23.02.25    Avyakt Bapdada     Assame Murli     17.02.2004     Om Shanti     Madhuban


“*“সকলোকে সহযোগ দিয়া আৰু সহযোগী কৰি তোলা, সদায় অখণ্ড ভঁৰাল চলি থাকক”*”


আজি বাপদাদাই স্বয়ং নিজৰ লগত সন্তানসকলৰ হীৰাতুল্য শিৱ জয়ন্তী উদ্‌যাপন কৰিবলৈ আহিছেহঁক। তোমালোক সকলোৱে নিজৰ পাৰলৌকিক, অলৌকিক পিতাৰ জন্ম দিন উদ্‌যাপন কৰিবলৈ আহিছা, পিতাই আকৌ তোমালোকৰ উদ্‌যাপন কৰিবলৈ আহিছে। পিতাই সন্তানসকলৰ ভাগ্য দেখি হৰ্ষিত হয় বাঃ মোৰ শ্ৰেষ্ঠ ভাগ্যৱান সন্তান বাঃ, যিসকল পিতাৰ লগত বিশ্বৰ অন্ধকাৰ দূৰ কৰিবলৈ অৱতৰিত হৈছে। গোটেই কল্পত এনেকুৱা জন্মদিন কাৰো হ’ব নোৱাৰে, যিটো তোমালোক সন্তানসকলে পৰমাত্ম পিতাৰ লগত উদ্‌যাপন কৰি আছা। এই অলৌকিক, অতিকৈ অনন্য, অতি স্নেহী জন্ম দিনটি ভক্ত আত্মাসকলেও উদ্‌যাপন কৰে কিন্তু তোমালোক সন্তানসকলে মিলন উদ্‌যাপন কৰা আৰু ভক্ত আত্মাই কেৱল মহিমা গাই থাকে। মহিমা কৰে, আহ্বানো জনায়, বাপদাদাই ভক্তসকলৰ মহিমা আৰু আহ্বান শুনি তেওঁলোককো ক্ৰম অনুসৰি ভাৱনাৰ ফল দিয়েই। কিন্তু ভক্ত আৰু সন্তান দুয়োটাৰে মাজত মহান পাৰ্থক্য আছে। তোমালোকে কৰা শ্ৰেষ্ঠ কৰ্ম, শ্ৰেষ্ঠ ভাগ্যৰ স্মাৰক পৰ্ব বহুত ভালকৈ উদ্‌যাপন কৰে সেয়েহে বাপদাদাই ভক্তসকলৰ ভক্তিৰ লীলা দেখি তেওঁলোকককো অভিনন্দন জনায়। কিয়নো স্মাৰক বহুত ভালকৈ নকল কৰিছে। তেওঁলোকেও এই দিনটিত ব্ৰত ৰাখে, তেওঁলোকে অলপ সময়ৰ বাবে ব্ৰত ৰাখে, অল্পকালৰ খোৱা-বোৱা আৰু শুদ্ধিৰ বাবে। তোমালোকে ব্ৰত লোৱা সম্পূৰ্ণ পৱিত্ৰতা য’ত আহাৰ-ব্যৱহাৰ, বচন, কৰ্ম পূৰা জন্মৰ বাবে ব্ৰত লোৱা। যেতিয়ালৈকে সংগমৰ জীৱন যাপন কৰিবা তেতিয়ালৈকে মন-বচন-কৰ্মত পৱিত্ৰ হ’বই লাগে। কেৱল হ’ব লাগে নহয় কিন্তু তেনেকুৱা কৰি তুলিবও লাগে। গতিকে চোৱা ভক্তসকলৰ বুদ্ধিও কম নহয়, স্মাৰক বহুত ভালকৈ নকল কৰিছে। তোমালোক সকলোৱে সকলো ব্যৰ্থ সমৰ্পণ কৰি সমৰ্থ হৈছা অৰ্থাৎ নিজৰ অপৱিত্ৰ জীৱন সমৰ্পণ কৰিলা তোমালোকৰ সমৰ্পণতাৰ স্মাৰক হিচাপে তেওঁলোকে বলি দিয়ে কিন্তু নিজক বলি নিদিয়ে, ছাগলী বলি দিয়ে। চোৱা কিমান ভালকৈ নকল কৰিছে। ছাগলী কিয় বলি দিয়ে? ইয়াৰো নকল বহুত ভালকৈ কৰিছে, ছাগলীয়ে কি কৰে? “মে-মে-মে” কৰে নহয়! আৰু তোমালোকে কি সমৰ্পণ কৰিলা? “মই, মই, মই” দেহ-সচেতনতাৰ ‘মই’ বোধ, কিয়নো এই ‘মই’ বোধতে দেহ-অভিমান আহে। যি দেহ-অভিমানৰ সকলো বিকাৰৰ বীজ।

