22.11.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ শ্ৰীমতত চলা মানেই পিতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, নিজৰ মতত চলাসকলে
অসন্মান কৰে"
প্ৰশ্ন:
গৃহস্থালিত
থকাসকলক বাবাই কোনটো এটা কথাত বাধা নিদিয়ে কিন্তু এটা নিৰ্দেশনা দিয়ে – সেয়া কি?
উত্তৰ:
বাবাই কয় – সন্তানসকল, তোমালোক লাগিলে সকলোৰে সম্পৰ্কত আহা, যিকোনো চাকৰি আদি কৰা,
সম্পৰ্কত আহিবলগীয়া হয়, ৰঙীন কাপোৰ পিন্ধিবলগীয়া হয়, বাবাই তাত বাধা নিদিয়ে। পিতাইতো
কেৱল নিৰ্দেশনা দিয়ে – সন্তানসকল, দেহৰ লগতে দেহৰ সকলো সম্বন্ধৰ পৰা মমত্ব আঁতৰাই
মোক স্মৰণ কৰা।
ওঁম্শান্তি।
শিৱবাবাই বহি
সন্তানসকলক বুজায় অৰ্থাৎ নিজৰ সমান কৰি তুলিবলৈ পুৰুষাৰ্থ কৰায়। যেনেকৈ মই জ্ঞানৰ
সাগৰ হওঁ তেনেকৈ সন্তানসকলো হওঁক। এয়াতো মৰমৰ সন্তানসকলে জানে সকলোতো একে সমান নহ’ব।
পুৰুষাৰ্থ প্ৰত্যেকে নিজে নিজে কৰিবলগীয়া হয়। স্কুলত বিদ্যাৰ্থীয়ে বহুত পঢ়ে কিন্তু
সকলোৱে একে সমানে সন্মান সহকাৰে উত্তীৰ্ণ নহয়। তথাপিও শিক্ষকে পুৰুষাৰ্থ কৰায়।
তোমালোক সন্তানসকলেও পুৰুষাৰ্থ কৰা। পিতাই সোধে তোমালোক কি হ’বা? সকলোৱে কয় - আমি
আহিছোঁৱেই নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হ’বলৈ। এয়াতো ঠিকে আছে কিন্তু নিজৰ
কৰ্মকাণ্ডৰ ওপৰতো চকু দিব লাগে নহয়। পিতাও উচ্চতকৈ উচ্চ, শিক্ষকো হয়, গুৰুও হয়।
এইজন পিতাক কোনেও নাজানে। তোমালোক সন্তানসকলে জানা শিৱবাবা আমাৰ বাবাও হয়, শিক্ষকো
হয়, সৎগুৰুও হয়। কিন্তু তেওঁ যেনেকুৱা সেইটো ৰূপত তেওঁক জনাটোও কঠিন। পিতাক জানিলে
আকৌ তেওঁৰ শিক্ষকৰ ভুমিকা পাহৰি যাবা, আকৌ গুৰুৰ ভূমিকা পাহৰি যাবা। সন্তানসকলে
পিতাক সন্মানি জনাব লাগে। সন্মান জনোৱা বুলি কাক কোৱা হয়? পিতাই যি পঢ়ায়, সেয়া
ভালদৰে পঢ়া মানে সন্মান জনোৱা। পিতাতো বহুত মৰমিয়াল। ভিতৰি অপাৰ আনন্দিত হৈ থাকিব
লাগে। পৰমানন্দিত হৈ থকা উচিত। প্ৰত্যেকে নিজক সোধা – মোৰ এনেকুৱা আনন্দ আছেনে?
