22.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাই তোমালোকক যি জ্ঞান পঢ়ায়, তাত কোনো তন্ত্ৰ-মন্ত্ৰৰে সিদ্ধি লাভ কৰাৰ কথা নাই,
পঢ়াত কোনো যাদু-মন্ত্ৰৰ দ্বাৰা কাম নচলে”
প্ৰশ্ন:
দেৱতাসকলক
বিচাৰ বুদ্ধি সম্পন্ন বুলি কোৱা হ’ব, মনুষ্যক নহয় – কিয়?
উত্তৰ:
কিয়নো দেৱতাসকল হ’ল সৰ্বগুণ সম্পন্ন আৰু মনুষ্যৰ কোনো গুণ নাই। দেৱতাসকল বিচাৰ
বুদ্ধি সম্পন্ন হয় সেই কাৰণেতো মনুষ্যই তেওঁলোকৰ পূজা কৰে। তেওঁলোকৰ বেটাৰী শক্তিৰে
ভৰি থাকে সেইবাবে তেওঁলোকক মূল্যৱান বুলি কোৱা হয়। যেতিয়া বেটাৰী শক্তিহীন হয়,
মূল্যহীন হৈ যায় তেতিয়া কোৱা হয় বুদ্ধিহীন।
ওঁম্শান্তি।
পিতাই
সন্তানসকলক বুজাইছে যে এইখন হৈছে পাঠশালা। এয়া হ’ল পঢ়া। এই পঢ়াৰ আধাৰত এই পদ
প্ৰাপ্ত হয়, ইয়াকে স্কুল বা ইউনিভাৰচিটি (বিশ্ব বিদালয়) বুলি ভবা উচিত। ইয়ালৈ
দূৰ-দূৰণিৰ পৰা পঢ়িবলৈ আহে। কি পঢ়িবলৈ আহে। এইটো লক্ষ্য-উদ্দেশ্য বুদ্ধিত আছে। আমি
পাঠ পঢ়িবলৈ আহোঁ, পঢ়াওঁতাজনক শিক্ষক বুলি কোৱা হয়। ভগৱানুবাচ ‘গীতা’ই হয়। অন্য কোনো
কথা নাই। ‘গীতা’ পঢ়াওঁতাজনৰ কিতাপ আছে, কিন্তু কিতাপ আদি একো নপঢ়ায়। কোনো ‘গীতা’ৰ
কিতাপ হাতত নাই। এয়াতো ভগৱানুবাচ। মনুষ্যক ভগৱান বুলি কোৱা নহয়। ভগৱান উচ্চতকৈও
উচ্চ এজনেই। মূললোক, সূক্ষ্মলোক, স্থূললোক – এয়া হ’ল গোটেই বিশ্ব-ব্ৰহ্মাণ্ড। খেল
কোনো সূক্ষ্মলোক বা মূললোকত নচলে, নাটক ইয়াতে চলে। 84ৰ চক্ৰও ইয়াতে আছে। ইয়াকে 84
চক্ৰৰ নাটক বুলি কোৱা হয়। এইখন ৰচি থোৱা খেল। এয়া অতিকৈ বুজিবলগীয়া কথা কিয়নো
উচ্চতকৈও উচ্চ ভগৱান, তোমালোকে তেওঁৰ মত পোৱা। অন্যটো কোনো বস্তু নাই। এজনকে কোৱা
হয় সৰ্ব শক্তিমান, বিশ্বৰ সৰ্ব শক্তিমান হৰ্তা-কৰ্তা। হৰ্তা-কৰ্তাৰ অৰ্থও নিজে
বুজায়। এয়া মনুষ্যই নুবুজে কিয়নো তেওঁলোক সকলো তমোপ্ৰধান, ইয়াক কোৱাই হয় কলিযুগ।
এনেকৈ কোৱা নহয় যে কাৰোবাৰ বাবে কলিযুগ, কাৰোবাৰ কাৰণে সত্যযুগ, কাৰোবাৰ কাৰণে
ত্ৰেতা। নহয়, যিহেতু এতিয়া নৰক হয়েই সেয়েহে কোনো মনুষ্যই এনেকৈ ক’ব নোৱাৰে যে আমাৰ
