22.06.25 Avyakt Bapdada
Assame
Murli
12.12.2005 Om Shanti Madhuban
“*“এতিয়া মঞ্চত স্নেহ
আৰু সহযোগৰ ৰূপৰেখা আনা, প্ৰত্যেককে গুণ আৰু শক্তিসমূহ উপহাৰ দিয়া”*”
আজি পৰমাত্ম পিতাই
নিজৰ চাৰিওফালৰ পৰমাত্ম স্নেহৰ অধিকাৰী সন্তানসকলক চাই আছেহঁক। এই পৰমাত্ম স্নেহ
বিশ্বত কোটিৰ মাজত কাৰোবাৰ প্ৰাপ্ত হয়। এই পৰমাত্ম স্নেহ নিঃস্বাৰ্থ স্নেহ কিয়নো
একমাত্ৰ পৰমাত্মা পিতাহে নিৰাকাৰ, নিৰহংকাৰী। মনুষ্য আত্মা শৰীৰধাৰী হোৱাৰ কাৰণে
কিবা নহয় কিবা স্বাৰ্থ আহিয়েই যায়। পৰমাত্ম পিতাইহে নিজৰ সন্তানসকলক এনেকুৱা
নিঃস্বাৰ্থ স্নেহ দিয়ে। পৰমাত্ম স্নেহ ব্ৰাহ্মণ জীৱনৰ বিশেষ আধাৰ। ব্ৰাহ্মণ জীৱনৰ
জীৱদান। যদি ব্ৰাহ্মণ জীৱনত পৰমাত্ম স্নেহৰ অনুভৱ কম, তেন্তে স্নেহ অবিহনে জীৱন
ৰমণীয় নহয়, নিৰস জীৱন হৈ যায়। পৰমাত্ম স্নেহেই জীৱনত সদায় সঙ্গও দিয়ে আৰু সঙ্গী হৈ
সদায় সহযোগী হৈ থাকে। য’ত স্নেহ আছে, সঙ্গ আছে ত’ত সকলোখিনি সহজ আৰু সৰল হৈ যায়।
পৰিশ্ৰমৰ অনুভৱ নহয়। এনেকুৱা অনুভৱ আছে নহয়! পৰমাত্ম স্নেহী কোনো ব্যক্তি বা সাধনৰ
আকৰ্ষণত আহিব নোৱাৰে কিয়নো পৰমাত্ম আকৰ্ষণ, পৰমাত্ম স্নেহে এনেকুৱা অনুভৱ কৰায় যে
স্নেহৰ কাৰণে সদায় স্নেহত লীন হৈ থাকে, যাক জগতৰ লোকে পৰমাত্মাত লীন হোৱা বুলি বুজি
লৈছে। পৰমাত্মাত লীন নহয় কিন্তু পৰমাত্ম স্নেহত লীন হৈ যায়।
বাপদাদাই চাৰিওফালৰ সন্তানসকলক চায় – পৰমাত্ম স্নেহীতো সকলো হয় কিন্তু এবিধ হ’ল
স্নেহী সন্তান, আনবিধ স্নেহত লীন হৈ থকা সন্তান। গতিকে নিজকে সোধা স্নেহীতো সকলো হয়,
কিন্তু স্নেহত লীন হৈ কিমান থাকা? স্নেহত লীন হৈ থকা সন্তানসকলৰ লক্ষণ হৈছে তেওঁলোক
সহজে সদায় পৰমাত্ম আজ্ঞা অনুসৰি চলে। আজ্ঞা মানিও থাকে আৰু দেহবোধৰ পৰা উছৰ্গিত হৈও
থাকে কিয়নো স্নেহত উছৰ্গিত হোৱা কঠিন নহয়। সকলোতকৈ প্ৰথম আজ্ঞা – যোগী হোৱা, পৱিত্ৰ
হোৱা। পিতাৰ সন্তানসকলৰ প্ৰতি স্নেহ থকাৰ কাৰণে সন্তানসকলে পৰিশ্ৰম কৰা চাই থাকিব
নোৱাৰে কিয়নো পিতাই জানে 63 জন্ম বহুত পৰিশ্ৰম কৰিলে, এতিয়া এই অলৌকিক জন্ম
পৰিশ্ৰমৰ পৰা মুক্ত হৈ অতীন্দ্ৰিয় সুখৰ উল্লাসত থাকিব লাগে। তেন্তে আনন্দ-উল্লাসত
