22.09.24 Avyakt Bapdada
Assame
Murli
18.01.2002 Om Shanti Madhuban
“*“স্নেহৰ শক্তিৰে
সমৰ্থ হোৱা, সৰ্ব আত্মাক সুখ-শান্তিৰ অঞ্জলি দিয়া”*”
আজি সমৰ্থ পিতাই নিজৰ
স্মৃতি স্বৰূপ, সমৰ্থ স্বৰূপ সন্তানসকলৰ সৈতে মিলন উদ্যাপন কৰিবলৈ আহিছেহঁক। আজি
বিশেষ চাৰিওফালৰ সন্তানসকলৰ মাজত স্নেহৰ লহৰ বৈ আছে। বিশেষ পিতা ব্ৰহ্মাৰ স্নেহৰ
স্মৃতি সমাহিত হৈ আছে। এই স্নেহ প্ৰত্যেক সন্তানৰে এইটো জীৱনৰ বৰদান। পৰমাত্ম
স্নেহেই তোমালোক সকলোকে নতুন জীৱন দিছে। প্ৰতিগৰাকী সন্তানক স্নেহৰ শক্তিয়েই পিতাৰ
কৰি তুলিছে। এই স্নেহৰ শক্তিয়ে সকলো সহজ কৰি দিয়ে। যেতিয়া স্নেহত সমাহিত হৈ যোৱা
তেতিয়া যিকোনো পৰিস্থিতি সহজ অনুভৱ কৰা। বাপদাদায়ো কয় যে সদায় স্নেহৰ সাগৰত সমাহিত
হৈ থাকা। স্নেহ হৈছে ছত্ৰছায়া, যি ছত্ৰছায়াৰ ভিতৰত মায়াৰ কোনো প্ৰচ্ছায়াও পৰিব
নোৱাৰে। সহজে মায়াজিৎ হৈ যোৱা। যি নিৰন্তৰ স্নেহত থাকে তেওঁ কোনো কথাত পৰিশ্ৰম
কৰিবলগীয়া নহয়। স্নেহে সহজে পিতাৰ সমান কৰি তোলে। স্নেহৰ বাবে যিকোনো বস্তু সমৰ্পিত
কৰা সহজ হয়।
আজিও অমৃতবেলাৰ পৰা
প্ৰতিগৰাকী সন্তানে স্নেহৰ মালা পিতাক পিন্ধালে আৰু পিতায়ো স্নেহী সন্তানসকলক
স্নেহৰ মালা পিন্ধালে। যেনেকৈ এই বিশেষ স্মৃতি দিৱসত অৰ্থাৎ স্নেহৰ দিনটিত স্নেহত
সমাহিত হৈ আছা তেনেকৈ সদায় সমাহিত হৈ থাকিবা, তেতিয়া পৰিশ্ৰমেৰে পুৰুষাৰ্থ কৰিবলগীয়া
নহ’ব। এটা হ’ল স্নেহৰ সাগৰত সমাহিত হৈ থকা আৰু আনটো হ’ল স্নেহৰ সাগৰত অলপ সময়ৰ বাবে
ডুব মৰা। বহুত সন্তান সমাহিত হৈ নাথাকে, সোনকালে বাহিৰলৈ ওলাই আহে সেয়েহে সহজ কথাও
কঠিন হৈ যায়। তেন্তে সমাহিত হ’ব জানানে? সমাহিত হোৱাতে আনন্দ আছে। পিতা ব্ৰহ্মাই
সদায় পিতাৰ স্নেহ অন্তৰত সমাহিত কৰিলে, ইয়াৰ স্মাৰক কলিকতাত (এতিয়া কোলকাতা) দেখুওৱা
হৈছে। (গংগা সাগৰত সমাহিত হয়)
এতিয়া পিতাই সকলো
সন্তানৰ পৰা এয়াই বিচাৰে যে পিতাৰ স্নেহৰ প্ৰমাণ হিচাপে সমান হৈ দেখুৱাওঁক। সদায়
সংকল্পত সমৰ্থ হওঁক, এতিয়া ব্যৰ্থৰ সমাপ্তি সমাৰোহ উদ্যাপন কৰা, কিয়নো ব্যৰ্থই
সমৰ্থ হ’বলৈ নিদিব আৰু যেতিয়ালৈকে তোমালোক নিমিত্ত হৈ যোৱা সন্তানসকল সদায় সমৰ্থ
