকে। পিতা এতিয়া তোমালোকক বাণীৰ সিপাৰে লৈ যায়। এনেকৈতো কোনেও ক’ব নোৱাৰে যে আমি তোমালোকক নিৰ্বাণধাম, শান্তিধামলৈ লৈ যাওঁ। তেওঁলোকেতো কয় - আমি ব্ৰহ্মত লীন হৈ যাম। তোমালোক সন্তানসকলে জানা যে এতিয়া এইখন তমোপ্ৰধান সৃষ্টি, তোমালোকে ইয়াত সোৱাদ নোপোৱা সেয়েহে নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ কৰিবলৈ ভগৱান ইয়ালৈ আহিব লাগে। শিৱ জয়ন্তীও ইয়াত পালন কৰে। তেন্তে আহি কি কৰে? কোনোবাই কওঁক। যিহেতু জয়ন্তী পালন কৰে তেন্তে নিশ্চয় আহে নহয় জানো। ৰথত বিৰাজমান হয়। তেওঁলোকে আকৌ সেই ঘোঁৰাৰ গাড়ী ৰথ দেখুৱাইছে। পিতাই বহি শুনায় - মই কোনখন ৰথত আৰোহন কৰোঁ সেয়া সন্তানসকলক কওঁ। এই জ্ঞান আকৌ লোপ হৈ যায়। এওঁৰ 84 জন্মৰ অন্তত বাবা আহিবলগীয়া হয়। এই জ্ঞান অন্য কোনেও দিব নোৱাৰে। জ্ঞান হ’ল দিন, ভক্তি হ’ল ৰাতি। অৱনমিত হৈয়েই থাকে। ভক্তিৰ কিমান জাকজমকতা আছে, কিমান কুম্ভৰ মেলা, অমুক মেলা লাগিয়েই থাকে। এনেকৈ কোনেও নকয় যে এতিয়া তোমালোক পৱিত্ৰ হৈ নতুন সৃষ্টিলৈ যাব লাগে, পিতাই কয় - এতিয়া সঙ্গমযুগ। তোমালোকে পঢ়িবলৈ পাঠো সেয়াই পোৱা যি কল্প পূৰ্বে পাইছিলা, মনুষ্যৰ পৰা দেৱতা হৈছিলা। গায়নো আছে - মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে…. নিশ্চয় পিতায়েই কৰি তুলিব নহয়। তোমালোকে জানা আমি অপৱিত্ৰ গৃহস্থ ধৰ্মত আছিলোঁ। এতিয়া পিতা আহি পুনৰ পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰ কৰি তোলে। তোমালোকে বহুত উচ্চ পদৱী পোৱা। উচ্চতকৈও উচ্চ পিতাই কিমান উচ্চ কৰি তোলে। পিতাৰ হৈছে শ্ৰী শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মত। আমি শ্ৰেষ্ঠ হৈ যাওঁ। শ্ৰী শ্ৰীৰ অৰ্থ কোনেও নাজানে। একমাত্ৰ শিৱবাবাৰহে এইটো উপাধি কিন্তু তেওঁলোকে আকৌ নিজক শ্ৰী শ্ৰী বুলি কৈ দিয়ে। মালা জপি থাকে। মালা হ’ল 108ৰ, তেওঁলোকে 16108ৰ দেখুৱাইছে। তাৰে 8 (আঠ) ৰত্নতো আহিবই লাগে। চাৰিযোৰ আৰু এজন পিতা। আঠ ৰত্ন আৰু নৱম ৰত্নটি হৈছোঁ মই। তেওঁলোকক ৰত্ন বুলি কয়। তেওঁলোকক এনেকৈ গঢ়ি তোলোঁতাজন হৈছে পিতা। তোমালোকে পিতাৰ দ্বাৰা পাৰস বুদ্ধিৰ হোৱা। ৰেঙ্গুনত এটা পুখুৰী আছে, কোৱা হয় তাত স্নান কৰিলে পৰী হৈ যায়। বাস্তৱত এয়া হ’ল জ্ঞান স্নান, যাৰ দ্বাৰা তোমালোক দেৱতা হৈ যোৱা। বাকী সেয়া সকলো হ’ল ভক্তিমাৰ্গৰ কথা। এইটোতো কেতিয়াও হ’ব নোৱাৰে যে পানীত স্নান কৰিলে পৰী হৈ যাব। এয়া সকলো ভক্তিমাৰ্গ। কি কি কথা সাজি দিছে। একোৱেই বুজি নাপায়। এতিয়া তোমালোকে বুজি পোৱা যে তোমালোকৰ স্মৃতিচিহ্ন দেলৱাড়া, গুৰুশিখৰ আদি আছে। পিতা বহুত উচ্চত থাকে নহয় জানো। তোমালোকে জানা পিতা আৰু আত্মাসকল য’ত নিবাস কৰে, সেয়া হৈছে মূললোক। সূক্ষ্মলোকতো কেৱল সাক্ষাৎকাৰ মাত্ৰ। সেয়া কোনো সৃষ্টি নহয়। সূক্ষ্মলোক বা মূললোকৰ ক্ষেত্ৰত এনেকৈ কোৱা নহয় যে বিশ্বৰ ইতিহাস পুনৰাবৃত্তি হয়। বিশ্বতো এখনেই। এই বিশ্বৰ ইতিহাস পুনৰাবৃত্তি হয় বুলি কোৱা হয়।