সকলোৱেতো একে সমানে থাকিব নোৱাৰে। পঢ়াৰ ক্ষেত্ৰতো বহুত অন্তৰ থাকে। সেই স্কুলতো
কিমান অন্তৰ থাকে। সেয়াতো গতানুগতিক শিক্ষকে পঢ়ায়, এয়াতো হ’ল অগতানুগতিক। এনেকুৱা
শিক্ষক কোনো নাই। এয়া কোনেও নাজানে যে নিৰাকাৰ পিতা শিক্ষকো হয়। যদিও শ্ৰীকৃষ্ণৰ
নাম দিছে কিন্তু তেওঁলোকে নাজানে যে তেওঁ পিতা কেনেকৈ হ’ব পাৰে। শ্ৰীকৃষ্ণতো দেৱতা
হয় নহয়। এনেয়েতো ‘কৃষ্ণ’ নামো বহুতৰে আছে। কিন্তু কৃষ্ণ বুলি ক’লে শ্ৰীকৃষ্ণ
সন্মুখত আহি যাব। তেওঁতো দেহধাৰী হয়। তোমালোকে জানা যে এই শৰীৰ তেওঁৰ (শিৱবাবাৰ)
নহয়। নিজে কয় – মই লোণত লৈছোঁ। এওঁ আগতেও মনুষ্য আছিল, এতিয়াও মনুষ্য। এওঁ ভগৱান
নহয়। তেওঁতো এজনে নিৰাকাৰ। এতিয়া তোমালোক সন্তানসকলক কিমান ৰহস্য বুজায়। কিন্তু
তথাপিও সম্পূৰ্ণৰূপে পিতা বুলি ভবা, শিক্ষক বুলি ভবা - সেয়া এতিয়া নহয়, বাৰে বাৰে
পাহৰি যোৱা। দেহধাৰীৰ ফালে বুদ্ধি গুচি যায়। সম্পূৰ্ণৰূপে পিতা, শিক্ষক আৰু সৎগুৰু
হয় – এইটো নিশ্চয়তা, এতিয়া বুদ্ধিত নাই। এতিয়াতো পাহৰি যোৱা। বিদ্যাৰ্থীয়ে কেতিয়াবা
শিক্ষকক পাহৰে জানো! বিদ্যাৰ্থী নিবাসত যিসকল থাকে তেওঁলোকেতো কেতিয়াও নাপাহৰে।
যিসকল বিদ্যাৰ্থী বিদ্যাৰ্থী নিবাসত থাকে তেওঁলোকৰ এইটো নিশ্চয়তা থাকে নহয়। ইয়াততো
সেইটোও দৃঢ় নিশ্চয়তা নাই। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বিদ্যাৰ্থী নিবাসত থাকে সেয়েহে
যদিও বিদ্যাৰ্থী কিন্তু এইটো দৃঢ় নিশ্চয়তা নাই, সকলোৱে জানে নিজৰ নিজৰ পুৰুষাৰ্থ
অনুসৰি পদ লৈ আছে। সেই পঢ়াততো তথাপিও কোনোবা বেৰিষ্টাৰ হয়, ইঞ্জিনিয়াৰ হয়, ডাক্তৰ
হয়। ইয়াততো তোমালোক বিশ্বৰ মালিক হৈ আছা। সেয়েহে এনেকুৱা সন্তানৰ বুদ্ধি কেনেকুৱা
হোৱা উচিত। চাল-চলন, বাৰ্তালাপ কিমান ভাল হোৱা উচিত।
পিতাই বুজাইছে –
সন্তানসকল, তোমালোকে কেতিয়াও কান্দিব নালাগে। তোমালোক বিশ্বৰ মালিক হোৱা, দুখ-পীড়াত
বিলাপ কৰিব নালাগে। দুখ-পীড়াত বিলাপ কৰা – এয়া হ’ল আটাইতকৈ বেছিকৈ কান্দা। পিতাই কয়
– যিয়ে কান্দে তেওঁ হেৰুৱায়… বিশ্বৰ উচ্চতকৈও উচ্চ বাদশ্বাহী হেৰুৱাই বহি যায়।
তোমালোকে কোৱা - আমি নৰৰ পৰা নাৰায়ণ হ’বলৈ আহিছোঁ কিন্তু সেই চলন ক’ত! পুৰুষাৰ্থৰ
ক্ৰমানুসৰি সকলোৱে পুৰুষাৰ্থ কৰি আছে। কোনোৱেতো ভালদৰে উত্তীৰ্ণ হৈ জলপানি লৈ লয়,
কোনোবা অনুত্তীৰ্ণ হৈ যায়। ক্ৰমানুসৰিতো হয়েই। তোমালোকৰ ভিতৰতো কোনোৱে পঢ়ে, কোনোৱে
নপঢ়েই। যেনেকৈ গাওঁবাসীয়ে পঢ়িবলৈ ভাল নাপায়। ঘাঁহ কাটিবলৈ কোৱা তেতিয়া আনন্দ মনেৰে
যাব। সেয়া স্বতন্ত্ৰ জীৱন বুলি ভাবে। পঢ়াক বন্ধন বুলি ভাবে, এনেকুৱাও বহুত আছে।
