22.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বিশাল বুদ্ধিৰ হৈ গণ্যমান্য ব্যক্তিসকলৰ মতামত লৈ অনেক আত্মাৰ কল্যাণ কৰা, তেওঁলোকৰ পৰা প্ৰেক্ষাগৃহ আদি লৈ খুব প্ৰদৰ্শনী অনুষ্ঠিত কৰা”

প্ৰশ্ন:
এতিয়া তোমালোকৰ কোনটো স্মৃতি উদয় হৈছে যাক স্মৰণ কৰিলে কেতিয়াও দুখী হ’বলগীয়া নহ’ব?

উত্তৰ:
এতিয়া স্মৃতি উদয় হৈছে যে আমি পূজ্য ৰজা আছিলোঁ, আকৌ ভিকহু হ’লোঁ। এতিয়া পুনৰাই বাবাই আমাক ৰজা কৰি গঢ়ি আছে। বাবাই এতিয়া আমাক সমগ্ৰ বিশ্বৰ বাতৰি শুনায়, আমি বিশ্বৰ ইতিহাস-বুৰঞ্জী জানি গ’লোঁ। এই স্মৃতিবোৰ স্মৰণ কৰি থাকা তেতিয়া কেতিয়াও নিজক দুখী অনুভৱ কৰিবলগীয়া নহ’ব। সদায় আনন্দিত হৈ থাকিবা।

গীত:
নয়ন হীন ক’ ৰাহ দিখাও…… (নয়নহীনক মাৰ্গ দৰ্শন কৰা…….)

ওঁম্শান্তি।
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলা। সন্তানসকলে ভাবে যে পিতাক লগ পোৱা বা পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাতো বহুত সহজ। গোৱাও হয় - পিতাৰ পৰা এক ছেকেণ্ডত জীৱনমুক্তিৰ উত্তৰাধিকাৰ পোৱা যায়। জীৱনমুক্তি মানে সুখ-শান্তি-সম্পত্তি আদিৰ উত্তৰাধিকাৰ। এতিয়া ‘জীৱনমুক্তি’ আৰু ‘জীৱনবন্ধন’ দুটা শব্দ আছে। সন্তানসকলে জানে এই সময়ত ভক্তিমাৰ্গ আৰু ৰাৱণৰাজ্যৰ কাৰণে সকলো জীৱন বন্ধনত আছে। পিতা আহি বন্ধনৰ পৰা মুক্ত কৰে, উত্তৰাধিকাৰ দিয়ে। যেনেকৈ সন্তান জন্ম হ’ল আৰু মা-পিতা, মিত্ৰ-সম্বন্ধীয় আদিয়ে বুজি যায় যে উত্তৰাধিকাৰী জন্ম হ’ল। যেনেকৈ এইটো বুজা সহজ তেনেকৈ সেইটোও সহজ, সন্তানসকলে কয় - বাবা কল্প পূৰ্বৰ দৰে আপুনি আহি আমাক সাক্ষাৎ কৰিছে। আপোনাৰ পৰাই সহজে উত্তৰাধিকাৰ পোৱাৰ ৰাস্তা পাইছোঁ। এইটোতো প্ৰত্যেকেই জানে যে নতুন সৃষ্টিৰ ৰচয়িতা ভগৱানেই হয়। তেওঁ আমাক দিগভ্ৰান্ত হৈ ঘূৰি ফুৰাৰ পৰা ৰক্ষা কৰে। কালি ভক্তি কৰিছিলা, আজি পিতাৰ পৰা সহজ জ্ঞান আৰু ৰাজযোগৰ ৰাস্তা পাইছা। সন্তানসকলে নিজৰ অনুভৱ শুনায় যে মই বি.কে.