কাৰণে স্বৰ্গ কিয়নো আমাৰ ধন-সম্পত্তি বহুত আছে। এয়া হ’ব নোৱাৰে। এইখনতো ৰচি থোৱা
খেল। সত্যযুগ অতীত হৈ গ’ল, এই সময়ততো হ’বও নোৱাৰে। এয়া সকলো বুজিবলগীয়া কথা। পিতাই
বহি সকলো কথা বুজায়। সত্যযুগত এওঁলোকৰ ৰাজ্য আছিল। ভাৰতবাসীয়ে সেই সময়ত সত্যযুগী
বুলি কৈছিল। এতিয়া নিশ্চয় কলিযুগী বুলি ক’ব। যেতিয়া সত্যযুগী আছিল তেতিয়া তাক
স্বৰ্গ বুলি কৈছিল। এনেকুৱা নহয় যে নৰককো স্বৰ্গ বুলি ক’ব। মনুষ্যৰতো নিজা নিজা মত।
ধনৰ সুখ থাকিলে নিজকে স্বৰ্গত থকা বুলি ভাবে। মোৰতো বহুত সম্পত্তি আছে সেইবাবে মই
স্বৰ্গত আছোঁ। কিন্তু বিবেকে কয় যে নহয়। এয়াতো হয়েই নৰক। হয়তো কাৰোবাৰ 10-20 লাখ আছে
কিন্তু এয়া হয়েই ৰোগী সৃষ্টি। সত্যযুগক নিৰোগী সৃষ্টি বুলি কোৱা হ’ব। সৃষ্টি এইখনেই।
সত্যযুগত এইখনক যোগী সৃষ্টি বুলি কোৱা হ’ব, কলিযুগক ভোগী সৃষ্টি বুলি কোৱা হয়। তাত
হৈছে যোগী কিয়নো বিকাৰৰ ভোগ-বিলাস নাথাকে। গতিকে এইখন হৈছে স্কুল ইয়াত শক্তিৰ কথা
নাই। শিক্ষকে জানো শক্তি দেখুৱায়? লক্ষ্য-উদ্দেশ্য থাকে, আমি অমুক হ’ম। তোমালোকে এই
পঢ়াৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হোৱা। এনেকুৱা নহয় যে কিবা যাদু বা তন্ত্ৰ-মন্ত্ৰৰে
সিদ্ধি পোৱাৰ কথা আছে। এইখনতো হৈছে স্কুল। স্কুলত জানো তন্ত্ৰ-মন্ত্ৰৰ কথা থাকে? পঢ়ি
কোনোবা ডাক্তৰ, কোনোবা বেৰিষ্টাৰ আদি হয়। এই লক্ষ্মী-নাৰায়ণো মনুষ্য আছিল, কিন্তু
পৱিত্ৰ আছিল সেইবাবে তেওঁলোকক দেৱী-দেৱতা বুলি কোৱা হয়। পৱিত্ৰ নিশ্চয় হ’ব লাগে।
এইখন হয়েই পতিত পুৰণি সৃষ্টি। মনুষ্যইতো ভাবে সৃষ্টি পুৰণি হ’বলৈ লাখ লাখ বছৰ বাকী
আছে। কলিযুগৰ পাছতহে সত্যযুগ আহিব। এতিয়া তোমালোক সংগমত আছা। এই সংগমৰ বিষয়ে কোনেও
নাজানে। সত্যযুগ লাখ লাখ বছৰৰ বুলি কৈ দিয়ে। এই কথাবোৰ পিতা আহি বুজায়। তেওঁকে কোৱা
হয় পৰম পিতা। আত্মাসকলৰ পিতাক বাবা বুলি কোৱা হ’ব। অন্য কোনো নাম নাথাকে। বাবাৰ নাম
হ’ল শিৱ। শিৱৰ মন্দিৰলৈও যায়। পৰমাত্মা শিৱক নিৰাকাৰ বুলিয়ে কোৱা হয়। তেওঁৰ মনুষ্য
শৰীৰ নাই। তোমালোক আত্মাসকল ইয়ালৈ ভূমিকা পালন কৰিব আহা তেতিয়া তোমালোকে মনুষ্য