আছানে নে পৰিশ্ৰম কৰিবলগীয়া হয়? স্নেহত আজ্ঞা অনুসৰি চলিবলৈ পৰিশ্ৰম নহয়। যদি
পৰিশ্ৰম কৰিবলগীয়া হয় তেন্তে স্নেহৰ শতাংশ কম। ক’ৰবাত নহয় ক’ৰবাত স্নেহত কিবা নহয়
কিবা ছিদ্ৰ আছে। দুটা কথাত ছিদ্ৰই পৰিশ্ৰম কৰায় – এক পুৰণা সংসাৰৰ আকৰ্ষণ, সংসাৰত
সম্বন্ধ, পদাৰ্থ সকলো আহি যায়। আৰু আনটো – পুৰণা সংস্কাৰৰ আকৰ্ষণ। এই পুৰণা সংসাৰ
আৰু পুৰণা সংস্কাৰে নিজৰ ফালে আকৰ্ষিত কৰি দিয়ে তেতিয়া পৰমাত্ম স্নেহত শতাংশ আহি
যায়। পৰীক্ষা কৰা – এই দুটা ছিদ্ৰৰ পৰা মুক্ত হোৱানে? স্মৃতিলৈ আনা তোমালোক আত্মাৰ
অনাদি সংস্কাৰ আৰু আদি সংস্কাৰ কি আছিল আৰু এতিয়া অন্তৰ ব্ৰাহ্মণ জীৱনৰ সংস্কাৰ কি?
অনাদিও, আদিও আৰু অন্ততো শ্ৰেষ্ঠ সংস্কাৰ। এই পুৰণা সংস্কাৰ হৈছে মধ্যকালৰ, অনাদিও
নহয়, আদিৰো নহয়, অন্তৰো নহয়। কিন্তু সকলোৰে লক্ষ্য কি? যিকোনো সন্তানক যদি সোধা
তেতিয়া এটাই উত্তৰ দিয়ে – লক্ষ্য হ’ল পিতাৰ সমান হোৱাৰ। এইটোৱেই হয় নহয়! যদি হয় হাত
দাঙা। এইটোৱে দৃঢ় লক্ষ্য হয়নে? নে মাজে মাজে সলনি হৈ যায়?
গতিকে পিতাই সন্তানসকলক সোধে যে পিতা আৰু দাদা দুয়োৰে সমান সংস্কাৰ কোনটো? সদায় পিতা
প্ৰত্যেক আত্মাৰ প্ৰতি উদাৰচিতীয়া হৈ থাকে। প্ৰত্যেক আত্মাৰ প্ৰতি স্নেহ আৰু সন্মান
স্বৰূপত সহযোগী হৈ থাকে। তেনেকৈ নিজেও নিজক প্ৰত্যেক আত্মাৰ প্ৰতি সহযোগী অনুভৱ
কৰানে? সহযোগ দিলে তেতিয়া সহযোগী হ’ম, এনেকুৱা নহয়। স্নেহ দিলে তেতিয়া স্নেহী হ’ম,
নহয়। যেনেকৈ পিতা ব্ৰহ্মা প্ৰত্যেক সন্তানৰ প্ৰতি সহযোগী হ’ল, স্নেহী হ’ল, তেনেকৈ
সকলোৰে প্ৰতি সদায় স্নেহী আৰু সহযোগী, ইয়াকে সমান হোৱা বুলি কোৱা হয়। যদি কোনো
সন্তানৰ সংস্কাৰ পৰিৱৰ্তন কৰাত পৰিশ্ৰম কৰিবলগীয়া হয় তেন্তে তাৰ কাৰণ কি? পিতা
ব্ৰহ্মাই নিজৰ ওপৰত মনোযোগ দিছিল কিন্তু পৰিশ্ৰম কৰা নাছিল। সংস্কাৰ পৰিৱৰ্তনত
পৰিশ্ৰমৰ কাৰণ হ’ল – স্নেহী হৈছা, স্নেহত লীন হোৱা নাই।
বাপদাদাইতো প্ৰতিগৰাকী সন্তানক স্নেহী সন্তান বুলি ভাবে, জানেও, জন্মপত্ৰিকা
প্ৰত্যেকৰে জানে তথাপিও কি ক’ব? স্নেহী হয়। বাপদাদাই প্ৰত্যেক সন্তানক একেই পাঠ
পঢ়ায়, একেই প্ৰতিপালন, একেই বৰদান সদায় দিয়ে। যদিও জানেও যে এওঁ শেষৰ নম্বৰৰ তথাপিও
