23.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
সংগমযুগ হৈছে আৰোহণ কলাৰ যুগ, ইয়াত সকলোৰে কল্যাণ হয় সেইবাবে কোৱা হয় তোমালোকৰ
আৰোহণ কলা হ’লে সকলোৰে কল্যাণ হয়”
প্ৰশ্ন:
বাবাই সকলো
ব্ৰাহ্মণ সন্তানক বহুত বহুত শুভেচ্ছা জনায় - কিয়?
উত্তৰ:
কিয়নো বাবাই কয় তোমালোক মোৰ সন্তানসকল মনুষ্যৰ পৰা দেৱতা হোৱা। তোমালোক এতিয়া ৰাৱণৰ
শিকলিৰ পৰা মুক্ত হোৱা, তোমালোকে স্বৰ্গৰ বাদশ্বাহী পোৱা, সন্মানসহকাৰে উত্তীৰ্ণ
হোৱা, মই নহওঁ, সেইবাবে বাবাই তোমালোকক বহুত বহুত শুভেচ্ছা জনায়। তোমালোক আত্মাসকল
হৈছা চিলা, তোমালোকৰ জৰী মোৰ হাতত আছে। মই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলোঁ।
গীত:
আখিৰ ৱহ দিন
আহা আজ….. (অৱশেষত সেই দিনটি আজি আহিল…..)
ওঁম্শান্তি।
এই অমৰ কথা
কোনে শুনাই আছে? অমৰ কথা বুলি কোৱা, সত্য-নাৰায়ণৰ কথা বুলি কোৱা বা তৃতীয় নেত্ৰৰ কথা
বুলি কোৱা - তিনিওটাই মুখ্য। এতিয়া তোমালোক কাৰ সন্মুখত বহি আছা আৰু কোনে তোমালোকক
শুনাই আছে? সৎসঙ্গতো এৱোঁ (ব্ৰহ্মায়ো) বহুত কৰিছে। তাততো সকলো মনুষ্যই দেখিবলৈ পোৱা
যায়। ক’ব যে অমুক সন্ন্যাসীয়ে কথা শুনায়। শিৱানন্দই শুনায়। ভাৰতততো বহুত সৎসঙ্গ আছে।
গলিয়ে গলিয়ে সৎসঙ্গ আছে। মাতাসকলেও কিতাপ হাতত লৈ বহি সৎসঙ্গ কৰে। গতিকে তাত
মনুষ্যক চাবলগীয়া হয় কিন্তু ইয়াততো আচৰিত কথা। তোমালোকৰ বুদ্ধিত কোন আছে? পৰমাত্মা।
তোমালোকে কোৱা যে এতিয়া বাবা সন্মুখত আহিছে। নিৰাকাৰ বাবাই আমাক পঢ়ায়। মনুষ্যই ক’ব
- সেই ঈশ্বৰতো নাম-ৰূপৰ পৰা উৰ্দ্ধত। পিতাই বুজায় যে নাম-ৰূপৰ পৰা উৰ্দ্ধত একো বস্তু
নাই। তোমালোক সন্তানসকলে জানা যে ইয়াত কোনো সাকাৰ মনুষ্যই নপঢ়ায় বাকী অন্য য’লৈকে
নোযাৱা গোটেই বিশ্বত সাকাৰেহে পঢ়ায়। ইয়াততো হৈছে পৰম পিতা, যাক নিৰাকাৰ ঈশ্বৰ পিতা
বুলি কোৱা হয়, সেই নিৰাকাৰে সাকাৰত (ব্ৰহ্মাৰ শৰীৰত) বহি পঢ়ায়। এইটো একেবাৰে নতুন
কথা হ’ল। জন্মৰ পাছত জন্ম তোমালোকে শুনি আহিছা যে এওঁ অমুক পণ্ডিত, গুৰু। অনেক নাম
আছে। ভাৰততো বহুত বিশাল। যিয়েই কিবা শিকায় বা বুজায় সকলো মনুষ্যই হয়। শিষ্যসকলো
মনুষ্য। অনেক প্ৰকাৰৰ মনুষ্য আছে। অমুকে শুনায়। সদায় শৰীৰৰ নাম লোৱা হয়।
ভক্তিমাৰ্গত নিৰাকাৰক আহ্বান জানায় যে হে পতিত-পাৱন আহক। তেৱেঁই আহি সন্তানসকলক