শৰীৰ পোৱা। তেওঁ হ’ল শিৱ, তোমালোক হৈছা শালগ্ৰাম। শিৱ আৰু শালগ্ৰামৰ পূজাও হয় কিয়নো
চৈতন্য ৰূপত হৈ গৈছে। কিবা কৰি থৈ গৈছে সেই কাৰণে তেওঁৰ নাম প্ৰচাৰ কৰা হয় অথবা পূজা
কৰা হয়। পূৰ্বজন্মৰ বিষয়েতো কোনেও গম নাপায়। এইটো জন্মততো গায়ন কৰে, দেৱী-দেৱতাক
পূজা কৰে। এইটো জন্মততো বহুত নেতাও হৈ গৈছে। যিসকল ভাল ভাল সাধু-সন্ত আদি হৈ গৈছে,
তেওঁলোকৰ নাম প্ৰচাৰৰ বাবে মোহৰো সাজে। ইয়াত আকৌ সকলোতকৈ উচ্চ কাৰ নাম গায়ন কৰা হ’ব?
সকলোতকৈ উচ্চতকৈও উচ্চ কোন? উচ্চতকৈও উচ্চতো একমাত্ৰ ভগৱানেই। তেওঁ হ’ল নিৰাকাৰ আৰু
তেওঁৰ মহিমা একেবাকে অনন্য। দেৱতাসকলৰ মহিমা বেলেগ মনুষ্যৰ বেলেগ। মনুষ্যক দেৱতা
বুলি ক’ব নোৱাৰি। দেৱতাসকলৰ সৰ্বগুণ আছিল, লক্ষ্মী-নাৰায়ণ হৈ গৈছে নহয়। তেওঁলোক
পৱিত্ৰ আছিল, তেওঁলোকক পূজাও কৰে কিয়নো পৱিত্ৰ পূজ্য হয়, অপৱিত্ৰক পূজা নকৰে,
অপৱিত্ৰই সদায় পৱিত্ৰক পূজা কৰে। কন্যা পৱিত্ৰ হয় সেয়েহে পূজা কৰা হয়, পতিত হ’লে
তেতিয়া সকলোৰে চৰণত পৰিবলগীয়া হয়, এই সময়ত সকলো পতিত, সত্যযুগত সকলো পাৱন আছিল।
সেইখন হয়েই পৱিত্ৰ সৃষ্টি, কলিযুগ হ’ল পতিত সৃষ্টি সেইবাবে পতিত-পাৱন পিতাক মাতে।
যেতিয়া পৱিত্ৰ হয় তেতিয়া নামাতে। পিতাই নিজেই কয় – মোক সুখত কোনেও স্মৰণ নকৰে।
ভাৰতৰে কথা। পিতা আহেও ভাৰতলৈকে। ভাৰত এই সময়ত পতিত হৈছে, ভাৰতেই পৱিত্ৰ আছিল।
পৱিত্ৰ দেবতাসকলক চাব বিচাৰিলে তেনেহ’লে মন্দিৰলৈ গৈ চোৱা। সকলো দেৱতাই পৱিত্ৰ, তাৰ
ভিতৰত যিসকল মুখ্য মুখ্য মুৰব্বী, তেওঁলোকক মন্দিৰত দেখুৱায়। এই লক্ষ্মী-নাৰায়ণৰ
ৰাজ্যত সকলো পৱিত্ৰ আছিল, যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। এই সময়ত সকলো পতিত।
সকলোৱে প্ৰাৰ্থনা কৰি থাকে – হে পতিত-পাৱন আহক। সন্ন্যাসীয়ে কেতিয়াও শ্ৰীকৃষ্ণক
ভগৱান বা ব্ৰহ্ম বুলি নামানে। তেওঁলোকে ভাবে – ভগৱানতো নিৰাকাৰ, তেওঁৰ চিত্ৰও
নিৰাকাৰ ধৰণেৰে পূজা কৰা হয়। তেওঁৰ সঠিক নাম হৈছে শিৱ। তোমালোক আত্মাসকল যেতিয়া
ইয়ালৈ আহি শৰীৰ ধাৰণ কৰা তেতিয়া তোমালোকৰ নাম ৰখা হয়। আত্মা অবিনাশী, শৰীৰ বিনাশী।
