22.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – দেহী-অভিমানী হোৱা তেতিয়া শীতল হৈ যাবা, বিকাৰৰ দুৰ্গন্ধ আঁতৰি যাব, অন্তৰ্মুখী হৈ যাবা, ফুল হৈ যাবা”

প্ৰশ্ন:
বাপদাদাই সকলো সন্তানক কোন দুটি বৰদান দিয়ে? সেয়া স্বৰূপত অনাৰ বিধি কি?

উত্তৰ:
বাবাই সকলো সন্তানক শান্তি আৰু সুখৰ বৰদান দিয়ে। বাবাই কয় – সন্তানসকল, তোমালোকে শান্তিত থকাৰ অভ্যাস কৰা। কোনোবাই অপ্ৰয়োজনীয় কথা ক’লে তোমালোকে উত্তৰ নিদিবা। তোমালোক শান্ত হৈ থাকিব লাগে। পৰচৰ্চা বা অযথা বাৰ্তালাপ কৰিব নালাগে। কাকো দুখ দিব নালাগে। মুখত শান্তিৰ লাড়ু ভৰাই লোৱা তেতিয়া এই দুয়োটা বৰদান স্বৰূপত আহি যাব।

ওঁম্শান্তি।
মৰমৰ সন্তানসকল কেতিয়াবা সন্মুখত থাকে, কেতিয়াবা দূৰলৈ গুচি যায়। সন্মুখত তেওঁলোকেই থাকে যিসকল স্মৃতিত থাকে কিয়নো স্মৃতিৰ যাত্ৰাতেই সকলো সমাহিত হৈ আছে। এনেকৈ গায়নো কৰে নহয় যে দৃষ্টিয়ে ভৰপূৰ কৰি দিয়ে। আত্মাৰ দৃষ্টি পৰে পৰমপিতাৰ ওপৰত আন একোৱেই ভাল নালাগে। তেওঁক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হয়। গতিকে নিজৰ প্ৰতি কিমান সাৱধানতা অৱলম্বন কৰিব লাগে। স্মৰণ নকৰিলে মায়াই বুজি পায় যে এওঁৰ যোগ খণ্ডিত হৈ আছে তেতিয়া নিজৰ ফালে আকৰ্ষণ কৰে। কিবা নহয় কিবা ওলোটা কৰ্ম কৰাই দিয়ে। এনেকুৱা পিতাৰ নিন্দা কৰায়। ভক্তিমাৰ্গত গোৱা হয় - বাবা, মোৰতো কেৱল আপুনিয়েই আন কোনো নাই। সেইবাবে পিতাই কয় - সন্তানসকল লক্ষ্য বহুত উচ্চ। কৰ্ম কৰি থাকিও পিতাক স্মৰণ কৰা - এইটো হৈছে উচ্চতকৈও উচ্চ লক্ষ্য। ইয়াৰ বাবে বহুত ভাল অভ্যাস লাগে। নহ’লে ওলোটা কৰ্ম কৰোঁতা নিন্দুক হৈ যায়। ধৰি লোৱা কাৰোবাৰ ক্ৰোধ জন্মিল, নিজৰ মাজত হাই-কাজিয়া কৰে তেতিয়াও (বাবাৰ) নিন্দা নকৰালে জানো, এই ক্ষেত্ৰত বহুত সাৱধান হ’ব লাগে। নিজৰ গৃহস্থালিত থাকিও বুদ্ধি পিতাৰ সৈতে যুক্ত কৰিব লাগে। এনেকুৱা নহয় যে সম্পূৰ্ণ হৈ গৈছে। নহয়। যত্ন এনেকৈ কৰিব লাগে যাতে আমি দেহী-অভিমানী হৈ যাওঁ। দেহ-অভিমানত আহিলে কিবা নহয় কিবা ওলোটা কৰ্ম কৰে তাৰ দ্বাৰা পিতাৰ নিন্দা কৰায়। পিতাই কয় - এনেকুৱা সৎগুৰুৰ নিন্দা কৰাওঁতাজন লক্ষ্মী-নাৰায়ণৰ দৰে হোৱাৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে সেই কাৰণে পূৰা পুৰুষাৰ্থ কৰি থাকা, ইয়াৰ দ্বাৰা তোমালোক বহুত শীতল হৈ যাবা। পাঁচ বিকাৰৰ সকলো কথা আঁতৰি যাব। পিতাৰ পৰা বহুত বল পোৱা যাব। কাম-কাজো কৰিব লাগে। পিতাই এনেকৈ নকয় যে কৰ্ম নকৰিবা। তাত তোমালোকৰ কৰ্ম, অকৰ্ম হৈ যাব। কলিযুগত যি কৰ্ম হয়, সেয়া বিকৰ্ম হৈ যায়। এতিয়া সংগমযুগত তোমালোকে শিকিবলগীয়া হয়। তাত শিকাৰ কথা নাথাকে। ইয়াৰ শিক্ষাই তালৈ লগত যাব। পিতাই সন্তানসকলক বুজায় – বৰ্হিমুখী হোৱাতো ভাল নহয়। অন্তৰ্মুখী হোৱা। এনেকুৱাও সময় আহিব যেতিয়া তোমালোক অন্তৰ্মুখী হৈ যাবা। পিতাৰ বাহিৰে আন একোৱেই স্মৃতিলৈ নাহিব। তোমালোক এনেকৈয়ে আহিছিলা, একোৱেই স্মৃতিত নাছিল। গৰ্ভৰ পৰা যেতিয়া বাহিৰলৈ আহিলা তেতিয়া জানিলা যে এয়া মোৰ মাতা-পিতা, এওঁ মোৰ অমুক। গতিকে এতিয়া আকৌ তেনেকৈয়ে যাবও লাগিব। আমি এজন পিতাৰ হওঁ আৰু তেওঁৰ বাহিৰে আন কাৰো স্মৃতি বুদ্ধিলৈ আহিব নালাগে। যদিও সময় হাতত আছে কিন্তু পুৰুষাৰ্থতো পূৰা ৰীতিৰে কৰিব লাগে। শৰীৰৰতো কোনো ভৰসা নাই। যত্ন কৰি থাকিব লাগে, ঘৰতো যাতে বহুত শান্তি থাকে, সংঘাত নহয়। নহ’লে সকলোৱে ক’ব এওঁলোকৰ কিমান অশান্তি। তোমালোক সন্তানসকলতো একেবাৰে শান্ত হৈ থাকিব লাগে। তোমালোকে শান্তিৰ উত্তৰাধিকাৰ লৈ থকা নাই জানো। এতিয়া তোমালোক আছা কাঁইটৰ মাজত। ফুলৰ মাজত নহয়। কাঁইটৰ মাজতে থাকি ফুল হ’ব লাগে। কাঁইটৰ লগত থাকি কাঁইট হৈ যাব নালাগে। যিমানে তোমালোকে পিতাক স্মৰণ কৰিবা সিমানে শান্ত হৈ থাকিবা। কোনোবাই অপ্ৰয়োজনীয় কথা ক’লে, তোমালোক শান্ত হৈ থাকিবা। আত্মা হয়েই শান্ত। আত্মাৰ স্বধৰ্ম হৈছে শান্তি। তোমালোকে জানিছা যে এতিয়া আমি সেইখন ঘৰলৈ যাব লাগে। পিতাও হৈছে শান্তিৰ সাগৰ। পিতাই কয় - তোমালোকো শান্তিৰ সাগৰ হৈ যাব লাগে। অযথা পৰচৰ্চাই বহুত লোকচান কৰে। পিতাই নিৰ্দেশনা দিয়ে - এনেকুৱা কথা ক’ব নালাগে, ইয়াৰ দ্বাৰা তোমালোকে পিতাৰ নিন্দা কৰোৱা। শান্তিত কোনো নিন্দা বা বিকৰ্ম নহয়। পিতাক স্মৰণ কৰি থাকিলে আৰু বেছিকৈহে বিকৰ্ম বিনাশ হ’ব। অশান্ত নিজেও নহ’বা আৰু আনকো নকৰিবা। কাৰোবাক দুখ দিলে আত্মা বিতুষ্ট হয়। বহুত আছে যিয়ে অভিযোগ দিয়ে - বাবা, ঘৰলৈ আহিলে বিশৃংখলতাৰ সৃষ্টি কৰি দিয়ে। বাবাই লিখে তুমি নিজৰ শান্তি স্বধৰ্মত থাকা। ‘হাতিমতাই’ৰ (এজন আৰবীয়ান উদাৰ অন্তৰৰ ৰজা) কাহিনীও আছে নহয়, তেওঁক ক’লে তুমি মুখত লাড়ু সুমুৱাই দিয়া তেতিয়া মুখেৰে শব্দ উচ্চৰিতই।