ধনৱানৰ ভিতৰত জমিদাৰ লোকো কম নাই। নিজকে স্বাধীন বহুত আনন্দত আছে বুলি ভাবে।
‘চাকৰি’ নামতো নাই নহয়। অফিচ আদিততো মনুষ্যই চাকৰি কৰে নহয়। এতিয়া তোমালোক
সন্তানসকল বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়ায়। চাকৰিৰ বাবে নপঢ়ায়। বহুত উচ্চ পঢ়া হয়।
তোমালোকতো বিশ্বৰ মালিক একেবাৰে স্বতত্ৰ হৈ যোৱা। কিমান সহজ কথা। এবিধেই পঢ়া যাৰ
দ্বাৰা তোমালোক ইমান উচ্চ মহাৰজা-মহাৰাণী হৈ যোৱা, সেয়াও পৱিত্ৰ। তোমালোকেতো কোৱা –
যি ধৰ্মৰে নোহোৱা, আহি পঢ়ক। বুজি পাব এই পঢ়াতো বহুত উচ্চ। বিশ্বৰ মালিক হৈ যোৱা,
এয়াতো পিতাই পঢ়ায়। এতিয়া তোমালোকৰ বুদ্ধি কিমান বিশাল হৈ গৈছে। পুৰুষাৰ্থৰ ক্ৰম
অনুসৰি হদৰ বুদ্ধিৰ পৰা বেহদ বুদ্ধিত আহিছা। কিমান আনন্দ থাকে – আমি সকলোৱে আনকো
বিশ্বৰ মালিক কৰি তোলো। বাস্তৱতে, চাকৰিতো তাতো থাকে, দাস-দাসী, চাকৰ আদি নালাগে
জানো। অশিক্ষিতসকলে শিক্ষিতসকলৰ আগত মূৰ দোৱাব, সেইবাবে পিতাই কয় – ভালদৰে পঢ়া
তেতিয়া তোমালোক এনেকুৱা হ’ব পাৰিবা। তোমালোকে কোৱাও – আমি এনেকুৱা হ’ম। কিন্তু
নপঢ়িলে তেতিয়া কি হ’বা। নপঢ়িলে তেতিয়া পিতাক ইমান শ্ৰদ্ধাৰে স্মৰণ নকৰে। পিতাই কয় –
যিমানে তোমালোকে স্মৰণ কৰিবা সিমানে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। সন্তানসকলে কয় –
বাবা আপুনি যেনেকৈ চলাব, পিতায়ো এওঁৰ (ব্ৰহ্মা) দ্বাৰাহে মত দিব নহয়। কিন্তু এওঁৰ
মতো নলয়, তথাপিও পুৰণি দুৰৱস্থাত থকা মনুষ্যৰ মততে চলে। দেখাও পায় – শিৱবাবাই এই
ৰথৰ দ্বাৰা মত দিয়ে, তথাপি নিজৰ মতত চলে। যাক পাই-পইচাৰ কড়িতুল্য মত বুলি কোৱা হয়,
সেই মতত চলে। ৰাৱণৰ মতত চলি চলি তোমালোক এই সময়ত কড়িতুল্য হৈ গৈছা। এতিয়া ৰাম
শিৱবাবাই মত দিয়ে। নিশ্চয়তাতে বিজয় হয়, এই ক্ষেত্ৰত কেতিয়াও লোকচান নহয়। লোকচানকো
পিতাই লাভলৈ সলনি কৰি দিব। কিন্তু নিশ্চয় বুদ্ধিৰ হ’ব লাগে। সংশয় বুদ্ধিৰসকল ভিতৰি
শ্বাসৰুদ্ধ হৈ থাকিব। নিশ্চয় বুদ্ধিৰসকলৰ কেতিয়াও শ্বাসৰুদ্ধ নহয়, তেওঁলোকৰ কেতিয়াও
লোকচান হ’ব নোৱাৰে। পিতাই নিজে প্ৰতিশ্ৰুতি দিয়ে – শ্ৰীমতত চলিলে কেতিয়াও অকল্যাণ
হ’ব নোৱাৰে। মনুষ্যমতক দেহধাৰীৰ মত বুলি কোৱা হয়। ইয়াততো হয়েই মনুষ্য মত। গোৱাও হয়
– মনুষ্য মত, ঈশ্বৰীয় মত আৰু দৈৱী মত। এতিয়া তোমালোকে ঈশ্বৰীয় মত পোৱা, যাৰ আধাৰত
তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা। পাছত তাততো স্বৰ্গত তোমালোকে সুখেই পোৱা। কোনো
দুখৰ কথা নাই। সেয়াও স্থায়ী সুখ। এই সময়ত তোমালোকে সেইটো অনুভূতি কৰিব লাগে।