আত্মাই এটা শৰীৰ এৰি গৈ আন এটা লয়। 84 জন্মতো ল’বই লাগে নহয়। 84 লাখ নহয়। সেয়েহে
পিতাই বুজায় – এইখন সৃষ্টি সত্যযুগত নতুন আছিল, শ্ৰেষ্ঠাচাৰী আছিল। এইখন সৃষ্টিয়েই
পাছত ভ্ৰষ্টাচাৰী হৈ যায়। সেয়া হ’ল সত্যখণ্ড, সকলো সঁচা কওঁতা। ভাৰতকে সত্যখণ্ড বুলি
কোৱা হয়। মিছাখণ্ডই পাছত সত্যখণ্ড হয়। সত্য পিতাহে আহি সত্যখণ্ড স্থাপনা কৰে। তেওঁকে
সঁচা সম্ৰাট, সত্য বুলি কোৱা হয়, এয়া হয়েই মিছাখণ্ড। মনুষ্যই যি কয় সেয়া হ’ল মিছা।
দেৱতাসকল বিচাৰ বুদ্ধি সম্পন্ন হয়, তেওঁলোকক মনুষ্যই পূজা কৰে। জ্ঞানী আৰু অজ্ঞানী
বুলি কোৱা হয়। জ্ঞানী কোনে কৰি তোলে আৰু অজ্ঞানী কোনে কৰি তোলে? এয়াও পিতাই শুনায়।
জ্ঞানী সৰ্বগুণ সম্পন্ন কৰি তোলোঁতাজন হ’ল পিতা। তেওঁ নিজে আহি নিজৰ পৰিচয় দিয়ে।
যেনেকৈ তোমালোক আত্মা হোৱা পাছত ইয়াত শৰীৰত প্ৰৱেশ কৰি ভূমিকা পালন কৰা। ময়ো এবাৰে
এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। তোমালোকে জানা যে তেওঁ এজনেই। তেওঁকেই সৰ্বশক্তিমান বুলি
কোৱা হয়। অন্য কোনো মনুষ্য নাই যাক আমি সৰ্বশক্তিমান বুলি ক’ম। লক্ষ্মী-নাৰায়ণকো
ক’ব নোৱাৰা কিয়নো তেওঁলোককো শক্তি দিওঁতা কোনোবা আছে। পতিত মনুষ্যৰ শক্তি থাকিব
নোৱাৰে। আত্মাত যি শক্তি বাকী থাকে সেয়া পাছত লাহে লাহে নোহোৱা হৈ যায় অৰ্থাৎ
আত্মাত যি সতোপ্ৰাধান শক্তি আছিল সেয়া তমোপ্ৰাধান শক্তি হৈ যায়। যেনেকৈ মটৰ গাড়ীৰ
তেল শেষ হ’লে মটৰ গাড়ী ৰৈ যায়। এই বেটাৰী (আত্মা) বাৰে বাৰে শক্তিহীন হৈ নাযায়,
আত্মা ৰূপী বেটাৰীৰ নিদিষ্ট সময় নিৰ্ধাৰিত কৰা আছে। কলিযুগৰ শেষত বেটাৰী ঠাণ্ডা হৈ
যায়। প্ৰথমে যিসকল সতোপ্ৰধান বিশ্বৰ মালিক আছিল, এতিয়া তমোপ্ৰধান হৈছে সেয়েহে শক্তি
কম হৈ গৈছে। শক্তি বাকী থকাগৈ নাই। একেবাৰে মূল্যহীন হৈ যায়। ভৰতত দেৱী-দেৱতা ধৰ্ম
আছিল তেতিয়া মূল্যৱান আছিল। ধৰ্মই শক্তি বুলি কোৱা হয়। দেৱতা ধৰ্মত শক্তি আছে।
বিশ্বৰ মালিক হয়। কি শক্তি আছিল? কোনো যুদ্ধ আদি কৰাৰ শক্তি নাছিল। সৰ্বশক্তিমান
পিতাৰ পৰা শক্তি পোৱা যায়। শক্তি কি বস্তু?