ৰ দ্বাৰা শুনিছোঁ যে দুজন পিতা আছে। এনেকৈ তোমালোকৰ বাহিৰে আন কোনেও মুখেৰে ক’ব নোৱাৰে যে দুজন পিতা আছে। তোমালোকৰ প্ৰতিটো কথা আশ্চৰ্যজনক। এতিয়া স্মৃতিত উদয় হয় যে যিসকল ইয়াৰ হ’ব তেওঁলোকৰ তৎক্ষণাৎ স্মৃতিত উদয় হৈ যাব। অৱশ্যে হয়, স্মৃতিত উদয় হোৱাসকলকো মায়াই কোনো সময়ত থাপৰ লগাই বিস্মৃতি কৰি (পাহৰাই) দিয়ে। এই ক্ষেত্ৰত সন্তানসকল বহুত সৱধান হৈ থাকিব লাগে। স্মৃতিতো পিতাই সোঁৱৰাই দিছে। পৱিত্ৰতাৰ খাৰুও ভালকৈ পিন্ধিব লাগে। ৰক্ষাবন্ধনৰ ৰহস্য কি, সেয়াতো এতিয়া তোমালোকে জানা। কোনে এই প্ৰতিজ্ঞা কৰাইছে। কাম বিকাৰতো মহাশত্ৰু হয়। পিতাই কয় - মোৰ আগত প্ৰতিজ্ঞা কৰা যে কেতিয়াও পতিত নহওঁ আৰু মোক স্মৰণ কৰি থাকা তেতিয়া আধাকল্পৰ পাপ জ্বলি নাশ হৈ যাব। পিতাই প্ৰতিশ্ৰুতি দিয়ে কিন্তু এইটোতো সন্তানসকলে বুজিও পায় - পিতাই প্ৰতিশ্ৰুতি দিয়ে এই কথাটিতো ঠিকেই নহয় জানো। সোণাৰীয়ে প্ৰতিশ্ৰুতিও কি দিব যে মই পুৰণা অলংকাৰক নতুন কৰি দিম। তেওঁৰতো এইটো কামেই হয়। জুই দিলে সেয়া নিশ্চয় সঁচা সোণ হৈয়েই যাব। গতিকে পিতাই বুজায় - আত্মাতো খাদ (বিকাৰৰ লেপ) পৰিছে। কেনেকৈ সতো-ৰজো-তমোত আহে - এইটো বহুত সহজ। চিত্ৰও এইবাবেই তৈয়াৰ কৰা হৈছে যাতে ইয়াৰ ওপৰত সহজে বুজাব পৰা যায়। বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদিতো অনেক প্ৰকাৰৰ নক্সা নাথাকে জানো। তোমালোকৰো এয়া হৈছে নক্সা। তোমালোকে যিকোনো লোককে ভালদৰে বুজাব পাৰা। জ্ঞানৰ সাগৰ পতিত-পাৱন পিতাই আহি এই ৰাস্তা দেখুৱায়। আন কোনেও পতিতক পাৱন কৰি তুলিব নোৱাৰে। নয়নহীন দুখী মনুষ্য। তোমালোক সন্তানসকলে জানা যে প্ৰথম দুটা যুগত দুখ নাথাকে। ভক্তিও নাথাকে। সেয়া হয়েই স্বৰ্গ। ভাৰতৰ এই সময়ৰ মনুষ্য আৰু ভাৰতৰ প্ৰাচীন মনুষ্যৰ মাজত অন্তৰ আছে নহয়। কিন্তু এয়া আন কোনেও বুজি নাপায়। কিমান পূজা চলে। যি যিমান চহকী হয় সিমানেই দেৱী-দেৱতাসকলক ভাল অলংকাৰ পিন্ধায়। বাবা নিজেই অনুভৱী। বোম্বাইত (এতিয়া মুম্বাই) লক্ষ্মী-নাৰায়ণৰ যি মন্দিৰ আছে, তাৰ ন্যাসৰক্ষীয়ে লক্ষ্মী-নাৰায়ণৰ বাবে হীৰাৰ হাৰ সজোৱাইছিল। বাবাৰ সেই ন্যাসৰক্ষীৰ নামো স্মৃতিত আছে। প্ৰথমে শিৱবাবাৰ মন্দিৰ নিৰ্মাণ কৰালে সেই মন্দিৰ বহুত সজালে তাৰপাছত দেৱতাসকলৰ নিৰ্মাণ কৰালে তেতিয়া লক্ষ্মী-নাৰায়ণ আদিকো কিমান অলংকাৰ পিন্ধালে। সেই সময়ত কিমান ধন থাকিব। মহম্মদ গজনৱীয়ে কিমান উট ভৰাই লৈ গ’ল। ভাৰতত কিমান প্ৰচুৰ ধন আছিল। এতিয়া তোমালোকে যথাৰ্থ ৰীতিৰে বুজি পোৱা। আমাৰ ভাৰত কি আছিল! আমাৰ ভাৰতত কুবেৰৰ সম্পদ আছিল। হীৰা-মুকুতাৰ মন্দিৰ নিৰ্মাণ কৰিছিল। এতিয়া সেই বস্তুবোৰ নাই, সকলো লুটি লৈ গ’ল। এতিয়াতো কি অৱস্থা হৈছে।

তোমালোকেই পূজ্য ৰজা আছিলা আকৌ তোমালোকেই 84 জন্ম লৈ ভিকহু হ’লা। এনেকুৱা কথাবোৰ বাৰে বাৰে স্মৃতিলৈ আনিব লাগে। তেতিয়া কেতিয়াও তোমালোকে দুখী অনুভৱ নকৰিবা। অন্তৰত মন্থন কৰি থাকিবা আমি বাবাৰ পৰা কি লৈ আছোঁ। পিতা আহি আমাক সমগ্ৰ বিশ্বৰ বাতৰি শুনায়। বিশ্বৰ এই ইতিহাস-বুৰঞ্জী কোনেও নাজানে। তোমালোকে জানা প্ৰথমে এক ধৰ্ম, এক ৰাজ্য, এটাই মত, এক ভাষা আছিল। সকলো সুখী আছিল। পাছলৈ এওঁলোকে পৰস্পৰ হাই-কাজিয়া কৰিবলৈ ল’লে আৰু ভাৰত টুকুৰা-টুকুৰ হ’বলৈ ধৰিলে। প্ৰথমে এনেকুৱা নাছিল। তাত কোনো প্ৰকাৰৰ দুখ নাছিল। বেমাৰৰ নাম-চিহ্ন নাছিল। তাৰ নামেই হৈছে স্বৰ্গ। তোমালোকৰ নিজৰ স্মৃতি উদয় হৈছে। যথাযথ কল্পই কল্পই আমাৰ বিস্মৃতি হয় পুনৰ স্মৃতিলৈ আহে। প্ৰথম একমাত্ৰ ভুল হৈছে যে ৰচয়িতা আৰু ৰচনাক পাহৰি গ'লা। এতিয়া তোমালোকে আদি-মধ্য-অন্তক জানা। সত্যযুগতো এই জ্ঞান নাথাকিব, তেন্তে আকৌ পৰম্পৰা কেনেকৈ চলিব পাৰে। সেই সময়ত মুখ্যতঃ ৰজাসকলেই থাকে। ঋষি-মুনি জানো থাকে। তেওঁলোক দ্বাপৰৰ পৰা আহে। ঋষি-মুনি আদিয়ে খোৱা-বোৱাও ৰজাসকলৰ পৰাই পায়। ৰজাসকলে তত্ত্বাৱধান লয় কিয়নো তথাপিও সন্ন্যাস কৰে নহয়। প্ৰাচীন ভাৰতৰ প্ৰাচীন ৰাজযোগৰ গায়ন কৰা হয়। প্ৰাচীন ঋষি-মুনি বুলি কোৱা নহয়। তেওঁলোকতো দ্বাপৰতহে আহে। তেওঁলোক ৰজাসকলৰ আধাৰত চলে। কয় - আমি ৰচয়িতা আৰু ৰচনাক নাজানোঁ। পিতাই কয় - এইটো ৰজাসকলে নিজেও নাজানে। এইখন জগতত কোনেও এই জ্ঞান