নোহোৱা তেতিয়ালৈকে বিশ্বৰ আত্মাসকলক সামৰ্থ্য কেনেকৈ প্ৰদান কৰিবা! সকলো আত্মা
শক্তিৰে একেবাৰে খালী হৈ, শক্তিৰ ভিক্ষাৰী হৈ গৈছে। হে সমৰ্থ আত্মাসকল, এনেকুৱা
ভিক্ষাৰী আত্মাসকলক এই ভিক্ষাৰীবোধৰ পৰা মুক্ত কৰা। আত্মাসকলে তোমালোক সমৰ্থ
আত্মাসকলক আহ্বান জনাই আছে - হে মুক্তিদাতাৰ সন্তান মাষ্টৰ মুক্তিদাতা আমাক মুক্তি
দিয়ক। এই আৱাজ তোমালোকৰ কাণত নপৰেনে? শুনিবলৈ নোপোৱানে? এতিয়াও নিজক মুক্ত কৰাতে
ব্যস্ত হৈ আছা নেকি? বিশ্বৰ আত্মাসকল বেহদৰ স্বৰূপত মাষ্টৰ মুক্তিদাতা হ’লে নিজৰ সৰু
সৰু কথাৰ পৰা স্বতঃ মুক্ত হৈ যাবা। এতিয়া সময় হ’ল যে আত্মাসকলৰ আহ্বান শুনা। আহ্বান
শুনিবলৈ পোৱানে নে নোপোৱা? অশান্ত আত্মাসকলক সুখ-শান্তিৰ অঞ্জলি দিয়া। এয়াই হ’ল পিতা
ব্ৰহ্মাক অনুসৰণ কৰা।
আজি বিশেষ পিতা
ব্ৰহ্মাক বেছিকৈ স্মৰণ কৰিলা নহয়! পিতা ব্ৰহ্মাই সকলো সন্তানক স্মৃতি আৰু সমৰ্থ
স্বৰূপত স্মৰণ কৰিলে। বহুত সন্তানে পিতা ব্ৰহ্মাৰ লগত বাৰ্তালাপ কৰি মিঠা মিঠা
আপত্তিও দৰ্শালে যে আপুনি ইমান সোনকালে কিয় গুচি গ’ল? আৰু আনটো আপত্তি দৰ্শালে যে
আমাৰ সকলো সন্তানৰ পৰা ছুটী কিয় লৈ নগ’ল? তেতিয়া পিতা ব্ৰহ্মাই ক’লে যে ময়ো
শিৱবাবাক সুধিলোঁ যে মোক অকস্মাত কিয় মাতি পঠিয়ালে? তেতিয়া পিতাই ক’লে - যদি তোমাক
ক’লোঁহেঁতেন যে ছুটী লৈ আহা তেতিয়া জানো তুমি সন্তানসকলক এৰিব পাৰিলাহেঁতেন নতুবা
সন্তানসকলে জানো তোমাক এৰিব পাৰিলেহেঁতেন? তোমালোক অৰ্জুনৰতো এয়াই সোঁৱৰণি আছে যে
অন্তত নষ্টোমোহা স্মৃতি স্বৰূপ হৈয়েই থাকে। সেয়েহে পিতা ব্ৰহ্মাই মিচিকিয়াই হাঁহিলে
আৰু ক’লে, এয়াতো চমৎকাৰ আছিল যে সন্তানসকলেও বুজি নাপালে যে গৈ আছে আৰু ব্ৰহ্মায়ো
বুজি নাপালে যে গৈ আছোঁ। সন্মুখত থাকিও দুয়োফালে মৌন হৈ থাকিল কিয়নো সময় অনুসৰি
পুত্ৰৰ দ্বাৰা পিতাৰ প্ৰত্যক্ষতাৰ ভূমিকা নিৰ্ধাৰিত হৈ আছিল, ইয়াকে কোৱা হয় বাঃ
ড্ৰামা বাঃ! সেৱাৰ পৰিৱৰ্তন নিৰ্ধাৰিত হৈ আছিল। পিতা ব্ৰহ্মাক সন্তানসকলৰ মেৰুদণ্ড
কৰি তুলিবলগীয়া আছিল। গতিকে অব্যক্ত ৰূপত তীব্ৰগতিৰে সেৱাৰ ভূমিকা পালন কৰিবলগীয়াই
আছিল।
আজি বিশেষকৈ ডবল
বিদেশীসকলে বহুত মিঠা মিঠা আপত্তি দৰ্শাইছে। ডবল বিদেশীসকলে কি আপত্তি দৰ্শাইছে?