বাপদাদাই কোনো সন্তানৰ অৱগুণ, দুৰ্বলতা সংকল্পতো নাৰাখে। অতি মৰমৰ হয়, বহুকালৰ
অন্তত লগ পোৱা, মৰম লগা… এইটো দৃষ্টি আৰু বৃত্তিৰে চায় কিয়নো বাপদাদাই জানে এইটো
বৃত্তি আৰু শ্ৰেষ্ঠ দৃষ্টিৰে দুৰ্বলজনো মহাবীৰ হৈ যাব। এনেকৈয়ে নিজৰ শ্ৰেষ্ঠ বৃত্তি
আৰু শুভ-ভাৱনা, শুভ-কামনাৰ দ্বাৰা যি কোনো লোকৰে পৰিৱৰ্তন কৰিব পাৰা। তোমালোকে
যিহেতু প্ৰত্যাহ্বান জনাইছা যে প্ৰকৃতিকো পৰিৱৰ্তন কৰি দেখুৱাম তেন্তে আত্মাসকলক
পৰিৱৰ্তন কৰিব নোৱাৰা জানো! প্ৰকৃতিজিৎ হৈছা তেনেহ’লে আত্মা, আত্মাৰ শ্ৰেষ্ঠ ভাৱনাৰে,
কল্যাণৰ কামনাৰে পৰিৱৰ্তন কৰিব নোৱাৰা জানো!
এতিয়া নতুন
বছৰ আৰম্ভ হ’ব নহয় –
গতিকে নতুন বছৰত বেহদৰ ব্ৰাহ্মণ পৰিয়ালৰ সকলোৰে মাজত ইজনে সিজনৰ প্ৰতি নিজৰ
শুভ-ভাৱনা, শ্ৰেষ্ঠ-কামনাৰ দ্বাৰা প্ৰত্যেকেই ইজনে সিজনক পৰিৱৰ্তন কৰাত সহযোগী হোৱা,
লাগিলে দুৰ্বল হওঁক, জানা যে এওঁৰ সংস্কাৰত এইটো দুৰ্বলতা আছে কিন্তু তোমালোকে
স্নেহ আৰু সহযোগ শক্তিৰ দ্বাৰা সহযোগী হোৱা। ইজনে সিজনক সহযোগৰ হাত আগবঢ়োৱা। এই
সহযোগৰ হাত মিলোৱাৰ দৃশ্য এনেকুৱা হৈ যাব যেন স্নেহৰ হাত মিলাই আছে, সহযোগৰ হাত
মিলাই আছে, মালা হৈ যাব। শিক্ষা নিদিবা, স্নেহ ভৰা সহযোগ দিয়া। নিলগ নহ’বা, একাষৰীয়া
নকৰিবা, সহায়ক হোৱা কিয়নো তোমালোকৰ স্মাৰক হৈছে বিজয়মালা। প্ৰতিটো মণি ইটো সিটোৰ
সঙ্গী সহযোগী হয় সেইবাবে মালাৰ চিত্ৰ তৈয়াৰ হৈছে।
সকলোৱে বাপদাদাক সোধে নতুন বছৰত কি কৰিব লাগে? বাৰ্তা দিয়াৰ কাৰ্যতো বহুত কৰিলা,
কৰিও আছা, কৰিও থাকিবা। এতিয়া মঞ্চত বাৰ্তাবাহকৰ সহযোগ আৰু স্নেহৰ ৰূপৰেখা আনা।
মহাদানী হোৱা, নিজৰ গুণৰ সহযোগী হোৱা, সহযোগী কৰি তোলা। এনেয়ে নিজৰ গুণৰ, হওঁতেতো
পৰমাত্ম গুণ কিন্তু যিবোৰ গুণ তোমালোকে নিজৰ কৰি লৈছা, সেই গুণৰ শক্তিৰে তেওঁলোকৰ
দুৰ্বলতা দূৰ কৰা। এইটো কৰিব পাৰিবানে? কৰিব পাৰিবা নে কঠিন? শিক্ষকসকলে কোৱা, কৰিব
পাৰিবানে? কৰিব পাৰিবা নে কৰিবই লাগিব? কৰিবই লাগিব। কোনো দুৰ্বলতা যাতে নাথাকে,
কিয়নো কোটিৰ মাজত কোনোবা হোৱা নহয়! লাগিলে শেষৰ মণিটিও হওঁক, হয়তো কোটিৰ মাজত কোনোবা।
তোমালোকৰ উপাধিয়েই হৈছে – মাষ্টৰ সৰ্বশক্তিমান। তেন্তে সৰ্বশক্তিমানৰ কাম কি?