নাজানে। এতিয়া তোমালোক সন্তানসকল বুদ্ধিমান হৈছা। লক্ষ্মী-নাৰায়ণৰ মন্দিৰ যিসকলে নিৰ্মাণ কৰে তেওঁলোকলৈ তোমালোকে লিখিব পাৰা। ইমান লাখ লাখ টকা খৰচ কৰি মন্দিৰ নিৰ্মাণ কৰিছে কিন্তু তেওঁলোকৰ জীৱন কাহিনী আপোনালোকে জানেনে? এওঁলোকে ৰাজ্য কেনেকৈ প্ৰাপ্ত কৰিলে পুনৰ ক'লৈ গুচি গ'ল। এতিয়া ক'ত আছে, আমি আপোনালোকক সকলোবোৰ ৰহস্য শুনাব পাৰোঁ। এনেকৈ তেওঁলোকলৈ লিখিব পাৰা। তোমালোক সন্তানসকলেতো প্ৰত্যেকৰে জীৱন কাহিনী জানি গ'লা তেন্তে কিয়নো লিখিব নালাগে। আমাক সময় দিয়ক তেতিয়া আমি এজন এজনৰ জীৱন কাহিনী শুনাম। শিৱৰ মন্দিৰ যিসকলে নিৰ্মাণ কৰে তেওঁলোকলৈও তোমালোকে লিখিব পাৰা। বাৰানসীত কিমান ডাঙৰ শিৱৰ মন্দিৰ আছে। তাতো ন্যাসৰক্ষী লোকসকল থাকিব। গণ্যমান্য লোকসকলক বুজাবলৈ চেষ্টা কৰিব লাগে। গণ্যমান্য লোকসকলে বুজি গ’লে তেতিয়া তেওঁলোকৰ বাণীয়ে বহুত প্ৰভাৱ পেলায়। গৰিবসকলে ততালিকে তেওঁলোকৰ শুনে। গণ্যমান্য লোকসকলৰ সহায় ল'ব লাগে। মতামতো গণ্যমান্য লোকসকলৰ দ্বাৰা লিখাব লাগে কিয়নো তেওঁলোকৰ বাণীয়েও সহায় কৰে। বাস্তৱত তেওঁলোকে ইমান বাণী প্ৰচাৰ নকৰে যিমান হ'ব লাগে। তোমালোকে ৰাষ্ট্ৰপতিকো বুজোৱা। ভাল ভাল বুলিও কয়। মুখ্যমন্ত্ৰী, ৰাজ্যপাল আদিয়ে মতমত দিয়ে - লিখে এওঁলোক বি.কে.সকলেতো ঈশ্বৰক লগ পোৱাৰ বহুত ভাল সহজ মাৰ্গ দেখুৱায়। কিন্তু ঈশ্বৰ কি বস্তু, সেয়া একোৱেই নুবুজে। কেৱল সেই সময়ত কয় যে মাৰ্গ বহুত ভাল। শান্তি প্ৰাপ্ত কৰা মাৰ্গ ভাল। কিন্তু নিজে নুবুজে।

বাবাই গণ্যমান্য লোকসকলক বুজাবলৈও কয়। গণ্যমান্য ব্যক্তিসকলৰ পৰা ডাঙৰ ডাঙৰ যিবোৰ নাম থকা প্ৰেক্ষাগৃহ আছে সেইবোৰ লৈ লোৱা। কোৱা, আমি সকলো মনুষ্যৰ কল্যাণৰ কাৰণে এই প্ৰদৰ্শনী সদাকালৰ বাবে অনুষ্ঠিত কৰিব বিচাৰোঁ, কেৱল বিজ্ঞাপন দিব লাগে। এনেকুৱা 50 বা 100টা প্ৰেক্ষাগৃহ ল'ব লাগে। ভাৰতখনতো বহুত ডাঙৰ হয় নহয়। এখন এখন চহৰত 10-12টা প্ৰেক্ষাগৃহ লোৱা। বাতৰি কাকতত প্ৰকাশিত হৈ যাওক যে ইমানকেইটা প্ৰেক্ষাগৃহত প্ৰদৰ্শনী হৈ আছে। যিসকলে বুজিব বিচাৰে