ডবল বিদেশীসকলে পিতা ব্ৰহ্মাক ক’লে কেৱল দুই-তিনি বছৰ আপুনি থাকি যোৱাহেঁতেন আমি
দেখাতো পালোহেঁতেন। পিতা ব্ৰহ্মাই হাঁহি মাৰি ক’লে, ধেমালি কৰিলে - তেন্তে ড্ৰামাৰ
লগত কথা পাতা, ড্ৰামাই এনেকুৱা কিয় কৰিলে? কিন্তু এয়া অন্তিমত আহিও তীব্ৰতাৰে আগবাঢ়ি
যোৱাৰ উদাহৰণ হ’বলগীয়াই আছিল - ভাৰততে হওঁক বা বিদেশতে হওঁক, সেয়েহে এতিয়া অন্তিমত
আহিও তীব্ৰতাৰে আগুৱাই যোৱাৰ প্ৰত্যক্ষ প্ৰমাণ দেখুওৱা। যেনেকৈ আজি সমৰ্থ দিবস উদ্যাপন
কৰিলা, তেনেকৈয়ে এতিয়া প্ৰতিটো দিনেই সমৰ্থ দিৱস হওঁক। কোনো প্ৰকাৰৰ অস্থিৰতা যাতে
নাথাকে। পিতা ব্ৰহ্মাই আজিৰ দিনটোত যি তিনিটা শব্দৰ শিক্ষা দিলে, (নিৰাকাৰী,
নিৰ্বিকাৰী আৰু নিৰহংকাৰী) এই তিনিটা শব্দৰ শিক্ষা স্বৰূপ হোৱা। মনেৰে নিৰাকাৰী,
বাণীত নিৰহংকাৰী, কৰ্মত নিৰ্বিকাৰী। চেকেণ্ডত সাকাৰ স্বৰূপত আহি যোৱা, চেকেণ্ডত
নিৰাকাৰী স্বৰূপত স্থিত হৈ যোৱা। এইটো অভ্যাস গোটেই দিনটোত বাৰে বাৰে কৰা। এনেকুৱা
নহয় যে কেৱল স্মৃতিত বহাৰ সময়ত নিৰাকাৰী স্থিতিত স্থিত হৈ থাকিবা কিন্তু মাজে মাজে
সময় উলিয়াই এই দেহবোধৰ পৰা উপৰাম নিৰাকাৰী আত্মা স্বৰূপত স্থিত হোৱাৰ অভ্যাস কৰা।
যি কাৰ্যই নকৰা, কাৰ্য কৰিও এইটো অভ্যাস কৰা যে মই নিৰাকাৰ আত্মাই এই সাকাৰ
কৰ্মেন্দ্ৰিয়ৰ আধাৰত কৰ্ম কৰাই আছোঁ। নিৰাকাৰী স্থিতি হৈছে কৰাৱনহাৰ স্থিতি।
কৰ্মেন্দ্ৰিয় হৈছে কৰণহাৰ, আত্মা কৰাৱনহাৰ। গতিকে নিৰাকাৰী আত্ম স্থিতিৰে নিৰাকাৰী
পিতা স্বতঃ স্মৃতিলৈ আহিব। যেনেকৈ পিতা কৰাৱনহাৰ তেনেকৈ মই আত্মাও কৰাৱনহাৰ, সেয়েহে
কৰ্মৰ বন্ধনত বান্ধ নাখাব, উপৰাম হৈ থাকিব, কিয়নো কৰ্মৰ বন্ধনত বন্দী হ’লেই সমস্যা
আহে। গোটেই দিনটোত পৰীক্ষা কৰা - কৰাৱনহাৰ আত্মা হৈ কৰ্ম কৰাই আছোঁনে? বাৰু! এতিয়া
মুক্তি দিয়াৰ কাৰ্যপ্ৰক্ৰিয়া তীব্ৰ কৰা।
বাৰু - এইবাৰ যিসকল