বাপদাদাই আগতেও শুনাইছে যে সৰ্ব সমৰ্পিত হোৱাত এই দেহ সচেতনতাৰ ‘মই’ বোধে বাধা দিয়ে। সাধাৰণ মই-বোধ, মই দেহ, বা দেহৰ সম্বন্ধৰ মই বোধ, দেহৰ পদাৰ্থৰ সমৰ্পণ এয়াতো সহজ। এয়াতো কৰিলা নহয়? নে কৰা নাই, এইটোও হোৱা নাই! যিমান আগবাঢ়ি যোৱা সিমানে ‘মই’ বোধো অতি সূক্ষ্ম হৈ যায়। এই স্থূল ‘মই’ বোধ সমাপ্ত কৰা সহজ। কিন্তু সূক্ষ্ম ‘মই’ বোধ হৈছে - পৰমাত্ম জন্ম সিদ্ধ অধিকাৰৰ দ্বাৰা যি বিশেষত্ব প্ৰাপ্ত হয়, বুদ্ধিৰ বৰদান, জ্ঞান স্বৰূপ হোৱাৰ বৰদান, সেৱাৰ বৰদান বা বিশেষত্ব, নতুবা প্ৰভুৰ দান বুলি কোৱা, তাৰ যদি ‘মই’ বোধ জাগে তেন্তে ইয়াক কোৱা হয় সূক্ষ্ম ‘মই’ বোধ। মই যি কৰোঁ, মই যি কওঁ সেয়াই ঠিক, সেয়াই হ’ব লাগে, এই মাৰ্জিত ‘মই’ বোধ উৰন্ত কলাত যোৱাৰ ক্ষেত্ৰত বোজা হৈ যায়। সেয়েহে পিতাই কয় - এই ‘মই’ বোধো সমৰ্পণ, প্ৰভুৰ দানত ‘মই’ বোধ নাথাকে, ময়ো নহয় মোৰো নহয়। প্ৰভুৰ দান, প্ৰভুৰ বৰদান, প্ৰভুৰ বিশেষত্ব। গতিকে তোমালোক সকলোৰে সমৰ্পণতা কিমান সূক্ষ্ম। তেন্তে পৰীক্ষা কৰিছানে? সাধাৰণ ‘মই’ বোধ বা মাৰ্জিত ‘মই’ বোধ দুয়োটা সমৰ্পণ কৰিলানে? কৰিলানে নে কৰি আছা? কৰিবতো লাগিবই। তোমালোকে পৰস্পৰ ধেমালিতে কোৱা নহয়, মৰিবতো লাগিবই। কিন্তু এইটো মৰা মানে ভগৱানৰ কোলাত জীয়াই থকা। এই মৃত্যু, মৃত্যু নহয়। ইয়াৰ অৰ্থ 21 জন্ম দেৱ আত্মাসকলৰ কোলাত জন্ম লোৱা সেয়েহে আনন্দেৰে সমৰ্পিত হোৱা নহয়! কান্দি কান্দিতো নিজক সৰ্পণ নকৰা? নকৰা। ভক্তিতো, কান্দি কান্দি দিয়া বলি স্বীকাৰ নহয়। গতিকে যিসকল আনন্দেৰে হদৰ ‘মই’ আৰু ‘মোৰ’ সহিত সমৰ্পিত হয়, - তেওঁলোক জন্ম জন্মৰ কাৰণে সম্পত্তিৰ অধিকাৰী হৈ যায়।