বুজায়। তোমালোক সন্তানসকলে জানা যে কল্পই কল্পই গোটেই সৃষ্টি যি পতিত হৈ যায়, তাক
পৱিত্ৰ কৰি তোলোঁতা এজনেই নিৰাকাৰ পিতা। তোমালোক ইয়াত যিসকল বহি আছা, তোমালোকৰ মাজতো
কোনোবা অপৈণত আছে, কোনোবা পৈণত আছে, কিয়নো আধাকল্প তোমালোক দেহ-অভিমানী হৈছা। এতিয়া
দেহী-অভিমানী এই জন্মতে হ’ব লাগে। তোমালোকৰ দেহত থকা যি আত্মা আছে সেই আত্মাক
পৰমাত্মাই বহি পঢ়ায়। আত্মাইহে সংস্কাৰ লৈ যায়। আত্মাই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কয় যে
মই অমুক। কিন্তু আত্ম-অভিমানীতো কোনো নহয়। পিতাই বুজায় - যিসকল এই ভাৰতত
সূৰ্যবংশী-চন্দ্ৰবংশী আছিল তেওঁলোকেই এই সময়ত আহি ব্ৰাহ্মণ হ’বহি আকৌ দেৱতা হ’বগৈ।
মনুষ্য দেহ-অভিমানী হৈ থকাত অভ্যস্ত, দেহী-অভিমানী হৈ থাকিবলৈ পাহৰি যায় সেইবাবে
পিতাই বাৰে বাৰে কয় - দেহী-অভিমানী হোৱা। আত্মাইহে বেলেগ বেলেগ চোলা (শৰীৰ) ধাৰণ কৰি
ভূমিকা পালন কৰে। এয়া হৈছে আত্মাৰ ইন্দ্ৰিয়। এতিয়া পিতাই সন্তানসকলক কয় –
‘মনমনাভৱ’। বাকী কেৱল গীতা পঢ়িলে জানো কোনো ৰাজ্য-ভাগ্য লাভ কৰিব পাৰে। তোমালোকক এই
সময়ত ত্ৰিকালদৰ্শী কৰি তোলা হয়। ৰাতি-দিনৰ পাৰ্থক্য হৈ গৈছে। পিতাই বুজায় - মই
তোমালোকক ৰাজযোগ শিকাওঁ। শ্ৰীকৃষ্ণতো হৈছে সত্যযুগৰ ৰাজকুমাৰ। যিসকল সূৰ্যবংশী দেৱতা
আছিল তেওঁলোকৰ কোনো জ্ঞান নাই। জ্ঞানতো প্ৰায় লোপ হৈ যাব। জ্ঞান হয়েই সৎগতিৰ বাবে।
সত্যযুগত দুৰ্গতিত কোনো নাথাকে। সেয়া হয়েই সত্যযুগ। এতিয়া হৈছে কলিযুগ। ভাৰতত প্ৰথমে
8 (আঠ) জন্ম সূৰ্যবংশী, তাৰপাছত 12 জন্ম চন্দ্ৰবংশী। এতিয়া এই এটা জন্ম তোমালোকৰ
আটাইতকৈ ভাল জন্ম। তোমালোক হৈছা প্ৰজাপিতা ব্ৰহ্মা মুখ বংশাৱলী। এইটো হৈছে
সৰ্বোত্তম ধৰ্ম। দেৱতা ধৰ্মক সৰ্বোত্তম ধৰ্ম বুলি কোৱা নহয়। ব্ৰাহ্মণ ধৰ্ম সকলোতকৈ
উচ্চ। দেৱতাসকলেতো প্ৰালব্ধ ভোগ কৰে।
আজিকালি বহুত সমাজ
সেৱক আছে। তোমালোকৰ হৈছে আত্মিক সেৱা। সেয়া হৈছে পাৰ্থিৱ সেৱা। আত্মিক সেৱা এবাৰহে
হয়। আগতে এই সমাজ সেৱক আদি নাছিল। ৰজা-ৰাণীয়ে ৰাজত্ব কৰিছিল। সত্যযুগত দেৱী-দেৱতা
আছিল। তোমালোকেই পূজ্য আছিলা, আকৌ পূজাৰী হ’লা। লক্ষ্মী-নাৰায়ণ যেতিয়া দ্বাপৰত বাম
(বিকাৰী) মাৰ্গত যায় তেতিয়া মন্দিৰ নিৰ্মাণ কৰে। প্ৰথমতে শিৱৰ মন্দিৰ নিৰ্মাণ কৰে।
তেওঁ হৈছে সকলোৰে সৎগতি দাতা গতিকে তেওঁৰ নিশ্চয় পূজা হ’ব লাগে। শিৱবাবাইহে