শক্তিৰ আদান প্ৰদান কৰা। পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা গুণ পৰস্পৰ আদান-প্ৰদান কৰা।
এয়াই সহযোগৰ উপহাৰ ইজনে সিজনক দিয়া। নতুন বছৰত ইজনে সিজনক উপহাৰ দিয়ে নহয়! গতিকে
এইটো বছৰ ইজনে সিজনক গুণৰ উপহাৰ দিয়া। যদি কল্যাণৰ ভাৱনা ৰাখা তেতিয়া যেনেকৈ ভাষণ
দি বাণীৰ দ্বাৰা বাৰ্তা দিয়া নহয়, তেনেকৈয়ে নিজৰ কল্যাণৰ ভাৱনাৰ দ্বাৰা, কল্যাণৰ
বৃত্তিৰ দ্বাৰা, কল্যাণৰ বায়ুমণ্ডলৰ দ্বাৰা এই গুণসমূহ উপহাৰ দিয়া, শক্তিসমূহ উপহাৰ
দিয়া। দুৰ্বলক সহযোগ দিবা, এয়া সময় অনুসৰি উপহাৰ দিব লাগে, পৰি যোৱাজনক পেলাই নিদিবা,
উঠাবা, ওপৰলৈ উঠোৱা। এওঁ এনেকুৱা, এওঁ এনেকুৱা…, নহয়। এওঁ প্ৰভুৰ স্নেহৰ পাত্ৰ,
কোটিৰ মাজত কোনোবা আত্মা, বিশেষ আত্মা, বিজয়ী হওঁতা আত্মা, এইটো দৃষ্টিৰে চোৱা।
এতিয়া বৃত্তি, দৃষ্টি, বায়ুমণ্ডল পৰিৱৰ্তন কৰা। কিবা নবীনতা আনিব লাগে নহয়! দুৰ্বলতা
দেখিও নাচাবা, উৎসাহ দিয়া, সহযোগ দিয়া। এনেকুৱা ব্ৰাহ্মণ সংগঠন তৈয়াৰ কৰা তেতিয়া
বাপদাদাই বিজয়ৰ চাপৰি বজাব। তোমালোকেও বাৰে বাৰে চাপৰি বজোৱা নহয়, বাপদাদায়ো
অভিনন্দন, ওলগ, শুভেচ্ছা জনাই চাপৰি বজাব। তোমালোকেও লগতে চাপৰি বজাবা নহয়। এতিয়া
চাপৰি বজাইছা ভাল কৰিছা কিন্তু বিশ্বৰ আগত চাপৰি বাজক। সকলোৰে মুখেৰে এইটো আৱাজ
ওলাওক যে আমাৰ ইষ্টদেৱ আহি গ’ল। আমাৰ পুজ্য আহি গ’ল। লক্ষ্য দৃঢ় হয় নহয়! লক্ষ্য দৃঢ়,
কৰিবই লাগে? নে চাম, পৰিকল্পনা কৰিম! কৰিবই লাগে, পৰিকল্পনা কি, কৰিবই লাগে। এতিয়া
সকলোৱে অপেক্ষা কৰি আছে, এতিয়া এওঁলোকৰ অপেক্ষাৰ অন্ত পেলোৱা। প্ৰত্যক্ষ হোৱাৰ
ব্যৱস্থা কৰা। চোৱা প্ৰকৃতিও এতিয়া কিমান অশান্ত হৈ গৈছে। সেয়েহে প্ৰকৃতিকো শান্ত
কৰি দিয়া। তোমালোক প্ৰত্যক্ষ হৈ যাবা তেতিয়া বিশ্ব শান্তি স্বতঃ হৈ যাব। বাৰু।
আজিকালি