গতিকে পৰীক্ষা কৰিবা - যিকোনো ব্যৰ্থ সংকল্প, ব্যৰ্থ বাণী, ব্যৰ্থ চলন পৰিৱৰ্তন কৰোতে আনন্দেৰে পৰিৱৰ্তন কৰা নে বাধ্য হৈ কৰা? স্নেহেৰে পৰিৱৰ্তন হয় নে পৰিশ্ৰমেৰে পৰিৱৰ্তন হয়? তোমালোক সকলো সন্তানে জন্ম লৈয়েই নিজৰ জীৱনৰ বৃত্তি এইটোৱে কৰি ল’লা - বিশ্ব পৰিৱৰ্তন কৰোঁতা, বিশ্ব-পৰিৱৰ্তক। এয়া তোমালোক সকলোৰে, ব্ৰাহ্মণ জন্মৰ বৃত্তি হয় নহয়! যদি দৃঢ় তেন্তে হাত লৰোৱা। পতাকা লৰাই আছা, ভাল কথা। (সকলোৰে হাতত শিৱবাবাৰ পতাকা আছে যি সকলোৱে লৰাই আছে)। আজি পতাকাৰ দিন হয় নহয়, বহুত ভাল। কিন্তু এনেয়ে পতাকা নলৰাবা। এনেয়ে পতাকা লৰোৱাতো বহুত সহজ, মন লৰাব লাগে। মন পৰিৱৰ্তন কৰিবা লাগে। সাহসী হোৱা নহয়। সাহস আছেনে? বহুত সাহস আছে, বাৰু।

বাপদাদাই এটা আনন্দৰ কথা দেখিলে, কোনটো জানানে? বাপদাদাই এইটো বছৰৰ কাৰণে বিশেষ উপহাৰ দিছিল যে “যদি এইটো বছৰ অলপো সাহস কৰা, যিকোনো কাৰ্যত, স্ব-পৰিৱৰ্তনতে হওঁক, কোনো কাৰ্যতে হওঁক, বিশ্ব সেৱাতে হওঁক, যদি সাহসেৰে কৰা তেন্তে এইটো বছৰৰ অতিৰিক্ত সদায় পোৱাৰ বৰদান প্ৰাপ্ত হৈছে”। বাপদাদাই আনন্দৰ সংবাদ বা দৃশ্য কি দেখিলে! যে এইবাৰৰ শিৱ জয়ন্তীৰ সেৱাত চাৰিওফালে বহুত বহুত বহুত ভাল সাহস আৰু উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি গৈ আছে। (সকলোৱে হাত চাপৰি বজালে) বাৰু হাত চাপৰি অৱশ্যে বজোৱা। সদায় এনেকৈ হাত চাপৰি বজাবা নে শিৱৰাত্ৰিৰ দিনা? সদায় বজাই থাকিবা। বাৰু। চাৰিওফালৰ পৰাতো মধুবনলৈ সংবাদ লিখে আৰু বাপদাদাইতো সূক্ষ্ম লোকতে চাই লয়! ভাল উৎসাহ-উদ্দীপনা আছে আৰু পৰিকল্পনাও ভাল কৰিছা। এনেকৈয়ে সেৱাৰ উৎসাহ-উদ্দীপনাই বিশ্বৰ আত্মাসকলৰ উৎসাহ-উদ্দীপনা বৃদ্ধি কৰিব। চোৱা নিমিত্ত দাদীৰ কলমে চমৎকাৰতো কৰিলে নহয়! ফলাফল ভাল। সেয়েহে বাপদাদাই এতিয়া এটি এটি সেৱাকেন্দ্ৰৰ নামতো নলয় কিন্তু বিশেষভাৱে সকলো ফালৰ সেৱাৰ ফলাফলৰ বাবে