আত্মাসকলক নিৰ্বাকাৰী কৰি তুলিছিল নহয়। তাৰপাছত হয় দেৱতাসকলৰ পূজা। তোমালোকেই পূজ্য
আছিলা আকৌ পূজাৰী হ’লা। বাবাই বুজাইছে - চক্ৰক স্মৰণ কৰি থাকা। ছিৰি নামি নামি একদম
তলত আহি পৰিলাহি। এতিয়া তোমালোকৰ আৰোহণ কলা। এনেকৈ কয় যে তোমালোকৰ আৰোহণ কলা হ’লে
সকলোৰে কল্যাণ হয়। গোটেই জগতৰ মনুষ্য মাত্ৰৰে এতিয়া আৰোহণ কলা কৰি দিওঁ। পতিত-পাৱন
আহি সকলোকে পৱিত্ৰ কৰি তোলে। যেতিয়া সত্যযুগ আছিল তেতিয়া আৰোহণ কলা আছিল আৰু বাকী
সকলো আত্মা মুক্তিধামত আছিল।
পিতাই বহি বুজায় -
মৰমৰ সন্তানসকল, মোৰ জন্ম ভাৰততেই হয়। শিৱবাবা আহিছিল, এনেকৈ গায়ন কৰা আছে। এতিয়া
পুনৰ আহিছে। ইয়াক কোৱা হয় “ৰাজস্ব অশ্বমেধ অবিনাশী ৰুদ্ৰ জ্ঞান যজ্ঞ”। স্বৰাজ্য লাভ
কৰিবৰ বাবে যজ্ঞ ৰচনা কৰা হৈছে। বিঘিনিও আহিছিল, এতিয়াও আহি আছে। মাতাসকলৰ ওপৰত
অত্যাচাৰ হয়। তেওঁলোকে কয় - বাবা আমাক এওঁ নগ্ন কৰে। আমাক এৰি নিদিয়ে। বাবা আমাক
ৰক্ষা কৰক। দেখুৱায় যে দ্ৰৌপদীৰ ৰক্ষা হ’ল। এতিয়া তোমালোকে 21 জন্মৰ বাবে বেহদৰ
পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ আহিছা। স্মৃতিৰ যাত্ৰাত থাকি নিজক পৱিত্ৰ কৰি তোলা। আকৌ
বিকাৰগ্ৰস্ত হ’লে সকলো শেষ, একদম খহি পৰিবা, সেইবাবে পিতাই কয় - পৱিত্ৰ হৈ নিশ্চয়
থাকিব লাগে। যিসকল কল্প পূৰ্বে হৈছিল তেওঁলোকেই পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰিব, তাৰ মাজত
কোনোবা পৱিত্ৰ হৈ থাকিব পাৰে, কোনোবাই নোৱাৰে। মুখ্য কথা হৈছে স্মৃতিৰ। স্মৰণ কৰিলে,
পৱিত্ৰ হৈ থাকিলে আৰু স্বদৰ্শন চক্ৰ ঘূৰাই থাকিলে তেতিয়া উচ্চ পদ লাভ কৰিব। বিষ্ণুৰ
দুটা ৰূপে ৰাজত্ব কৰে নহয়। কিন্তু বিষ্ণুক যি শংখ, চক্ৰ দি দিছে সেইবোৰ দেৱতাসকলৰ
নাছিল। লক্ষ্মী-নাৰায়ণৰো নাছিল। বিষ্ণুতো সূক্ষ্মলোকত থাকে, তেওঁক চক্ৰৰ জ্ঞানৰ
দৰকাৰ নাথাকে। তাত কেৱল ছায়াছবিহে চলে। এতিয়া তোমালোকে জানা যে আমি শান্তিধামৰ
নিবাসী। সেইখন হৈছে নিৰাকাৰ জগত। এতিয়া আত্মা কি বস্তু, সেইটোও মনুষ্য মাত্ৰেই
নাজানে। কৈ দিয়ে যে আত্মাই পৰমাত্মা। আত্মাৰ বাবে কয় যে এটা জিলিকি থকা তৰা, যি
ভ্ৰূকুটিৰ মাজত থাকে। এই দুচকুৰে চাব নোৱাৰি। কোনোবাই যিমানেই চেষ্টা নকৰক কিয়,
কাঁচ আদিৰ মাজত বন্ধ কৰি থৈ চাব বিচাৰে যে আত্মা কেনেকৈ ওলাই যায়? চেষ্টা কৰে কিন্তু