পিতাই বুজায় – মৰমৰ
সন্তানসকল, তোমালোক আত্মাসকল সতোপ্ৰধান আছিলা, এতিয়া তমোপ্ৰধান হৈছা। বিশ্বৰ মালিকৰ
সলনি বিশ্বৰ গোলাম হৈ গৈছা। পিতাই বুজায় – এই 5 বিকাৰৰূপী ৰাৱণে তোমালোকৰ সকলো শক্তি
কাঢ়ি লৈছে সেইবাবে ভাৰতবাসী কঙাল হৈ গৈছে। এনেকৈ নাভাবিবা যে বিজ্ঞানীসকলৰ বহুত
শক্তি আছে, সেই শক্তি নাই। এয়া আত্মিক শক্তি। যি সৰ্বশক্তিমান পিতাৰ সৈতে যোগসূত্ৰ
গঢ়িলে পোৱা যায়। বিজ্ঞান আৰু শান্তিৰ এই সময়ত যেন যুদ্ধ হয়। তোমালোক শান্ত অৱস্থাত
যোৱা, তাৰ বল তোমালোকে পাই আছা। শান্তিৰ বল লৈ তোমালোকে শান্তিলোকলৈ গুচি যাবা।
পিতাক স্মৰণ কৰি নিজকে শৰীৰৰ পৰা উপৰাম কৰি দিয়া। ভক্তিত তোমালোকে ভগৱানৰ ওচৰলৈ
যাবৰ বাবে বহুত মগজ খটুৱাইছা। কিন্তু সৰ্বব্যাপি বুলি কোৱা বাবে ৰাস্তাই নোপোৱা।
তমোপ্ৰধান হৈ গৈছা। গতিকে এয়া হৈছে পঢ়া, পঢ়াক শক্তি বুলি নকয়। পিতাই কয় – প্ৰথমেতো
পৱিত্ৰ হোৱা আৰু তাৰপাছত সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে সেই জ্ঞান বুজা। জ্ঞানেৰে
পৰিপূৰ্ণতো পিতাই হয়, এই ক্ষেত্ৰত শক্তিৰ কথা নাই। সন্তানসকলে এয়া নাজানে যে সৃষ্টি
চক্ৰ কেনেকৈ ঘূৰে, তোমালোক ভাৱৰীয়া নহয় জানো। এয়া বেহদৰ ড্ৰামা। আগতে মনুষ্যৰ নাটক
চলিছিল, তাত অদল-বদল হ’ব পাৰে। এতিয়াতো আকৌ চিনেমা বনোৱা হৈছে। পিতাৰো চিনেমাৰ
উদাহৰণ দি বুজাবলৈ সহজ হয়। সেয়া সৰু চিনেমা, এয়া ডাঙৰ। নাটকত ভাৱৰীয়া আদি সলনি কৰিব
পাৰি। এয়াতো অনাদি নাটক। এবাৰ যি দৃশ্যাগ্ৰহণ হয় সেয়া পুনৰ সলনি হ’ব নোৱাৰে। এই
গোটেই সৃষ্টিখন বেহদৰ চিনেমা। শক্তিৰ কোনো কথাই নাই। অম্বাক শক্তি বুলি কয় কিন্তু
তথাপিও নামতো আছে। তেওঁক অম্বা বুলি কিয় কোৱা হয়? কি কৰি গৈছে? এতিয়া তোমালোকে
বুজিছা যে উচ্চতকৈও উচ্চ হৈছে অম্বা আৰু লক্ষ্মী। অম্বায়ে পাছত লক্ষ্মী হয়। এয়াও
তোমালোক সন্তানসকলে বুজিছা। তোমালোক জ্ঞানেৰে সম্পন্ন হোৱা আৰু তোমালোকক পৱিত্ৰতাও