বাপদাদাই প্ৰতিগৰাকী সেৱাধাৰী সন্তানৰ বিশেষত্ব আৰু নাম লৈ পদমগুণ অভিনন্দন জনাই আছে। চায়ো আছে, সন্তানসকলে নিজৰ নিজৰ স্থানত চাই আনন্দিত হৈ আছে। বিদেশতো আনন্দিত হৈ আছে কিয়নো তোমালোক সকলোতো বিশ্বৰ সেইসকল আত্মাৰেই ইষ্ট দেৱী আৰু দেৱতা হোৱা নহয়। বাপদাদাই যেতিয়া সন্তানসকলৰ সভা চায় তেতিয়া তিনিটা ৰূপত চায়:- 1) বৰ্তমান স্বৰাজ্য অধিকাৰী, এতিয়াও ৰজা হোৱা। লৌকিকতো পিতাকে সন্তানসকলক কয় মোৰ ৰজা সন্তান, ৰজা সন্তান। লাগিলে গৰিবেই হওঁক তথাপিও ৰজা সন্তান বুলি কয়। কিন্তু পিতাই বৰ্তমান সংগমতো সকলো সন্তানক স্বৰাজ্য অধিকাৰী ৰজা সন্তানৰ ৰূপত চায়। ৰজা হোৱা নহয়! স্বৰাজ্য অধিকাৰী। তেন্তে বৰ্তমান স্বৰাজ্য অধিকাৰী। 2) ভৱিষ্যতে বিশ্ব ৰাজ্য অধিকাৰী আৰু 3) দ্বাপৰৰ পৰা কলিযুগৰ অন্তলৈকে পূজ্য, পূজনৰ অধিকাৰী - এই তিনিওটা ৰূপত বাপদাদাই প্ৰত্যেক সন্তানক চায়। সাধাৰণ ৰূপত নাচায়! তোমালোক যেনেকুৱাই নোহোৱা কিন্তু বাপদাদাই প্ৰতিগৰাকী সন্তানক স্বৰাজ্য অধিকাৰী ৰজা সন্তানৰ ৰূপত চায়। ৰাজযোগী হোৱা নহয়! ইয়াত কোনোবা প্ৰজাযোগী আছে নেকি? প্ৰজাযোগী আছেনে? নাই। সকলো ৰাজযোগী। তেন্তে ৰাজযোগী অৰ্থাৎ ৰজা। এনেকুৱা স্বৰাজ্য অধিকাৰী সন্তানসকলৰ জন্ম দিন উদ্‌যাপন কৰিবৰ বাবে স্বয়ং পিতা আহিছে। চোৱা তোমালোক ডবল বিদেশীতো বিদেশৰ পৰা জন্ম দিন উদ্‌যাপন কৰিবলৈ আহিছা। ডবল বিদেশীয়ে হাত দাঙা। তেন্তে সকলোতকৈ অধিক দূৰণিৰ দেশ কোনখন? আমেৰিকা নে তাতকৈও দূৰৈত আছে? আৰু বাপদাদা ক’ৰ পৰা আহিছে? বাপদাদাতো পৰমধামৰ পৰা আহিছে। তেন্তে সন্তানসকলৰ প্ৰতি স্নেহ আছে নহয়! গতিকে জন্ম দিন কিমান শ্ৰেষ্ঠ, যে ভগৱানো আহিবলগীয়া হয়। হয় এইখন (জন্ম দিনৰ সকলো ভাষাৰ এখন ডাঙৰ ফলক দেখুৱাই আছে) বৰ ভালকৈ তৈয়াৰ কৰিছা, সকলো ভাষাতে লিখিছে। বাপদাদাই সকলো দেশৰ সকলো ভাষাৰ সন্তানসকলক জন্ম দিনৰ অভিনন্দন জনাই আছে।