কোনেও গম নাপায় – আত্মা কি বস্তু, কেনেকৈ ওলাই যায়? কেৱল ইমানেই কয় যে আত্মা তৰা
সদৃশ। দিব্য দৃষ্টি অবিহনে ইয়াক দেখা পোৱা নাযায়। ভক্তিমাৰ্গত বহুতৰেই সাক্ষাৎকাৰ
হয়। লিখা আছে যে অৰ্জুনৰ অখণ্ড জ্যোতিৰ সাক্ষাৎকাৰ হ’ল। অৰ্জুনে ক’লে - মই সহ্য
কৰিব নোৱাৰোঁ। পিতাই বুজায় ইমান তেজোময় আদিৰ একো কথা নাই। যেনেকৈ আত্মা আহি শৰীৰত
প্ৰৱেশ কৰেহি, গম পোৱা যায় জানো। এতিয়া তোমালোকেও জানা যে বাবাই কেনেকৈ প্ৰৱেশ কৰি
কথা কয়। আত্মাই আহি কয়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, ইয়াত কাৰো শক্তিৰ কথা নাই।
আত্মাই কোনো শৰীৰ এৰি গুচি নাযায়। এয়া হৈছে সাক্ষাৎকাৰৰ কথা। আচৰিত কথা নহয় জানো।
পিতাই কয় - ময়ো সাধাৰণ শৰীৰত আহোঁ। আত্মাক আহ্বান জনায় নহয়। আগতে আত্মাক আহ্বান
জনাই সোধা-পোচাও কৰিছিল। এতিয়াতো তমোপ্ৰধান হৈ গ’ল। পিতা এইবাবেই আহে যে মই গৈ
পতিতসকলক পাৱন কৰি তোলোঁ। এনেকৈ কয়ো যে 84 জন্ম। গতিকে বুজিব লাগে যে যিসকল প্ৰথমে
আহিছে তেওঁলোকেই নিশ্চয় 84 জন্ম লৈছে। তেওঁলোকেতো লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়া
পিতাই বুজায় - তোমালোকক স্বৰ্গলৈ পঠিয়াইছিলোঁ। তোমালোকে গৈ ৰাজত্ব কৰিছিলা। তোমালোক
ভাৰতবাসীক স্বৰ্গলৈ পঠিয়াইছিলোঁ। সংগমত ৰাজযোগ শিকাইছিলোঁ। পিতাই কয় - মই কল্পৰ
সংগমযুগত আহোঁ। গীতাত আকৌ ‘যুগে যুগে’ বুলি লিখি দিছে।
এতিয়া তোমালোকে জানা
যে আমি কেনেকৈ ছিৰি তললৈ নামো আকৌ ওপৰলৈ উঠোঁ। আৰোহণ কলা তাৰপাছত আকৌ অৱৰোহণ কলা।
এতিয়া এই সংগমযুগ হৈছে সকলোৰে আৰোহণ কলাৰ যুগ। সকলো ওপৰলৈ যায়। সকলো ওপৰলৈ যাব আকৌ
তোমালোক স্বৰ্গত ভূমিকা পালন কৰিবলৈ আহিবা। সত্যযুগত বেলেগ কোনো ধৰ্ম নাছিল। সেইখনক
কোৱা হয় নিৰ্বিকাৰী বিশ্ব। আকৌ দেৱী-দেৱতাসকল বাম মাৰ্গত গৈ সকলো বিকাৰী হ’বলৈ ধৰে,
যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। পিতাই বুজায় - হে ভাৰতবাসী, তোমালোক নিৰ্বিকাৰী
বিশ্বত আছিলা। এতিয়া হৈছে বিকাৰী বিশ্ব। অনেক ধৰ্ম আছে বাকী এক দেৱী-দেৱতা ধৰ্ম নাই।
নিশ্চয় যেতিয়া নাথাকিব তেতিয়া পুনৰ প্ৰতিষ্ঠা হ’ব। পিতাই কয় - মই ব্ৰহ্মাৰ দ্বাৰা
আহি আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। ইয়াতেই কৰিম নহয়। সূক্ষ্মলোকততো নকৰোঁ।