এইটো কল্পত প্ৰথম বাৰ আহিছে, তেওঁলোকে হাত দাঙা। নতুনকৈ অহা সন্তানসকলক বাপদাদাই
বিশেষ স্নেহসহিত স্মৰণ কৰি আছে যে সময়ত পিতাক চিনি পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী হৈ
গ’লা। সদায় নিজৰ এই ভাগ্যক স্মৃতিত ৰাখিবা যে আমি পিতাক চিনি পালোঁ।
বাৰু ডৱল বিদেশীসকল
হাত দাঙা। বহুত ভাল! ডৱল বিদেশীসকলক বাপদাদাই কয় যে ব্ৰহ্মাৰ সংকল্পৰে জন্ম লৈছা।
এটা হৈছে পোনপটীয়াকৈ মুখৰ দ্বাৰা বংশাৱলী আৰু দ্বিতীয়তে হৈছে সংকল্পৰ দ্বাৰা বংশাৱলী।
সংকল্প শক্তি বৰ মহান। যেনেকৈ সংকল্প শক্তি তীব্ৰ তেনেকৈ তোমালোকৰ ৰচনা ডবল
বিদেশীসকল তীব্ৰ পুৰুষাৰ্থী আৰু তীব্ৰ প্ৰালব্ধ অনুভৱ কৰোঁতা সেয়েহে গোটেই ব্ৰাহ্মণ
পৰিয়ালত ডবল বিদেশীসকল ডবল মৰমৰ। ভাৰতৰ ভাতৃ-ভগ্নীসকলে তোমালোকক দেখি আনন্দিত হয়,
বাঃ ডবল বিদেশী বাঃ! ডবল বিদেশীসকলো আনন্দিত হোৱানে? কিমান আনন্দিত হোৱা? বহুত
আনন্দিত হোৱানে? এনেকুৱা কোনো বস্তু নায়েই যাৰ লগত তুলনা কৰিব পাৰি। ডবল বিদেশতো
শুনি আছে, দেখি আছে। ভাল কথা, এই বিজ্ঞানৰ সাধনে তোমালোকক বেহদৰ সেৱা কৰাত বহুত
সহযোগ কৰিব আৰু সহজে সেৱা কৰাব। তোমালোকৰ স্থাপনাৰ সংযোগেৰেই এই বিজ্ঞানৰো গতি
তীব্ৰ হৈছে।
বাৰু - সকলো পাণ্ডৱ
সমৰ্থ হোৱা নহয়? দুৰ্বলতো নোহোৱা, সকলো সমৰ্থ হোৱানে? আৰু শক্তিসকল, পিতাৰ সমান
হোৱানে? শক্তিসেনা হোৱা। শক্তিসকলৰ শক্তি মায়াজিৎ কৰি তোলোঁতা হয়। বাৰু।
আজি বিশেষ অলংকৰণ (সাজ-সজ্জা)
কৰোঁতাসকলো আহিছে। (কলিকতাৰ ভাতৃ-ভগ্নীসকলে ফুল লৈ আহিছে, সকলো স্থানত ফুলেৰে বৰ
ভাল অলংকৰণ কৰিছে)। এয়াও স্নেহৰ চিন। ভাল কথা, নিজৰ স্নেহৰ প্ৰমাণ দিলা। বাৰু।
শিক্ষকসকল হাত দাঙা। প্ৰতিটো দলত শিক্ষক বহুত আহে। শিক্ষকসকলে ভাল সুযোগ পায়। সেৱাৰ
প্ৰত্যক্ষ ফল পাই যায়। ভাল কথা, এতিয়া নিজৰ চৰিত্ৰৰ দ্বাৰা সকলোকে ভৱিষ্যতৰ
সাক্ষাৎকাৰ কৰোৱা। শুনিলা, কি কৰিব লাগে? বাৰু!