চোৱা, পিতাৰ শিৱজয়ন্তী উদ্‌যাপন কৰা কিন্তু পিতা হয় কি? বিন্দু। বিন্দুৰ জয়ন্তী, অৱতৰণৰ দিন উদ্‌যাপন কৰি আছা। সকলোতকৈ হীৰাতুল্য জয়ন্তী কাৰ? বিন্দুৰ। বিন্দুৰ কিমান মহিমা আছে! সেয়েহে বাপদাদাই সদায় কয় - তিনিটা বিন্দু সদায় স্মৃতিত ৰাখিবা – ৮ (আঠ), ৭ (সাত) অংকতো তথাপিও জটিলতাৰে লিখিব লাগিব, কিন্তু বিন্দু কিমান সহজ। তিনিটা বিন্দু সদায় স্মৃতিত ৰাখিবা। তিনিওটাকে ভালকৈ জানা নহয়। তোমালোকো বিন্দু, পিতাও বিন্দু, বিন্দু সন্তান বিন্দু। আৰু যেতিয়া কৰ্মত আহা তেতিয়া এই সৃষ্টি মঞ্চত কৰ্ম কৰিবলৈ আহিছা, এইখন ড্ৰামাৰ সৃষ্টি ৰূপী মঞ্চ। গতিকে ড্ৰামাত যি কৰ্ম কৰিলা, হৈ গ’ল, তাত ‘ফুলষ্টপ’ (যতি) লগোৱা। ‘ফুলষ্টপ’নো কি? বিন্দু। সেয়েহে তিনিটা বিন্দু সদায় স্মৃতিত ৰাখিবা। গোটেই চমৎকাৰ চোৱা; আজিকালিৰ জগতত সকলোতকৈ বেছি মহত্ব কাৰ? পইচাৰ। পইচাৰ মহত্ব আছে নহয়! মা-দেউতাও একো নহয়, পইচাই সকলো। তাতো চোৱা যদি একৰ আগত, এটা বিন্দু (শূন্য) লগাই দিয়া তেন্তে কি হৈ যাব! 10 হৈ যাব নহয়। দ্বিতীয়টো বিন্দু লগোৱা, 100 হৈ যাব। তৃতীয়টো লগোৱা 1000 হৈ যাব। গতিকে বিন্দুৱে চমৎকাৰ কৰে নহয়। পইচাৰ ক্ষেত্ৰতো বিন্দুৱে চমৎকাৰ কৰে আৰু শ্ৰেষ্ঠ আত্মা হোৱাৰ ক্ষেত্ৰতো বিন্দুৱে চমৎকাৰ কৰে। আৰু কৰণকৰাৱনহাৰজনো বিন্দু। তেন্তে সকলো ফালে কাৰ মহত্ব হ’ল! বিন্দুৰ হ’ল নহয়। বচ্‌ বিন্দু স্মৃতিত ৰাখা আৰু বিস্তাৰত নাযাবা, বিন্দুতো স্মৃতিলৈ আনিব পাৰা। বিন্দু হোৱা, বিন্দুক স্মৰণ কৰা আৰু বিন্দু লগোৱা, বচ্‌। এয়া হ’ল পুৰুষাৰ্থ। পৰিশ্ৰম হয় নেকি? নে সহজ? যিসকলে ভাবা সহজ তেওঁলোকে হাত দাঙা। সহজ গতিকে বিন্দু লগাব লাগিব। যেতিয়া কোনো সমস্যা আহে তেতিয়া বিন্দু লগোৱা নে প্ৰশ্নবোধক চিহ্ন? প্ৰশ্নবোধ চিহ্ন নলগাবা, বিন্দু লগাবা। প্ৰশ্নবোধক চিহ্ন কিমান ভাজ লগা। চোৱা, প্ৰশ্নবোধক চিহ্ন লিখা, কিমান ভাজ লগা আৰু বিন্দু কিমান সহজ। তেন্তে বিন্দু হ’ব জানানে? জানানে? সকলো বুদ্ধিমান।