লিখা আছে যে ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ ৰচনা ৰচে। তোমালোকক এই
সময়ত পাৱন বুলি কোৱা নহ’ব। পাৱন হৈ আছা। সময়তো লাগে নহয়। পতিতৰ পৰা পাৱন কেনেকৈ হ’ব
সেয়া কোনো শাস্ত্ৰত উল্লেখ নাই। বাস্তৱত মহিমাতো এজন পিতাৰ। সেই পিতাক পাহৰি যোৱাৰ
বাবেই মাউৰা হৈ গৈছে। হাই-কাজিয়া কৰি থাকে। আকৌ কয় সকলো মিলি এক কেনেকৈ হ’ব পাৰি।
ভাই ভাই হয় নহয়। বাবাতো অনুভৱী হয়। ভক্তিও এওঁ সম্পূৰ্ণ কৰিছে। সকলোতকৈ অধিক গুৰুৰ
শৰণাগত এৱেঁই হৈছে। এতিয়া পিতাই কয় - এই সকলোবোৰ এৰা। এতিয়া মোক তোমালোকে পাইছা।
সকলোৰে সৎগতি দাতা এজন সত্য শ্ৰী অকাল বুলি কয় নহয়। অৰ্থ বুজি নাপায়। বহুত কথাই পঢ়ি
থাকে। পিতাই বুজায় - এতিয়া সকলো পতিত আকৌ পাৱন সৃষ্টি হ’বগৈ। ভাৰতেই অৱিনাশী হয়।
এইটো কোনেও গম নাপায়। ভাৰতৰ কেতিয়াও বিনাশো নহয় আৰু প্ৰলয়ো নহয়। এয়া যি দেখুৱায় যে
সাগৰত আহতৰ পাতত শ্ৰীকৃষ্ণ আহিল - এতিয়া আহতৰ পাতততো শিশু আহিব নোৱাৰে। পিতাই বুজায়
- তোমালোকে বৰ আৰামত গৰ্ভৰ পৰা জন্ম ল’বা। তাত গৰ্ভ মহল বুলি কোৱা হয়। ইয়াত হৈছে
গৰ্ভ কাৰাগাৰ। সত্যযুগত হৈছে গৰ্ভ মহল। আত্মাৰ আগতেই সাক্ষাৎকাৰ হয়। এইটো শৰীৰ
ত্যাগ কৰি বেলেগ এটা ল’ব লাগে। তাত আত্ম-অভিমানী হৈ থাকে। মনুষ্যইতো ৰচয়িতাকো নাজানে,
ৰচনাৰ আদি-মধ্য-অন্তকো নাজানে। এতিয়া তোমালোকে জানা যে পিতা হৈছে জ্ঞানৰ সাগৰ।
তোমালোক হৈছা মাষ্টৰ সাগৰ। তোমালোক (মাতাসকল) হৈছা নদী আৰু গোপসকল হৈছে জ্ঞান মান
সৰোবৰ। এওঁলোক জ্ঞান নদী। তোমালোক হৈছা সৰোবৰ। প্ৰবৃত্তি মাৰ্গ লাগে নহয়। তোমালোকৰ
পৱিত্ৰ গৃহস্থ আশ্ৰম আছিল। এতিয়া পতিত হ’ল। পিতাই কয় - এইটো সদায় স্মৃতিত ৰাখিবা যে
আমি আত্মা। এজন পিতাক স্মৰণ কৰিব লাগে। পিতাই আদেশ দিছে যে কোনো দেহধাৰীক স্মৰণ
নকৰিবা। এই দুচকুৰে যি দেখিবলৈ পোৱা সেই সকলোবোৰ নাশ হৈ যাব সেইবাবে পিতাই কয় -
মনমনাভৱ, মধ্যাজীভৱ। এই কবৰস্থানক পাহৰি যোৱা। মায়াৰ ধুমুহাতো বহুত আহিব, ইয়ালৈ ভয়
নকৰিবা। বহুত ধুমুহা আহিব, কিন্তু কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰিব নালাগে। ধুমুহা
তেতিয়া আহে যেতিয়া তোমালোকে পিতাক পাহৰি যোৱা। এই স্মৃতিৰ যাত্ৰা এবাৰেই হয়। সেয়া
হৈছে মৃত্যুলোকৰ যাত্ৰা, এয়া হৈছে অমৰলোকৰ যাত্ৰা। গতিকে এতিয়া পিতাই কয় - কোনো