তোমালোক সন্তানসকল শান্তিত থাকিব লাগে। মনুষ্যই শান্তিৰ কাৰণে বহুত হাবাথুৰি খায়। তোমালোক সন্তানসকলে জানা যে আমাৰ মৰমৰ বাবা হৈছে শান্তিৰ সাগৰ। শান্তি আনি আনি বিশ্বত শান্তি স্থাপনা কৰে। নিজৰ ভৱিষ্যত পদ মৰ্যাদাও স্মৃতিলৈ আনা। তাত থাকেই এটা ধৰ্ম, আন কোনো ধৰ্ম নাথাকে। তাকেই বিশ্বত শান্তি বুলি কোৱা হয়। পুনৰ যেতিয়া আন আন ধৰ্মসমূহ আহে তেতিয়া বিশৃংখলতাৰ সৃষ্টি হয়। এতিয়া তোমালোক কিমান শান্তি থাকে। বুজি লোৱা আমাৰ ঘৰ সেইখনেই। আমাৰ স্বধৰ্ম হৈছে শান্ত। এনেকৈতো কোৱা নহ’ব যে শৰীৰৰ ধৰ্ম হৈছে শান্ত। শৰীৰ হৈছে বিনাশী বস্তু, আত্মা অবিনাশী। যিমান সময় আত্মাসকল তাত থাকে তেতিয়া কিমান শান্ত হৈ থাকে। ইয়াততো গোটেই জগতখনতে অশান্তি সেই কাৰণে শান্তি বিচাৰি ফুৰে। কিন্তু কোনোবাই যদি সদায় শান্তিত থাকিব বিচাৰে সেয়াতো হ’ব নোৱাৰে। 63 জন্ম তাত থাকিলেও তথাপিও নিশ্চয় আহিবই লাগিব। নিজৰ দুখ-সুখৰ ভূমিকা পালন কৰি আকৌ গুচি যাব। ড্ৰামাখন ভালদৰে ধ্যানত ৰাখিব লাগে।

তোমালোক সন্তানসকলৰো এইটো যাতে ধ্যান থাকে যে বাবাই আমাক সুখ আৰু শান্তিৰ বৰদান দিয়ে। ব্ৰহ্মাৰ আত্মায়ো সকলো শুনে। সকলোতকৈ সমীপত তেওঁৰ কাণে শুনে। তেওঁৰ মুখ, কাণ সমীপত আছে। তোমালোকৰ আকৌ কিমান দূৰৈত আছে। এওঁ তৎক্ষণাৎ শুনি লয়। সকলো কথা বুজিব পাৰে। পিতাই কয় - মৰমৰ সন্তানসকল! মৰমৰ বুলিতো সকলোকে কয় কিয়নো সন্তানতো সকলোৱে হয়। যিমানবোৰ জীৱ আত্মা আছে সেয়া সকলো অবিনাশী। শৰীৰতো বিনাশী। পিতা হৈছে অবিনাশী। আত্মাৰূপী সন্তানসকলো অবিনাশী। পিতাই সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে - ইয়াকে আত্মিক জ্ঞান বুলি কোৱা হয়। পৰম আত্মাই আত্মাসকলক বুজায়। পিতাৰ মৰমতো আছেই। যিমানবোৰ আত্মা আছে, যদিও তমোপ্ৰধান তথাপি এইটো জানে যে এই সকলো আত্মা যেতিয়া ঘৰত আছিল তেতিয়া সতোপ্ৰধান আছিল। কল্পই কল্পই আহি মই সকলোকে শান্তিৰ মাৰ্গ-দৰ্শন কৰোঁ। বৰদান দিয়াৰ কথা নাই। এনেকৈ নকয় যে ধনৱান ভৱ, আয়ুস্মান ভৱ। নকয়। সত্যযুগত তোমালোক এনেকুৱা আছিলা কিন্তু আশীৰ্বাদ দিয়া নাছিল। কৃপা বা আশীৰ্বাদ বিচাৰিব নালাগে। পিতা, পিতাও হয়, শিক্ষকো হয় - এইটো কথাই স্মৃতিত ৰাখিব লাগে। অহ’! শিৱবাবা পিতাও হয়, শিক্ষকো হয়, জ্ঞানৰ সাগৰো হয়। পিতাইহে বহি নিজৰ আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়, যাৰ দ্বাৰা তোমালোক চক্ৰৱৰ্তী