শিকোৱা হয়। সেই পৱিত্ৰতা আধাকল্পলৈ চলে। পুনৰ পিতাহে আহি পৱিত্ৰতাৰ ৰাস্তা দেখুৱায়।
তেওঁক মাতেও এই সময়ৰ বাবে যে আপুনি আহি ৰাস্তা দেখুৱাওঁক আৰু মাৰ্গ-দৰ্শকো হওঁক।
তেওঁ হ’ল পৰম আত্মা, সৰ্বোচ্চজনৰ শিক্ষাৰে আত্মাও সৰ্বোচ্চ হৈ যায়। সৰ্বোত্তম বুলি
পৱিত্ৰক কোৱা হয়। এতিয়াতো পতিত, পিতাতো সদা পাৱন। পাৰ্থক্য আছে নহয়। সেই সদা পাৱনজন
যেতিয়া আহিব তেতিয়াহে তেওঁ আহি সকলোকে উত্তৰাধিকাৰ দিব আৰু শিকাব। এওঁৰ শৰীৰত নিজে
আহি কয় - মই তোমালোকৰ পিতা। মোক ৰথতো নিশ্চয় লাগে, নহ’লেনো আত্মাই কেনেকৈ ক’ব। এই
ৰথখনো প্ৰসিদ্ধ। ভাগ্যশালী ৰথ বুলি গায়নো কৰে। গতিকে ভাগ্যশালী ৰথ হৈছে মনুষ্যৰ,
ঘোঁৰা গাড়ীৰ কথা নহয়। মনুষ্যৰে ৰথ লাগে, যিয়ে মনুষ্যক বহি বুজাব। তেওঁলোকে আকৌ ঘোঁৰা
গাড়ী দেখুৱাই দিছে। ভাগ্যশালী ৰথ মনুষ্যক কোৱা হয়। ইয়াততো কিছুমান জন্তুৰো বহুত ভাল
সেৱা হয়, যিমান মনুষ্যৰো নহয়। কুকুৰক কিমান মৰম কৰে। ঘোঁৰাক, গাই গৰুকো মৰম কৰে।
কুকুৰৰ প্ৰদৰ্শনী পাতে। এই সকলোবিলাক তাত নহয়। লক্ষ্মী-নাৰায়ণে জানো কুকুৰ পালন
কৰিব?
এতিয়া তোমালোক
সন্তানসকলে জানা যে এই সময়ৰ মনুষ্য সকলো তমোপ্ৰধান বুদ্ধিৰ, সেই বুদ্ধিক সতোপ্ৰধান
কৰিব লাগে। তাততো ঘোঁৰা আদি এনেকুৱা নাথাকে যে মনুষ্যই তাৰ সেৱা কৰিব। সেয়েহে পিতাই
বুজায় – তোমালোকৰ অৱস্থা চোৱা কি হৈ গৈছে। ৰাৱণে এনেকুৱা অৱস্থা কৰি দিছে, এই ৰাৱণ
তোমালোকৰ শত্ৰু। কিন্তু তোমালোকে গম নোপোৱা যে এই শত্ৰুৰ জন্ম কেতিয়া হয়। শিৱৰ
জন্মৰ বিষয়েও নাজানে আৰু ৰাৱণৰ জন্মৰ বিষয়েও নাজানে। পিতাই কয় - ত্ৰেতাৰ অন্ত আৰু
আৰু দ্বাপৰৰ আদিত ৰাৱণ আহে। ৰাৱণৰ 10টা মূৰ কিয় দিছে? প্ৰতি বছৰে কিয় জ্বলায়? এইটোও
কোনেও নাজানে। এতিয়া তোমালোকে মনুষ্যৰ পৰা দেৱতা হ’বলৈ পঢ়া, যিয়ে নপঢ়ে তেওঁ দেৱতা
হ’ব নোৱাৰে। তেওঁলোক আকৌ তেতিয়া আহিব যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হ’ব। এতিয়া তোমালোকে