বাপদাদাই বিশেষ সেৱাৰ উৎসাহ-উদ্দীপনাৰ বাবে অভিনন্দনতো জনালে, বহুত ভাল কৰি আছা, কৰি থাকিবা কিন্তু আগলৈ সকলো সময়ত, প্ৰতিদিনে “বিশ্ব সেৱক হওঁ” এইটো স্মৃতিত ৰাখিবা। তোমালোকৰ স্মৃতিত আছেনে – পিতা ব্ৰহ্মাই স্বাক্ষৰ কেনেকৈ কৰিছিল? “বিশ্ব সেৱক”। তেন্তে “বিশ্ব সেৱক” হোৱা, গতিকে কেৱল শিৱৰাত্ৰিৰ সেৱাৰে বিশ্বৰ সেৱা সমাপ্ত নহ’ব। লক্ষ্য ৰাখা যে মই “বিশ্ব সেৱক”, গতিকে বিশ্বৰ সেৱা প্ৰতিটো শ্বাসত, প্ৰতিটো চেকেণ্ডত কৰিব লাগে। যিয়েই আহে, যাৰ সম্পৰ্কত আহা, তেওঁলোকক দাতা হৈ কিবা নহয় কিবা দিবই লাগে। খালী হাতে যাতে কোনো নাযায়। অখণ্ড ভঁৰাল সকলো সময়তে যাতে খোলা থাকে। অতি কমেও সকলোৰে প্ৰতি শুভ ভাৱনা আৰু শুভ কামনা - এয়া অৱশ্যে ৰাখিবা। শুভ ভাৱেৰে চোৱা, শুনা, সম্বন্ধত আহা আৰু শুভ ভাৱনাৰে সেই আত্মাসকলক সহযোগ দিয়া। এতিয়া সকলো আত্মাক তোমালোকৰ সহযোগৰ বহুত বহুত আৱশ্যকতা আছে। গতিকে সহযোগ দিয়া আৰু সহযোগী কৰা। কিবা নহয় কিবা সহযোগ মনেৰেই হওঁক, বাণীৰেই হওঁক, কিবা সহযোগ দিয়া, লাগিলে সম্বন্ধ সম্পৰ্কৰে সহযোগ দিয়া, তেন্তে এই শিৱৰাত্ৰি জন্ম উৎসৱৰ বিশেষ শ্লোগান স্মৃতিত ৰাখিবা – “সহযোগ দিয়া আৰু সহযোগী কৰা”। অতি কমেও যিয়েই সম্পৰ্ক-সম্বন্ধত আহে তেওঁলোকক সহযোগ দিয়া, সহযোগী কৰা। কোনোবা নহয় কোনোবাতো সম্বন্ধত আহেই, তেওঁৰ অন্য একো খাতিৰ নকৰিলেও কিন্তু প্ৰত্যেককে ‘দিল খুচ’ (অন্তৰ আনন্দিত কৰা) মিঠাই নিশ্চয় খুৱাবা। ইয়াত এয়া যি ৰন্ধনশালত তৈয়াৰ কৰা হয় সেয়া নহয়। অন্তৰ আনন্দিত কৰি দিয়া। অন্তৰ আনন্দিত কৰা অৰ্থাৎ ‘দিল খুচ’ মিঠাই খাবলৈ দিয়া। খুৱাবানে! তাততো একো পৰিশ্ৰম নাই। অতিৰিক্ত সময়ো দিবলগীয়া নহয়, পৰিশ্ৰমো নাই। শুভ ভাৱনাৰে ‘দিল খুচ’ মিঠাই খাবলৈ দিবা। তেতিয়া তোমালোকো আনন্দিত হৈ থাকিবা, তেওঁলোকো আনন্দিত হ’ব আৰু কি লাগে। গতিকে আনন্দিত হৈ থাকিবা আৰু আনন্দিত কৰিবা, কেতিয়াও তোমালোক সকলোৰে চেহেৰা বেছি গম্ভীৰ হোৱা উচিত নহয়। অত্যাধিক গম্ভীৰ হ’লেও ভাল নালাগে, মিচিকিয়া হাঁহিতো থাকিব লাগে নহয়। গম্ভীৰ হোৱাতো ভাল, কিন্তু যিসকল অত্যাধিক গম্ভীৰ তেওঁলোক এনেকুৱা যেন গমেই পোৱা নাযায় ক’ত হেৰাই গ’ল। চায়ো আছে কিন্তু অন্তৰ্ধান। কৈয়ো আছে কিন্তু অন্যমনস্ক হৈ কৈ আছে। তেনেকুৱা চেহেৰা ভাল নহয়। চেহেৰা যাতে সদায় হৰ্ষিত মুখৰ হৈ থাকে। চেহেৰা ভাৱগম্ভীৰ নকৰিবা। কি কৰোঁ, কেনেকৈ কৰোঁ তেতিয়া ভাৱগম্ভীৰ হৈ যোৱা। বহুত পৰিশ্ৰম, বহুত কাম আছে... ভাৱগম্ভীৰ হৈ যোৱা কিন্তু যিমানে বেছি কাম সিমানে বেছিকৈ মিচিকিয়াই থাকিবা। মিচিকিয়াই হাঁহিব জানা নহয়? জানানে? তোমালোকৰ জড় চিত্ৰ চোৱা কেতিয়াবা এনেকুৱা ভাৱগম্ভীৰ দেখিবলৈ পোৱা যায় নেকি! যদি ভাৱগম্ভীৰ কৰি দেখুৱায় তেতিয়া কয় যে শিল্পীগৰাকী ভাল নহয়। সেয়েহে তোমালোকো যদি ভাৱগম্ভীৰ হৈ থাকা তেতিয়া ক’ব এওঁ জীয়াই থকাৰ কলা নাজানে। তেন্তে কি কৰিবা? শিক্ষকসকল কি কৰিবা? বাৰু, বহুত শিক্ষক আছে, শিক্ষকসকলক অভিনন্দন। সেৱাৰ বাবে অভিনন্দন। বাৰু।