বিশ্বত দুটা কথা বিশেষভাৱে চলে –
এটা ব্যায়াম আৰু আনটো ভোজনৰ ওপৰত মনোযোগ। তোমালোকেও এই দুটা কাম কৰানে? তোমালোকৰ
ব্যায়াম কোনটো? শাৰীৰিক ব্যায়ামতো সকলোৱে কৰে কিন্তু মনৰ ব্যায়াম এতিয়াই ব্ৰাহ্মণ,
ব্ৰাহ্মণ তথা ফৰিস্তা, ফৰিস্তা তথা দেৱতা। মনৰ এইটো ব্যায়ামৰ অভ্যাস সদায় কৰি থাকা।
আৰু শুদ্ধ ভোজন, মনৰ শুদ্ধ সংকল্প। যদি ব্যৰ্থ সংকল্প, নেতিবাচক সংকল্প চলে তেন্তে
এয়া হৈছে মনৰ অশুদ্ধ ভোজন। গতিকে মনত যাতে সদায় শুদ্ধ সংকল্প থাকে, দুয়োটা কৰিব জানা
নহয়! যিমান সময় বিচৰা সিমান সময় শুদ্ধ সংকল্পৰ স্বৰূপ হৈ যোৱা। বাৰু।
চাৰিওফালৰ পৰমাত্ম স্নেহৰ অধিকাৰী বিশেষ আত্মাসকলক, সদায় ইজন সিজনৰ সহযোগী হওঁতা
পিতাৰ স্নেহী আৰু সহযোগী আত্মাসকলক, সদায় বিজয়ী আৰু বিশ্বত বিজয়ৰ পতাকা উৰুৱাব লাগে,
এই লক্ষ্যটি বাস্তৱত ৰূপায়িত কৰোঁতা বিজয়ী সন্তানসকলক, সদায় এই পুৰণা সংসাৰ আৰু
সংস্কাৰৰ আকৰ্ষণৰ পৰা উৰ্দ্ধত থাকোঁতা পিতাৰ সমান সন্তানসকলক দিলাৰাম পিতাৰ অন্তৰৰ
স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
দাদীজীৰ সৈতে:–
বৰ ভাল ভূমিকা
পালন কৰি আছা। তোমাক দেখি সকলোৰে ফৰিস্তা জীৱন স্মৃতিলৈ আহে। অনাসক্ত আৰু স্নেহী।
গুজৰাটৰ মুখ্য 13 গৰাকী ভগ্নীৰ সৈতে:- ভাল ভাল মহাবীৰ। মহাবীৰৰ কাম হ’ল বিজয়ী হৈ
বিজয়ী কৰি তোলা। গতিকে সকলোৱে ভাল সেৱা কৰি আছা আৰু আগলৈও সেৱা হৈ থাকিব। বাপদাদা
সন্তানসকলৰ উৎসাহ-উদ্দীপনা দেখি আনন্দিত হয়। গুজৰাটত ভাল বিস্তাৰ কৰি আছা আৰু আগলৈও
বিস্তাৰ কৰি থাকিবা। বাপদাদাৰ সকলো সন্তানকে আশাৰ দীপক যেন লাগিছে। ভাল কথা। সংগঠনো
ভাল। প্ৰত্যেকৰে বিশেষত্ব আছে। বাৰু। আনন্দিত, আনন্দ বিলাওঁতা। (সৰলা দীদীয়ে সুধি
আছে, দাদীয়ে মালাত কাক ৰাখিছে) তুমি কি বুলি ভাবা? মইতো হ’মেই নহয়, এনেকৈ ভাবানে?