মনুষ্যই কয় - বিশ্বত শান্তি হওঁক। এইটো নাজানে যে আত্মাৰ স্বধৰ্মই শান্ত। বাকী জংঘলত কিবা শান্তি পোৱা যায় জানো। তোমালোক সন্তানসকলে সুখ আৰু সকলোৱে শান্তি প্ৰাপ্ত কৰা। যিয়েই আহে প্ৰথমে শান্তিধামলৈ গৈ সুখধামলৈ আহে। বহুতে ক’ব - আমি জ্ঞান নাই লোৱা, পাছৰফালে আহিম গতিকে বাকী ইমান সময় মুক্তিধামত থাকিম। এইটোতো ভাল, বহুত সময় মুক্তিত থাকিম। ইয়াত এটা দুটা জন্মৰ পদ পাম। সেইটো কি হ’ল? যেনেকৈ মহ জন্মে আৰু মৰি যায়। তেন্তে এটা জন্মত ইয়াত কি সুখ আছে। সেইটোতো কোনো কামৰ নহ’ল যেন ভূমিকাই নাই। তোমালোকৰ ভূমিকাতো বহুত উচ্চ। তোমালোকৰ সমান সুখ কোনেও দেখিব নোৱাৰে। সেয়েহে পুৰুষাৰ্থ কৰিব লাগে। কৰিও থাকে। কল্প পূৰ্বেও তোমালোকেও পুৰুষাৰ্থ কৰিছিলা। নিজৰ পুৰুষাৰ্থ অনুসাৰে প্ৰালব্ধ পাইছা। পুৰুষাৰ্থ অবিহনেতো প্ৰালব্ধ পাব নোৱাৰে। পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। পিতাই কয় - এই ড্ৰামাখনো ৰচি থোৱা আছে। তোমালোকৰো পুৰুষাৰ্থ হৈ যাব। এনেয়েতো চলিব নোৱাৰে। তোমালোকে পুৰুষাৰ্থতো নিশ্চয় কৰিব লাগে। পুৰুষাৰ্থৰ অবিহনে কিবা হয় জানো? কাহ নিজে নিজে কেনেকৈ ঠিক হ’ব? ঔষধ খোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। কোনো কোনোৱে এনেয়ে ড্ৰামাৰ ওপৰত এৰি দিয়ে, যি ড্ৰামাত আছে সেয়া হ’ব। এনেকুৱা ওলোটা জ্ঞান বুদ্ধিত ধাৰণ কৰিব নালাগে। এয়াও মায়াই বিঘিনি আনে, সন্তানে পঢ়িবলৈকে এৰি দিয়ে। ইয়াকে মায়াৰ হাতত পৰাজিত হোৱা বুলি কোৱা হয়। যুদ্ধ হয় নহয়। সেয়াও দুৰ্দান্ত। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰেষ্ঠ ৰাজ্য স্থাপনা কৰিবলৈ শ্ৰীমতত চলি পিতাৰ সহায়কাৰী হ’ব লাগে। যেনেকৈ দেৱতাসকল নিৰ্বিকাৰী তেনেকৈ গৃহস্থালিত থাকি নিৰ্বিকাৰী হ’ব লাগে। পৱিত্ৰ প্ৰবৃত্তি গঢ়ি তুলিব লাগে।

(2) ড্ৰামাৰ কথাবোৰ ওলোটা ৰূপত ব্যৱহাৰ কৰিব নালাগে। ড্ৰামা বুলি কৈ বহি যাব নালাগে। পঢ়াৰ প্ৰতি পূৰা ধ্যান দিব লাগে। পুৰুষাৰ্থৰ দ্বাৰা নিজৰ শ্ৰেষ্ঠ প্ৰালব্ধ গঢ়িব লাগে।

বৰদান:
পদুম ফুলৰ প্ৰতীক বুদ্ধিত ৰাখি নিজক আৰ্হি বুলি বুজোঁতা উপৰাম আৰু স্নেহী হোৱা

প্ৰবৃত্তিত থকাসকলৰ প্ৰতীক হৈছে ‘পদুম ফুল’। সেয়েহে পদুম ফুল হোৱা আৰু কাৰ্যত ৰূপায়িত কৰা। যদি কাৰ্যত ৰূপায়িত নকৰা তেন্তে পদুম ফুল হ’ব নোৱাৰা। গতিকে কমল ফুলৰ প্ৰতীক বুদ্ধিত ৰাখি নিজক আৰ্হি বুলি বুজি চলা। সেৱা কৰোঁতে উপৰাম আৰু স্নেহী হোৱা। কেৱল স্নেহী নহ’বা কিন্তু উপৰাম হৈ স্নেহী হোৱা কিয়নো স্নেহ কেতিয়াবা আসক্তিৰ ৰূপলৈ পৰিৱৰ্তন হৈ যায়, সেয়েহে যিকোনো সেৱা কৰি উপৰাম আৰু স্নেহী হোৱা।

স্লোগান:
স্নেহৰ চত্ৰছায়াৰ ভিতৰলৈ মায়া আহিব নোৱাৰে।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া প্ৰতিটো কৰ্ম আনন্দত নাচি-গাই কৰা। যেনেকৈ স্থূল নৃত্য কৰোঁতে শৰীৰৰ ব্যায়াম হৈ যায়, ভিন্ন ভিন্ন ভংগীত নৃত্য কৰে। তেনেকৈ কৰ্মৰ ভিন্ন ভিন্ন ভংগীত আনন্দৰ নৃত্য কৰা। কেতিয়াবা হাতেৰে কৰ্ম কৰি, কেতিয়াবা ভৰিৰে… তেন্তে এয়া কাম নকৰা কিন্তু ভিন্ন ভিন্ন নৃত্যৰ ভংগীমা কৰা। গতিকে কৰ্মযোগী হোৱা অৰ্থাৎ ভিন্ন ভিন্ন প্ৰকাৰে আনন্দত নৃত্য কৰা।


 
`