এক চেকেণ্ডত নিজৰ পূৰ্বজ আৰু পুজ্য স্বৰূপ জাগ্ৰত কৰিব পাৰানে? সেইসকল দেৱী-দেৱতাৰেই স্বৰূপৰ স্মৃতিত নিজক প্ৰত্যক্ষ কৰিব পাৰানে? যিকোনো দেৱী বা দেৱতা। মই পূৰ্বজ হওঁ, সংগমযুগত পূৰ্বজ আৰু দ্বাপৰযুগত পূজ্য। সত্যযুগ, ত্ৰেতাত ৰাজ্য অধিকাৰী। গতিকে এক চেকেণ্ডত অন্য সকলো সংকল্প সমাপ্ত কৰি নিজৰ পূৰ্বজ আৰু পূজ্য স্বৰূপত স্থিৰ হৈ যোৱা। বাৰু।

চাৰিওফালৰ অলৌকিক দিব্য অৱতৰণ কৰা সন্তানসকলক পিতাৰ জন্মদিন আৰু সন্তানসকলৰ জন্মদিনৰ আশীৰ্বাদ আৰু স্নেহপূৰ্ণ স্মৰণ, দিলাৰাম পিতাৰ অন্তৰত সোঁহাত স্বৰূপ সেৱাধাৰী সন্তানসকল সদায় সমাহিত হৈ আছে। এনেকুৱা অন্তৰ আসনধাৰী শ্ৰেষ্ঠ আত্মাসকলক, সদায় বিন্দুৰ মহত্ব জনা শ্ৰেষ্ঠ বিন্দু স্বৰূপ সন্তানসকলক, সদায় নিজৰ স্বমানত থাকি সকলোকে আত্মিক সন্মান দিওঁতা স্বমানধাৰী সন্তানসকল, সদায় দাতাৰ সন্তান মাষ্টৰ দাতা হৈ প্ৰত্যেকক নিজৰ অখণ্ড ভঁৰালৰ পৰা কিবা নহয় কিবা দিওঁতা মাষ্টৰ দাতা সন্তানসকলক বাপদাদাৰ বহুত বহুত পদমগুণ, কহিনুৰ হীৰাতকৈও বেছি প্ৰভুৰ জ্যোতি স্বৰূপ সন্তানসকলক স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
প্ৰতিটো শক্তিক আদেশ অনুসৰি চলাওঁতা মাষ্টৰ ৰচয়িতা হোৱা

কৰ্ম আৰম্ভ কৰাৰ পূৰ্বে যেনেকুৱা কৰ্ম তেনেকুৱা শক্তিৰ আহ্বান জনোৱা। মালিক হৈ আদেশ দিয়া কিয়নো এই সৰ্বশক্তি তোমালোকৰ ভূজাৰ দৰে, তোমালোকৰ ভূজাই তোমালোকৰ আদেশ অবিহনে একো কৰিব নোৱাৰে। সহন শক্তিক আদেশ দিয়া যে কাৰ্য সফল কৰা তেতিয়া দেখিবা সফলতা হৈয়েই আছে। কিন্তু আদেশ কৰাৰ সলনি ভয় কৰা – কৰিব পাৰিম নে নোৱাৰিম। এনেধৰণৰ ভয় থাকিলে আদেশ কাৰ্যকৰী হ’ব নোৱাৰে সেয়েহে মাষ্টৰ ৰচয়িতা হৈ প্ৰতিটো শক্তিক আদেশ অনুসৰি চলাবৰ বাবে নিৰ্ভীক হোৱা।

স্লোগান:
সহায়দাতা পিতাক প্ৰত্যক্ষ কৰি সকলোকে পাৰলৈ লৈ যোৱা।

একান্তপ্ৰিয় হ’বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত::

যেনেকৈ কোনোবা উদ্ভাৱকে যি কোনো উদ্ভাৱন কৰিবৰ বাবে একান্ত অৱস্থাত থাকে। ইয়াৰ একান্ত অৰ্থাৎ এজনৰ অন্তত মগন হৈ যোৱা, সেয়েহে বাহিৰৰ আকৰ্ষণৰ পৰা একান্ত হ’ব লাগে। এনেকুৱা নহয় যে কেৱল কোঠালিত বহাৰ ক্ষেত্ৰতহে একান্ত লাগে, কিন্তু মনৰ একান্তও যাতে থাকে। মনৰ একাগ্ৰতা অৰ্থাৎ এজনৰ স্মৃতিত থকা একাগ্ৰ হোৱা এয়াই একান্ত অৱস্থা।