মধুবন নিবাসীয়ে হাত
দাঙা - বহুত ভাল। মধুবন নিবাসীসকলে সুযোগ বৰ ভাল পায়। সেয়েহে বাপদাদাই কয় - মধুবন
নিবাসী হৈছে আত্মিক ‘চেঞ্চেলৰ’। ‘চেঞ্চেলৰ’ হোৱা নহয়? সেৱা কৰিব লাগিব। তথাপিও
সকলোকে মধুবন নিৱাসীয়ে ৰাজীতো কৰি লয় নহয়! সেয়েহে বাপদাদাই মধুবন নিবাসীক কেতিয়াও
নাপাহৰে। মধুবন নিবাসীসকলক বিশেষ স্মৰণ কৰে। মধুবন নিবাসীক কিয় স্মৰণ কৰে? কিয়নো
মধুবন নিবাসী পিতাৰ প্ৰতি থকা প্ৰেমত গৰিষ্ঠসংখ্যকেই উত্তীৰ্ণ। গৰিষ্ঠসংখ্যকৰে
পিতাৰ প্ৰতি অটুট স্নেহ আছে। মধুবন নিবাসী কম নহয়, বহুত ভাল।
ইন্দোৰ জ’নৰ
সেৱাধাৰীসকল আহিছে:-
ইন্দোৰ জ’নৰসকলে হাত
দাঙা। বহুত আছে, ভাল কথা। সেৱা কৰা অৰ্থাৎ সমীপত অহাৰ ফল খোৱা। সেৱাৰ সুযোগ লোৱা,
অৰ্থাৎ পুণ্যৰ পুঁজি জমা কৰা। আশীৰ্বাদ জমা কৰা। গতিকে সকলো সেৱাধাৰীয়ে নিজৰ পুণ্যৰ
পুঁজি জমা কৰিলা। এই আশীৰ্বাদ বা পুণ্যই অতিৰিক্ত ‘লিফ্ট’ৰ কাম কৰে।
বাৰু, দেশ বা বিদেশৰ
যিসকলে দূৰৈত বহিও সমীপত আছে, সকলো সন্তানক বাপদাদাই স্নেহৰ দিৱসৰ প্ৰতিদানত পদমগুণ
স্নেহসহিত স্মৰণ কৰি আছে। বাপদাদাই দেখিবলৈ পায় যে স্থান বিশেষে সময় বেলেগ বেলেগ,
কিন্তু জাগ্ৰত জ্যোতি অক্লান্ত হৈ শুনি আছে আৰু আনন্দিত হৈ আছে। বাপদাদাই
সন্তানসকলৰ আনন্দ দেখি আছে। কোৱা, সকলোৱে আনন্দত নাচি আছা নহয়? সকলোৱে কান্ধ লৰাই
আছে, হয় বাবা। জনক কন্যাটিয়েও বহুত মিঠা মিঠাকৈ মিচিকিয়াই হাঁহি আছে। এনেয়েতো সকলোৱে
পিতাৰ স্মৃতিত আছে কিন্তু কিমানৰ নাম ল’ম। অনেক সন্তান আছে সেয়েহে বাপদাদাই কয় -
প্ৰতিগৰাকী সন্তানে নিজৰ নামত ব্যক্তিগতভাৱে স্নেহপূৰ্ণ স্মৃতি স্বীকাৰ কৰি আছা আৰু
কৰি থাকিবা। বাৰু, এতিয়া এক চেকেণ্ডত নিৰাকাৰী স্থিতিত স্থিত হৈ যোৱা। (বাপদাদাই
ড্ৰিল কৰালে)।
জীৱনৰ মূল্যবোধৰ ওপৰত
প্ৰশিক্ষণ চলি আছে:-
ভাল সেৱাৰ সাধন।
জীৱনৰ মূল্যবোধৰ প্ৰশিক্ষণ দি দি নিজৰ স্নেহময় জীৱন-যাপনৰ অভ্যাস বঢ়াই গৈ থাকিবা।
বাৰু, বাপদাদাই আজি
গুলজাৰ কন্যাটিক এটা কথা কৈ আছিল, বিশেষ অভিনন্দন জনাই আছিল যে ব্ৰহ্মাৰ শৰীৰৰ
সেৱাৰ দৰে এই ৰথখনেও 33টা বছৰ পূৰা কৰিলে। এয়াও ড্ৰামাত ভূমিকা আছে। পিতাৰ সহায় আৰু
সন্তানটিৰ সাহস, দুয়ো একেলগে মিলি ভূমিকা পালন কৰে। বাৰু।
সকলো সদায় স্নেহৰ