দেহধাৰীক স্মৰণ নকৰিবা।
সন্তানসকলে শিৱ জয়ন্তী
উপলক্ষ্যে কিমান তাঁৰবাৰ্তা পঠিয়ায়। পিতাই কয় – ততত্বম্ (তোমালোকৰ ক্ষেত্ৰতো একেই)।
তোমালোক সন্তানসকলকো পিতাই শুভেচ্ছা জনায়। বাস্তৱত তোমালোকক শুভেচ্ছা কিয়নো মনুষ্যৰ
পৰা দেৱতা তোমালোকহে হোৱা। আকৌ যিসকল সন্মানসহকাৰে উত্তীৰ্ণ হ’ব তেওঁলোকে অধিক
নম্বৰ আৰু ভাল নম্বৰ পাব। পিতাই তোমালোকক শুভেচ্ছা জনায় যে এতিয়া তোমালোক ৰাৱণৰ
শিকলিৰ পৰা মুক্ত হোৱা। সকলো আত্মা হৈছে চিলা। সকলোৰে জৰী পিতাৰ হাতত আছে। তেওঁ
সকলোকে লৈ যাব। সকলোৰে সৎগতি দাতা হয়। কিন্তু তোমালোকে স্বৰ্গ বদশ্বাহী লাভ কৰিবৰ
বাবে পুৰুষাৰ্থ কৰি আছা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সন্মান
সহকাৰে উত্তীৰ্ণ হ’বৰ বাবে একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে, কোনো দেহধাৰীক নহয়। এই
দুচকুৰে যি দেখিবলৈ পোৱা যায় সেয়া দেখিও চাব নালাগে।
(2) আমি অমৰলোকৰ
যাত্ৰাত গৈ আছোঁ সেইবাবে মৃত্যুলোকৰ একোৱে যাতে স্মৃতি নাথাকে, এই
কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা যাতে কোনো বিকৰ্ম নহয়, এইটো ধ্যান ৰাখিব লাগে।
বৰদান:
নিজৰ শিক্ষা
স্বৰূপৰ দ্বাৰা শিক্ষা দিওঁতা শিক্ষা সম্পন্ন যোগ্য শিক্ষক হোৱা
যোগ্য শিক্ষক তেওঁক
কোৱা হয় যিয়ে নিজৰ শিক্ষা স্বৰূপৰ দ্বাৰা শিক্ষা দিয়ে। তেওঁৰ স্বৰূপেই শিক্ষা
সম্পন্ন হ’ব। তেওঁৰ চোৱাৰ ধৰণ, চলনেও কাৰোবাক শিক্ষা দিব। যেনেকৈ সাকাৰ ৰূপত প্ৰতিটো
খোজত প্ৰতিটো কৰ্ম শিক্ষকৰ ৰূপত বাস্তৱত দেখিলা, যাক অন্য শব্দত চৰিত্ৰ বুলি কয়,
কাৰোবাক বাণীৰ দ্বাৰা শিক্ষা দিয়াতো সাধাৰণ কথা কিন্তু সকলোৱে অনুভৱ বিচাৰে। গতিকে
নিজৰ শ্ৰেষ্ঠ কৰ্ম, শ্ৰেষ্ঠ সংকল্প শক্তিৰে অনুভৱ কৰোৱা।
স্লোগান:
সংকল্পৰ সিদ্ধি প্ৰাপ্ত কৰিবলৈ আত্ম শক্তিৰে উৰি থাকা।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
সংগঠনক একতাৰ দোলেৰে
বান্ধিবলৈ বাণীৰ শক্তিৰ প্ৰতি বিশেষ ধ্যান দিয়া। বাণী সদায় নিৰ্মল হওক, কমকৈ কোৱা,
ধীৰে ধীৰে কোৱা আৰু মধুৰতাৰে কোৱা। সন্মানজনক কথাহে কোৱা। এতিয়াও সাধাৰণ কথা-বতৰা
অধিক। “কথা-বতৰা অলৌকিক হওক, ফৰিস্তাৰ দৰে বাণী হওক', প্ৰতিষাৰ কথা মধুৰ হওক। এতিয়া
এইটো কথাৰ প্ৰতি বিশেষ মনোযোগ দিয়া তেতিয়া প্ৰত্যক্ষতা হ’ব।