জানা যে আমি দেৱতা ধৰ্মৰ আছিলোঁ এতিয়া পুনৰ পুলি ৰোপণ কৰি থকা হৈছে। পিতাই কয় – মই
প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহি তোমালোকক এনেকৈ পঢ়াওঁ। এই সময়ত গোটেই সৃষ্টিৰূপী
বৃক্ষজোপা পুৰণি হৈ গৈছে। যেতিয়া নতুন আছিল তেতিয়া এটাই দেৱতা ধৰ্ম আছিল পাছত লাহে
লাহে অৱনমিত হয়। পিতাই তোমালোকক 84 জন্মৰ হিচাপ শুনায় কিয়নো পিতা জ্ঞানেৰে পৰিপূৰ্ণ
হয় নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শান্তিৰ শক্তি জমা কৰিব লাগে। শান্তিৰ শক্তিৰে শান্তিলোকলৈ যাব লাগে। পিতাৰ
স্মৃতিৰে শক্তি আহৰণ কৰি গোলামীৰ পৰা মুক্ত হ’ব লাগে, মালিক হ’ব লাগে।
(2) সৰ্বোচ্চ পাঠ পঢ়ি
আত্মাক সৰ্বোচ্চ কৰি তুলিব লাগে। পৱিত্ৰতাৰ মাৰ্গতে চলি পৱিত্ৰ হৈ আনকো পৱিত্ৰ কৰি
তুলিব লাগে। মাৰ্গ-দৰ্শক হ’ব লাগে।
বৰদান:
‘অল্ফ’ক
জানোঁতা আৰু পৱিত্ৰতাৰ স্বধৰ্ম গ্ৰহণ কৰোঁতা বিশেষ আত্মা হোৱা
বাপদাদা আনন্দিত হয়
যে মোৰ এটি এটি সন্তান বিশেষ আত্মা - বৃদ্ধ, অশিক্ষিত, সৰু ল’ৰা-ছোৱালী, যুৱক বা
প্ৰবৃত্তিত থাকোঁতা যিয়েই নহওঁক কিন্তু বিশ্বৰ আগত বিশেষ হয়। জগতত লাগিলে কোনোবা
যিমানেই ডাঙৰ নেতা নহওঁক, অভিনেতা নহওঁক, বিজ্ঞানী নহওঁক, কিন্তু ‘অল্ফ’ক যদি নাজানে
তেন্তে কি জানিলে! তোমালোক নিশ্চয় বুদ্ধিৰ হৈ গৌৰৱেৰে কোৱা যে আপোনালোকে বিচাৰি ফুৰে,
আমি পাই গ’লোঁ। প্ৰবৃত্তিত থাকি পৱিত্ৰতাৰ স্বধৰ্ম গ্ৰহণ কৰি ল’লা গতিকে পৱিত্ৰ
আত্মা বিশেষ আত্মা হৈ গ’লা।
স্লোগান:
যি সদায় আনন্দিত হৈ থাকে তেৱেঁই নিজৰ আৰু সকলোৰে প্ৰিয় হয়।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যেতিয়া পৰস্পৰ অন্তৰৰ
মিলন হ’ব তেতিয়া তোমালোকৰ সংস্কাৰত বাপদাদাৰ সংস্কাৰ দেখিবলৈ পোৱা যাব, তেতিয়া
প্ৰত্যক্ষতাৰ নাগাৰা বাজিব আৰু সমাপ্তি হ’ব। বাপদাদাই এতিয়া সংস্কাৰ মিলনৰ মহাৰাস
চাব বিচাৰে, ইয়াৰ বাবে প্ৰথমে নিজক খাপখুৱাই আনৰ সৈতে সংস্কাৰ মিলন কৰাৰ দৃঢ় সংকল্প
কৰা। খাপখুৱাই লোৱাৰ শক্তিয়ে সংস্কাৰ মিলন কৰি দিব।