মহাৰজা হৈ যোৱা। এয়া গোটেই চক্ৰ আদিৰ পৰা অন্তলৈকে নহয় জানো। পিতাই বুজায় - এই সময়ত গোটেই জগত ৰাৱণৰাজ্যত আছে। ৰাৱণ কেৱল লংকাত নাই। এয়া হৈছে বেহদৰ লংকা। চাৰিওফালে পানী। গোটেই লংকা ৰাৱণৰ আছিল, এতিয়া আকৌ ৰামৰ হয়। লংকাতো সোণৰ আছিল। তাত সোণ বহুত থাকে। এটা দৃষ্টান্তও শুনোৱা হয় - ধ্যানত গ’ল, তাত এটা সোণৰ ইটা দেখিলে। যেনেকৈ ইয়াত মাটিৰ আছে, তাত সোণৰ হ’ব। সেয়েহে ভাবিলে সোণ লৈ যাওঁ। কেনেকুৱা কেনেকুৱা নাটক ৰচনা কৰিছে। ভাৰততো প্ৰসিদ্ধ, বাকী অন্য খণ্ডত ইমান হীৰা-মুকুতা নাথাকে। পিতাই কয় - মই মাৰ্গ-দৰ্শক হৈ সকলোকে উভতাই লৈ যাওঁ। ব'লা সন্তানসকল, এতিয়া ঘৰলৈ যাব লাগে। আত্মাসকল এতিয়া পতিত, পাৱন নোহোৱাকৈ ঘৰলৈ যাব নোৱাৰে। পতিতক পাৱন কৰি তোলোঁতা একমাত্ৰ পিতাই হয় সেই কাৰণে সকলো ইয়াত আছে। উভতি কোনেও যাব নোৱাৰে। বিধিয়ে নকয়। পিতাই কয় - সন্তানসকল মায়াই তোমালোকক আৰু বেছিকৈহে দেহ-অভিমানত লৈ আনিব। পিতাক স্মৰণ কৰিবলৈ নিদিব। তোমালোক সাৱধান হৈ থাকিব লাগে। ইয়াৰ কাৰণেই যুদ্ধ হয়। এই দুচকুৱে বহুত প্ৰবঞ্চনা কৰে। এই দুচকুক অধীনত ৰাখিব লাগে। দেখা পোৱা যায় ভাই-ভনীৰ মাজতো দৃষ্টি ঠিকে নাথাকে সেয়েহে এতিয়া বুজোৱা হয় ভাই ভাই বুলি বুজা। এনেকৈতো সকলোৱে কয় যে আমি সকলো ভাই ভাই। কিন্তু একোৱে বুজি নাপায়। যেনেকৈ ভেকুলীয়ে টোৰ-টোৰাই থাকে, অৰ্থ একোৱে বুজি নাপায়। এতিয়া তোমালোকে প্ৰতিটো কথাৰ যথাৰ্থ অৰ্থ বুজি গৈছা।

পিতাই মৰমৰ সন্তানসকলক বহি বুজায় যে তোমালোক ভক্তিমাৰ্গতো প্ৰেমিকা আছিলা, প্ৰেমিকক স্মৰণ কৰিছিলা। দুখত তৎক্ষণাৎ তেওঁক স্মৰণ কৰে – হায় ৰাম! হে ভগৱান দয়া কৰক! স্বৰ্গততো এনেকৈ কেতিয়াও নোকোৱা। তাত ৰাৱণৰাজ্যই নাথাকে। তোমালোকক ৰামৰাজ্যলৈ লৈ যায় তেন্তে তেওঁৰ মতত চলা উচিত। এতিয়া তোমালোকে ঈশ্বৰীয় মত পাইছা পাছলৈ দৈৱী মত পাবা। এই কল্যাণকাৰী সংগমযুগত কোনেও নাজানে কিয়নো সকলোকে এনেকৈ শুনাই থোৱা আছে, কলিযুগ এতিয়া শিশু হৈ আছে। লাখ লাখ বছৰ বাকী আছে। বাবাই কয় – এয়া হৈছে ভক্তিৰ ঘোৰ অন্ধকাৰ। জ্ঞান হৈছে আলোক। ড্ৰামা অনুসৰি ভক্তিও নিৰ্ধাৰিত হৈ আছে, এয়া আকৌ হ’ব। এতিয়া তোমালোকে বুজি পোৱা যে ভগৱানক পাই গ'লোঁ যেতিয়া হাবাথুৰি খোৱাৰ কোনো দৰকাৰ নাই। তোমালোকে কোৱা - আমি বাবাৰ ওচৰলৈ অথবা বাপদাদাৰ ওচৰলৈ যাওঁ। এই কথাবোৰ মনুষ্যইতো