সাগৰত সমাহিত থাকোঁতা, সদায় স্নেহত লীন হৈ থাকোঁতা, সদায় কৰাৱনহাৰ আত্মা স্বৰূপত
স্থিত হৈ থাকোঁতা, সদায় তিনিটা শব্দৰ “শিৱ মন্ত্ৰ” ব্যৱহাৰিক জীৱনত ধাৰণ কৰোঁতা,
সদায় পিতাৰ সমান মাষ্টৰ মুক্তিদাতা হৈ বিশ্বৰ আত্মাসকলক মুক্তি দিওঁতা, এনেকুৱা
সৰ্ব শ্ৰেষ্ঠ আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
দাদীজীৰ প্ৰতি:-
আজিৰ দিনটিত পিতাই
সন্তানসকলক বিশ্বৰ সন্মুখত প্ৰত্যক্ষ কৰিলে। পিতা কৰাৱনহাৰ হ’ল আৰু সন্তানসকলক
কৰণহাৰ কৰিলে। ভাল কথা, এই স্নেহৰ লহৰে সকলোকে সমাহিত কৰি দিয়ে। বাৰু, শৰীৰক চলোৱাৰ
বিধি জানি গ’লা নহয়। চলাই চলাই পিতাৰ সমান অব্যক্ত হৈ যাবা। সহজ পুৰুষাৰ্থ হৈছে
আশীৰ্বাদ। গোটেই দিনটিত কোনো বিতুষ্ট নহওঁক, আশীৰ্বাদ প্ৰাপ্ত হওঁক এয়া হ’ল প্ৰথম
শ্ৰেণীৰ পুৰুষাৰ্থ। সহজো হয় আৰু তীব্ৰও হয়। ঠিক আছে নহয়! শৰীৰ যেনেকুৱাই নহওঁক,
কিন্তু আত্মাতো শক্তিশালী হয় নহয়! তোমালোক সকলো সন্তানে 14 বছৰ যি তপস্যা কৰিলা,
সেই তপস্যাৰ শক্তিয়ে সেৱা কৰাই আছে। এতিয়াতো তোমালোকৰ বহুত সংগী হৈ গ’ল। ভাল ভাল
সেৱাৰ সংগী আছে। বচ্, তোমালোকক দেখি আনন্দিত হয়, এয়াই বহুত। ঠিক আছে।
জ্যেষ্ঠ ভ্ৰাতৃসকলৰ
প্ৰতি:- ড্ৰামা
অনুসৰি সেৱাৰ যি পৰিকল্পনা কৰা হয়, সেৱা বহুত ভাল হৈছে আৰু প্ৰত্যেকেই সদায় সংগঠনত
স্নেহ আৰু আশীৰ্বাদ প্ৰাপ্ত কৰিবৰ বাবে বালক তথা মালিকৰ পাঠ দৃঢ় কৰি ইজনে সিজনক
আগবঢ়াই, ইজনে সিজনৰ বিচাৰকো সন্মান জনাই আগবাঢ়িলে তেতিয়া সফলতাই সফলতা আহিব। সফলতাতো
আহিবই। কিন্তু এতিয়া যি নিমিত্ত আত্মাসকল আছে তেওঁলোকক বিশেষ স্নেহৰ সম্বন্ধত অনা;
এয়া সকলোৰে পুৰুষাৰ্থক তীব্ৰ কৰি তোলা হয়। স্নেহ, নিঃস্বাৰ্থ স্নেহ, নিঃস্বাৰ্থ
স্নেহ থাকিলে তেওঁ সন্মান দিবও আৰু ল’বও। বৰ্তমান সময়ত স্নেহৰ মালাত সকলোকে গঁথা,
এয়াই বিশেষ আত্মাসকলৰ কাৰ্য আৰু ইয়াৰ দ্বাৰাই, স্নেহে সংস্কাৰো পৰিৱৰ্তন কৰাব পাৰে।
জ্ঞান সকলোৰে আছে কিন্তু স্নেহে যিকোনো সংস্কাৰধাৰীকো সমীপত আনিব পাৰে। কেৱল স্নেহৰ
দুটি শব্দ সদাকালৰ বাবে তেওঁলোকৰ জীৱনৰ অৱলম্বন হ’ব পাৰে। নিঃস্বাৰ্থ স্নেহে অতি
সোনকালে মালা তৈয়াৰ কৰাই দিব। পিতা ব্ৰহ্মাই কি কৰিলে? স্নেহেৰে নিজৰ কৰিলে। গতিকে
এতিয়া ইয়াৰ আৱশ্যকতা আছে। এনেকুৱা হয় নহয়!