তেওঁলোকে আহি বুজক। তেতিয়া কিমানৰ কল্যাণ হৈ যাব। সন্তানসকল বৰ বিশাল বুদ্ধিৰ হ'ব লাগে। সেৱা সন্তানসকলে কৰিব লাগে নহয়। পিতাই সকলো সন্তানক কয় - প্ৰদৰ্শনী বহুত উদ্দীপনাৰে জাকজমককৈ অনুষ্ঠিত কৰা। বাবাই প্ৰস্তুতি চলাই আছে। সন্তানসকলে চেষ্টা কৰিব লাগে, এই সকলোবোৰ বুজিবলগীয়া কথা। ভগৱান আহে, প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা প্ৰজা ৰচনা ৰচে। তেন্তে নিশ্চয় কিমান ব্ৰাহ্মণ ৰচিছিল। এতিয়া পুনৰ ৰচি আছে। কিমান ব্ৰাহ্মণ-ব্ৰাহ্মণী আছে। বাবাই সংগমত এই ব্ৰাহ্মণ ধৰ্ম ৰচনা কৰে। তোমালোকে বাস্তৱত দেখি আছা আৰু বুজি আছা। এই কথাবোৰ কোনো শাস্ত্ৰত উল্লেখ নাই। তোমালোক সন্তানসকলে বুজি পোৱা বাবা আহেই তেতিয়া যেতিয়া পতিত সৃষ্টিক পাৱন কৰি তুলিবলগীয়া হয়। এইটোও জানে যে পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰাহে ৰচনা ৰচে। কিন্তু কেতিয়া ৰচনা কৰে - এইটো বুজি নাপায়। তেওঁলোকে ভাবে কিবা নতুন ৰচনা ৰচে চাগৈ। ব্ৰহ্মাকতো সূক্ষ্মলোকত থাকে বুলিয়ে ভাবে। এতিয়া তোমালোকে বুজি পোৱা প্ৰজাপিতা ব্ৰহ্মাতো ইয়াত আছে। তোমালোক সূক্ষ্মলোকলৈ যোৱা। পৱিত্ৰ হৈ পুনৰ ফৰিস্তা হৈ যোৱা, সাক্ষাৎকাৰ কৰা। সন্তানসকলে আহি শুনায় - তাত ছায়াছবি চলে। সেয়া হৈছে ছায়াছবিৰ জগত, তোমালোকে ছায়াছবি দেখিছিলা। এতিয়া বাস্তৱত সকলোবোৰ কথা তোমালোকে জানি গ'লা। মূলধাম হৈছে শান্তিৰ জগত, তাত আত্মাসকল থাকে। সূক্ষ্মলোকত সূক্ষ্ম শৰীৰো আছে। তেন্তে নিশ্চয় কিবা ভাষাও থাকিব। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে আমাৰ অৰ্থাৎ আত্মাসকলৰ স্থান শান্তিধামত তাৰপাছত হৈছে সূক্ষ্মধাম। তাত ব্ৰহ্মা-বিষ্ণু-শংকৰ থাকে। আৰু এয়া হৈছে কলিযুগ আৰু সত্যযুগৰ সংগম। ইয়াত পিতা আহে, ইয়াৰ পৰা তোমালোক ব্ৰাহ্মণসকল যোৱা। মাতা-পিতাৰ ঘৰ আৰু শহুৰৰ ঘৰ হয় নহয়। ইয়াত দুয়োখনে তোমালোকৰ মাতা-পিতাৰ ঘৰ। বাপদাদা দুয়ো সন্তানসকলক ফুলৰ দৰে কৰি তুলিবলৈ পৰিশ্ৰম কৰে। মুছলমানসকলেও কয় - আল্লাৰ বাগিচা। কৰাচিত