বুজিব নোৱাৰে। তোমালোকৰ মাজতো যিসকলৰ পূৰা নিশ্চয় হোৱা নাই তেওঁলোকক মায়াই একেবাৰে গিলি পেলায়। একেবাৰে গজক (হাতীক) গ্ৰাহই (ঘঁৰিয়ালে) গ্ৰাস কৰি লয়। শুনে, শুনায় আকৌ আচম্বিত কৰি আঁতৰি যায়… পুৰণাসকলতো গুচি গ’ল, তেওঁলোকৰো গায়ন আছে, ভাল ভাল মহাৰথীসকলক মায়াই পৰাজিত কৰি দিয়ে। বাবালৈ লিখে - বাবা, আপুনি আপোনাৰ মায়াক নপঠিয়াব। হেৰ’, এয়া জানো মোৰ। ৰাৱণে নিজৰ ৰাজ্য কৰে, মই নিজৰ ৰাজ্য স্থাপনা কৰি আছোঁ। এয়া পৰম্পৰাগতভাৱে চলি আহিছে। ৰাৱণেই তোমালোকৰ সকলোতকৈ ডাঙৰ শত্ৰু। এইটো জানে যে ৰাৱণ হৈছে শত্ৰু, সেই কাৰণে প্ৰতি বছৰে জ্বলায়। মহীশূৰত দশহৰা বহুত পালন কৰে, একোৱে বুজি নাপায়। তোমালোকৰ নাম হৈছে শিৱশক্তি সেনা। তেওঁলোকে আকৌ নাম বান্দৰ সেনা ৰাখি দিলে। তোমালোকে গম পাইছা যথাযথ আমি বান্দৰৰ নিচিনা আছিলোঁ, এতিয়া ৰাৱণৰ ওপৰত জয়ী হ’বলৈ শিৱবাবাৰ পৰা শক্তি আহৰণ কৰি আছোঁ। পিতাহে আহি ৰাজযোগ শিকায়। ইয়াৰ ওপৰত অনেক কাহিনীও ৰচনা কৰি দিছে। অমৰকথা বুলিও কয়। তোমালোকে জানা যে বাবাই আমাক অমৰকথা শুনায়। বাকী কোনো পাহাৰ আদিৰ ওপৰত নুশুনায়। এনেকৈ কয় যে শংকৰে পাৰ্ৱতীক অমৰকথা শুনালে। শিৱ শংকৰৰ চিত্ৰও ৰাখে। দুয়োজনকে মিলাই দিলে। এয়া সকলো হৈছে ভক্তিমাৰ্গ। দিনে-প্ৰতিদিনে সকলো তমোপ্ৰধান হৈ গৈছে। সতোপ্ৰধানৰ পৰা সতো হয় তেতিয়া দুতা কলা কম হৈ যায়। ত্ৰেতাকো বাস্তৱত স্বৰ্গ বুলি কোৱা নহয়। পিতা তোমালোক সন্তানসকলক স্বৰ্গবাসী কৰি তুলিবলৈ আহিছে। পিতাই জানে ব্ৰাহ্মণ কুল আৰু সূৰ্যবংশী-চন্দ্ৰবংশী কুল দুয়োটা প্ৰতিষ্ঠা হৈ আছে। ৰামচন্দ্ৰক ক্ষত্ৰিয়ৰ চিহ্ন দি দিছে। তোমালোক সকলো ক্ষত্ৰিয় নহয় জানো, যিসকল মায়াৰ ওপৰত জয়ী হোৱা। কম নম্বৰেৰে উত্তীৰ্ণ হওঁতাসকলক চন্দ্ৰবংশী বুলি কোৱা হয়, সেই কাৰণে ৰামক বাণ দি দিছে। হিংসাতো ত্ৰেতাতো নহয়। গায়নো আছে – ৰাম ৰজা, ৰাম প্ৰজা… কিন্তু এই ক্ষত্ৰিয়ৰ চিহ্ন দি দিয়াৰ বাবে মনুষ্য বিভ্ৰান্ত হৈ যায়। এই অস্ত্ৰ আদি নাথাকে। শক্তিসকলৰ কাৰণেও কটাৰী আদি দেখুৱায়। একোৱেই বুজি নাপায়। তোমালোক সন্তানসকলে এতিয়া বুজিছা যে পিতা হৈছে জ্ঞানৰ সাগৰ সেয়েহে পিতাইহে আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। বেহদৰ পিতাৰ সন্তানসকলৰ প্ৰতি যি মৰম আছে, সেয়া হদৰ পিতাৰ থাকিব নোৱাৰে। 