কম বেছি ইজনে সিজনক সহযোগ দিয়া তেতিয়া যি কিছু থাকি গৈছে, সেয়া সমাপ্ত হৈ যাব। সকলো
পিতাৰ সমান হওঁতা হয়েই। (কি নবীনতা আনিবা) শুনালোঁ নহয় – প্ৰতিটো সেৱাকেন্দ্ৰই অতি
কমেও এজন উত্তৰাধিকাৰীতো তৈয়াৰ কৰক। তেন্তে এই বছৰ সেইজনক লৈ আহিবা, 21
উত্তৰাধিকাৰীতো লৈ আনা। এইটো আৰম্ভ কৰা। প্ৰথম নম্বৰত আহা। সকলোৱে ‘হয়’ বুলি সঁহাৰি
জনাই আছে। উত্তৰাধিকাৰীৰ অৰ্হতা জানা নহয়। এই সকলোকে বাবাৰেই কৰি তুলিবা নহয়, নিজৰ
কৰিতো নিদিয়া। ভাল বাৰু। ওঁম্ শান্তি।
গুজৰাটৰেই সেৱা, গুজৰাটৰসকলেই মিলন উদ্যাপন কৰিবলৈ আহিছে:- গুজৰাটৰ যিসকল আছে,
লাগিলে সেৱাতেই আহিছে, তেওঁলোকে হাত দাঙা। বহুত আছে, বৰ ভাল। ভাল সুযোগ লৈছা।
গুজৰাটক বাপদাদাই কয়, সিন্ধী ভাষাত এটা প্ৰবাদ আছে যে যি আখলত তেওঁ অন্তৰত থাকে।
তেন্তে সকলোতকৈ ওচৰত গুজৰাট আছে। যি ওচৰত থাকে তেওঁক একেবাৰে সমীপৰ বুলি কোৱা হয়,
মাতিলেই হাজিৰ হৈ যায়। তেন্তে গুজৰাটৰসকল সদাপ্ৰস্তুত হোৱা নহয় – যেতিয়াই মাতো যে
আহি যোৱা, আহি যাবানে? এনেকুৱা হোৱানে? পৰিয়ালৰ কথা নাভাবিবানে, কি কৰিবা, আহি
যাবানে? সদাপ্ৰস্তুত হোৱা। ভাল কথা, গুজৰাটৰ সেৱাকেন্দ্ৰ সাকাৰ ব্ৰহ্মাৰ প্ৰেৰণাৰে
স্থাপন হোৱা। গুজৰাটে গুজৰাটক নিমন্ত্ৰণ দিয়া নাই, পিতা ব্ৰহ্মাই গুজৰাট
সেৱাকেন্দ্ৰ খুলিছে। গতিকে গুজৰাটৰ ওপৰত পিতা ব্ৰহ্মাৰ বিশেষ দৃষ্টি আছে। আৰু
গুজৰাটে পুৰুষাৰ্থও কৰিছে, ভাল সেৱাকেন্দ্ৰ খুলিছে। কিমান সেৱাকেন্দ্ৰ আছে? (300
সেৱাকেন্দ্ৰ, উপ সেৱাকেন্দ্ৰ আৰু 3 হাজাৰ গীতা পাঠশালা আছে) ভাল কথা, সকলোতকৈ বেছি
সেৱাকেন্দ্ৰ কোনটো মণ্ডলত আছে? (মুম্বাই-মহাৰাষ্ট্ৰৰ) বাৰু – মহাৰাষ্ট্ৰৰসকল আহিছেনে?
(আজি নাই অহা) গুজৰাটৰসকলে সেৱাতো ভাল কৰি আছে, গুজৰাটৰ বিস্তাৰো ভাল। এতিয়া কি
কৰিব লাগে? বিস্তাৰতো হৈছে, বিস্তাৰতো ভাল কৰিছা, এতিয়া গুজৰাটৰসকলে এক নম্বৰৰ
উত্তৰাধিকাৰী তৈয়াৰ কৰা। অতি কমেও যিবোৰ ডাঙৰ সেৱাকেন্দ্ৰ আছে, যিসকল পুৰণা
উত্তৰাধিকাৰী আছে, তেওঁলোকতো আছেই কিন্তু নতুন কোনোবা উত্তৰাধিকাৰী উলিওৱা। বাৰু
এজন এজনতো উলিওৱা, কিয়নো মালাৰ মণি তেৱেঁই হ’ব যি উত্তৰাধিকাৰী মানদণ্ডৰ হ’ব। গতিকে
মালাতো তৈয়াৰ কৰিব লাগে নহয়! 16108ৰো মালা আছে। এতিয়া যদি বাপদাদাই কয় 108ৰ মালা
তৈয়াৰ কৰা, তেন্তে তৈয়াৰ কৰিব পাৰিবানে? তৈয়াৰ হ’ব পাৰেনে? দাদীসকলে কোৱা, 108ৰ মালা
তৈয়াৰ হ’ব পাৰেনে? (দাদীজীয়ে ক’লে হ’ব পাৰে) তৈয়াৰ আছেনে? 108ৰ মালা তৈয়াৰ হৈ গ’লনে?