এতিয়া এয়া হ’ল
পুৰুষোত্তম সংগমযুগ, যি সময়ত শ্ৰীমত পোৱা যায়। পিতাই কয় - মই কল্পই কল্পই সংগমযুগত
আহোঁ, সেয়া তোমালোকে জানা। তেওঁৰ মতত তোমালোক চলা। পিতাই কয় – সন্তানসকল,
গৃহস্থালিত অৱশ্যে থাকা, পোচাক আদি সলনি কৰিবলৈ তোমালোকক কোনে কয়। যিকোনো পোচাকেই
পিন্ধা। বহুতৰ সম্পৰ্কত আহিবলগীয়া হয়। ৰঙীন পোচাক পিন্ধাত কোনেও মানা নকৰে। যিকোনো
পোচাক পিন্ধা, ইয়াৰ লগত কোনো সম্পৰ্ক নাই। পিতাই কয় – দেহ সহিত দেহৰ সকলো সম্বন্ধ
ত্যাগ কৰা। বাকী সকলো পিন্ধা। কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এইটো দৃঢ়
নিশ্চয় কৰা। এয়াও জানা – আত্মাই পতিত আৰু পাৱন হয়, মহাত্মাকো মহান আত্মা বুলি কোৱা
হয়, মহান পৰমাত্মা বুলি নকয়। তেনেকৈ ক’লেও শোভা নাপায়। বুজাবলৈ কিমান ভাল বিষয়।
সৎগুৰু, সকলোৰে সৎগতি দিওঁতাতো এজনে পিতা। তাত কেতিয়াও অকাল মৃত্যু নহয়। এতিয়া
তোমালোক সন্তানসকলে বুজিছা – বাবাই আমাক পুনৰ এনেকুৱা দেৱতা কৰি গঢ়ি তোলে। আগতে এয়া
বুদ্ধিত নাছিল। কল্পৰ আয়ুস কিমান, এয়াও জনা নাছিলা। এতিয়াতো পূৰা স্মৃতি উদয় হৈ গৈছে।
এয়াও সন্তানসকলে বুজিছা – আত্মাকে পাপ আত্মা, পুণ্য আত্মা বুলি কোৱা হয়। পাপ
পৰমাত্মা বুলি কেতিয়াও কোৱা নহয়। আকৌ যদি কোনোৱে কয় – পৰামাত্মা সৰ্বব্যাপি তেতিয়াও
সেয়া কিমান অৰ্থহীন হয়। এয়া পিতাই বহি বুজাইছে। এতিয়া তোমালোকে জানিছা 5 হাজাৰ বছৰ
পাছত পিতা আহিহে পাপ আত্মাক পুণ্য আত্মা কৰি তোলে। এজনক নহয়, সকলো সন্তানকে কৰি তোলে।
পিতাই কয় – তোমালোক সন্তানসকলক গঢ়ি তোলোঁতা ময়েই বেহদৰ পিতা। নিশ্চয় সন্তানসকলক
বেহদৰ সুখেই দিম। সত্যযুগত পৱিত্ৰ আত্মাসকল থাকে। ৰাৱণৰ ওপৰত বিজয়ী হৈ তোমালোক
পুণ্য আত্মা হৈ যোৱা। তোমালোকে অনুভৱ কৰা – মায়াই কিমান বিঘিনি আনে। একেবাৰে
শ্বাসৰুদ্ধ কৰি দিয়ে। তোমালোকে বুজি পাইছা মায়াৰ লগত যুদ্ধ কেনেকৈ চলে। তেওঁলোকে আকৌ
কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ, সৈন্য আদি কি কি দেখুৱাইছে। এই যুদ্ধৰ বিষয়ে কোনেও নাজানে।
এয়া হ’ল গুপ্ত। ইয়াক তোমালোকেহে জানা। আমি আত্মাসকলে মায়াৰ লগত যুদ্ধ কৰিব লাগে।
পিতাই কয় – তোমালোকৰ সকলোতকৈ ডাঙৰ শত্ৰু হৈছে কাম। যোগবলৰ আধাৰত তোমালোক ইয়াৰ ওপৰত
বিজয়ী হোৱা। যোগবলৰ অৰ্থও কোনেও বুজি নাপায়। যিসকল সতোপ্ৰধান আছিল তেওঁলোকেই
তমোপ্ৰধান হয়। পিতাই নিজে কয় – বহুত জন্মৰ অন্তত মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। তেৱেঁই
তমোপ্ৰধান হৈছিল, ততত্বম্ (তোমালোকৰ ক্ষেত্ৰতো একে কথা)। বাবাই জানো এজনক ক’ব!