এজন পাঠান আছিল - তেওঁ সন্মুখত ঠিয় হৈছিল। চাই থাকোঁতে বাগৰি পৰিছিল। সোধাত কৈছিল মই আল্লাৰ বাগিচালৈ গ’লোঁ, আল্লাই ফুল দিলে। এতিয়া তেওঁৰ জ্ঞানতো নাছিল। এতিয়া তোমালোকে বুজি পোৱা বাগিচা বুলি কাক কোৱা হয়। এয়া হৈছে কাঁইটৰ জংঘল আৰু সেয়া হৈছে ফুলৰ বাগিচা। তোমালোকৰ বুদ্ধিত গোটেই ৰহস্য আছে। সত্যযুগ কি হয়, কলিযুগ কি হয়। তোমালোক বহুত আনন্দিত হ'ব লাগে। গোটেই চক্ৰ তোমালোকৰ বুদ্ধিত আছে। ইয়াৰ বিস্তাৰতো বহুত। তোমালোকৰ বুদ্ধিত কিমান চমুকৈ আছে। তোমালোক সন্তানসকলে ৰচয়িতা পিতাৰ দ্বাৰা ৰচয়িতা আৰু ৰচনাক জানিছা। ব্ৰহ্মাক ৰচয়িতা বুলি কোৱা নহয়। ৰচয়িতা এজনেই - মহিমাও এজনৰে। প্ৰথম ৰচনা হৈছে ব্ৰহ্মাৰ তাৰপাছত কোৱা হ'ব শ্ৰীকৃষ্ণৰ। ব্ৰহ্মাতো আছে, ব্ৰাহ্মণো নিশ্চয় লাগে। পাণ্ডৱসকলক ব্ৰাহ্মণ বুলি ধৰা নহ’ব। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ লাগে। এয়া হৈছে আত্মিক যজ্ঞ, ইয়াক আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়। আত্মাক সেইজন পিতায়ে জ্ঞান দিব। তোমালোকে জানা আমাক মনুষ্যই নপঢ়ায়। সকলো আত্মাক পিতাই পঢ়ায়। কোৱাও হয় ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। শ্ৰীকৃষ্ণৰ দ্বাৰা বুলি ক’ব জানো। তেওঁতো হ'বও নোৱাৰে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কোনে কৰায়? শ্ৰীকৃষ্ণই জানো? নহয়, পৰমপিতা পৰমাত্মাই। বিষ্ণুৰ দ্বাৰা প্ৰতিপালন। ব্ৰহ্মা আৰু বিষ্ণুৰ কিমান ভূমিকা আছে। ব্ৰহ্মা মুখ বংশাৱলীসকলেই আকৌ গৈ বিষ্ণুপুৰীৰ দেৱতা হয়। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুয়েই ব্ৰহ্মা। এয়াও সন্তানসকলক বুজোৱা হৈছে। ব্ৰহ্মাৰ পৰা বিষ্ণু হ'বলৈ এক চেকেণ্ড, বিষ্ণুৰ পৰা ব্ৰহ্মা হ'বলৈ 84 জন্ম। কিমান আচৰিত কথা। কোনেও বুজিব নোৱাৰে। এয়া হৈছে বেহদৰ কথা। বেহদৰ পিতাৰ পৰা বেহদৰ পঢ়া পঢ়ি বেহদৰ ৰাজ্য ল’ব লাগে। সৃষ্টি চক্ৰক জানিব লাগে। আত্মায়ে জানে শৰীৰৰ দ্বাৰা। এনেকুৱা নহয় যে শৰীৰে আত্মাৰ দ্বাৰা জ্ঞান লয়। নহয়, আত্মাই