(হয় বাবা তৈয়াৰ আছে) বাৰু লিখি দেখুওৱাবা। যদি তৈয়াৰ আছে তেন্তে বৰ ভাল কথা,
অভিনন্দন। বাৰু 16 হাজাৰৰ মালা, আধাখিনি হৈছেনে? (আধানো কি তাতোকৈয়ো বেছি হৈছে) ভাল
কথা নহয়। চোৱা গুপ্ত ৰূপত হৈছে আৰু তোমালোকৰ দাদীয়ে দেখা পালে। ভাল কথা। এতিয়া
তোমাক সকলোৱে সুধিব যে মোৰ নাম মালাত আছেনে? ভাল কথা। এনেকুৱা শুভ-ভাৱনা, শুভ-আশাই
তৈয়াৰ কৰিয়েই দিয়ে। এতিয়া সকলোৱে শুনিলা নহয়, নিজক পৰীক্ষা কৰিবা মই সেই মালাত
সদাপ্ৰস্তুত হওঁনে? বাৰু। আৰু কি কৰিব লাগে?
হৃদৰোগ
নিৰাময়ৰ দল আহিছে:-
ভাল কথা, এয়াও আৱাজ বিয়পাই দিয়াৰ বৰ ভাল সাধন কিয়নো বাস্তৱিক প্ৰমাণ দেখে নহয় আৰু
খৰচ নোহোৱাকৈ ‘মেডিটেশ্বন’ৰ দ্বাৰা ঠিক হৈ যোৱা, সেয়েহে সকলোৱে বহুত ভাল পায়। এতিয়া
ধীৰে ধীৰে ইয়াক বৃদ্ধি কৰি যোৱা। শুনিছোঁ কৰি আছা আৰু সফলতাও পাই আছা আৰু পাই থাকিবা
বাকী বাপদাদাই এই কাৰ্যত নিমিত্ত হোৱাসকলক অভিনন্দন জনাই আছে। আনুষ্ঠানিকভাৱে
চৰকাৰলৈকে ফলাফল গৈ আছে আৰু বিস্তাৰ কৰি থাকিলে তেতিয়া ‘মেডিটেশ্বন’ৰ মহত্ব বাঢ়ি
যাব। বাকী বাপদাদাৰ এইটো বিধি পচন্দ হৈছে। ভাল বাৰু।
বৰদান:
মনৰ মৌনতাৰ
দ্বাৰা সেৱাৰ নতুন উদ্ভাৱন কৰোঁতা সিদ্ধি স্বৰূপ হোৱা
যেনেকৈ প্ৰথম অৱস্থাত
মৌন ব্ৰত ৰাখিছিল তেতিয়া সকলো মুকলি হৈ গৈছিল, সময় ৰাহি হৈছিল এনেকৈ এতিয়া মনৰ মৌনতা
ৰাখা যাতে ব্যৰ্থ সংকল্প নাহেই। যেনেকৈ মুখেৰে আৱাজ নোলায় তেনেকৈ ব্যৰ্থ সংকল্প যাতে
উদয় নহয় – এয়া হ’ল মনৰ মৌনতা। তেতিয়া সময় ৰাহি হ’ব। এই মনৰ মৌনতাৰ দ্বাৰা সেৱাৰ
এনেকুৱা নতুন উদ্ভাৱন হ’ব যাৰ দ্বাৰা সাধনা কম আৰু সিদ্ধি বেছি হ’ব। যেনেকৈ
বিজ্ঞানৰ সাধনে চেকেণ্ডত বিধি প্ৰাপ্ত কৰায় তেনেকৈ এই মৌনতাৰ সাধনৰ দ্বাৰা চেকেণ্ডত
বিধি প্ৰাপ্ত হ’ব।
স্লোগান:
যি নিজে
সমৰ্পিত স্থিতিত থাকে – সকলোৰে সহযোগো তেওঁৰ আগত সমৰ্পিত হয়।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
অনেক প্ৰকাৰৰ ব্যক্তি,
বৈভৱ অথবা অনেক প্ৰকাৰৰ বস্তুৰ সম্পৰ্কত আহি আত্মিক ভাৱ আৰু অনাসক্ত ভাৱ ধাৰণ কৰা।
এই বৈভৱ আৰু বস্তু অনাসক্তৰ আগত দাসীৰ ৰূপত থাকিব আৰু আসক্ত ভাৱ থকাসকলৰ আগত
চুম্বকৰ দৰে ফান্দত পেলোৱা হ’ব।