ক্ৰমানুসৰি সকলোকে কয়। ক্ৰমানুসৰি কোন কোন হয়, ইয়াত তোমালোকে গ’ম পোৱা। আগলৈ
তোমালোকে বহুত গ’ম পাবা। তোমালোকক মালাৰ সাক্ষাৎকাৰ কৰাব। স্কুলত যেতিয়া এটা
শ্ৰেণীৰ পৰা আনটো শ্ৰেণীলৈ স্থানান্তৰ হয় তেতিয়া সকলো গ’ম পোৱা যায়। ফলাফল ওলাই যায়।
বাবাই এটি কন্যাক
সুধিলে – তোমাৰ পৰীক্ষাৰ কাকত ক’ৰ পৰা আহে? কন্যাটিয়ে ক’লে – লণ্ডনৰ পৰা। এতিয়া
তোমালোকৰ কাকত ক’ৰ পৰা আহিব? ওপৰৰ পৰা। তোমালোকৰ কাকত ওপৰৰ পৰা আহিব। সকলোৱে
সাক্ষাৎকাৰ কৰিব। কেনেকুৱা আচৰিত পঢ়া। কোনে পঢ়ায়, কোনেও নাজানে। শ্ৰীকৃষ্ণ
ভগৱানুবাচ বুলি কৈ দিয়ে। পঢ়াত সকলো ক্ৰমানুসৰি হয়। সেয়েহে আনন্দও ক্ৰমানুসৰি হ’ব।
এনেকৈ যি গায়ন আছে যে অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপিনীক সোধা – এয়া শেষৰ ফালৰ কথা।
পিতাই বুজাইছে, যদিও বাবাই জানে – এই সন্তানটিৰ কেতিয়াও অৱনতি নহয় তথাপিও কোনেও ক’ব
নোৱাৰে কি হ’ব। পঢ়া নপঢ়ে, ভাগ্যত নাই। যদি তেওঁলোকক কোৱা হয় যে সেইখন জগতলৈ গৈ নিজৰ
ঘৰ-সংসাৰ কৰাগৈ তেতিয়া তৎক্ষণাৎ গুচি যাব। ক’ৰ পৰা ওলাই ক’লৈ গুচি যায়। তেওঁলোকৰ
চলন, কথা, কামেই এনেকুৱা। তেওঁলোকে ভাবে – যদি ইমান পাই যাওঁ তেতিয়া আমি গৈ বেলেগে
থাকিম। চলনৰ পৰা বুজি পোৱা যায়। ইয়াৰ অৰ্থ হৈছে নিশ্চয়তা নাই, নিৰূপায় অৱস্থাত বহি
আছে। বহুত আছে যিসকলে জ্ঞানৰ ‘গ’টোও নাজানে। কেতিয়াও নবহেই। মায়াই পঢ়িবলৈ নিদিয়ে।
এনেকুৱা সকলো সেৱাকেন্দ্ৰত আছে। কেতিয়াও পঢ়িবলৈ নাহে। আচৰিত নহয় জানো। কিমান উচ্চ
জ্ঞান। ভগৱানে পঢ়ায়। যদি বাবাই কয় – এইটো কাম নকৰিবা, নামানিব। নিশ্চয় ওলোটা কাম কৰি
দেখুৱাব। ৰাজধানী স্থাপনা হৈ আছে, তাতো সকলো প্ৰকাৰৰ প্ৰয়োজন হয় নহয়। ওপৰৰ পৰা তললৈ
সকলো হয়। পদবীৰ পাৰ্থক্য থাকে নহয়। ইয়াতো পদবী ক্ৰমানুসৰি হয়। কেৱল পাৰ্থক্য কি?
তাত আয়ুস বেছি আৰু সুখ থাকে। ইয়াত আয়ুস কম আৰু দুখ হয়। সন্তানসকলৰ বুদ্ধিত এই আচৰিত
কথাবোৰ আছে। কেনেকৈ এইখন নাটক ৰচি থোৱা আছে। পাছত কল্পই কল্পই আমি সেই ভূমিকাই পালন
কৰিম। কল্পই কল্পই সেই ভূমিকা পালন কৰি থাকোঁ। ইমান সূক্ষ্ম আত্মাত কিমান ভূমিকা ভৰি
আছে। সেয়াই চেহেৰা, সেয়াই কৰ্মকাণ্ড… এই সৃষ্টি চক্ৰ ঘূৰিয়ে থাকে। যি ৰচি থোৱা আছে
সেয়াই চলি আছে… এই চক্ৰ আকৌ পুনৰাবৃত্তি হ’ব। সতোপ্ৰধান, সতো, ৰজো, তমোত আহিব। এই
ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ কথা নাই। বাৰু, নিজক আত্মা বুলি বুজানে? আত্মাৰ পিতা
শিৱবাবা – এয়াতো বুজিছা নহয়। যিসকল সতোপ্ৰধান তেওঁলোকেই পুনৰ তমোপ্ৰধান হয় আকৌ
পিতাক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। এয়াতো ভাল কথা নহয় জানো। বচ, ইয়ালৈকে
বুজাই দিব লাগে। তেওঁলোকক কোৱা - বেহদৰ পিতাই এয়া স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। তেৱেঁই
পতিত-পাৱন। পিতাই জ্ঞান দিয়ে, ইয়াত শাস্ত্ৰ আদিৰতো কথাই নাই। শাস্ত্ৰ আৰম্ভণিতে
ক’ৰপৰা আহিব। এয়াতো যেতিয়া বহুত মনুষ্য হৈ যায় তেতিয়া পাছত বহি শাস্ত্ৰ লিখে।
সত্যযুগত শাস্ত্ৰ নাথাকে। পৰম্পৰা বুলিতো কোনো বস্তু নাথাকে। নাম, ৰূপ সলনি হৈ যাব।
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও
দুখ-পীড়াত বিলাপ কৰিব নালাগে। বুদ্ধিত ৰাখিব লাগে যে আমি বিশ্বৰ মালিক হ’মগৈ, আমাৰ
চলন, বাৰ্তালাপ বহুত ভাল হ’ব লাগে। কেতিয়াও কান্দিব নালাগে।
(2) নিশ্চয়বুদ্ধিৰ হৈ
এজন পিতাৰ মতত চলি থাকিব লাগে, কেতিয়াও বিভ্ৰান্ত বা শ্বাসৰুদ্ধ হ’ব নালাগে।
নিশ্চয়তাতে বিজয়, সেইবাবে নিজৰ পাই-পইচাৰ তুল্য মত চলাব নালাগে।
বৰদান:
যিকোনো
পৰিস্থিতিত যতি চিহ্ন লগাই নিজক পৰিৱৰ্তন কৰোঁতা সকলোৰে আশীৰ্বাদৰ পাত্ৰ হোৱা
যিকোনো পৰিস্থিতিত যতি
চিহ্ন তেতিয়াহে লগাব পাৰিবা যেতিয়া বিন্দু স্বৰূপ পিতা আৰু বিন্দু স্বৰূপ আত্মা
দুয়োৰে স্মৃতি থাকিব। যি সন্তানে যিকোনো পৰিস্থিতিত নিজক পৰিৱৰ্তন কৰি যতি চিহ্ন
লগোৱাত নিজকে প্ৰথমে আগবঢ়াই দিয়ে, তেওঁ আশীৰ্বাদৰ পাত্ৰ হৈ যায়। তেওঁ নিজক নিজেই
আশীৰ্বাদ অৰ্থাৎ সুখ পায়, পিতাৰ দ্বাৰা আৰু ব্ৰাহ্মণ পৰিয়ালৰ দ্বাৰাও আশীৰ্বাদ পায়।
স্লোগান:
যি সংকল্প কৰা তাক মাজে সময়ে দৃঢ়তাৰ মোহৰ লগোৱা তেতিয়া বিজয়ী হৈ যাবা।
সফলতামূৰ্ত হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
যিসকলৰ সৈতে স্বয়ং
সৰ্বশক্তিমান পিতা সংযুক্ত হৈ আছে, সৰ্ব শক্তি স্বতঃ তেওঁলোকৰ লগত থাকিব। য’ত সৰ্ব
শক্তি আছে ত’ত সফলতা প্ৰাপ্ত নহ’ব, এইটো অসম্ভৱ। লৌকিকতো কোনোবা ভাল সংগী পাই গ’লে
তেতিয়া তেওঁক এৰিব নোৱাৰে। এয়াতো অবিনাশী সংগী। কেতিয়াও প্ৰতাৰণা কৰা সংগী নহয়।
সদায়েই সংগ দিওঁতা সংগী। গতিকে সংগীক সদায় লগত ৰাখি সফলতামূৰ্ত হোৱা।