জ্ঞান লয়। তোমালোক কিমান আনন্দিত হোৱা। এইটো আন্তৰিক গুপ্ত আনন্দ থকা উচিত। পঢ়াৰ সংস্কাৰ আত্মাত আছে। দুখো আত্মাৰ হয়। এনেকৈ কয় - মোৰ আত্মাক দুখী নকৰিবা। সন্তানসকলে এতিয়া কিমান প্ৰকাশ পাই আছে। তোমালোক আনন্দিত হৈ থাকা। সাগৰত সজীৱ হৈ ডাৱৰবোৰ লগ হৈ বৰ্ষা কৰিব লাগে। পৰস্পৰ মিলি প্ৰদৰ্শনী আদি তৈয়াৰ কৰাত সহায় কৰা। চখ থাকিব লাগে। সেৱা, সেৱা আৰু সেৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা জ্ঞান মন্থন কৰি অপাৰ আনন্দত থাকিব লাগে। বিশাল বুদ্ধিৰ হৈ উদ্দীপনাৰে জাকজমককৈ সেৱা কৰিব লাগে।

(2) পিতাৰ দ্বাৰা যি স্মৃতি পোৱা গৈছে তাক বিস্মৃতিত আনিব (পাহৰিব) নালাগে। পৱিত্ৰ হৈ থকাৰ পিতাৰ ওচৰত যি প্ৰতিজ্ঞা কৰিছা সেয়া পূৰা পালন কৰিব লাগে।

বৰদান:
আনাসক্ত বোধৰ অভ্যাসেৰে ফৰিস্তা ৰূপৰ সাক্ষাৎকাৰ কৰাওঁতা নিৰন্তৰ সহজযোগী হোৱা

যেনেকৈ কোনো বস্ত্ৰ ধাৰণ কৰা বা নকৰাটো নিজৰ হাতত থাকে, তেনে অনুভৱ এই শৰীৰ ৰূপী বস্ত্ৰৰ ক্ষেত্ৰত হ’ব লাগে। যেনেকৈ বস্ত্ৰ ধাৰণ কৰি কাৰ্য কৰিলা আৰু কাম শেষ হোৱাৰ লগে লগে বস্ত্ৰৰ পৰা উৰ্দ্ধত গুচি গ’লা। শৰীৰ আৰু আত্মা দুয়োৰে অনাসক্ত বোধ চলোঁতে-ফুৰোঁতে অনুভৱ হওক — তেতিয়া নিৰন্তৰ সহজযোগী বুলি কোৱা হ’ব। এনেকৈ অনাসক্ত হৈ থকা সন্তানসকলৰ দ্বাৰা অনেক আত্মাই ফৰিস্তা ৰূপ আৰু ভৱিষ্যত ৰাজ্য পদৰ সাক্ষাৎকাৰ কৰিব। শেষত এই সেৱাৰ দ্বাৰাই প্ৰভাৱ বিস্তাৰ হ’ব।

স্লোগান:
সঙ্গমৰ এটা চেকেণ্ডো ব্যৰ্থত হেৰুওৱা অৰ্থাৎ এটা বছৰ হেৰুওৱা।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

ব্ৰাহ্মণ জীৱনৰ যি আন্তৰিক উত্তৰাধিকাৰ — সদায় সুখ স্বৰূপ, শান্ত স্বৰূপ, মনৰ সন্তুষ্টতা, তাৰ অনুভৱ কৰিব বাবে মনৰ পৱিত্ৰতা লাগে। জমা কৰাৰ বিধি হ’ল — মন-বচন-কৰ্মত পৱিত্ৰতা। মূল আধাৰ হৈছে পৱিত্ৰতা। সেৱাত সফলতাৰ আধাৰো হৈছে পৱিত্ৰতা। সংকল্প বা বাণীত আন কোনো ভাৱ যাতে মিহলি নহয়। ভাৱতো পৱিত্ৰতা, ভাৱনাতো যাতে পৱিত্ৰতা থাকে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]