(সোনীপতৰ বাবে মিটিং
হৈ আছে, তাত অনুভূতি কৰাবৰ বাবে সাধনৰ উপযোগ কেনেকৈ কৰা হ’ব) সেয়াতো পৰিকল্পনা কৰি
আছে, প্ৰত্যেকৰে সংকল্প, বিচাৰ যাক গৰিষ্ঠসংখ্যকে স্বীকাৰ কৰে, সেয়া তৈয়াৰ কৰা।
অনুভূতি তেতিয়া কৰাব পাৰিবা যেতিয়া অনুভূতি স্বৰূপ হ’বা। বাৰু।
বৰদান:
দৃঢ়তাৰ শক্তিৰে
সফলতা প্ৰাপ্ত কৰোঁতা ত্ৰিকালদৰ্শী আসনধাৰী হোৱা
দৃঢ়তাৰ শক্তি শ্ৰেষ্ঠ
শক্তি যিয়ে অমনোযোগিতাৰ শক্তিক সহজে পৰিৱৰ্তন কৰি দিয়ে। বাপদাদাৰ বৰদান আছে - য’ত
দৃঢ়তা আছে ত’ত সফলতা আছেই। কেৱল যেনেকুৱা সময়, তেনেকুৱা বিধিৰে সিদ্ধি স্বৰূপ হোৱা।
যিকোনো কৰ্ম কৰাৰ পূৰ্বে তাৰ আদি-মধ্য-অন্তৰ কথা ভাবি-চিন্তি কাৰ্য কৰা আৰু কৰোৱা
অৰ্থাৎ ত্ৰিকালদৰ্শী আসনধাৰী হোৱা তেতিয়া অমনোযোগিতা সমাপ্ত হৈ যাব। সংকল্প ৰূপী
বীজ শক্তিশালী দৃঢ়তা সম্পন্ন হওঁক তেতিয়া বাণী আৰু কৰ্মত সহজে সফলতা আছেই।
স্লোগান:
সদায় সন্তুষ্ট
হৈ সকলোকে সন্তুষ্ট কৰোঁতাজনেই সন্তুষ্টমণি।
প্ৰীতি বুদ্ধিৰ হৈ
বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:
যেতিয়ালৈকে কোনোবাই
অংশ মাত্ৰও কোনো ৰস দেখা পায়, অসাৰ সংসাৰৰ অনুভৱ নহয়, বুদ্ধিত এইটো উদয় নহয় যে
সকলো মৃতপ্ৰায় হৈ পৰি আছে তেতিয়ালৈকে তেওঁলোকৰ কিবা প্ৰাপ্তিৰ ইচ্ছা জাগিব পাৰে,
কিন্তু সদায় এজনৰ ৰসত থাকোঁতাজন একৰস স্থিতিৰ হৈ যায়। তেওঁলোকক মৃতকৰ পৰা কোনো
প্ৰকাৰৰ প্ৰাপ্তিৰ কামনা থাকিব নোৱাৰে। কোনো বিনাশী ৰসে নিজৰ ফালে আকৰ্ষিত কৰিব
নোৱাৰে।