21 জন্মৰ কাৰণে সন্তানসকলক সুখদায়ী কৰি তোলে। তেন্তে তেওঁ মৰমিয়াল পিতা নহ’ল জানো। কিমান মৰমিয়াল, যিয়ে তোমালোকৰ সকলো দুখ দূৰ কৰি দিয়ে। সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ যায়। তাত দুখৰ নাম-চিহ্ন নাথাকে। এতিয়া এইটো বুদ্ধিত থাকিব লাগে নহয়। এইটো পাহৰি যোৱা উচিত নহয়। কিমান সহজ, কেৱল মুৰুলী পঢ়ি শুনাব লাগে, তথাপিও কয় ব্ৰাহ্মণীৰ দৰকাৰ। ব্ৰাহ্মণীৰ অবিহনে ধাৰণা নহয়। হেৰ’, সত্য-নাৰায়ণৰ কথাতো সৰু সন্তানেও স্মৰণ কৰি শুনায়। মই তোমালোকক নিতৌ বুজাই থাকোঁ কেৱল ‘অলফ্’ক (পিতাক) স্মৰণ কৰা। এই জ্ঞানতো 7 দিনত বুদ্ধিত ধাৰণ হৈ যাব লাগে। কিন্তু সন্তানসকলে পাহৰি যায়, বাবাতো আচম্বিত হৈ যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা আশীৰ্বাদ বা কৃপা বিচাৰিব নালাগে। পিতা, শিক্ষক, গুৰুক স্মৰণ কৰি নিজৰ ওপৰত নিজেই কৃপা কৰিব লাগে। মায়াৰ পৰা সাৱধান হৈ থাকিব লাগে, দুচকুৱে প্ৰবঞ্চনা কৰে, ইয়াক নিজৰ অধীনত ৰাখিব লাগে।

(2) অযথা পৰচৰ্চাই বহুত লোকচান কৰে সেই কাৰণে যিমান পাৰা শান্ত হৈ থাকিব লাগে, মুখত লাড়ু সুমুৱাই দিব লাগে। কেতিয়াও অপ্ৰয়োজনীয় কথা ক’ব নালাগে। নিজেও অশান্ত হ’ব নালাগে আৰু আনকো অশান্ত কৰিব নালাগে।

বৰদান:
পিতাৰ সহযোগত শূলক কাঁইট কৰোঁতা সদায় নিশ্চিন্ত আৰু নিমিত্ত হোৱা

পূৰ্বৰ হিচাপ হৈছে শূল কিন্তু পিতাৰ সহায়ত সেয়া কাঁইট হৈ যায়। পৰিস্থিতি নিশ্চয় আহিব কিয়নো সকলো ইয়াতেই নিষ্পত্তি কৰিব লাগে কিন্তু পিতাৰ সহায়ে সেয়া কাঁ‌ইট কৰি দিয়ে, ডাঙৰ কথা সৰু কৰি দিয়ে কিয়নো উচ্চ পিতা লগত আছে। এইটো নিশ্চয়ৰ আধাৰত সদায় নিশ্চিন্ত হৈ থাকা আৰু নিমিত্ত হৈ ‘মোৰ’ বোধক ‘তোমাৰ’লৈ পৰিৱৰ্তন কৰি পাতল হৈ যোৱা তেতিয়া সকলো বোজা চেকেণ্ডত সমাপ্ত হৈ যাব।

স্লোগান:
শুভ-ভাৱনাৰ পুঁজিৰে নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰা।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যিসকল পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন তেওঁলোক সদায় সন্তুষ্টমণিৰ সমান নিজেও সন্তুষ্ট হৈ থাকিব আৰু সকলোকে সন্তুষ্ট কৰোঁতা হ’ব। চমৎকাৰ তেতিয়া হ’ব যেতিয়া নিৰাশ হোৱাজনৰ মাজত আশাৰ সঞ্চাৰ কৰি দিব, যাৰ প্ৰতি সকলোৱে নিৰাশা প্ৰদৰ্শন কৰিলে তেনেকুৱা ব্যক্তি বা তেনেকুৱা স্থিতিত সদাকালৰ বাবে তেওঁৰ মাজত আশাৰ দীপক জ্বলাই দিব।